অধ্যয়নৰ উপায়
মিল থকা পদবোৰৰ পৰা লাভৱান হওক
নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্ত দিয়া মিল থকা পদবোৰৰ পৰা জানিব পাৰি যে বাইবেলত লিখা কথাবোৰ এটাৰ লগত আনটোৰ মিল আছে। এটা পদৰ লগত মিল থকা আন পদবোৰ যেতিয়া আমি পঢ়োঁ, তেতিয়া আমি বহুতো কথা জানিব পাৰোঁ। মিল থকা পদবোৰ কেনেকৈ বিচাৰিব? প্ৰথমে এয়া চাবলৈ চেষ্টা কৰক যে এটা পদত কোনো এটা শব্দ বা বাক্যৰ পাছত, তাৰ ওপৰত কোনটো নম্বৰ দিয়া আছে। পাছত ছপা কৰা বাইবেলত উল্লেখ থকা মাজৰ ভাগত সেই নম্বৰ বিচাৰক। সেই নম্বৰৰ আগত দিয়া পদবোৰ মিল থকা পদ হয়। jw.org বা JW লাইব্ৰেৰী এপʼত মিল থকা পদবোৰ বিচাৰিবলৈ সেই নম্বৰত ক্লিক কৰক।
মিল থকা পদবোৰত কি কথাবোৰ উল্লেখ থাকে? আহক কিছুমান উদাহৰণলৈ মন কৰোঁ:
কোনো এটা ঘটনাৰ বিৱৰণ আৰু কʼত দিয়া আছে? এই মিল থকা পদবোৰে আমাক বাইবেলৰ আন পদবোৰলৈ লৈ যায়, যʼত এই ঘটনাৰ লগত মিল থকা কিছুমান বিৱৰণ দিয়া থাকে। যেনে, ২ চমূৱেল ২৪:১ আৰু ১ বংশাৱলি ২১:১ চাওক।
কোনো এটা বিৱৰণ কʼৰ পৰা লোৱা হৈছে? কিছুমান মিল থকা পদৰ পৰা জানিব পাৰি যে এটা পদত উল্লেখ থকা কথা কʼৰ পৰা লোৱা হৈছে। যেনে, মথি ৪:৪ আৰু দ্বিতীয় বিবৰণ ৮:৩ চাওক।
ভৱিষ্যবাণীবোৰ কেনেকৈ পূৰ হʼল? কিছুমান মিল থকা পদবোৰৰ পৰা জানিব পাৰি যে কোনো এটা ভৱিষ্যবাণী কেনেকৈ পূৰ হʼল। যেনে, মথি ২১:৫ আৰু জখৰিয়া ৯:৯ চাওক।