ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • es25 পৃষ্ঠা ৪৬-৫৮
  • এপ্ৰিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল
  • দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
  • উপশীৰ্ষক
  • মঙ্গলবাৰ, ১ এপ্ৰিল
  • বুধবাৰ, ২ এপ্ৰিল
  • বৃহস্পতিবাৰ, ৩ এপ্ৰিল
  • শুক্ৰবাৰ, ৪ এপ্ৰিল
  • শনিবাৰ, ৫ এপ্ৰিল
  • দেওবাৰ, ৬ এপ্ৰিল
  • সোমবাৰ, ৭ এপ্ৰিল
  • মঙ্গলবাৰ, ৮ এপ্ৰিল
  • বুধবাৰ, ৯ এপ্ৰিল
  • বৃহস্পতিবাৰ, ১০ এপ্ৰিল
  • শুক্ৰবাৰ, ১১ এপ্ৰিল
  • স্মৰণীয় দিনৰ তাৰিখ
    সূৰ্য্য মাৰ যোৱাৰ পাছত
    শনিবাৰ, ১২ এপ্ৰিল
  • দেওবাৰ, ১৩ এপ্ৰিল
  • সোমবাৰ, ১৪ এপ্ৰিল
  • মঙ্গলবাৰ, ১৫ এপ্ৰিল
  • বুধবাৰ, ১৬ এপ্ৰিল
  • বৃহস্পতিবাৰ, ১৭ এপ্ৰিল
  • শুক্ৰবাৰ, ১৮ এপ্ৰিল
  • শনিবাৰ, ১৯ এপ্ৰিল
  • দেওবাৰ, ২০ এপ্ৰিল
  • সোমবাৰ, ২১ এপ্ৰিল
  • মঙ্গলবাৰ, ২২ এপ্ৰিল
  • বুধবাৰ, ২৩ এপ্ৰিল
  • বৃহস্পতিবাৰ, ২৪ এপ্ৰিল
  • শুক্ৰবাৰ, ২৫ এপ্ৰিল
  • শনিবাৰ, ২৬ এপ্ৰিল
  • দেওবাৰ, ২৭ এপ্ৰিল
  • সোমবাৰ, ২৮ এপ্ৰিল
  • মঙ্গলবাৰ, ২৯ এপ্ৰিল
  • বুধবাৰ, ৩০ এপ্ৰিল
দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
es25 পৃষ্ঠা ৪৬-৫৮

এপ্ৰিল

মঙ্গলবাৰ, ১ এপ্ৰিল

তুমি মোলৈ এইটো কি কাম কৰিলা? . . . মোক কিয় ছল কৰিলা?—আদি. ২৯:২৫.

যিহোৱাৰ বহুতো সেৱকে এনে সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল, যাৰ বিষয়ে তেওঁলোকে কেতিয়াও ভবাই নাছিল। যাকোবৰ বিষয়ে চিন্তা কৰকচোন। যাকোবৰ দেউতাকে তেওঁক তেওঁলোকৰ এজন সম্বন্ধীয় লাবনৰ ঘৰলৈ গৈ তেওঁৰ এজনী ছোৱালীক বিয়া পাতিবলৈ কৈছিল। যাকোবৰ দেউতাকে তেওঁক বিশ্বাস দিছিল যে এইদৰে কৰিলে যিহোৱাই তেওঁক বহুতো আশীৰ্বাদ দিব। (আদি. ২৮:১-৪) যাকোবে নিজৰ দেউতাকৰ কথা মানিলে আৰু কনান দেশ এৰি লাবনৰ ঘৰ যাবলৈ ওলালে। লাবনৰ দুজনী ছোৱালী আছিল লেয়া আৰু ৰাহেল। যাকোবে তেওঁৰ সৰুজনী ছোৱালী ৰাহেলৰ প্ৰেমত পৰিল আৰু তাইক বিয়া পাতিব বিচাৰিছিল। সেইবাবে, তেওঁ লাবনৰ ঘৰত সাত বছৰ কাম কৰিবলৈ সাজু হʼল। (আদি. ২৯:১৮) কিন্তু যাকোবে যিদৰে ভাবিছিল সেইমতে নহʼল। সাত বছৰ পূৰ হোৱাৰ পাছত লাবনে তেওঁক ঠগিলে আৰু তেওঁৰ ডাঙৰ ছোৱালী লেয়াক তেওঁৰ লগত বিয়া দিলে। ইয়াৰ পাছত তেওঁ যাকোবক কʼলে এসপ্তাহৰ পাছত তেওঁ ৰাহেলৰ লগতো বিয়া কৰাই দিব আৰু তাৰ বাবে তেওঁক আৰু সাত বছৰ কাম কৰি দিব লাগিব। (আদি. ২৯: ২৬, ২৭) যেতিয়া যাকোবে লাবনৰ বাবে কাম কৰিছিল, তেতিয়াও লাবনে বহু বাৰ তেওঁক ঠগিলে। লাবনে ২০ বছৰলৈকে যাকোবৰ লগত বিশ্বাসঘাত কৰি থাকিল।—আদি. ৩১:৪১, ৪২. w২৩.০৪ ১৫ ¶৫

বুধবাৰ, ২ এপ্ৰিল

তোমালোকৰ সমুদায় মনৰ কথা তেওঁৰ আগত ভাঙি কোৱা।—গীত. ৬২:৮.

যেতিয়া আমাক শান্ত্বনাৰ প্ৰয়োজন হয় বা আমি বুজি নাপাওঁ যে আমি কি কৰিব লাগিব, তেতিয়া আমি কাৰ পৰা সহায় লʼব পাৰোঁ? আমি যিহোৱালৈ প্ৰাৰ্থনা কৰি সহায় বিচাৰিব পাৰোঁ। যিহোৱাই নিজেও আমাক এইদৰে কৰিবলৈ উৎসাহিত কৰিছে। আমি কেৱল এবাৰ বা দুবাৰে নহয়, কিন্তু “নিৰন্তৰে প্ৰাৰ্থনা কৰি” থকাটো তেওঁ বিচাৰে। (১ থিচ. ৫:১৭) আমি সংকোচ নকৰাকৈ তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু যিকোনো বিষয়ে তেওঁৰ পৰা নিৰ্দেশনা বিচাৰিব পাৰোঁ। (হিতো. ৩:৫, ৬) যিহোৱা উদাৰশীল ঈশ্বৰ, আমি তেওঁক যিকোনো সময়ত আৰু বাৰে বাৰে প্ৰাৰ্থনা কৰিব পাৰোঁ, তেওঁ ইয়াৰ বাবে কোনো সীমা বান্ধি দিয়া নাই। যীচুৱে জানিছিল যে যিহোৱাই আমাৰ প্ৰাৰ্থনা মনোযোগেৰে শুনে। পৃথিৱীলৈ অহাৰ আগতে যীচুৱে লক্ষ্য কৰিছিল যে যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। উদাহৰণস্বৰূপে, যেতিয়া হান্না, দায়ূদ আৰু এলিয়াৰ দৰে বিশ্বাসী সেৱকসকলে যেতিয়া সম্পূৰ্ণ হৃদয়েৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে আৰু উত্তৰ দিলে। (১ চমূ. ১:১০, ১১, ২০; ১ ৰাজা. ১৯:৪-৬; গীত. ৩২:৫) যীচুৱে নিজৰ শিষ্যসকলক বাৰে বাৰে প্ৰাৰ্থনা কৰিবলৈ আৰু এই কথাৰ ওপৰত ভৰসা ৰাখিবলৈ কʼলে যে যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনে!—মথি ৭:৭-১১. w২৩.০৫ ২ ¶১, ৩

বৃহস্পতিবাৰ, ৩ এপ্ৰিল

লোকলৈ কৰা ভয়েই ফান্দ উপস্থিত কৰে; কিন্তু যি মানুহে যিহোৱাত ভাৰসা কৰে, তেওঁ নিৰাপদে থাকিব।—হিতো. ২৯:২৫.

মহাপুৰোহিত যিহোয়াদাই যিহোৱালৈ ভয় ৰাখিছিল। সেই সময়ত ঈজেবলৰ জীয়েক অথলিয়াই যিহূদাৰ ৰাজ সিংহাসন কাঢ়ি লৈছিল আৰু নিজেই ৰাণী হৈছিল। তাই বৰ নিৰ্দয়ী আছিল। তেওঁৰ ৰাণী হোৱাৰ ইমানেই ইচ্ছা আছিল যে তেওঁ ৰাজ বংশৰ সকলো উত্তৰাধিকাৰীক মাৰি পেলাইছিল। আনকি নিজৰ নাতিয়েককো এৰি দিয়া নাছিল। (২ বং. ২২:১০, ১১) কিন্তু তেওঁৰ এজন নাতি যোৱাচ ৰক্ষা পৰিল। কিয়নো তেওঁক যিহোয়াদা আৰু তেওঁৰ পত্নী যিহোচবতে অথলিয়াৰ পৰা লুকুৱাই ৰাখিছিল আৰু তেওঁৰ চোৱা-চিতা কৰিছিল। দায়ূদৰ বংশৰ পৰাই যাতে কোনো এজনে ৰজা হয় এই কথাৰ ওপৰত তেওঁলোকে ধ্যান দিলে। সেই সময়ত যিহোয়াদাৰ বহুত বয়স হৈছিল। কিন্তু তেওঁ অথলিয়াক ভয় কৰাৰ পৰিৱৰ্তে যিহোৱাৰ বিশ্বাসী হৈ থাকিল।যেতিয়া যোৱাচ সাত বছৰৰ হʼল, তেতিয়া যিহোয়াদাই পুনৰাই প্ৰমাণ কৰিলে যে তেওঁ যিহোৱাৰ বিশ্বাসী হয়। তেওঁ এইবাৰ এটা যোজনা বনালে। যদি তেওঁ সফল হয়, তেনেহʼলে দায়ূদৰ বংশৰ যোৱাচ ৰজা হৈ পৰিব। কিন্তু যদি তেওঁ বিফল হয়, তেনেহʼলে তেওঁ নিজৰ জীৱন হেৰুৱাব। w২৩.০৬ ১৭ ¶১২-১৩

শুক্ৰবাৰ, ৪ এপ্ৰিল

মনুষ্যবিলাকৰ ৰাজ্যত যে সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু যাকে তাক দিবলৈ ইচ্ছা কৰে, তাকে তাক দিয়ে।—দানি. ৪:২৫.

ৰজা নবুখদ্‌নেচৰে ভাবিব পাৰিলেহেঁতেন যে দানিয়েলে তেওঁৰ বিৰোধে বিদ্ৰোহ কৰি আছে আৰু তেওঁক মৃত্যুদণ্ড দিব পাৰিলেহেঁতেন। তথাপিও দানিয়েলে সাহসেৰে কাম কৰিলে আৰু তেওঁক এই বাৰ্তা শুনালে। দানিয়েলে গোটেই জীৱন সাহসেৰে কাম কৰিলে। তেওঁ এয়া কেনেকৈ কৰিব পাৰিলে? যেতিয়া তেওঁ সৰু আছিল, তেতিয়া তেওঁৰ মা-দেউতাৰ ভাল উদাহৰণৰ পৰা শিকিছিল। (দ্বিতী. ৬:৬-৯) সেইবাবে, দানিয়েলে নিয়মৰ ডাঙৰ ডাঙৰ কথা, যেনে: দহ আজ্ঞা এইবোৰ কথা জনাৰ উপৰিও সেই নিয়মৰ সৰু সৰু কথাও জানিছিল। যেনে, ইস্ৰায়েলীসকলে কি খাব পাৰে আৰু কি খাব নোৱাৰে। (লেবী. ১১:৪-৮; দানি. ১:৮, ১১-১৩) দানিয়েলে এয়াও জানিছিল যে অতীতত ঈশ্বৰৰ লোকসকলৰ লগত কি কি হৈছিল। যেতিয়া তেওঁলোকে ঈশ্বৰৰ মানদণ্ড পালন নকৰিলে, তেতিয়া তেওঁলোকে কি কি পৰিণাম ভুগিবলগীয়া হৈছিল। (দানি. ৯:১০, ১১) দানিয়েলৰ জীৱনত এনে বহুতো ঘটনা ঘটিছিল, যাৰ পৰা তেওঁৰ বিশ্বাস হʼল যে যিহোৱা আৰু তেওঁৰ স্বৰ্গদূত তেওঁৰ লগত আছে।—দানি. ২:১৯-২৪; ১০:১২, ১৮, ১৯. w২৩.০৮ ৩ ¶৫-৬

শনিবাৰ, ৫ এপ্ৰিল

প্ৰজ্ঞা নম্ৰ লোকৰ সঙ্গী।—হিতো. ১১:২.

ৰিবেকা এজনী বুদ্ধিমত্তী তিৰোতা আছিল। তেওঁ গোটেই জীৱন সাহসেৰে কাম কৰিলে আৰু কেতিয়া কি কৰিব, লাগে তাৰ বিষয়ে তেওঁ জানিছিল। (আদি. ২৪:৫৮; ২৭:৫-১৭) তাই আনক সন্মানো কৰিছিল আৰু যিসকল লোকক কিছুমান অধিকাৰ দিয়া হৈছিল, তেওঁলোকৰ অধীনত থাকিছিল। (আদি. ২৪:১৭, ১৮, ৬৫) আপুনিও ৰিবেকাৰ দৰে নম্ৰ হʼব পাৰে আৰু যিহোৱাই যিসকল লোকক অধিকাৰ দিছে, তেওঁলোকক সহযোগ কৰিব পাৰে। এইদৰে আপুনি নিজৰ পৰিয়ালৰ লোকসকলৰ বাবে আৰু মণ্ডলীৰ ভাই-ভনীসকলৰ বাবে এটা ভাল উদাহৰণ হʼব পাৰিব। এজন পৰিপক্ক খ্ৰীষ্টানে মৰ্য্যদাত থাকে অৰ্থাৎ নিজৰ সীমা বুজি পায়। তেওঁ সকলো কথা জানে বুলি নাভাবে। ইষ্টেৰো এইদৰেই আছিল। তাই মৰ্য্যদাত আছিল আৰু নিজৰ ককায়েক মৰ্দখয়ৰ কথা শুনিছিল। সেইবাবে, ৰাণী হোৱাৰ পাছতো তেওঁ অহংকাৰ কৰা নাছিল। তাৰ পৰিৱৰ্তে যেতিয়া মৰ্দখয়ে তেওঁক ভাল পৰামৰ্শ দিলে, তেতিয়া তেওঁ তাক পালন কৰিলে। (ইষ্টে. ২:১০, ২০, ২২) যুৱতী ভনীসকল, যেতিয়া আপোনালোকে পৰিপক্ক খ্ৰীষ্টানসকলৰ পৰা পৰামৰ্শ লʼব আৰু তাক পালন কৰিব, তেতিয়া আপুনি দেখুৱাব যে আপুনি ইষ্টেৰৰ দৰে মৰ্য্যদাত আছে। (তীত ২:৩-৫) ইষ্টেৰ মৰ্য্যদাত থাকিছিল বুলি আৰু এটা উপায়েৰে দেখুৱালে। বাইবেলত লিখা আছে যে ইষ্টেৰ “ৰূপৱতী আৰু সুন্দৰী আছিল।” তথাপিও তেওঁ লোকসকলৰ ধ্যান নিজৰ ফালে আকৰ্ষিত কৰা নাছিল।—ইষ্টে. ২:৭, ১৫. w২৩.১২ ১৯-২০ ¶৬-৮

দেওবাৰ, ৬ এপ্ৰিল

ঈশ্বৰ আমাৰ হৃদয়তকৈয়ো মহান, আৰু তেওঁ সকলোকে জানে।—১ যোহ. ৩:২০.

নিজৰ ভুলৰ বিষয়ে ভাবি ভাবি বেছিকৈ দুখ অনুভৱ কৰিলে এয়া এটা গধুৰ বোজা উঠোৱাৰ দৰে হʼব। আমি ইয়াক পেলাই দিয়া উচিত। যেতিয়া আমি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, অনুতাপ কৰোঁ আৰু যি ভুল কৰিছোঁ তাক আকৌ নকৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি ভৰসা ৰাখিব পাৰোঁ যে যিহোৱাই আমাক ক্ষমা কৰিলে। (পাঁচ. ৩:১৯) যদি আমি এই পদক্ষেপবোৰ লৈছোঁ, তেনেহʼলে আমি বিশ্বাস ৰাখিব পাৰোঁ যে আমি আমাৰ ভুলৰ বাবে দুখী অনুভৱ কৰি থকাটো যিহোৱাই নিবিচাৰে। তেওঁ জানে যে এইদৰে কৰিলে আমাৰে ক্ষতি হʼব। (গীত. ৩১:১০) আমি প্ৰয়োজনতকৈ বেছি দুখ অনুভৱ কৰিলে আমি হয়তো সাহস হেৰুৱাম আৰু জীৱনৰ দৌৰত আগবাঢ়িব নোৱাৰিম। (২ কৰি. ২:৭) যেতিয়া আপুনি নিজৰ ভুলৰ বাবে বহুত বেছিকৈ দোষী অনুভৱ কৰে, তেতিয়া মনত ৰাখক যে যিহোৱাই আমাক “ক্ষমা” কৰে। (গীত. ১৩০:৪) যিসকল লোকে সম্পূৰ্ণ হৃদয়েৰে অনুতাপ কৰে, তেওঁলোকক যিহোৱাই ক্ষমা কৰে আৰু তেওঁলোকক প্ৰতিজ্ঞা কৰিছে যে ‘তোমাৰ পাপ মই আৰু নুসুঁৱৰিম।’ (যিৰি. ৩১:৩৪) ইয়াৰ অৰ্থ হৈছে এবাৰ যিহোৱাই ক্ষমা কৰিলে তেওঁ আমাৰ পাপবোৰ পাহৰি যায় আৰু ইয়াৰ বিষয়ে তেওঁ আকৌ নাভাবে। যদি আপুনি নিজৰ ভুলৰ বাবে এতিয়া যিহোৱাৰ সেৱা আগৰ দৰে কৰিব পৰা নাই, তেনেহʼলে নিজকে দোষ দি নাথাকিব। কিয়নো যিহোৱাই আপোনাৰ ভুলবোৰৰ বিষয়ে ভাবি নাথাকে আৰু আপুনিও এইদৰে কৰা উচিত নহয়। w২৩.০৮ ৩০-৩১ ¶১৪-১৫

সোমবাৰ, ৭ এপ্ৰিল

দৃঢ় থাকা, থিৰে থাকা।—১ কৰি. ১৫:৫৮.

কভিড ১৯ মহামাৰীৰ সময়ছোৱাত বিচলিত কৰা কথাৰ ওপৰত ধ্যান দিয়া লোকসকলে বহুতো চিন্তাৰ সন্মুখীন হʼবলগীয়া হʼল। কিন্তু যিহোৱাৰ সাক্ষীসকলে নিজৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনাৰ ওপৰত ধ্যান দিয়াৰ বাবে বেছিকৈ চিন্তিত হোৱাৰ পৰা বাচিব পাৰিলে। (মথি ২৪:৪৫) “যি যি শ্ৰেষ্ঠ” তাৰ পৰা আমাৰ ধ্যান বিচলিত হ’বলৈ দিয়া উচিত নহয়। (ফিলি. ১:৯, ১০) যদি আমি অপ্ৰয়োজনীয় কথাবোৰৰ প্ৰতি বেছিকৈ ধ্যান দিওঁ, তেনেহʼলে বেছি প্ৰয়োজনীয় কথাবোৰৰ বাবে আমাৰ ওচৰত সময়ে নাথাকিব। আনকি যদি আমি খোৱা-বোৱা, মনোৰঞ্জন আৰু চাকৰি এইবোৰৰ বিষয়ে বেছিকৈ ভাবিবলৈ ধৰোঁ, তেনেহʼলে আমাৰ ধ্যান বিচলিত হʼব পাৰে। (লূক ২১:৩৪, ৩৫) ইয়াৰ উপৰিও আমি প্ৰতিদিনে সামাজিক আৰু ৰাজনৈতিক বিষয়বোৰৰ বাবে প্ৰতিবাদ আৰু ধৰ্ণা হোৱাৰ খবৰ শুনিয়েই থাকোঁ। এইবোৰৰ বিষয়ে সকলোৰে বেলেগ বেলেগ মতামত থাকে আৰু তেওঁলোকে তৰ্ক কৰি থাকে। এই কথাবোৰে যাতে আমাৰ ধ্যান বিচলিত নকৰে, তাৰ বাবে আমি সাৱধান হোৱা উচিত। এইদৰে নকৰিলে আমি মনতে কাৰোবাৰ পক্ষ লʼব পাৰোঁ। মনত ৰাখক, চয়তানে বেলেগ বেলেগ ফান্দৰ যোগেদি সঠিক কাম কৰাৰ আমাৰ ইচ্ছাক দুৰ্বল কৰিবলৈ চেষ্টা কৰে। w২৩.০৭ ১৬-১৭ ¶১২-১৩

মঙ্গলবাৰ, ৮ এপ্ৰিল

মোক সুঁৱৰিবলৈ এইদৰেই কৰি থাকিবা।—লূক ২২:১৯.

প্ৰতিবছৰে যিহোৱাৰ সাক্ষীসকলে যীচুৰ বলিদান মনত পেলাই। এই দিনক স্মৰণীয় দিন বুলি কোৱা হয়। এই দিনটো মনত পেলাবলৈ যীচুৱে নিজৰ শিষ্যসকলক আজ্ঞা দিছিল। এই দিনটো আমাৰ বাবে এটা বিশেষ দিন হয়। (লূক ২২:১৯, ২০) ইয়ে আমাক মনত পেলাই দিয়ে যে যীচু খ্ৰীষ্টই যি বলিদান দিলে, তাৰ প্ৰতি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ। (২ কৰি. ৫:১৪, ১৫) আমি এজনে-আনজনক উৎসাহিত কৰাৰ সুযোগ পাওঁ। (ৰোম. ১:১২) আগ্ৰহী লোকসকলে যেতিয়া স্মৰণীয় দিনত উপস্থিত হয়, তেতিয়া তাত যি চাই আৰু শুনে, তাৰ বাবে তেওঁলোকে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে আৰু জীৱনৰ পথত চলে। স্মৰণীয় দিনৰ যোগেদি আমাৰ মাজত একতা আৰু দৃঢ় হৈ পৰে। এই সকলো কাৰণৰ বাবে স্মৰণীয় দিন আমাৰ বাবে আটাইতকৈ বিশেষ দিন হয়! w২৪.০২ ৮ ¶১-৩

স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ: (নিচান ৯: দিনৰ সময়ত হোৱা ঘটনাবোৰ) লূক ১৯:২৯-৪৪

বুধবাৰ, ৯ এপ্ৰিল

ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।—যোহ. ৩:১৬.

যিহোৱা আৰু যীচুৱে আমাৰ বাবে কিমান কৰিলে তাৰ বিষয়ে আমি যিমানেই চিন্তা কৰিম, সিমানেই ভালদৰে বুজিব পাৰিম যে তেওঁলোকে আমাক কিমান প্ৰেম কৰে। (গালা. ২:২০) যিহোৱাই মুক্তিৰ মূল্যৰ ব্যৱস্থা প্ৰেমৰ বাবেহে কৰিছিল। তেওঁ প্ৰেম দেখুৱাবলৈ নিজৰ মৰমৰ পুত্ৰক বলিদান দিলে। আমাৰ বাবে তেওঁ যীচুক ইমান যাতনা সহি মৃত্যু হʼবলৈ দিলে। আমাৰ বাবে যিহোৱাৰ যি প্ৰেম আছে, তাক তেওঁ প্ৰকাশো কৰে। (যিৰি. ৩১:৩) তেওঁ আমাক প্ৰেম কৰে, সেইবাবে আমাক নিজৰ ফালে আকৰ্ষিত কৰিছে। (দ্বিতীয় বিবৰণ ৭:৭, ৮ পদৰ লগত তুলনা কৰক।) তেওঁৰ প্ৰেমৰ পৰা আমাক কোনো বস্তু বা শক্তিয়ে পৃথক কৰিব নোৱাৰে। (ৰোম. ৮:৩৮, ৩৯) যেতিয়া আপুনি যিহোৱাৰ প্ৰেমৰ বিষয়ে চিন্তা কৰে, তেতিয়া আপুনি কেনে অনুভৱ কৰে? w২৪.০১ ২৮ ¶১০-১১

স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ: (নিচান ১০: দিনৰ সময়ত হোৱা ঘটনাবোৰ) লূক ১৯:৪৫-৪৮; মথি ২১:১৮, ১৯; ২১:১২, ১৩

বৃহস্পতিবাৰ, ১০ এপ্ৰিল

এই আশাৰে হল যে, সৃষ্টিখনে . . . ক্ষয়মূলক দাসত্বৰ পৰা . . . মুক্তি পাব।—ৰোম. ৮:২১.

অভিষিক্ত খ্ৰীষ্টানসকলে নিজৰ আশাৰ বাবে বহুত কৃতজ্ঞ। ইয়াৰে মাজৰ এজন অভিষিক্ত ভাই আছিল ফ্ৰেডৰিক ফ্ৰাঞ্জ। তেওঁ ১৯৯১ চনত নিজৰ আশাৰ বিষয়ে এইদৰে কৈছিল, “আমাৰ আশা নিশ্চিত আছে। তাকৰ জাকৰ ১,৪৪,০০০ জনৰ ভিতৰত প্ৰতিজনৰে আশা পূৰ হʼব আৰু এয়া ইমান সুন্দকৈ হʼব যাৰ বিষয়ে আমি কল্পনাও কৰিব নোৱাৰোঁ। . . . আমাৰ আশা আজিও আমাৰ বাবে বহুত মূল্যৱান। . . . যিমানে বেছি আমি এই আশা পূৰ হোৱাৰ বিষয়ে অপেক্ষা কৰি আছোঁ, সিমানেই ইয়াৰ বাবে আমাৰ অন্তৰত কৃতজ্ঞতা আৰু বাঢ়ি গৈছে। এই আশা ইমানেই সুন্দৰ যে যদি আমাক ইয়াৰ বাবে লাখ লাখ বছৰ অপেক্ষা কৰিবলগীয়া হয়, তেনেহʼলে আমি আনন্দেৰে অপেক্ষা কৰিম। মই এই আশাৰ বাবে আগতকৈ বেছি কৃতজ্ঞ।” আমাৰ আশা স্বৰ্গত অনন্ত জীৱন জীয়াই থকাৰ বাবে হওক বা পৃথিৱীত, আমাৰ আশা সচাঁকৈ বহুত সুন্দৰ হয়। এই আশাৰ বাবে আমি বহুত আনন্দ পাওঁ। আমাৰ এই আশা আৰু দৃঢ় হʼব পাৰে! w২৩.১২ ৯ ¶৬; ১০ ¶৮

স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ: (নিচান ১১: দিনৰ সময়ত হোৱা ঘটনাবোৰ) লূক ২০:১-৪৭

শুক্ৰবাৰ, ১১ এপ্ৰিল

পাপ গুচাবলৈ ভতৰা আৰু ছাগৰ তেজৰ সাধ্য নাই।—ইব্ৰী ১০:৪.

পবিত্ৰ তম্বুৰ বাহিৰত পিতলৰ এটা বেদী আছিল, যʼত যিহোৱাৰ বাবে জীৱ-জন্তুবোৰ বলিদান দিয়া হৈছিল। (যাত্ৰা. ২৭:১, ২; ৪০:২৯) কিন্তু এই বলিদানৰ বাবে লোকসকলে নিজৰ পাপৰ পৰা সম্পূৰ্ণৰূপে ক্ষমা পোৱা নাছিল। (ইব্ৰী ১০:১-৩) এই বেদীত এটাৰ পাছত এটা জীৱ-জন্তুৰ যি বলিদান দিয়া হৈছিল, ইয়ে সেই বলিদানক চিত্ৰিত কৰে যাৰ পৰা লোকসকলে নিজৰ পাপৰ পৰা সম্পূৰ্ণৰূপে ক্ষমা পালেহেঁতেন। যীচুক নিজৰ জীৱন লোকসকলৰ বাবে মুক্তিপণ হিচাপে বলিদান দিবলৈ যিহোৱাই তেওঁক পৃথিৱীলৈ পঠিয়াইছে বুলি যীচুৱে জানিছিল। (মথি ২০:২৬) বাপ্তিষ্মা লৈ তেওঁ প্ৰকাশ কৰিলে যে তেওঁ যিহোৱাৰ ইচ্ছা পূৰ কৰিব বিচাৰে। (যোহ. ৬:৩৮; গালা. ১:৪) যীচুৱে নিজৰ “শৰীৰ নৈবেদ্যস্বৰূপে একেবাৰে উৎসৰ্গ” কৰিলে যাতে যিসকলে খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰে তেওঁ নিজৰ পাপৰ পৰা ক্ষমা পায়।—ইব্ৰী ১০:৫-৭, ১০. w২৩.১০ ২৬-২৭ ¶১০-১১

স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ: (নিচান ১২: দিনৰ সময়ত হোৱা ঘটনাবোৰ) লূক ২২:১-৬; মাৰ্ক ১৪:১, ২, ১০, ১১

স্মৰণীয় দিনৰ তাৰিখ
সূৰ্য্য মাৰ যোৱাৰ পাছত
শনিবাৰ, ১২ এপ্ৰিল

ঈশ্বৰে যি উপহাৰ দিয়ে, সেয়া হৈছে আমাৰ প্ৰভু খ্ৰীষ্টৰ যোগেদি অনন্ত জীৱন।—ৰোম. ৬:২৩.

পাপ আৰু মৃত্যুৰ পৰা বাচিবলৈ আমি একো কৰিব নোৱাৰোঁ। (গীত. ৪৯:৭, ৮) সেইবাবে, যিহোৱা আৰু যীচুৱে আমাৰ বাবে এটা ডাঙৰ মূল্য দিলে। আমাক মুকলি কৰিবলৈ যিহোৱাই নিজৰ পুত্ৰ যীচুক বলিদান দিলে। চিন্তা কৰকচোন, যিহোৱা আৰু যীচুৱে আমাৰ বাবে কিমান সহন কৰিলে। ইয়াৰ বিষয়ে আমি যিমানেই চিন্তা কৰিম, সিমানেই মুক্তিৰ মূল্যৰ প্ৰতি আমাৰ কৃতজ্ঞতা বাঢ়িব। যেতিয়া আদমে পাপ কৰিলে, তেতিয়া অনন্ত জীৱন জীয়াই থকাৰ সুযোগ হেৰুৱালে আৰু এই সুযোগ তেওঁৰ লʼৰা-ছোৱালীসকলেও হেৰুৱালে। আদমে যি হেৰুৱাইছিল তাক ঘূৰাই পাবলৈ যীচুৱে নিজৰ সিদ্ধ জীৱন বলিদান দিলে। যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া “তেওঁ কোনো পাপ নকৰিলে, তেওঁৰ মুখত কোনো ছলনা পোৱা নগল।” (১ পিত. ২:২২) গতিকে যেতিয়া তেওঁৰ মৃত্যু হʼল, তেতিয়া তেওঁ সিদ্ধ আছিল, যেনেকৈ আদমে পাপ কৰাৰ আগতে সিদ্ধ আছিল। সেইবাবে, নিজৰ সিদ্ধ জীৱন বলিদান দি যীচুৱে মুক্তিৰ সমান মূল্য দিলে।—১ কৰি. ১৫:৪৫; ১ তীম. ২:৬. w২৪.০১ ১০ ¶৫-৬

স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ: (নিচান ১৩: দিনৰ সময়ত হোৱা ঘটনাবোৰ) লূক ২২:৭-১৩; মাৰ্ক ১৪:১২-১৬ (নিচান ১৪: সূৰ্য্য মাৰ যোৱাৰ পাছৰ ঘটনাবোৰ) লূক ২২:১৪-৬৫

দেওবাৰ, ১৩ এপ্ৰিল

ছাগৰ আৰু দামুৰিৰ তেজৰ গুণে নহয়, কিন্তু তেওঁৰ নিজৰ তেজৰ গুণে, একেবাৰতে পবিত্ৰস্থান সোমাই, অনন্ত কালস্থায়ী মুক্তি উপাৰ্জ্জন কৰিলে।—ইব্ৰী ৯:১২.

জীৱিত হোৱাৰ পাছত যীচুৱে লাক্ষণিক মন্দিৰৰ অতি পবিত্ৰস্থানলৈ গʼল। যিহোৱাই মুক্তিপণ বলিদানৰ আধাৰত শুদ্ধ উপাসনাৰ বাবে যি ব্যৱস্থা কৰিছে, তাৰ মহা-পুৰোহিত হৈছে যীচু আৰু এয়া আটাইতকৈ ভাল ব্যৱস্থা হয়। কিয় বাৰু? কাৰণ ইস্ৰায়েলত মহা-পুৰোহিতসকলে জীৱ-জন্তুৰ তেজ লৈ মানুহে বনোৱা অতি পবিত্ৰস্থানলৈ গৈছিল। কিন্তু যীচু ‘স্বৰ্গলৈ’ গʼল, যি সকলোতকৈ পবিত্ৰ ঠাই হয় যাতে তেওঁ যিহোৱাৰ ওচৰত থিয় হʼব পাৰে। তেওঁ আমাৰ বাবে নিজৰ সিদ্ধ জীৱনৰ মূল্য (পৃথিৱীত অনন্ত জীৱন জীয়াই থকাৰ অধিকাৰ) যিহোৱাৰ আগত দিলে যাতে নিজৰ বলিদানৰ যোগেদি আমাৰ ‘পাপ-নাশ’ কৰিব পাৰে। (ইব্ৰী ৯:২৪-২৬) আমাৰ আশা স্বৰ্গত জীয়াই থকাৰ বাবে হওক বা পৃথিৱীত, আজি আমি সকলোৱে যিহোৱাৰ লাক্ষণিক মন্দিৰত উপাসনা কৰিব পাৰোঁ। w২৩.১০ ২৮ ¶১৩-১৪

স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ: (নিচান ১৪: দিনৰ সময়ত হোৱা ঘটনাবোৰ) লূক ২২:৬৬-৭১

সোমবাৰ, ১৪ এপ্ৰিল

এতেকে আহাঁ, আমি . . . সাহেৰে অনুগ্ৰহৰ সিংহাসনৰ ওচৰলৈ চাপি যাওঁহঁক।—ইব্ৰী ৪:১৬.

চিন্তা কৰক, যীচুৱে এজন মহাপুৰোহিত হিচাপে আমাক কেনেকৈ সহানুভূতি দেখুৱায় আৰু স্বৰ্গত শাসন কৰি আছে। যীচুৰ নামেৰে প্ৰাৰ্থনা কৰিলে আমি ঈশ্বৰৰ ‘অনুগ্ৰহৰ সিংহাসনৰ ওচৰলৈ চাপিব’ পাৰোঁ। যিহোৱাই যাতে আমাক দয়া দেখুৱায় আৰু ‘উপযুক্ত সময়ত’ সহায় কৰে, তাৰ বাবে আমি তেওঁলৈ মিনতি কৰিব পাৰোঁ। (ইব্ৰী ৪:১৪, ১৫) সদায় এই বিষয়ে চিন্তা কৰিবলৈ চেষ্টা কৰক যে যিহোৱা আৰু যীচুৱে আপোনাৰ বাবে কি কৰিলে আৰু আজি কি কৰি আছে। তেওঁলোকে আমাক যিদৰে প্ৰেম দেখুৱালে, সেয়া আমাৰ হৃদয় স্পৰ্শ নকৰে নে? যিহোৱাৰ সেৱা আৰু উৎসাহেৰে কৰিবলৈ মন নাযায় নে? (২ কৰি. ৫:১৪, ১৫) কৃতজ্ঞতা দেখুৱাৰ এটা ভাল উপায় হৈছে লোকসকলক যিহোৱাৰ সাক্ষী আৰু যীচুৰ শিষ্য হʼবলৈ সহায় কৰা। (মথি ২৮:১৯, ২০) পাঁচনি পৌলেও এইদৰেই কৰিছিল। তেওঁ জানিছিল যে ঈশ্বৰৰ ইচ্ছা হৈছে, “সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।”—১ তীম. ২:৩, ৪. w২৩.১০ ২২-২৩ ¶১৩-১৪

স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ: (নিচান ১৫: দিনৰ সময়ত হোৱা ঘটনাবোৰ) মথি ২৭:৬২-৬৬

মঙ্গলবাৰ, ১৫ এপ্ৰিল

মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।—প্ৰকা. ২১:৪.

এই প্ৰতিজ্ঞাই আমাৰ হৃদয় স্পৰ্শ কৰে। আমাৰ মাজৰ বহুতো লোকে প্ৰচাৰ কৰাৰ সময়ত প্ৰমোদবনত আমাৰ জীৱন কেনেকুৱা হʼব, এই প্ৰতিজ্ঞাটো লোকসকলক পঢ়ি শুনায়। প্ৰকাশিত বাক্য ২১:৩, ৪ পদত লিখা প্ৰতিজ্ঞাটো নিশ্চয় পূৰ হʼব বুলি আমি নিজৰ আৰু আনৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ? যিহোৱাই হৃদয় স্পৰ্শ কৰা এই প্ৰতিজ্ঞাটো কৰি এৰি দিয়া নাই, কিন্তু এয়া পূৰ হʼব বুলি বিশ্বাস কৰিবলৈ আমাক বহুতো কাৰণ দিছে। প্ৰমোদবনৰ বিষয়ে যিহোৱাই কৰা প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰাৰ বহুতো কাৰণ আছে। আগত উল্লেখ কৰা পদবোৰলৈ মন কৰিলে আমি সেই কাৰণবোৰৰ বিষয়ে জানিব পাৰিম। তাত এইদৰে লিখা আছে, “সিংহাসনৰ ওপৰত বহা জনাই কলে, চোৱা, মই সকলোকে নতুন কৰোঁ। তেওঁ আৰু কলে, লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য। পাছে তেওঁ মোক কলে, হল; মই আল্ফা আৰু ওমিগা, আদি আৰু অন্ত।”—প্ৰকা. ২১:৫, ৬ক. w২৩.১১ ৩ ¶৩-৫

স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ: (নিচান ১৬: দিনৰ সময়ত হোৱা ঘটনাবোৰ) লূক ২৪:১-১২

বুধবাৰ, ১৬ এপ্ৰিল

ডেকাবিলাককো সুবোধ হবলৈ উদগোৱা।—তীত ২:৬.

ডেকা ভাইসকলৰ চিন্তা-শক্তিৰ দক্ষতা আছে বা তেওঁলোকে যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখে বুলি আৰু কেনেকৈ দেখুৱাব পাৰে? তেওঁলোকে যি ধৰণৰ কাপোৰ পিন্ধে আৰু চুলি ফনিয়াই, তাৰ প্ৰতি ধ্যান দিয়াৰ যোগেদি। প্ৰায়ে দেখিবলৈ পোৱা যায় যে যিসকল লোকে নতুন নতুন ষ্টাইলৰ কাপোৰ ডিজাইন কৰে বা সেইবোৰ পিন্ধিবলৈ উৎসাহিত কৰে, তেওঁলোকে যিহোৱাৰ মানদণ্ড পালন নকৰে আৰু বহু বাৰ তেওঁলোকে অনৈতিক জীৱন-যাপনো কৰে। সেইবাবে, তেওঁলোকে এনে ষ্টাইলৰ কাপোৰ ডিজাইন কৰে, যি টাইট ফিটিং থাকে বা সেইবোৰ পিন্ধি এজন ব্যক্তিক তিৰোতাৰ দৰে দেখে। গতিকে যদি এজন ডেকা ভায়ে পৰিপক্ক হʼব বিচাৰে, তেনেহʼলে তেওঁ কাপোৰৰ ক্ষেত্ৰত নিৰ্ণয় লোৱাৰ সময়ত কি কি কথা মনত ৰখা উচিত? তেওঁ ভবা উচিত যে যদি তেওঁ সেই কাপোৰ পিন্ধে, তেনেহʼলে যিহোৱা আনন্দিত হʼব নে। ইয়াৰ উপৰিও তেওঁ এই বিষয়েও চিন্তা কৰিব পাৰে যে তেওঁৰ মণ্ডলীৰ পৰিপক্ক ভাইসকলে কেনেধৰণৰ কাপোৰ পিন্ধে। তেওঁ নিজকে এইদৰে প্ৰশ্ন সুধিব পাৰে, ‘মই যেনেধৰণৰ কাপোৰ পিন্ধোঁ, তাৰ পৰা জানিব পাৰি নে যে মই সঠিক চিন্তাধাৰা ৰাখোঁ আৰু আনক সন্মান কৰোঁ? মই যেনেধৰণৰ কাপোৰ পিন্ধোঁ, তাৰ পৰা জানিব পাৰি নে যে মই ঈশ্বৰৰ উপাসনা কৰোঁ?’ (১ কৰি. ১০:৩১-৩৩) যিসকল ডেকা ভায়ে নিজৰ চিন্তা-শক্তি বঢ়াই, তেওঁলোকক ভাই-ভনীসকলে সন্মান কৰে আৰু যিহোৱাও তেওঁলোকৰ পৰা আনন্দিত হয়। w২৩.১২ ২৬ ¶৭

বৃহস্পতিবাৰ, ১৭ এপ্ৰিল

মোৰ ৰাজ্য এই জগতৰ নহয়। মোৰ ৰাজ্য এই জগতৰ হোৱা হʼলে . . . মোৰ সেৱকসকলে যুঁজিলেহেঁতেন।—যোহ. ১৮:৩৬.

অতীতত “দক্ষিণ দেশৰ ৰজাই” যিহোৱাৰ লোকসকলৰ ওপৰত অত্যাচাৰ কৰিলে। (দানি. ১১:৪০) যেনে, প্ৰথম আৰু দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ছোৱাত নিৰপেক্ষ হৈ থকাৰ বাবে বহুতো খ্ৰীষ্টানক জেলত বন্দী কৰা হʼল। ইয়াৰ বাবে সাক্ষীসকলৰ কিছুমান লʼৰা-ছোৱালীক স্কুলৰ পৰা উলিয়াই দিয়া হʼল। কিন্তু কিছু বছৰ ধৰি ‘দক্ষিণ দেশৰ ৰজাৰ’ এলেকাত থকা সাক্ষীসকলৰ আন এক প্ৰকাৰে বিশ্বাসৰ পৰীক্ষা হʼল। উদাহৰণস্বৰূপে, নিৰ্বাচনৰ সময়ত ৰাজনৈতিক পাৰ্টীবোৰে যেতিয়া নিজৰ পাৰ্টীৰ বিষয়ে প্ৰচাৰ কৰে, তেতিয়া এজন খ্ৰীষ্টানে হয়তো কোনো ৰাজনৈতিক পাৰ্টী বা অংশগ্ৰহণ কৰা প্ৰাৰ্থীজনক হয়তো আনতকৈ ভাল বুলি ভাবিব পাৰে। তেওঁ হয়তো ভোট নিদিয়ে, কিন্তু মনতে ভাবিব পাৰে যে সেই পাৰ্টী জিকিলে ভাল হʼব। সেইবাবে, সম্পূৰ্ণৰূপে নিৰপেক্ষ হৈ থাকিবলৈ আমি মনতো কাৰো পক্ষ নোলোৱাটো অতি গুৰুত্বপূৰ্ণ।—যোহ. ১৫:১৮, ১৯. w২৩.০৮ ১২ ¶১৭

শুক্ৰবাৰ, ১৮ এপ্ৰিল

দিনে দিনে আমাৰ ভাৰ বহন কৰোঁতা যিহোৱা ধন্য।—গীত. ৬৮:১৯.

জীৱনৰ দৌৰত “তোমালোকে যিহতে পাব পাৰা, এনেকৈ লৰ মাৰিবা।” (১ কৰি. ৯:২৪) যীচুৱে কৈছিল, “জীৱিকাৰ চিন্তা, মত্ততা, আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰগ্ৰস্ত নহয়।” (লূক ২১:৩৪) এনেধৰণৰ পদবোৰলৈ ধ্যান দিলে আমি বুজিব পাৰিম যে আমাক কʼত শুধৰণি কৰিব আছে যাতে আমি জীৱনৰ দৌৰ পূৰ কৰিব পাৰিম। আমি জীৱনৰ দৌৰত জয়লাভ কৰিব পাৰোঁ। কাৰণ যদি আমি দুৰ্বল অনুভৱ কৰোঁ, তেনেহʼলে যিহোৱাই আমাক বল দিব। (যিচ. ৪০:২৯-৩১) নিজৰ গতি কম হʼবলৈ নিদিব। পাঁচনি পৌলৰ দৰে হওক, যিয়ে পুৰস্কাৰ পাবলৈ সম্পূৰ্ণ শক্তিৰে দৌৰি থাকিল। (ফিলি. ৩:১৩, ১৪) এই দৌৰ আপুনি নিজেই দৌৰিব লাগিব, আনে আপোনাৰ বাবে দৌৰিব নোৱাৰে। কিন্তু যিহোৱাৰ সহায়ত আপুনি এই দৌৰ পূৰ কৰিব পাৰিব। যিহোৱাৰ সহায়ত আপুনি নিজৰ বোজা উঠাব পাৰে আৰু গধুৰ বোজা পেলাব পাৰে। যদি যিহোৱা আপোনাৰ লগত আছে, তেনেহʼলে বিশ্বাস ৰাখক আপুনি ধৈৰ্য্যেৰে এই দৌৰ দৌৰিব পাৰিব আৰু পুৰস্কাৰ পাব পাৰিব! w২৩.০৮ ৩১ ¶১৬-১৭

শনিবাৰ, ১৯ এপ্ৰিল

তুমি তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।—যাত্ৰা. ২০:১২.

যেতিয়া যীচু ১২ বছৰৰ আছিল সেই সময়ৰ কথা। তেওঁৰ পৰিয়ালে যিৰূচালেমত এটা উৎসৱ পালন কৰি ঘৰলৈ উভটি আহিছিল। কিন্তু যীচু যিৰূচালেমতে থাকি গ’ল। (লূক ২:৪৬-৫২) চাবলৈ গ’লে যোচেফ আৰু মৰিয়মে এই কথাৰ প্ৰতি ধ্যান দিয়াৰ প্ৰয়োজন আছিল যে তেওঁলোকৰ সকলো লʼৰা-ছোৱালী লগত আছে নে নাই। কিন্তু শেষত যেতিয়া তেওঁলোকে যীচুক বিচাৰি পালে, তেতিয়া মৰিয়ামে যীচুক দোষ দিবলৈ ধৰিলে আৰু ক’লে যে যীচুৰ বাবে তেওঁলোকে ইমানবোৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। যীচুয়ে বিচৰা হ’লে ক’ব পাৰিলেহেতেঁন ‘ইয়াত মোৰ কোনো ভুল নাই আপোনালোকৰহে।’ কিন্তু তেওঁ এইদৰে নকʼলে। যীচুয়ে সন্মানেৰে তেওঁলোকৰ লগত কথা পাতিলে। যোচেফ আৰু মৰিয়মে ‘তেওঁ কোৱা এই কথা নুবুজিলে’ তথাপি যীচু ‘তেওঁলোকৰ বশ [অধীন] হৈ থাকিল।’ কিশোৰ-কিশোৰীসকল, যেতিয়া আপোনাৰ মা-দেউতাৰ পৰা ভুল হয় বা তেওঁলোকে ভুল বুজে, তেতিয়া তেওঁলোকৰ কথা পালন কৰিবলৈ আপোনাক কঠিন লাগে নে? যদি লাগে তেনেহ’লে কি কথাই আপোনাক সহায় কৰিব পাৰে। চিন্তা কৰক যে যেতিয়া আপুনি তেওঁলোকৰ কথা পালন কৰে, তেতিয়া যিহোৱাক কেনেকুৱা লাগে। বাইবেলত লিখা আছে যে যেতিয়া লʼৰা-ছোৱালীয়ে মা-দেউতাৰ কথা পালন কৰে, তেতিয়া “প্ৰভুত সেয়েই সন্তোষজনক।” (কল. ৩:২০) যিহোৱাই জানে যে বহু বাৰ আপোনাৰ মা-দেউতাই আপোনাক সম্পূৰ্ণৰূপে বুজি নাপাবও পাৰে বা কেতিয়াবা কেতিয়াবা তেওঁলোকে হয়তো এনে কিছুমান নিয়ম বনাব পাৰে, যিবোৰ পালন কৰিবলৈ সহজ নহয়। তথাপিও যেতিয়া আপুনি তেওঁলোকৰ কথা পালন কৰে, তেতিয়া আপুনি যিহোৱাক আনন্দিত কৰাৰ দৰে হয়। w২৩.১০ ৭ ¶৫-৬

দেওবাৰ, ২০ এপ্ৰিল

সকলোৰে লগত সম্পূৰ্ণ কোমলতাৰে যেন ব্যৱহাৰ কৰে।—তীত ৩:২.

যেতিয়া স্কুলত কোনোবাই আমাক কয় যে যিহোৱাৰ সাক্ষীসকলে সমকামিতাৰ বিষয়ে নিজৰ চিন্তাধাৰা সলনি কৰিব লাগে, তেতিয়া আমি তেওঁক আশ্বাস দিব পাৰোঁ যে লোকসকলে কেনেদৰে জীৱন-যাপন কৰিব, তাৰ নিৰ্ণয় লোৱাৰ অধিকাৰ সকলোৰে আছে বুলি আমি বিশ্বাস কৰোঁ। (১ পিত. ২:১৭) তাৰ পাছত হয়তো আমি তেওঁক এয়াও জনাব পাৰোঁ যে বাইবেলৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিলে আমাৰ কি লাভ হʼব। যদি কোনোবাই বাইবেলৰ কথাৰ লগত একেবাৰে সন্মত নহয়, তেনেহʼলে আমি এয়া ভবা উচিত নহয় যে আমি জানোঁ তেওঁ কি বিশ্বাস কৰে। যেনে, স্কুলত যেতিয়া কোনো লʼৰা-ছোৱালীয়ে কয় যে ‘আজি কালি কোনেনো ঈশ্বৰক বিশ্বাস কৰে?’ তেতিয়া আপুনি ভাবিবনে যে তেওঁ বিকাশবাদ বা বিৱৰ্তনক বিশ্বাস কৰে আৰু ইয়াৰ বিষয়ে সকলোখিনি জানে? আচলতে, হয়তো তেওঁ ইয়াৰ বিষয়ে ভবাই নাই। আপুনি যদি বিচাৰে তেওঁক jw.org ৱেবছাইটত সৃষ্টিৰ বিষয়ে দিয়া ভিডিঅʼ আৰু লেখবোৰ দেখুৱাব পাৰে। হয়তো পাছত তেওঁ এই বিষয়ে আপোনাৰ লগত কথা পাতিবলৈ সাজু হʼব পাৰে। এইদৰে আপুনি আনৰ কথাক সন্মান কৰিলে আৰু ভাবি-চিন্তি কথা পাতিলে তেওঁলোকৰ বাইবেলৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ মন যাব। w২৩.০৯ ১৭ ¶১২-১৩

সোমবাৰ, ২১ এপ্ৰিল

হে প্ৰভু, তুমিয়েই মঙ্গলময় আৰু ক্ষমাৱান, আৰু তোমাৰ আগত প্ৰাৰ্থনা কৰোঁতাবিলাকলৈ তুমি দয়াত মহান। —গীত. ৮৬:৫.

ভুল হোৱাৰ পাছত যদি আমি নিজকে শুধৰণি কৰিবলৈ চেষ্টা কৰোঁ আৰু যিহোৱাৰ ওপৰত নিৰ্ভৰ হওঁ, তেনেহ’লে আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাক তেওঁৰ ইচ্ছা পূৰ কৰিবলৈ সুযোগ দিব আৰু আশীৰ্বাদো দিব। (হিতো. ২৮:১৩) চিমচোন সিদ্ধ নাছিল আৰু দলীলাৰ ক্ষেত্ৰত কিছুমান ভুলো কৰিছিল। কিন্তু তেওঁ হাৰ মনা নাছিল আৰু যিহোৱাৰ ইচ্ছা পূৰ কৰি থাকিল। যিহোৱাও তেওঁক এৰি দিয়া নাছিল। চিমচোনক যিহোৱাই তেওঁৰ ইচ্ছা পূৰ কৰিবলৈ আচৰিতভাৱে সহায় কৰিছিল। যিহোৱাৰ দৃষ্টিত চিমচোন এতিয়াও এজন বিশ্বাসী সেৱক আছিল। সেইবাবে, বাইবেলত বিশ্বাসী সেৱকসকলৰ নাম লিখাৰ সময়ত তেওঁ চিমচোনৰ নামো লিখালে। (ইব্ৰী ১১) এয়া জানি আমি কিমান উৎসাহিত হওঁ যে আমাৰ মৰমিয়াল পিতৃ ঈশ্বৰ যিহোৱাই এতিয়াও আমাক বহুত প্ৰেম কৰে আৰু শক্তিও দিয়ে। বিশেষকৈ যেতিয়া আমি বহুত দুৰ্বল হওঁ। সেইবাবে, আহক আমিও যিহোৱালৈ ৰিঙিয়াই চিমচোনৰ দৰে প্ৰাৰ্থনা কৰোঁ। ‘হে প্ৰভু যিহোৱা অনুগ্ৰহ কৰি মোক সোঁৱৰণ কৰা, হে ঈশ্বৰ এবাৰ মাথোন মোক বলবান কৰা।’—বিচা. ১৬:২৮. w২৩.০৯ ৭ ¶১৮-১৯

মঙ্গলবাৰ, ২২ এপ্ৰিল

ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা কৰি থাকক।—২ পিত. ৩:১১.

আমি যিমানেই পাৰোঁ, সিমানেই আন লোকসকলক শুভৱাৰ্তা শুনাওঁ। কাৰণ আমি জানোঁ যে যিহোৱাৰ দিন ওচৰ চাপি আহিছে। কিন্তু কেতিয়াবা কেতিয়াবা আনৰ লগত কথা পাতিবলৈ সংকোচ অনুভৱ কৰোঁ। কিয়নো আমাক ভয় লাগে যে লোকসকলে কি ভাবিব আৰু আমাৰ লগত কেনে ব্যৱহাৰ কৰিব। পিতৰৰ লগতো এইদৰেই হৈছিল। যি ৰাতি যীচুৰ ওপৰত মোকৰ্দ্দমা চলোৱা হৈছিল, তেতিয়া পিতৰে নিজকে যীচুৰ শিষ্য হয় বুলি কʼবলৈ ভয় কৰিছিল। ইয়াৰ উপৰিও, তেওঁ কেইবাবাৰো যীচুক চিনি পাবলৈ অস্বীকাৰ কৰিছিল। (মথি ২৬:৬৯-৭৫) কিন্তু তেওঁ পাছত এই ভয়ৰ ওপৰত নিয়ন্ত্ৰণ কৰিলে আৰু বিশ্বাসেৰে কʼলে, “তেওঁবিলাকৰ ভয়ত ভয়াতুৰ নহবা, আৰু ব্যাকুল নহবা।” (১ পিত. ৩:১৪) পিতৰৰ কথাৰ পৰা আমি জানিব পাৰোঁ যে আমি নিজৰ ভয়ক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। যদি আপোনাক মানুহৰ প্ৰতি ভয় লাগে, তেনেহʼলে আপুনি এই ভয়ক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে? পিতৰে কৈছে, “খ্ৰীষ্টক প্ৰভু বুলি তোমালোকৰ হৃদয়ত পবিত্ৰ কৰি মানিবা।” (১ পিত. ৩:১৫) এইদৰে কৰিবলৈ আমি ভাবিব পাৰোঁ যে আমাৰ প্ৰভু আৰু ৰজা যীচু খ্ৰীষ্ট কি অধিকাৰত আছে আৰু তেওঁৰ কিমান শক্তি আছে। w২৩.০৯ ২৭-২৮ ¶৬-৮

বুধবাৰ, ২৩ এপ্ৰিল

যিদৰে পবিত্ৰ লোকসকলৰ কাৰণে উচিত, তোমালোকৰ মাজত অনৈতিক শাৰীৰিক সম্পৰ্ক আৰু কোনো ধৰণৰ অশুচি . . . কথা-বতৰা নহওক।—ইফি. ৫:৩.

“আন্ধাৰৰ বিফল কাৰ্য্যবোৰ” আমি যাতে আকৌ নকৰোঁ, তাৰ প্ৰতি আমিও সদায় বিশেষ ধ্যান দিয়া উচিত। (ইফি. ৫:১১) যিসকল লোকে অশ্লীল ছবি চাই, কথা পাতে বা এনে কথাবোৰ শুনে, তেওঁলোকে সহজতে অনৈতিক কাম কৰিব পাৰে আৰু বহুতো লোকৰ লগত এইদৰে হৈছেও। (আদি. ৩:৬; যাকো. ১:১৪, ১৫) এখন দেশত বহুতো সাক্ষীয়ে অনলাইন গ্ৰুপ বনালে, যʼত তেওঁলোকে এজনে-আনজনক মেচেজ পঠিয়াইছিল। আৰম্ভণিতে বেছিভাগ সাক্ষীয়ে সত্যতাৰ বিষয়ে কথা পাতিছিল, কিন্তু লাহে লাহে তেওঁলোকে এনে কথাবোৰ পাতিবলৈ ধৰিলে যিবোৰ যিহোৱাই বেয়া পায়। তেওঁলোকে অনৈতিক কামবোৰৰ বিষয়ে বেছিকৈ কথা পাতিবলৈ ধৰিলে। পাছত তেওঁলোকৰ মাজৰ বহুতো সাক্ষীয়ে কʼলে যে এনেধৰণৰ বেয়া কথাবোৰৰ বাবেই তেওঁলোকে অনৈতিক কাম কৰিলে। চয়তানৰ জগতে আমাক বিচলিত কৰিবলৈ চেষ্টা কৰে। সি আমাক বিশ্বাস দিব বিচাৰে যে যিবোৰ কথা যিহোৱাই অনৈতিক আৰু বেয়া বুলি ভাবে, সেইবোৰ একেবাৰে বেয়া নহয়। (২ পিত. ২:১৯) কিন্তু এয়া কোনো আচৰিত কথা নহয়, কিয়নো এয়া চয়তানৰ বহুত পুৰণি ষড়যন্ত্ৰ হয়। সি আৰম্ভণিৰে পৰা লোকসকলক বিচলিত কৰি আহিছে, যাতে তেওঁলোকে ভাল-বেয়াৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে। (যিচ. ৫:২০; ২ কৰি. ৪:৪) ইয়াৰ বাবে আজি বেছিভাগ চিনেমা, টিভি কাৰ্য্যক্ৰম আৰু ৱেবছাইটত এনে কথাবোৰক উৎসাহিত কৰা হয়, যি যিহোৱাৰ মানদণ্ডৰ বিৰুদ্ধে হয়। চয়তানে আমাক বিশ্বাস দিবলৈ চেষ্টা কৰে যে বেয়া কাম কৰা আৰু অনৈতিক জীৱন-যাপন কৰাটো একো বেয়া নহয়। এনেদৰে কৰিলে ভাল লাগে আৰু ইয়াত কাৰো হানিও নহয়।—ইফি. ৫:৬. w২৪.০৩ ২২ ¶৮-১০

বৃহস্পতিবাৰ, ২৪ এপ্ৰিল

তেওঁবিলাকৰ আৰাধানা-স্থান স্বৰ্গীয়-স্থানৰ নকল আৰু ছাঁ মাথোন।—ইব্ৰী ৮:৫.

পবিত্ৰ আবাস এটা তম্বু আছিল, যʼত ইস্ৰায়েলীসকলে বলিদান দিবলৈ আৰু তেওঁৰ উপাসনা কৰিবলৈ আহিছিল। (যাত্ৰা. ২৯:৪৩-৪৬) যেতিয়া ইস্ৰায়েলীসকলে অৰণ্যত এঠাইৰ পৰা আন ঠাইলৈ গৈছিল, তেতিয়া তেওঁলোকে ইয়াকো লগত লৈ গৈছিল। তেওঁলোকে প্ৰায় ৫০০ বছৰলৈকে সেই তম্বুত উপাসনা কৰিলে, যেতিয়ালৈকে যিৰূচালেমত মন্দিৰ নিৰ্মাণ হোৱা নাছিল। (যাত্ৰা. ২৫:৮, ৯; গণ. ৯:২২) কিন্তু এই তম্বুৱে এটা উত্তম বস্তুক চিত্ৰিত কৰিছিল। পবিত্ৰ তম্বু ‘স্বৰ্গীয়স্থানৰ ছাঁ’ আছিল, ইয়ে যিহোৱাৰ মহান লাক্ষণিক মন্দিৰক চিত্ৰিত কৰিছিল। পাঁচনি পৌলে কৈছিল যে এই তম্বু এতিয়াৰ “উপস্থিত কালৰ নিমিত্তে দৃষ্টান্তস্বৰূপ আছিল।” (ইব্ৰী ৯:৯) ইয়াৰ অৰ্থ হৈছে পৌলে যেতিয়া ইব্ৰী খ্ৰীষ্টানসকলক চিঠি লিখিছিল, তেতিয়া এই লাক্ষণিক মন্দিৰটো প্ৰকৃত অৰ্থত সঁচা হৈ পৰিছিল। এই মন্দিৰটো ২৯ খ্ৰীষ্টাব্দত অস্তিত্বত আহিছিল। সেই বছৰতে যীচুৱে বাপ্তিষ্মা লৈছিল আৰু তেওঁ লাক্ষণিক মন্দিৰত যিহোৱাৰ “মহা-পুৰোহিত” হিচাপে সেৱা কৰিবলৈ আৰম্ভ কৰিছিল।—ইব্ৰী ৪:১৪; পাঁচ. ১০:৩৭, ৩৮. w২৩.১০ ২৬ ¶৬-৭

শুক্ৰবাৰ, ২৫ এপ্ৰিল

তোমালোকৰ ক্ষান্ত স্বভাৱ সকলো মানুহে জানক।—ফিলি ৪:৫.

যদি এজন খ্ৰীষ্টানে আনন্দেৰে যিহোৱাৰ সেৱা কৰি থাকিবলৈ বিচাৰে, তেনেহʼলে তেওঁ হাউলিবলৈ অৰ্থাৎ পৰিস্থিতিৰ লগত খাপ খাবলৈ সাজু থকা উচিত। ইয়াৰ অৰ্থ হৈছে যদি আমাৰ পৰিস্থিতি সলনি হয়, তেনেহʼলে আমি সাল-সলনি কৰিবলৈ সাজু থকা উচিত আৰু আনৰ চিন্তাধাৰা বা নিৰ্ণয় আমাৰ পৰা বেলগে হʼলেও তেওঁলোকক সন্মান কৰা উচিত। আমি যিহোৱাৰ সেৱক হয়, সেইবাবে আমিও সঠিক চিন্তাধাৰা ৰাখিবলৈ বা সাল-সলনি কৰিবলৈ সাজু হৈ থাকিব বিচাৰোঁ। ইয়াৰ লগতে আমি নম্ৰ আৰু দয়ালু হʼব বিচাৰোঁ। যিহোৱাক “শিলা” বুলি কোৱা হৈছে, কিয়নো তেওঁ থিৰে থাকে। (দ্বিতী. ৩২:৪) কিন্তু তেওঁ সঠিক চিন্তাধাৰা ৰখা ঈশ্বৰ হয় আৰু প্ৰয়োজন হʼলে সাল-সলনি কৰিবলৈও সাজু থাকে। জগতৰ পৰিস্থিতি সলনি হোৱাৰ লগে লগে তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ সাল-সলনি কৰে। যিহোৱাই মানুহক নিজৰ প্ৰতিমূৰ্তিৰে বনাইছে। সেইবাবে, সলনি হোৱা পৰিস্থিতিৰ লগতে নিজকে খাপ খোৱাৰ দক্ষতা আমাৰ ওচৰতো আছে। তেওঁ বাইবেলত এনে কিছুমান সিদ্ধান্ত দিছে, যিবোৰ মনত ৰাখি আমি যিকোনো পৰিস্থিতিতে সঠিক নিৰ্ণয় লʼব পাৰোঁ। যিহোৱাৰ উদাহৰণ আৰু তেওঁ যিবোৰ সিদ্ধান্ত দিছে, তাৰ পৰা প্ৰমাণ হয় যে যিহোৱা ‘শিলাৰ’ দৰে থিৰ হয় কিন্তু তেওঁ সঠিক চিন্তাধাৰা ৰাখিবলৈ আৰু সাল-সলনি কৰিবলৈও সাজু থাকে। w২৩.০৭ ২০ ¶১-৩

শনিবাৰ, ২৬ এপ্ৰিল

মোৰ আন্তৰিক চিন্তাৰ বাহুল্যত, তুমি দিয়া শান্ত্বনাই মোৰ মন আনন্দিত কৰে।—গীত. ৯৪:১৯.

বাইবেলত কোৱা হৈছে যে যিহোৱা এনে এজনী মাতৃৰ দৰে হয়, যিগৰাকীয়ে নিজৰ কেচুৱাটিক বহুত প্ৰেম কৰে। (যিচ. ৬৬:১২, ১৩) চিন্তা কৰক, এগৰাকী মাতৃয়ে নিজৰ কেচুৱাটিক কিমান ভালদৰে চোৱা-চিতা কৰে আৰু বুজি পায় যে কেচুৱাটিক কিহৰ প্ৰয়োজন আছে আৰু তেওঁ সেইদৰেই কৰে। ঠিক সেইদৰে যেতিয়া আমাক দুখ লাগে, তেতিয়া আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই সেই মাতৃৰ দৰে আমাক বহুত প্ৰেম কৰে। আমাৰ পৰা কিবা ভুল হʼলে তেওঁ আমাক প্ৰেম কৰিবলৈ এৰি নিদিয়ে। (গীত. ১০৩:৮) উদাহৰণস্বৰূপে, ইস্ৰায়েলীসকলে বাৰে বাৰে যিহোৱাৰ মনক দুখ দিলে। তথাপিও যিসকল লোকে অনুতাপ কৰিলে, যিহোৱাই তেওঁলোকক প্ৰেম কৰিবলৈ নেৰিলে। তেওঁ এইদৰে কৈছিল, ‘তুমি মোৰ দৃষ্টিত বহুমূল্য আৰু আদৰণীয়, আৰু মই তোমাক প্ৰেম কৰোঁ।’ (যিচ. ৪৩:৪, ৫) যিহোৱা সলনি হোৱা নাই। তেওঁ আজি আমাকো বহুত প্ৰেম কৰে। আনকি আমাৰ পৰা ডাঙৰ ভুল হʼলেও যদি আমি অনুতাপ কৰি তেওঁৰ ওচৰলৈ উভতি আহোঁ, তেনেহʼলে আমি চাবলৈ পাম যে তেওঁ এতিয়াও আমাক আগৰ নিচিনাকৈ প্ৰেম কৰে। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক “প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব।” (যিচ. ৫৫:৭) যেতিয়া তেওঁ আমাক ক্ষমা কৰে, তেতিয়া আমাৰ জীৱনলৈ ‘যিহোৱাৰ পৰা শান্তিযুক্ত কাল আহে।’—পাঁচ. ৩:১৯. w২৪.০১ ২৭ ¶৪-৫

দেওবাৰ, ২৭ এপ্ৰিল

মোৰ ওপৰত মোৰ ঈশ্বৰ যিহোৱাৰ হাত আছে।—ইজ্ৰা ৭:২৮.

কঠিন পৰিস্থিতিত যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিব পাৰে? অধিৱেশনত যাবলৈ আপোনাক হয়তো ছুটিৰ প্ৰয়োজন আছে বা আপুনি নিজৰ কামৰ সময় সাল-সলনি কৰিব বিচাৰে যাতে আপুনি সকলো সভাত উপস্থিত হʼব পাৰে। যদি আপুনি সাহস গোটাই নিজৰ বʼছৰ লগত কথা পাতে, তেনেহʼলে আপুনি দেখিব যে যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিছে। হয়তো আপুনি যিদৰে ভাবিছে যিহোৱাই তাতকৈ ভাল উপায়েৰে সেই সমস্যাটো সমাধান কৰিব পাৰে। তেতিয়া যিহোৱাৰ ওপৰত আপোনাৰ ভৰসা আৰু বাঢ়িব।ইজ্ৰা নম্ৰ আছিল আৰু যিহোৱাৰ সহায় লৈছিল। ইজ্ৰাই নিজৰ দায়িত্ব কেনেকৈ পূৰ কৰিব বুলি চিন্তিত হোৱাৰ সময়ত সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। (ইজ্ৰা ৮:২১-২৩; ৯:৩-৫) যেতিয়া যিহূদীসকলে দেখিলে ইজ্ৰাই যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে, তেতিয়া তেওঁলোকে ইজ্ৰাক সহযোগ কৰিলে আৰু ইজ্ৰাৰ দৰে যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে। (ইজ্ৰা ১০:১-৪) ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আজি যেতিয়া আমি নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিম বা তেওঁলোকক কেনেকৈ সুৰক্ষিত ৰাখিম বুলি ভাবি চিন্তিত হওঁ, তেতিয়া আমি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত আৰু তেওঁৰ ওপৰত ভৰসা ৰাখা উচিত। w২৩.১১ ১৮ ¶১৫-১৭

সোমবাৰ, ২৮ এপ্ৰিল

[অব্ৰাহাম] যিহোৱাত বিশ্বাস কৰিলত, যিহোৱাই তাকেই তেওঁৰ পক্ষে ধাৰ্ম্মিকতা বুলি গণনা কৰিলে।—আদি. ১৫:৬.

ভাল ব্যক্তি হʼবলৈ অব্ৰাহামে যিবোৰ কাম কৰিছিল, সেইবোৰ কাম আমিও কৰিব লাগিব বুলি যিহোৱাই কোৱা নাই। আমি বহুতো উপায়েৰে নিজৰ বিশ্বাস দেখুৱাব পাৰোঁ। যেনে, আমি মণ্ডলীত নতুনকৈ অহা লোকসকলক আদৰণি জনাব পাৰোঁ, সহায়ৰ প্ৰয়োজন হোৱা ভাই-ভনীসকলক সহায় কৰিব পাৰোঁ আৰু নিজৰ পৰিয়ালৰ লোকসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ। এইদৰে কৰিলে যিহোৱা আমাৰ পৰা আনন্দিত হʼব আৰু আমাক বহুতো আশীৰ্বাদ দিব। (ৰোমী. ১৫:৭; ১ তীম. ৫:৪, ৮; ১ যোহ. ৩:১৮) নিজৰ বিশ্বাস দেখুৱাৰ আটাইতকৈ ভাল উপায় হৈছে উৎসাহেৰে লোকসকলক প্ৰচাৰ কৰা। (১ তীম. ৪:১৬) যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব আৰু তেওঁৰ কথাবোৰ পালন কৰিলে আমাৰে লাভ হয়, এই কথা আমি বিশ্বাস কৰোঁ বুলি নিজৰ কামৰ যোগেদি দেখুৱাব পাৰোঁ। তেতিয়া আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাক ভাল ব্যক্তি বুলি ভাবিব আৰু আমাক নিজৰ বন্ধু বুলি কʼব। w২৩.১২ ২ ¶৩; ৬ ¶১৫

মঙ্গলবাৰ, ২৯ এপ্ৰিল

হে ভাইবিলাক, তোমালোক বিবেচনাত ল’ৰা নহবা; . . . বিবেচনাত বয়সস্থ হোৱা।—১ কৰি. ১৪:২০.

পৰিপক্ক হʼবলৈ আজি সকলো ভায়ে এই পৰামৰ্শ পালন কৰা উচিত। ইয়াৰ বাবে তেওঁলোকে যিহোৱাৰ আজ্ঞাবোৰ পালন কৰা আৰু বাইবেলত যিবোৰ সিদ্ধান্ত দিয়া হৈছে, তাৰ অনুসৰি সৰু-ডাঙৰ সকলো নিৰ্ণয় লোৱাটো অতি গুৰুত্বপূৰ্ণ। (লূক ২:৫২) কিন্তু ডেকা ভাইসকলে পৰিপক্ক হোৱাটো কিয় গুৰুত্বপূৰ্ণ? ভাইসকলে নিজৰ পৰিয়াল আৰু মণ্ডলীত বহুতো দায়িত্ব পালন কৰিবলগীয়া হয়। ডেকা ভাইসকল, আপোনালোকেও হয়তো আগলৈ গৈ কিছুমান দায়িত্ব চম্ভালিম বুলি নিশ্চয় ভাবিছে। আপুনি হয়তো ভাবিছে যে আপুনি পূৰ্ণসময়ৰ সেৱা কৰিব, পৰিচাৰক হʼব আৰু পাছত মণ্ডলীত প্ৰাচীন হিচাপে সেৱা কৰিব। আপুনি হয়তো বিয়া পাতিবলৈ আৰু লʼৰা-ছোৱালীৰ কথাও ভাবিছে। (ইফি. ৬:৪; ১ তীম. ৩:১) এই দায়ত্ববোৰ চম্ভালিবৰ কাৰণে যোগ্য হʼবলৈ আৰু এইবোৰ ভালদৰে পালন কৰিবলৈ আপোনাক পৰিপক্ক হʼব লাগিব। w২৩.১২ ২৪ ¶১-২

বুধবাৰ, ৩০ এপ্ৰিল

গিদিয়োনৰ বৃত্তান্ত কবলৈ গলে সময় নোজোৰে।—ইব্ৰী ১১:৩২.

যিহোৱাই নিজৰ লোকসকলৰ চোৱা-চিতা কৰাৰ দায়িত্ব প্ৰাচীনসকলক দিছে। যিহোৱাই প্ৰাচীনসকলৰ ওপৰত ভৰসা কৰাৰ বাবে তেওঁলোকে অতি কৃতজ্ঞ। তেওঁলোকেও নিজৰ দায়িত্ব পালন কৰিবলৈ বহুত পৰিশ্ৰম কৰে। তেওঁলোকে ‘ৰখীয়াৰ’ দৰে ঈশ্বৰৰ জাকক ভালদৰে “প্ৰতিপালন” অৰ্থাৎ চোৱা-চিতা কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে। (যিৰি. ২৩:৪; ১ পিত. ৫:২) যিহোৱাই মণ্ডলীত এনে ভাইসকলক নিযুক্ত কৰাৰ বাবে আমি অতি কৃতজ্ঞ। আজি প্ৰাচীনসকলে গিদিয়োনৰ পৰা বহুতো কথা শিকিব পাৰে, যাক প্ৰাচীন সময়ত ঈশ্বৰে বিচাৰকৰ্তা নিযুক্ত কৰিছিল। (ইব্ৰী ৬:১২) তেওঁ কঠিন পৰিস্থিতিতো ঈশ্বৰৰ লোকসকলক সুৰক্ষিত কৰি ৰখা আৰু ৰখীয়া হিচাপে তেওঁলোকৰ চোৱা-চিতা কৰাৰ দায়িত্ব পালন কৰিলে। (বিচা. ২:১৬; ১ বং. ১৭:৬) ঠিক সেইদৰে আজি প্ৰাচীনসকলক এই কঠিন সময়ত ঈশ্বৰৰ লোকসকলক চোৱা-চিতা কৰাৰ দায়িত্ব দিয়া হৈছে। (পাঁচ. ২০:২৮; ২ তীম. ৩:১) গিদিয়োনৰ উদাহৰণলৈ মন কৰিলে প্ৰাচীনসকলে শিকিব পাৰিব যে তেওঁলোকে কেনেকৈ মৰ্য্যদাত থাকিব পাৰে, নম্ৰ হৈ থাকিব পাৰে, সদায় যিহোৱাৰ আজ্ঞা পালন কৰিব পাৰে আৰু একো কৰিব নোৱাৰোঁ বুলি অনুভৱ হ’লে কেনেকৈ থিৰে থাকিব পাৰে। যিসকলে প্ৰাচীন নহয় তেওঁলোকেও গিদিয়োনৰ উদাহৰণলৈ মন কৰিলে প্ৰাচীনসকলৰ কঠিন পৰিশ্ৰমৰ প্ৰতি বেছিকৈ কৃতজ্ঞ হʼব পাৰিব আৰু তেওঁলোকক সম্পূৰ্ণৰূপে সহযোগ কৰিব পাৰিব।—ইব্ৰী ১৩:১৭. w২৩.০৬ ২ ¶১; ৩ ¶৩

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক