টোকা
১ যিহোৱা
ঈশ্বৰৰ নাম হৈছে যিহোৱা। যিহোৱা নামৰ অৰ্থ হৈছে “তেওঁ যি বিচাৰে, সেয়েই হ’ব পাৰে।” যিহোৱা হৈছে সৰ্বশক্তিমান ঈশ্বৰ আৰু তেৱেঁই সকলো সৃষ্টি কৰিলে। ঈশ্বৰৰ ইমানেই শক্তি আছে যে তেওঁ যি বিচাৰে তাক কৰিব পাৰে।
হীব্ৰু ভাষাত ঈশ্বৰৰ নাম চাৰিটা আখৰেৰে লিখা হৈছিল। এই আখৰক যদি ইংৰাজীত লিখা হয়, তেনেহ’লে এইদৰে YHWH বা JHVH লিখা হয়। বাইবেলৰ হীব্ৰু শাস্ত্ৰৰ মূল লিখনিত ঈশ্বৰৰ নাম প্ৰায় ৭,০০০ হাজাৰ বাৰ ব্যৱহাৰ কৰা হৈছে। গোটেই পৃথিৱীত লোকসকলে ঈশ্বৰৰ নাম বেলেগ বেলেগ ধৰণে উচ্চাৰণ কৰে। তেওঁলোকে নিজৰ ভাষাত যি সহজ সেয়াই ব্যৱহাৰ কৰে।
২ বাইবেলখন “ঈশ্বৰ-নিশ্বাসিত”
বাইবেলখন ঈশ্বৰৰপৰা হয়। ঈশ্বৰে বাইবেলখন লিখিবলৈ কিছুমান লোকক ব্যৱহাৰ কৰিছিল। এজন বৃদ্ধ পিতৃয়ে যিদৰে নিজৰ সন্তানক চিঠি লিখিবলৈ দিয়ে, ঠিক সেইদৰে বাইবেলখনকো লিখা হৈছিল। ঈশ্বৰে নিজৰ পবিত্ৰ আত্মাৰ যোগেদি বাইবেলৰ লেখকসকলক তেওঁৰ ভাৱধাৰা লিখিবলৈ প্ৰেৰিত কৰিছিল। পবিত্ৰ আত্মাৰ বিভিন্ন পদ্ধতিৰে ঈশ্বৰৰ ভাৱধাৰা কোৱা হৈছিল আৰু ইয়াৰ পাছত বাইবেলখন লিখিছিল। ইয়াৰ ভিতৰত দুটা পদ্ধতি হৈছে, দৰ্শন আৰু সপোনৰ যোগেদি।
৩ সিদ্ধান্ত
সিদ্ধান্ত হৈছে বাইবেলৰ শিক্ষা আৰু ইয়ে আমাৰ জীৱনত সঠিক নিৰ্ণয় ল’বলৈ সহায় কৰে। উদাহৰণস্বৰূপে, এটা সিদ্ধান্ত হৈছে “কুসঙ্গে সদাচাৰ নষ্ট কৰে।” (১ কৰিন্থীয়া ১৫:৩৩) এই সিদ্ধান্তই আমাক শিকাই যে আমি যাৰ লগত উঠা-বহা বা মিলা-মিচা কৰোঁ, তাৰ ভাল বা বেয়া প্ৰভাৱ আমাৰ ওপৰত পৰিব পাৰে আৰু এটা সিদ্ধান্ত হৈছে “মানুহে যিহকে বয়, তাকেহে দাব।” (গালাতীয়া ৬:৭) এই সিদ্ধান্তৰ যোগেদি বুজিব পাৰি যে আমি যি কাম কৰোঁ, তাৰ পৰিণাম আমি ভুগিব লাগিব।
৪ ভৱিষ্যতবাণী
ভৱিষ্যতবাণী শব্দৰ অৰ্থ হৈছে ঈশ্বৰৰপৰা পোৱা খবৰ বা বাৰ্তা। ইয়াৰ যোগেদি ঈশ্বৰে নিজৰ ইচ্ছাৰ বিষয়ে লোকসকলক জনাইছিল আৰু সেয়া হয়তো নৈতিক শিক্ষা, আজ্ঞা বা ন্যায় আৰু ভৱিষ্যতে হ’বলগীয়া ঘটনাৰ বাৰ্তাও হ’ব পাৰে। বাইবেলৰ বহুতো ভৱিষ্যতবাণী ইতিপূৰ্বে পূৰ হৈছে।
৫ মচীহৰ বিষয়ে ভৱিষ্যতবাণী
মচীহৰ বিষয়ে কৰা সকলো ভৱিষ্যতবাণী যীচুৰ লগত পূৰ হৈছিল। “মচীহৰ বিষয়ে ভৱিষ্যতবাণী” বক্স চাওক।
▸ অধ্যা. ২, অনু. ১৭, ফুটনোট
৬ পৃথিৱীৰ বাবে যিহোৱাৰ উদ্দেশ্য
যিহোৱাই পৃথিৱীখনক এক সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰিবলৈ সৃষ্টি কৰিছিল আৰু তেওঁক প্ৰেম কৰা লোকসকলে ইয়াত বাস কৰিব পাৰিব। ঈশ্বৰৰ উদ্দেশ্য আজিও সলনি হোৱা নাই। অতি সোনকালে তেওঁ পৃথিৱীৰপৰা সকলো দুষ্টতা নাইকিয়া কৰিব আৰু তেওঁৰ লোকসকলক অনন্ত জীৱন দিব।
৭ চয়তান আৰু দিয়াবল
চয়তান হৈছে এটা স্বৰ্গদূত। সি প্ৰথমে ঈশ্বৰৰ বিৰুদ্ধে কাম কৰিবলৈ আৰম্ভ কৰিছিল। চয়তানৰ অৰ্থ হৈছে “বিৰোধী” আৰু এই নাম তাক যিহোৱাৰ বিৰুদ্ধে বিৰোধ কৰাৰ বাবে দিয়া হৈছিল। তাক দিয়াবল বুলিও কোৱা হয়, যাৰ অৰ্থ হৈছে “অপবাদক।” কিয়নো সি ঈশ্বৰৰ বিষয়ে মিছা কথা কৈছিল আৰু সেইবাবে তাক এই নাম দিয়া হৈছিল আৰু সি লোকসকলক প্ৰলোভিত কৰিছিল।
৮ স্বৰ্গদূত
যিহোৱাই পৃথিৱীখন সৃষ্টি কৰাৰ বহুবছৰৰ আগতে স্বৰ্গদূতসকলক সৃষ্টি কৰিছিল আৰু তেওঁলোকক স্বৰ্গত বাস কৰিবলৈ সৃষ্টি কৰা হৈছিল। তেওঁলোকৰ সংখ্যা আছিল অযুত অযুত। (দানিয়েল ৭:১০) প্ৰত্যেক স্বৰ্গদূতৰ নিজৰ নাম আৰু ব্যক্তিত্ব আছে। স্বৰ্গদূতসকল নম্ৰ হয়, সেইবাবে যেতিয়া লোকসকলে তেওঁলোকক উপাসনা কৰিব বিচাৰিছিল, তেতিয়া তেওঁলোকে মানা কৰিছিল। স্বৰ্গদূতসকলৰ বিভিন্ন ধৰণৰ পদবী আৰু কাম আছে। উদাহৰণস্বৰূপে, যিহোৱাৰ সিংহাসনৰ ওচৰত সেৱা কৰা, তেওঁৰ বাৰ্তা আনক জনোৱা, পৃথিৱীত তেওঁৰ সেৱকসকলক সুৰক্ষা আৰু নিৰ্দেশনা দিয়া, ঈশ্বৰৰ ফালৰপৰা ন্যায়দণ্ড দিয়া আৰু প্ৰচাৰ কাৰ্য্যত সহায় কৰা। (গীতমালা ৩৪:৭; প্ৰকাশিত বাক্য ১৪:৬; ২২:৮, ৯) স্বৰ্গদূতসকলে আহিবলগীয়া হৰমাগিদোনৰ যুদ্ধত যীচুৰ লগত একেলগ হৈ যুদ্ধ কৰিব।—প্ৰকাশিত বাক্য ১৬:১৪, ১৬; ১৯:১৪, ১৫.
▸ অধ্যা. ৩, অনু. ৪; অধ্যা. ১০, অনু. ১
৯ পাপ
আমাৰ ভাৱধাৰা বা কাম যদি যিহোৱা বা তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে হয়, তেনেহ’লে এনে কামবোৰক পাপ বুলি কোৱা হয়। আমি যেতিয়া পাপ কৰোঁ, তেতিয়া যিহোৱাৰ লগত আমাৰ সম্পৰ্ক বেয়া হৈ যায়। সেইবাবে, তেওঁ আমাক নিয়ম আৰু সিদ্ধান্ত দিছে, যাতে আমি জানি-শুনি কোনো পাপ কাম নকৰোঁ। যিহোৱা ঈশ্বৰে প্ৰথম দম্পতী আদম আৰু হৱাক সিদ্ধ জীৱন দিছিল আৰু ইয়াৰ অৰ্থ হৈছে তেওঁলোকৰ মাজত কোনো পাপ বা অসিদ্ধতাৰ গুণ নাছিল। কিন্তু যিহোৱাৰ আজ্ঞা পালন নকৰাৰ পাছত, তেওঁলোকে পাপ কৰিলে আৰু সিদ্ধ জীৱন হেৰুৱালে। পাছলৈ লাহে লাহে বুঢ়া হৈ মৃত্যু হ’ল। আমিও আদমৰ সন্তান হোৱাৰ বাবে আমি তেওঁৰ পাপৰ ভাগী হলোঁ আৰু ইয়াৰ বাবে আমিও বুঢ়া হৈ মৃত্যু হওঁ।
▸ অধ্যা. ৩, অনু. ৭; অধ্যা. ৫, অনু. ৩
১০ হৰমাগিদোন
হৰমাগিদোন হৈছে ঈশ্বৰৰ যুদ্ধ। এই যুদ্ধত ঈশ্বৰে চয়তানৰ জগত আৰু সকলো দুষ্টতাক একেবাৰে ধ্বংস কৰিব।
▸ অধ্যা. ৩, অনু. ১৩; অধ্যা. ৮, অনু. ১৮
১১ ঈশ্বৰৰ ৰাজ্য
ঈশ্বৰৰ ৰাজ্য হৈছে এখন চৰকাৰ আৰু এই চৰকাৰক যিহোৱাই স্বৰ্গত স্থাপন কৰে। যীচু খ্ৰীষ্টই এই ৰাজ্যৰ ৰজা হিচাপে শাসন কৰিছে। যিহোৱাই ভৱিষ্যতে এই ৰাজ্যৰ যোগেদি সকলো দুষ্টতাক ধ্বংস কৰিব আৰু ইয়াৰ পাছত পৃথিৱীৰ সকলো ঠাইত ঈশ্বৰৰ ৰাজ্যই শাসন কৰিব।
১২ যীচু খ্ৰীষ্ট
যিহোৱাই সৰ্বপ্ৰথমে যীচুক সৃষ্টি কৰিলে আৰু তাৰ পাছত তেওঁ আন সকলো বস্তু সৃষ্টি কৰিলে। ঈশ্বৰে যীচুক পৃথিৱীলৈ পঠোৱাৰ উদ্দেশ্য আছিল, গোটেই মানৱজাতিৰ বাবে যীচুৰ জীৱন বলিদান দিয়া। যীচুক মৃত্যুদণ্ড দিয়াৰ পাছত, ঈশ্বৰে তেওঁক পুনৰ জীয়াই তুলিছিল। বৰ্তমান যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ ৰজা হয় আৰু স্বৰ্গত শাসন কৰি আছে।
১৩ ৭০ সপ্তাহৰ ভৱিষ্যতবাণী
মচীহৰ উপস্থিতিৰ বিষয়ে বাইবেলে ভৱিষ্যতবাণী কৰিছিল। বাইবেলত উল্লেখ কৰিছে যে ৬৯ সপ্তাহৰ শেষত তেওঁ উপস্থিত হ’ব। এই সপ্তাহৰ আৰম্ভণি খ্ৰীষ্টপূৰ্ব ৪৫৫-ত হৈছিল আৰু ইয়াৰ সমাপ্তি ২৯ খ্ৰীষ্টাব্দত হৈছিল।
আমি কেনেকৈ জানিব পাৰোঁ যে ৬৯ সপ্তাহৰ সময়, ২৯ খ্ৰীষ্টাব্দত শেষ হৈছিল? এই সপ্তাহৰ আৰম্ভণি খ্ৰীষ্টপূৰ্ব ৪৫৫-ত হৈছিল, যেতিয়া নহিমিয়াই যিৰূচালেমত উপস্থিত হৈছিল আৰু চহৰখন পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। (দানিয়েল ৯:২৫; নহিমিয়া ২:১, ৫-৮) যেতিয়া আমি “দৰ্জন” শব্দ শুনোঁ, তেতিয়া লগে লগে ১২ সংখ্যাটো মনলৈ আহে। ঠিক সেইদৰে যেতিয়া “সপ্তাহ” শব্দটো শুনোঁ, তেতিয়া ৭ সংখ্যাটো আমাৰ মনলৈ আহে। কিন্তু এই ভৱিষ্যতবাণীত উল্লেখ কৰা সপ্তাহ প্ৰকৃততে সাত দিনৰ সপ্তাহক বুজোৱা নাই, ইয়াৰ পৰিৱৰ্তে সপ্তাহক সাত বছৰক বুজোৱা হৈছে। বাইবেলত উল্লেখ কৰিছে যে ভৱিষ্যতবাণীত ‘এক দিনক এক বছৰ’ হিচাপে গণনা কৰা হৈছে। (গণনা পুস্তক ১৪:৩৪; যিহিষ্কেল ৪:৬) সেইবাবে, ৬৯ সপ্তাহৰ অৰ্থ হৈছে ৪৮৩ বছৰ (অৰ্থাৎ ৬৯ গুণ ৭)। যদি আমি খ্ৰীষ্টপূৰ্ব ৪৫৫-ৰপৰা ৪৮৩ বছৰৰলৈকে গণনা কৰোঁ, তেন্তে আমি ২৯ খ্ৰীষ্টাব্দলৈ যাম। এই বছৰতে যীচুৱে বাপ্তিষ্মা লয় আৰু মচীহ হিচাপে চিনাক্ত হয়।—লূক ৩:১, ২, ২১, ২২.
সেই ভৱিষ্যতবাণী আৰু এটা সপ্তাহৰ বিষয়ে উল্লেখ কৰিছে অৰ্থাৎ আৰু সাত বছৰ আৰু সেই সময়ছোৱাত দুটা ঘটনা হৈছিল। প্ৰথমটো হৈছে, মচীহক মৃত্যুদণ্ড দিয়া হৈছিল আৰু দ্বিতীয়টো হৈছে, যিহূদী জাতিৰ বাহিৰেও আন সকলো জাতিকে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা জনোৱা হ’ব। প্ৰথম ঘটনা ৩৩ খ্ৰীষ্টাব্দত আৰু দ্বিতীয় ঘটনা ৩৬ খ্ৰীষ্টাব্দৰ আৰম্ভণিতে হৈছিল।—দানিয়েল ৯:২৪-২৭.
১৪ ত্ৰিয়কৰ মিছা শিক্ষা
বাইবেলত উল্লেখ কৰিছে যে যিহোৱা ঈশ্বৰ হৈছে সৃষ্টিকৰ্তা আৰু তেওঁ পৃথিৱীৰ সকলো বস্তু সৃষ্টি কৰাৰ বহুবছৰ আগতে যীচুক সৃষ্টি কৰিছিল। (কলচীয়া ১:১৫, ১৬) যীচু সৰ্বশক্তিমান ঈশ্বৰ নহয় আৰু তেওঁ কেতিয়াও নিজকে ঈশ্বৰৰ সমতুল্য বুলি কোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ কৈছিল: “পিতৃ মোতকৈ মহান।” (যোহন ১৪:২৮; ১ কৰিন্থীয়া ১৫:২৮) কিন্তু কিছুমান ধৰ্মই ত্ৰিয়কৰ বিষয়ে শিক্ষা দিয়ে। তেওঁলোকে শিকায় যে পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ আৰু পবিত্ৰ আত্মাও ঈশ্বৰ হয়, তথাপিও তিনিজন ব্যক্তি নহয়, কিন্তু এজনহে হয়। কিন্তু বাইবেলৰ কোনো কিতাপত “ত্ৰিয়কৰ” শব্দ উল্লেখ নাই। এয়া এক মিছা শিক্ষা হয়।
পবিত্ৰ আত্মা হৈছে ঈশ্বৰৰ অদৃশ্য সক্ৰিয় শক্তি আৰু এই শক্তিৰ যোগেদি ঈশ্বৰে নিজৰ ইচ্ছা পূৰ কৰে। উদাহৰণস্বৰূপে, প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে “পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ” হৈছিল আৰু যিহোৱাই কৈছিল: “গোটেই মনুষ্য-জাতিৰ ওপৰত মোৰ আত্মা বাকি দিম।”—পাঁচনিৰ কৰ্ম্ম ২:১-৪, ১৭.
▸ অধ্যা. ৪, অনু. ১২; অধ্যা. ১৫, অনু. ১৭
১৫ সিদ্ধ
যিহোৱা ঈশ্বৰে প্ৰথম ব্যক্তিক সৃষ্টি কৰাৰ সময়ত, কোনো খুঁত নাছিল আৰু তেওঁৰ বেয়া কাৰ্য্যৰ প্ৰতি কোনো ইচ্ছা নাছিল। কিয়নো তেওঁৰ কোনো পাপ বা খুঁত নাছিল, সেইবাবে তেওঁ কেতিয়াও বুঢ়া বা মৃত্যু নহ’লহেঁতেন। এই পৰিস্থিতিক সিদ্ধ জীৱন বুলি কোৱা হয় আৰু এনে ব্যক্তিক সিদ্ধ ব্যক্তি বুলি কোৱা হয়।
১৬ ক্ৰুচ
সত্য খ্ৰীষ্টানসকলে উপাসনাত ক্ৰুচ ব্যৱহাৰ নকৰে। কিয়?
(১) মিছা উপাসনাত দীৰ্ঘদিন ধৰি ক্ৰুচ ব্যৱহাৰ কৰি আহিছে। প্ৰাচীন সময়তো প্ৰাকৃতিক উপাসনাত ক্ৰুচৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ উপৰিও মিছা ধৰ্মৰ নীতি-নিয়মত ক্ৰুচৰ ব্যৱহাৰ কৰা হৈছিল, য’ত লোকসকলে যৌন কাম কৰিছিল। যীচুৰ মৃত্যুৰ পাছত প্ৰায় ৩০০ বছৰৰলৈকে খ্ৰীষ্টানসকলে উপাসনাত ক্ৰুচ ব্যৱহাৰ কৰা নাছিল। বহুবছৰৰ পাছত ৰোমৰ সম্ৰাট কনস্তানটিনে ক্ৰুচক খ্ৰীষ্টৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিলে। তেওঁ এনে কৰাৰ অৰ্থ হৈছে খ্ৰীষ্টান ধৰ্ম বিখ্যাত কৰা। কিন্তু যীচুৰ লগত ক্ৰুচৰ কোনো সম্পৰ্ক নাছিল। দ্য নিউ কেথ’লিক এনচাইক্লোপিডিয়াই কৈছে: “যীচুয়ে পৃথিৱীলৈ অহাৰ আগতেও খ্ৰীষ্টান আৰু অনা খ্ৰীষ্টানসকলৰ ধৰ্মত ক্ৰুচ ব্যৱহাৰ কৰিছিল।”
(২) ক্ৰুচত যীচুৰ মৃত্যু হোৱা নাছিল। গ্ৰীক ভাষাত “ক্ৰুচৰ” শব্দৰ অনুবাদৰ অৰ্থ হৈছে “এডাল থিয় কাঠ” “লাঠি” বা “ডাল।” দ্য ক্যাম্প্যানিয়ান্ বাইবেলত উল্লেখ কৰিছে: “যি গ্ৰীক ভাষাত (নতুন নিয়ম) লিখা হৈছে, তাত এনেকুৱা কোনো শব্দ নাই যাৰ অৰ্থ হৈছে খৰি দুটুকুৰা হয়।” যীচুক এডাল থিয় কাঠত ওলমাই মৃত্যুদণ্ড দিয়া হৈছিল।
(৩) আমাৰ উপাসনাত কোনো মূৰ্ত্তি বা চিহ্ন ব্যৱহাৰ কৰাটো যিহোৱাই নিবিচাৰে।—যাত্ৰাপুস্তক ২০:৪, ৫; ১ কৰিন্থীয়া ১০:১৪.
১৭ স্মৰণীয়
যীচুৰ মৃত্যু দিনটো সুঁৱৰণ কৰিবলৈ তেওঁ নিজৰ শিষ্যসকলক আজ্ঞা দিছিল আৰু শিষ্যসকলে প্ৰতিবছৰে নিচান মাহৰ ১৪ তাৰিখে এই দিন পালন কৰে। এই দিনতে ইস্ৰায়েলীসকলে নিস্তাৰ-পৰ্ব পালন কৰিছিল। স্মৰণীয় সভাত পিঠা আৰু দ্ৰাক্ষাৰস উপস্থিত থকা সকলোৱে এজনে-আনজনক আগবঢ়ায় দিয়ে। পিঠা যীচুৰ শৰীৰক চিত্ৰিত কৰে আৰু দ্ৰাক্ষাৰস তেওঁৰ তেজক চিত্ৰিত কৰে। যীচুৰ লগত স্বৰ্গত শাসন কৰিবলৈ আশা থকা লোকসকলে পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰে আৰু পৃথিৱীত অনন্ত জীৱনৰ বাবে আশা থকা লোকসকলেও অতি আন্তৰিকতাৰে সভাত উপস্থিত হয়, কিন্তু পিঠা বা দ্ৰাক্ষাৰস গ্ৰহণ নকৰে।
১৮ আত্মা
বহুতো অসমীয়া বাইবেলত হীব্ৰু শব্দ ৰোৱাষ্ আৰু গ্ৰীক শব্দ নিওমাৰ অনুবাদ “আত্মা” বুলি উল্লেখ কৰিছে। কিন্তু এই অনুবাদ সঠিক নহয় কিয়নো ইয়ে অমৰ আত্মাৰ ভুল শিক্ষাক সমৰ্থন কৰে। এই গ্ৰীক আৰু হীব্ৰু শব্দৰ অৰ্থ বহুতো ধৰণে হ’ব পাৰে। উদাহৰণস্বৰূপে, বতাহ, মানুহ আৰু জীৱ-জন্তুৰ উশাহ-নিশাহ, স্বৰ্গদূত আৰু ঈশ্বৰৰ সক্ৰিয় শক্তি অৰ্থাৎ পবিত্ৰ আত্মা।—যাত্ৰাপুস্তক ৩৫:২১; গীতমালা ১০৪:২৯; মথি ১২:৪৩; লূক ১১:১৩.
▸ অধ্যা. ৬, অনু. ৫, ফুটনোট; অধ্যা. ১৫, অনু. ১৭
১৯ গেহেনা
গেহেনা হৈছে এটা উপত্যকাৰ নাম আৰু ই যিৰূচালেমৰ ওচৰত আছিল। এই উপত্যকাত লেতেৰা জাবৰ-জোঁথৰ জ্বলোৱা হৈছিল। যীচুৰ সময়ত গেহেনাত জীৱ-জন্তু আৰু মানুহক জীয়াই জীয়াই জ্বলোৱা বা শাস্তি দিয়া হৈছিল বুলি কোনো প্ৰমাণ নাই। সেইবাবে, গেহেনা কোনো অদৃশ্য ঠাই হ’ব নোৱাৰে, যি ঠাইত মানুহৰ মৃত্যুৰ পাছত সদায় দিনৰ বাবে জুইত পুৰি শাস্তি দিয়া হৈছিল। যেতিয়া যীচুৱে কৈছিল যে কিছুমান লোকক গেহেনাত পেলাই দিব, ইয়াৰ অৰ্থ আছিল সদায় দিনৰ বাবে ধ্বংস কৰা হ’ব।—মথি ৫:২২; ১০:২৮.
২০ প্ৰভুৰ প্ৰাৰ্থনা
যীচুৱে এই প্ৰাৰ্থনা এক আৰ্হি হিচাপে নিজৰ শিষ্যসকলক শিকাইছিল। এই প্ৰাৰ্থনাক আদৰ্শ প্ৰাৰ্থনা বুলিও কোৱা হয়। যীচুৱে এই বিষয়ে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল:
“তোমাৰ নাম পূজনীয় হওক”
আমাৰ এই প্ৰাৰ্থনাৰ উদ্দেশ্য হৈছে ঈশ্বৰৰ নামত যিমান কলংক লগোৱা হৈছে, সেয়া সকলো দূৰ হওক, যাতে স্বৰ্গ আৰু পৃথিৱীত ঈশ্বৰৰ নাম সন্মান আৰু আদৰ কৰা হয়।
“তোমাৰ ৰাজ্য হওক”
আমি ঈশ্বৰৰ চৰকাৰৰ বাবে প্ৰাৰ্থনা কৰোঁ, যাতে এই চৰকাৰে দুষ্ট জগতক ধ্বংস কৰি পৃথিৱীত শাসন কৰে আৰু এক সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰে।
“পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক”
ঈশ্বৰে যি উদ্দেশ্যেৰে পৃথিৱী আৰু মানুহক সৃষ্টি কৰিছিল সেয়া পূৰ হ’বলৈ আমি প্ৰাৰ্থনা কৰোঁ যাতে আজ্ঞাকাৰী মানৱজাতিৰ অন্তৰৰপৰা পাপ দূৰ হয় আৰু বাগিচাৰ দৰে সুন্দৰ প্ৰমোদবনত অনন্ত জীৱন লাভ কৰে।
২১ মুক্তিপণ
মানৱজাতিক পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ কৰিবলৈ যিহোৱা ঈশ্বৰে মুক্তিপণৰ ব্যৱস্থা কৰে। প্ৰথম পুৰুষ আদমে সিদ্ধ জীৱন অৰ্থাৎ অনন্ত জীৱন হেৰুৱালে আৰু ইয়াক পুনৰ লাভ কৰিবলৈ মুক্তিপণৰ ব্যৱস্থা কৰে। ইয়াৰ উপৰিও যিহোৱাৰ লগত থকা মানুহৰ যি সম্পৰ্ক দূৰ হৈছিল আৰু এই সম্পৰ্ক পুনৰ গঢ়ি তুলিবলৈ মুক্তিপণৰ প্ৰয়োজন আছিল। যিহোৱাই গোটেই পাপী মানৱজাতিৰ বাবে জীৱন বলিদান দিবলৈ যীচুক পৃথিৱীলৈ পঠিয়াইছিল। যীচুৰ মৃত্যুৰ বাবে সকলো মানুহে নিজৰ পাপ দূৰ কৰিবলৈ সুযোগ লাভ কৰিলে আৰু সদায় দিনৰ বাবে জীয়াই থাকিব পাৰিব।
▸ অধ্যা. ৮, অনু. ২১; অধ্যা. ৯, অনু. ১৩
২২ ১৯১৪ চনটো কিয় এক বিশেষ বছৰ?
দানিয়েল কিতাপৰ ৪ অধ্যায়ৰ ভৱিষ্যতবাণীৰপৰা বুজিব পাৰি যে ১৯১৪ চনত ঈশ্বৰে নিজৰ ৰাজ্য স্বৰ্গত স্থাপন কৰে।
ভৱিষ্যতবাণী: যিহোৱা ঈশ্বৰে ৰজা নবূখদনেচৰক সপোনত এজোপা ডাঙৰ গছ দেখুৱাইছিল। এই গছজোপাক কাটি পেলোৱা হৈছিল, কিন্তু গছৰ মূঢ়াৰ শিপাবোৰ উঘালি দিয়া নাছিল। মূঢ়াটো লোহ আৰু পিতলৰ শিকলিৰে বান্ধি দিয়া হৈছিল, যাতে “সাত কাল” সময়ৰলৈকে বাঢ়ি নাথাকে। সাত কালৰ পাছত সেই গছজোপা পুনৰ বাঢ়িবলৈ ধৰিব।—দানিয়েল ৪:১, ১০-১৬.
ভৱিষ্যতবাণীৰ অৰ্থ: এই গছজোপাই ঈশ্বৰে শাসন কৰা অধিকাৰক চিত্ৰিত কৰিছে। প্ৰাচীন সময়ত যিহোৱাই বহুবছৰ ধৰি পৃথিৱীৰ ৰজাসকলৰ যোগেদি ইস্ৰায়েলীসকলক শাসন কৰিছিল। এই ৰজাসকলে যিৰূচালেমত শাসন কৰিছিল। (১ বংশাৱলি ২৯:২৩) কিন্তু এই ৰজাসকলে যিহোৱাৰ লগত বিশ্বাসঘাত কৰিছিল, সেইবাবে, তেওঁলোকৰ শাসনৰ কাল শেষ হ’ল। খ্ৰীষ্টপূৰ্ব ৬০৭-ত যিৰূচালেম ধ্বংস কৰা হৈছিল আৰু তেতিয়াপৰাই “সাত কাল” আৰম্ভ হৈছিল। (২ ৰাজাৱলি ২৫:১, ৮-১০; যিহিষ্কেল ২১:২৫-২৭) যীচুৱে যেতিয়া কৈছিল: “পৰজাতি মানুহৰ কাল সম্পূৰ্ণ নহয়মানলৈকে যিৰূচালেমক পৰজাতি মানুহৰ ভৰিৰে গচকা হব।” প্ৰকৃততে এই “সাত কাল” সময়ৰ বিষয়ে কৈছিল। (লূক ২১:২৪) ইয়াৰ অৰ্থ হৈছে যে যীচুৱে পৃথিৱীত থকাৰ সময়ত এই সাত কালৰ সময় সম্পূৰ্ণ হোৱা নাছিল। যিহোৱাই প্ৰতিজ্ঞা কৰিছিল যে “সাত কাল” সম্পূৰ্ণ হোৱাৰ পাছত এজন ৰজা নিযুক্ত কৰিব আৰু এই নতুন ৰজা হৈছে যীচু খ্ৰীষ্ট। পৃথিৱীত ঈশ্বৰৰ লোকসকলে যীচুৰ শাসনৰ সময়ত, বহুতো আশীৰ্বাদ লাভ কৰিব আৰু এয়া সদায় দিনৰ বাবে থাকিব।—লূক ১:৩০-৩৩.
“সাত কাল” কিমান দীঘলীয়া আছিল?: ২,৫২০ বছৰ। যদি আমি খ্ৰীষ্টপূৰ্ব ৬০৭ ৰপৰা ২,৫২০ বছৰৰলৈকে গণনা কৰোঁ, তেতিয়া ১৯১৪ চন পাম। এই বছৰতেই যিহোৱা ঈশ্বৰে মচীহ যীচুক স্বৰ্গত ৰজা হিচাপে নিযুক্ত কৰিছিল।
কিন্তু আমি কেনেকৈ জানিব পাৰোঁ যে এই “সাত কাল” ২,৫২০ বছৰ দীঘলীয়া আছিল? বাইবেলত উল্লেখ কৰিছে যে চাৰে তিনি কাল ১,২৬০ দিনৰ সমান হয়। (প্ৰকাশিত বাক্য ১২:৬, ১৪) ইয়াৰ উপৰিও চাৰে তিনি কালৰ দুগুণ সাত কাল হয়। সেইবাবে, সাত কাল ১,২৬০-ৰ দুগুণ হ’ব অৰ্থাৎ ২,৫২০ দিন আৰু ভৱিষ্যতবাণীত ‘এক দিন এক কালৰ’ সমান হয়। সেইবাবে, ২,৫২০ দিনৰ অৰ্থ হৈছে ২,৫২০ বছৰ।—গণনা পুস্তক ১৪:৩৪; যিহিষ্কেল ৪:৬.
২৩ প্ৰধান স্বৰ্গদূত মীখায়েল
বাইবেলত কেৱল এজন ‘প্ৰধান স্বৰ্গদূতৰ’ বিষয়ে উল্লেখ কৰিছে আৰু তেওঁৰ নাম হৈছে মীখায়েল।—দানিয়েল ১২:১; যিহূদা ৯.
মীখায়েল হৈছে বিশ্বাসী স্বৰ্গদূতসকলৰ দ্বাৰা সংগঠিত ঈশ্বৰৰ সৈন্যবাহিনীৰ নেতা। প্ৰকাশিত বাক্য ১২:৭ পদত এইদৰে উল্লেখ কৰিছে: “মীখায়েল আৰু তেওঁৰ দূতবিলাকে নাগে সৈতে যুদ্ধ কৰিলে।” প্ৰকাশিত বাক্য কিতাপত উল্লেখ কৰিছে যে ঈশ্বৰৰ সেৱাৰ পৰিচালক হৈছে যীচু। ইয়াৰপৰা বুজিব পাৰি যে মীখায়েল হৈছে যীচুৰ আন এক নাম।—প্ৰকাশিত বাক্য ১৯:১৪-১৬.
২৪ শেষ-কাল
‘শেষ-কালৰ’ অৰ্থ হৈছে এনে এক সময় যেতিয়া পৃথিৱীত ডাঙৰ ডাঙৰ ঘটনা হ’ব আৰু লগে লগে ঈশ্বৰৰ ৰাজ্যই চয়তানৰ জগতক ধ্বংস কৰিব। বাইবেলৰ ভৱিষ্যতবাণীত এই সময়ছোৱাক “জগতৰ শেষ” আৰু ‘মানুহৰ পুত্ৰৰ আগমন’ বুলি উল্লেখ কৰিছে। (মথি ২৪:৩, ২৭, ৩৭) ঈশ্বৰৰ ৰাজ্যই ১৯১৪ চনত যেতিয়া স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰে, তেতিয়াই ‘শেষ-কাল’ আৰম্ভ হয়। হৰমাগিদোনৰ যুদ্ধত চয়তানৰ জগতক ধ্বংস কৰাৰ পাছত, এই শেষ-কালৰ অন্ত হ’ব।—২ তীমথিয় ৩:১; ২ পিতৰ ৩:৩.
২৫ মৃত লোকসকলক পুনৰ জীৱিত কৰা
বাইবেলত পুনৰ জীৱিত কৰা ৯ জন লোকৰ বিষয়ে উল্লেখ কৰিছে। এলিয়া, ইলীচা, যীচু, পিতৰ আৰু পৌলে অদ্ভূত বা আচৰিতভাৱে মৃত লোকসকলক পুনৰ জীৱিত কৰিছিল। ঈশ্বৰৰপৰা শক্তি লাভ কৰাৰ বাবে তেওঁলোকে এই আচৰিত কাৰ্য্য কৰিব পাৰিছিল। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ পৃথিৱীৰ “ধাৰ্ম্মিক অধাৰ্ম্মিক এই দুবিধ” লোকক মৃত্যুৰপৰা জীৱিত কৰিব। (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) বাইবেলত ইয়াকো উল্লেখ কৰিছে যে কিছুমান লোকক স্বৰ্গৰ বাবে জীৱিত কৰা হ’ব, যিসকল লোকক ঈশ্বৰে নিৰ্বাচন কৰিছে। যেতিয়া তেওঁলোকক স্বৰ্গৰ বাবে জীৱিত কৰা হ’ব, তেতিয়া তেওঁলোকে যীচুৰ লগত থাকিব।—যোহন ৫:২৮, ২৯; ১১:২৫; ফিলিপীয়া ৩:১১; প্ৰকাশিত বাক্য ২০:৫, ৬.
২৬ যাদুবিদ্যা
যাদুবিদ্যাৰ অৰ্থ হৈছে দুষ্ট স্বৰ্গদূতবিলাকৰ লগত সম্পৰ্ক কৰিবলৈ চেষ্টা কৰা আৰু এনে কৰিবলৈ হয়তো এজন ব্যক্তি নিজেই বা কোনো তান্ত্ৰিকৰ মাধ্যম বা মৃত লোকসকলৰ লগত কথা পাতিব পাৰে বুলি দাবী কৰা লোকসকলৰ যোগেদি চেষ্টা কৰিব পাৰে। যাদুবিদ্যা কৰাটো বেয়া কাম, তথাপিও লোকসকলে যাদুবিদ্যা কৰে। এনে কৰাৰ কাৰণ হৈছে যে তেওঁলোকে মিছা শিক্ষাক পালন কৰে আৰু ইয়ে শিকাই যে মানুহৰ মৃত্যুৰ পাছত, তাৰ আত্মা জীয়াই থাকে বা সি ভূত হৈ যায়। দুষ্ট স্বৰ্গদূতবিলাকে মানুহক ঈশ্বৰৰ আজ্ঞা পালন নকৰিবলৈ প্ৰলোভিত কৰে। জ্যোতিষ বিদ্যা, ভৱিষ্যতবাণী কোৱা, যাদু, টাটক, অন্ধবিশ্বাস আদি সকলো যাদুবিদ্যাৰ ভাগ হয়। বহুতো কিতাপ, প্ৰকাশন, ৰাশিফল, চিনেমা, পʼষ্টাৰ আৰু গীতবোৰত দুষ্ট স্বৰ্গদূত, যাদু আৰু অলৌকিক শক্তিক এনেদৰে প্ৰদৰ্শন কৰে, যাতে তাৰ কোনো হানি নহয় আৰু ইয়াৰ সলনি বহুত আকৰ্ষিত কৰে। অন্ত্যোষ্টি-ক্ৰীয়া বা মৃত্যুৰ লগত জড়িত কিছুমান নীতি-নিয়ম যেনে অন্তিম ক্ৰীয়া পালন কৰা, মৃত্যুৰ বছৰেকীয়া পালন কৰা, মৃত লোকসকলৰ বাবে বলিদান কৰা, বিধৱাৰ নীতি-নিয়ম বা মৃত দেহৰ ওচৰত গোটেই নিশা কটোৱা আদি। এই নীতি-নিয়মত দুষ্ট স্বৰ্গদূতবিলাকৰ লগত সম্পৰ্ক কৰাও জড়িত আছে। লোকসকলে স্বৰ্গদূতবিলাকৰ লগত সম্পৰ্ক কৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁলোকে ড্ৰাগছ সেৱন কৰে।—গালাতীয়া ৫:২০; প্ৰকাশিত বাক্য ২১:৮.
▸ অধ্যা. ১০, অনু. ১০; অধ্যা. ১৬, অনু. ৪
২৭ যিহোৱাৰ সাৰ্বভৌমত্বৰ অধিকাৰ
যিহোৱা সাৰ্বভৌমত্বৰ অধিকাৰী হয় আৰু তেৱেঁই গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিলে। (প্ৰকাশিত বাক্য ১৫:৩) সেইবাবে, তেওঁ সকলো বস্তুৰ মালিক আৰু গোটেই সৃষ্টিৰ ওপৰত শাসন কৰাৰ তেওঁৰ অধিকাৰ আছে। (গীতমালা ২৪:১; যিচয়া ৪০:২১-২৩; প্ৰকাশিত বাক্য ৪:১১) তেওঁ সৃষ্টিৰ সকলোৰে বাবে নীতি-নিয়ম বনাইছে। আনক শাসক হিচাপে নিযুক্ত কৰিবলৈ যিহোৱাৰ অধিকাৰ আছে। যদি আমি তেওঁক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰোঁ, তেন্তে আমি দেখুৱাব পাৰোঁ যে তেওঁ শাসন কৰা অধিকাৰক আমি সমৰ্থন কৰোঁ।—১ বংশাৱলি ২৯:১১.
২৮ গৰ্ভপাত
গৰ্ভপাত কৰাৰ অৰ্থ হৈছে গৰ্ভত থকা কেঁচুৱাটোক জানি-শুনি মাৰি পেলুৱা। গৰ্ভপাত কেতিয়াও কোনো ঘটনা বা মাতৃৰ শৰীৰ বাবে নহয়। যদি এজনী তিৰোতাৰ গৰ্ভত কেঁচুৱা হয়, তেতিয়া ভ্ৰুণ মাতৃৰ কেৱল আন এটা অংগ নহয়, কিন্তু এয়া আন এক প্ৰাণ হয়।
২৯ তেজৰ সঞ্চাৰণ
এয়া এক চিকিৎসাৰ পদ্ধতি হয়, য’ত গোটেই তেজ বা তেজৰ চাৰিটা উপাদানৰ ভিতৰত এটা উপাদান ব্যৱহাৰ কৰা হয়। এই তেজ ব্যক্তিজনে জমা কৰি ৰখা তেজ হ’ব পাৰে বা অন্য ব্যক্তিৰ তেজ হ’ব পাৰে। তেজৰ চাৰিটা উপাদান হৈছে প্লাজ্মা, লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু প্লেটলেটছ্।
৩০ শিক্ষা দিয়া
বাইবেলত ‘শিক্ষা দিয়া’ দিয়া অৰ্থ কেৱল শাস্তি দিয়া নহয়, ইয়াৰ উপৰিও নিৰ্দেশনা দিয়া, শিক্ষা দিয়া আৰু শুধৰণি কৰাও জড়িত আছে। যিহোৱা ঈশ্বৰে শিক্ষা দিয়া লোকসকলৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ বা অপমান নকৰে। (হিতোপদেশ ৪:১, ২) পিতৃ-মাতৃসকলৰ বাবে যিহোৱাই ভাল উদাহৰণ ৰাখিছে। তেওঁ দিয়া শিক্ষা প্ৰভাৱশালী হয়, সেইবাবে তেওঁৰ শিক্ষা লাভ কৰা লোকসকলে আনন্দিত হয়। (হিতোপদেশ ১২:১) যিহোৱাই নিজৰ লোকসকলক প্ৰেম কৰে আৰু প্ৰশিক্ষণ দিয়ে আৰু তেওঁলোকৰ চিন্তাধাৰাক শুধৰণি কৰে। যিহোৱাই তেওঁলোকক ভালদৰে চিন্তা-চৰ্চা আৰু কাম কৰিবলৈ শিকায়। পিতৃ-মাতৃয়ে নিজৰ ল’ৰা-ছোৱালীক শিক্ষা দিয়াৰ লগত বহুতো বিষয় জড়িত আছে। পিতৃ-মাতৃয়ে নিজৰ ল’ৰা-ছোৱালীক বুজিবলৈ সহায় কৰা উচিত যে তেওঁলোকে কিয় মা-দেউতাৰ কথা শুনা উচিত। তেওঁলোকে ল’ৰা-ছোৱালীক ইয়াকো শিকোৱা উচিত যে যিহোৱা আৰু তেওঁৰ বাক্য বাইবেলৰ প্ৰতি প্ৰেম থকা উচিত। ইয়াৰ উপৰিও বাইবেলৰ সিদ্ধান্তবোৰ বুজিবলৈ সহায় কৰা উচিত।
৩১ দুষ্ট স্বৰ্গদূত
দুষ্ট স্বৰ্গদূতবিলাক মানুহতকৈ বহুত শক্তিশালী আৰু সিহঁতক আমি দেখা নাপাওঁ। এই স্বৰ্গদূতবিলাকে যেতিয়া ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে, তেতিয়া সিহঁত দুষ্ট স্বৰ্গদূত হৈ পৰিল আৰু ঈশ্বৰৰ শত্ৰু হ’ল। (আদিপুস্তক ৬:২; যিহূদা ৬) পাছলৈ সিহঁত চয়তানৰ লগত মিলি গ’ল।—দ্বিতীয় বিবৰণ ৩২:১৭; লূক ৮:৩০; পাঁচনিৰ কৰ্ম্ম ১৬:১৬; যাকোব ২:১৯.