অধ্যয়নৰ লেখ ২০
গীত নং ৭ যিহোৱা! আমাৰ শক্তি
যিহোৱাই আমাক নিশ্চয় শান্ত্বনা দিব
“আমাৰ . . . পিতৃৰ প্ৰশংসা হওক। তেওঁ দয়ালু পিতৃ হয় আৰু সকলো ধৰণৰ শান্ত্বনা দিওঁতা ঈশ্বৰ হয়।” —২ কৰি. ১:৩.
কি শিকিম?
আমি শিকিম যে যিহোৱাই সেই যিহূদীসকলক কেনেকৈ শান্ত্বনা দিলে, যিসকলে বাবিলত বন্দী হৈ আছিল আৰু আমি তেওঁলোকৰ পৰা কি শিকিব পাৰোঁ।
১. বাবিলত বন্দী হৈ থকা যিহূদীসকলৰ কেনে অনুভৱ হৈছিল?
চিন্তা কৰক, যিসকল যিহূদী বাবিলত বন্দী হৈ আছিল, তেওঁলোকে কেনে অনুভৱ কৰিছিল। তেওঁলোকে নিজ চকুৰে নিজৰ চহৰ ধ্বংস হোৱাটো দেখিছিল আৰু এতিয়া তেওঁলোকে অচিনাকী দেশত আছিল। কিন্তু তেওঁলোকৰ লগত এইদৰে কিয় হʼল? কাৰণ তেওঁলোকে আৰু তেওঁলোকৰ ওপৰ-পিতৃসকলে যিহোৱাৰ বিৰোধে পাপ কৰিছিল। (২ বং. ৩৬:১৫, ১৬, ২০, ২১) বাবিলত তেওঁলোকে সাধাৰণ জীৱন-যাপন কৰিছিল আৰু তেওঁলোকৰ ওচৰত কিছু পৰিমাণহে স্বাধীনতা আছিল। (যিৰি. ২৯:৪-৭) তাত তেওঁলোকৰ জীৱন ইমান সহজ নাছিল। আচলতে তেওঁলোকে তাত বাধ্যত পৰি থাকিবলগীয়া হৈছিল। ধ্যান দিয়ক তেওঁলোকৰ মাজৰ এজন বিশ্বাসী যিহূদীয়ে কি কʼলে, “আমি বাবিলৰ নদীবোৰৰ কোষৰ সেই সেই ঠাইত বহিছিলোঁ, এনে কি, চিয়োনক সোঁৱৰণ কৰি কান্দিছিলোঁ।” (গীত. ১৩৭:১) বাবিলত থকা যিহূদীসকলে বহুত নিৰাশাত আছিল। এনে পৰিস্থিতিত কোনে তেওঁলোকক শান্ত্বনা দিব পাৰিলে হয়?
২-৩. (ক) বাবিলত বন্দী হৈ থকা যিহূদীসকলৰ বাবে যিহোৱাই কি কৰিলে? (খ) এই লেখত আমি কি শিকিম?
২ যিহোৱা “সকলো ধৰণৰ শান্ত্বনা দিওঁতা ঈশ্বৰ হয়।” (২ কৰি. ১:৩) তেওঁ নিজৰ লোকসকলক বহুত প্ৰেম কৰে আৰু তেওঁলোকক শান্ত্বনা দিয়ে। যিহোৱাই জানিছিল যে বাবিলত যোৱাৰ পাছত কিছুমান যিহূদীয়ে নিজৰ ভুলৰ বিষয়ে অনুভৱ কৰিব আৰু পুনৰ যিহোৱাৰ উপাসনা কৰিবলৈ ধৰিব। (যিচ. ৫৯:২০) সেইবাবে, তেওঁলোকে দাসত্বত যোৱাৰ ১০০ বছৰৰ আগতেই যিহোৱাই যিচয়াৰ যোগেদি কিছুমান ভৱিষ্যবাণী লিখুৱালে। এই ভৱিষ্যবাণীবোৰ যিচয়াৰ কিতাপত উল্লেখ আছে। যিহোৱাই এইবোৰ কিয় লিখুৱাইছিল? যিচয়াই এইদৰে লিখিছিল, “তোমালোকৰ ঈশ্বৰে কৈছে, তোমালোকে শান্ত্বনা দিয়া, মোৰ প্ৰজাবিলাকক শান্ত্বনা দিয়া।” (যিচ. ৪০:১) গতিকে যিহোৱাই নিজৰ লোকসকলক শান্ত্বনা দিব বিচাৰিছিল। আগলৈ গৈ এই কিতাপৰ পৰা বাবিলত থকা যিহূদীসকলে হয়তো বহুত সাহস পালে।
৩ এই লেখত আমি শিকিম যে যিহূদীসকলক শান্ত্বনা দিবলৈ যিহোৱাই কি কৰিলে: (১) যিহোৱাই প্ৰতিজ্ঞা কৰিলে যে অনুতাপ কৰা লোকসকলক তেওঁ ক্ষমা কৰিব, (২) তেওঁ নিজৰ লোকসকলক আশা দিলে আৰু (৩) যিহোৱাই তেওঁলোকৰ ভয় দূৰ কৰিলে। আজি আমাকো শান্ত্বনাৰ প্ৰয়োজন হয়। সেইবাবে, আমি চাম যে যিহোৱাই যিহূদীসকলৰ বাবে যিবোৰ কথা লিখুৱাইছিল, তাৰ পৰা আমি কেনেকৈ শান্ত্বনা পাব পাৰোঁ।
যিহোৱাই আমাক দয়া দেখুৱাই আৰু ক্ষমা কৰে
৪. যিহোৱাই কেনেকৈ যিহূদীসকলক দয়া দেখুৱালে? (যিচয়া ৫৫:৭)
৪ যিহোৱা “দয়ালু পিতৃ” হয়। (২ কৰি. ১:৩) তেওঁ অনুতাপ কৰা যিহূদীসকলক যিচয়াৰ যোগেদি প্ৰতিজ্ঞা কৰিলে যে তেওঁ তেওঁলোকক দয়া দেখুৱাব আৰু ক্ষমা কৰিব। (যিচয়া ৫৫:৭ পঢ়ক।) তেওঁ কʼলে, “চিৰকলীয়া মৰমেৰে মই তোমাক দয়া কৰিম।” (যিচ. ৫৪:৮) যিহোৱাই কেনেকৈ তেওঁলোকক দয়া দেখুৱালে? যিহূদীসকলে নিজৰ ভুলৰ বাবে বহু বছৰলৈকে বাবিলত বন্দী হৈ থাকিবলগীয়া হʼল, কিন্তু যিহোৱাই তেওঁলোকক প্ৰতিজ্ঞা কৰিলে যে তেওঁলোকে সদায় বন্দী হৈ নাথাকিব। (যিচ. ৪০:২) চিন্তা কৰক, অনুতাপ কৰা যিহূদীসকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে হয়তো কিমান শান্ত্বনা লাভ কৰিলে!
৫. যিহোৱাই ক্ষমা কৰে, এই কথাৰ ওপৰত বিশ্বাস কৰাৰ আমাৰ ওচৰত কি কাৰণ আছে, যি যিহূদীসকলৰ ওচৰত নাছিল?
৫ আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ? যিহোৱাই নিজৰ সেৱকসকলক হৃদয়েৰে ক্ষমা কৰে। এই কথাৰ ওপৰত বিশ্বাস কৰিবলৈ আমাৰ ওচৰত ডাঙৰ কাৰণ আছে, যি সেই যিহূদীসকলৰ ওচৰত নাছিল। আমি জানোঁ যে আমাৰ পাপ ক্ষমা কৰিবলৈ যিহোৱাই কি কৰিলে। যিচয়াই ভৱিষ্যবাণী কৰাৰ প্ৰায় ৭০০ বছৰৰ পাছত যিহোৱাই নিজৰ প্ৰিয় পুত্ৰক এই পৃথিৱীলৈ পঠিয়ালে যাতে তেওঁ আমাৰ বাবে নিজৰ জীৱন মুক্তিৰ মূল্য হিচাপে দিব পাৰে। আজি যিসকল লোকে এই মুক্তিৰ মূল্যৰ বলিদানৰ ওপৰত বিশ্বাস কৰি নিজৰ পাপ অনুতাপ কৰে, যিহোৱাই তেওঁলোকৰ পাপ সম্পূৰ্ণৰূপে “মচি” দিয়ে। (পাঁচ. ৩:১৯; যিচ. ১:১৮; ইফি. ১:৭) সঁচাকৈ, যিহোৱা বহুত দয়ালু পিতৃ হয়!
৬. যিহোৱাই আমাক ক্ষমা কৰি দিছে, এই কথা মনত ৰাখিলে আমি কেনেকৈ শান্ত্বনা লাভ কৰোঁ? (ছবিখনো চাওক।)
৬ যদি আমি কিবা ভুলৰ বাবে দোষী অনুভৱ কৰি আছোঁ, তেনেহʼলে যিচয়া ৫৫:৭ পদত লিখা কথাৰ পৰা আমি শান্ত্বনা লাভ কৰিব পাৰোঁ। হয়তো আগতে আমি কিবা ভুল কৰিছিলোঁ আৰু তাৰ বাবে অনুতাপো কৰিছিলোঁ। কিন্তু বহু বছৰৰ পাছতো আমি হয়তো সেই ভুল মনত পেলাই নিজকে দোষী অনুভৱ কৰি আছোঁ। যদি আমি এতিয়াও সেই ভুলবোৰৰ পৰিণাম ভুগি আছোঁ, তেনেহʼলে এনেধৰণৰ ভাৱনাই হয়তো আমাক আৰু বেছিকৈ দোষী অনুভৱ কৰাব পাৰে। সেই সময়ত আমি কি কৰিব পাৰোঁ? মনত ৰাখক, আমি নিজৰ ভুলবোৰ স্বীকাৰ কৰিলোঁ আৰু সঠিক পথত চলিবলৈ ধৰিছোঁ। সেইবাবে, আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই আমাক ক্ষমা কৰিলে। আনকি আমাক ক্ষমা কৰাৰ পাছত তেওঁ আমাৰ ভুলবোৰ কেতিয়াও মনত নেপেলায়। (যিৰিমিয়া ৩১:৩৪ পদৰ লগত তুলনা কৰক।) চিন্তা কৰক, যিহোৱাই আমাৰ ভুলবোৰ মনত নাৰাখে, তেনেহʼলে আমি তাক মনত পেলাই দোষী অনুভৱ কৰাটো উচিত হʼব নে? মনত ৰাখিব যিহোৱাই এয়া নাচাই যে আগতে আমি কি ভুল কৰিছিলোঁ, তাৰ পৰিৱৰ্তে তেওঁ এয়া চাই যে আমি এতিয়া কি কৰি আছোঁ। (যিহি. ৩৩:১৪-১৬) আমাৰ দয়ালু পিতৃ যিহোৱাই অতি সোনকালে আমাৰ ভুলৰ বাবে আমি যি দুখ-কষ্ট ভুগি আছোঁ, সেইবোৰ নাইকিয়া কৰিব।
যিহোৱাই এয়া নাচাই যে আগতে আমি কি ভুল কৰিছিলোঁ, তাৰ পৰিৱৰ্তে তেওঁ এয়া চাই যে আমি এতিয়া কি কৰি আছোঁ (অনুচ্ছেদ ৬ চাওক)
৭. নিজৰ গভীৰ পাপ প্ৰাচীনসকলক জনাবলৈ কিহে আমাক সহায় কৰিব?
৭ যদি আমি কিবা গভীৰ পাপ কৰিছোঁ আৰু তাক লুকুৱাই ৰখাৰ বাবে দোষী অনুভৱ কৰিছোঁ, তেনেহʼলে আমি কি কৰা উচিত? বাইবেলত কোৱা হৈছে যে আমি প্ৰাচীনসকলৰ সহায় লোৱা উচিত। (যাকো. ৫:১৪, ১৫) এয়া সঁচা যে নিজৰ পাপ স্বীকাৰ কৰাটো আমাৰ বাবে কঠিন হয়। কিন্তু এটা কথা মনত ৰাখিলে আমি এইদৰে কৰিব পাৰিম। কি কথা বাৰু? যিহোৱাই প্ৰাচীনসকলৰ যোগেদি আমাক সহায় কৰে আৰু প্ৰাচীনসকলে যিহোৱাৰ দৰে আমাক প্ৰেম কৰে আৰু আমাক দয়া দেখুৱাব বিচাৰে। যদি আমি এই কথা মনত ৰাখোঁ আৰু অন্তৰৰ পৰা অনুতাপ কৰোঁ, তেনেহʼলে আমি প্ৰাচীনসকলৰ লগত কথা পাতিবলৈ ভয় নকৰিম। আহক আমি এই বিষয়ে ভাই আৰ্থৰৰ a উদাহৰণলৈ মন কৰোঁ। তেওঁ নিজৰ ভুলৰ বাবে দোষী অনুভৱ কৰিছিল। কিন্তু যিহোৱাই তেওঁক প্ৰাচীনসকলৰ জৰিয়তে সহায় কৰিলে আৰু তেওঁক শান্ত্বনা দিলে। ভাই আৰ্থৰে এইদৰে কৈছে, “মই প্ৰায় এবছৰলৈকে পৰ্ণগ্ৰাফী চালোঁ। কিন্তু পাছত মই এটা ভাষণ শুনিলোঁ যʼত বিবেকৰ বিষয়ে বুজোৱা হৈছিল। সেই ভাষণ শুনাৰ পাছত মই মোৰ ভুল নিজৰ পত্নীৰ ওচৰত স্বীকাৰ কৰিলোঁ আৰু ইয়াৰ বিষয়ে প্ৰাচীনসকলকো জনালোঁ। ইয়াৰ পাছত মোৰ এনে লাগিল যেন মোৰ মনৰ পৰা গধুৰ বোজা আঁতৰি গʼল। মই বৰ শান্তি অনুভৱ কৰিলোঁ। মই অনুতাপ কৰিছিলোঁ, কিন্তু মোৰ মনে এতিয়াও মোক দোষী অনুভৱ কৰাই আছিল। তেতিয়া প্ৰাচীনসকলে মোক আশ্বাস দিলে যে যিহোৱা মোৰ লগত আছে আৰু তেওঁ মোক এৰি দিয়া নাই। যিহোৱাই মোক প্ৰেম কৰে, সেইবাবে মোক শুধৰাইছে। তেওঁলোকে মৰমেৰে কোৱা কথা মোৰ হৃদয় স্পৰ্শ কৰিলে আৰু মই নিজৰ চিন্তাধাৰা শুধৰণি কৰিব পাৰিলোঁ।” আজি ভাই আৰ্থৰ এজন অগ্ৰগামী সেৱক আৰু সহায়ক সেৱকহিচাপে সেৱা কৰি আছে। যদি আমি অনুতাপ কৰোঁ, তেনেহʼলে যিহোৱাই আমাক দয়া দেখুৱাই আৰু ক্ষমা কৰে। এয়া জানি আমি সঁচাকৈ বহুত শান্ত্বনা লাভ কৰোঁ।
যিহোৱাই আমাক আশা দিছে
৮. (ক) বাবিলত থকা যিহূদীসকলক যিহোৱাই কি আশা দিছিল? (খ) যেতিয়া অনুতাপ কৰা যিহূদীসকলে এই আশা পালে, তেতিয়া তেওঁলোকৰ কেনে লাগিছিল? (যিচয়া ৪০:২৯-৩১)
৮ বাবিলৰ বন্দীৰ পৰা ওলাই অহাটো যিহূদীসকলৰ বাবে অসম্ভৱ আছিল। কিয় বাৰু? কাৰণ বাবিল সেই সময়ৰ বিশ্ব শক্তি আছিল আৰু তেওঁ কেতিয়াও নিজৰ বন্দীসকলক এৰি দিয়া নাছিল। (যিচ. ১৪:১৭) কিন্তু যিহোৱাই নিজৰ লোকসকলক এটা আশা দিলে। তেওঁ প্ৰতিজ্ঞা কৰিলে যে তেওঁ যিহূদীসকলক তাৰ পৰা উলিয়াই আনিব আৰু পৃথিৱীৰ কোনো শক্তিয়ে যিহোৱাক এইদৰে কৰিবলৈ বাধা দিব নোৱাৰিব। (যিচ. ৪৪:২৬; ৫৫:১২) বাবিলৰ লোকসকল যিহোৱাৰ আগত টেবুলত পৰি থকা ধূলিৰ দৰে আছিল। (যিচ. ৪০:১৫) বতাহ পালে ধূলি যেনেকৈ সহজতে উৰি যায়, ঠিক সেইদৰে যিহোৱাই সহজতে তেওঁলোকক শেষ কৰিব পাৰে। যিহোৱাৰ প্ৰতিজ্ঞা শুনি যিহূদীসকলৰ কেনে লাগিছিল? তেওঁলোকে নিশ্চয় শান্ত্বনা লাভ কৰিছিল। ইয়াৰ উপৰিও যিচয়াই লিখিলে, “যিবিলাকে যিহোৱালৈ অপেক্ষা কৰে, তেওঁবিলাকে নতুন নতুন বল পাব।” (যিচয়া ৪০:২৯-৩১ পঢ়ক।) যিহোৱাই যি আশা দিছিল, তাৰ বাবে যিহূদীসকলে উৎসাহেৰে ভৰি পৰিছিল। এতিয়া তেওঁলোকে ‘কুৰৰ পক্ষীৰ দৰে ওপৰলৈ উৰিব’ পাৰে।
৯. যিহূদীসকলে যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত কিয় ভৰসা কৰিব পাৰিলেহেঁতেন?
৯ যিহোৱাই বাবিলত থকা যিহূদীসকলক তেওঁৰ ভৱিষ্যবাণীৰ ওপৰত ভৰসা কৰিবলৈ কাৰণো দিলে। চিন্তা কৰক, যিহূদীসকলে কিমান ভৱিষ্যবাণী পূৰ হোৱাটো দেখিছিল। তেওঁলোকে দেখিছিল যে অচূৰীয়াসকলে ইস্ৰায়েলৰ উত্তৰৰ ৰাজ্যৰ ওপৰত আক্ৰমণ কৰি তাৰ লোকসকলক বন্দী বনাই লৈ গৈছিল। (যিচ. ৮:৪) তেওঁলোকে নিজ চকুৰে দেখিছিল যে বাবিলৰ লোকসকলে কেনেকৈ তেওঁলোকৰ চহৰ যিৰূচালেমৰ ওপৰত আক্ৰমণ কৰি তেওঁলোকক বন্দী বনাই নিজৰ দেশলৈ লৈ গৈছিল। (যিচ. ৩৯:৫-৭) তেওঁলোকে এয়াও দেখিছিল যে ৰজা চিদিকিয়াৰ চকু উলিয়াই তেওঁক বন্দী বনাই বাবিললৈ লৈ যোৱা হৈছিল। (যিৰি. ৩৯:৭; যিহি. ১২:১২, ১৩) এই সকলো কথা যিহোৱাই আগতেই জনাইছিল আৰু ঠিক সেইদৰেই হʼল। (যিচ. ৪২:৯; ৪৬:১০) ইয়াৰ পৰা যিহূদীসকলৰ নিশ্চয় বিশ্বাস মজবুত হৈছিল আৰু তেওঁলোকৰ ভৰসা বাঢ়িল যে যিহোৱাই তেওঁলোকক বন্দীৰ পৰা মুকলি কৰিবলৈ যি প্ৰতিজ্ঞা কৰিছে, সেয়া নিশ্চয় পূৰ হʼব।
১০. এই শেষ সময়ছোৱাত আমাৰ আশা স্পষ্টকৈ দেখা পাবলৈ আমি কি কৰিব পাৰোঁ?
১০ আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ? যেতিয়া আমি নিৰাশ হওঁ, তেতিয়া যিহোৱাৰ পৰা পোৱা আশাই আমাক শান্ত্বনা দিব পাৰে আৰু এই আশাই আমাক উৎসাহিত কৰিব পাৰে। শেষ কালৰ শেষ সময়ছোৱাত আমাক বহুতো শত্ৰুৰ সন্মুখীন হʼবলগীয়া হয়। কিন্তু আমাক ভয় কৰা বা নিৰাশ হোৱাৰ কোনো প্ৰয়োজন নাই। যিহোৱাই আমাক এটা সুন্দৰ আশা দিছে। তেওঁ প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক অনন্ত জীৱন দিব আৰু এনে পৰিৱেশ আনিব, যʼত প্ৰকৃত শান্তি আৰু সুৰক্ষা থাকিব। আমি এই আশা মনত ৰাখিব পাৰোঁ। যদি আমি এইদৰে কৰিব নোৱাৰোঁ, তেনেহʼলে এয়া এনে হʼব যেন আমাৰ খিৰিকীৰ পৰা যি সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায়, সেয়া আমি স্পষ্টকৈ চাব পৰা নাই। কিয় বাৰু? কাৰণ আমাৰ খিৰিকীৰ গ্লাছখন ধূলিৰ বাবে লেতেৰা হৈ পৰিছে। আমি এই ‘ধূলি’ কেনেকৈ চাফা কৰিব পাৰোঁ যাতে আমি নিজৰ আশা স্পষ্টকৈ চাব পাৰোঁ? নতুন পৃথিৱীত আমাৰ জীৱন কেনেকুৱা হʼব, তাৰ বিষয়ে প্ৰতিদিনে সময় উলিয়াই চিন্তা কৰক। আমাৰ সুন্দৰ আশাৰ বিষয়ে বহুতো লেখ আছে, সেইবোৰ পঢ়ক। যিবোৰ ভিডিঅʼ আছে, সেইবোৰ চাওক আৰু যিবোৰ গান আছে, সেইবোৰ শুনক। ইয়াৰ উপৰিও আপুনি প্ৰাৰ্থনাত যিহোৱাক জনাওক যে আপুনি তেওঁৰ প্ৰতিজ্ঞা পূৰ হোৱাটো চাবলৈ আগ্ৰহেৰে বাট চাই আছে। এইদৰে কৰিলে আমাৰ আশা সদায় স্পষ্ট হৈ থাকিব।
১১. ভনী জয়াই নিজৰ বেমাৰৰ লগত যুঁজিবলৈ কেনেকৈ শক্তি পালে?
১১ ভনী জয়াৰ অনুভৱলৈ মন কৰক। ভনীৰ এটা ডাঙৰ বেমাৰ আছে। কিন্তু নিজৰ আশাৰ বিষয়ে চিন্তা কৰাৰ বাবে তাই শান্ত্বনা আৰু সাহস লাভ কৰে। তাই এইদৰে কৈছে, “যেতিয়া মই চিন্তিত হওঁ, তেতিয়া মই নিজৰ মনৰ সকলো কথা যিহোৱাক জনাওঁ। মই জানোঁ যে তেওঁ মোক ভালদৰে বুজি পায়। তেওঁ মোৰ প্ৰাৰ্থনাৰ উত্তৰো দিয়ে। তেওঁ মোক ‘সেই শক্তি দিছে, যি মানুহৰ সাধাৰণ শক্তিতকৈ বহুগুণে শ্ৰেষ্ঠ।’” (২ কৰি. ৪:৭) প্ৰাৰ্থনাৰ উপৰিও ভনী জয়াই আৰু কিছুমান কাম কৰে। তাই নতুন পৃথিৱীৰ বিষয়ে কল্পনা কৰে আৰু নিজকে তাত ৰাখি চিন্তা কৰে। তাই চিন্তা কৰে যে সেই সময়ত কিমান সুন্দৰ পৰিৱেশ হʼব, “মই নৰিয়া” বুলি কোনেও নকʼব। (যিচ. ৩৩:২৪) ভনীৰ দৰে যদি আমিও যিহোৱাক নিজৰ মনৰ কথা খুলি কওঁ আৰু নিজৰ আশাৰ বিষয়ে চিন্তা কৰোঁ, তেনেহʼলে যিহোৱাই আমাৰো উৎসাহ বঢ়াই দিব।
১২. যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰিবলৈ আমাৰ ওচৰত কি কাৰণ আছে? (ছবিখনো চাওক।)
১২ যিহোৱাই তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰিবলৈ বাবিলত থকা যিহূদীসকলক বহুতো কাৰণ দিছিল। তেওঁ আজি আমাকো বহুতো কাৰণ দিছে। চিন্তা কৰক, আমি কি কি ভৱিষ্যবাণী পূৰ হোৱাটো চাবলৈ পাইছোঁ। আজি আমাৰ সময়ত সেই বিশ্ব শক্তিয়ে শাসন কৰি আছে, যি এটা দিশত “দৃঢ়” আৰু আনটো দিশত “সহজে ভাঙি পৰা।” (দানি. ২:৪২, ৪৩) আমি এটাৰ পাছত এটা বহুতো ঠাইত ‘ভূমিকম্প হোৱা’ দেখিবলৈ পাইছোঁ। আমি নিজ চকুৰে দেখিবলৈ পাইছোঁ যে “গোটেই জগতত” শুভবাৰ্তা প্ৰচাৰ কৰা হৈছে। (মথি ২৪:৭, ১৪) এই ভৱিষ্যবাণী আৰু আন ভৱিষ্যবাণীবোৰৰ পৰা যিহোৱাৰ ওপৰত আমাৰ সম্পূৰ্ণ ভৰসা হয় যে তেওঁ নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিব।
আজি আমি যিবোৰ ভৱিষ্যবাণী পূৰ হোৱাটো চাই আছোঁ, তাৰ পৰা আমি যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰাৰ কাৰণ পাওঁ (অনুচ্ছেদ ১২ চাওক)
যিহোৱাই আমাৰ ভয় দূৰ কৰে
১৩. (ক) যিহূদীসকলে দাসত্বৰ পৰা ওলাই অহাৰ আগতে কি সমস্যাৰ সন্মুখীন হৈছিল? (খ) যিহোৱাই বাবিলত থকা যিহূদীসকলক কেনেকৈ শান্ত্বনা দিছিল? (যিচয়া ৪১:১০-১৩)
১৩ যিহোৱাই জানিছিল যে তেওঁ যিহূদীসকলক যি আশা দিছে, তাৰ পৰা তেওঁলোকে শান্ত্বনা লাভ কৰিব। কিন্তু তেওঁ এয়াও জানিছিল যে যেতিয়া তেওঁলোকৰ দাসত্বৰ পৰা ওলাই অহাৰ সময় কাষ চাপিব, তেতিয়া তেওঁলোকে সমস্যাবোৰৰ সন্মুখীন হʼব লাগিব। যিহোৱাই ভৱিষ্যবাণী কৰিছিল যে দাসত্বৰ পৰা ওলাই অহাৰ কিছু সময়ৰ আগতে, এজন ৰজাই ওচৰে-পাজৰে থকা দেশবোৰক ধ্বংস কৰিব আৰু তাৰ পাছত বাবিলৰ ওপৰতো আক্ৰমণ কৰিব। (যিচ. ৪১:২-৫) কিন্তু যিহূদীসকলেও ভয় কৰাৰ প্ৰয়োজন আছিল নে? নহয়। যিহোৱাই নিজৰ লোকসকলক শান্ত্বনা দিব বুলি আগতেই প্ৰতিজ্ঞা কৰিছিল। তেওঁ এইদৰে কৈছিল, “ভয় নকৰিবা, কিয়নো মই তোমাৰ লগতে আছোঁ; ব্যাকুল নহবা, কিয়নো মই তোমাৰেই ঈশ্বৰ।” (যিচয়া ৪১:১০-১৩ পঢ়ক।) যিহোৱাই এয়া কিয় কৈছিল যে ‘মই তোমাৰেই ঈশ্বৰ?’ যিহোৱাই তেওঁলোকক এয়া কোৱা নাছিল যে যিহোৱা তেওঁলোকৰ ঈশ্বৰ হয় আৰু তেওঁলোকে কেৱল যিহোৱাৰহে উপাসনা কৰা উচিত। কাৰণ এই কথা যিহূদীসকলে জানিছিল। ইয়াৰ পৰিৱৰ্তে যিহোৱাই তেওঁলোকক মনত পেলাই দিছিল যে তেওঁ এতিয়াও যিহূদীসকলৰ লগত আছে।—গীত. ১১৮:৬.
১৪. নিজৰ লোকসকলৰ ভয় দূৰ কৰিবলৈ যিহোৱাই তেওঁলোকক আৰু কি মনত পেলাই দিলে?
১৪ নিজৰ লোকসকলৰ ভয় দূৰ কৰিবলৈ যিহোৱাই তেওঁলোকক মনত পেলাই দিলে যে তেওঁৰ ওচৰত বহুত শক্তি আছে আৰু তেওঁ সকলোবোৰ জানে। তেওঁ যিহূদীসকলক তৰাৰে ভৰা আকাশলৈ চাবলৈ কʼলে। পাছত যিহোৱাই তেওঁলোকক জনালে যে তেওঁ কেৱল অগণ্য তৰাবোৰ সৃষ্টি কৰিছে এনে নহয়, তেওঁ প্ৰতিটো তৰাৰ নামো জানে। (যিচ. ৪০:২৫-২৮) যদি যিহোৱাই অগণ্য তৰাবোৰৰ নাম জানে, তেনেহʼলে তেওঁ নিজৰ সেৱকসকলক পাহৰি যাব নে? কেতিয়াও নাপাহৰে। তেওঁ নিজৰ প্ৰতিজন সেৱকৰ বিষয়ে জানে। যদি যিহোৱাৰ ওচৰত অগণ্য তৰাবোৰক সৃষ্টি কৰাৰ শক্তি আছে, তেনেহʼলে তেওঁ নিজৰ সেৱকসকলক সহায় নকৰিব নে? সঁচাকৈ, বাবিলত থকা যিহূদীসকলৰ ওচৰত ভয় কৰাৰ কোনো কাৰণ নাছিল।
১৫. যিহোৱাই নিজৰ লোকসকলক আহিবলগীয়া সময়ৰ বাবে কেনেকৈ সাজু কৰিলে?
১৫ যিহোৱাই নিজৰ লোকসকলক আহিবলগীয়া সময়ৰ বাবে সাজু কৰিলে। যিচয়া কিতাপৰ আৰম্ভণিৰ অধ্যায়ত যিহোৱাই নিজৰ লোকসকলক এইদৰে কৈছিল, “যোৱা, তোমাৰ কোঁঠালিত সোমোৱা, আৰু চাৰিওফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেকমান লুকাই থাকা।” (যিচ. ২৬:২০) এই ভৱিষ্যবাণীৰ কিছু অংশ ৰজা কোৰচে যেতিয়া বাবিলত আক্ৰমণ কৰিছিল, সেই সময়ত পূৰ হৈছিল। পুৰণি সময়ৰ এজন গ্ৰীক ইতিহাসবিদে কৈছিল যে যেতিয়া কোৰচে বাবিলত সোমাইছিল, তেতিয়া তেওঁ “[নিজৰ সৈনিকসকলক] আদেশ দিছিল যে যিসকলক বাহিৰত পাবা, তেওঁলোকক মাৰি পেলাবা।” চিন্তা কৰক, বাবিলৰ লোকসকল কিমান ভয়ত আছিল! কিন্তু যিহূদীসকলৰ বিষয়েনো কি? তেওঁলোকে যিহোৱাৰ কথা শুনিলে আৰু নিজৰ ঘৰতে থাকিল। সেইবাবে, হয়তো তেওঁলোকে নিজৰ জীৱন বচাব পাৰিলে।
১৬. আগলৈ যিবোৰ ঘটনা ঘটিব, তাৰ বিষয়ে চিন্তা কৰি আমি কিয় ভয় নকৰিম? (ছবিখনো চাওক।)
১৬ আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ? অতি সোনকালে আমি এনে এটা মহা সংকটৰ সন্মুখীন হʼবলগীয়া আছে, যিদৰে কেতিয়াও হোৱা নাই। যেতিয়া এই সংকট আৰম্ভ হʼব, তেতিয়া লোকসকলে ভয় খাব আৰু তেওঁলোকে কি কৰিব বুজি নাপাব। কিন্তু যিহোৱাৰ লোকসকলৰ বিষয়েনো কি? সেই সময়ত আমি ভয় নকৰিম। কাৰণ আমাৰ সম্পূৰ্ণ ভৰসা থাকিব যে যিহোৱা আমাৰ ঈশ্বৰ হয় আৰু তেওঁ আমাৰ লগত আছে। আমি সম্পূৰ্ণ বিশ্বাসেৰে থিয় হৈ থাকিম। কাৰণ আমি জানোঁ যে “[আমাৰ] উদ্ধাৰ পোৱাৰ সময় ওচৰ চাপিছেহি।” (লূক ২১:২৮) ইয়াৰ উপৰিও, যেতিয়া ৰাষ্ট্ৰৰ সমূহে আমাৰ ওপৰত আক্ৰমণ কৰিব, তেতিয়াও আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখিম আৰু বিশ্বাসী হৈ থাকিম। সেই সময়ত যিহোৱাই নিজৰ স্বৰ্গদূতসকলৰ যোগেদি আমাক সুৰক্ষা দিব। তেওঁ আমাক প্ৰয়োজনীয় নিৰ্দেশনাবোৰ দিব। সেই নিৰ্দেশনাবোৰ আমি কেনেকৈ পাম? এয়া জানিবলৈ আমি অপেক্ষা কৰিব লাগিব। কিন্তু এনে লাগে যেন আমি সেই নিৰ্দেশনাবোৰ মণ্ডলীৰ জৰিয়তে পাম। হয়তো এই মণ্ডলীবোৰেই ভিতৰৰ ‘কোঁঠালি’ হয়, যʼত আমি সুৰক্ষিত হৈ থাকিম। আগলৈ যিবোৰ ঘটনা ঘটিব তাৰ বাবে আমি কেনেকৈ সাজু হৈ থাকিব পাৰিম? আমি এতিয়াৰে পৰা ভাই-ভনীসকলৰ লগত আমাৰ সম্পৰ্ক মজবুত কৰিব লাগিব, যিহোৱাৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনাবোৰ মানিব লাগিব আৰু বিশ্বাস কৰিব লাগিব যে যিহোৱাই এই সংগঠনক চলাই আছে।—ইব্ৰী ১০:২৪, ২৫; ১৩:১৭.
যিহোৱা সকলোতকৈ শক্তিশালী আৰু তেওঁ সমস্যাবোৰৰ পৰা আমাক বচাব পাৰে। ইয়াৰ বিষয়ে চিন্তা কৰিলে আমি মহা সংকটৰ সময়ত ভয় নকৰিম (অনুচ্ছেদ ১৬ চাওক)b
১৭. যিহোৱাৰ পৰা শান্ত্বনা পাবলৈ আপুনি কি কৰিব পাৰে?
১৭ বাবিলত যিহূদীসকলৰ জীৱন সহজ নাছিল আৰু তেওঁলোকে নিৰাশাত আছিল। কিন্তু যিহোৱাই তেওঁলোকক শান্ত্বনা দিলে আৰু তেওঁ আমাকো শান্ত্বনা দিব। সেইবাবে, এয়া চিন্তা নকৰিব যে কালিলৈ কি হʼব, তাৰ পৰিৱৰ্তে যিহোৱাৰ ওপৰত ভৰসা ৰাখক। বিশ্বাস ৰাখক যে তেওঁ আমাক দয়া দেখুৱাব আৰু ক্ষমা কৰিব। তেওঁ আমাক যি আশা দিছে, সেই আশা স্পষ্ট কৰি ৰাখক। মনত ৰাখিব যিহোৱা আপোনাৰ ঈশ্বৰ হয় আৰু আপুনি ভয় কৰাৰ কোনো প্ৰয়োজন নাই।
গীত নং ৩৮ তেওঁ তোমাক শক্তি দিব
a কিছুমান নাম সলনি কৰা হৈছে।
b ছবিৰ বিষয়: কিছুমান ভাই-ভনী এটা কোঠালিত একগোট হৈছে। তেওঁলোকৰ ভৰসা আছে যে যিহোৱা বৰ শক্তিশালী আৰু যিহোৱাৰ সেৱকসকল যʼতেই নাথাকক কিয়, তেওঁ তেওঁলোকক সকলো সমস্যাৰ পৰা বচাব পাৰে।