অধ্যয়নৰ লেখ ২১
গীত নং ২১ ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া
সেই চহৰৰ কাৰণে অপেক্ষা কৰক, যি সদায় থাকিব
“আমি সেই চহৰৰ কাৰণে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ, যি আহিবলগীয়া আছে।”—ইব্ৰী ১৩:১৪.
কি শিকিম?
ইব্ৰী ১৩ অধ্যায়ত লিখা কথা পালন কৰিলে, আজি আৰু আহিবলগীয়া সময়ত আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?
১. যীচুৱে যিৰূচালেম চহৰৰ বিষয়ে কি ভৱিষ্যবাণী কৰিছিল?
যীচু খ্ৰীষ্টই নিজৰ মৃত্যুৰ কিছু দিনৰ আগতে যিৰূচালেম চহৰ আৰু মন্দিৰৰ বিষয়ে এটা ভৱিষ্যবাণী কৰিছিল। তেওঁ শিষ্যসকলক কৈছিল যে ‘যিৰূচালেমক সৈন্যসকলে আগুৰি ধৰিব।’ (লূক ২১:২০) এই ভৱিষ্যবাণী প্ৰথম শতিকাত পূৰ হৈছিল, যেতিয়া ৰোমান সৈনিকসকলে যিৰূচালেম চহৰক আগুৰি ধৰিছিল। যীচুৱে নিজৰ শিষ্যসকলক আগতীয়াকৈ জনাইছিল যে এনে পৰিস্থিতিত তেওঁলোকে লগে লগে সেই এলেকা এৰি পলাই যাব লাগিব।—লূক ২১:২১, ২২.
২. পাঁচনি পৌলে যিহূদিয়া আৰু যিৰূচালেমৰ খ্ৰীষ্টানসকলক কি পৰামৰ্শ দিছিল?
২ ৰোমান সৈনিক অহাৰ কিছু বছৰৰ আগতে পাঁচনি পৌলে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকললৈ এখন গুৰুত্বপূৰ্ণ চিঠি লিখিছিল। সেই চিঠিখন হৈছে ইব্ৰী কিতাপ। পৌলে সেই চিঠিত যিহূদিয়া আৰু যিৰূচালেমৰ খ্ৰীষ্টানসকলক গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছিল যাতে তেওঁলোকে আহিবলগীয়া সময়ৰ বাবে নিজকে সাজু কৰি ৰাখিব পাৰে। আগলৈ কি হʼবলগীয়া আছিল? অতি সোনকালে যিৰূচালেম নাশ হʼবলগীয়া আছিল। পৌলে এইদৰে লিখিছিল, “আমাৰ ইয়াত এনে চহৰ নাই, যি সদায় থাকিব, ইয়াৰ পৰিৱৰ্তে আমি সেই চহৰৰ কাৰণে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ, যি আহিবলগীয়া আছে।” (ইব্ৰী ১৩:১৪) সেইবাবে, যদি খ্ৰীষ্টানসকলে আহিবলগীয়া বিনাশৰ পৰা বাচিব বিচাৰে, তেনেহʼলে তেওঁলোকে নিজৰ ঘৰ আৰু ব্যৱসায় এৰিবলৈ সাজু থাকিব লাগিছিল।
৩. সেই “চহৰ” কি হয়, “যি আহিবলগীয়া আছে” আৰু আমি কিয় তাৰ অপেক্ষা কৰি আছোঁ?
৩ যেতিয়া যিহূদিয়া আৰু যিৰূচালেমৰ খ্ৰীষ্টানসকলে সকলো বস্তু এৰি যাবলৈ নিৰ্ণয় লৈছিল, তেতিয়া হয়তো লোকসকলে তেওঁলোকক ঠাট্টা কৰিছিল আৰু বেয়াকৈ কৈছিল। কিন্তু এই নিৰ্ণয়ৰ বাবে তেওঁলোকৰ জীৱন বাচিলে। আজিও লোকসকলে আমাক ঠাট্টা কৰে। কাৰণ আমি আৰামদায়ক জীৱন-যাপন কৰিবলৈ বস্তুবোৰ গোটোৱাত ব্যস্ত নাথাকোঁ। আমি এয়াও বিশ্বাস নকৰোঁ যে লোকসকলে মানৱজাতিৰ সকলে সমস্যা সমাধান কৰিব পাৰে। আমি জানোঁ যে অতি সোনকালে এই জগত ধ্বংস হʼবলগীয়া আছে। সেইবাবে, আমি সেই “চহৰৰ” বাট চাই আছোঁ, “যি প্ৰকৃত ভিত্তিৰ ওপৰত আছে” অৰ্থাৎ ঈশ্বৰৰ ৰাজ্য “যি আহিবলগীয়া আছে।” এই ৰাজ্যৰ জৰিয়তে মানুহৰ সকলো সমস্যা সমাধান কৰা হʼব।a (ইব্ৰী ১১:১০; মথি ৬:৩৩) এই লেখৰ প্ৰতিটো উপশীৰ্ষকত আমি তিনিটা প্ৰশ্নৰ উত্তৰ পাম: (১) পৌলে ঈশ্বৰৰ প্ৰেৰণাৰে খ্ৰীষ্টানসকলক যি পৰামৰ্শ দিছিল, তাৰ পৰা তেওঁলোকে আহিবলগীয়া চহৰৰ বাবে কেনেকৈ অপেক্ষা কৰিব পাৰিলে? (২) পৌলে কেনেকৈ তেওঁলোকক আহিবলগীয়া ঘটনাবোৰৰ বাবে সাজু কৰিলে? আৰু (৩) পৌলৰ পৰামৰ্শৰ পৰা আজি আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?
যিহোৱাৰ ওপৰত ভৰসা ৰাখক, তেওঁ আপোনাক কেতিয়াও নেৰিব!
৪. যিৰূচালেম চহৰ খ্ৰীষ্টানসকলৰ বাবে কিয় বহুত বিশেষ আছিল?
৪ প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ বাবে যিৰূচালেম বহুত বিশেষ আছিল। কাৰণ ৩৩ খ্ৰীষ্টাব্দত তাত খ্ৰীষ্টান মণ্ডলীৰ আৰম্ভ হৈছিল আৰু প্ৰশাসন গোষ্ঠীও তাতে আছিল। ইয়াৰ উপৰিও বহুতো খ্ৰীষ্টানৰ তাত নিজৰ ঘৰ আছিল আৰু তেওঁলোকে বহুতো বস্তু গোটাই থৈছিল। কিন্তু যীচুৱে নিজৰ শিষ্যসকলক আগতীয়াকৈ কৈছিল যে তেওঁলোকে কেৱল যিৰূচালেম নহয়, গোটেই যিহূদিয়া এলেকা এৰি পলাব লাগিব।—মথি ২৪:১৬.
৫. পাঁচনি পৌলে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক আহিবলগীয়া সময়ৰ বাবে কেনেকৈ সাজু কৰিলে?
৫ পৌলে খ্ৰীষ্টানসকলক আগতীয়াকৈ সাজু কৰিব বিচাৰিছিল, যাতে সঠিক সময়ত তেওঁলোকে যিৰূচালেম চহৰ এৰি পলাব পাৰে। সেইবাবে, পৌলে তেওঁলোকক বুজালে যে যিৰূচালেম চহৰৰ বিষয়ে যিহোৱাৰ চিন্তাধাৰা কি। তেওঁ খ্ৰীষ্টানসকলক জনাইছিল যে যিৰূচালেম মন্দিৰ আৰু তাত উৎসৰ্গ কৰা বলিদান এতিয়া যিহোৱাৰ দৃষ্টিত পবিত্ৰ নহয় আৰু তাত সেৱা কৰা পুৰোহিতসকলৰ ওপৰতো যিহোৱাৰ অনুমোদন নাই। (ইব্ৰী ৮:১৩) এই চহৰৰ বেছিভাগ লোকে মচীহক অস্বীকাৰ কৰিছিল। সেইবাবে, যিৰূচালেম মন্দিৰ এতিয়া যিহোৱাৰ উপাসনাৰ বাবে এক বিশেষ ঠাই নাছিল আৰু অতি সোনকালে তাৰ ধ্বংস হʼবলগীয়া আছিল।—লূক ১৩:৩৪, ৩৫.
৬. ইব্ৰী ১৩:৫, ৬ পদত দিয়া পৌলৰ পৰামৰ্শ সেই সময়ৰ খ্ৰীষ্টানসকলৰ বাবে কিয় গুৰুত্বপূৰ্ণ আছিল?
৬ পৌলে যেতিয়া ইব্ৰী খ্ৰীষ্টানসকললৈ চিঠি লিখিছিল, তেতিয়া যিৰূচালেম এক উন্নত চহৰ আছিল। সেই সময়ৰ এজন ৰোমান সৈনিকে এইদৰে কৈছিল, “যিৰূচালেম পূব দেশবোৰৰ আটাইতকৈ বিখ্যাত চহৰ আছিল।” বেলেগে বেলেগ দেশত থকা যিহূদীসকলে বছৰত তিনিবাৰ যিৰূচালেমত উৎসৱ উদযাপন কৰিবলৈ আহিছিল যাৰ বাবে সেই চহৰখন বহুতো টকা উপাৰ্জন কৰিব পাৰিছিল আৰু তাত থকা কিছুমান খ্ৰীষ্টানেও বহুত টকা উপাৰ্জন কৰি আছিল। হয়তো ইয়াৰ বাবেই পাঁচনি পৌলে তাত থকা খ্ৰীষ্টানসকলক এইদৰে কৈছিল, “তোমালোকৰ জীৱন-প্ৰণালীয়ে দেখুৱাওক যে টকা-পইচাৰ প্ৰতি তোমালোকৰ প্ৰেম নাই আৰু তোমালোকৰ ওচৰত যি আছে, তাতে সন্তুষ্ট হৈ থাকা।” ইয়াৰ লগতে তেওঁ যিহোৱাৰ এই প্ৰতিজ্ঞাও মনত পেলাই দিছিল, “মই তোমালোকক কেতিয়াও নেৰিম আৰু কেতিয়াও ত্যাগ নকৰিম।” (ইব্ৰী ১৩:৫, ৬ পঢ়ক; দ্বিতী. ৩১:৬; গীত. ১১৮:৬) যিৰূচালেম আৰু যিহূদিয়াত থকা খ্ৰীষ্টানসকলক এই কথা মনত পেলাই দিয়াটো কিয় ইমান গুৰুত্বপূৰ্ণ আছিল? কাৰণ এই চিঠি পোৱাৰ কিছু সময়ৰ পাছত তেওঁলোকক নিজৰ ঘৰ, ব্যৱসায় আৰু নিজৰ সকলো বস্তু এৰি পলাবলগীয়া হʼল আৰু এখন নতুন ঠাইত গৈ নতুনকৈ জীৱন-যাপন আৰম্ভ কৰিবলগীয়া হʼল।
৭. আমি এতিয়াৰে পৰা যিহোৱাৰ ওপৰত কিয় নিজৰ ভৰসা বঢ়োৱা উচিত?
৭ শিক্ষা: অতি সোনকালে “মহা-সংকট” আৰম্ভ হʼব আৰু এই দুষ্ট জগতক ধ্বংস কৰা হʼব। (মথি ২৪:২১) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ দৰে আজি আমিও জাগি থকা উচিত আৰু সাজু হৈ থকা উচিত। (লূক ২১:৩৪-৩৬) মহা-সংকটৰ সময়ত আমি হয়তো আমাৰ কিছুমান বস্তু বা সকলো বস্তু এৰি পলাবলগীয়া হʼব। তেতিয়া আমিও যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিব লাগিব যে তেওঁ আমাক নেৰিব। কিন্তু মহা-সংকট আৰম্ভ হোৱাৰ আগতেও আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিব লাগিব। সেইবাবে, আমি নিজকে এইদৰে সোধা উচিত, ‘মোৰ নিৰ্ণয়ৰ পৰা আৰু মই ভৱিষ্যৰ বিষয়ে যি চিন্তাধাৰা ৰাখোঁ, তাৰ পৰা কি জানিব পাৰি? মই ধন-সম্পত্তি নে সেইজন ঈশ্বৰৰ ওপৰত ভৰসা কৰোঁ, যিজনে প্ৰতিজ্ঞা কৰিছে যে তেওঁ মোক কেতিয়াও নেৰিব?’ (১ তীম. ৬:১৭) যদি আমি প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ উদাহৰণৰ ওপৰত ধ্যান দিওঁ, তেনেহʼলে “মহা-সংকটৰ” সময়ছোৱাত আমি নিশ্চয় বিশ্বাসী হৈ থাকিব পাৰিম। কিন্তু এয়া এনে এক কঠিন সময় হʼব, যি কেতিয়াও হোৱা নাই। সেই সময়ত আমি কি কৰিব লাগিব, সেয়া আমি কেনেকৈ জানিব পাৰিম?
নেতৃত্ব লোৱা ভাইসকলৰ আজ্ঞা পালন কৰক
৮. যীচুৱে নিজৰ শিষ্যসকলক কি পৰামৰ্শ দিছিল?
৮ পাঁচনি পৌলৰ চিঠি পোৱাৰ কিছু বছৰৰ পাছত যেতিয়া ইব্ৰী খ্ৰীষ্টানসকলে চালে যে ৰোমান সৈনিকসকলে আহি যিৰূচালেমক আগুৰি ধৰিছে, তেতিয়া তেওঁলোকে বুজি পালে যে তেওঁলোকৰ পলাবলৈ সময় আহি পৰিছে আৰু যিৰূচালেম চহৰখন ধ্বংস হʼব। (মথি ২৪:৩; লূক ২১:২০, ২৪) তেওঁলোকে কʼত পলাব লাগিছিল? যীচুৱে কেৱল এয়া কৈছিল যে “যিসকলে যিহূদিয়াত আছে, তেওঁলোকে পাহাৰৰ ফালে পলাবলৈ আৰম্ভ কৰক।” (লূক ২১:২১) কিন্তু সেই এলেকাত বহুতো পাহাৰ আছিল, গতিকে তেওঁলোকে কোনখন পাহাৰলৈ পলালেহেঁতেন?
৯. খ্ৰীষ্টানসকলে কোনখন পাহাৰৰ ফালে পলাব লাগিব, তাৰ বিষয়ে ভাবি তেওঁলোকে হয়তো কিয় চিন্তিত হৈছিল? (মানচিত্ৰখনো চাওক।)
৯ মন কৰক তাৰ ওচৰে-পাজৰে বহুতো পাহাৰ আছিল। যেনে: চমৰীয়াৰ পাহাৰ, গালীলৰ পাহাৰ, হৰ্মোণ পৰ্ব্বত আৰু লবানোন পৰ্ব্বতমালা। ইয়াৰ উপৰিও যৰ্দ্দন নদীৰ সিপাৰেও বহুতো পাহাৰ আছিল। (মানচিত্ৰখন চাওক।) এই পাহাৰবোৰত থকা কিছুমান চহৰত যোৱাটো সুৰক্ষিত হʼব বুলি হয়তো কিছুমানে ভাবিছিল। যেনে, গামলা চহৰ বহুত ওখ ঠাইত অৱস্থিত আছিল আৰু তাত গৈ পোৱাটো বহুত কঠিন আছিল। সেইবাবে, এই চহৰত লুকাই থকাটো ভাল হʼব বুলি হয়তো কিছুমান যিহূদীয়ে ভাবিছিল। কিন্তু আগলৈ গৈ যিহূদিয়া আৰু ৰোমান সৈনিকৰ মাজত ভয়ানক যুদ্ধ হয় যাৰ বাবে তাত থকা বহুতো লোকৰ মৃত্যু হয়।b
এনে বহুতো পাহাৰ আছিল যʼত খ্ৰীষ্টানসকলে পলাই যাব পাৰিলেহেঁতেন, কিন্তু সকলো পাহাৰ সুৰক্ষিত নাছিল (অনুচ্ছেদ ৯ চাওক)
১০-১১. (ক) যিহোৱাই খ্ৰীষ্টানসকলক হয়তো কেনেকৈ পথ দেখুৱাইছিল? (ইব্ৰী ১৩:৭, ১৭) (খ) খ্ৰীষ্টানসকলে নেতৃত্ব লোৱা ভাইসকলৰ আজ্ঞা পালন কৰি কেনেকৈ লাভৱান হʼল? (ছবিখনো চাওক।)
১০ এনে লাগে যেন যিহোৱাই নেতৃত্ব লোৱা ভাইসকলৰ জৰিয়তে খ্ৰীষ্টানসকলক পথ দেখুৱাইছিল। পাছত ইউছেবিয়াছ নামৰ এজন বুৰঞ্জীবিদে এইদৰে লিখিলে, “যিৰূচালেমৰ মণ্ডলীৰ লোকসকলে ঈশ্বৰৰ ফালেদি নিৰ্দেশনা পালে। ঈশ্বৰে নিযুক্ত ভাইসকলৰ যোগেদি তেওঁলোকে কি কৰিব লাগে তাৰ বিষয়ে জনালে। তেওঁলোকক যুদ্ধ আৰম্ভ হোৱাৰ আগতে চহৰ এৰি পলাই পেৰিয়াৰ পেল্লা চহৰত থাকিবলৈ আজ্ঞা দিলে।” তেওঁলোকৰ বাবে পেল্লা চহৰ একেবাৰে সঠিক আছিল। এইদৰে কিয় কʼব পাৰোঁ? কিয়নো এই চহৰ যিৰূচালেমৰ পৰা বেছি দূৰত নাছিল আৰু তাত গৈ পোৱাটো সহজ আছিল। পেল্লা ইস্ৰায়েলী নোহোৱা লোকসকলৰ চহৰ আছিল আৰু তাত বহুত কম সংখ্যক যিহূদী আছিল। সেইবাবে, যেতিয়া কঠোৰ যিহূদী আৰু ৰোমী লোকসকলৰ মাজত যুদ্ধ হʼল, তেতিয়া ইয়াৰ প্ৰভাৱ এই চহৰত বেছি নপৰিল।—মানচিত্ৰখনো চাওক।
১১ পাঁচনি পৌলে খ্ৰীষ্টানসকলক পৰামৰ্শ দিছিল যে “যিসকলে তোমালোকৰ মাজত নেতৃত্ব লয়, তেওঁলোকৰ আজ্ঞা পালন কৰা।” যেতিয়া নেতৃত্ব লোৱা ভাইসকলে ভাই-ভনীসকলক পেল্লা চহৰৰ ফালে পলাই যাবলৈ কʼলে, তেতিয়া তেওঁলোকে সেই আজ্ঞা পালন কৰিলে। (ইব্ৰী ১৩:৭, ১৭ পঢ়ক।) ইয়াৰ পৰিণাম কি হʼল? তেওঁলোকৰ জীৱন ৰক্ষা পৰিল। ঈশ্বৰে তেওঁলোকক নেৰিলে, কাৰণ তেওঁলোকে তেওঁৰ ৰাজ্য অৰ্থাৎ সেই “চহৰৰ” বাট চাই আছিল, “যি প্ৰকৃত ভিত্তিৰ ওপৰত আছে।”—ইব্ৰী ১১:১০.
পেল্লা বেছি দূৰ নাছিল আৰু এয়া সুৰক্ষিত আছিল (অনুচ্ছেদ ১০-১১ চাওক)
১২-১৩. কঠিন পৰিস্থিতিৰ সময়ছোৱাত যিহোৱাই নিজৰ লোকসকলক কেনেকৈ পথ দেখুৱালে?
১২ শিক্ষা: যিহোৱাই নেতৃত্ব লোৱা ভাইসকলৰ জৰিয়তে নিজৰ লোকসকলক নেতৃত্ব দিছে যে তেওঁলোকে কি কৰিব লাগিব। বাইবেলত বহুতো উদাহৰণ দিয়া হৈছে, যাৰ পৰা জানিব পাৰি যে যিহোৱাই কঠিন পৰিস্থিতিত ৰখীয়াসকলৰ জৰিয়তে নিজৰ লোকসকলক পথ দেখুৱাইছিল। (দ্বিতী. ৩১:২৩; গীত. ৭৭:২০) আজিও আমি বহুতো প্ৰমাণ দেখিবলৈ পাওঁ যে যিহোৱাই নেতৃত্ব লোৱা ভাইসকলৰ জৰিয়তে নিজৰ লোকসকলক পথ দেখুৱাই আছে।
১৩ উদাহৰণস্বৰূপে, যেতিয়া কভিড ১৯ মহামাৰী আৰম্ভ হৈছিল, তেতিয়া “নেতৃত্ব লোৱা” ভাইসকলে আমাক প্ৰয়োজনীয় নিৰ্দেশনা দিলে। সেই সময়ত প্ৰাচীনসকলক নিৰ্দেশনা দিয়া হʼল যে তেওঁলোকে কেনেকৈ সভা চলাব আৰু ভাই-ভনীসকলৰ বাবে প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগে যাতে তেওঁলোকে যিহোৱাৰ উপাসনা কৰি থাকিব পাৰে। মহামাৰী আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছত ৫০০-তকৈ বেছি ভাষাত অধিৱেশন ৰখা হʼল। ভাই-ভনীসকলে ইন্টাৰনেট আৰু টিভিত এই কাৰ্য্যক্ৰম চালে আৰু ৰেডিঅʼতো শুনিলে। সঁচাকৈ, এই অধিৱেশন বহুত বিশেষ আছিল। কাৰণ এইদৰে আগতে কেতিয়াও হোৱা নাছিল। মহামাৰীৰ সময়ছোৱাত সকলো ভাই-ভনীয়ে যিহোৱাৰ ফালৰ পৰা সঠিক সময়ত প্ৰয়োজনীয় নিৰ্দেশনা পালে, যাৰ বাবে আমাৰ মাজত একতা থাকিল। আহিবলগীয়া সময়ত যিয়েই সমস্যা নাহওক কিয়, আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই নেতৃত্ব লোৱা ভাইসকলৰ জৰিয়তে আমাক পথ দেখুৱাব যাতে আমি সঠিক নিৰ্ণয় লʼব পাৰিম। যদি আমি মহা-সংকটৰ বাবে সাজু হৈ থাকিব বিচাৰোঁ আৰু সেই সময়ত বুদ্ধিমত্তাৰে কাম কৰিব বিচাৰোঁ, তেনেহʼলে আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখিব লাগিব আৰু তেওঁৰ আজ্ঞা পালন কৰিব লাগিব। কিন্তু সেই কঠিন পৰিস্থিতিৰ সন্মুখীন হʼবলৈ আমি আৰু কি কি গুণ বঢ়োৱা উচিত?
ভাইৰ নিচিনা প্ৰেম কৰক আৰু অতিথি সৎকাৰ দেখুৱাওক
১৪. ইব্ৰী ১৩:১-৩ পদত কোৱাৰ অনুসৰি যিৰূচালেম নাশ হোৱাৰ আগতে খ্ৰীষ্টানসকলে কোনটো গুণ বঢ়াব লাগিছিল?
১৪ মহা-সংকটৰ সময়ছোৱাত আমি ভাই-ভনীসকলক আৰু বেছিকৈ প্ৰেম কৰিব লাগিব। এই ক্ষেত্ৰত আমি যিৰূচালেম আৰু যিহূদিয়াত থকা খ্ৰীষ্টানসকলৰ পৰা বহুতো কথা শিকিব পাৰোঁ। তেওঁলোকে এজনে-আনজনক বহুত প্ৰেম কৰিছিল। (ইব্ৰী ১০:৩২-৩৪) কিন্তু যিৰূচালেম নাশ হোৱাৰ আগতে তেওঁলোকে আৰু বেছিকৈ “ভাইসকলৰ নিচিনা এজনে-আনজনক প্ৰেম” কৰিব লাগিছিল আৰু “অতিথি সৎকাৰ” দেখুৱাব লাগিছিল।c (ইব্ৰী ১৩:১-৩ পঢ়ক।) আজি এই পৃথিৱীৰ অন্ত একেবাৰে কাষ চাপিছে। সেইবাবে, তাৰ আগতে ভাই-ভনীসকলৰ প্ৰতি আমাৰ প্ৰেম আৰু বঢ়াই থকা উচিত।
১৫. যেতিয়া খ্ৰীষ্টানসকলে যিৰূচালেম এৰি পলাবলগীয়া হʼল, তেতিয়া তেওঁলোকে কিয় এজনে-আনজনক ভাইৰ নিচিনা প্ৰেম কৰিব লাগিছিল আৰু অতিথি সৎকাৰ দেখুৱাব লাগিছিল?
১৫ যেতিয়া ৰোমান সৈনিকসকলে যিৰূচালেমক আগুৰি ধৰিছিল, তাৰ কিছু সময়ৰ পাছত তেওঁলোকে হঠাতে চহৰ এৰি গুচি গʼল। সেই সময়ত তাৰ পৰা পলাবলৈ খ্ৰীষ্টানসকলৰ সুযোগ আছিল। এনে পৰিস্থিতিত তেওঁলোকে নিজৰ লগত বহুত বস্তু লৈ যাব নোৱাৰিছিল। (মথি ২৪:১৭, ১৮) সেইবাবে, পেল্লা যোৱাৰ সময়ত আৰু তাত গৈ এক নতুন জীৱন-যাপন আৰম্ভ কৰিবলৈ তেওঁলোকে এজনে-আনজনক সহায় কৰাৰ প্ৰয়োজন আছিল। এনে বহুতো ভাই-ভনী আছিল, যিসকলক আহাৰ, কাপোৰ আৰু থকা ঠাইৰ প্ৰয়োজন আছিল। ‘সমস্যাৰ এই সময়ত’ খ্ৰীষ্টানসকলৰ ওচৰত এজনে-আনজনক ভাইৰ নিচিনা প্ৰেম কৰা আৰু অতিথি সৎকাৰ দেখুৱাৰ সুযোগ আছিল অৰ্থাৎ এজনে-আনজনক সহযোগ কৰে আৰু তেওঁলোকৰ ওচৰত যি আছে সেয়া আনৰ লগত ভগায়।—তীত ৩:১৪.
১৬. সহায়ৰ প্ৰয়োজন হোৱা ভাই-ভনীসকলক প্ৰেম কৰোঁ বুলি আমি কেনেকৈ দেখুৱাব পাৰোঁ? (ছবিখনো চাওক।)
১৬ শিক্ষা: যদি আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ, তেনেহʼলে প্ৰয়োজনৰ সময়ত আমি তেওঁলোকক সহায় কৰিম। অলপতে হোৱা যুদ্ধ আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবে যেতিয়া ভাই-ভনীসকলে আন ঠাইত গৈ শৰণাৰ্থী হিচাপে থাকিবলগীয়া হʼল, তেতিয়া তাত থকা খ্ৰীষ্টানসকলে তেওঁলোকক সহায় আৰু উৎসাহিত কৰিলে। ইয়াৰ বাবে তেওঁলোকে যিহোৱাৰ সেৱা কৰি থাকিব পাৰিলে। ইউক্ৰেনত থকা আমাৰ এজনী ভনীয়ে যুদ্ধৰ বাবে নিজৰ ঘৰ এৰিবলগীয়া হʼল। তাই এইদৰে কৈছে, “যিহোৱাই কেনেকৈ ভাই-ভনীসকলৰ জৰিয়তে আমাৰ যত্ন লʼলে আৰু আমাক পথ দেখুৱালে, সেয়া আমি স্পষ্টকৈ দেখিবলৈ পালোঁ। ভাই-ভনীসকলে আমাক মৰমেৰে আদৰণি জনালে। প্ৰথমে ইউক্ৰেনত, তাৰ পাছত হাংগৰিত আৰু এতিয়া জাৰ্মানীতো যিহোৱাই ভাই-ভনীসকলৰ জৰিয়তে আমাক সহায় কৰিলে।” যেতিয়া আমি ভাই-ভনীসকলক সহায় কৰোঁ আৰু তেওঁলোকক অতিথি সৎকাৰ দেখুৱাও, তেতিয়া আমি দেখুৱাও যে আমি যিহোৱাৰ লগত মিলি কাম কৰি আছোঁ।—হিতো. ১৯:১৭; ২ কৰি. ১:৩, ৪.
যিসকল ভাই-ভনীক নিজৰ ঘৰ এৰি আন ঠাইত থাকিবলগীয়া হয়, তেওঁলোকক সহায় কৰক (অনুচ্ছেদ ১৬ চাওক)
১৭. এতিয়াৰে পৰা আনক ভাইৰ নিচিনাকৈ প্ৰেম কৰা আৰু অতিথি সৎকাৰ দেখুৱাটো কিয় প্ৰয়োজন?
১৭ মহা-সংকটৰ সময়ত আমি ভাই-ভনীসকলক আৰু বেছিকৈ সহায় কৰিব লাগিব। (হব. ৩:১৬-১৮) সেইবাবে, যিহোৱাই আজি আমাক ভাইৰ নিচিনা আনক প্ৰেম কৰিবলৈ আৰু তেওঁলোকক অতিথি সৎকাৰ দেখুৱাবলৈ শিকাই আছে। আহিবলগীয়া সময়ত এইদৰে কৰাটো আমাৰ বাবে বহুত প্ৰয়োজন হʼব।
আগলৈ কি হʼব?
১৮. প্ৰথম শতিকাৰ ইব্ৰী খ্ৰীষ্টানসকলৰ পৰা আমি কি শিকিব পাৰোঁ?
১৮ যিসকল খ্ৰীষ্টানে আজ্ঞা পালন কৰিলে আৰু যিৰূচালেম এৰি পাহাৰৰ ফালে পলাই গʼল, তেওঁলোকৰ জীৱন ৰক্ষা পৰিল। তেওঁলোকে সকলো এৰি পলাবলগীয়া হৈছিল। কিন্তু যিহোৱাই তেওঁলোকক নেৰিলে আৰু তেওঁলোকৰ যত্ন লʼলে। আমি তেওঁলোকৰ পৰা কি শিকিব পাৰোঁ? আমি এয়া নাজানোঁ যে আগলৈ ঘটনাবোৰ কেনেকৈ ঘটিব। কিন্তু আমি জানোঁ যে আমি সদায় আজ্ঞা পালন কৰিবলৈ সাজু থকা উচিত। কিয়নো যীচুৱে আমাক এইদৰে কৰিবলৈ কৈছে। (লূক ১২:৪০) ইয়াৰ লগতে পৌলে ইব্ৰী খ্ৰীষ্টানসকলক নিজৰ চিঠিত যি পৰামৰ্শ দিছিল, আমি সেয়াও পালন কৰিব লাগিব আৰু যিহোৱাৰ সেই প্ৰতিজ্ঞাও মনত ৰাখিব লাগিব যে তেওঁ আমাক কেতিয়াও নেৰিব। (ইব্ৰী ১৩:৫, ৬) গতিকে, আহক আমি আগ্ৰহেৰে ঈশ্বৰৰ ৰাজ্যৰ অৰ্থাৎ সেই চহৰৰ অপেক্ষা কৰোঁ, যি সদায় কালৰ বাবে থাকিব আৰু আমাৰ বাবে বহুতো আশীৰ্বাদ কঢ়িয়াই আনিব।—মথি ২৫:৩৪.
গীত নং ১৫৭ চিৰ শান্তি!
a প্ৰাচীন সময়ত চহৰবোৰত প্ৰায়ে ৰজাবোৰে শাসন কৰিছিল।—আদি. ১৪:২.
b খ্ৰীষ্টানসকলে যিহূদিয়া আৰু যিৰূচালেমৰ পৰা ওলোৱাৰ কিছু সময়ৰ পাছত অৰ্থাৎ ৬৭ খ্ৰীষ্টাব্দত এই যুদ্ধ হʼল।
c যি গ্ৰীক শব্দৰ অনুবাদ ‘ভাইসকলৰ নিচিনা প্ৰেম কৰা’ বুলি কৰা হৈছে, সেয়া এনে প্ৰেমৰ বাবে কৰা হৈছে, যি নিজৰ সম্বন্ধীয় লোকসকলৰ মাজত থাকে। পৌলে এই শব্দ ব্যৱহাৰ কৰে আৰু জনাই যে খ্ৰীষ্টান ভাই-ভনীসকলৰ মাজত কেনেধৰণৰ প্ৰেম থকা উচিত।