ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 ডিচেম্বৰ পৃষ্ঠা ১৮-২৩
  • যুৱতী ভনীসকল, পৰিপক্ক খ্ৰীষ্টান হওক!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যুৱতী ভনীসকল, পৰিপক্ক খ্ৰীষ্টান হওক!
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰে আনন্দিত হোৱা গুণবোৰ বঢ়াওক
  • কিছুমান দক্ষতা শিকক, যি আপোনাৰ কামত আহিব
  • ভৱিষ্যতে দায়িত্ববোৰ চম্ভালিবলৈ তৈয়াৰী কৰক
  • ডেকা ভাইসকল, পৰিপক্ক খ্ৰীষ্টান হওক!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • খ্ৰীষ্টান ভনীসকলক উৎসাহিত কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • বিশ্বাসী খ্ৰীষ্টান মহিলাসকল হৈছে ঈশ্বৰৰ বাবে বহুমূলীয়া উপাসক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাৰ দৰে হওক, ভনীসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 ডিচেম্বৰ পৃষ্ঠা ১৮-২৩

অধ্যয়নৰ লেখ ৫২

যুৱতী ভনীসকল, পৰিপক্ক খ্ৰীষ্টান হওক!

“তিৰোতাবিলাকো ধীৰ, . . . আৰু সকলো বিষয়ত বিশ্বাসিনী হব লাগে।”—১ তীম. ৩:১১.

গীত ১৩৩ যৌৱনকালত যিহোৱাৰ সেৱা কৰা

লেখৰ এক আভাসa

১. এজন ভাল বা পৰিপক্ক খ্ৰীষ্টান হʼবলৈ আমি কি কৰিব লাগিব?

সৰু লʼৰা-ছোৱালীবিলাক বহুত সোনকালে ডাঙৰ হয়। আমিও বাঢ়ি থকাৰ প্ৰয়োজন অৰ্থাৎ আমি পৰিপক্ক হৈ থাকিব লাগিব। লʼৰা-ছোৱালীবিলাক নিজে নিজে ডাঙৰ হয়, কিন্তু আমি এজন ভাল বা পৰিপক্ক খ্ৰীষ্টান হʼবলৈ পৰিশ্ৰম কৰিব লাগিব।b (১ কৰি. ১৩:১১; ইব্ৰী ৬:১, ২) এয়া আমি কেনেকৈ কৰিব পাৰোঁ? ইয়াৰ বাবে যিহোৱাৰ লগত আমাৰ মজবুত সম্পৰ্ক থকাটো অতি গুৰুত্বপূৰ্ণ। আমি যিহোৱাৰ পবিত্ৰ শক্তিৰ সহায় লʼব লাগিব, তেতিয়াহে আমি এনে গুণবোৰ বঢ়াব পাৰিম, যাৰ পৰা যিহোৱাই আনন্দিত হʼব, আমি এনে দক্ষতা শিকিব পাৰিম যি আমাৰ কামত আহিব আৰু ভৱিষ্যতে দায়িত্ববোৰ চম্ভালিবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰিব পাৰিম।—হিতো. ১:৬.

২. (ক) আদিপুস্তক ১:২৭ পদৰ পৰা কি জানিব পাৰি? (খ) এই লেখত আমি কি শিকিম?

২ যিহোৱাই মানুহক পুৰুষ আৰু স্ত্ৰী হিচাপে সৃষ্টি কৰিছিল। (আদিপুস্তক ১:২৭ পঢ়ক।) পুৰুষ আৰু স্ত্ৰী দেখাত বেলেগ হোৱাৰ লগতে তেওঁলোকৰ মাজত আৰু কিছুমান পাৰ্থক্য আছে। যেনে, যিহোৱাই তেওঁলোকক বেলেগ বেলেগ দায়িত্ব দিছে। এই দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ তেওঁলোকে কিছুমান গুণ বঢ়াবলগীয়া হয় আৰু কিছুমান দক্ষতাও শিকিবলগীয়া হয়। (আদি. ২:১৮) এই লেখত আমি শিকিম যে যুৱতী ভনীসকলে কেনেকৈ পৰিপক্ক হʼব পাৰে। পৰৱৰ্তী লেখত আমি চাম যে ডেকা ভাইসকলে কেনেকৈ পৰিপক্ক হʼব পাৰে।

ঈশ্বৰে আনন্দিত হোৱা গুণবোৰ বঢ়াওক

ছবি: এজনী যুৱতী ভনীয়ে নিজকে আইনাত চাই আছে আৰু বাইবেল আধাৰিত প্ৰকাশনত তাই যি পঢ়িছিল, তাৰ বিষয়ে চিন্তা কৰি আছে। কিছুমান সৰু সৰু ছবি: ১. ৰিবেকাই এটা উটৰ বাবে ঘোলনীত পানী ভৰাই আছে। ২. ইষ্টেৰে মৰ্দখয়ক আহাৰ দি আছে। ৩. অবীগলে নিজৰ আৰু তেওঁৰ ঘৰত থকা সকলোৰে জীৱন ৰক্ষা কৰিবলৈ আঁঠু কাঢ়ি অনুৰোধ কৰি আছে।

যদি আপুনি ৰিবেকা, ইষ্টেৰ আৰু অবীগলৰ নিচিনা বিশ্বাসী তিৰোতাসকলৰ দৰে ভাল গুণবোৰ বঢ়াই, তেনেহʼলে আপুনি পৰিপক্ক হʼব পাৰিব (অনুচ্ছেদ ৩-৪ চাওক)

৩-৪. যুৱতী ভনীসকলে কাৰ উদাহৰণৰ পৰা বহুতো কথা শিকিব পাৰে? (ছবিখনো চাওক।)

৩ বাইবেলত এনে বহুতো তিৰোতাৰ বিষয়ে উল্লেখ আছে, যিসকলে যিহোৱাক প্ৰেম কৰিছিল আৰু মনে-প্ৰাণে তেওঁৰ সেৱা কৰিছিল। (jw.org-ত দিয়া “বাইবেলত উল্লেখ কৰা তিৰোতাসকলৰ পৰা আমি কি শিকিব পাৰোঁ?” (হিন্দী) নামৰ লেখখন পঢ়ক।) এই লেখৰ মূখ্য পদত কোৱাৰ দৰে সেই তিৰোতাসকলে সকলো কথাতে “ধীৰ” আৰু ‘সকলো বিষয়ত বিশ্বাসী’ আছিল। যুৱতী ভনীসকল, আপোনালোকে সেই তিৰোতাসকলৰ পৰা বহুতো কথা শিকিব পাৰে। ইয়াৰ উপৰিও, হয়তো আপোনাৰ মণ্ডলীতো এনে বহুতো পৰিপক্ক ভনী আছে, যিসকলৰ পৰা আপুনি বহুতো কথা শিকিব পাৰে।

৪ অলপ সময়ৰ বাবে এনে কিছুমান পৰিপক্ক ভনীসকলৰ বিষয়ে চিন্তা কৰক, যিসকলৰ নিচিনা আপুনি হʼব বিচাৰে। তেওঁলোকৰ কি কি গুণ আছে আৰু আপুনি তেওঁলোকৰ নিচিনা কেনেকৈ হʼব পাৰে, তাৰ বিষয়ে চিন্তা কৰক। ইয়াৰ আগৰ কিছুমান অনুচ্ছেদত আমি এনে কিছুমান গুণৰ বিষয়ে আলোচনা কৰিম, যিবোৰ আপুনি বঢ়াব পাৰে।

৫. এজন পৰিপক্ক খ্ৰীষ্টান হʼবলৈ নম্ৰ হোৱাটো কিয় অতি গুৰুত্বপূৰ্ণ?

৫ এজন পৰিপক্ক বা ভাল খ্ৰীষ্টান হʼবলৈ নম্ৰ হোৱাটো অতি প্ৰয়োজন। যিজনী ভনী নম্ৰ হয়, তেওঁৰ যিহোৱা আৰু আন লোকসকলৰ লগত ভাল সম্পৰ্ক থাকে। (যাকো. ৪:৬) যেনে, যদি এজনী ভনী নম্ৰ হয় আৰু যিহোৱাক প্ৰেম কৰে, তেনেহʼলে তেওঁ ১ কৰিন্থীয়া ১১:৩ পদত দিয়া সিদ্ধান্তটো পালন কৰিব আৰু মণ্ডলী বা পৰিয়ালত যিসকল লোকক কিছুমান অধিকাৰ দিয়া হৈছে, তেওঁলোকৰ অধীনত থাকিব।c

৬. (ক) ৰিবেকা নম্ৰ আছিল বুলি কেনেকৈ দেখুৱালে? (খ) আজি যুৱতী ভনীসকলে কেনেকৈ তেওঁৰ নিচিনা হʼব পাৰে?

৬ ৰিবেকাৰ উদাহৰণলৈ মন কৰক। তেওঁ এজনী বুদ্ধিমত্তী তিৰোতা আছিল। তেওঁ গোটেই জীৱন সাহসেৰে কাম কৰিলে আৰু কেতিয়া কি কৰিব, লাগে তাৰ বিষয়ে তেওঁ জানিছিল। (আদি. ২৪:৫৮; ২৭:৫-১৭) তাই আনক সন্মানো কৰিছিল আৰু যিসকল লোকক কিছুমান অধিকাৰ দিয়া হৈছিল, তেওঁলোকৰ অধীনত থাকিছিল। (আদি. ২৪:১৭, ১৮, ৬৫) আপুনিও ৰিবেকাৰ দৰে নম্ৰ হʼব পাৰে আৰু যিহোৱাই যিসকল লোকক অধিকাৰ দিছে, তেওঁলোকক সহযোগ কৰিব পাৰে। এইদৰে আপুনি নিজৰ পৰিয়ালৰ লোকসকলৰ বাবে আৰু মণ্ডলীৰ ভাই-ভনীসকলৰ বাবে এটা ভাল উদাহৰণ হʼব পাৰিব।

৭. (ক) ইষ্টেৰে মৰ্য্যদাত আছিল বুলি আমি কিয় কʼব পাৰোঁ? (খ) আজি যুৱতী ভনীসকলে তেওঁৰ নিচিনা কেনেকৈ হʼব পাৰে?

৭ এজন পৰিপক্ক খ্ৰীষ্টানে মৰ্য্যদাত থাকে অৰ্থাৎ নিজৰ সীমা বুজি পায়। তেওঁ সকলো কথা জানে বুলি নাভাবে। বাইবেলত এইদৰে লিখা আছে, “যিসকলে নিজৰ সীমা বুজি পায়, তেওঁলোক বুদ্ধিমান।” (হিতো. ১১:২, NW) ইষ্টেৰো এইদৰেই আছিল। তাই মৰ্য্যদাত আছিল আৰু নিজৰ ককায়েক মৰ্দখয়ৰ কথা শুনিছিল। সেইবাবে, ৰাণী হোৱাৰ পাছতো তেওঁ অহংকাৰ কৰা নাছিল। তাৰ পৰিৱৰ্তে যেতিয়া মৰ্দখয়ে তেওঁক ভাল পৰামৰ্শ দিলে, তেতিয়া তেওঁ তাক পালন কৰিলে। (ইষ্টে. ২:১০, ২০, ২২) যুৱতী ভনীসকল, যেতিয়া আপোনালোকে পৰিপক্ক খ্ৰীষ্টানসকলৰ পৰা পৰামৰ্শ লʼব আৰু তাক পালন কৰিব, তেতিয়া আপুনি দেখুৱাব যে আপুনি ইষ্টেৰৰ দৰে মৰ্য্যদাত আছে।—তীত ২:৩-৫.

৮. প্ৰথম তীমথিয় ২:৯, ১০ পদৰ অনুসৰি এজনী ভনী কাপোৰ পিন্ধা আৰু ষ্টাইল কৰাৰ ক্ষেত্ৰত কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰে?

৮ ইষ্টেৰ মৰ্য্যদাত থাকিছিল বুলি আৰু এটা উপায়েৰে দেখুৱালে। বাইবেলত লিখা আছে যে ইষ্টেৰ “ৰূপৱতী আৰু সুন্দৰী আছিল।” তথাপিও তেওঁ লোকসকলৰ ধ্যান নিজৰ ফালে আকৰ্ষিত কৰা নাছিল। (ইষ্টে. ২:৭, ১৫) আজি খ্ৰীষ্টান ভনীসকলে ইষ্টেৰৰ পৰা কি শিকিব পাৰে? মন কৰক, ইয়াৰ বিষয়ে ১ তীমথিয় ২:৯, ১০ পদত কি লিখা আছে। (পঢ়ক।) এই পদত পাঁচনি পৌলে খ্ৰীষ্টান ভনীসকলক এনে কাপোৰ পিন্ধিবলৈ কৈছিল, যাৰ পৰা জানিব পাৰি যে তেওঁলোকে মৰ্য্যদাত থাকে আৰু সঠিক চিন্তাধাৰা ৰাখে। এই কথা কʼবলৈ পৌলে যি গ্ৰীক শব্দৰ ব্যৱহাৰ কৰিলে, তাৰ পৰা জানিব পাৰি যে ভনীসকলে এনে কাপোৰ পিন্ধা উচিত যাৰ পৰা ঈশ্বৰৰ মহিমা হয় আৰু তেওঁলোকে আনৰ চিন্তাধাৰা আৰু ভাৱনাক সন্মান কৰে। যিসকল ভনীয়ে এই পৰামৰ্শ পালন কৰে, তেওঁলোকক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ!

৯. অবীগলে কেনেকৈ বুদ্ধিমত্তাৰে কাম কৰিলে আৰু আমি তেওঁৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

৯ পৰিপক্ক ভনীসকলে বুদ্ধিমত্তাৰে কাম কৰে। বুদ্ধিমত্তাৰে কাম কৰাটো এনে এটা দক্ষতা হয়, যাৰ বাবে এজন ব্যক্তিয়ে ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য কৰিব পাৰে আৰু সঠিক কাম কৰে। অবীগলৰ উদাহৰণলৈ মন কৰক। তেওঁৰ স্বামীয়ে এটা ভুল নিৰ্ণয় লৈছিল, যাৰ বাবে তেওঁৰ গোটেই পৰিয়ালৰ জীৱন বিপদত পৰিছিল। তেতিয়া অবীগলে লগে লগে পদক্ষেপ লʼলে। তেওঁ বুদ্ধিমত্তাৰে কাম কৰিলে, সেইবাবে সকলোৰে জীৱন ৰক্ষা পৰিল। (১ চমূ. ২৫:১৪-২৩, ৩২-৩৫) যিজন ব্যক্তিয়ে বুদ্ধিমত্তাৰে কাম কৰে, তেওঁ জানে যে কেতিয়া মনে মনে থাকিব লাগে আৰু কেতিয়া কʼব লাগে। এনে ব্যক্তিয়ে যেতিয়া আনৰ খা-খবৰ লʼবলৈ চেষ্টা কৰে আৰুতেওঁলোকৰ লগত কথা পাতে, তেতিয়া তেওঁ এনে কোনো প্ৰশ্ন নুশুধে যাৰ বাবে সেই ব্যক্তিজনে সংকোচ অনুভৱ কৰিব পাৰে।—১ থিচ. ৪:১১.

কিছুমান দক্ষতা শিকক, যি আপোনাৰ কামত আহিব

এজনী যুৱতী ভনী টেবুলৰ ওচৰত বহি আছে আৰু “কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন” নামৰ কিতাপখন পঢ়ি আছে। টেবুলত এখন বাইবেল খোলা আছে আৰু ওচৰতে এখন ডায়েৰী আৰু কলম আছে।

পঢ়া-লিখা শিকাৰ বাবে আপোনাৰ কি লাভ হৈছে? (অনুচ্ছেদ ১১ চাওক)

১০-১১. আপুনি যদি ভালদৰে পঢ়া-লিখা শিকে, তেনেহʼলে ইয়াৰ পৰা আপোনাৰ আৰু আনৰ কেনেকৈ লাভ হʼব? (ছবিখনো চাওক।)

১০ খ্ৰীষ্টান ভনীসকলে কিছুমান দক্ষতা শিকা উচিত। যদি এজন ব্যক্তিয়ে কম বয়সতে কিবা দক্ষতা শিকে, তেনেহʼলে সেয়া তেওঁৰ গোটেই জীৱন কামত আহে। আহক চাওঁ যে ভনীসকলে কি কি দক্ষতা শিকিব পাৰে।

১১ ভালদৰে পঢ়া-লিখা কৰিবলৈ শিকক। কিছুমান সংস্কৃতিত তিৰোতাসকলে পঢ়া-লিখা কৰাটো ইমান গুৰুত্বপূৰ্ণ নহয় বুলি ভাবে। কিন্তু প্ৰতিজন খ্ৰীষ্টানে এই দক্ষতা বঢ়োৱাটো অতি প্ৰয়োজন।d (১ তীম. ৪:১৩) আপোনাৰ ওচৰত যিয়েই সমস্যা নাহক কিয়, আপুনি ভালদৰে পঢ়া-লিখা কৰিম বুলি থিৰাং কৰক। এইদৰে কৰিলে আপোনাৰ কি লাভ হʼব? আপুনি এটা ভাল চাকৰি পাব পাৰে আৰু তাক বজাই ৰাখিব পাৰে। আপুনি ঈশ্বৰৰ বাক্য ভালদৰে অধ্যয়ন কৰিব পাৰিব আৰু আনকো ভালদৰে শিকাব পাৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে আপুনি যেতিয়া নিজেই ঈশ্বৰৰ বাক্য পঢ়িব আৰু মনন কৰিব, তেতিয়া আপুনি যিহোৱাৰ আৰু কাষ চাপিব।—যিহো. ১:৮; ১ তীম. ৪:১৫.

১২. আপুনি হিতোপদেশ ৩১:২৬ পদৰ পৰা কি শিকিব পাৰে?

১২ ভালদৰে কথা পাতিবলৈ শিকক। খ্ৰীষ্টানসকলে এই দক্ষতা বঢ়োৱাটো অতি গুৰুত্বপূৰ্ণ। যাকোবে ইয়াৰ বিষয়ে এটা ভাল পৰামৰ্শ দিছিল। তেওঁ এইদৰে লিখিছিল, ‘প্ৰত্যেক মানুহ শুনিবলৈ খৰ, কবলৈ ধীৰ হওক।’ (যাকো. ১:১৯) যেতিয়া আমি আনৰ কথা ধ্যান দি শুনোঁ, তেতিয়া আমি তেওঁলোকক সহায় কৰিব পাৰোঁ আৰু তেওঁলোকৰ ‘দুখ’ অনুভৱ কৰিব পাৰোঁ। (১ পিত. ৩:৮) যদি আপুনি কেতিয়াবা বুজি নাপায় যে ওচৰত থকা ব্যক্তিজনে কি কʼব বিচাৰিছে বা কেনে অনুভৱ কৰিছে, তেনেহʼলে তেওঁলোকক কিছুমান প্ৰশ্ন সোধক। উত্তৰ দিয়াৰ আগতে অলপ সময় ৰৈ চিন্তা কৰক। (হিতো. ১৫:২৮) আপুনি নিজকে এইদৰে প্ৰশ্ন সুধিব পাৰে, ‘মই যি কʼব লৈছোঁ, সেয়া সঁচা হয় নে? যদি সঁচা হয়, তেনেহʼলে ইয়াৰ পৰা তেওঁ উৎসাহিত হʼব নে? এইদৰে কোৱাটো ভাল হʼব নে? মই তেওঁ বিষয়ে চিন্তা কৰোঁ বুলি এই কথাৰ পৰা জানিব পাৰি নে?’ যিসকল ভনীয়ে আনৰ লগত ভালদৰে কথা পাতে, তেওঁলোকৰ পৰা শিকক। (হিতোপদেশ ৩১:২৬ পঢ়ক।) তেওঁলোকে কেনেকৈ আৰু কি কয় তাৰ প্ৰতি ধ্যান দিয়ক। এইদৰে আপুনি ভালদৰে কথা পাতিবলৈ শিকিব পাৰে। আপুনি যিমানেই এই দক্ষতা বঢ়াব, সিমানেই আন লোকসকলৰ লগত আপোনাৰ সম্পৰ্ক মজবুত হʼব।

এজনী যুৱতী ভনীয়ে নিজৰ মাৰ লগত শাক-পাচলিৰ দোকানত দৰদাম কৰি আছে।

যি ভনীয়ে নিজৰ ঘৰখন ভালদৰে চম্ভালে, তেওঁৰ ঘৰখন সুখৰ সংসাৰ হৈ পৰে আৰু তেওঁ মণ্ডলীৰ বাবে আশীৰ্বাদ হয় (অনুচ্ছেদ ১৩ চাওক)

১৩. আপুনি কেনেকৈ ঘৰ চম্ভালিবলৈ শিকিব পাৰে? (ছবিখনো চাওক।)

১৩ ঘৰ চম্ভালিবলৈ শিকক। বহুতো ঠাইত তিৰোতাসকলেই ঘৰৰ বেছি ভাগ কাম চম্ভালে। যুৱতী ভনীসকল, আপোনালোকে নিজৰ মা বা আন পৰিপক্ক ভনীসকলৰ পৰা কিছুমান দক্ষতা শিকিব পাৰে, যাতে আপুনি আৰু ভালদৰে ঘৰ চম্ভালিব পাৰে। চিণ্ডী নামৰ এজনী ভনীয়ে এইদৰে কৈছে, “মায়ে মোক এটা বহুত ভাল কথা শিকালে। পৰিশ্ৰম কৰিলেহে প্ৰকৃত আনন্দ পোৱা যায়। মাৰ পৰা মই আহাৰ ৰান্ধিবলৈ, চাফ-চিকূণ কৰিবলৈ, চিলাই কৰিবলৈ আৰু ভাবি-চিন্তি বজাৰ কৰিবলৈ শিকিলোঁ। এই কথাবোৰ মোৰ বহুত কামত আহিল। মই নিজৰ যত্ন লʼব পাৰিলোঁ আৰু যিহোৱাৰ সেৱা বেছিকৈ কৰিবলৈ সুযোগ পালোঁ। মায়ে মোক অতিথি সৎকাৰ কৰিবলৈও শিকালে। সেইবাবে, মই বহুতো ভাই-ভনীক লগ কৰিব পাৰিলোঁ আৰু তেওঁলোকৰ পৰা মই বহুতো কথা শিকিলোঁ।” (হিতো. ৩১:১৫, ২১, ২২) যিসকল ভনী পৰিশ্ৰম কৰে, অতিথি সৎকাৰ দেখুৱাই আৰু ভালদৰে ঘৰখন চম্ভালে, তেওঁলোক সঁচাকৈ আনৰ বাবে আশীৰ্বাদ হয়। তেওঁলোকৰ ঘৰখন সুখৰ সংসাৰ হৈ পৰে আৰু তেওঁলোক মণ্ডলীৰ বাবে এটা ভাল উদাহৰণ হয়।—হিতো. ৩১:১৩, ১৭, ২৭; পাঁচ. ১৬:১৫.

১৪. (ক) আপুনি ভনী ক্ৰীষ্টলৰ পৰা কি শিকিলে? (খ) আপুনি কি কথাৰ ওপৰত ধ্যান দিয়া উচিত?

১৪ নিজৰ ভৰিত থিয় হʼবলৈ শিকক বা আত্ম নিৰ্ভৰশীল হওক। এই লক্ষ্য সকলো খ্ৰীষ্টানে ৰখা উচিত যাতে আপোনালোকে পৰিপক্ক হʼব পাৰে। (২ থিচ. ৩:৭, ৮) ভনী ক্ৰীষ্টলে এইদৰে কৈছে, “যেতিয়া স্কুলত বিষয় বাছনি কৰাৰ কথা আহিল, তেতিয়া মই মা-দেউতাৰ লগত কথা পাতিলোঁ যে মই কি বিষয় লʼলে ভাল হʼব, যাতে কিবা দক্ষতা শিকিব পাৰিম। দেউতাই মোক একাউন্টছ পঢ়িবলৈ কʼলে আৰু এয়া মোৰ বহুত কামত আহিল।” কিন্তু আপুনি কেনেকৈ টকা-পইচা অৰ্জন কৰিব তাৰ বাবে কিছুমান দক্ষতা শিকাই যথেষ্ট নহয়, ইয়াৰ লগতে আপুনি কেনেকৈ ভাবি-চিন্তি টকা কʼত আৰু কিমান খৰচ কৰিব পাৰে তাৰ বিষয়েও চিন্তা কৰিব লাগিব। (হিতো. ৩১:১৬, ১৮) গতিকে, আপুনি যদি কম বস্তুতে সন্তুষ্ট হʼবলৈ শিকে আৰু বিনা কাৰণত ধাৰ লোৱাৰ পৰা আঁতৰি থাকে, তেনেহʼলে আপুনি নিজৰ লক্ষ্যত ধ্যান দিব পাৰিব অৰ্থাৎ যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিব পাৰিব।—১ তীম. ৬:৮.

ভৱিষ্যতে দায়িত্ববোৰ চম্ভালিবলৈ তৈয়াৰী কৰক

১৫-১৬. অবিবাহিত ভনীসকলে কিয় ইমান মূল্যৱান হয়? (মাৰ্ক ১০:২৯, ৩০)

১৫ যেতিয়া আপুনি যিহোৱাই ভাল পোৱা গুণবোৰ বঢ়াবলৈ শিকিব আৰু কিছুমান দক্ষতা শিকিব যি আপোনাৰ কামত আহিব, তেতিয়া আপুনি ভৱিষ্যতে ভালদৰে দায়িত্ববোৰ চম্ভালিব পাৰিব। এতিয়া আহক মন কৰোঁ যে আপুনি আগলৈ কি কি কৰিব পাৰিব।

১৬ আপুনি অলপ সময় অবিবাহিত হৈ থাকিব পাৰে। কিছুমান দেশত যদি ছোৱালীবিলাকে বিয়া নহয়, তেনেহʼলে লোকসকলে এয়া ভাল বুলি নাভাবে। এনে দেশতো আমাৰ কিছুমান ভনীয়ে যীচুৰ পৰামৰ্শ মনত ৰাখি বিয়া নহʼবলৈ নিৰ্ণয় লয়। (মথি ১৯:১০-১২) আনহাতে কিছুমান ভনীয়ে আন কাৰণৰ বাবে অবিবাহিত হৈ থাকে। অবিবাহিত ভনীসকল, আপোনালোকে বিশ্বাস ৰাখিব পাৰে যে যিহোৱা আৰু যীচুৱে আপোনালোকক তল চকুৰে নাচায়, আপুনি তেওঁলোকৰ বাবে বহুত মূল্যৱান হয়। গোটেই পৃথিৱীত আমাৰ অবিবাহিত ভনীসকলে বহুত পৰিশ্ৰম কৰে আৰু তেওঁলোক নিজৰ মণ্ডলীৰ বাবে এটা আশীৰ্বাদ হয়। তেওঁলোকে ভাই-ভনীসকলক বহুত প্ৰেম কৰে আৰু তেওঁলোকৰ যত্ন লয়। সেইবাবে, ভাই-ভনীসকলৰ বাবে তেওঁলোকৰ ভনী বা মাৰ দৰে হয়।—মাৰ্ক ১০:২৯, ৩০ পঢ়ক; ১ তীম. ৫:২.

১৭. এজনী যুৱতী ভনীয়ে ভৱিষ্যতে পূৰ্ণসময়ৰ সেৱা কৰিবলৈ এতিয়াৰে পৰা কেনেকৈ লক্ষ্য ৰাখিব পাৰে?

১৭ আপুনি পূৰ্ণসময়ৰ সেৱা কৰিব পাৰে। আজি গোটেই পৃথিৱীত হৈ থকা প্ৰচাৰ কামত ভনীসকলৰ এটা ডাঙৰ সহযোগ আছে। (গীত. ৬৮:১১) আপুনি ভৱিষ্যতে পূৰ্ণসময়ৰ সেৱা কৰিম বুলি এতিয়াৰে পৰা ভাবিব পাৰিব নে? আপুনি অগ্ৰগামী সেৱা কৰিবলৈ, নিৰ্মাণ কামত সহযোগ কৰিবলৈ বা বেথেলত সেৱা কৰিবলৈ লক্ষ্য ৰাখিব পাৰে। তাৰ পাছত আপুনি নিজৰ লক্ষ্যৰ বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰক। যিসকল ভাই-ভনীয়ে পূৰ্ণসময়ৰ সেৱা কৰাৰ লক্ষ্যত উপনীত হৈছে, আপুনি তেওঁলোকৰ লগতো কথা পাতিব পাৰে। আপুনি নিজৰ লক্ষ্যত উপনীত হʼবলৈ কি কৰিব পাৰে, তাৰ বিষয়ে তেওঁলোকক সুধিব পাৰে। তাৰ পাছত আপুনি এটা প্লান বনাব পাৰে অৰ্থাৎ ভাবিব পাৰে যে আপুনি কি কৰিব আৰু কেনেকৈ কৰিব। যেতিয়া আপুনি এই লক্ষ্যত উপনীত হʼব, তেতিয়া আপুনি যিহোৱাৰ সেৱা কৰাৰ আৰু বহুতো ভাল সুযোগ পাব।

এজনী যুৱতী ভনীয়ে আন কিছুমান ভনীৰ লগত কথা পাতি আছে। তেওঁ এজন অবিবাহিত ভাইক দেখিলে, সেই ভাইজনে ৰাজ্যগৃহ চাফ-চিকূণ কৰি আছে।

যদি আপুনি বিয়া হোৱাৰ কথা ভাবি আছে, তেনেহʼলে আপুনি কাৰ লগত বিয়া হʼব, তাৰ বিষয়ে ভাবি-চিন্তি নিৰ্ণয় লোৱা উচিত (অনুচ্ছেদ ১৮ চাওক)

১৮. এজনী ভনীয়ে কাৰ লগত বিয়া হʼব, তাৰ বিষয়ে কিয় ভাবি-চিন্তি নিৰ্ণয় লোৱা উচিত? (ছবিখনো চাওক।)

১৮ আপুনি হয়তো বিয়া হোৱাৰ নিৰ্ণয় লʼব। এই লেখত আমি যি গুণ আৰু দক্ষতাবোৰৰ বিষয়ে কথা পাতিলোঁ, যদি আপুনি সেইবোৰ বঢ়ায়, তেনেহʼলে ভৱিষ্যতে আপুনি এজনী ভাল পত্নী হʼব পাৰিব। যদি আপুনি এতিয়া বিয়া হʼম বুলি ভাবিছে, তেনেহʼলে আপুনি কাৰ লগত বিয়া হʼব, তাৰ বিষয়ে ভাবি-চিন্তি নিৰ্ণয় লোৱা উচিত। কিয়নো এয়া আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ নিৰ্ণয় হʼব। মনত ৰাখক, আপুনি যিজন ব্যক্তিৰ লগত বিয়া হʼব, তেওঁ আপোনাৰ মুৰব্বী হʼব আৰু আপুনি তেওঁৰ অধীনত থাকিব লাগিব। (ৰোম. ৭:২; ইফি. ৫:২৩, ৩৩) কাৰোবাৰ লগত বিয়া হʼম বুলি কথা দিয়াৰ আগতে নিজকে এইদৰে সোধক, ‘তেওঁ এজন পৰিপক্ক খ্ৰীষ্টান হয় নে? তেওঁ যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে নে? তেওঁ সঠিক নিৰ্ণয় লয় নে? যেতিয়া তেওঁৰ পৰা কিবা ভুল হয়, তেতিয়া তেওঁ তাক মানি লয় নে? তেওঁ তিৰোতাসকলক সন্মান কৰে নে? যিহোৱাৰ লগত থকা মোৰ সম্পৰ্কক মজবুত কৰিবলৈ তেওঁ মোক সহায় কৰিব পাৰিব নে, মোৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰিব নে, মোৰ ভাল বন্ধু হʼব পাৰিব নে? তেওঁ নিজৰ দায়িত্ববোৰ ভালদৰে পালন কৰে নে? যেনে, তেওঁক মণ্ডলীত কি কাম বা দায়িত্ব দিয়া হৈছে আৰু তেওঁ সেইবোৰ কেনেকৈ পূৰ কৰে?’ (লূক ১৬:১০; ১ তীম. ৫:৮) কিন্তু আপুনি যদি এজন ভাল স্বামী বিচাৰে, তেনেহʼলে আপুনিও ভাল পত্নী হʼবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰিব লাগিব।

১৯. এজন “সহকাৰী” হোৱাটো কিয় সৰু কথা নহয়?

১৯ বাইবেলত কোৱা হৈছে যে এজনী ভাল পত্নী নিজৰ স্বামীৰ “সহকাৰী” হয়, এনে এজনী “উপযুক্ত” সহকাৰী হয়, যি তেওঁৰ লগত মিল খায়। (আদি. ২:১৮) গতিকে, পত্নীসকলক সহকাৰী বুলি কৈ তেওঁলোকক তল পেলোৱা হৈছে নে? নহয়। সহকাৰী হোৱাটো বহুত সন্মানৰ বিষয় হয়। কাৰণ বাইবেলত যিহোৱাকো “সহায়কৰ্ত্তা” বুলি কোৱা হৈছে। (গীত. ৫৪:৪; ইব্ৰী ১৩:৬) তেনেহʼলে এজনী পত্নীয়ে কেনেকৈ ভাল সহকাৰী হʼব পাৰিব? নিজৰ স্বামীক সহযোগ কৰি। যেনে, যেতিয়া তেওঁৰ স্বামীয়ে পৰিয়ালৰ বাবে কিবা নিৰ্ণয় লয়, তেতিয়া তেওঁ ইয়াক মানি চলিব। ইয়াৰ উপৰিও তেওঁ যিহোৱাক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁ আনৰ ওচৰত নিজৰ স্বামীৰ বিষয়ে কেতিয়াও বেয়াকৈ নকয়, ইয়াৰ পৰিৱৰ্তে সকলোৰে আগত যাতে তাইৰ স্বামীৰ নাম ভাল হৈ থাকে, তাৰ বাবে চেষ্টা কৰিব। (হিতো. ৩১:১১, ১২; ১ তীম. ৩:১১) গতিকে, ভনীসকল আপুনি আৰু বেছিকৈ যিহোৱাক প্ৰেম কৰক, ঘৰত আৰু মণ্ডলীত আনক সহায় কৰক। এইদৰে কৰিলে আপুনি আগলৈ ভাল পত্নী হʼব পাৰিব।

২০. যদি এজনী ভনীয়ে ভাল মাতৃ হʼবলৈ পৰিশ্ৰম কৰে, তেনেহʼলে তেওঁৰ পৰিয়ালৰ কি লাভ হʼব?

২০ আপুনি হয়তো মাতৃ হোৱাৰ নিৰ্ণয় লʼব। বিয়াৰ পাছত আপোনালোকে হয়তো লʼৰা-ছোৱালীৰ কথা ভাবিব। (গীত. ১২৭:৩) সেইবাবে, এতিয়াৰে পৰা ভাবি থোৱা ভাল হʼব যে আপুনি কেনেকৈ ভাল মাতৃ হʼব পাৰিব। এই লেখত আমি যি গুণ আৰু দক্ষতাবোৰৰ বিষয়ে শিকিলোঁ, সেইবোৰ বঢ়ালে আপুনি ভাল পত্নী হোৱাৰ লগতে এজনী ভাল মাতৃও হʼব পাৰিব। যেতিয়া আপুনি আনৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰিব, তেওঁলোকৰ যত্ন লʼব আৰু তেওঁলোকৰ লগত ধৈৰ্য্য ধৰিব, তেতিয়া আপোনালোকৰ সুখৰ সংসাৰ হʼব, যʼত আপোনাৰ লʼৰা-ছোৱালীয়ে সুৰক্ষিত অনুভৱ কৰিব আৰু আনন্দিত থাকিব।—হিতো. ২৪:৩.

ছবি: আগৰ ছবিত দেখুৱা যুৱতী ভনীসকলে আনন্দেৰে যিহোৱাৰ সেৱা কৰি আছে। ১. যিজনী ভনীয়ে সেই কথাবোৰৰ বিষয়ে চিন্তা কৰি আছিল যি তেওঁ পঢ়ি আছিলে, তেওঁৰ হাতত বাইবেল খোলা আছে আৰু তেওঁ হাঁহি আছে। ২. যিজনী ভনীয়ে শাক-পাচলিৰ দোকানত দৰদাম কৰি আছিল, তেওঁ এতিয়া বেথেলত আহাৰৰ বাবে প্লেট লগাই আছে। ৩. যিজনী ভনীয়ে কিতাপ পঢ়ি আছিলে, তেওঁ প্ৰচাৰ কৰাৰ সময়ত এজনী তিৰোতাক বাইবেলৰ এটা পদ পঢ়ি শুনাই আছে। ৪. যিজনী ভনীয়ে এজন অবিবাহিত ভাইক দেখিছিল, তাই এতিয়া বৃদ্ধ ভনীৰ লগত কাৰ্ট লগাই প্ৰচাৰ কৰি আছে।

বহুতো যুৱতী ভনীয়ে বাইবেলৰ পৰা শিকিলে আৰু সেইবোৰ পালন কৰিলে, সেইবাবে তেওঁলোকে পৰিপক্ক খ্ৰীষ্টান হʼব পাৰিলে (অনুচ্ছেদ ২১ চাওক)

২১. আমি আমাৰ ভনীসকলৰ বিষয়ে কেনে অনুভৱ কৰোঁ আৰু কিয়? (বেটুপাতত দিয়া ছবিখন চাওক।)

২১ যুৱতী ভনীসকল, আমি আপোনালোকক বহুত প্ৰেম কৰোঁ। আপোনালোকে যিহোৱা আৰু তেওঁৰ লোকসকলৰ বাবে বহুত কিছু কৰি আছে। (ইব্ৰী ৬:১০) যিহোৱাই আনন্দিত হোৱা গুণবোৰ বঢ়াবলৈ আপোনালোকে বহুত পৰিশ্ৰম কৰে আৰু কিছুমান দক্ষতা শিকে যাতে আপোনাৰ পৰিয়ালৰ লোক আৰু বন্ধুসকল আনন্দিত হয় আৰু তেওঁলোকে উৎসাহ লাভ কৰে। আপোনালোকে ভৱিষ্যতে দায়িত্ববোৰ চম্ভালিবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰি আছে। আপোনালোক সঁচাকৈ যিহোৱাৰ সংগঠনৰ বাবে আশীৰ্বাদ হয়!

তলত দিয়া পদবোৰৰ পৰা আপুনি কি শিকিলে?

  • ১ তীমথিয় ২:৯, ১০

  • হিতোপদেশ ৩১:২৬

  • মাৰ্ক ১০:২৯, ৩০

গীত ১৩৭ বিশ্বাসী তিৰোতা, খ্ৰীষ্টান ভনীসকল

a আমাৰ মৰমৰ যুৱতী ভনীসকল, আপোনালোকে আমাৰ বাবে বহুত মূল্যৱান হয়। যদি আপোনালোকে যিহোৱাই আনন্দিত হোৱা গুণবোৰ বঢ়ায়, কিছুমান দক্ষতা শিকে যি আপোনাৰ কামত আহিব আৰু ভৱিষ্যতে দায়িত্ববোৰ চম্ভালিবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰে, তেনেহʼলে আপুনি পৰিপক্ক হʼব পাৰিব। এইদৰে আপুনি আৰু ভালদৰে যিহোৱাৰ সেৱা কৰিব পাৰিব আৰু আপোনালোকে বহুতো আশীৰ্বাদ পাব।

b ইয়াৰ অৰ্থ কি? এজন ভাল বা পৰিপক্ক খ্ৰীষ্টান হোৱাৰ অৰ্থ এয়া নহয় যে তেওঁলোক জগতৰ দৃষ্টিত বুদ্ধিমান হয়, ইয়াৰ পৰিৱৰ্তে পৰিপক্ক খ্ৰীষ্টানে সদায় যিহোৱাৰ দৰে চিন্তাধৰা ৰাখিবলৈ আৰু তেওঁৰ মানদণ্ডৰ অনুসৰি জীৱন-জাপন কৰিবলৈ চেষ্টা কৰে। তেওঁ যীচুৰ দৰে হʼবলৈ চেষ্টা কৰে, তেওঁ যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিবলৈ পৰিশ্ৰম কৰে আৰু আনক প্ৰকৃত প্ৰেম কৰে।

c ফেব্ৰুৱাৰী ২০২১ চনৰ প্ৰহৰীদুৰ্গৰ ১৪-১৯ পৃষ্ঠা পঢ়ক।

d পঢ়া-লিখা কৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ তাৰ বিষয়ে বেছিকৈ জানিবলৈ জুলাই ১৫, ২০১০ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) দিয়া, “পঢ়া আৰু অধ্যয়নৰ প্ৰতি নিজৰ লʼৰা-ছোৱালীৰ প্ৰেম বঢ়াওক” নামৰ লেখখন পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক