মাৰ্চ
শনিবাৰ, ১ মাৰ্চ
এই আশাই আমাক নিৰাশ হʼবলৈ নিদিয়ে।—ৰোম. ৫:৫.
যদিও এতিয়ালৈকে নতুন পৃথিৱী অহা নাই, তথাপি আপুনি নিজৰ ওচৰে-পাজৰে থকা সৃষ্টিৰ ওপৰত ধ্যান দিব পাৰে। যেনে: তৰা, গছ-গছনি, জীৱ-জন্তু আৰু মানুহৰ ওপৰত। এসময়ত এইবোৰ নাছিল। কিন্তু সঁচাকৈ এইবোৰ আছে নে নাই বুলি কোনেও সন্দেহ নকৰে। আজি এই সকলোবোৰ আছে, কিয়নো যিহোৱাই এইবোৰ বনাইছে। (আদি. ১:১, ২৬, ২৭) ঠিক সেইদৰে যিহোৱাই থিৰাং কৰিছে যে তেওঁ নতুন পৃথিৱী আনিব আৰু এয়া তেওঁ নিশ্চয় কৰিব। সেই সময়ত সকলোৰে স্বাস্থ্য ভাল হʼব আৰু আমি সদায় জীয়াই থাকিম। আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে উচিত সময়ত যিহোৱাই নতুন পৃথিৱী নিশ্চয় আনিব। যিদৰে আমাৰ আশে-পাশে থকা সৃষ্টিৰ বস্তুবোৰ সঁচা, ঠিক সেইদৰে নতুন পৃথিৱীও সঁচাকৈ আহিব। (যিচ. ৬৫:১৭; প্ৰকা. ২১:৩, ৪) যেতিয়ালৈকে নতুন পৃথিৱী নাহে, তেতিয়ালৈকে আহক আমি সময়ৰ ভাল ব্যৱহাৰ কৰোঁ আৰু নিজৰ বিশ্বাস মজবুত কৰি থাকোঁ। যিহোৱাই মুক্তিপণৰ ব্যৱস্থা কৰাৰ বাবে সদায় তেওঁৰ প্ৰতি কৃতজ্ঞ হওক। এয়াও চিন্তা কৰক যে যিহোৱা কিমান শক্তিশালী আৰু উপাসনাৰ লগত জড়িত কামবোৰ কৰি থাকক। এনে কৰিলে আপুনিও সেই লোকসকলৰ দৰে হʼব, যিসকল “বিশ্বাস আৰু চিৰসহিষ্ণুতাৰ দ্বাৰাই প্ৰতিজ্ঞাবোৰৰ উত্তৰাধিকাৰী” হয়।—ইব্ৰী ৬:১১, ১২; w২৩.০৪ ৩১ ¶১৮-১৯
দেওবাৰ, ২ মাৰ্চ
মই তোমাক কোৱা নাছিলোঁ নে যদি তুমি বিশ্বাস কৰা, তেনেহʼলে তুমি ঈশ্বৰৰ মহিমা দেখিবা।—যোহ. ১১:৪০.
যীচুৱে স্বৰ্গলৈ চাই সকলোৰে ওচৰত প্ৰাৰ্থনা কৰে আৰু এতিয়া তেওঁ যি কৰিবলৈ গৈ আছে, তাৰ সকলো মহিমা যিহোৱাক দিব বিচাৰে। তাৰ পাছত যীচুৱে জোৰকৈ চিঞৰি কʼলে, “হে লাজাৰ, বাহিৰলৈ আহাঁ।” (যোহ. ১১:৪৩) তেতিয়া লাজাৰ কবৰৰ পৰা বাহিৰলৈ ওলাই আহিল। হয়তো কিছুমানে সপোনতো এইদৰে হʼব বুলি ভবা নাছিল। এই ঘটনাৰ পৰা মৃত লোকসকলক আকৌ জীয়াই তোলাৰ যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত আমাৰ বিশ্বাস আৰু বাঢ়ে। মন কৰক, যীচুৱে মাৰ্থাক প্ৰতিজ্ঞা কৰিছিল যে “তোমাৰ ভায়েৰা পুনৰায় উঠিব।” (যোহ. ১১:২৩) নিজৰ পিতৃৰ দৰে যীচুও নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব বিচাৰে আৰু এনে কৰিবলৈ তেওঁৰ ওচৰত শক্তিও আছে। মনত পেলাওক, যীচুৱে যেতিয়া নিজৰ বন্ধুসকলক কান্দি থকা দেখিলে, তেতিয়া তেওঁ কান্দিবলৈ ধৰিলে। ইয়াৰ পৰা জানিব পাৰি যে যীচুৱে আমাৰ চকুলো মুচিবলৈ আৰু আমাৰ আপোনজনাক আকৌ জীয়াই তুলিবলৈ আগ্ৰহী হৈ আছে। লাজাৰক জীয়াই তুলি যীচুৱে প্ৰমাণ কৰিলে যে তেওঁৰ ওচৰত মৃত লোকসকলক আকৌ জীয়াই তোলাৰ শক্তি আছে। চিন্তা কৰক, আজিৰ দৈনিক পাঠত উল্লেখ কৰাৰ দৰে যীচুৱে মাৰ্থাক কি কথা মনত পেলাই দিছিল। সেইবাবে, আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই নিজৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব। w২৩.০৪ ১১-১২ ¶১৫-১৬
সোমবাৰ, ৩ মাৰ্চ
যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, যিবিলাকে সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলোৰে ওচৰ। —গীত. ১৪৫:১৮.
যেতিয়া আমি যিহোৱাৰ ইচ্ছাৰ বিষয়ে স্পষ্টকৈ বুজি পাওঁ, তেতিয়া হয়তো আমি আগতে যি বিষয়ে প্ৰাৰ্থনা কৰিছিলোঁ, তাৰ পৰিৱৰ্তে আন কিবা বিষয়ে প্ৰাৰ্থনা কৰিবলগীয়া হ’ব পাৰে। যিহোৱাৰ এটা উদ্দেশ্য আছে আৰু সেয়া তেওঁ নিৰ্ধাৰিত সময়ত পূৰ্ণ কৰিব, এই কথা আমি মনত ৰখা উচিত। তেওঁ আমাৰ সমস্যা একেবাৰে শেষ কৰিব বিচাৰে আৰু তেওঁ নিজৰ ৰাজ্যৰ যোগেদি এইদৰে কৰিব। যেতিয়া ঈশ্বৰৰ ৰাজ্য আহিব, তেতিয়া প্ৰাকৃতিক দুৰ্যোগ, বেমাৰ, মৃত্যু ইত্যাদি সমস্যাবোৰ একেবাৰে শেষ হৈ যাব। তাৰ পাছত কোনেও দুখ-কষ্ট ভুগিবলগীয়া নহʼব। (দানি. ২:৪৪; প্ৰকা. ২১:৩, ৪) কিন্তু ঈশ্বৰৰ ৰাজ্য নহালৈকে যিহোৱাই চয়তানক এই পৃথিৱীৰ ওপৰত শাসন কৰিবলৈ অনুমতি দিছে। (যোহ. ১২:৩১; প্ৰকা. ১২:৯) যদি যিহোৱাই আজি মানুহৰ সকলো সমস্যা দূৰ কৰি দিয়ে, তেনেহ’লে হয়তো চয়তানে এই পৃথিৱীৰ ওপৰত ভালদৰে শাসন কৰিছে যেন লাগিব পাৰে। সেইবাবে, যিহোৱাই নিজৰ সকলো প্ৰতিজ্ঞা পূৰ নকৰালৈকে আমি অপেক্ষা কৰিবলগীয়া হ’ব। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে যিহোৱাই আমাক সহায় কৰা নাই। w২৩.০৫ ৮ ¶৪; ৯-১০ ¶৭-৮
মঙ্গলবাৰ, ৪ মাৰ্চ
কাক কেনেকৈ উত্তৰ দিব লাগে, তাক যেন তোমালোকে জানিব পাৰা।—কল. ৪:৬.
স্মৰণীয় দিনৰ পৰা লাভৱান হʼবলৈ আমি আনক কেনেকৈ সহায় কৰিব পাৰোঁ। প্ৰথমতে, আমি লোকসকলক ইয়াৰ বাবে নিমন্ত্ৰণ দিব লাগিব। আমি প্ৰচাৰ কৰি লোকসকলক নিমন্ত্ৰণ দিমে, কিন্তু আন কিছুমান লোকৰ নাম লিখি ৰাখিব পাৰোঁ যিসকলক আমি মাতিব বিচাৰোঁ। যেনে, সম্বন্ধীয় লোক, একেলগে কাম কৰা লোক, একেলগে পঢ়া আৰু আন লোকসকলৰ। যদি আমাৰ ওচৰত ছপা কৰা নিমন্ত্ৰণ বেছি নাই, তেনেহʼলে আমি নিজৰ ফোন বা টেবলেটৰ যোগেদি লোকসকলক নিমন্ত্ৰণ পঠিয়াব পাৰোঁ। গতিকে, আহক আমি বেছিতকৈ বেছি লোকক নিমন্ত্ৰণ দিওঁ, কাৰণ কোন লোকসকল আহিব আমি নাজানোঁ। (উপ. ১১:৬) আমি আৰু এটা কথা মনত ৰাখিব পাৰোঁ। যেতিয়া আমি কাৰোবাক স্মৰণীয় দিনলৈ মাতোঁ, তেতিয়া তেওঁলোকৰ মনত কিবা প্ৰশ্ন থাকিব পাৰে। বিশেষকৈ, যিসকলে আমাৰ সভাত কেতিয়াও অহা নাই। সেইবাবে, আপুনি আগতীয়াকৈ ভাবিব পাৰে যে তেওঁ কি কি প্ৰশ্ন সুধিব পাৰে আৰু আপুনি কেনেকৈ তাৰ উত্তৰ দিব। স্মৰণীয় দিনত অহাৰ পাছতো তেওঁলোকৰ মনত হয়তো এনে প্ৰশ্ন আহিব পাৰে। ‘ভাল মনৰ’ লোকসকলে স্মৰণীয় দিনৰ পৰা লাভৱান হোৱাটো আমি সকলোৱে বিচাৰোঁ। সেইবাবে, স্মৰণীয় দিনৰ আগত, সেই সময়ছোৱাত আৰু তাৰ পাছতো তেওঁলোকক সহায় কৰিবলৈ আমি সম্পূৰ্ণৰূপে চেষ্টা কৰিম।—পাঁচ. ১৩:৪৮. w২৪.০১ ১১ ¶১৩; ১২ ¶১৫; ১৩ ¶১৬
বুধবাৰ, ৫ মাৰ্চ
এখন্তক দেখা পোৱা হৈ, পাছত দেখা নোপোৱা যি ভাপ, তোমালোক সেই ভাপস্বৰূপ।—যাকো. ৪:১৪.
যীচুৰ উপৰিও বাইবেলত এনে আঠটা ঘটনাৰ বিষয়ে লিখা আছে। সেই ঘটনাবোৰৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক আৰু এনে কৰাৰ সময়ত চিন্তা কৰক যে ইয়াৰ পৰা আপুনি কি শিকিব পাৰে? ইয়াৰ পৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই মৃত লোকসকলক আকৌ জীয়াই তুলিব বিচাৰে আৰু এনে কৰাৰ তেওঁৰ শক্তিও আছে। বিশেষকৈ, সেই ঘটনাৰ ওপৰত মন কৰক যেতিয়া যীচুক আকৌ জীয়াই তোলা হৈছিল। এয়া বহুত অৰ্থ ৰাখে। মনত আছেনে, যীচুক আকৌ জীয়াই তোলাৰ পাছত হাজাৰ হাজাৰ লোকে তেওঁক দেখিছিল। ইয়াৰ পৰা আমি বিশ্বাস কৰিবলৈ প্ৰমাণ পাওঁ যে মৃত লোকসকলক আকৌ জীয়াই তোলা হʼব। (১ কৰি. ১৫:৩-৬, ২০-২২) আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ যে তেওঁ মৃত লোকসকলক আকৌ জীয়াই তুলিব। আমি তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। কিয়নো তেওঁ এইদৰে কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে আৰু এইদৰে কৰাৰ তেওঁৰ ওচৰত শক্তিও আছে। সেইবাবে, আহক তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত নিজৰ বিশ্বাস বঢ়াই থাকোঁ। এইদৰে আমি যিহোৱাৰ আৰু কাষ চাপিব পাৰিম, যিজনে আমাক প্ৰতিজ্ঞা কৰিছে যে ‘তোমাৰ আপোনজনা পুনৰায় উঠিব’ অৰ্থাৎ আকৌ জীয়াই তোলা হʼব।—যোহ. ১১:২৩. w২৩.০৪ ১২-১৩ ¶১৭, ২০
বৃহস্পতিবাৰ, ৬ মাৰ্চ
নম্ৰভাৱে নিজ ঈশ্বৰৰ সৈতে চলা।—মীখা ৬:৮.
মৰ্য্যদাত থকা আৰু নম্ৰ হোৱাৰ মাজত গভীৰ সম্পৰ্ক আছে। মৰ্য্যদাত থকা লোকসকলে নিজকে বৰ বুলি নাভাবে আৰু তেওঁলোকে জানে যে তেওঁলোকে কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে। এজন নম্ৰ ব্যক্তিয়ে আনক সন্মান কৰে আৰু তেওঁ আনক নিজতকৈ বৰ বুলি ভাবে। (ফিলি. ২:৩) সাধাৰণতে যিজন ব্যক্তি মৰ্য্যদাত থাকে, তেওঁ নম্ৰও হয়। গিদিয়োনে মৰ্য্যদাত থাকিছিল আৰু নম্ৰ আছিল। এবাৰ যিহোৱাৰ এজন স্বৰ্গদূতে গিদিয়োনক কʼলে যে যিহোৱাই তেওঁক মিদিয়নীয়াবিলাকৰ হাতৰ পৰা ইস্ৰায়েলীসকলক মুকলি কৰিবলৈ বাছনি কৰিছে। তেতিয়া গিদিয়োনে এইদৰে কʼলে, “চাওক, মনচিৰ মাজত মোৰ গোষ্ঠী সকলোতকৈ দুৰ্ব্বল, আৰু মোৰ পিতৃ-বংশতো মই আটাইতকৈ সৰু।” (বিচা. ৬:১৫) গিদিয়োনে ভাবিলে যে তেওঁ ইমান ডাঙৰ দায়িত্ব পালন কৰিব নোৱাৰে, কিন্তু তেওঁ এইদৰে কৰিব পাৰিব বুলি যিহোৱাই জানিছিল। যিহোৱাৰ সহায়ত গিদিয়োনে নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিলে। মৰ্য্যদাত থাকিবলৈ আৰু নম্ৰ হʼবলৈ প্ৰাচীনসকলে সম্পূৰ্ণৰূপে চেষ্টা কৰে। (পাঁচ. ২০:১৮, ১৯) তেওঁলোকে নিজৰ দক্ষতা বা কামৰ বাবে ফিতাহী নামাৰে। তেওঁলোকৰ পৰা কিবা ভুল হʼলে তেওঁলোক কোনো কামৰ যোগ্য নহয় বুলি নাভাবে। w২৩.০৬ ৩ ¶৪-৫
শুক্ৰবাৰ, ৭ মাৰ্চ
সি তোৰ মূৰ গুড়ি কৰিব।—আদি. ৩:১৫.
ভৱিষ্যতে ১,০০০ বছৰতকৈ বেছি সময়ৰ পাছত চয়তানৰ মূৰ গুড়ি কৰা হʼব। (প্ৰকা. ২০:৭-১০) এয়া হোৱাৰ আগতে বাইবেলত কোৱা এই ঘটনাবোৰ ঘটিব যিয়ে জগতৰ লোকসকলক আচৰিত কৰি তুলিব। প্ৰথমতে, জগতৰ ৰাষ্ট্ৰই ‘শান্তি আৰু নিৰ্ব্বিঘ্নতাৰ’ ঘোষণা কৰিব। (১ থিচ. ৫:২, ৩) সেই সময়ত জগতৰ ৰাষ্ট্ৰবোৰে সকলো মিছা ধৰ্মৰ ওপৰত আক্ৰমণ কৰিব আৰু তেতিয়াই মহা সংকট আৰম্ভ হʼব। (প্ৰকা. ১৭:১৬) ইয়াৰ পাছত যীচুৱে সকলো মানুহৰ ন্যায় কৰিব অৰ্থাৎ মেৰৰ নিচিনা লোকসকলক ছাগলীৰ নিচিনা লোকসকলৰ পৰা পৃথক কৰিব। (মথি ২৫:৩১-৩৩, ৪৬) কিন্তু সেই সময়ত চয়তান মনে মনে নাথাকিব। সি খঙত মাগোগদেশীয় গোগক (ৰাষ্ট্ৰৰ সমূহ) ঈশ্বৰৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ উচটাব। (যিহি. ৩৮:২, ১০, ১১) এই সময়ছোৱাতে বাকী থকা অভিষিক্ত খ্ৰীষ্টানসকল স্বৰ্গলৈ গুচি যাব আৰু মহা সংকটৰ অন্তিম সময়ত যীচু আৰু তেওঁৰ স্বৰ্গীয় সেনাই একেলগে মিলি হৰমাগিদোনৰ যুদ্ধ কৰিব। (মথি ২৪:৩১; প্ৰকা. ১৬:১৪, ১৬) ইয়াৰ পাছত এই পৃথিৱীত মচীহৰ ১,০০০ বছৰৰ শাসন আৰম্ভ হʼব।—প্ৰকা. ২০:৬. w২৩.১০ ২০-২১ ¶৯-১০
শনিবাৰ, ৮ মাৰ্চ
আপোনাৰ দাস মই লৰা কালেৰ পৰা যিহোৱাৰ ভয়কাৰী লোক হৈ আছোঁ।—১ ৰাজা. ১৮:১২.
আজি আমাৰ বহুতো ভাই-ভনী এনে এলেকাত থাকে, যʼত প্ৰচাৰ কাম নিষেধ কৰা হৈছে। তেওঁলোকে তাত থকা অধিকাৰীসকলক সন্মান কৰে কিন্তু ওবদিয়াৰ নিচিনাই তেওঁলোকে যিকোনো পৰিস্থিতিত যিহোৱাৰ সেৱা কৰিবলৈ নেৰে। (মথি ২২:২১) তেওঁলোকে ঈশ্বৰৰ প্ৰতি ভয় ৰাখে। সেইবাবে, তেওঁলোকে মানুহৰ আজ্ঞা পালন কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ আজ্ঞা পালন কৰে। (পাঁচ. ৫:২৯) তেওঁলোকে যিহোৱাৰ উপাসনা কৰিবলৈ লুকাই লুকাইএজনে-আনজনক লগ কৰে আৰু প্ৰচাৰ কামতো লাগি থাকে। (মথি ১০:১৬, ২৮) তেওঁলোকে এই কথাৰ ওপৰতো ধ্যান দিয়ে যে ভাই-ভনীসকলে বাইবেল আধাৰিত প্ৰকাশনবোৰ যাতে পাই থাকে, যাৰ যোগেদি তেওঁলোকে যিহোৱাৰ কাষত থাকিব পাৰে। ভাই হেনৰীৰ উদাহৰণলৈ মন কৰক। তেওঁ আফ্ৰিকাৰ এনে এলেকাত থাকে যʼত কিছু সময়ৰ বাবে আমাৰ কাম নিষেধ কৰা হৈছিল। সেই সময়ত ভাই-ভনীসকলক প্ৰকাশনবোৰ দিবলৈ যোৱাৰ বাবে ভায়ে নিজে আগবাঢ়ি আহিল। তেওঁ এইদৰে কৈছে, “মই বৰ লাজুকীয়া স্বভাৱৰ হওঁ। কিন্তু যিহোৱাৰ বাবে মই সাহস গোটাব পাৰিলোঁ।” আপুনি কি ভাবে আপুনিও ভাই হেনৰীৰ দৰে সাহসেৰে কাম কৰিব পাৰিবনে? যদি আপুনি যিহোৱালৈ ভয় ৰাখে, তেনেহʼলে আপুনিও সাহসী হʼব পাৰিব। w২৩.০৬ ১৬ ¶১১
দেওবাৰ, ৯ মাৰ্চ
এজন মানুহৰ পৰা পাপ জগতলৈ আহিল।—ৰোম. ৫:১২.
যেতিয়া আদম আৰু হৱা বিদ্ৰোহ কৰিলে, তেতিয়া চয়তানে হয়তো ভাবিলে যে যিহোৱাৰ উদ্দেশ্য আৰু কেতিয়াও পূৰ নহʼব, পৃথিৱীত কেতিয়াও সিদ্ধ মানুহ নাথাকিব, যিসকলে যিহোৱাৰ আজ্ঞা পালন কৰিব পাৰে। আদম আৰু হৱাক শেষ কৰি আন এহাল সিদ্ধ দম্পতীক সৃষ্টি কৰি নিজৰ উদ্দেশ্য পূৰ কৰাৰ বাহিৰে যিহোৱাই আৰু একো কৰিব নোৱাৰিব বুলি চয়তানে হয়তো ভাবিছিল। কিন্তু যিহোৱাই এইদৰে কৰা হʼলে চয়তানে যিহোৱাক মিছলীয়া বুলি অভিযোগ কৰিলেহেঁতেন। কিয় বাৰু? কিয়নো আদিপুস্তক ১:২৮ পদত যিহোৱাই আদম আৰু হৱাক তেওঁলোকৰ সন্তানেৰে পৃথিৱীখন পৰিপূৰ্ণ কৰিব বুলি প্ৰতিজ্ঞা কৰিছিল। চয়তানে হয়তো ভাবিলে যে যিহোৱাই আদম আৰু হৱাক সন্তান জন্ম দিয়াৰ সুযোগ দিব কিন্তু তেওঁলোকৰ সন্তান কেতিয়াও সিদ্ধ হʼব নোৱাৰিব। (উপ. ৭:২০; ৰোম. ৩:২৩) এনে পৰিস্থিতিত যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰাত সফল হʼব পৰা নাই বুলি চয়তানে অভিযোগ কৰিলেহেঁতেন। কিয় বাৰু? এইদৰে হোৱা হʼলে যিহোৱাৰ উদ্দেশ্য কেতিয়াও পূৰ নহʼলহেঁতেন অৰ্থাৎ যিহোৱাৰ আজ্ঞা পালন কৰা সিদ্ধ মানুহেৰে পৃথিৱীখন পৰিপূৰ্ণ নহʼলহেঁতেন আৰু পৃথিৱীখনো প্ৰমোদবন নহʼলহেঁতেন। w২৩.১১ ৫-৬ ¶১৫-১৬
সোমবাৰ, ১০ মাৰ্চ
যি লিখা আছে, তাৰ অতিক্ৰম কৰিব নালাগে।—১ কৰি. ৪:৬.
যিহোৱাই নিজৰ বাক্য আৰু সংগঠনৰ জৰিয়তে আজি আমাক একেবাৰে সঠিক নিৰ্দেশনা দি আছে। আমাক আন কোনো নিয়ম বনোৱাৰ প্ৰয়োজন নাই। (হিতো. ৩:৫-৭) সেইবাবে, আমি বাইবেলত ‘যি লিখা আছে, তাক অতিক্ৰম’ নকৰোঁ বা যি বিষয়বোৰত প্ৰতিজনকে নিজে নিৰ্ণয় লোৱাৰ প্ৰয়োজন আছে, তাত আমি ভাই-ভনীসকলৰ বাবে কোনো নিয়ম নবনাওঁ। চয়তানে ‘প্ৰবঞ্চনা’ অৰ্থাৎ মিছা কথা আৰু ‘জগতৰ’ সাধাৰণ কথাবোৰৰ যোগেদি লোকসকলক বিচলিত কৰে আৰু তেওঁলোকৰ মাজত বিবাদৰ সৃষ্টি কৰে। (কল. ২:৮) প্ৰথম শতিকাতো সি এই উপায়টোৱে ব্যৱহাৰ কৰিছিল। সেই সময়ত চয়তানে লোকসকলক মানুহৰ যুক্তিৰ ওপৰত আধাৰিত কোনো প্ৰমাণ নথকা কথাত ভুল যাবলৈ বা এনে যিহূদী শিক্ষা মানিবলৈ ফুচলাইছিল, যি বাইবেল আধাৰিত নাছিল। কিছুমান লোকে এই শিক্ষা বিয়পাইছিল যে খ্ৰীষ্টানসকলে মোচিৰ নিয়ম পালন কৰা উচিত। এইবোৰ বিচলিত কৰা কথা আছিল, কিয়নো ইয়াৰ বাবে লোকসকলে প্ৰকৃত বুদ্ধিৰ বাবে যিহোৱাৰ ওপৰত নিৰ্ভৰ হোৱাৰ পৰিৱৰ্তে মানুহৰ ওপৰত নিৰ্ভৰ কৰিছিল। আজি চয়তানে চʼচিয়েল মিডিয়া আৰু টিভি, বাতৰি কাকত আদিৰ জৰিয়তে উৰাবাতৰি আৰু মিছা কথা বিয়পাই লোকসকলক ভুলাই আৰু এনে কৰাত বহু বাৰ নেতাসকলো জড়িত থাকে। w২৩.০৭ ১৬ ¶১১-১২
মঙ্গলবাৰ, ১১ মাৰ্চ
হে যিহোৱা, তোমাৰ কাৰ্যবোৰ কেনে মহৎ! তোমাৰ সঙ্কল্পবোৰ অতি গভীৰ।—গীত. ৯২:৫.
যেতিয়া চয়তান, আদম আৰু হৱাই যিহোৱাৰ বিৰোধে বিদ্ৰোহ কৰিলে, তেতিয়া যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ ইমানেই ভাল ব্যৱস্থা কৰিলে যে ইয়াক চাই চয়তানে আচৰিত হʼল। যিহোৱাই আদম আৰু হৱাক সন্তান জন্ম দিয়াৰ সুযোগ দিলে। এইদৰে যিহোৱাই প্ৰমাণ কৰিলে যে তেওঁ সত্য ঈশ্বৰ হয় আৰু তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰাত সফল হʼল। তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ এটা ‘বংশৰ’ ব্যৱস্থা কৰিলে, যিয়ে আদম আৰু হৱাৰ সন্তানসকলক বচাবলৈ নিজৰ বলিদান দিলেহেঁতেন। (আদি. ৩:১৫; ২২:১৮) যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ ইমান সুন্দৰ ব্যৱস্থা কৰিব বুলি চয়তানে হয়তো সপোনতো ভবা নাছিল। কিয় বাৰু? কাৰণ চয়তান স্বাৰ্থপৰ হয় কিন্তু যিহোৱাৰ এই ব্যৱস্থা নিস্বাৰ্থ প্ৰেমৰ ওপৰত আধাৰিত। (মথি ২০:২৮; যোহ. ৩:১৬) যিহোৱাৰ এই ব্যৱস্থাৰ পৰা কি সম্ভৱ হʼব? মচীহৰ হাজাৰ বছৰৰ শাসনৰ শেষত এই পৃথিৱীখন প্ৰমোদবন হৈ পৰিব আৰু আদম আৰু হৱাৰ সিদ্ধ সন্তানেৰে ভৰি পৰিব আৰু সকলোৱে যিহোৱাৰ আজ্ঞা পালন কৰিব। আৰম্ভণিতে মানৱজাতি আৰু পৃথিৱীৰ বাবে যিহোৱাৰ যি উদ্দেশ্য আছিল, সেয়া পূৰ হʼব। w২৩.১১ ৫ ¶১৭
বুধবাৰ, ১২ মাৰ্চ
সোধ-বিচাৰ ঈশ্বৰে কৰিব।—ইব্ৰী ১৩:৪.
যিহোৱাৰ নিয়মৰ অনুসৰি আমি জীৱন আৰু তেজক পবিত্ৰ বুলি ভাবোঁ। কিয় বাৰু? কিয়নো জীৱন যিহোৱাই দিয়া মূল্যৱান উপহাৰ হয় আৰু তেজ জীৱনক চিত্ৰিত কৰে। (লেবী. ১৭:১৪) যিহোৱাই প্ৰথমবাৰ মানুহক জীৱ-জন্তু খাবলৈ অনুমতি দিয়াৰ সময়ত তেওঁলোকক তেজ নাখাবলৈ নিৰ্দেশনা দিছিল। (আদি. ৯:৪) পাছত যেতিয়া তেওঁ মোচিৰ যোগেদি ইস্ৰায়েলীসকলক নিয়ম দিলে, তেতিয়াও তেওঁ এই আজ্ঞাৰ বিষয়ে আকৌ কʼলে। (লেবী. ১৭:১০) প্ৰথম শতিকাৰ প্ৰশাসন গোষ্ঠীৰ যোগেদিও তেওঁ এই নিৰ্দেশনাটোৱে দিছিল যে ‘তেজৰ পৰা তোমালোকে নিজকে’ সদায় আঁতৰাই ৰাখা। (পাঁচ. ১৫:২৮, ২৯) সেইবাবে, আজি আমি যেতিয়া চিকিৎসাৰ লগত জড়িত কিবা নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া আমি এই আজ্ঞা যিকোনো পৰিস্থিতিতে পালন কৰোঁ। আমি যিকোনো পৰিস্থিতিতে যিহোৱাৰ নৈতিক মানদণ্ড পালন কৰোঁ। পাঁচনি পৌলে আমাক কৈছিল যে শৰীৰৰ অংগবোৰ “মাৰি পেলোৱা।” ইয়াৰ অৰ্থ হৈছে আমি কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ লʼব লাগিব, যাৰ সহায়ত আমাৰ মনলৈ অহা বেয়া চিন্তাবোৰ লগে লগে উলিয়াব পাৰোঁ। যেনে, আমি এনে কোনো বস্তু নাচাওঁ বা কাম নকৰোঁ, যাৰ বাবে আমি আগলৈ গৈ অনৈতিক কাম কৰিব পাৰোঁ।—কল. ৩:৫; ইয়ো. ৩১:১. w২৩.০৭ ১৫ ¶৫-৬
বৃহস্পতিবাৰ, ১৩ মাৰ্চ
তেওঁ নিজৰ মনৰ সকলো কথা ভাঙি কলে।—বিচা. ১৬:১৭.
চিমচোন দলীলাৰ প্ৰেমত একেবাৰে অন্ধ হৈছিল নে যে দলীলাৰ উদ্দেশ্যক বুজিব নোৱাৰিলে? যিয়ে নহওক কিয় এটা কথা স্পষ্ট যে দলীলাই চিমচোনক তাৰ শক্তিৰ কথা বাৰে বাৰে সোধাত চিমচোনে তাৰ শক্তিৰ ৰহস্যৰ বিষয়ে সকলো কথা কৈ দিলে। দুখৰ কথা যে চিমচোনে এই ভুলৰ বাবে নিজৰ শক্তি আৰু যিহোৱাৰ অনুমোদন কিছু সময়ৰ বাবে হেৰুৱাই দিলে। (বিচা. ১৬:১৬-২০) চিমচোনে যিহোৱাৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে দলীলাৰ ওপৰত ভৰসা কৰিলে। ইয়াৰ বাবে তেওঁক বহুত বেয়া পৰিণাম ভুগিবলগীয়া হৈছিল। পলেষ্টীয়াসকলে তেওঁক ধৰিলে আৰু তেওঁৰ দুটা চকু উলিয়াই দিলে। এতিয়া তেওঁ অন্ধ হৈ পৰিছিল আৰু তেওঁক ঘাচা চহৰৰ কাৰাগাৰত বন্দী বনালে আৰু শস্য পিহিবলৈ দিলে। সেই ঠাইতে পলেষ্টীয়াসকলে এটা উৎসৱ ৰাখিলে আৰু চিমচোনক তল পেলালে। পলেষ্টীয়াসকলে নিজৰ দেৱতা দাঘোনক বলিদান আগবঢ়ালে যেন তেওঁলোকৰ দেৱতাই চিমচোনক তেওঁলোকৰ হাতত দিলে। ইয়াৰ পাছত পলেষ্টীয়াসকলে চিমচোনক কাৰাগাৰৰ পৰা উৎসৱলৈ উলিয়াই আনিলে যাতে চিমচোনে তেওঁলোকক “ৰং-ধেমালি” দেখুৱাব পাৰে আৰু এইদৰে তেওঁলোকে চিমচোনক ঠাট্টা কৰিলে।—বিচা. ১৬:২১-২৫. w২৩.০৯ ৫-৬ ¶১৩-১৪
শুক্ৰবাৰ, ১৪ মাৰ্চ
সকলোৰে দৃষ্টিত কি ভাল আৰু সেয়াই কৰা।—ৰোম. ১২:১৭.
হয়তো আপোনাৰ স্কুলত বা কামৰ ঠাইত কোনোবাই সুধিব পাৰে যে আপুনি বাইবেলৰ মানদণ্ডৰ অনুসৰি কিয় জীয়াই থাকে। আমি এনে ব্যক্তিক এয়া বুজাবলৈ চেষ্টা কৰিম যে আমি বাইবেলৰ মানদণ্ড কিয় পালন কৰোঁ। কিন্তু আমি এয়াও ধ্যান দিম যে প্ৰতিজনৰে নিজৰ চিন্তাধাৰা থাকে আৰু আমি সকলোকে সন্মান কৰিব লাগিব। (১ পিত. ৩:১৫) যেতিয়া কোনোবাই আমাক প্ৰশ্ন কৰে, তেতিয়া সদায় এয়া ভবা উচিত নহয় যে তেওঁ আমাক ঠাট্টা কৰিছে বা তেওঁ আমাক তল কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ পৰিৱৰ্তে আমাক ভাবিব লাগে যে তেওঁৰ মনত কি চলি আছে। তেওঁৰ বাবে কোনবোৰ কথা অৰ্থ ৰাখে। তেওঁ যি কাৰণেই প্ৰশ্ন নকৰক কিয়, আমি নম্ৰতাৰে উত্তৰ দিবলৈ চেষ্টা কৰা উচিত। তেওঁ আমাৰ কথা শুনি হয়তো ভাবিব যে তেওঁ যি বিশ্বাস কৰে, সেয়া কিয় বিশ্বাস কৰে। ধৰি লওক, আপোনাৰ সহকৰ্মীয়ে আপোনাক সোধে যে আপুনি জন্মদিন কিয় পালন নকৰে। তেতিয়া তেওঁক উত্তৰ দিয়াৰ আগতে অলপ সময় চিন্তা কৰক: তেওঁ এই প্ৰশ্ন কিয় সুধিছে, তেওঁক এনেদৰে লাগে নে যে আমি আনন্দ ফুৰ্তি নকৰোঁ? তেওঁ আনৰ বাবে যি চিন্তা কৰে, তাৰ বাবে আমি তেওঁৰ প্ৰশংসা কৰিব পাৰোঁ। এইদৰে কৰিলে হয়তো তেওঁ আমাৰ কথা শুনিবলৈ সাজু হʼব আৰু আমি তেওঁক বাইবেলৰ পৰা কʼব পাৰিম যে আমি জন্মদিন কিয় পালন নকৰোঁ। w২৩.০৯ ১৭ ¶১০-১১
শনিবাৰ, ১৫ মাৰ্চ
ধৰ্ম্মহীনবিলাকৰ ভ্ৰান্তিলৈ নিয়া হৈ, নিজ স্থিৰতাৰ পৰা যেন পতিত নোহোৱা, এই কাৰণে সাৱধানে থাকা।—২ পিত. ৩:১৭.
এয়া কিমান গুৰুত্বপূৰ্ণ কথা যে অন্ত অহাৰ আগতে আমাৰ ওচৰত যি সময় আছে, তাক আমি সকলো ৰাষ্ট্ৰৰ লোকসকলক সাক্ষ্য দিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। যিহোৱাৰ দিনক সদায় মনত ৰাখিবলৈ পাঁচনি পিতৰে আমাক সকলোকে আগ্ৰহ কৰিছিল। (২ পিত. ৩:১১, ১২) আমি এয়া কেনেকৈ কৰিব পাৰোঁ? যদি সম্ভৱ হয়, তেনেহʼলে নতুন পৃথিৱীত পাবলগীয়া আশীৰ্বাদবোৰৰ বিষয়ে প্ৰতিদিনে চিন্তা কৰক। কল্পনা কৰক, আপুনি পৰিষ্কাৰ বতাহত উশাহ লৈ আছে, পুষ্টিকৰ আহাৰ খাই আছে আৰু মৃত্যুত হেৰুৱা সেই আপোনজনাক আদৰণি জনাই আছে, যিসকলক আকৌ জীয়াই তোলা হৈছে আৰু যিসকল লোক প্ৰাচীন সময়ত জীয়াই আছিল, তেওঁলোকক বাইবেলৰ ভৱিষ্যবাণীবোৰৰ বিষয়ে জনোৱা হৈছে যে সেইবোৰ কেনেকৈ পূৰ হʼল। এইবোৰ মনন কৰিলে আপুনি যিহোৱাৰ দিনক ধৈৰ্য্যেৰে অপেক্ষা কৰিব পাৰিব আৰু বিশ্বাস ৰাখিব পাৰিব যে অন্ত অতি সোনকালে আহিব। এইদৰে ভৱিষ্যৰ বিষয়ে “আগেয়ে জানি” থʼলে আমি সেই মিছা শিক্ষকৰ কথাত ‘পতিত নহʼম।‘ w২৩.০৯ ২৭ ¶৫-৬
দেওবাৰ, ১৬ মাৰ্চ
প্ৰভুত তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো এয়ে উচিত।—ইফি. ৬:১.
আজি আমাৰ কিশোৰ-কিশোৰীসকলে এনে লʼৰা-ছোৱালীৰ মাজত থাকে, যিসকলে নিজৰ “পিতৃ-মাতৃক নামানে।” (২ তীম. ৩:১, ২) বহুতো লʼৰা-ছোৱালীয়ে কিয় নিজৰ মা-দেউতাৰ কথা নুশুনে? তেওঁলোকে ভাবে যে আমাৰ মা-দেউতাই যি কৰিবলৈ কৈছে, সেয়া দেখোন তেওঁলোকে নিজেই নকৰে, তেনেহ’লে মই কিয় কৰিম। আন কিছুমান লʼৰা-ছেৱালীয়ে ভাবে যে এতিয়া সময় সলনি হ’ল আৰু তেওঁলোকৰ মা-দেউতাই যি পৰামৰ্শ দিছে সেয়া আজি কোনো কামত নাহিব বা মা-দেউতাই তেওঁলোকৰ লগত বেছিকৈ কঠোৰতাৰে ব্যৱহাৰ কৰি আছে। যদি আপুনিও এজন কিশোৰ বা কিশোৰী হয়, তেনেহ’লে আপুনিও কেতিয়াবা এইদৰে ভাবিছেনে? বহুতো লʼৰা-ছোৱালীক যিহোৱাৰ এই আজ্ঞা পালন কৰিবলৈ কঠিন লাগে যি আজিৰ দৈনিক পাঠত দিয়া আছে। কিন্তু আপুনি যিহোৱাৰ এই আজ্ঞা কেনেকৈ মানিব পাৰে? আজ্ঞা মনাৰ ক্ষেত্ৰত যীচু সকলোতকৈ ভাল উদাহৰণ হয়। (১ পিত. ২:২১-২৪) আপুনি তেওঁৰ পৰা বহুতো কথা শিকিব পাৰে। তেওঁ সিদ্ধ আছিল কিন্তু তেওঁৰ মা-দেউতা অসিদ্ধ আছিল। বহু বাৰ তেওঁলোকে ভুল কৰিছিল আৰু কিছুমান পৰিস্থিতিত তেওঁলোকে ভুল বুজিছিল, তথাপিও যীচুয়ে সদায় তেওঁলোকক সন্মান কৰিলে।—যাত্ৰা. ২০:১২. w২৩.১০ ৭ ¶৪-৫
সোমবাৰ, ১৭ মাৰ্চ
পূৰ্ব্বৰ আদেশৰ দুৰ্ব্বলতা আৰু নিষ্ফলতাৰ কাৰণে তাৰ লোপ হৈছে।—ইব্ৰী ৭:১৮.
পাঁচনি পৌলে লোকসকলক বুজাইছিল যে মোচিৰ নিয়মৰ অনুসৰি যি বলিদান আগবঢ়োৱা হৈছিল, তাৰ পৰা তেওঁলোকে পাপৰ পৰা সম্পূৰ্ণৰূপে ক্ষমা নাপালেহেঁতেন। সেইবাবে, এই নিয়মটো “লোপ” কৰা হৈছিল। তাৰ পাছত পৌলে তেওঁলোকক কিছুমান গভীৰ কথা শিকাইছিল। সেই খ্ৰীষ্টানসকলক তেওঁ মনত পেলাই দিছিল যে যীচুৰ বলিদানৰ বাবে তেওঁলোকে “শ্ৰেষ্ঠ আশা” পাইছে, যাৰ বাবে তেওঁলোকে “ঈশ্বৰৰ ওচৰলৈ চাপি” আহিব পাৰে। (ইব্ৰী ৭: ১৯) পৌলে ইব্ৰী খ্ৰীষ্টানসকলক জনাইছিল যে এতিয়া তেওঁলোকে যিদৰে যিহোৱাৰ উপাসনা কৰে, সেয়া আগৰ তুলনাত কিয় ভাল। তেওঁ কৈছিল যে মোচিৰ নিয়মৰ অনুসৰি যিহূদীসকলে যিদৰে উপাসনা কৰিছিল সেয়া ‘এই সকলো বিষয়ৰ ছাঁ মাথোন; কিন্তু প্ৰকৃত খ্ৰীষ্টহে।’ (কল. ২:১৭) কোনো বস্তুৰ ছাঁ দেখি আমি অনুমান কৰিব পাৰোঁ যে সেই বস্তুটো কি হʼব পাৰে। ঠিক সেইদৰে যিহূদীসকলে যিদৰে উপাসনা কৰিছিল, সেয়া আটাইতকৈ ভাল উপায়েৰে উপাসনা কৰা ব্যৱস্থাৰ (অৰ্থাৎ লাক্ষণিক মন্দিৰ) ছাঁ আছিল। যিহোৱাই এই ব্যৱস্থা কৰিছে যাতে আমি নিজৰ পাপৰ পৰা ক্ষমা পাব পাৰোঁ আৰু তেওঁ যিদৰে বিচাৰে সেই অনুসৰি তেওঁৰ উপাসনা কৰিব পাৰোঁ। সেইবাবে, এই ব্যৱস্থা বুজি পোৱাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। w২৩.১০ ২৫ ¶৪-৫
মঙ্গলবাৰ, ১৮ মাৰ্চ
শেষকালত দক্ষিণ দেশৰ ৰজাই তেওঁৰ লগত যুদ্ধ কৰিব, আৰু উত্তৰ দেশৰ ৰজাই ৰথ, অশ্বাৰোহী, আৰু অনেক জাহাজেৰে সৈতে বা’মৰলী বতাহৰ দৰে তেওঁৰ বিৰুদ্ধে আহিব।—দানি. ১১:৪০.
দানিয়েল ১১ অধ্যায়ত দুজন ৰজা অৰ্থাৎ চৰকাৰৰ বিষয়ে কোৱা হৈছে, যিসকলে গোটেই পৃথিৱীত শাসন কৰিবলৈ ইজনে-সিজনৰ লগত প্ৰতিযোগিতা কৰি আছে। এই ভৱিষ্যতবাণীটো বাইবেলৰ আন ভৱিষ্যতবাণীবোৰৰ লগত তুলনা কৰিলে আমি বুজি পাওঁ যে ‘উত্তৰ দেশৰ ৰজা’ ৰুছ আৰু তাৰ বন্ধুত্ব ৰাষ্ট্ৰ আৰু ‘দক্ষিণ দেশৰ ৰজা’ ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তি হয়। ‘উত্তৰ দেশৰ ৰজাৰ’ এলেকাত থকা ঈশ্বৰৰ সেৱকসকলৰ ওপৰত এই ৰজাই অত্যাচাৰ কৰি আছে। যিহোৱাৰ বিশ্বাসী হৈ থকাৰ বাবে তাত থকা কিছুমান সাক্ষীক মাৰ-পিট কৰা হৈছে আৰু কিছুমানক জেলত বন্দী কৰা হৈছে। কিন্তু ‘উত্তৰ দেশৰ ৰজাৰ’ এই কামবোৰ দেখি আমাৰ ভাই-ভনীসকলে ভয় কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ বিশ্বাস আৰু বাঢ়িল। কিয় বাৰু? কিয়নো তেওঁলোকে জানে যে ঈশ্বৰৰ লোকসকলৰ ওপৰত যি অত্যাচাৰ হৈ আছে, তাৰ পৰা দানিয়েলৰ ভৱিষ্যতবাণী পূৰ হৈ আছে। (দানি. ১১:৪১) ইয়াৰ বিষয়ে জানিলে আমাৰ আশা দৃঢ় হয় আৰু বিশ্বাসী হৈ থকাৰ আমাৰ ইচ্ছাও মজবুত হয়। w২৩.০৮ ১১ ¶১৫-১৬
বুধবাৰ, ১৯ মাৰ্চ
যি জনে তোমালোকক স্পৰ্শ কৰে, সেই জনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে।—জখ. ২:৮.
যিহোৱাই কৈছে যে আমি তেওঁৰ চকুৰ মণি হয়। আমাৰ চকু বহুত কোমল, সেইবাবে ই যাতে আঘাত নাপাই তাৰ প্ৰতি আমি সম্পূৰ্ণৰূপে ধ্যান ৰাখোঁ। যিহোৱাই যেন এইদৰে কৈছে, ‘যিসকল লোকে তোমালোকক, মোৰ লোকসকলক হানি কৰিবলৈ চেষ্টা কৰে, তেওঁলোকে মোৰ আটাইতকৈ মূল্যৱান বস্তু চুবলৈ চেষ্টা কৰাৰ দৰে হয়।’ যিহোৱাই আমাক বহুত প্ৰেম কৰে। সেইবাবে, আমি কেনে অনুভৱ কৰোঁ তাক ভালদৰে বুজি পাই আৰু আমাক ৰক্ষা কৰিবলৈ লগে লগে পদক্ষেপ লয়। আমাক দুখ লাগিলে যিহোৱাৰো দুখ লাগে। সেইবাবে, আমি সম্পূৰ্ণ বিশ্বাসেৰে এইদৰে প্ৰাৰ্থনা কৰিব পাৰোঁ, নিজৰ “চকুৰ মণিৰ নিচিনাকৈ মোক” চম্ভালি ৰাখা। (গীত. ১৭:৯) যিহোৱাই আপোনাক প্ৰেম কৰে, এই কথাৰ ওপৰত আপুনি বিশ্বাস ৰখাটো যিহোৱাই বিচাৰে। কিন্তু কেতিয়াবা কেতিয়াবা এইদৰে কৰিবলৈ আপোনাক কঠিন লাগিব বুলি যিহোৱাই ভালদৰে জানে। কিয়নো আপুনি হয়তো জীৱনত বহুত কিছু সহন কৰিছিল বা এতিয়াও জীৱনত বহুতো সমস্যাৰ সন্মুখীন হৈ আছে। গতিকে যিহোৱাই আপোনাক প্ৰেম কৰে বুলি নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰে? ইয়াৰ এটা উপায় হৈছে যিহোৱাই যীচুৰ বাবে, অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে আৰু আমাৰ বাবে নিজৰ প্ৰেম কেনেকৈ দেখুৱালে তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰা। w২৪.০১ ২৭ ¶৬-৭
বৃহস্পতিবাৰ, ২০ মাৰ্চ
আমাৰ ওপৰত আমাৰ ঈশ্বৰৰ হাত থকাত, তেওঁ শত্ৰুবোৰৰ, . . . হাতৰ পৰা আমাক উদ্ধাৰ কৰিলে।—ইজ্ৰা ৮:৩১.
ইজ্ৰাই দেখিছিল যে সমস্যাৰ সময়ত যিহোৱাই কেনেকৈ নিজৰ লোকসকলক চম্ভালিছিল। খ্ৰীষ্টপূৰ্ব ৪৮৪-ত ৰজা অহচবেৰোচে পাৰস্য সাম্ৰাজ্যত থকা সকলো যিহূদীকে মাৰি পেলোৱাৰ ফৰমান উলিয়ালে। (ইষ্টে. ৩:৭, ১৩-১৫) সেই সময়ত ইজ্ৰা হয়তো বাবিলত আছিল। এতিয়া ইজ্ৰা আৰু তেওঁৰ লগত থকা যিহূদীসকলৰ জীৱন বিপদত আছিল। ‘প্ৰত্যেক প্ৰদেশৰ যি যি ঠাইত’ যিহূদীসকলে এই ফৰমানৰ বিষয়ে শুনিলে, তেতিয়া তেওঁলোকে ক্ৰন্দন কৰিবলৈ ধৰিলে আৰু লঘোণ দিলে। তেওঁলোকে নিশ্চয় সহায় বিচাৰি যিহোৱালৈ মিনতি কৰিছিল। (ইষ্টে. ৪:৩) কিছু সময়ৰ পাছত পৰিস্থিতি সলনি হʼল। যিসকল লোকে যিহূদীসকলক শেষ কৰিব বিচাৰিছিল, এতিয়া তেওঁলোকৰে জীৱন বিপদত আছিল। চিন্তা কৰক, এয়া জানি ইজ্ৰা আৰু আন যিহূদীসকলক হয়তো কেনে লাগিছিল! (ইষ্টে. ৯:১, ২) এয়া দেখি যিহোৱাৰ ওপৰত ইজ্ৰাৰ ভৰসা আৰু বাঢ়ি গʼল। এতিয়া তেওঁৰ সম্পূৰ্ণ বিশ্বাস হʼল যে আগলৈ গৈ যদি কিবা সমস্যা আহে, তেনেহʼলে যিহোৱাই তেওঁলোকক নিশ্চয় সহায় কৰিব। w২৩.১১ ১৭ ¶১২-১৩
শুক্ৰবাৰ, ২১ মাৰ্চ
ঈশ্বেৰ কৰ্ম্মমৰ বিনে ধাৰ্ম্মিকতা গণনা কৰে।—ৰোম. ৪:৬.
পাঁচনি পৌলে বিশেষকৈ বিধানৰ কামৰ কথা কৈ আছিল, যি মোচিক চীনয় পৰ্বতত দিয়া হৈছিল। (ৰোম. ৩:২১, ২৮) এনে অনুভৱ হয় যে পৌলৰ দিনত কিছুমান যিহূদী খ্ৰীষ্টান হৈছিল। তেওঁলোকক এই কথা ভাল লগা নাছিল যে এতিয়া তেওঁলোকক মোচিৰ নিয়ম পালন কৰাৰ প্ৰয়োজন নাই। সেইবাবে, পৌলে তেওঁলোকক অব্ৰাহামৰ উদাহৰণ দি কʼলে যে বিধানৰ কামবোৰৰ বাবে এজন মানুহ ভাল ব্যক্তি নহয়। তেওঁ নিজৰ বিশ্বাসৰ বাবেহে ভাল ব্যক্তি বুলি গণ্য হয়। ইয়াৰ অৰ্থ হৈছে যদি আমি ঈশ্বৰ আৰু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰোঁ, তেনেহʼলে আমি ঈশ্বৰক আনন্দিত কৰিব পাৰিম। এই কথাৰ পৰা আমি কিমান উৎসাহ পাওঁ। কিন্তু যাকোব ২ অধ্যায়ত যি কামৰ বিষয়ে কোৱা হৈছে, সেয়া ‘বিধানৰ কাম’ নহয়, যাৰ বিষয়ে পাঁচনি পৌলে উল্লেখ কৰিছিল। খ্ৰীষ্টানসকলে দৈনন্দিন জীৱনত যি কামবোৰ কৰে, সেই কামবোৰৰ বিষয়ে যাকোবে ইয়াত কৈছিল। (যাকো. ২:২৪) এই কামবোৰৰ পৰা গম পোৱা যায় যে এজন খ্ৰীষ্টানে প্ৰকৃততে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে নে নকৰে। w২৩.১২ ৩ ¶৮; ৪-৫ ¶১০-১১
শনিবাৰ, ২২ মাৰ্চ
স্বামী নিজৰ পত্নীৰ মূৰ হয়।—ইফি. ৫:২৩.
যিসকল ভনীয়ে এতিয়া বিয়া হʼম বুলি ভাবিছে, তেনেহʼলে কাৰ লগত বিয়া হʼব, তাৰ বিষয়ে ভাবি-চিন্তি নিৰ্ণয় লোৱা উচিত। মনত ৰাখক, আপুনি যিজন ব্যক্তিৰ লগত বিয়া হʼব, তেওঁ আপোনাৰ মুৰব্বী হʼব আৰু আপুনি তেওঁৰ অধীনত থাকিব লাগিব। (ৰোম. ৭:২; ইফি. ৫:৩৩) কাৰোবাৰ লগত বিয়া হʼম বুলি কথা দিয়াৰ আগতে নিজকে এইদৰে সোধক, ‘তেওঁ এজন পৰিপক্ক খ্ৰীষ্টান হয় নে? তেওঁ যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে নে? তেওঁ সঠিক নিৰ্ণয় লয় নে? যেতিয়া তেওঁৰ পৰা কিবা ভুল হয়, তেতিয়া তেওঁ তাক মানি লয় নে? তেওঁ তিৰোতাসকলক সন্মান কৰে নে? যিহোৱাৰ লগত থকা মোৰ সম্পৰ্কক মজবুত কৰিবলৈ তেওঁ মোক সহায় কৰিব পাৰিব নে, মোৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰিব নে, মোৰ ভাল বন্ধু হʼব পাৰিব নে? কিন্তু আপুনি যদি এজন ভাল স্বামী বিচাৰে, তেনেহʼলে আপুনিও ভাল পত্নী হʼবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰিব লাগিব। এজনী ভাল পত্নী নিজৰ স্বামীৰ “সহকাৰী” হয়, এনে এজনী “উপযুক্ত” সহকাৰী হয়, যি তেওঁৰ লগত মিল খায়। (আদি. ২:১৮) ইয়াৰ উপৰিও তেওঁ যিহোৱাক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁ আনৰ ওচৰত নিজৰ স্বামীৰ বিষয়ে কেতিয়াও বেয়াকৈ নকয়, ইয়াৰ পৰিৱৰ্তে সকলোৰে আগত যাতে তাইৰ স্বামীৰ নাম ভাল হৈ থাকে, তাৰ বাবে চেষ্টা কৰিব। (হিতো. ৩১:১১, ১২; ১ তীম. ৩:১১) গতিকে, ভনীসকল আপুনি আৰু বেছিকৈ যিহোৱাক প্ৰেম কৰক, ঘৰত আৰু মণ্ডলীত আনক সহায় কৰক। এইদৰে কৰিলে আপুনি আগলৈ ভাল পত্নী হʼব পাৰিব। w২৩.১২ ২২-২৩ ¶১৮-১৯
দেওবাৰ, ২৩ মাৰ্চ
তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে . . . তেওঁক [ঈশ্বৰক] তেওঁ যাচ্না কৰক।—যাকো. ১:৫.
যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে ভাল নিৰ্ণয় ল’বলৈ তেওঁ আমাক বুদ্ধি দিব। যেতিয়া আমি জীৱনৰ লগত জড়িত ডাঙৰ ডাঙৰ নিৰ্ণয়বোৰ লওঁ, তেতিয়া আমাক যিহোৱাৰ বুদ্ধিৰ প্ৰয়োজন হয়। তেওঁ আমাক ধৈৰ্য্য ধৰিবলৈ শক্তি দিয়ে। পৌলক যিহোৱাই যেনেকৈ শক্তি দিছিল, ঠিক সেইদৰে আজি আমাকো সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিবলৈ শক্তি দিব পাৰে। (ফিলি. ৪:১৩) ইয়াৰ এটা উপায় হৈছে আমাৰ ভাই-ভনীসকল। যীচুৱে নিজৰ জীৱন বলিদান দিয়াৰ আগ নিশা যিহোৱালৈ মিনতি কৰিছিল। যিহোৱাক নিন্দা কৰাৰ অভিযোগ তেওঁৰ ওপৰত নাহিবলৈ তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। কিন্তু এই অভিযোগ যীচুৰ ওপৰত নালাগিবলৈ যিহোৱাই একো কৰা নাছিল কিন্তু যীচুক উৎসাহিত কৰিবলৈ তেওঁৰ এজন ভাই অৰ্থাৎ এজন স্বৰ্গদূতক পঠিয়ালে। (লূক ২২:৪২, ৪৩) আজি যিহোৱাই ভাই-ভনীসকলৰ যোগেদি আমাক সহায় কৰে। তেওঁলোকে হয়তো আমাক লগ কৰিবলৈ আহিব পাৰে বা ফোন কৰি আমাক উৎসাহিত কৰিব পাৰে। সেইবাবে, আমি সুযোগ বিচাৰি ‘ভাল কথা’ কৈ এজনে-আনজনক উৎসাহিত কৰিব লাগে।—হিতো. ১২:২৫. w২৩.০৫ ১০-১১ ¶৯-১১
সোমবাৰ, ২৪ মাৰ্চ
এজনে-আনজনক উৎসাহিত কৰি থাকা আৰু এজনে-আনজনক মজবুত কৰি থাকা।—১ থিচ. ৫:১১.
কিছু সময়ৰ পৰা সভালৈ আহিবলৈ এৰি দিয়া ভাই-ভনীসকলে স্মৰণীয় দিনত আহিলে মনতে ভাবিব পাৰে যে তেওঁক দেখি ভাই-ভনীসকলে কি ভাবিব আৰু কি কʼব। সেইবাবে, তেওঁলোকক এনে একো নকʼব বা প্ৰশ্ন নুসুধিব, যাৰ বাবে তেওঁ সংকোচ কৰিব পাৰে বা তেওঁক দুখ লাগিব পাৰে। মনত ৰাখক, তেওঁলোক আমাৰ ভাই-ভনী হয় আৰু যিহোৱাৰ মূল্যৱান মেৰ। তেওঁলোকৰ লগত মিলি আকৌ যিহোৱাৰ উপাসনা কৰি আমি বহুত আনন্দিত হম। (গীত. ১১৯:১৭৬; পাঁচ. ২০:৩৫) যীচুৱে যি বলিদান দিলে, তাক প্ৰতি বছৰে মনত পেলাবলৈ আমাক কৈছিল। ইয়াৰ বাবে আমি সঁচাকৈ তেওঁৰ প্ৰতি কৃতজ্ঞ। এইদৰে কৰিলে আমাৰ লাভ হয় আৰু আমি আনকো সহায় কৰিব পাৰোঁ। (যিচ. ৪৮:১৭, ১৮) আমি যিহোৱা আৰু যীচুক বেছিকৈ প্ৰেম কৰিবলৈ ধৰোঁ আৰু তেওঁলোকে আমাৰ বাবে যি কৰিলে তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাৰ সুযোগ পাওঁ। ভাই-ভনীসকলৰ লগতো আমাৰ সম্পৰ্ক আৰু মজবুত হৈ পৰে। আমি হয়তো আনকো এয়া শিকাবলৈ সুযোগ পাম যে তেওঁলোকেও মুক্তিৰ মূল্যৰ বলিদানৰ পৰা বহুতো আশীৰ্বাদ পাব পাৰে। গতিকে, আহক আমি স্মৰণীয় দিনৰ বাবে ভালদৰে তৈয়াৰী কৰোঁ। কিয়নো এয়া বছৰৰ আটাইতকৈ বিশেষ দিন হয়। w২৪.০১ ১৩-১৪ ¶১৮-১৯
মঙ্গলবাৰ, ২৫ মাৰ্চ
তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই। —যিচ. ৪৮:১৭.
আজি যিহোৱাই কেনেকৈ আমাক পথ দেখুৱায়? নিজৰ বাক্য বাইবেলৰ জৰিয়তে। ইয়াৰ উপৰিও তেওঁ লোকসকলৰ জৰিয়তেও আমাক সহায় কৰে। যেনে, যিহোৱাই ‘বিশ্বাসী আৰু বুদ্ধিমান দাসৰ’ জৰিয়তে আমাক সঠিক সময়ত আহাৰ দিয়ে, যাতে আমি সঠিক নিৰ্ণয় লʼব পাৰোঁ। (মথি ২৪:৪৫) তেওঁ আন যোগ্য লোকসকলৰ যোগেদিও আমাক পথ দেখুৱায়। যেনে, চাৰ্কিট ওভাৰচিয়াৰ আৰু মণ্ডলীৰ প্ৰাচীনসকলৰ যোগেদিও আমাক পথ দেখুৱাই আৰু আমাক নিৰ্দেশনা দিয়ে যাতে আমি সমস্যাবোৰ সন্মুখীন হʼব পাৰোঁ। এই শেষ কালত যিহোৱাই আমাক যিদৰে সহায় কৰি আছে তাৰ বাবে আমি বহুত কৃতজ্ঞ। ইয়াৰ সহায়ত আমি যিহোৱাৰ বন্ধু হৈ থাকিব পাৰোঁ আৰু জীৱনৰ পথত চলি থাকিব পাৰোঁ। কিন্তু কেতিয়াবা কেতিয়াবা আমাক যিহোৱাৰ পৰা পোৱা নিৰ্দেশনা মানিবলৈ কঠিন লাগিব পাৰে, বিশেষকৈ যেতিয়া এই নিৰ্দেশনা অসিদ্ধ মানুহে দিয়ে। এনে পৰিস্থিতিত আমি সম্পূৰ্ণৰূপে ভৰসা ৰখা উচিত যে সেই ভাইসকলৰ জৰিয়তে যিহোৱাই আমাক নিৰ্দেশনা দি আছে আৰু সেইবোৰ পালন কৰিলে আমাৰেই লাভ হʼব। w২৪.০২ ২০ ¶২-৩
বুধবাৰ, ২৬ মাৰ্চ
আমি কেৱল বাক্যেৰে বা জিবাৰে নহয়, কৰ্ম্ম আৰু সত্যেৰে প্ৰেম কৰোঁহঁক। —১ যোহ. ৩:১৮.
আজি আমি ঈশ্বৰৰ প্ৰতি নিজৰ প্ৰেম কেনেকৈ বঢ়াব পাৰোঁ? সম্পূৰ্ণ মনেৰে তেওঁৰ বাক্য অধ্যয়ন কৰি। যেতিয়া আপুনি বাইবেল পঢ়ে, তেতিয়া আপুনি এয়া জানিবলৈ চেষ্টা কৰক যে আপুনি যি পঢ়িলে তাৰ পৰা যিহোৱাৰ বিষয়ে কি জানিব পাৰি। নিজকে এইদৰে প্ৰশ্ন সোধক, ‘এই ঘটনাৰ পৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই মোক প্ৰেম কৰে? ইয়াত লিখা কোনটো কথাই মোক যিহোৱাক আৰু বেছিকৈ প্ৰেম কৰিবলৈ উৎসাহিত কৰিছে?’ যিহোৱাৰ প্ৰতি প্ৰেম বঢ়োৱাৰ আন এটা উপায় হৈছে প্ৰতিদিনে মন খুলি তেওঁলৈ প্ৰাৰ্থনা কৰা। (গীত. ২৫:৪, ৫) এইদৰে কৰিলে পাছত যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব। (১ যোহ. ৩:২১, ২২) আমি আনৰ প্ৰতিও নিজৰ প্ৰেম বঢ়োৱা উচিত। নিজকে পৰিৱৰ্তন কৰাৰ কিছু বছৰ পাছত পাঁচনি পৌলে তীমথিয় নামৰ এজন ডেকাক লগ পাইছিল। তীমথিয়ই যিহোৱা আৰু লোকসকলক বহুত প্ৰেম কৰিছিল। ইয়াৰ কিছু বছৰৰ পাছত পৌলে ফিলিপী মণ্ডলীলৈ এইদৰে লিখিছিল, “যি জনে তোমালোকৰ বিষয়ে সঁচাকৈ চিন্তা কৰিব, এনে মনৰ লোক মোৰ (তীমথিয়ৰ দৰে) আন কোনো নাই।” (ফিলি. ২:২০) পৌলক তীমথিয়ৰ এই কথা ভাল লাগিল যে তীমথিয় ভাই-ভনীসকলৰ বিষয়ে চিন্তা কৰে আৰু তেওঁলোকক প্ৰেম কৰে। সেইবাবে, মণ্ডলীৰ ভাই-ভনীসকলেও হয়তো আশাৰে বাট চাই আছিল যে তীমথিয়ই কেতিয়া তেওঁলোকৰ মণ্ডলীত সাক্ষাৎ কৰিবলৈ আহিব।—১ কৰি. ৪:১৭. w২৩.০৭ ৯ ¶৭-৯
বৃহস্পতিবাৰ, ২৭ মাৰ্চ
মই তোমাক . . . কেতিয়াও ত্যাগ নকৰিম।—ইব্ৰী ১৩:৫.
ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশত যোৱাৰ আগতে মোচিৰ মৃত্যুৰ হৈছিল। গতিকে যেতিয়া মোচিৰ মৃত্যু হʼল, তেতিয়া যিহোৱাই নিজৰ লোকসকলক অকলশৰীয়াকৈ এৰি দিছিল নে? নহয়। যেতিয়ালৈকে তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকিল, তেতিয়ালৈকে যিহোৱাই তেওঁলোকৰ সম্পূৰ্ণ যত্ন লʼলে। মোচিৰ মৃত্যুৰ আগতেই যিহোৱাই ইস্ৰায়েলীসকলৰ নেতৃত্ব লোৱাৰ বাবে যিহোচূৱাক নিযুক্ত কৰিবলৈ মোচিক কৈছিল। মোচিয়ে বহু বছৰ ধৰি যিহোচূৱাক শিকাই আছিল। (যাত্ৰা. ৩৩:১১; দ্বিতী. ৩৪:৯) ইয়াৰ উপৰিও ইস্ৰায়েলত এনে বহুতো অভিজ্ঞতা থকা লোক আছিল, যিসকলক হাজাৰ, শ, পঞ্চাশ আনকি দহ জনৰ গোটতো বিষয়া পাতিছিল। (দ্বিতী. ১:১৫) যিহোৱাই নিজৰ লোকসকলৰ বহুত ভালদৰে যত্ন লʼলে। আৰু এটা উদাহাৰণলৈ মন কৰক। এয়া সেই সময়ৰ কথা হয় যেতিয়া এলিয়া ইস্ৰায়েলীসকলৰ ভৱিষ্যবক্তা আছিল। তেওঁ বহু বছৰলৈকে ইস্ৰায়েলীসকলক যিহোৱাৰ উপাসনা কৰিবলৈ বহুত সহায় কৰি থাকিল। কিন্তু পাছত যিহোৱাই তেওঁক দক্ষিণৰ ফালে যিহূদালৈ পঠালে। (২ ৰাজা. ২:১; ২ বং. ২১:১২) তেতিয়া ইস্ৰায়েল ৰাষ্ট্ৰৰ দহ ফৈদৰ বিশ্বাসী লোকসকলক অকলশৰীয়াকৈ এৰি দিয়া হৈছিল নে? তেওঁলোকক পথ দেখুৱাবলৈ কোনো নাছিল নে? নহয়। এলিয়া বহু বছৰলৈকে ইলীচাক শিকাই আছিল। তেওঁৰ জৰিয়তে যিহোৱাই নিজৰ লোকসকলৰ ভালদৰে যত্ন লৈছিল আৰু নিজৰ উদ্দেশ্য পূৰ কৰিছিল। w২৪.০২ ৫ ¶১২
শুক্ৰবাৰ, ২৮ মাৰ্চ
পোহৰৰ সন্তান হিচাপে চলি থাকা।—ইফি. ৫:৮.
ইফিচৰ খ্ৰীষ্টানসকলে বাইবেলত দিয়া সত্যতাৰ অনুসৰি জীৱন-যাপন কৰিছিল, যি পোহৰৰ দৰে হয়। (গীত. ১১৯:১০৫) তেওঁলোকে মিছা ধৰ্মৰ ৰীতি-নীতি পালন কৰিবলৈ আৰু অনৈতিক কাম কৰিবলৈ এৰি দিছিল। তেওঁলোকে “ঈশ্বৰৰ অনুকাৰী” আছিল অৰ্থাৎ তেওঁৰ উদাহৰণত চলিছিল আৰু তেওঁৰ উপাসনা কৰিবলৈ আৰু তেওঁক আনন্দিত কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিছিল। (ইফি. ৫:১) ঠিক সেইদৰে সত্য শিকাৰ আগতে আমিও আন্ধাৰত আছিলোঁ। আমাৰ মাজৰ কিছুমান লোকে মিছা ধৰ্মৰ উৎসৱবোৰ পালন কৰিছিল আৰু কিছুমানে অনৈতিক জীৱন-যাপন কৰিছিল। কিন্তু যেতিয়া আমি যিহোৱাৰ নৈতিক মানদণ্ডৰ বিষয়ে শিকিলোঁ অৰ্থাৎ ভাল-বেয়াৰ মাজত পাৰ্থক্য কৰিবলৈ শিকিলোঁ, তেতিয়া আমি কিছুমান সাল-সলনি কৰিলোঁ আৰু যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিবলৈ ধৰিলোঁ। ইয়াৰ বাবে আমাৰ সকলোৰে বহুতো লাভ হʼল। (যিচ. ৪৮:১৭) কিন্তু আমি আগলৈও পৰিশ্ৰম কৰি থাকিব লাগিব। আমি আন্ধাৰৰ পৰা আঁতৰি থাকিব লাগিব, অৰ্থাৎ আমি এনে কামবোৰৰ পৰা আঁতৰি থাকিব লাগিব যিবোৰ আমি কৰিবলৈ এৰি আহিলোঁ আৰু ‘পোহৰৰ সন্তানবিলাকৰ দৰে চলিব লাগিব।‘ w২৪.০৩ ২১ ¶৬-৭
শনিবাৰ, ২৯ মাৰ্চ
আমি যিমান উন্নতি কৰিলোঁ, আহা আমি এই পথত সংগঠিতভাৱে চলি থাকোঁ।—ফিলি. ৩:১৬.
আপুনি হয়তো ভাবিব পাৰে যে সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ এতিয়া আপুনি সাজু নাই। হয়তো আপোনাৰ আৰু কিছুমান সাল-সলনি কৰিবলৈ আছে বা নিজৰ বিশ্বাস বঢ়াবলৈ আৰু অলপ সময় লাগিব। (কল. ২:৬, ৭) মনত ৰাখক, প্ৰতিজন বিদ্যাৰ্থী একে নিচিনা নহয়। কিছুমানে সোনকালে যিহোৱাৰ বাবে প্ৰেম বঢ়াব পাৰে, আনহাতে কিছুমানক ইয়াৰ বাবে অলপ সময়ৰ প্ৰয়োজন হয়। সকলো কিশোৰ-কিশোৰী বেলেগ বেলেগ বয়সত সমৰ্পণ কৰে আৰু বাপ্তিষ্মা লয়। সেইবাবে, নিজকে আনৰ লগত তুলনা নকৰিব। ইয়াৰ পৰিৱৰ্তে আপুনি এয়া জানিবলৈ চেষ্টা কৰক যে আপোনাৰ কি কি সাল-সলনি কৰাৰ প্ৰয়োজন আছে আৰু সেইবোৰ কৰক। (গালা. ৬:৪, ৫) তথাপিও যদি আপোনাৰ অনুভৱ হয় যে আপুনি এতিয়া সমৰ্পণ কৰিবলৈ সাজু নাই, তেনেহʼলে নিৰাশ নহʼব। এই লক্ষ্য পাবলৈ পৰিশ্ৰম কৰি থাকক। আপোনাৰ যি সাল-সলনি কৰিবলগীয়া আছে, সেইবোৰ কৰিবলৈ যিহোৱাৰ পৰা সহায় বিচাৰক। (ফিলি. ২:১৩) বিশ্বাস ৰাখক, তেওঁ আপোনাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব আৰু আপোনাক সহায় কৰিব।—১ যোহ. ৫:১৪. w২৪.০৩ ৫ ¶৯-১০
দেওবাৰ, ৩০ মাৰ্চ
হে পুৰুষবিলাক, . . . তোমালোকে স্ত্ৰীলোকৰ সৈতে জ্ঞানমতে সহবাস কৰা।—১ পিত. ৩:৭.
অব্ৰাহামে চাৰাক বহুত সন্মান কৰিছিল। তেওঁ চাৰাৰ মতামত জানিবলৈ চেষ্টা কৰিছিল আৰু তেওঁৰ অনুভূতিৰ প্ৰতি ধ্যান দিছিল। এবাৰ চাৰা বৰ চিন্তিত আছিল আৰু তাই অব্ৰাহামক বহুত কিবা-কিবি কৈ দিলে। আনকি তেওঁৰ ওপৰত অভিযোগো লগালে। এনে পৰিস্থিতিত অব্ৰাহামে তাইক খং কৰিলেনে? নহয়। অব্ৰাহামে জানিছিল যে চাৰা সদায় তেওঁৰ অধীনত থাকে আৰু তেওঁক সহযোগ কৰে। সেইবাবে, অব্ৰাহামে তাইৰ কথা মনোযোগেৰে শুনিলে আৰু বিষয়টো সমাধান কৰিবলৈ চেষ্টা কৰিলে। (আদি. ১৬:৫, ৬) স্বামীসকলে অব্ৰাহামৰ পৰা কি শিকিব পাৰে? স্বামীসকল, যিহোৱাই আপোনালোকক নিজৰ পৰিয়ালৰ নিৰ্ণয় লʼবলৈ অধিকাৰ দিছে। (১ কৰি. ১১:৩) কিন্তু কোনো নিৰ্ণয় লোৱাৰ আগতে আপুনি নিজৰ পত্নীৰ মতামত লোৱা আৰু ধ্যানেৰে শুনাটো ভাল হʼব। বিশেষকৈ, সেই সময়ত যেতিয়া এই নিৰ্ণয়ৰ পৰা তেওঁৰ ওপৰতো প্ৰভাৱ পৰিব। (১ কৰি. ১৩:৪, ৫) এবাৰ যেতিয়া হঠাতে কিছুমান আলহী আহিছিল, তেতিয়া অব্ৰাহামে অতিথি-সৎকাৰ কৰাৰ কথা ভাবিলে। সেইবাবে, চাৰাই যি কাম কৰি আছে, সেয়া এৰি বহুতো আটা খচি পিঠা বনাবলৈ কʼলে। তেওঁক বহুত আহাৰ বনাবলগীয়া আছিল। (আদি. ১৮:৬) কিন্তু তাই লগে লগে সেই কাম কৰিলে। পত্নীসকল, আপোনালোকেও চাৰাৰ দৰে নিজৰ স্বামীসকলৰ নিৰ্ণয়ক সহযোগ কৰিব পাৰেনে? এইদৰে কৰিলে আপোনালোকৰ সম্পৰ্ক আৰু মজবুত হʼব।—১ পিত. ৩:৫, ৬. w২৩.০৫ ২৪-২৫ ¶১৬-১৭
সোমবাৰ, ৩১ মাৰ্চ
ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে . . . আজ্ঞা মানিবলৈ সাজু থাকে। —যাকো. ৩:১৭.
যেতিয়া গিদিয়োনক বিচাৰকৰ্তা নিযুক্ত কৰা হʼল, তেতিয়া তেওঁক যিহোৱাৰ আজ্ঞা পালন কৰা আৰু সাহসেৰে কাম কৰাৰ প্ৰয়োজন আছিল। কিন্তু তেওঁৰ বাবে এয়া সহজ নাছিল। কিয় বাৰু? কিয়নো যিহোৱাই তেওঁৰ পিতৃয়ে নিৰ্মাণ কৰা বাল দেৱতাৰ যজ্ঞ-বেদি ধ্বংস কৰিবলৈ তেওঁক কৈছিল। এই কাম বিপদজনক আছিল। (বিচা. ৬:২৫, ২৬) পাছত গিদিয়োনে সৈনিকসকলক একগোট কৰাৰ সময়ত যিহোৱাই দুবাৰ সৈনিকসকলৰ সংখ্যা কম কৰিবলৈ কৈছিল। (বিচা. ৭:২-৭) তাৰ পাছত যিহোৱাই তেওঁক ৰাতি শত্ৰুসকলৰ ছাউনিত আক্ৰমণ কৰিবলৈ কʼলে। (বিচা. ৭:৯-১১) প্ৰাচীনসকলে “আজ্ঞা মানিবলৈ সাজু থকা” উচিত। যিসকল প্ৰাচীনে আজ্ঞা মানিবলৈ সাজু থাকে তেওঁলোকে বাইবেলত দিয়া সিদ্ধান্ত আৰু সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন কৰে। এইদৰে তেওঁলোকে আনৰ বাবে এটা ভাল উদাহৰণ ৰাখে। তথাপি বহু বাৰ আজ্ঞা মানিবলৈ তেওঁলোকক হয়তো কঠিন লাগিব পাৰে। যেনে, হয়তো প্ৰাচীনসকলক বহুতো নিৰ্দেশনা দিয়া হয় বা এটাৰ পাছত এটা বহুতো সাল-সলনি কৰা হয়। এনে পৰিস্থিতিত সেই সকলো নিৰ্দেশনা পালন কৰাটো তেওঁলোকৰ বাবে কঠিন হʼব পাৰে। অথবা এজন প্ৰাচীনৰ অনুভৱ হʼব পাৰে যে সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন কৰাটো বুদ্ধিমানৰ কাম হʼবনে বা এজন প্ৰাচীনক এনে কিবা কৰিবলৈ কোৱা হয়, যাৰ বাবে তেওঁক হয়তো গ্ৰেপ্তাৰ কৰিব পাৰে। এনে পৰিস্থিতিত প্ৰাচীনসকলে গিদিয়োনৰ দৰে কেনেকৈ আজ্ঞা পালন কৰিব পাৰে? নিৰ্দেশনাবোৰ মনোযোগেৰে শুনক আৰু পালন কৰক। w২৩.০৬ ৪-৫ ¶৯-১১