ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
ঘোষণা
নতুন ভাষাত উপলব্ধ: Betsileo
  • আজি

সোমবাৰ, ২৭ অক্টোবৰ

স্বামীবিলাকেও নিজ নিজ ভাৰ্য্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত।—ইফি. ৫:২৮.

এজন স্বামীয়ে নিজৰ পত্নীক প্ৰেম কৰা, তেওঁৰ প্ৰয়োজনীয়তাবোৰৰ প্ৰতি যত্ন লোৱা, তেওঁৰ ভাল বন্ধু হোৱা আৰু ঈশ্বৰৰ লগত তেওঁৰ সম্পৰ্ক মজবুত কৰিবলৈ সহায় কৰাটো যিহোৱাই বিচাৰে। যদি আপুনি এতিয়াৰে পৰা নিজৰ চিন্তা-শক্তি বঢ়াই, তিৰোতাসকলক সন্মান কৰিবলৈ শিকে আৰু ভৰসাযোগ্য হয়, তেনেহʼলে আপুনি আগলৈ গৈ এজন স্বামী আৰু মুৰব্বীৰ দায়িত্ব ভালদৰে চম্ভালিবলৈ পাৰিব। বিয়াৰ পাছত হয়তো আপোনাৰ লʼৰা-ছোৱালী হʼব পাৰে। গতিকে, আপুনি এজন ভাল পিতৃ কেনেকৈ হʼব পাৰিব? (ইফি. ৬:৪) যিহোৱাই খুলি কৈছিল যে তেওঁ নিজৰ পুত্ৰ যীচুক বহুত প্ৰেম কৰে আৰু তেওঁৰ পৰা আনন্দিত আছে। (মথি ৩:১৭) গতিকে আগলৈ গৈ যেতিয়া আপুনি পিতৃ হʼব, তেতিয়া আপুনিও যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰিব। আপুনি নিজৰ লʼৰা-ছোৱালীক প্ৰেম কৰে বুলি বিশ্বাস দিব। যেতিয়া তেওঁলোকে কিবা ভাল কাম কৰিব, তেতিয়া মন খুলি তেওঁলোকৰ প্ৰশংসা কৰিব। যদি আপুনি এইদৰে নিজৰ লʼৰা-ছোৱালীৰ লগত ব্যৱহাৰ কৰিব, তেনেহʼলে আগলৈ গৈ তেওঁলোকেও পৰিপক্ক খ্ৰীষ্টান হʼব পাৰিব। সেইবাবে, আপুনি এতিয়াৰে পৰা নিজৰ পৰিয়াল আৰু মণ্ডলীৰ ভাই-ভনীসকলৰ যত্ন লওক, আপুনি তেওঁলোকক বহুত প্ৰেম কৰে আৰু তেওঁলোকক মূল্যৱান বুলি ভাবে বুলি জনাওক।—যোহ. ১৫:৯. w২৩.১২ ২৮-২৯ ¶১৭-১৮

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

মঙ্গলবাৰ, ২৮ অক্টোবৰ

হে যিহোৱা, তোমাৰ দয়াই [প্ৰকৃত প্ৰেম] মোক ধৰি ৰাখিলে।—গীত. ৯৪:১৮.

পৃথিৱীৰ আন লোকসকলৰ দৰে যিহোৱাৰ বিশ্বাসী সেৱকসকলেও বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। ইয়াৰ উপৰিও যিহোৱাৰ সেৱা কৰাৰ বাবে বহুতো লোকে আমাৰ বিৰোধ বা আমাক অত্যাচাৰ কৰে। এনেধৰণৰ সমস্যাৰ পৰা যিহোৱাই হয়তো আমাক নবচাবও পাৰে। কিন্তু তেওঁ আমাক প্ৰতিজ্ঞা কৰিছে যে এই সমস্যাবোৰ পাৰ কৰিবলৈ তেওঁ আমাক নিশ্চয় সহায় কৰিব। (যিচ. ৪১:১০) যিহোৱাৰ সহায়ত আমি ডাঙৰ ডাঙৰ সমস্যাৰ সময়তো আনন্দিত থাকিব পাৰিম, সঠিক নিৰ্ণয় লʼব পাৰিম আৰু তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰিম। গতিকে, যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া যিহোৱাই আমাক কেনেকৈ সহায় কৰে? তেওঁ আমাক এনে শান্তি দিবলৈ প্ৰতিজ্ঞা কৰিছে, যাক বাইবেলত “ঈশ্বৰৰ শান্তি” বুলি কোৱা হৈছে। (ফিলি. ৪:৬, ৭) যিহোৱাৰ লগত আমাৰ মজবুত সম্পৰ্ক থাকিলেহে আমি এই শান্তি পাওঁ। এই শান্তি “সকলো বুদ্ধিতকৈ উত্তম,” ই এনে এটা অনুভূতি হয় যাক শব্দেৰে প্ৰকাশ কৰিব নোৱাৰি। আপোনাৰ লগত কেতিয়াবা এইদৰে হৈছেনে যে আপুনি যিহোৱালৈ কাকূতি-মিনতি কৰি প্ৰাৰ্থনা কৰিলে আৰু মনৰ শান্তি পালে? ইয়াকে “ঈশ্বৰৰ শান্তি” বুলি কোৱা হয়। w২৪.০১ ২০ ¶২; ২১ ¶৪

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

বুধবাৰ, ২৯ অক্টোবৰ

হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ অন্তৰত থকাবিলাক, তেওঁৰ পবিত্ৰ নামৰ-ধন্যবাদ কৰা।—গীত. ১০৩:১.

যিহোৱাৰ বিশ্বাসী সেৱকসকলে তেওঁক প্ৰেম কৰে। সেইবাবে, সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ নাম প্ৰশংসা কৰে। ৰজা দায়ূদে জানিছিল যে যিহোৱাৰ নাম প্ৰশংসা কৰাৰ অৰ্থ হৈছে যিহোৱাৰ প্ৰশংসা কৰা। কাৰণ যিহোৱাৰ নাম শুনাৰ লগে লগে আমাৰ মনত এনে এজন ব্যক্তিৰ ছবি আহে, যিজনৰ বহুত ভাল ভাল গুণ আছে আৰু যিজনে বহুত ভাল কাম কৰিছে। সেইবাবে, দায়ূদে নিজৰ পিতৃৰ নাম পবিত্ৰ কৰিব বিচাৰিছিল আৰু মনে-প্ৰাণে তেওঁৰ প্ৰশংসা কৰিব বিচাৰিছিল। তেওঁৰ ‘অন্তৰত থকাবিলাকে’ যিহোৱাৰ প্ৰশংসা কৰাটো তেওঁ বিচাৰিছিল। দায়ূদৰ দৰে লেবীসকলেও উৎসাহেৰে যিহোৱাৰ প্ৰশংসা কৰিলে। তেওঁলোকে নম্ৰ আছিল, সেইবাবে তেওঁলোকে কʼলে যে যিহোৱাৰ পবিত্ৰ নাম যিমানো প্ৰশংসা কৰে, তথাপিও সেয়া কমেই হʼব। (নহি. ৯:৫) লেবীসকলে হৃদয়েৰে কৰা প্ৰশংসা শুনি হয়তো যিহোৱাই নিশ্চয় আনন্দিত হৈছিল। w২৪.০২ ৯ ¶৬

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক