লূকে লিখা শুভবাৰ্তা
৩ সম্ৰাট* তিবিৰিয়াৰ শাসন কালৰ ১৫ বছৰত যিহূদিয়াৰ ৰাজ্যপাল আছিল, পন্তীয় পীলাত আৰু হেৰোদ* গালীলৰ জিলা প্ৰশাসক আছিল, লগতে হেৰোদৰ ককায়েক ফিলিপ, যিতুৰিয়া আৰু ত্ৰাখোনীতিয়া এলেকাৰ জিলা প্ৰশাসক আছিল আৰু লুচাণিয়, অবিলীনী এলেকাৰ জিলা প্ৰশাসক আছিল। ২ আৰু হানন এজন প্ৰধান পুৰোহিত আছিল আৰু কায়াফা মহা-পুৰোহিত আছিল। সেই সময়তে অৰণ্যত* জখৰিয়াৰ লʼৰা যোহনলৈ ঈশ্বৰৰ বাৰ্তা আহিল।
৩ সেইবাবে, যোহনে যৰ্দ্দন নদীৰ আশে-পাশে থকা সকলো এলেকালৈ গৈ প্ৰচাৰ কৰিবলৈ ধৰিলে যে লোকসকলে বাপ্তিষ্মা লʼব লাগিব, যি এই কথাৰ চিন হʼব যে তেওঁলোকে নিজৰ পাপৰ কাৰণে অনুতাপ কৰিলে আৰু ক্ষমা পাব বিচাৰে। ৪ যিদৰে ভৱিষ্যবক্তা যিচয়াৰ কিতাপত লিখা আছে, “শুনা! অৰণ্যত কোনোবাই মাতি আছে, ‘যিহোৱাৰ* পথ তৈয়াৰ কৰা, তেওঁৰ পথ পৰিষ্কাৰ কৰা। ৫ প্ৰতিটো উপত্যকা পূৰ কৰা হʼব আৰু প্ৰতিটো পাহাৰ আৰু পৰ্বত সমান কৰা হʼব আৰু একা-বেঁকা ৰাস্তা পোন কৰা হʼব আৰু ওখ-চাপৰ ঠাই সমান কৰা হʼব। ৬ আৰু সকলো মানুহে দেখিব যে ঈশ্বৰে কেনেকৈ উদ্ধাৰ কৰে।’”*
৭ যিসকলে যোহনৰ পৰা বাপ্তিষ্মা লʼবলৈ আহিছিল, তেওঁলোকক যোহনে কʼবলৈ ধৰিলে, “হে সাপৰ বংশবিলাক, আহিবলগীয়া ক্ৰোধৰ পৰা পলাবলৈ কোনে তোমালোকক সাৱধান কৰিলে? ৮ সেইবাবে, তোমালোকে অনুতাপ কৰিছোঁ বুলি নিজৰ কামৰ যোগেদি দেখুৱা। নিজকে এইদৰে নকʼবা, ‘আমি অব্ৰাহামৰ বংশৰ হওঁ।’ কিয়নো মই তোমালোকক কওঁ যে ঈশ্বৰে এই শিলবোৰৰ পৰা অব্ৰাহামৰ বাবে সন্তান জন্ম দিয়াব পাৰে। ৯ সঁচাকৈ গছৰ গুৰিত কুঠাৰ ৰখা হৈছে, যিবোৰ গছে ভাল ফল নিদিয়ে, তাক কাটি জুইত পেলাই দিয়া হʼব।”
১০ তেতিয়া ভীৰৰ লোকসকলে তেওঁক সুধিছিল, “তেনেহʼলে আমি কি কৰা উচিত?” ১১ যোহনে তেওঁলোকক কৈছিল, “যিজনৰ ওচৰত দুযোৰ কাপোৰ আছে, তেওঁ এযোৰো কাপোৰ নথকা জনক এযোৰ দি দিয়ক। যাৰ ওচৰত খোৱা বস্তু আছে, তেৱোঁ এইদৰে কৰক।” ১২ কৰতোলা লোকসকলেও যোহনৰ ওচৰলৈ বাপ্তিষ্মা লʼবলৈ আহিল। তেওঁলোকে তেওঁক সুধিলে, “গুৰু, আমি কি কৰা উচিত?” ১৩ তেওঁ কʼলে, “যিমান কৰ দিব লাগে, তাতকৈ বেছি নুখুজিবা।”* ১৪ যিসকলে সেনাত আছিল তেওঁলোকে যোহনক সুধিলে, “আমি কি কৰা উচিত?” তেওঁ কʼলে, “কাকো অত্যাচাৰ নকৰিবা* বা কাৰো ওপৰত মিছা অভিযোগ নলগাবা। কিন্তু তোমালোকে যি দৰমহা পোৱা, তাতে সন্তুষ্ট হৈ থাকা।”
১৫ লোকসকলে খ্ৰীষ্ট আহিব বুলি বহুত আশাৰে বাট চাই আছিল আৰু সকলোৱে মনে মনে যোহনৰ বিষয়ে ভাবিছিল, “এওঁৱেইতো খ্ৰীষ্ট নহয়?” ১৬ যোহনে তেওঁলোকক কʼলে, “মইতো তোমালোকক পানীত বাপ্তিষ্মা দিওঁ। কিন্তু যিজন আহিবলগা আছে, তেওঁ মোতকৈ বহুত শক্তিশালী। মই তেওঁৰ জোতাৰ ফিতা খোলাৰো যোগ্য নহওঁ। তেওঁ তোমালোকক পবিত্ৰ শক্তি আৰু জুইৰে বাপ্তিষ্মা দিব। ১৭ তেওঁৰ হাতত শস্য ঝৰা বেল্চা আছে, তেওঁ নিজৰ মৰণা মৰা খলা ভালদৰে পৰিষ্কাৰ কৰিব আৰু ঘেঁহু গোটাই নিজৰ ভঁৰালত ৰাখিব। কিন্তু পটানবোৰ একেৰাহে জ্বলি থকা জুইত জ্বলাই দিব।”
১৮ যোহনে লোকসকলক আৰু বহুতো কথা শিকাই থাকিল আৰু তেওঁলোকক শুভৰ্বাতা জনাই থাকিল। ১৯ যোহনে জিলা প্ৰশাসক হেৰোদক ভুল দেখুৱাই খঙেৰে কৈছিল, কাৰণ তেওঁ নিজৰ ভাইৰ পত্নী হেৰোদিয়াক বিয়া কৰিছিল আৰু বহুতো দুষ্ট কাম কৰিছিল। ২০ ইয়াৰ বাবে হেৰোদে যোহনক জেলত বন্দী কৰি দিয়ে আৰু এইদৰে তেওঁ আৰু এটা দুষ্ট কাম কৰিলে।
২১ যেতিয়া সকলোৱে বাপ্তিষ্মা লৈ আছিল, তেতিয়া যীচুৱেও বাপ্তিষ্মা লʼলে আৰু তেওঁ প্ৰাৰ্থনা কৰাৰ সময়ত আকাশ মুকলি হʼল। ২২ আৰু ঈশ্বৰৰ পবিত্ৰ শক্তি কপৌৰ* ৰূপত তেওঁৰ ওপৰত নামিলে আৰু স্বৰ্গৰ পৰা এই মাত শুনা গʼল: “তুমি মোৰ প্ৰিয় পুত্ৰ। তোমাক মই গ্ৰহণ কৰিলোঁ।”
২৩ যেতিয়া যীচুৱে নিজৰ সেৱা আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স প্ৰায় ৩০ বছৰ আছিল। লোকসকলৰ মতে
তেওঁ যোচেফৰ লʼৰা আছিল
আৰু যোচেফ এলিৰ,
২৪ এলি মত্ততৰ,
মত্তত লেবীৰ,
লেবী মল্কিৰ,
মল্কি যান্নায়ৰ
আৰু যান্নায় যোচেফৰ লʼৰা আছিল।
২৫ যোচেফ মত্তথিয়ৰ,
মত্তথিয় আমোচৰ,
আমোচ নহূমৰ,
নহূম ইচলিৰ
আৰু ইচলি নগিৰ লʼৰা আছিল।
২৬ নগি মাটৰ,
মাট মত্তথিয়ৰ,
মত্তথিয় চিমেয়িনৰ,
চিমেয়িন যোচেখৰ
আৰু যোচেখ যোদাৰ লʼৰা আছিল।
২৭ যোদা যোহানানৰ,
যোহানান ৰীচাৰ,
ৰীচা জৰুব্বাবিলৰ,
জৰুব্বাবিল চলটীয়েলৰ
আৰু চলটীয়েল নেৰিৰ লʼৰা আছিল।
২৮ নেৰি মল্কিৰ,
মল্কি অদ্দীৰ,
অদ্দী কোচমৰ,
কোচম ইলমাদমৰ
আৰু ইলমাদম এৰৰ লʼৰা আছিল।
২৯ এৰ যীচুৰ,
যীচু ইলীয়েচৰৰ,
ইলীয়েচৰ যোৰীমৰ,
যোৰীম মত্ততৰ
আৰু মত্তৎ লেবীৰ লʼৰা আছিল।
৩০ লেবী চিমিয়োনৰ,
চিমিয়োন যুদাৰ,
যুদা যোচেফৰ,
যোচেফ যোনমৰ
আৰু যোনম ইলীয়াকীমৰ লʼৰা আছিল।
৩১ ইলীয়াকীম মিলেয়াৰ,
মিলেয়া মিন্নাৰ,
মিন্না মত্তথৰ,
মত্তথ নাথনৰ
আৰু নাথন দায়ূদৰ লʼৰা আছিল।
৩২ দায়ূদ যিচয়ৰ,
যিচয় ওবেদৰ,
ওবেদ বোৱজৰ,
বোৱজ চলমোনৰ
আৰু চলমোন নহচোনৰ লʼৰা আছিল।
৩৩ নহচোন অম্মীনাদবৰ,
অম্মীনাদব অৰ্ণীৰ,
অৰ্ণী হিষ্ৰোণৰ,
হিষ্ৰোণ পেৰচৰ
আৰু পেৰচ যিহূদাৰ লʼৰা আছিল।
৩৪ যিহূদা যাকোবৰ,
যাকোব ইচহাকৰ,
ইচহাক অব্ৰাহামৰ,
অব্ৰাহাম তেৰহৰ
আৰু তেৰহ নাহোৰৰ লʼৰা আছিল।
৩৫ নাহোৰ চৰূগৰ,
চৰূগ ৰিয়ূৰ,
ৰিয়ূ পেলগৰ,
পেলগ এবৰৰ
আৰু এবৰ চেলহৰ লʼৰা আছিল।
৩৬ চেলহ কৈননৰ,
কৈনন অৰ্ফকচদৰ,
অৰ্ফকচদ চেমৰ,
চেম নোহৰ
আৰু নোহ লেমকৰ লʼৰা আছিল।
৩৭ লেমক মথূচেলহৰ,
মথূচেলহ হনোকৰ,
হনোক যেৰদৰ,
যেৰদ মহললেলৰ
আৰু মহললেল কৈননৰ লʼৰা আছিল।
৩৮ কৈনন ইনোচৰ,
ইনোচ চেথৰ,
চেথ আদমৰ
আৰু আদম ঈশ্বৰৰ পুত্ৰ আছিল।