ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • es25 পৃষ্ঠা ১১০-১২২
  • ছেপ্টেম্বৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ছেপ্টেম্বৰ
  • দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
  • উপশীৰ্ষক
  • সোমবাৰ, ১ ছেপ্টেম্বৰ
  • মঙ্গলবাৰ, ২ ছেপ্টেম্বৰ
  • বুধবাৰ, ৩ ছেপ্টেম্বৰ
  • বৃহস্পতিবাৰ, ৪ ছেপ্টেম্বৰ
  • শুক্ৰবাৰ, ৫ ছেপ্টেম্বৰ
  • শনিবাৰ, ৬ ছেপ্টেম্বৰ
  • দেওবাৰ, ৭ ছেপ্টেম্বৰ
  • সোমবাৰ, ৮ ছেপ্টেম্বৰ
  • মঙ্গলবাৰ, ৯ ছেপ্টেম্বৰ
  • বুধবাৰ, ১০ ছেপ্টেম্বৰ
  • বৃহস্পতিবাৰ, ১১ ছেপ্টেম্বৰ
  • শুক্ৰবাৰ, ১২ ছেপ্টেম্বৰ
  • শনিবাৰ, ১৩ ছেপ্টেম্বৰ
  • দেওবাৰ, ১৪ ছেপ্টেম্বৰ
  • সোমবাৰ, ১৫ ছেপ্টেম্বৰ
  • মঙ্গলবাৰ, ১৬ ছেপ্টেম্বৰ
  • বুধবাৰ, ১৭ ছেপ্টেম্বৰ
  • বৃহস্পতিবাৰ, ১৮ ছেপ্টেম্বৰ
  • শুক্ৰবাৰ, ১৯ ছেপ্টেম্বৰ
  • শনিবাৰ, ২০ ছেপ্টেম্বৰ
  • দেওবাৰ, ২১ ছেপ্টেম্বৰ
  • সোমবাৰ, ২২ ছেপ্টেম্বৰ
  • মঙ্গলবাৰ, ২৩ ছেপ্টেম্বৰ
  • বুধবাৰ, ২৪ ছেপ্টেম্বৰ
  • বৃহস্পতিবাৰ, ২৫ ছেপ্টেম্বৰ
  • শুক্ৰবাৰ, ২৬ ছেপ্টেম্বৰ
  • শনিবাৰ, ২৭ ছেপ্টেম্বৰ
  • দেওবাৰ, ২৮ ছেপ্টেম্বৰ
  • সোমবাৰ, ২৯ ছেপ্টেম্বৰ
  • মঙ্গলবাৰ, ৩০ ছেপ্টেম্বৰ
দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
es25 পৃষ্ঠা ১১০-১২২

ছেপ্টেম্বৰ

সোমবাৰ, ১ ছেপ্টেম্বৰ

স্বৰ্গৰ পৰা অহা কৰুণা ৰাতিপুৱাৰ পোহৰৰ দৰে হʼব।—লূক ১:৭৮.

যিহোৱাই যীচুক মানুহৰ সকলো সমস্যা দূৰ কৰাৰ শক্তি দিছে। যীচুৱে যি চমৎকাৰ কৰিলে, তাৰ পৰা গম পোৱা যায় যে তেওঁ এনে সমস্যাবোৰো দূৰ কৰিব পাৰে, যিবোৰ মানুহে কেতিয়াও দূৰ কৰিব নোৱাৰে। তেওঁৰ ওচৰত ইমানেই শক্তি আছে যে তেওঁ বেমাৰ আৰু মৃত্যুক একেবাৰে নাইকিয়া কৰিব পাৰে। আনকি সকলো সমস্যাৰ মূল কাৰণ পাপকো সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰে। (মথি ৯:১-৬; ৰোম. ৫:১২, ১৮, ১৯) যীচুৱে চমৎকাৰ কৰি দেখুৱালে যে তেওঁ ‘সকলো ধৰণৰ’ বেমাৰ দূৰ কৰিব পাৰে আৰু মৃত্যু হোৱা লোকসকলক পুনৰুত্থান কৰিব পাৰে অৰ্থাৎ আকৌ জীয়াই তুলিব পাৰে। (মথি ৪:২৩; যোহ. ১১:৪৩, ৪৪) তেওঁৰ ওচৰত ধুমুহা বতাহকো শান্ত কৰাৰ শক্তি আছে আৰু তেওঁৰ ওচৰত দুষ্ট স্বৰ্গদূতবিলাকেও টিকিব নোৱাৰে। (মাৰ্ক ৪:৩৭-৩৯; লূক ৮:২) যিহোৱাই নিজৰ পুত্ৰ যীচু খ্ৰীষ্টক ইমান কাম কৰিবলৈ শক্তি দিয়া দেখি আমি বৰ উৎসাহিত হওঁ। আমি বিশ্বাস ৰাখিব পাৰোঁ যে ঈশ্বৰে নিজৰ ৰাজ্যত যি আশীৰ্বাদ দিয়াৰ প্ৰতিজ্ঞা কৰিছে, সেয়া আমি নিশ্চয় পাম। পৃথিৱীত থকাৰ সময়ত যীচুৱে যি চমৎকাৰ কৰিছিল, তাৰ পৰা গম পোৱা যায় যে ভৱিষ্যতেও তেওঁ এজন ৰজা হিচাপে আৰু বহুতো ডাঙৰ ডাঙৰ কাম কৰিব। w২৩.০৪ ৩-৪ ¶৫-৭

মঙ্গলবাৰ, ২ ছেপ্টেম্বৰ

পবিত্ৰ শক্তিয়ে . . . সকলো কথা আনকি ঈশ্বৰৰ গভীৰ কথাবোৰো অনুসন্ধান কৰে।—১ কৰি. ২:১০.

যদি আপুনি এখন ডাঙৰ মণ্ডলীত আছে আৰু আপোনাৰ অনুভৱ হৈছে যে বহু বাৰ উত্তৰ দিবলৈ হাত উঠোৱাৰ পাছতো আপুনি সুযোগ পোৱা নাই। তেনেহʼলে আপোনাৰ মনলৈ হয়তো এইদৰে প্ৰশ্ন আহে, ‘হাত উঠাই কি লাভ? কিন্তু এইদৰে নাভাবিব। প্ৰতিটো সভাৰ বাবে বহুতো উত্তৰ তৈয়াৰী কৰক। যদি আপুনি আলোচনাৰ আৰম্ভণিতে উত্তৰ দিবলৈ সুযোগ নাপায়, তেনেহʼলে আলোচনা চলি থকাৰ সময়ত আপুনি উত্তৰ দিবলৈ বহুতো সুযোগ পাব পাৰে। প্ৰহৰীদুৰ্গ অধ্যয়নৰ সময়ত চিন্তা কৰক যে প্ৰতিটো অনুচ্ছেদ লেখৰ বিষয়ৰ লগত কেনেকৈ জড়িত হৈ আছে, এইদৰে আপুনি বহুতো ভাল ভাল উত্তৰ তৈয়াৰী কৰিব পাৰিব, যাৰ পৰা ভাই-ভনীসকলে উৎসাহিত হʼব। ইয়াৰ উপৰিও আপুনি সেই অনুচ্ছেদবোৰৰ উত্তৰ তৈয়াৰী কৰিব পাৰে, যʼত বাইবেলৰ গভীৰ কথাবোৰ বুজোৱা হৈছে। কাৰণ সেইবোৰ বুজি পোৱা ইমান সহজ নহয় আৰু কম ভাই-ভনীয়েহে তাৰ উত্তৰ দিবলৈ হাত উঠাব পাৰে। কিন্তু আপুনি যদি এবাৰো সুযোগ নাপায়, তেনেহʼলে আপুনি কি কৰিব পাৰে? আপুনি ভাগ আগবঢ়োৱা ভাইজনক আগতীয়াকৈ কৈ থʼব পাৰে যে আপুনি কোনটো প্ৰশ্নৰ উত্তৰ দিব বিচাৰে। w২৩.০৪ ২১-২২ ¶৯-১০

বুধবাৰ, ৩ ছেপ্টেম্বৰ

যোচেফে যিহোৱাৰ স্বৰ্গদূতে যি কৈছিল, ঠিক সেইদৰেই কৰিলে। তেওঁ নিজৰ পত্নীক ঘৰলৈ লৈ আহিলে। —মথি ১:২৪.

যোচেফে যিহোৱাই দিয়া নিৰ্দেশনা লগে লগে পালন কৰিলে। সেইবাবে, তেওঁ এজন ভাল স্বামী হʼব পাৰিলে। বাইবেলত এনে তিনিটা ঘটনাৰ বিষয়ে উল্লেখ আছে, যেতিয়া যিহোৱাই পৰিয়ালৰ বিষয়ে তেওঁক নিৰ্দেশনা দিছিল। যদিও সেই নিৰ্দেশনাবোৰ পালন কৰিবলৈ যোচেফক বহুতো ডাঙৰ ডাঙৰ সাল-সলনি কৰাৰ প্ৰয়োজন আছিল, তথাপি তেওঁ প্ৰতিবাৰে যিহোৱাৰ নিৰ্দেশনা মানিলে। (মথি ১:২০; ২:১৩-১৫, ১৯-২১) যিহোৱাৰ পৰামৰ্শ মানি যোচেফে মৰিয়মক সুৰক্ষা দিব পাৰিলে, তাইক সহযোগ কৰিব পাৰিলে আৰু তাইৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰিলে। চিন্তা কৰকচোন, যেতিয়া মৰিয়মে দেখিলে যে যোচেফে কেনেকৈ যিহোৱাৰ নিৰ্দেশনাবোৰ মানি আছে, তেতিয়া মৰিয়মে হয়তো কেনেকৈ তেওঁক আৰু বেছিকৈ প্ৰেম আৰু সন্মান কৰিবলৈ ধৰিলে! স্বামীসকল, আপোনালোকেও পৰিয়ালৰ চোৱা-চিতা কৰাৰ ক্ষেত্ৰত বাইবেলৰ পৰামৰ্শ মানি যোচেফৰ নিচিনা হʼব পাৰে। এনে কৰিবলৈ হয়তো আপোনাক ডাঙৰ ডাঙৰ সাল-সলনি কৰিবলগীয়া হʼব পাৰে। কিন্তু এনে কৰাৰ যোগেদি আপুনি নিজৰ পত্নীক প্ৰেম কৰে বুলি দেখুৱাব পাৰে। এইদৰে আপোনালোকৰ সম্পৰ্ক আৰু মজবুত হʼব। বনুআটু দেশত থকা এগৰাকী ভনীৰ বিয়া হোৱা ২০ বছৰতকৈ বেছি হʼল। তেওঁ এইদৰে কৈছে, “যেতিয়া মোৰ স্বামীয়ে এয়া জানিবলৈ চেষ্টা কৰে যে কোনো এটা বিষয়ত যিহোৱাই কি পৰামৰ্শ দিছে আৰু তাক পালন কৰে, তেতিয়া মই তেওঁক আৰু বেছিকৈ সন্মান কৰিবলৈ ধৰোঁ। মোৰ বিশ্বাস আছে যে তেওঁ যি নিৰ্ণয় লʼব, সেয়া সঠিক হʼব আৰু মই কোনো কথাৰ বাবে চিন্তিত নহওঁ।”w২৩.০৫ ২১ ¶৫

বৃহস্পতিবাৰ, ৪ ছেপ্টেম্বৰ

এক ৰাজপথ তৈয়াৰ কৰা হব; সেয়ে পবিত্ৰ আলি বুলি প্ৰখ্যাত হব।—যিচ. ৩৫:৮.

যিসকল যিহূদী নিজৰ দেশলৈ উভতি গৈছিল, তেওঁলোকক ঈশ্বৰৰ “পবিত্ৰ প্ৰজা” হোৱাৰ প্ৰয়োজন আছিল। (দ্বিতী. ৭:৬) কিন্তু ইয়াৰ অৰ্থ এয়া নাছিল যে তেওঁলোকে এতিয়া যিহোৱাক আনন্দিত কৰিবলৈ কোনো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাছিল। বাবিলত থকা বেছিভাগ যিহূদীৰ জন্ম তাতেই হৈছিল আৰু এনে লাগিছিল যেন তেওঁলোকে বাবিলত থকা লোকসকলৰ নিচিনা ভাবিছিল আৰু আচাৰ-ব্যৱহাৰ কৰিছিল। আৰম্ভণিতে যিহূদীসকলে ইস্ৰায়েললৈ উভতি যোৱাৰ বহু বছৰৰ পাছত যেতিয়া ৰাজ্যপাল নহিমিয়াই আহি দেখিলে যে ইস্ৰায়েলত জন্ম হোৱা লʼৰা-ছোৱালীবিলাকে যিহূদী ভাষা কʼব নাজানে, তেতিয়া তেওঁক বহুত দুখ লাগিল। (দ্বিতী. ৬:৬, ৭; নহি. ১৩:২৩, ২৪) ঈশ্বৰৰ বাক্যৰ বেছিভাগ অংশই ইব্ৰী ভাষাত লিখা আছিল। কিন্তু এই লʼৰা-ছোৱালীবিলাকে ইব্ৰী ভাষা বুজিয়েই পোৱা নাছিল। গতিকে তেওঁলোকে যিহোৱাক প্ৰেম কৰিবলৈ আৰু তেওঁৰ উপাসনা কৰাৰ বিষয়ে কেনেকৈ জানিব পাৰিলেহেঁতেন? (ইজ্ৰা ১০:৩, ৪৪) এই উদাহৰণৰ পৰা জানিব পাৰি যে ইস্ৰায়েললৈ উভতি অহা যিহূদীসকলে নিজৰ জীৱনত ডাঙৰ ডাঙৰ বহুতো সাল-সলনি কৰাৰ প্ৰয়োজন আছিল। ইস্ৰায়েলত থাকি এই সাল-সলনি কৰা তেওঁলোকৰ বাবে সহজ আছিল, যʼত লাহে লাহে যিহোৱাৰ শুদ্ধ উপাসনা আকৌ আৰম্ভ হʼবলৈ ধৰিছিল।—নহি. ৮:৮, ৯. w২৩.০৫ ১৫ ¶৬-৭

শুক্ৰবাৰ, ৫ ছেপ্টেম্বৰ

যিহোৱাই পৰিব লগীয়া সকলোকে ধৰি ৰাখে; দুৰৱস্থাত থকাবিলাকক তেওঁ সু-অৱস্থালৈ আনে।—গীত. ১৪৫:১৪.

নিজৰ লক্ষ্যত উপনীত হোৱাৰ আমাৰ যিমানেই ইচ্ছা নাথাকক কিয় বা আমি যিমানেই চেষ্টা নকৰোঁ কিয়, কিন্তু কিবা নহয় কিবা বাধা নিশ্চয় আহে। যেনে: হয়তো হঠাতে কিবা ‘আপদৰ কাল’ আহিব পাৰে, যাৰ বাবে আমাৰ ওচৰত নিজৰ লক্ষ্যত উপনীত হʼবলৈ সময়ে নাথাকিব। (উপ. ৯:১২) অথবা আমি এনে কিবা সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼব পাৰে, আমি হয়তো নিৰাশ হৈ পৰিব পাৰোঁ আৰু আমাৰ সকলো শক্তি নাইকিয়া হʼব পাৰে। (হিতো. ২৪:১০) ইয়াৰ উপৰিও আমি অসিদ্ধ হয়। সেইবাবে, আমাৰ পৰা হয়তো কিবা ভুল হৈ যাব পাৰে, যাৰ বাবে আমি নিজৰ লক্ষ্যৰ পৰা আঁতৰি যাব পাৰোঁ। (ৰোম. ৭:২৩) অথবা আমি হয়তো ভাগৰি পৰোঁ। (মথি ২৬:৪৩) যদি আমাৰ ওচৰত এনে কিবা বাধা আহে, তেনেহʼলে আমি কি কৰিব পাৰোঁ? বাধা অহাৰ অৰ্থ এয়া নহয় যে আমি বিফল হʼলোঁ। বাইবেলত কোৱা হৈছে আমি বাৰে বাৰে পৰিব পাৰোঁ অৰ্থাৎ আমাৰ ওপৰত সমস্যা আহিব পাৰে। কিন্তু তাত এয়াও কোৱা হৈছে যে আমি আকৌ উঠিব পাৰোঁ।” সঁচাকৈ, বাধা অহাৰ সত্ত্বেও যেতিয়া আমি নিজৰ লক্ষ্যৰ ফালে আগুৱাই যাওঁ, তেতিয়া ইয়াৰ পৰা জানিব পাৰি যে আমি যিহোৱাক আনন্দিত কৰিব বিচাৰোঁ। চিন্তা কৰকচোন, আমাক পৰিশ্ৰম কৰা দেখি যিহোৱাই কিমান আনন্দিত হয়। w২৩.০৫ ৩০ ¶১৪-১৫

শনিবাৰ, ৬ ছেপ্টেম্বৰ

জাকৰ আৰ্হি হওক। —১ পিত. ৫:৩.

যেতিয়া এজন ডেকা ভায়ে অগ্ৰগামী সেৱা কৰে, তেতিয়া তেওঁ বেলেগ বেলেগ লোকসকলৰ লগত ভালদৰে কাম কৰিবলৈ শিকে। অগ্ৰগামী সেৱা কৰাৰ বাবে এজন ডেকাই এয়াও শিকিব পাৰে যে তেওঁৰ ওচৰত যি আছে, তাতেই কেনেকৈ চলিব পাৰে। (ফিলি. ৪:১১-১৩) পূৰ্ণসময়ৰ সেৱা কৰিবলৈ হʼলে আপুনি আগতে সহকাৰী অগ্ৰগামী সেৱা কৰাটো ভাল হʼব। এইদৰে আপুনি অগ্ৰগামী সেৱা কৰিবলৈ সাজু হʼব পাৰে। অগ্ৰগামী সেৱা কৰিলে আপুনি পূৰ্ণসময়ৰ সেৱা কৰিবলৈ আৰু বহুতো সুযোগ পাব, যেনে: নিৰ্মাণ কামত সহযোগ কৰা বা বেথেলত সেৱা কৰা। ভাইসকলে মণ্ডলীত প্ৰাচীন হিচাপে ভাই-ভনীসকলক সহায় কৰাৰ যোগ্য হʼবলৈ লক্ষ্য ৰখা উচিত। বাইলেত কোৱা হৈছে যে যিজন ভায়ে এইদৰে কৰিবলৈ আগবাঢ়ি যায়, “তেওঁ উত্তম কৰ্ম্মলৈ ইচ্ছা কৰে।” (১ তীম. ৩:১) প্ৰথমে এজন ভায়ে পৰিচাৰক হিচাপে সেৱা কৰাৰ যোগ্য হোৱা উচিত। পৰিচাৰকে বহুতো উপায়েৰে প্ৰাচীনক সহায় কৰিব পাৰে। প্ৰাচীন আৰু পৰিচাৰকসকল নম্ৰ হয় আৰু ভাই-ভনীসকলক সহায় কৰাৰ তেওঁলোকৰ উৎসাহ থাকে। তেওঁলোকে উৎসাহেৰে প্ৰচাৰো কৰে। w২৩.১২ ২৮ ¶১৪-১৬

দেওবাৰ, ৭ ছেপ্টেম্বৰ

তেওঁ অলপ বয়সীয়া হৈয়ো, তেওঁৰ ওপৰ-পিতৃ দায়ূদৰ ঈশ্বৰক বিচাৰিবলৈ ধৰিলে।—২ বং. ৩৪:৩.

ৰজা যোচিয়াই ডেকা কালৰে পৰা যিহোৱাক বিচাৰিবলৈ ধৰিলে। তেওঁ যিহোৱাক আৰু ভালদৰে জানিবলৈ আৰু তেওঁৰ ইচ্ছা পূৰ কৰিব বিচাৰিছিল। কিন্তু তেওঁৰ বাবে এই সকলোবোৰ কৰাটো ইমান সহজ নাছিল। কিয়নো তেওঁৰ চাৰিওফালে মিছা উপাসনা কৰা লোকসকল আছিল আৰু তেওঁলোকক বাধা দিবলৈ বহুত সাহসৰ প্ৰয়োজন আছিল। তথাপি তেওঁ এইদৰেই কৰিলে। যোচিয়াৰ বয়স ২০ বছৰো হোৱা নাছিল, তথাপি তেওঁ গোটেই দেশৰ পৰা মিছা উপাসনা নাইকিয়া কৰিবলৈ চেষ্টা কৰিলে। (২ বং. ৩৪:১, ২) যদিও আপুনি সৰু হৈ আছে, তথাপি যোচিয়াৰ দৰে হʼব পাৰে। কেনেকৈ বাৰু? আপুনি যিহোৱাৰ আৰু কাষ চাপিবলৈ, তেওঁক আৰু ভালদৰে জানিবলৈ আৰু তেওঁৰ কি কি গুণ আছে তাক জানিবলৈ চেষ্টা কৰিব পাৰে। তাৰ পাছত আপোনাক নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ মন যাব। নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰা লোকসকলে প্ৰতিদিনে কি কৰিবলৈ চেষ্টা কৰে? ভাই লূকে ১৪ বছৰতে বাপ্তিষ্মা লৈছিল। নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰাৰ সময়ত তেওঁ থিৰাং কৰিছিল যে “এতিয়াৰে পৰা মই নিজৰ জীৱনত যিহোৱাক প্ৰথম স্থান দিম আৰু তেওঁক আনন্দিত কৰিবলৈ চেষ্টা কৰিম।” (মাৰ্ক ১২:৩০) যদি আপোনাৰ এনেদৰে কৰিবলৈ মন যায়, তেনেহʼলে আপুনিও বহুতো আশীৰ্বাদ পাব। w২৩.০৯ ১১ ¶১২-১৩

সোমবাৰ, ৮ ছেপ্টেম্বৰ

তোমালোকৰ মাজত যিসকলে কঠোৰ পৰিশ্ৰম কৰে আৰু প্ৰভুত তোমালোকৰ নেতৃত্ব লয় . . . তেওঁলোকক সন্মান কৰা।—১ থিচ. ৫:১২.

পাঁচনি পৌলে থিচলনীকীয়া মণ্ডলীলৈ প্ৰথম চিঠি লিখাৰ সময়ত সেই মণ্ডলী গঠন হৈ এবছৰো হোৱা নাছিল। গতিকে তাত নেতৃত্ব লোৱা ভাইসকলৰ হয়তো বেছি অভিজ্ঞতা নাছিল। হয়তো তেওঁলোকৰ পৰা কিছুমান ভুলো হৈছিল। তথাপি তেওঁলোকে যি কঠিন পৰিশ্ৰম কৰিছিল, তাৰ বাবে ভাই-ভনীসকলে তেওঁলোকক সন্মান কৰাৰ প্ৰয়োজন আছিল। ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আমিও মণ্ডলীৰ প্ৰাচীনসকলক প্ৰেম আৰু সন্মান কৰা উচিত। মহাক্লেশ যিমানেই ওচৰ চাপি আহিব, হয়তো মুখ্য কাৰ্য্যালয় বা শাখা কাৰ্য্যালয়ৰ ভাইসকলৰ লগত আমাৰ যোগাযোগ নহʼবও পাৰে। হয়তো নিৰ্দেশনা পাবলৈ আমি প্ৰাচীনসকলৰ ওপৰত বেছিকৈ নিৰ্ভৰ হʼব লাগিব। সেইবাবে, আমি এতিয়াৰে পৰা তেওঁলোকক প্ৰেম আৰু সন্মান কৰা অতি প্ৰয়োজন। ভৱিষ্যতে যিয়েই নহওক কিয়, আহক আমি নিজৰ চেতনা বজাই ৰাখোঁ আৰু সেই ভাইসকলৰ দুৰ্বলতাবোৰৰ প্ৰতি ধ্যান দিয়াৰ পৰিৱৰ্তে এই দায়িত্ব যিহোৱাই তেওঁলোকক দিছে আৰু যীচুৰ যোগেদি তেওঁলোকক নিৰ্দেশনা দি আছে এই কথা মনত ৰাখোঁ। টকয়া বা হেলমেট পিন্ধাৰ বাবে যিদৰে এজন সৈনিকৰ মূৰ সুৰক্ষিত হৈ থাকে, ঠিক সেইদৰে নিজৰ উদ্ধাৰৰ আশাৰ ওপৰত ধ্যান দিলে আমাৰ চিন্তাধাৰা সুৰক্ষিত হৈ থাকে। সেইবাবে, আমি জানোঁ যে জগতে যিয়েই দিয়াৰ প্ৰতিজ্ঞা নকৰক কিয় সেই সকলো মূল্যহীন। (ফিলি. ৩:৮) আশা থকাৰ বাবে আমাৰ মন শান্ত হৈ থাকে আৰু আমি ভালদৰে চিন্তা কৰিব পাৰোঁ। w২৩.০৬ ১১-১২ ¶১১-১২

মঙ্গলবাৰ, ৯ ছেপ্টেম্বৰ

অজ্ঞানী তিৰোতা দ্বন্দুৰী; তাই নিৰ্ব্বোধ।—হিতো. ৯:১৩.

যিসকলে ‘অজ্ঞানী তিৰোতাৰ’ নিমন্ত্ৰণ শুনে, তেওঁলোকে এটা নিৰ্ণয় লʼবলগীয়া হয়। তেওঁলোকে তাইৰ নিমন্ত্ৰণ গ্ৰহণ কৰিব নে নকৰে? অনৈতিক যৌন সম্পৰ্ক ৰখাৰ বহুত বেয়া পৰিণাম হয়। সেইবাবে, আমি তাৰ পৰা আঁতৰি থকা উচিত। ‘অজ্ঞানী তিৰোতাই’ এইদৰে কয়, “চোৰ কৰা পানী মিঠা।” (হিতো. ৯:১৭) ‘চোৰ কৰা পানীৰ’ অৰ্থ কি? বাইবেলত কোৱা হৈছে যে পতি-পত্নীয়ে যি সম্পৰ্ক ৰাখে, সেয়া সতেজ কৰি তোলা পানীৰ দৰে হয়। (হিতো. ৫:১৫-১৮) যদি এজন পুৰুষ আৰু তিৰোতাই আইনৰ অনুসৰি বিয়া পাতিছে, তেনেহʼলে তেওঁলোকে এজনে-আনজনৰ লগত সম্পৰ্ক ৰাখি আনন্দ উপভোগ কৰিব পাৰে। কিন্তু ‘চোৰ কৰা পানীৰ’ বিষয়ে এইদৰে কʼব নোৱাৰি। ইয়াৰ অৰ্থ অনৈতিক যৌন-সম্পৰ্ক হʼব পাৰে। এনেধৰণৰ কাম লুকাই লুকাই কৰা হয়, যিদৰে লোকসকলে প্ৰায়ে লুকাই চুৰ কৰে। ‘চোৰ কৰা পানী’ সেই লোকসকলক আৰু মিঠা লাগিব পাৰে, যিসকলে ভাবে যে তেওঁলোকে যি কৰিছে, তাৰ বিষয়ে কোনোৱে গম নাপায়। এনেধৰণৰ লোকসকলে নিজকে ঠগে। যিহোৱাই সকলো চাই আছে। সঁচাকৈ কʼবলৈ গʼলে এই অনুভৱ “মিঠা” নহয়, তাৰ পৰিৱৰ্তে অধিক তিতা। কাৰণ এইদৰে কৰি এজন ব্যক্তিয়ে যিহোৱাৰ অনুমোদন হেৰুৱায়।—১ কৰি. ৬:৯, ১০. w২৩.০৬ ২২ ¶৭-৯

বুধবাৰ, ১০ ছেপ্টেম্বৰ

কিন্তু অনিচ্ছাৰে যদি কৰোঁ, তেন্তে শুভবাৰ্ত্তাৰূপ ধনৰ ভঁৰালী-বাব মোক দিয়া হৈছে।—১ কৰি. ৯:১৭.

কিছু সময়ৰ পৰা আপুনি সদায় একে ধৰণৰে প্ৰাৰ্থনা কৰি আছে বুলি আপোনাৰ অনুভৱ হৈছে নে? আপুনি প্ৰচাৰত আনন্দ পোৱা নাই নে বা বাইবেল পঢ়িবলৈ আপোনাক আমনি লাগে নে? যদি এইদৰে হয়, তেনেহʼলে এয়া নাভাবিব যে যিহোৱাই আপোনাৰ পৰা আনন্দিত নহয়। আমি অসিদ্ধ হোৱাৰ বাবে আমাৰ ভাৱনা সলনি হৈ থাকে আৰু আমাৰ উৎসাহ সদায় একে নাথাকে। যদি আপোনাৰ লগত এইদৰে হয়, তেনেহʼলে এই ক্ষেত্ৰত আপুনি অকলশৰীয়া নহয়। পাঁচনি পৌলও এইদৰেই অনুভৱ কৰিছিল। তেওঁ যীচুৰ পিছে পিছে চলিবলৈ সম্পূৰ্ণ চেষ্টা কৰিছিল। কিন্তু কেতিয়াবা কেতিয়াবা যিহোৱাৰ সেৱা কৰি থাকিবলৈ তেওঁৰো মন যোৱা নাছিল। তেওঁৰ কথাৰ পৰা বুজিব পাৰোঁ যে যিহোৱাৰ সেৱা কৰিবলৈ মন নগʼলেও তেওঁ এইদৰে কৰি থাকিবলৈ থিৰাং কৰিছিল। পৌলৰ পৰা আমি কি শিকিব পাৰোঁ? আবেগিক হৈ নিৰ্ণয় নলʼব। আপোনাৰ মন নগʼলেও সঠিক কাম কৰি থাকক। এইদৰে কৰি থাকিলে লাহে লাহে এই কামবোৰ আপোনাৰ ভাল লাগিব। —১ কৰি. ৯:১৬. w২৪.০৩ ১১-১৩ ¶১২-১৩

বৃহস্পতিবাৰ, ১১ ছেপ্টেম্বৰ

তোমালোকৰ প্ৰেম প্ৰকাশ কৰক।—২ কৰি. ৮:২৪.

আমি ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰি আৰু সময় কটাই তেওঁলোকক প্ৰেম দেখুৱাব পাৰোঁ। (২ কৰি. ৬:১১-১৩) বহুতো মণ্ডলীত এনে ভাই-ভনীসকল আছে, যিসকলে বেলেগ বেলেগ পৰিৱেশত ডাঙৰ-দীঘল হৈছে আৰু তেওঁলোকৰ স্বভাৱ-চৰিত্ৰও বেলেগ। যিহোৱাৰ দৰে আমিও তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিলে তেওঁলোকৰ প্ৰতি প্ৰেম বঢ়াব পাৰিম। কিয়নো মহাক্লেশৰ সময়ত আমি ভাই-ভনীসকলক প্ৰেম কৰিব লাগিব। মহাক্লেশ আৰম্ভ হোৱাৰ সময়ত যিহোৱাই আমাক কেনেকৈ সুৰক্ষা দিব? মন কৰক পুৰণি সময়ত যেতিয়া বাবিলৰ ওপৰত আক্ৰমণ কৰা হৈছিল, তেতিয়া যিহোৱাই নিজৰ লোকসকলক কেনেকৈ নিৰ্দেশনা দিছিল। যিহোৱাই তেওঁলোকক এইদৰে কৈছিল “হে মোৰ প্ৰজা, যোৱা, তোমাৰ কোঁঠালিত সোমোৱা, আৰু চাৰিওফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেকমান লুকাই থাকা।” (যিচ. ২৬:২০) মহাক্লেশৰ সময়তো যিহোৱাৰ লোকসকলে হয়তো এইদৰেই কৰিবলগীয়া হʼব। w২৩.০৭ ৬-৭ ¶১৪-১৬

শুক্ৰবাৰ, ১২ ছেপ্টেম্বৰ

এই জগতৰ দৃশ্য সলনি হৈ আছে।—১ কৰি. ৭:৩১.

সাল-সলনি কৰিবলৈ সাজু থাকক। আমি নিজকে সুধিব পাৰোঁ, ‘লোকসকলে মোৰ বিষয়ে কি ভাবে? মই দয়া দেখুৱা ব্যক্তি হওঁনে? মই ঢাল খাবলৈ বা সাল-সলনি কৰিবলৈ সাজু থাকোঁনে? বা তেওঁলোকে মোক কঠোৰ বা একেটা কথাতে লাগি থকা লোক বুলি ভাবে? বা মই আনৰ কথা শুনিবলৈ সাজু থাকোঁ আৰু প্ৰয়োজন হʼলে তেওঁলোকৰ কথা মানি লওঁ?’ যিমানেই আমি আনক দয়া দেখুৱাওঁ আৰু সাল-সলনি কৰিবলৈ সাজু থাকোঁ, সিমানেই আমি যিহোৱা আৰু যীচুৰ দৰে হ’ম। পৰিস্থিতি সলনি হ’লে আমাৰ বাবে সাল-সলনি কৰাটো প্ৰয়োজন হৈ পৰে। কিছুমান সাল-সলনিৰ বাবে আমাৰ ওচৰত এনে সমস্যাবোৰ আহিব পাৰে যাৰ বিষয়ে আমি হয়তো ভবাও নাই। হয়তো হঠাতে আমাৰ স্বাস্থ্য বেয়া হʼব পাৰে বা আৰ্থিক বা ৰাজনৈতিক সাল-সলনিৰ বাবে হয়তো হঠাতে আমাৰ জীৱন সলনি হʼব পাৰে। (উপ. ৯:১১) হয়তো যিহোৱাৰ সংগঠনত আমাক যি দায়িত্ব দিয়া হৈছে, তাত কিছুমান সাল-সলনি হʼব পাৰে। যদি আমি তলত কোৱা চাৰিটা পদক্ষেপ লওঁ, তেনেহʼলে আমি সহজতে নতুন পৰিস্থিতিৰ লগত নিজকে খাপ খোৱাব পাৰিম। (১) পৰিস্থিতি সলনি হʼল বুলি মানি লওক, (২) আগলৈ চাওক, (৩) ভাল কথাবোৰলৈ মন দিয়ক আৰু (৪) আনৰ বাবে কিবা কৰক। w২৩.০৭ ২২ ¶৭-৮

শনিবাৰ, ১৩ ছেপ্টেম্বৰ

তুমি [ঈশ্বৰৰ কাৰণে] অতি প্ৰিয়।—দানি. ৯:২৩.

ডেকা কালত ভৱিষ্যতবক্তা দানিয়েলক যিৰূচালেমৰ পৰা বহু দূৰ বাবিললৈ বন্দী কৰি লৈ অনা হৈছিল। যেতিয়া বাবিলৰ অধিকাৰীসকলে তেওঁৰ বাহ্যিক ৰূপ চালে আৰু দেখিলে যে তেওঁত কোনো “ঘুণ” অৰ্থাৎ খুঁত নাই, তেওঁ দেখিবলৈ “সুন্দৰ” আৰু সমাজত ভাল নাম থকা পৰিয়ালৰ হয়, তেতিয়া তেওঁলোকে দানিয়েলক বহুত ভাল পালে। (১ চমূ. ১৬:৭) সেইবাবে, তেওঁলোকে ভাবিলে যে তেওঁলোকে দানিয়েলক শিক্ষা দিব যাতে তেওঁ আগলৈ গৈ ৰাজভৱনত কাম কৰিব পাৰে। (দানি. ১:৩, ৪, ৬) যিহোৱাও দানিয়েলক প্ৰেম কৰিছিল। যিহোৱাই চালে যে তেওঁ অন্তৰৰ পৰা কেনে ব্যক্তি হয়। যিহোৱাই দানিয়েলৰ বিষয়ে কৈছিল যে তেওঁ নোহ আৰু ইয়োবৰ দৰে ভাল মানুহ হয়। নোহ আৰু ইয়োবে বহু বছৰ ধৰি বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰিছিল আৰু তেওঁৰ দৃষ্টিত এটা ভাল নাম অৰ্জন কৰিছিল। কিন্তু আপুনি জানেনে যিহোৱাই যেতিয়া দানিয়েলৰ বিষয়ে এই কথা কৈছিল, তেতিয়া তেওঁ হয়তো মাত্ৰ ১৯-২০ বছৰৰ আছিল। (আদি. ৫:৩২; ৬:৯, ১০; ইয়ো. ৪২:১৬, ১৭; যিহি. ১৪:১৪) দানিয়েল বহু বছৰলৈকে জীয়াই থাকিল আৰু তেওঁৰ জীৱনত বহুতো সমস্যা আহিল। কিন্তু যিহোৱাই তেওঁক কেতিয়াও এৰি নিদিলে আৰু সদায় তেওঁক প্ৰেম কৰি থাকিল।—দানি. ১০:১১, ১৯. w২৩.০৮ ২ ¶১-২

দেওবাৰ, ১৪ ছেপ্টেম্বৰ

বহল, দীঘল, ওখ আৰু দ ভালদৰে জানিবলৈ চেষ্টা কৰক।—ইফি. ৩:১৮.

যদি আপুনি এখন ঘৰ কিনিব বিচাৰিছে। তেনেহʼলে আপুনি নিজে গৈ ঘৰখনৰ সকলো ভালদৰে চাব। ঠিক সেইদৰে যেতিয়া আমি বাইবেল পঢ়োঁ আৰু অধ্যয়ন কৰোঁ, তেতিয়াও আমি এইদৰে কৰিব পাৰোঁ। যদি আপুনি খৰ-খেদাকৈ ইয়াক পঢ়ে, তেনেহ’লে আপুনি ইয়াৰ কিছুমান কথাহে গ’ম পাব অৰ্থাৎ ‘ঈশ্বৰৰ বচনসমূহৰ আদিকথাহে।’ (ইব্ৰী ৫:১২) আমি এইদৰে কৰিব নিবিচাৰোঁ। আমি এই বিল্ডিঙৰ ভিতৰলৈ যাব বিচাৰোঁ, অৰ্থাৎ ইয়াৰ সৰু সৰু কথাও ভালদৰে বুজিব বিচাৰোঁ। এনেদৰে কৰিবলৈ প্ৰথমে আমি চিন্তা কৰিব লাগিব যে আমি কি কি সত্যতাৰ ওপৰত বিশ্বাস কৰোঁ আৰু সেইবোৰ ভালদৰে বুজিব লাগিব। তাৰ পাছত আমি সেইবোৰ কিয় বিশ্বাস কৰোঁ এয়া জানিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ উপৰিও বাইবেলৰ বেলেগ বেলেগ অংশ এটাই আনটোৰ লগত কেনেকৈ জড়িত হৈ আছে তাক জানিবলৈ চেষ্টা কৰিব লাগিব।ঈশ্বৰৰ বাক্যক আৰু ভালদৰে বুজিবলৈ আমাক ইয়াত লিখা গভীৰ কথাবোৰ আৰু সত্যতাবোৰক জনা উচিত। পাঁচনি পৌলে খ্ৰীষ্টান ভাই-ভনীসকলক ঈশ্বৰৰ বাক্য ভালদৰে অধ্যয়ন কৰিবলৈ অনুৰোধ কৰিছিল যাতে তেওঁলোকে ইয়াৰ দীঘল, বহল, দ আৰু ওখৰ বিষয়ে ভালদৰে বুজিব পাৰে। এইদৰে কৰাৰ যোগেদি তেওঁলোকে নিজৰ বিশ্বাস ‘শিপা ধৰাই আৰু বলৱন্ত হৈ’ বিশ্বাসত টিকি থাকিব পাৰিলেহেতেঁন। (ইফি. ৩:১৪-১৯) আমিও এইদৰে কৰা উচিত। w২৩.১০ ১৮-১৯ ¶১-৩

সোমবাৰ, ১৫ ছেপ্টেম্বৰ

হে ভাইবিলাক, যি ভাববাদীসকলে প্ৰভুৰ নামেৰে কথা কলে, তেওঁবিলাকক ক্লেশ-সহন আৰু ধৰিসহিষ্ণুতাৰ আৰ্হি বুলি মানিবা।—যাকো. ৫:১০.

বাইবেলত বহুতো লোকৰ উদাহৰণ দিয়া হৈছে যিসকলে ধৈৰ্য্যৰে কাম কৰিলে। গতিকে ব্যক্তিগত অধ্যয়নৰ সময়ছোৱাত এনে লোকসকলৰ বিষয়ে অনুসন্ধান কৰক আৰু তেওঁলোকৰ পৰা শিকক। যেনে, আপুনি দায়ূদৰ বিষয়ে অধ্যয়ন কৰিব পাৰে। সৰু থাকোঁতেই তেওঁক ৰজা হোৱাৰ বাবে অভিষিক্ত কৰা হৈছিল। কিন্তু ৰজা হ’বলৈ তেওঁ বহু বছৰ অপেক্ষা কৰিবলগীয়া হ’ল। চিমিয়োন আৰু হান্নাই মচীহক চাবলৈ বহু বছৰলৈকে অপেক্ষা কৰিলে আৰু এই সময়ছোৱাত বিশ্বাসী হৈ তেওঁলোকে যিহোৱাৰ সেৱা কৰি থাকিল। (লূক ২:২৫, ৩৬-৩৮) যেতিয়া আপুনি এই ঘটনাবোৰ পঢ়ে, তেতিয়া এই প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক: ‘এই ব্যক্তিজনে কিয় ধৈৰ্য্যৰে কাম কৰিব পাৰিলে? ধৈৰ্য্য ধৰাৰ বাবে তেওঁৰ কি লাভ হ’ল? মই তেওঁৰ দৰে কেনেকৈ হ’ব পাৰোঁ?’ আপুনি সেই লোকসকলৰ বিষয়েও পঢ়িব পাৰে, যিসকলে ধৈৰ্য্যৰে কাম কৰা নাছিল। (১ চমূ. ১৩:৮-১৪) তেওঁলোকৰ বিষয়ে অধ্যয়ন কৰাৰ সময়ত চিন্তা কৰক, ‘এই ব্যক্তিজনে কিয় ধৈৰ্য্যৰে কাম কৰিব নোৱাৰিলে? ইয়াৰ বাবে তেওঁৰ কি পৰিণাম হ’ল?‘ w২৩.০৮ ২৫ ¶১৫

মঙ্গলবাৰ, ১৬ ছেপ্টেম্বৰ

আমি বিশ্বাস কৰিলোঁ আৰু জানিলোঁ যে আপুনিয়েই ঈশ্বৰৰ পবিত্ৰজনা।—যোহ. ৬:৬৯.

পাঁচনি পিতৰে যিকোনো পৰিস্থিতিত যীচুৰ পাছত চলিবলৈ এৰি দিয়া নাছিল। তেওঁ এজন বিশ্বাসী খ্ৰীষ্টান আছিল। এবাৰ যীচুৱে এনে এটা কথা কৈছিল, যিটো তেওঁৰ শিষ্যসকলে বুজি পোৱা নাছিল। (যোহ. ৬:৬৮) তেতিয়া বহুতো লোকে যীচুৰ পাছত চলিবলৈ এৰি দিলে। তেওঁলোকে যীচুৱে কোৱা কথাৰ অৰ্থ কি তাক জানিবলৈ চেষ্টা নকৰিলে আৰু তাৰ অৰ্থ যীচুৱে বুজাই দিব বুলিও অপেক্ষা নকৰিলে। কিন্তু পিতৰ যীচুৰ বিশ্বাসী হৈ থাকিল। তেওঁ যীচুক এৰি দিয়া নাছিল। তেওঁ জানিছিল যে “অনন্ত জীৱনৰ কথা” যীচুৰ ওচৰতে আছে। যীচুৱে জানিছিল যে পিতৰ আৰু আন পাঁচনিসকলে তেওঁক এৰি দিব। তথাপি যীচুৱে যি কʼলে তাৰ পৰা প্ৰমাণ হʼল যে পিতৰৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল। তেওঁৰ ভৰসা আছিল যে পিতৰে অনুতাপ কৰি উভতি আহিব আৰু সদায় তেওঁৰ বিশ্বাসী হৈ থাকিব। (লূক ২২:৩১, ৩২) যীচুৱে এয়াও বুজি পাইছিল যে তেওঁলোকৰ “আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল।” (মাৰ্ক ১৪:৩৮) সেইবাবে, পিতৰে যেতিয়া তেওঁক চিনি পাবলৈ অস্বীকাৰ কৰিছিল, তেতিয়াও যীচুৱে তেওঁক এৰি দিয়া নাছিল। যীচু আকৌ জীৱিত হোৱাৰ পাছত পিতৰক লগ কৰিছিল আৰু সেই সময়ত পিতৰ হয়তো অকলে আছিল। (মাৰ্ক ১৬:৭; লূক ২৪:৩৪; ১ কৰি. ১৫:৫) পিতৰ বহুত দুখত আছিল কিন্তু তেওঁ যীচুক দেখাৰ পাছত তেওঁ হয়তো বহুত উৎসাহিত হʼল। w২৩.০৯ ২২ ¶৯-১০

বুধবাৰ, ১৭ ছেপ্টেম্বৰ

যিবিলাকৰ অধৰ্ম্মম ক্ষমা কৰা হল, আৰু যিবিলাকৰ পাপ ঢকা হল, তেওঁবিলাক ধন্য।—ৰোম. ৪:৭.

যি কোনোৱে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে, ঈশ্বৰে তেওঁলোকৰ পাপ ঢাকি দিয়ে। তেওঁ তেওঁলোকৰ পাপ সম্পূৰ্ণৰূপে ক্ষমা কৰে আৰু সেইবোৰৰ পুনৰ হিচাপ নলয়। (গীত ৩২:১, ২) এইদৰে তেওঁলোকৰ বিশ্বাসৰ বাবে ঈশ্বৰে তেওঁলোকক নিৰ্দোষী আৰু ভাল ব্যক্তি বুলি ভাবে। যিহোৱা ঈশ্বৰে অব্ৰাহাম, দায়ূদ আৰু আন বিশ্বাসী সেৱকসকলক ভাল ব্যক্তি বুলি কʼলে। কিন্তু তেওঁলোকেও অসিদ্ধ আছিল আৰু তেওঁলোকৰ পৰাও ভুল হৈছিল। তথাপিও তেওঁলোকৰ বিশ্বাসৰ বাবে ঈশ্বৰে তেওঁলোকক ভাল ব্যক্তি বা নিৰ্দোষী বুলি গণ্য কৰিলে। বিশেষকৈ, সেই লোকসকলৰ তুলনাত যিসকলে তেওঁৰ ওপৰত বিশ্বাস কৰা নাছিল। (ইফি. ২:১২) পাঁচনি পৌলে ৰোমীয়া নামৰ নিজৰ চিঠিখনত বুজালে যে যিসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে, তেওঁলোকে ঈশ্বৰৰ বন্ধু হʼব পাৰে। অব্ৰাহাম আৰু দায়ূদেও ঈশ্বৰৰ বন্ধু হʼব পাৰিলে। কাৰণ তেওঁলোকে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিছিল। ঠিক সেইদৰে, আজি আমিও যদি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰোঁ, তেনেহʼলে আমি তেওঁৰ বন্ধু হʼব পাৰিম। w২৩.১২ ৩ ¶৬-৭

বৃহস্পতিবাৰ, ১৮ ছেপ্টেম্বৰ

তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশে স্তৱৰূপ যজ্ঞ, অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহঁক।—ইব্ৰী ১৩:১৫.

আজি সকলো খ্ৰীষ্টানৰ ওচৰত যিহোৱাক বলিদান দিয়াৰ এটা বিশেষ সুযোগ আছে। আমি ঈশ্বৰৰ ৰাজ্যত কামত নিজৰ সময় আৰু সঁজুলি ব্যৱহাৰ কৰিব পাৰোঁ আৰু বহুত পৰিশ্ৰম কৰিব পাৰোঁ। যেতিয়া আমি যিহোৱাক আটাইতকৈ উত্তম বলিদান দিওঁ, তেতিয়া আমি দেখুৱাওঁ যে আমি তেওঁৰ উপাসনা কৰিবলৈ যি বিশেষ সুযোগ পাইছোঁ, তাৰ প্ৰতি আমি বহুত কৃতজ্ঞ। পাঁচনি পৌলে উপাসনাৰ লগত জড়িত এনে কিছুমান কামৰ বিষয়ে কৈছিল, যিবোৰ কৰাটো আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ। (ইব্ৰী ১০:২২-২৫) যেনে, যিহোৱালৈ প্ৰাৰ্থনা কৰা, নিজৰ আশাৰ বিষয়ে সকলোৰে আগত ঘোষণা কৰা, মণ্ডলীৰ সভাবোৰত গোট খোৱা আৰু ‘দিন যিমান ওচৰ হোৱা দেখোঁ, সিমান অধিককৈ পৰস্পৰক উদগোৱা।’ এই সকলো কাম কৰাটো অতি গুৰুত্বপূৰ্ণ। সেইবাবে, প্ৰকাশিত বাক্য কিতাপৰ শেষত যিহোৱাৰ এজন স্বৰ্গদূতে দুবাৰ এই কথা কৈছিল ‘ঈশ্বৰক প্ৰণিপাত কৰা।’ (প্ৰকা. ১৯:১০; ২২:৯) গতিকে যিহোৱাৰ মহান লাক্ষণিক মন্দিৰৰ বিষয়ে যিবোৰ কথা শিকিলোঁ, সেইবোৰ কেতিয়াও নাপাহৰোঁ আৰু আমি আমাৰ মহান ঈশ্বৰ যিহোৱাৰ উপাসনা কৰাৰ যি বিশেষ সুযোগ পাইছোঁ সেয়াও নাপাহৰোঁ। w২৩.১০ ২৯ ¶১৭-১৮

শুক্ৰবাৰ, ১৯ ছেপ্টেম্বৰ

পৰস্পৰে প্ৰেম কৰোঁহঁক।—১ যোহ. ৪:৭.

‘আমি পৰস্পৰক প্ৰেম’ কৰাটো সকলোৱে বিচাৰোঁ। কিন্তু যীচুৱে যি কৈছিল, সেয়াও আমি মনত ৰখা উচিত। তেওঁ এবাৰ এইদৰে কৈছিল, “বহুতো লোকৰ প্ৰেম ঠাণ্ডা হৈ পৰিব।” (মথি ২৪:১২) যীচুৱে কোৱাৰ অৰ্থ এয়া নাছিল যে তেওঁৰ শিষ্যসকলৰ প্ৰেম ঠাণ্ডা হʼব। কিন্তু আজি আমি জগতত এইদৰে হোৱাটো দেখিবলৈ পাইছোঁ। লোকসকলৰ প্ৰেম শেষ হʼবলৈ ধৰিছে। সেইবাবে, আমিও সাৱধান হোৱা উচিত যাতে আমি তেওঁলোকৰ দৰ নহওঁ। সেইবাবে, আহক আমি এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত মন কৰোঁ: আমি নিজৰ ভাই-ভনীসকলক কিমান প্ৰেম কৰোঁ বুলি কেনেকৈ জানিব পাৰোঁ? আমি ভাই-ভনীসকলক কিমান প্ৰেম কৰোঁ, এয়া জনাৰ এটা ভাল উপায় হৈছে কিছুমান পৰিস্থিতিত আমি ভাই-ভনীসকলৰ লগত কেনে ব্যৱহাৰ কৰোঁ, তালৈ ধ্যান দিয়া। (২ কৰি. ৮:৮) এনে এটা পৰিস্থিতিৰ বিষয়ে পাঁচনি পিতৰে কৈছিল। তেওঁ এইদৰে কৈছিল, “বিশেষকৈ তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা; কিয়নো প্ৰেমে পাপসমূহ ঢাকে।” (১ পিত. ৪:৮) ইয়াৰ অৰ্থ হৈছে যেতিয়া ভাই-ভনীসকলৰ পৰা কিবা ভুল হয় বা তেওঁলোকে এনে কিছুমান কথা কয় অথবা কাম কৰে, যাৰ বাবে আমাক বহুত দুখ লাগে, তেতিয়া আমি কেনে প্ৰতিক্ৰিয়া দেখুৱাও তাৰ পৰা জানিব পাৰি যে আমি তেওঁলোকক কিমান প্ৰেম কৰোঁ। w২৩.১১ ১০-১১ ¶১২-১৩

শনিবাৰ, ২০ ছেপ্টেম্বৰ

পৰস্পৰে প্ৰেম কৰা।—যোহ. ১৩:৩৪.

যদি আমি মণ্ডলীত কিছুমান ভাই-ভনীক প্ৰেম কৰোঁ আৰু কিছুমানক নকৰোঁ, তেনেহʼলে প্ৰেম কৰাৰ বিষয়ে যীচুৱে দিয়া আজ্ঞা পালন কৰা নাই। এয়া সঁচা যে আমি মণ্ডলীৰ কিছুমান ভাই-ভনীক আন ভাই-ভনীতকৈ বেছিকৈ প্ৰেম কৰোঁ। যীচুৱেও এইদৰে কৰিছিল। (যোহ. ১৩:২৩; ২০:২) কিন্তু পাঁচনি পিতৰে আমাক এয়াও মনত পেলাই দিয়ে যে সকলো খ্ৰীষ্টানে “ভাইমাত্ৰকেই প্ৰেম কৰা” উচিত, যিদৰে আমি নিজৰ পৰিয়ালৰ সদস্যক কৰোঁ। (১ পিত. ২:১৭) পিতৰে আমাক আগ্ৰহেৰে এজনে-আনজনক প্ৰেম কৰিবলৈ উৎসাহিত কৰিছে। (১ পিত. ১:২২) যেতিয়া পিতৰে ‘আগ্ৰহেৰে প্ৰেম’ কৰা বুলি কৈছিল, তাৰ অৰ্থ এয়াই আছিল যে যেতিয়া আমাক কাৰোবাক প্ৰেম কৰিবলৈ ইচ্ছা নকৰে, তেতিয়াও প্ৰেম কৰা উচিত। উদাহৰণস্বৰূপে, হয়তো কোনো এজন ভায়ে আমাৰ মনত আঘাত দিছে, তেতিয়া আমাৰ সেই ভাইজনক প্ৰেম কৰাৰ পৰিৱৰ্তে তেওঁ যিদৰে ব্যৱহাৰ কৰিলে সেইদৰে ব্যৱহাৰ কৰিবলৈ মন যায়। আমি প্ৰতিশোধ লʼলে ঈশ্বৰ আমাৰ পৰা আনন্দিত নহয়। (যোহ. ১৮:১০, ১১) পিতৰে লিখিলে, “অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰি, বৰং আশীৰ্ব্বাদ কৰা।” (১ পিত. ৩:৯) যেতিয়া আপুনি এইদৰে আগ্ৰহেৰে প্ৰেম কৰিব, তেতিয়া আনৰ লগত ভালদৰে ব্যৱহাৰ কৰিব পাৰিব। w২৩.০৯ ২৮-২৯ ¶৯-১১

দেওবাৰ, ২১ ছেপ্টেম্বৰ

তিৰোতাবিলাকো ধীৰ, . . . আৰু সকলো বিষয়ত বিশ্বাসিনী হব লাগে।—১ তীম. ৩:১১.

সৰু লʼৰা-ছোৱালীবিলাক বহুত সোনকালে ডাঙৰ হয়। আমিও বাঢ়ি থকাৰ প্ৰয়োজন অৰ্থাৎ আমি পৰিপক্ক হৈ থাকিব লাগিব। লʼৰা-ছোৱালীবিলাক নিজে নিজে ডাঙৰ হয়, কিন্তু আমি এজন ভাল বা পৰিপক্ক খ্ৰীষ্টান হʼবলৈ পৰিশ্ৰম কৰিব লাগিব। (১ কৰি. ১৩:১১; ইব্ৰী ৬:১, ২) এয়া আমি কেনেকৈ কৰিব পাৰোঁ? ইয়াৰ বাবে যিহোৱাৰ লগত আমাৰ মজবুত সম্পৰ্ক থকাটো অতি গুৰুত্বপূৰ্ণ। আমি যিহোৱাৰ পবিত্ৰ শক্তিৰ সহায় লʼব লাগিব, তেতিয়াহে আমি এনে গুণবোৰ বঢ়াব পাৰিম, যাৰ পৰা যিহোৱাই আনন্দিত হʼব, আমি এনে দক্ষতা শিকিব পাৰিম যি আমাৰ কামত আহিব আৰু ভৱিষ্যতে দায়িত্ববোৰ চম্ভালিবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰিব পাৰিম। (হিতো. ১:৬) যিহোৱাই মানুহক পুৰুষ আৰু স্ত্ৰী হিচাপে সৃষ্টি কৰিছিল। (আদি. ১:২৭) পুৰুষ আৰু স্ত্ৰী দেখাত বেলেগ হোৱাৰ লগতে তেওঁলোকৰ মাজত আৰু কিছুমান পাৰ্থক্য আছে। যেনে, যিহোৱাই তেওঁলোকক বেলেগ বেলেগ দায়িত্ব দিছে। এই দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ তেওঁলোকে কিছুমান গুণ বঢ়াবলগীয়া হয় আৰু কিছুমান দক্ষতাও শিকিবলগীয়া হয়।—আদি. ২:১৮. w২৩.১২ ১৮ ¶১-২

সোমবাৰ, ২২ ছেপ্টেম্বৰ

সকলো ৰাষ্ট্ৰৰ লোকসকলক মোৰ শিষ্য হʼবলৈ শিকোৱা আৰু তেওঁলোকক পিতৃ আৰু পুত্ৰৰ নামেৰে বাপ্তিষ্মা দিয়া। —মথি ২৮:১৯.

আন লোকসকলেও যিহোৱাৰ বিষয়ে জনা আৰু তেওঁৰ নাম ব্যৱহাৰ কৰাটো যীচুৱে বিচাৰিছিল। সেই সময়ৰ কিছুমান ধৰ্মগুৰুৱে বিশ্বাস কৰিছিল যে ঈশ্বৰৰ নাম বহুত পবিত্ৰ হয়, সেইবাবে তেওঁৰ নাম লোৱাটো উচিত নহয়। কিন্তু যীচুৱে মানুহে বনোৱা পৰম্পৰাক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিলে আৰু নিজৰ পিতৃৰ নাম মহিমা কৰি থাকিল। এটা উদাহৰণলৈ মন কৰক। এবাৰ গেৰাচেনীয়াবিলাকৰ এলেকাত দুষ্ট স্বৰ্গদূত সোমাই থকা এজন ব্যক্তিক যীচুৱে ঠিক কৰিলে। এয়া দেখি লোকসকলে বহুত ভয় খালে আৰু তেওঁলোকৰ এলেকাৰ পৰা ওলাই যাবলৈ যীচুক মিনতি কৰিলে। (মাৰ্ক ৫:১৬, ১৭) কিন্তু তাত থকা লোকসকলেও যিহোৱাৰ নাম জনাটো যীচুৱে বিচাৰিছিল। সেইবাবে, তাৰ পৰা যোৱাৰ আগতে তেওঁ যিজন ব্যক্তিক ঠিক কৰিছিল, তেওঁক যীচুৰ বিষয়ে নহয় যিহোৱাই তেওঁৰ বাবে কি কি কৰিলে তাৰ বিষয়ে লোকসকলক জনাবলৈ কʼলে। (মাৰ্ক ৫:১৯) যীচুৱে আজিও এয়াই বিচাৰে। গোটেই পৃথিৱীত তেওঁৰ পিতৃৰ নাম ঘোষণা হোৱাটো তেওঁ বিচাৰে। (মথি ২৪:১৪; ২৮: ২০) যেতিয়া আমি এই কামত ভাগ লওঁ, তেতিয়া আমাৰ ৰজা যীচু বহুত আনন্দিত হয়। w২৪.০২ ১০ ¶১০

মঙ্গলবাৰ, ২৩ ছেপ্টেম্বৰ

“তুমি ধৈৰ্য্য ধৰি মোৰ নামৰ নিমিত্তে সহন কৰি” ভাগৰি নপৰিলা। —প্ৰকা. ২:৩.

এই শেষ কালত পৰিস্থিতি একেবাৰে বেয়ালৈ ঢাল খাইছে। কিন্তু আমি অতি আনন্দিত যে আমি যিহোৱাৰ সংগঠনৰ ভাগ হওঁ। যিহোৱাই আমাক পৰিয়াল হিচাপে মণ্ডলীৰ ভাই-ভনীসকলক দিছে, যিসকলে এজনে-আনজনক প্ৰকৃত প্ৰেম কৰে আৰু একতাত থাকে। (গীত. ১৩৩:১) ইয়াৰ লগতে তেওঁ আমাক শিকাই যে পতি-পত্নী আৰু লʼৰা-ছোৱালীয়ে কেনেকৈ আনন্দত থাকিব পাৰে। (ইফি. ৫:৩৩–৬:১) ইয়াৰ উপৰিও চিন্তাবোৰৰ সন্মুখীন হʼবলৈ আৰু আনন্দিত থাকিবলৈ তেওঁ আমাক জ্ঞান আৰু বুদ্ধিও দিয়ে। এয়া সঁচা যে আমি যিহোৱাৰ সংগঠনত বহুতো আশীৰ্বাদ পাওঁ। তথাপিও তেওঁৰ বিশ্বাসী হৈ সেৱা কৰিবলৈ আমি কঠিন পৰিশ্ৰম কৰিব লাগিব। কিয় বাৰু? কিয়নো বহু বাৰ কোনো এজন ভাই বা ভনীয়ে এনে কিবা কয় বা কৰে, যিয়ে আমাৰ মনক আঘাত দিয়ে। অথবা আমি হয়তো কিবা দুৰ্বলতাৰ বাবে একেটা ভুল বাৰে বাৰে কৰোঁ আৰু নিৰাশ হৈ পৰোঁ। এনে পৰিস্থিতিতো আমি কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ আৰু তেওঁৰ সেৱা কৰি থাকিব পাৰোঁ, (১) যেতিয়া কোনো ভাই বা ভনীয়ে আমাৰ মনক আঘাত দিয়ে, (২) যেতিয়া আমাৰ জীৱন সংগীয়ে আমাৰ হৃদয়ত আঘাত দিয়ে বা (৩) যেতিয়া আমি নিজৰ ভুলৰ বাবে নিৰাশ হৈ পৰোঁ। w২৪.০৩ ১৪ ¶১-২

বুধবাৰ, ২৪ ছেপ্টেম্বৰ

যি হওক, আমি যি পথে এইখিনি পালোঁহি, তাতেই চলোঁহঁক।—ফিলি. ৩:১৬.

আজি বহুতো ভাই-ভনীয়ে নিজৰ সেৱা বঢ়াবলৈ বহুতো চেষ্টা কৰি আছে। যেনে, কিছুমানে ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত উপস্থিত হৈছে, আন কিছুমান ভাই-ভনীয়ে প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা ঠাইলৈ গৈ সেৱা কৰি আছে। যদি আপুনিও এনে লক্ষ্য ৰাখিব পাৰে, তেনেহʼলে নিশ্চয় ৰাখক। যিহোৱাৰ লোকসকলে উৎসাহেৰে তেওঁৰ সেৱা কৰিবলৈ সদায় চেষ্টা কৰি থাকে। (পাঁচ. ১৬:৯) কিন্তু আপুনি যদি এতিয়া এইদৰে কৰিব নোৱাৰে, তেনেহʼলে নিৰাশ নহʼব। এয়াও নাভাবিব যে আপুনি সেই ভাই-ভনীসকলৰ তুলনাত একোৱেই কৰিব পৰা নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে, আপুনি ধৈৰ্য্যেৰে খ্ৰীষ্টৰ পথত দৌৰি থাকক। (মথি ১০:২২) আপুনি নিজৰ দক্ষতা আৰু পৰিস্থিতিৰ অনুসৰি যি কৰিব পাৰে, সেয়া কম বুলি নাভাবিব। যিহোৱাই আপোনাৰ সেৱাক বহুত মুল্যৱান বুলি ভাবে। এইদৰে সম্পূৰ্ণ মনেৰে তেওঁৰ সেৱা কৰি বাপ্তিষ্মাৰ পাছতো আপুনি যীচুৰ পিছে পিছে চলি থাকিব পাৰিব।—গীত. ২৬:১. w২৪.০৩ ১০ ¶১১

বৃহস্পতিবাৰ, ২৫ ছেপ্টেম্বৰ

তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে।—কল. ২:১৩.

আমাৰ পিতৃ যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে যদি আমি অনুতাপ কৰিম, তেনেহʼলে তেওঁ আমাক ক্ষমা কৰিব। (গীত. ৮৬:৫) গতিকে আমি যদি নিজৰ ভুলৰ বাবে সঁচাকৈ অনুতাপ কৰোঁ, তেনেহʼলে আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই আমাৰ সকলো পাপ ক্ষমা কৰিলে। আমি মনত ৰাখিব পাৰোঁ যে যিহোৱা দয়া দেখুৱা ঈশ্বৰ হয়। আমি যিবোৰ কাম কৰিব নোৱাৰোঁ, সেইবোৰ কাম কৰিবলৈ তেওঁ আমাক নকয়। ইয়াৰ পৰিৱৰ্তে যেতিয়া আমি মনে-প্ৰাণে তেওঁৰ সেৱা কৰোঁ, তেতিয়া তেওঁ তাক মূল্যাংকন কৰে। আমি বাইবেলত কোৱা সেই লোকসকলৰ উদাহৰণবোৰলৈও ধ্যান দিয়া উচিত, যিসকলে সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰিছিল। পাঁচনি পৌলৰ বিষয়ে আকৌ মন কৰক। তেওঁ বহু বছৰলৈকে উৎসাহেৰে যিহোৱাৰ সেৱা কৰিলে, হাজাৰ কিলোমিটাৰলৈকে যাত্ৰা কৰিলে আৰু বহুতো মণ্ডলী আৰম্ভ কৰিলে। কিন্তু যেতিয়া তেওঁৰ পৰিস্থিতি সলনি হʼল, তেতিয়া আগতে তেওঁ যিমান প্ৰচাৰ কৰিব পাৰিছিল, সিমান কৰিব পৰা নাছিল। গতিকে ইয়াৰ বাবে তেওঁ যিহোৱাৰ অনুমোদন হেৰুৱাইছিল নে? নহয়। পৌলে যিমান কৰিব পাৰিছিল, সিমান কৰি থাকিল আৰু ইয়াৰ বাবে যিহোৱাই তেওঁক আশীৰ্বাদ দিলে। (পাঁচ. ২৮:৩০, ৩১) ঠিক সেইদৰে আমাৰ পৰিস্থিতিও একেদৰে নাথাকে, কেতিয়াবা আমি বেছিকৈ কৰিব পাৰোঁ আৰু কেতিয়াবা কম। কিন্তু আমি কিমান কৰিব পাৰিছোঁ তালৈ যিহোৱাই ধ্যান নিদিয়ে। ইয়াৰ পৰিৱৰ্তে আমি কি উদ্দেশ্যেৰে তেওঁৰ সেৱা কৰি আছোঁ তালৈ ধ্যান দিয়ে। w২৪.০৩ ২৭ ¶৭, ৯

শুক্ৰবাৰ, ২৬ ছেপ্টেম্বৰ

ৰাতিপুৱা . . . যীচুৱে উঠি বাহিৰলৈ গʼল আৰু এখন নিৰ্জন ঠাইলৈ গৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। —মাৰ্ক ১:৩৫.

প্ৰাৰ্থনাৰ ক্ষেত্ৰত যীচুৱে নিজৰ শিষ্যসকলৰ বাবে এক ভাল উদাহৰণ ৰাখিলে। পৃথিৱীত থাকোঁতে তেওঁ বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। তেওঁ প্ৰায়ে ব্যস্ত থাকিছিল আৰু লোকসকলে তেওঁৰ আশে-পাশে আছিল, সেইবাবে তেওঁ কেতিয়া প্ৰাৰ্থনা কৰিব এই বিষয়ে তেওঁ আগতীয়াকৈ ভাবিছিল। (মাৰ্ক ৬:৩১, ৪৫, ৪৬) তেওঁ ৰাতিপুৱা সোনকালে উঠিছিল যাতে প্ৰাৰ্থনাত যিহোৱাৰ লগত কথা পাতিব পাৰে। এবাৰ যেতিয়া তেওঁ গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া আছিল, তেতিয়া তেওঁ গোটেই ৰাতি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। (লূক ৬:১২, ১৩) মৃত্যুৰ আগনিশা যীচুৱে বহু বাৰ প্ৰাৰ্থনা কৰিলে, কিয়নো পৃথিৱীত যিহোৱাই তেওঁক যি দায়িত্ব দিছিল, সেয়া পূৰ কৰিবলগীয়া আছিল। (মথি ২৬:৩৯, ৪২, ৪৪) যীচুৰ পৰা আমি শিকিব পাৰোঁ যে ব্যস্ত থাকিলেও আমি প্ৰাৰ্থনা কৰাৰ বাবে সময় উলিওৱা উচিত। তেওঁৰ দৰে আমিও ৰাতিপুৱা সোনকালে বা ৰাতি প্ৰাৰ্থনা কৰিবলৈ সময় নিৰ্ধাৰিত কৰিব পাৰোঁ। এইদৰে কৰি আমি দেখুৱাম যে যিহোৱাই প্ৰাৰ্থনা কৰাৰ যি সুযোগ দিছে, তাক আমি কৃতজ্ঞতা দেখুৱাইছোঁ। w২৩.০৫ ৩ ¶৪-৫

শনিবাৰ, ২৭ ছেপ্টেম্বৰ

আমাক দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।—ৰোম. ৫:৫.

এই শব্দৰ ওপৰত মন কৰক ঈশ্বৰৰ প্ৰেম তেওঁলোকৰ হৃদয়ত “বাকি দিয়া হৈছে।” এখন শব্দকোষত এই শব্দৰ অৰ্থ এইদৰে কোৱা হৈছে: যিহোৱাই তেওঁলোকক ইমানেই প্ৰেম কৰে যে তেওঁলোকৰ হৃদয়ত যেন প্ৰেমৰ সোঁত বাকি দিয়া হৈছে। অভিষিক্ত খ্ৰীষ্টানসকলে জানে যে ঈশ্বৰে তেওঁলোকক ‘প্ৰেম’ কৰে। (যিহূ. ১) যোহনে এইদৰে লিখিছিল, “চোৱা, আমি যেন ঈশ্বৰৰ সন্তান বুলি বিখ্যাত হওঁ, ইয়াতে পিতৃয়ে আমাক কেনে প্ৰকাৰ প্ৰেম দান কৰিলে।” (১ যোহ. ৩:১) ইয়াৰ পৰা জানিব পাৰি যে অভিষিক্ত খ্ৰীষ্টানসকলে ঈশ্বৰৰ প্ৰেমৰ প্ৰতি কেনে অনুভৱ কৰে। কিন্তু যিহোৱাই কেৱল অভিষিক্ত খ্ৰীষ্টানসকলকে প্ৰেম কৰে নে? নহয়, তেওঁ আমাক সকলোকে প্ৰেম কৰে বুলি দেখুৱাইছে। আমাৰ বাবে যিহোৱাৰ প্ৰেমৰ আটাইতকৈ ডাঙৰ প্ৰমাণ কি? মুক্তিৰ মূল্যৰ বলিদান। প্ৰেমৰ ইয়াতকৈ ডাঙৰ প্ৰমাণ আৰু কিবা হʼব পাৰে নে?—যোহ. ৩:১৬; ৰোম. ৫:৮. w২৪.০১ ২৮ ¶৯-১০

দেওবাৰ, ২৮ ছেপ্টেম্বৰ

সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হব; ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছো।—গীত. ৫৬:৯.

দায়ূদে নিজৰ ভয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিলে, তাৰ বিষয়ে এই পদত এটা উপায়ৰ বিষয়ে কোৱা হৈছে। যেতিয়া তেওঁৰ জীৱন বিপদত আছিল, তেতিয়া যিহোৱাই আগলৈ কি কি কৰিব তাৰ বিষয়ে তেওঁ মনন কৰিলে। দায়ূদে জানিছিল যে যিহোৱাই সঠিক সময়ত তেওঁক নিশ্চয় বচাব। কিয়নো, তেওঁ চৌলৰ পাছত ইস্ৰায়েলৰ ৰজা হʼব বুলি যিহোৱাই তেওঁক কৈছিল। (১ চমূ. ১৬:১, ১৩) দায়ূদৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই যি কৈছে, সেয়া নিশ্চয় পূৰ হʼব। যিহোৱাই আপোনাৰ বাবে কি প্ৰতিজ্ঞা কৰিছে? আমি এয়া আশা নকৰোঁ যে তেওঁ আমাৰ ওপৰত একো সমস্যা আহিবলৈ নিদিব, কিন্তু তেওঁ প্ৰতিজ্ঞা কৰিছে যে নতুন পৃথিৱীত তেওঁ আমাৰ সকলো সমস্যা শেষ কৰিব। এনে কোনো সমস্যা নাই, যাক যিহোৱাই শেষ কৰিব নোৱাৰে। (যিচ. ২৫:৭-৯) যিহোৱাৰ ওচৰত ইমানেই শক্তি আছে যে তেওঁ আমাক সম্পূৰ্ণৰূপে স্বাস্থ্যৱান কৰিব পাৰে আৰু আমাৰ অন্তৰত লগা আঘাত ঠিক কৰিব পাৰে। সেই সময়ত কোনেও আমাক বিৰোধ নকৰিব। আনকি যিসকলৰ মৃত্যু হৈছে, তেওঁলোককো যিহোৱাই আকৌ জীয়াই তুলিব।—১ যোহ. ৪:৪. w২৪.০১ ৬ ¶১২-১৩

সোমবাৰ, ২৯ ছেপ্টেম্বৰ

যাৰ অপৰাধ ক্ষমা কৰা হয়, যাৰ পাপ ঢকা হয়, সেই জন ধন্য। —গীত. ৩২:১.

নিজৰ সমৰ্পণ আৰু বাপ্তিষ্মাৰ বিষয়ে চিন্তা কৰক। আপুনি যিহোৱাৰ পক্ষ লʼব বিচাৰিছিল, সেইবাবে এই পদক্ষেপ লʼলে। চিন্তা কৰক, সেই সময়ত কি কথাৰ বাবে আপোনাৰ বিশ্বাস হʼল যে আপুনি যি শিকি আছে, সেয়া সত্য হয়। আপুনি যিহোৱাৰ বিষয়ে সঠিক জ্ঞান লʼলে, তেওঁৰ বিষয়ে শিকিলে আৰু তেওঁক সন্মান কৰিবলৈ ধৰিলে। আপুনি তেওঁক নিজৰ পিতৃৰ দৰে প্ৰেম কৰিবলৈ ধৰিলে। তেওঁৰ ওপৰত আপোনাৰ বিশ্বাস বাঢ়িবলৈ ধৰিলে আৰু আপুনি যি ভুল কাম কৰিছিল, তাৰ বাবে অনুতাপ কৰিলে। আপুনি যিহোৱাই ঘিণ কৰা কামবোৰ এৰিলে আৰু তেওঁ ভাল পোৱা কামবোৰ কৰিবলৈ ধৰিলে। পাছত যেতিয়া আপোনাৰ অনুভৱ হʼল যে যিহোৱাই আপোনাক ক্ষমা কৰিলে, তেতিয়া আপুনি বৰ শান্ত্বনা পালে। (গীত. ৩২: ২) আপুনি সভাবোৰত যাবলৈ ধৰিলে আৰু বাইবেলৰ পৰা শিকা কথাবোৰ আনকো জনাবলৈ ধৰিলে। পাছত আপুনি নিজৰ জীৱন ঈশ্বৰলৈ সমৰ্পণ কৰিলে আৰু বাপ্তিষ্মা লʼলে। এতিয়া আপুনি অনন্ত জীৱনলৈ লৈ যোৱা পথত চলি আছে আৰু সদায় এই পথত চলি থাকিবলৈ থিৰাং কৰিছে। (মথি ৭:১৩, ১৪) আমি সকলোৱে থিৰ আৰু অলৰ হৈ থাকিম আৰু যিকোনো পৰিস্থিতিতে যিহোৱাৰ আজ্ঞা মানিম আৰু তেওঁৰ উপাসনা কৰিম। w২৩.০৭ ১৭ ¶১৪; ১৯ ¶১৯

মঙ্গলবাৰ, ৩০ ছেপ্টেম্বৰ

ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব। —১ কৰি. ১০:১৩.

যদি আপুনি সমৰ্পণৰ সময়ত কৰা প্ৰাৰ্থনাৰ বিষয়ে ভাবিব, তেনেহʼলে প্ৰলোভিত হʼলেও আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিব। যেনে, আপুনি কোনো বিবাহিত ব্যক্তিৰ লগত ফ্লাৰ্টিং নকৰিব, কিয়নো আপুনি আগতেই যিহোৱাক প্ৰতিজ্ঞা কৰিছে যে যিকোনো পৰিস্থিতিত আপুনি তেওঁৰ বিশ্বাসী হৈ থাকিব। যদি আপুনি এইদৰে কৰে, তেনেহʼলে বেয়া ইচ্ছাবোৰ আপোনাৰ মনলৈ আহিলেও আপুনি তাক মনৰ পৰা উলিয়াব পাৰিব আৰু আপোনাৰ মনে আপোনাক কেতিয়াও দোষ নিদিব। এইদৰে আপুনি ‘দুষ্টবোৰৰ বাটৰ’ পৰা “বিমুখ” হʼব। (হিতো. ৪:১৪, ১৫) আপুনি যীচুৰ উদাহৰণ মনত ৰাখিব, যিজনে যিকোনো পৰিস্থিতিত নিজৰ পিতৃৰ মন আনন্দিত কৰিব বিচাৰিছিল। আপুনি এনে সকলো কাম কৰিবলৈ মানা কৰিব, যিয়ে আপোনাক যিহোৱাৰ ইচ্ছা পূৰ কৰাত বাধা দিব পাৰে। (মথি ৪:১০; যোহ. ৮:২৯) যেতিয়া আপোনাক প্ৰলোভিত কৰা হয় বা আপোনাৰ ওপৰত কিবা সমস্যা আহে, তেতিয়া আপুনি এয়া দেখুৱাৰ সুযোগ পাব যে আপুনি যিকোনো পৰিস্থিতিত যীচুৰ ‘পিছে পিছে চলিব’ বিচাৰে। w২৪.০৩ ৯-১০ ¶৮-১০

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক