লূকে লিখা শুভবাৰ্তা
২ সেই সময়ত সম্ৰাট* আগস্তৰ ফালৰ পৰা এটা নিয়ম জাৰি কৰা হৈছিল যে তেওঁৰ সাম্ৰাজ্যৰ* সকলোৱে নিজৰ নিজৰ নাম লিখাব লাগিব। ২ (চিৰিয়াৰ ৰাজ্যপাল কুৰীনিয়ৰ সময়ত প্ৰথমবাৰ এই নাম লিখাৰ ব্যৱস্থা কৰা হʼল।) ৩ সেইবাবে, সকলোৱে নাম লিখাবলৈ নিজৰ নিজৰ চহৰলৈ যাবলৈ ধৰিলে, যʼত তেওঁলোকৰ জন্ম হৈছিল। ৪ যোচেফ গালীলৰ নাচৰৎ চহৰত থাকিছিল। তেওঁ দায়ূদৰ বংশৰ আছিল। সেইবাবে, যোচেফেও যিহূদিয়াৰ বৈৎলেহম দায়ূদৰ নগৰলৈ গʼল ৫ যাতে মৰিয়মে তেওঁৰ লগত নিজৰ নাম লিখাব পাৰে। তেতিয়ালৈকে মৰিয়মক যোচেফে নিজৰ পত্নী কৰি লৈছিল আৰু মৰিয়মৰ সন্তান জন্ম হোৱাৰ সময় আহি পৰিছিল। ৬ যেতিয়া তেওঁলোকে বৈৎলেহমত আছিল, তেতিয়া মৰিয়মৰ সন্তান জন্ম হোৱাৰ সময় আহি পৰে। ৭ তেওঁ এটি লʼৰাক জন্ম দিলে আৰু এয়া তেওঁৰ প্ৰথম সন্তান আছিল। তেওঁলোকে আলহী ঘৰত থাকিবলৈ কোনো ঠাই পোৱা নাছিল, সেইবাবে মৰিয়মে লʼৰাটিক কাপোৰেৰে মেৰিয়াই দানাপাত্ৰত* থʼলে।
৮ সেই অঞ্চলত কিছুমান ভেড়া ৰখীয়াও আছিল, যিসকলে ৰাতি পথাৰত নিজৰ নিজৰ জাকবোৰ পহৰা দি আছিল। ৯ যিহোৱাৰ* এজন স্বৰ্গদূত হঠাতে আহি তেওঁলোকৰ ওচৰত থিয় হʼল আৰু তেওঁলোকৰ চাৰিওফালে যিহোৱাৰ* মহিমাৰ উজ্জ্বল পোহৰ দেখা গʼল আৰু তেওঁলোকে বহুত ভয় খালে। ১০ কিন্তু স্বৰ্গদূতে তেওঁলোকক কʼলে, “ভয় নকৰিবা। চোৱা! মই তোমালোকক এটা ভাল খবৰ দিবলৈ আহিছোঁ, যাৰ পৰা সকলোৱে বহুত আনন্দিত হʼব। ১১ আজি দায়ূদৰ চহৰত তোমালোকৰ কাৰণে এজন উদ্ধাৰকৰ্তা জন্ম হৈছে। তেৱেঁই খ্ৰীষ্ট প্ৰভু। ১২ তোমালোকে তেওঁক এই চিনৰ যোগেদি চিনি পাবা: তোমালোকে লʼৰাটিক কাপোৰেৰে মেৰিয়াই দানাপাত্ৰত শুৱাই থোৱা দেখা পাবা।” ১৩ তেতিয়া হঠাতে সেই স্বৰ্গদূতৰ লগত স্বৰ্গৰ এটা ডাঙৰ সেনাই এইদৰে কৈ ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে, ১৪ “স্বৰ্গত ঈশ্বৰৰ মহিমা হওক আৰু পৃথিৱীত সেই লোকসকলে শান্তি লাভ কৰক, যিসকলৰ পৰা ঈশ্বৰ আনন্দিত।”
১৫ যেতিয়া স্বৰ্গদূতসকলে স্বৰ্গলৈ উভতি গʼল, তেতিয়া ৰখীয়াবিলাকে এজনে-আনজনক কʼবলৈ ধৰিলে, “বʼলা আমি বৈৎলেহমলৈ যাওঁ আৰু যিহোৱাই* আমাক যি কৈছে, সেয়া চাই আহোঁগৈ।” ১৬ তেতিয়া তেওঁলোকে লৰা-লৰিকৈ গʼল আৰু তেওঁলোকে তাত মৰিয়ম আৰু যোচেফ আৰু দানাপাত্ৰত শুৱাই থোৱা লʼৰাটিক দেখা পালে। ১৭ যেতিয়া ভেড়া ৰখীয়াসকলে সেই লʼৰাটিক দেখিলে, তেতিয়া স্বৰ্গদূতে লʼৰাটিৰ বিষয়ে কোৱা সেই সকলো কথা জনালে। ১৮ যিসকলে ভেড়া ৰখীয়াৰ কথা শুনিলে, তেওঁলোক সকলোৱে আচৰিত হʼল। ১৯ কিন্তু মৰিয়মে এই সকলো কথা মনত* ৰাখিলে আৰু তেওঁ সেইবোৰৰ অৰ্থৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ ধৰিলে। ২০ তাৰ পাছত ভেড়া ৰখীয়াসকলে ঈশ্বৰৰ প্ৰশংসা আৰু স্তুতি কৰি কৰি উভতি গʼল। কাৰণ তেওঁলোকক যিদৰে কোৱা হৈছিল, ঠিক সেইদৰেই শুনিলে আৰু দেখিলে।
২১ আঠদিনৰ পাছত যেতিয়া লʼৰাটিক চুন্নৎ কৰাৰ সময় আহি পৰিল, তেতিয়া তেওঁৰ নাম যীচু ৰাখিলে। এই নামটো মৰিয়ম গৰ্ভৱতী হোৱাৰ আগতেই স্বৰ্গদূতে তেওঁক জনাইছিল।
২২ তাৰ পাছত মোচিৰ নিয়মৰ অনুসৰি যেতিয়া লʼৰাটিক শুচি কৰাৰ সময় আহিলে, তেতিয়া যোচেফ আৰু মৰিয়মে তাক যিহোৱাৰ* ওচৰত উপস্থিত কৰিবলৈ যিৰূচালেমলৈ লৈ আহিল। ২৩ কাৰণ যিহোৱাৰ* নিয়মত লিখা আছে, “প্ৰথম সন্তান যিহোৱাৰ* উদ্দেশ্যে পবিত্ৰ হʼব।” ২৪ আৰু তেওঁলোকে সেই বলিদান আগবঢ়ালে যি যিহোৱাৰ* নিয়মত কোৱা হৈছে, “এযোৰ কপৌ বা দুটা পাৰৰ পোৱালি।”
২৫ আৰু চোৱা! যিৰূচালেমত চিমিয়োন নামৰ এজন ভাল ব্যক্তি আছিল আৰু তেওঁ ঈশ্বৰলৈ ভয় ৰাখিছিল। তেওঁৰ ওপৰত পবিত্ৰ শক্তি আছিল আৰু তেওঁ সেই সময়ৰ বাবে অপেক্ষা কৰি আছিল, যেতিয়া ঈশ্বৰে ইস্ৰায়েলীসকলক শান্ত্বনা দিব। ২৬ ইয়াৰ উপৰিও ঈশ্বৰৰ পবিত্ৰ শক্তিয়ে তেওঁৰ ওপৰত প্ৰকাশ কৰিলে যে যেতিয়ালৈকে তেওঁ যিহোৱাই* পঠোৱা খ্ৰীষ্টক নেদেখে, তেতিয়ালৈকে তেওঁৰ মৃত্যু নহʼব। ২৭ তাৰ পাছত পবিত্ৰ শক্তিৰ যোগেদি অনুপ্ৰাণিত হৈ তেওঁ মন্দিৰলৈ আহিল। আৰু যীচুৰ মা-দেউতাই নিয়মৰ অনুসৰি কাম কৰিবলৈ যেতিয়া যীচুক ভিতৰলৈ লৈ আহিলে, ২৮ তেতিয়া চিমিয়োনে লʼৰাটিক কোলাত লʼলে আৰু ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে, ২৯ “হে গোটেই বিশ্বৰ মালিক, এতিয়া তোমাৰ এই দাস শান্তিৰে মৰিব পাৰে, কিয়নো যিদৰে তুমি প্ৰতিজ্ঞা কৰিছিলা, ৩০ মোৰ চকুৱে সেই উদ্ধাৰকৰ্তাক দেখিলে, যিজনৰ যোগেদি তুমি উদ্ধাৰ কৰিবা। ৩১ আৰু যিজনক তুমি গোটেই মানৱজাতিয়ে চাবলৈ প্ৰস্তুত কৰিলা। ৩২ তেওঁ ইস্ৰায়েলী নোহোৱা লোকসকলক আগুৰি থকা আন্ধাৰক আঁতৰোৱা পোহৰ হয় আৰু তেৱেঁই তোমাৰ প্ৰজা ইস্ৰায়েলৰ গৌৰৱ হʼব।” ৩৩ যেতিয়া লʼৰাটিৰ বিষয়ে এইবোৰ কথা কোৱা হৈছিল, তেতিয়া তাৰ মা-দেউতাই বৰ আচৰিত হৈছিল। ৩৪ তাৰ পাছত চিমিয়োনে তেওঁলোককো আশীৰ্বাদ দিলে আৰু তাৰ মা মৰিয়মক কʼলে, “চোৱা! ই ইস্ৰায়েলৰ বহুতো লোকৰ কাৰণে পৰাৰ আৰু উঠাৰ কাৰণ হʼব আৰু তেওঁ এনে এক চিন হʼব, যাৰ বিৰুদ্ধে কথা কোৱা হʼব। ৩৫ (আৰু মৰিয়ম, তুমি এনে কষ্ট ভোগ কৰিবা যেন কোনোবাই তোমাক এখন দীঘল তৰোৱালেৰে ইপাৰ-সিপাৰ কৰিছে) যাতে বহুতো লোকৰ হৃদয়ত কি আছে, সেয়া প্ৰকাশ পায়।”
৩৬ সেই ঠাইত হান্না নামৰ এগৰাকী তিৰোতা আছিল, যিয়ে ভৱিষ্যবাণী কৰিছিল আৰু তেওঁ বহুত বৃদ্ধ আছিল। তেওঁ আচেৰৰ ফৈদৰ পনূৱেলৰ জীয়েক আছিল। বিয়াৰ পাছত তেওঁ মাত্ৰ সাত বছৰ স্বামীৰ লগত থাকিব পাৰিলে। ৩৭ তাৰ পাছত তেওঁ বিধৱা হʼল আৰু তেওঁৰ বয়স ৮৪ বছৰ আছিল। তেওঁ কেতিয়াও মন্দিৰলৈ যাবলৈ এৰি দিয়া নাছিল। তেওঁ লঘোন* বা মিনতি কৰি দিনে-ৰাতিয়ে পবিত্ৰ সেৱাত লাগি থাকিছিল। ৩৮ তেওঁ ঠিক সেই সময়তে তালৈ আহিল আৰু ঈশ্বৰৰ ধন্যবাদ কৰিবলৈ ধৰিলে আৰু যিৰূচালেমক উদ্ধাৰ কৰাৰ বাবে অপেক্ষা কৰা লোকসকলক তেওঁ সেই লʼৰাটিৰ বিষয়ে কʼবলৈ ধৰিলে।
৩৯ যেতিয়া যোচেফ আৰু মৰিয়মে যিহোৱাৰ* নিয়মত কোৱা সকলো কাম শেষ কৰিলে, তেতিয়া তেওঁলোকে গালীলত নিজৰ চহৰ নাচৰতলৈ উভতি গʼল। ৪০ আৰু সেই লʼৰাটি বাঢ়ি বাঢ়ি শক্তিশালী আৰু বুদ্ধিমান হʼবলৈ ধৰিলে আৰু ঈশ্বৰৰ আশীৰ্বাদ তাৰ ওপৰত আছিল।
৪১ তাৰ মা-দেউতাই প্ৰতিবছৰে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যিৰূচালেমলৈ গৈছিল। ৪২ যেতিয়া সি ১২ বছৰৰ আছিল, তেতিয়া তেওঁলোকে উৎসৱৰ অনুসৰি যিৰূচালেমলৈ গʼল। ৪৩ কিন্তু উৎসৱৰ দিন শেষ হোৱাৰ পাছত তেওঁলোকে যেতিয়া উভতি আহিছিল, তেতিয়া তেওঁলোকৰ লʼৰা যীচু যিৰূচালেমতে থাকি আহিল। কিন্তু তাৰ মা-দেউতাই এই বিষয়ে মনেই কৰা নাছিল। ৪৪ সি যাত্ৰা কৰা আন লোকসকলৰ লগত আছে বুলি তেওঁলোকে ভাবিলে। সেইবাবে, তেওঁলোকে এদিনৰ যাত্ৰা কৰিলে। কিন্তু ইয়াৰ পাছত তেওঁলোকে তাক নিজৰ সম্বন্ধীয় আৰু চা-চিনাকী লোকসকলৰ মাজত বিচাৰিবলৈ ধৰিলে। ৪৫ কিন্তু যেতিয়া তেওঁলোকে তাক বিচাৰি নাপালে, তেতিয়া তেওঁলোকে যিৰূচালেমলৈ উভতি গʼল আৰু তেওঁলোকে বেলেগ বেলেগ ঠাইত তাক বিচাৰিবলৈ ধৰিলে। ৪৬ তিনিদিনৰ পাছত তেওঁলোকে তাক মন্দিৰত বিচাৰি পালে, যʼত সি শিক্ষকসকলৰ মাজত বহি তেওঁলোকৰ কথা শুনি আছিল আৰু তেওঁলোকক প্ৰশ্ন সুধি আছিল। ৪৭ যিমান লোকে তাৰ কথা শুনি আছিল, তেওঁলোক সকলোৱে তাৰ বুদ্ধি দেখি আৰু উত্তৰ শুনি বৰ আচৰিত হৈছিল। ৪৮ যেতিয়া তাৰ মা-দেউতাই তাক মন্দিৰত দেখিলে, তেতিয়া তেওঁলোক বহুত আচৰিত হʼল। তাৰ মাকে তাক কʼলে, “মইনা, তুমি আমাৰ লগত এইদৰে কিয় কৰিলা? চোৱাচোন, তোমাৰ দেউতা আৰু মই তোমাক পগলাৰ দৰে বিচাৰি আছোঁ!” ৪৯ কিন্তু সি তেওঁলোকক কʼলে, “তোমালোকে মোক যʼতে-তʼতে কিয় বিচাৰি আছিলা? মই পিতৃৰ ঘৰত থাকিম বুলি তোমালোকে নাজানিছিলা নে?” ৫০ কিন্তু তেওঁলোকে তাৰ কথাৰ অৰ্থ বুজি নাপালে।
৫১ তাৰ পাছত সি তেওঁলোকৰ লগত গুচি গʼল আৰু নাচৰতলৈ আহিলে আৰু তেওঁলোকৰ অধীনত থাকিবলৈ ধৰিলে।* তাৰ মাকে এই সকলো কথা নিজৰ মনত* ৰাখিলে। ৫২ যীচুৱে ডাঙৰ হʼবলৈ ধৰিলে আৰু তাৰ বুদ্ধি বাঢ়ি থাকিল। ঈশ্বৰৰ লোকসকলৰ কৃপা তাৰ ওপৰত থাকিল।