ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৮
  • পৃথিৱীত নাফিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৃথিৱীত নাফিল
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • জল-প্লাৱন—কোনে ঈশ্বৰৰ বাক্য শুনিলে? কোনে নুশুনিলে?
    ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • জল-প্লাৱন
    বাইবেলৰ কাহিনী
  • নোহৰ জাহাজ
    বাইবেলৰ পৰা শিকোঁ আহা
বাইবেলৰ কাহিনী
my কাহিনী ৮
এজন ওখ-ডাঙৰ মানুহে আন এজন মানুহক আক্ৰমণ কৰিছ

কাহিনী ৮

পৃথিৱীত নাফিল

যদি তোমাৰ সন্মুখত হঠাতে ১০-১২ ফুট ওখৰ মানুহ এজন ওলাই পৰে, তেনেহʼলে তোমাক কেনে লাগিব? নিশ্চয় ভয় লাগিব! এসময়ত পৃথিৱীত এনে ওখ-ডাঙৰ মানুহ বাস কৰিছিল। প্ৰকৃততে তেওঁলোক কোন আছিল বাৰু? বাইবেলে তেওঁলোকক নাফিল বুলি পৰিচয় দিছে। তেওঁলোকৰ পিতৃবিলাক কোন আছিল জানানে? তেওঁলোক স্বৰ্গদূত আছিল। কিন্তু এনে হোৱাটো সম্ভৱ জানো?

দুষ্ট স্বৰ্গদূত চয়তানৰ কথা তোমাৰ নিশ্চয় মনত আছে। সি সকলোকে বেয়া কাম কৰিবলৈ প্ৰভাৱিত কৰিছিল। চয়তানে ঈশ্বৰৰ আন আন স্বৰ্গদূতবিলাককো নিজৰ ফলীয়া কৰিবলৈ চেষ্টা কৰিছিল। পৰিণামস্বৰূপে, কিছুমান স্বৰ্গদূতে তাৰ কথা ধ্যান দিবলৈ ধৰিলে আৰু তেওঁলোকে ঈশ্বৰে দিয়া কাম কৰিবলৈ ইচ্ছা নকৰিলে। তেওঁলোকে পৃথিৱীলৈ আহি মানুহৰ ৰূপ ধাৰণ কৰিলে। স্বৰ্গদূতবিলাকে এনে কিয় কৰিলে তুমি জানানে?

বাইবেলে ইয়াৰ উত্তৰ দিছে। এই স্বৰ্গদূতবিলাকে পৃথিৱীত থকা ধুনীয়া ধুনীয়া ছোৱালীবোৰৰ লগত থাকিবলৈ বিচাৰিলে। ভবা মতেই কাম। স্বৰ্গদূতবিলাকে পৃথিৱীলৈ নামি আহিল আৰু নিজ নিজ ইচ্ছাৰে ছোৱালীবোৰক বিয়া কৰিলে। তেওঁলোকৰ এই কাৰ্য্যক বাইবেলে বৰ বেয়া কাম বুলি বৰ্ণনা কৰিছে। আচলতে ঈশ্বৰে স্বৰ্গদূতবিলাকক পৃথিৱীত থাকিবলৈ নহয়, বৰঞ্চ স্বৰ্গত থাকিবলৈহে সৃষ্টি কৰিছিল।

পাছলৈ এই তিৰোতাবিলাকৰ সন্তান জন্ম হʼল আৰু এই সন্তানবিলাক দেখিবলৈ অলপ বেলেগ আছিল। কেঁচুৱাতে হয়তো তেওঁলোকৰ কোনো পাৰ্থক্য নাছিল। কিন্তু ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ আকাৰ-প্ৰকাৰ বাঢ়ি যাবলৈ ধৰিলে আৰু আনৰ তুলনাত বৰ শক্তিশালী হৈ পৰিল। তেওঁলোকক নাফিল বুলি কোৱা হয়।

এজন ওখ-ডাঙৰ মানুহে এটা পৰিয়ালৰপৰা খোৱা বতুবোৰ কাঢ়ি লৈছ

নাফিলবিলাক বৰ দুষ্ট আছিল। তেওঁলোক শক্তিশালী হোৱাৰ বাবে লোকসকলক তাড়না দিছিল। তেওঁলোকৰ দৰে দুষ্ট হʼবলৈ আৰু বেয়া কাম কৰিবলৈ, নাফিলবিলাকে লোকসকলক বল প্ৰয়োগ কৰিছিল।

হনোকৰ মৃত্যুৰ পাছত, এজন ভাল মানুহ এই পৃথিৱীত আছিল। তেওঁৰ নাম হৈছে নোহ। তেওঁ সদায় ঈশ্বৰৰ ইচ্ছা অনুসৰি কাম কৰিছিল।

এদিনাখন ঈশ্বৰে নোহক কʼলে যে অতি সোনকালে তেওঁ সকলো দুষ্ট লোকক ধ্বংস কৰিব। কিন্তু নোহ, তেওঁৰ পৰিয়াল আৰু বহুতো জীৱ-জন্তুক তেওঁ বচাই ৰাখিব। ঈশ্বৰে তেওঁলোকক কেনেকৈ ৰক্ষা কৰিলে তুমি জানানে? আহাঁ আমি ইয়াৰ বিষয়ে শিকোঁ।

আদিপুস্তক ৬:১-৮; যিহূদা ৬.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক