আগষ্ট
শুক্ৰবাৰ, ১ আগষ্ট
ধাৰ্ম্মিক লোকৰ বিপদ অনেক, কিন্তু যিহোৱাই সেই জনক সেই সকলোৰ পৰা উদ্ধাৰ কৰে।—গীত. ৩৪:১৯.
ওপৰত উল্লেখ কৰা গীতত বিশেষকৈ দুটা কথা কোৱা হৈছে। (১) যিহোৱাৰ দৃষ্টিত যি সঠিক, সেই কাম কৰা লোকসকলৰ ওপৰতো সমস্যা আহে আৰু (২) যিহোৱাই আমাক সমস্যাৰ পৰা ওলাই আহিবলৈ সহায় কৰে। তেওঁ আমাক কেনেকৈ সহায় কৰে? তেওঁ কৈছে যে এই জগতত আমাৰ লগত সদায় ভাল হʼব বুলি আমি আশা কৰা উচিত নহয়। যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁৰ সেৱা কৰিলে আমি আনন্দ পাম। কিন্তু আমাৰ ওপৰত যে সমস্যা নাহিব, তাৰ কোনো গেৰান্টি দিয়া নাই। (যিচ. ৬৬:১৪) আমি ভৱিষ্যতৰ বিষয়ে ভবাটো যিহোৱাই বিচাৰে, যেতিয়া তেওঁ আমাক অনন্ত জীৱন দিব আৰু আমি সদায় আনন্দত থাকিম। (২ কৰি. ৪:১৬-১৮) কিন্তু সেই দিন নহালৈকে তেওঁ আমাক সহায় কৰি আছে, যাতে আমি হাৰ নামনি তেওঁৰ সেৱা কৰি থাকিব পাৰোঁ। (বিলা. ৩:২২-২৪) আমি প্ৰাচীন সময়ৰ আৰু বৰ্তমান সময়ৰ যিহোৱাৰ বিশ্বাসী সেৱকসকলৰ পৰা কি শিকিব পাৰোঁ? কেতিয়াবা কেতিয়াবা হঠাতে আমাৰ ওপৰত সমস্যা আহিব পাৰে। কিন্তু এনে পৰিস্থিতিত আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে তেওঁ আমাক নিশ্চয় চম্ভালিব।—গীত. ৫৫:২২. w২৩.০৪ ১৪-১৫ ¶৩-৪
শনিবাৰ, ২ আগষ্ট
ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক।—ৰোম. ১৩:১.
আমি যোচেফ আৰু মৰিয়মৰ পৰা বহুতো কথা শিকিব পাৰোঁ। তেওঁলোকে সেই সময়তো অধিকাৰীসকলৰ কথা মানিলে, যেতিয়া এইদৰে কৰিবলৈ তেওঁলোকক কঠিন লাগিছিল। (লূক ২:১-৬) এয়া সেই সময়ৰ কথা হয় যেতিয়া মৰিয়ম গৰ্ভৱতী আছিল আৰু তাইৰ প্ৰসৱৰ সময় একেবাৰে ওচৰ চাপিছিল। ৰোমী সম্ৰাট আগস্তে এটা ফৰমান উলিয়ালে যে সকলো লোকে নিজৰ নাম লিখাবলৈ নিজৰ জন্ম হোৱা চহৰলৈ যাব লাগিব। চৰকাৰৰ এই কথা পালন কৰিবলৈ যোচেফ আৰু মৰিয়মৰ বাবে হয়তো বহুত কঠিন হৈছিল। কাৰণ তেওঁলোকে পাহাৰীয়া এলেকাৰ মাজেদি বৈৎলেহেমলৈ ১৫০ কিলোমিটাৰ যাত্ৰা কৰিবলগীয়া হʼলহেঁতেন। এই যাত্ৰা বিশেষকৈ মৰিয়মৰ বাবে কঠিন হʼলহেঁতেন। তেওঁলোকে হয়তো মৰিয়মৰ গৰ্ভত থকা শিশুটিৰ কথা চিন্তা কৰিছিল। তেওঁলোকে হয়তো ভাবিছিল যে যদি যাত্ৰাৰ সময়ত মৰিয়মৰ প্ৰসৱ বেদনা হয়, তেনেহʼলে তেওঁলোকে কি কৰিব? তাইৰ গৰ্ভত থকা শিশুটি আগলৈ গৈ মচীহা হʼলহেঁতেন। এই সকলো কথা ভাবি তেওঁলোকে চৰকাৰৰ কথা পালন নকৰিলেহেঁতেন নে? যোচেফ আৰু মৰিয়মৰ পৰিস্থিতি বহুত কঠিন আছিল, তথাপিও তেওঁলোকে চৰকাৰৰ নিয়ম পালন কৰিবলৈ নিৰ্ণয় লʼলে। যিহোৱাই তেওঁলোকৰ নিৰ্ণয়ত আশীৰ্বাদ দিলে। মৰিয়মে ভালদৰে বৈৎলেহেমত গৈ পালে আৰু তাত তেওঁ এটি শিশুক জন্ম দিলে। এইদৰে বাইবেলৰ এটা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণীও পূৰ হʼল।—মীখা ৫:২. w২৩.১০ ৮ ¶৯; ৯ ¶১১-১২
দেওবাৰ, ৩ আগষ্ট
পৰস্পৰে উদগাওঁহঁক।—ইব্ৰী ১০:২৫.
সভাত উত্তৰ দিবলৈ ভয় লাগিলে আপুনি কি কৰিব পাৰে? আপুনি ভালদৰে তৈয়াৰী কৰিব পাৰে। (হিতো. ২১:৫) আপুনি যিমানে বিষয়টো ভালদৰে বুজি পাব, সিমানেই উত্তৰ দিবলৈ আপোনাৰ সহজ হৈ পৰিব। আন এটা উপায় হৈছে চুটিকৈ উত্তৰ দিয়ক। (হিতো. ১০:১৯; ১৫:২৩) আপুনি যিমানে সৰুকৈ উত্তৰ দিব, সিমানেই আপোনাৰ চিন্তা কম হʼব। গতিকে আপুনি নিজৰ শব্দত সৰু-সুৰা উত্তৰ দিয়ক, ইয়াৰ পৰা জানিব পাৰি যে আপুনি ভালদৰে তৈয়াৰী কৰিছে আৰু বিষয়টো ভালদৰে বুজি পাইছে। হয়তো আপুনি ইয়াৰে মাজৰ কিছুমান উপায় ব্যৱহাৰ কৰিলে, তথাপিও আপুনি এটা বা দুটাহে উত্তৰ দিব পাৰে। যদি এইদৰে হৈছে, তেনেহʼলে আপুনি বিশ্বাস ৰাখিব পাৰে যে আপুনি উত্তৰ দিবলৈ যি প্ৰৰিশ্ৰম কৰে, যিহোৱাই তাৰ বহুত মূল্যাংকন কৰে। (লূক ২১:১-৪) কিন্তু পৰিশ্ৰম কৰাৰ অৰ্থ এয়া নহয় যে আমি যি কৰিব নোৱাৰোঁ, সেয়া কৰিবলৈ চেষ্টা কৰা। (ফিলি. ৪:৫) চিন্তা কৰক, আপুনি কি কৰিব পাৰে আৰু তাৰ অনুসৰি লক্ষ্য ৰাখক। ইয়াৰ লগতে ভয় নাখাবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে। আৰম্ভণিতে আপুনি হয়তো এটা সৰু-সুৰা উত্তৰ দিবলৈ লক্ষ্য ৰাখিব পাৰে। w২৩.০৪ ২১ ¶৬-৮
সোমবাৰ, ৪ আগষ্ট
বুকুবৰি . . . আৰু . . . টকয়া পিন্ধক।—১ থিচ. ৫:৮.
পাচঁনি পৌলে খ্ৰীষ্টানসকলক সৈনিকসকলৰ লগত তুলনা কৰিলে, যিসকলে সতৰ্ক হৈ থাকে আৰু যুদ্ধৰ বাবে সাজু থাকে। এজন সৈনিকে সকলো সময়তে যুদ্ধৰ বাবে সাজু হৈ থাকিবলগীয়া হয়। ঠিক সেইদৰে আমিও যিহোৱাৰ দিনৰ বাবে সদায় সাজু হৈ থকা উচিত। আমি বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি আৰু আশাৰ টকয়া পিন্ধি এইদৰে কৰিব পাৰোঁ। বুকুবৰি পিন্ধিলে এজন সৈনিকৰ হৃদয় সুৰক্ষিত হৈ থাকে। ঠিক সেইদৰে বিশ্বাস আৰু প্ৰেম থাকিলে আমাৰ হৃদয় সুৰক্ষিত হৈ থাকিব, আমি যিহোৱাৰ সেৱা কৰি থাকিব পাৰিম আৰু যীচুৰ উদাহৰণ অনুকৰণ কৰিব পাৰিম। বিশ্বাসে আমাক আশ্বাস দিয়ে যে সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰিলে তেওঁ আমাক নিশ্চয় পুৰস্কাৰ দিব। (ইব্ৰী ১১:৬) আমি যিমানেই সমস্যাৰ সন্মুখীন নহওঁ কিয়, বিশ্বাস থাকিলে আমি যীচুৰ বিশ্বাসী হৈ থাকিব পাৰিম। আমি সমস্যাৰ সন্মুখীন হʼবলৈ নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ? আমি বৰ্তমান সময়ৰ সেই ভাই-ভনীসকলৰ উদাহৰণলৈ মন কৰিব পাৰোঁ, যিসকলে তাড়না বা অভাৱৰ সত্ত্বেও যিহোৱাৰ বিশ্বাসী হৈ আছে। ইয়াৰ উপৰিও নিজৰ জীৱন সহজ-সৰল কৰি ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিয়া ভাই-ভনীসকলৰ উদাহৰণলৈ ধ্যান দিব পাৰোঁ। এইদৰে কৰিলে আমি বেছিকৈ ধন-সম্পত্তি গোটোৱাত ধ্যান নিদিম। w২৩.০৬ ১০ ¶৮-৯
মঙ্গলবাৰ, ৫ আগষ্ট
যি কোনোৱে মেঘলৈ দৃষ্টি কৰে, তেওঁ শস্য নাদাব।—উপ. ১১:৪.
আত্ম-সংযমৰ অৰ্থ হৈছে নিজৰ ভাবনা আৰু কামক নিয়ন্ত্ৰণ কৰি ৰখা। কিন্তু এই গুণ লক্ষ্যত উপনীত হʼবলৈ আমাক প্ৰয়োজন হ’ব পাৰে। বিষেশকৈ যেতিয়া লক্ষ্যত উপনীত হʼবলৈ কঠিন লাগে বা আমাৰ মন নাযায়। মনত ৰাখক, এই গুণটো পবিত্ৰ শক্তিৰ ফলৰ এটা ভাগ হয়। সেইবাবে, এই গুণ বঢ়াবলৈ যিহোৱালৈ পবিত্ৰ শক্তি বিচাৰি প্ৰাৰ্থনা কৰক। (লূক ১১:১৩; গালা. ৫:২২, ২৩) যেতিয়া সকলো ভালে থাকিব, তেতিয়া কৰিম বুলি কেতিয়াও নাভাবিব। এই পৃথিৱীত হয়তো এনে সময় কেতিয়াও নাহিব যেতিয়া সকলোবোৰ ঠিক হৈ যাব। যদি আমি ভাল পৰিস্থিতিৰ অপেক্ষা কৰি থাকিম, তেনেহʼলে আমি হয়তো আমাৰ লক্ষ্য কেতিয়াও নাপাম। হয়তো আমি কিবা লক্ষ্য ৰাখিছোঁ আৰু তাত উপনীত হʼবলৈ আমাক কঠিন লাগিছে আৰু সেইবাবে আমাক পৰিশ্ৰম কৰিবলৈও মন নাযায়। যদি আপোনাৰ লগতো এইদৰে হৈছে, তেনেহʼলে আপুনি নিজৰ লক্ষ্যত উপনীত হʼবলৈ কিছুমান সৰু সৰু লক্ষ্য ৰাখক। যেনে, যদি আপুনি কিবা গুণ বঢ়াবলৈ লক্ষ্য ৰাখিছে, তেনেহʼলে আপুনি সৰু সৰু উপায়েৰে সেই গুণ দেখুৱাব পাৰে। অথবা যদি আপুনি সম্পূৰ্ণ বাইবেল পঢ়াৰ লক্ষ্য ৰাখিছে, তেনেহʼলে প্ৰতিদিনে অলপ সময় বাইবেল পঢ়িবলৈ আৰম্ভ কৰক। w২৩.০৫ ২৯ ¶১১-১৩
বুধবাৰ, ৬ আগষ্ট
দুপৰলৈকে ক্ৰমে বৃদ্ধি পোৱা অৰুণৰ যি দীপ্তি, ধাৰ্ম্মিকৰ পথ সেই দীপ্তিৰ নিচিনা।—হিতো. ৪:১৮.
এই শেষ কালত ‘পবিত্ৰ আলিতʼ যাতে কাম চলি থাকে, তাৰ বাবে যিহোৱাই সদায় ধ্যান দি থাকে। তেওঁ আমাক নিজৰ সংগঠনৰ যোগেদি তেওঁৰ বাক্যৰ পৰা আমাক নিয়মীয়াকৈ নিৰ্দেশনা দিয়ে যাতে আমি এই পথত গৈ থাকিব পাৰোঁ। (যিচ. ৩৫:৮; ৪৮:১৭; ৬০:১৭) এজন ব্যক্তিয়ে বাইবেল অধ্যয়ন কৰিলে তেওঁ এই ‘পবিত্ৰ আলিত’ গৈ আছে বুলি কʼব পাৰি। কিছুমানে অলপ দূৰলৈকে যোৱাৰ পাছত ইয়াত যাবলৈ এৰি দিয়ে। আন কিছুমানে যেতিয়ালৈকে নিজৰ লক্ষ্য স্থানত গৈ নাপায়, তেতিয়ালৈকে এই পথত গৈ থাকিবলৈ থিৰাং কৰে। সেই লক্ষ্য স্থাননো কি? যিসকল লোকৰ স্বৰ্গত জীয়াই থকাৰ আশা আছে, তেওঁলোকক এই ‘পবিত্ৰ আলিয়ে’ “ঈশ্বৰৰ পৰম-দেশত” লৈ যাব। (প্ৰকা. ২:৭) আনহাতে যিসকল লোকৰ এই পৃথিৱীত জীয়াই থকাৰ আশা আছে, তেওঁলোকক এই ঘাইপথে খ্ৰীষ্টৰ ১,০০০ বছৰৰ শেষৰলৈকে লৈ যাব, যেতিয়া সকলো মানুহ সিদ্ধ হৈ পৰিব। যদি আপুনি আজি এই ঘাইপথত গৈ আছে, তেনেহʼলে পিছলৈ ঘূৰি নাচাব। যেতিয়ালৈকে আপোনাৰ যাত্ৰা সম্পূৰ্ণ নহয় আৰু আপুনি নতুন পৃথিৱীত গৈ নাপায়, তেতিয়ালৈকে এই পথত গৈ থাকক। w২৩.০৫ ১৭ ¶১৫; ১৯ ¶১৬-১৮
বৃহস্পতিবাৰ, ৭ আগষ্ট
তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে, এই নিমিত্তে আমিও প্ৰেম কৰোঁ। —১ যোহ. ৪:১৯.
যেতিয়া আপুনি ভাবিব যে যিহোৱাই আপোনাৰ বাবে কি কি কৰিছে, তেতিয়া আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিব। (গীত. ১১৬:১২-১৪) বাইবেলত কোৱা হৈছে যে “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ” যিহোৱাৰ পৰাহে পোৱা যায়। (যাকো. ১:১৭) যিহোৱাই আমাক সকলোতকৈ উত্তম উপহাৰ দিছে আৰু সেয়া হৈছে তেওঁৰ পুত্ৰ যীচুৰ মুক্তিৰ মূল্যৰ বলিদান। চিন্তা কৰক, এই বলিদানৰ বাবে কি কি সম্ভৱ হʼল! আপুনি যিহোৱাৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিলে আৰু অনন্ত জীৱন জীয়াই থকাৰ আশাও পালে। (১ যোহ. ৪:৯, ১০) সঁচাকৈ প্ৰেমৰ ইয়াতকৈ ডাঙৰ প্ৰমাণ আৰু একোৱেই হʼব নোৱাৰে। যেতিয়া আপুনি ইয়াৰ বিষয়ে আৰু সেই আশীৰ্বাদবোৰৰ বিষয়ে চিন্তা কৰিব যিবোৰ যিহোৱাই আপোনাক দিছে, তেতিয়া যিহোৱাৰ প্ৰতি আপোনাৰ কৃতজ্ঞতা বাঢ়িব আৰু আপোনাক নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ মন যাব।—দ্বিতী. ১৬:১৭; ২ কৰি. ৫:১৫. w২৪.০৩ ৪ ¶৮
শুক্ৰবাৰ, ৮ আগষ্ট
যি মানুহে নিজৰ সৰল পথত চলে, তেওঁ যিহোৱাক ভয় কৰে।—হিতো. ১৪:২.
আজি জগতৰ লোকসকলৰ নৈতিক মানদণ্ড দিনক দিনে বেয়ালৈ ঢাল খাইছে। এইবোৰ দেখি হয়তো আমি লোটৰ দৰে অনুভৱ কৰিব পাৰোঁ। তেওঁ “ধৰ্ম্মহীনবিলাকৰ লম্পট-আচৰণত দুখ” পাইছিল, কাৰণ তেওঁ জানিছিল যে যিহোৱাই এইবোৰ কামক ঘৃণা কৰে। (২ পিত. ২:৭, ৮) লোটে যিহোৱাক ভয় কৰিছিল লগতে তেওঁক প্ৰেম কৰিছিল। সেইবাবে, তেওঁ নিজৰ আশে-পাশে থকা লোকসকলৰ দৰে আচৰণ নকৰিলে। আজি আমাৰো চাৰিওফালে এনে লোকসকল আছে, যিসকলে নিজৰ ইচ্ছা মতে জীৱন-যাপন কৰে আৰু যিহোৱাৰ নৈতিক মানদণ্ডৰ সন্মান নকৰে। কিন্তু যদি আমি নিজৰ হৃদয়ত যিহোৱাৰ প্ৰতি ভয় ৰাখোঁ আৰু তেওঁক প্ৰেম কৰোঁ, তেনেহ’লে এনে লোকসকলৰ মাজত থাকিও আমি নৈতিকভাৱে শুদ্ধ হৈ থাকিব পাৰিম। এইদৰে কৰিবলৈ যিহোৱাই আমাক সহায় কৰে। কেনেকৈ বাৰু? তেওঁ হিতোপদেশ কিতাপত এনে বহুতো ভাল ভাল পৰামৰ্শ দিছে, যাৰ যোগেদি নৈতিকভাৱে শুদ্ধ হৈ থকাৰ আমাৰ ইচ্ছা আৰু দৃঢ় হʼব পাৰে। ইয়াত দিয়া পৰামৰ্শ মানিলে পুৰুষ-মহিলা, বৃদ্ধ-ডেকা সকলো খ্ৰীষ্টানে লাভৱান হʼব পাৰে। যিহোৱাৰ প্ৰতি ভয় ৰাখিলে আমি এইদৰে নকʼম যে মই যি কৰি আছোঁ সেয়া ইমানো বেয়া নহয়। w২৩.০৬ ২০ ¶১-২; ২১ ¶৫
শনিবাৰ, ৯ আগষ্ট
যদি কোনোৱে মোৰ পিছে পিছে আহিব বিচাৰে, তেনেহʼলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু প্ৰতিদিনে নিজৰ যাতনাৰ কাঠ উঠাই মোৰ পিছে পিছে আহি থাকক। —লূক ৯:২৩.
হয়তো আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাৰ বিৰোধ কৰিছে বা আপুনি ঈশ্বৰৰ সেৱাক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ বেছিকৈ টকা-পইচা গোটোৱাৰ যি সুযোগ পাইছিল, সেয়া এৰি দিলে। (মথি ৬:৩৩) যদি এইদৰে হৈছে, তেনেহʼলে আপুনি বিশ্বাস ৰাখিব পাৰে যে আপুনি যি ত্যাগ কৰিলে, সেয়া যিহোৱাই কেতিয়াও নাপাহৰে। (ইব্ৰী ৬:১০) ইয়াৰ উপৰিও এই ত্যাগ কৰি আপুনি যীচুৰ এই কথা সঁচা হয় বুলি দেখিবলৈ পালে: “কোনোৱে যদি মোৰ আৰু শুভবাৰ্তাৰ কাৰণে ঘৰ বা ভাই বা ভনী বা মা বা দেউতা বা সন্তান বা খেতি-বাতি এৰি দিছে, তেনেহʼলে তেওঁ বৰ্তমান সময়ত তাড়নাৰ লগতে ঘৰ, ভাই, ভনী, মা, সন্তান আৰু খেতি-বাতিৰ ১০০ গুণ পাব। আৰু আহিবলগীয়া সময়ত অনন্ত জীৱন লাভ কৰিব।” (মাৰ্ক ১০:২৯, ৩০) আপুনি নিশ্চয় অনুভৱ কৰিব পাৰিলে যে আপুনি যি ত্যাগ কৰিলে, তাতকৈ বহুগুণে বেছি আশীৰ্বাদ লাভ কৰিছে।—গীত. ৩৭:৪. w২৪.০৩ ৯ ¶৫
দেওবাৰ, ১০ আগষ্ট
বন্ধুৱে সকলো সময়তে ভাল পায়; কিন্তু ভায়েক দুৰ্দ্দশাৰ নিমিত্তে জন্ম পায়।—হিতো. ১৭:১৭.
যেতিয়া যিহূদিয়াত ভয়ংকৰ আকাল হৈছিল। তেতিয়া চিৰিয়াৰ আন্তিয়খিয় মণ্ডলীৰ ভাই-ভনীসকলে নিজ “শক্তি অনুসাৰে, যিহূদিয়াত নিবাস কৰা ভাইবিলাকৰ উপকাৰৰ নিমিত্তে দান পঠাবলৈ” নিৰ্ণয় ল’লে। (পাঁচ. ১১:২৭-৩০) তেওঁলোকে যিহূদীয়াৰ ভাই-ভনীসকলৰ পৰা বহুত দূৰত থকাৰ সত্ত্বেও সেই ভাই-ভনীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিলে। (১ যোহ. ৩:১৭, ১৮)আজি কোনো প্ৰাকৃতিক দুৰ্যোগ অহাৰ সময়ত আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমাৰ অন্তৰত ভাই-ভনীসকলৰ প্ৰতি কৰুণা আছে? আমি তেওঁলোকক সহায় কৰিবলৈ লগে লগে পদক্ষেপ ল’ব পাৰোঁ। আমি কোনো কামত সহায় কৰিবলৈ প্ৰাচীনসকলৰ লগত কথা পাতিব পাৰোঁ, গোটেই বিশ্বজুৰিত হোৱা কামৰ বাবে দান দিব পাৰোঁ বা তাত থকা আমাৰ ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। হয়তো আমাৰ ভাই-ভনীসকলৰ খোৱা-বোৱা বস্তু আৰু থাকিবলৈ ঠাই নাথাকিব পাৰে। এনে পৰিস্থিতিত আমি ভাই-ভনীক সহায় কৰি কৰুণা দেখুৱালে আমাৰ ৰজা যীচু খ্ৰীষ্ট যেতিয়া ন্যায় কৰিবলৈ আহিব, তেতিয়া তেওঁ আমাক এইদৰে কʼব, “ৰাজ্যৰ অধিকাৰী হোৱা।”—মথি ২৫:৩৪-৪০. w২৩.০৭ ৪ ¶৯-১০; ৬ ¶১২
সোমবাৰ, ১১ আগষ্ট
সকলোৱে যেন জানিব পাৰে যে তোমালোক নিজৰ মতামতত লাগি নাথাকা।—ফিলি. ৪:৫.
যিহোৱাৰ দৰে যীচুৱেও সঠিক চিন্তাধাৰা ৰাখি লোকসকলক দয়া দেখুৱাইছিল। তেওঁক পৃথিৱীত ‘ইস্ৰায়েল-বংশৰ হেৰোৱা মেৰক’ প্ৰচাৰ কৰিবলৈ পঠিওৱা হৈছিল। কিন্তু এই দায়িত্ব পালন কৰাৰ সময়ত তেওঁ একেটা কথাকে ধৰি থকা নাছিল। এবাৰ এজনী ইস্ৰায়েলী নোহোৱা তিৰোতাই নিজৰ ছোৱালীজনীক ভাল কৰিবলৈ যীচুক মিনতি কৰিছিল, যাক ‘ভূতে ধৰিছিল।’ যীচুৰ অন্তৰত সেই তিৰোতাৰ প্ৰতি কৰুণা জাগিল আৰু তাইৰ ছোৱালীজনীক ঠিক কৰিলে। (মথি ১৫:২১-২৮) আন এটা উদাহৰণলৈ মন কৰক। পৃথিৱীত সেৱা কৰাৰ সময়ত যীচুৱে এইদৰে কৈছিল, ‘যি কোনোৱে মোক অস্বীকাৰ কৰে, ময়ো তেওঁক অস্বীকাৰ কৰিম।’ (মথি ১০:৩৩) কিন্তু পিতৰে যেতিয়া তেওঁক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ কৰিলে, তেতিয়া যীচুৱে কি কৰিলে? যীচুৱে জানিছিল যে পিতৰে নিজৰ ভুলৰ বাবে অন্তৰৰ পৰা অনুতাপ কৰিছে আৰু তেওঁ বিশ্বাসযোগ্য সেৱক হয়। সেইবাবে, তেওঁ পিতৰক অস্বীকাৰ নকৰিলে। জীৱিত হোৱাৰ পাছত তেওঁ পিতৰক লগ কৰিলে আৰু তেওঁক ক্ষমা কৰিলে আৰু এতিয়াও তেওঁক প্ৰেম কৰে বুলি বিশ্বাস দিলে। (লূক ২৪:৩৩, ৩৪) যিহোৱা আৰু যীচুৱে আমাৰ প্ৰতিও সঠিক চিন্তাধাৰা ৰাখি দয়া দেখুৱায়। আমিও তেওঁলোকৰ দৰে হোৱাটো যিহোৱাই বিচাৰে। w২৩.০৭ ২১-২২ ¶৬-৭
মঙ্গলবাৰ, ১২ আগষ্ট
মৃত্যু আৰু নহব।—প্ৰকা. ২১:৪.
যিহোৱাই পৃথিৱীত প্ৰমোদবন অনাৰ যি প্ৰতিজ্ঞা কৰিছে, তাৰ ওপৰত আমি কিয় বিশ্বাস কৰিব পাৰোঁ। কিন্তু যিসকল লোকে এই কথাৰ ওপৰত বিশ্বাস নকৰে, তেওঁলোকৰ বিশ্বাস জন্মাবলৈ আমি কি কৰিব পাৰোঁ? আমি তেওঁলোকক তিনিটা কাৰণ কʼব পাৰোঁ। প্ৰথম, যিহোৱাই নিজেই এই প্ৰতিজ্ঞা কৰিছে। প্ৰকাশিত বাক্য কিতাপত এইদৰে লিখা আছে, “সিংহাসনৰ ওপৰত বহা জনাই কলে, চোৱা, মই সকলোকে নতুন কৰোঁ।” যিহোৱাৰ ওচৰত বহুতো শক্তি আৰু বুদ্ধি আছে, যাৰ বাবে তেওঁ নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব পাৰে আৰু তেওঁ নিজেও এইদৰে কৰিব বিচাৰে। দ্বিতীয়, যিহোৱাই জানে যে তেওঁৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ হʼব। সেইবাবে, তেওঁ এনেদৰে কয় যেন সেইবোৰ পূৰ হʼল। তেওঁ কৈছিল, ‘এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য। . . . এইবোৰ পূৰ হʼল।’ তৃতীয়, যিহোৱাই যি কৰিবলৈ আৰম্ভ কৰে, তাক যিকোনো পৰিস্থিতিতে পূৰ কৰে। সেইবাবে, তেওঁ এইদৰে কৈছে, “মই আল্ফা আৰু ওমিগা।” (প্ৰকা. ২১:৬) অতি সোনকালে যিহোৱাই প্ৰমাণ কৰিব যে চয়তান মিছলীয়া হয় আৰু সি কেতিয়াও সফল নহʼব। যেতিয়া কোনোবাই কয় যে “এয়া শুনিবলৈ ভাল লাগিছে কিন্তু সঁচাকৈ এইদৰে হʼব নে?” তেনেহʼলে প্ৰকাশিত বাক্য ২১:৫, ৬ পদ পঢ়ি তেওঁক বুজাব পাৰে। তেওঁক জনাওক যে যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰাৰ গেৰেন্টি দিছে আৰু সেই প্ৰতিজ্ঞাত তেওঁ যেন নিজেই চহী কৰিছে।—যিচ. ৬৫:১৬. w২৩.১১ ৭ ¶১৮-১৯
বুধবাৰ, ১৩ আগষ্ট
মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম।—আদি. ১২:২.
যেতিয়া যিহোৱাই অব্ৰাহামক প্ৰতিজ্ঞা কৰিছিল, তেতিয়া তেওঁ ৭৫ বছৰৰ আছিল আৰু তেওঁৰ কোনো সন্তান নাছিল। অব্ৰাহামে এই প্ৰতিজ্ঞা পূৰ হোৱাটো দেখিছিলনে? সম্পূৰ্ণৰূপে নহয়। ফৰাৎ নদী পাৰ কৰাৰ পাছত তেওঁ ২৫ বছৰলৈ অপেক্ষা কৰিলে। তাৰ পাছত যিহোৱাই চমৎকাৰ কৰিলে আৰু অব্ৰাহামৰ পুত্ৰ ইচহাকৰ জন্ম হ’ল। তাৰ ৬০ বছৰৰ পিছত তেওঁৰ দুজন নাতিয়েক এচৌ আৰু যাকোবৰ জন্ম হয়। (ইব্ৰী ৬:১৫) অব্ৰাহামে নিজৰ বংশক এটা ডাঙৰ ৰাষ্ট্ৰ হোৱা দেখা নাছিল আৰু তেওঁ জীয়াই থকাৰ সময়ত প্ৰতিজ্ঞা কৰা দেশতো বাস কৰা নাছিল। কিন্তু অব্ৰাহামে যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ আছিল আৰু ইয়াৰ বাবে যিহোৱাৰ লগত তেওঁৰ ভাল বন্ধুত্ব আছিল। (যাকো. ২:২৩) চিন্তা কৰকচোন, যেতিয়া অব্ৰাহামক আকৌ জীয়াই তোলা হ’ব, তেতিয়া তেওঁ এয়া জানি কিমান আনন্দিত হ’ব যে তেওঁৰ বিশ্বাস আৰু ধৈৰ্য্যৰ বাবে সকলো ৰাষ্ট্ৰই আশীৰ্বাদ পালে। (আদি. ২২:১৮) ইয়াৰ পৰা আমি কি শিকোঁ? হয়তো আমি এতিয়া যিহোৱাৰ সকলো প্ৰতিজ্ঞা পূৰ হোৱাটো দেখিবলৈ নাপাবও পাৰোঁ। কিন্তু যদি আমি অব্ৰাহামৰ দৰে ধৈৰ্য্য ধৰোঁ, তেনেহ’লে আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই কেৱল বৰ্তমানতে আমাক পুৰস্কাৰ দিব এনে নহয়, তেওঁ আহিবলগীয়া নতুন পৃথিৱীতো আমাক বহুতো আশীৰ্বাদ দিব।—মাৰ্ক ১০:২৯, ৩০. w২৩.০৮ ২৪ ¶১৪
বৃহস্পতিবাৰ, ১৪ আগষ্ট
তেওঁ যিমান কাল যিহোৱাক বিচাৰ কৰিলে, সিমান কাল ঈশ্বেৰ তেওঁক কৃতকাৰ্য্য হবলৈ দিলে।—২ বং. ২৬:৫.
ডেকা কালত উজ্জিয়া নম্ৰ আছিল আৰু যিহোৱাৰ ভয় ৰাখিবলৈ শিকিছিল। তেওঁ ৬৮ বছৰলৈকে জীয়াই আছিল আৰু প্ৰায় গোটেই জীৱন যিহোৱাৰ আশীৰ্বাদ তেওঁৰ ওপৰত আছিল। (২ বং. ২৬:১-৪) তেওঁ বহুতো শত্ৰু ৰাষ্ট্ৰক পৰাজয় কৰিছিল আৰু যিৰূচালেমক সুৰক্ষিত কৰি ৰাখিবলৈ কিছুমান পদক্ষেপ লৈছিল। (২ বং. ২৬:৬-১৫) উজ্জিয়াই যিহোৱাৰ সহায়ত যিবোৰ কাম কৰিব পাৰিছিল, তাৰ কাৰণে তেওঁ হয়তো বহুত আনন্দিত হৈছিল। (উপ. ৩:১২, ১৩) ৰজা হোৱাৰ বাবে উজ্জিয়াই সদায় আনক কি কৰিব লাগে বা নালাগে তাৰ বিষয়ে কৈছিল। ইয়াৰ বাবেই হয়তো তেওঁ ভাবিছিল যে তেওঁ যি বিচাৰে, তাকেই কৰিব পাৰে। এদিন তেওঁ যিহোৱাৰ মন্দিৰত সোমালে আৰু ৰজাসকলক কৰিবলৈ অনুমতি নিদিয়া কাম কৰিলে। (২ বং. ২৬:১৬-১৮) তেওঁ বেদীত ধূপ জ্বলাবলৈ চেষ্টা কৰিলে। অজৰিয়া মহাপুৰোহিতে তেওঁক বাধা দিবলৈ চেষ্টা কৰোঁতে উজ্জিয়াই তেওঁক খং কৰিলে। তেতিয়া যিহোৱাই তেওঁক শাস্তি দিলে আৰু তেওঁৰ কুষ্ঠৰোগ হʼল। (২ বং. ২৬:১৯-২১) দুখৰ বিষয় যে উজ্জিয়াই বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰাৰ যি ভাল নাম অৰ্জন কৰিছিল, সেয়া অলপ সময়ৰ ভিতৰতে শেষ হৈ গʼল। সঁচাকৈ, উজ্জিয়া সদায় নম্ৰ হৈ থকা হʼলে তেওঁৰ জীৱন কিমান ভাল হʼলহেঁতেন! w২৩.০৯ ১০ ¶৯-১০
শুক্ৰবাৰ, ১৫ আগষ্ট
তেওঁ চুন্নৎ হোৱা লোকসকলৰ ভয়ত . . . আঁতৰি আঁতৰি থাকিবলৈ ধৰিলে।—গালা. ২:১২.
পবিত্ৰ শক্তিৰে অভিষেক হোৱাৰ পাছতো পাঁচনি পিতৰৰ পৰা বহুতো ভুল হʼল। পিতৰক ৩৬ খ্ৰীষ্টাব্দত কৰ্ণলিয়ৰ ঘৰলৈ যাবলৈ কোৱা হৈছিল, যি এজন চুনৎ নোহোৱা পৰজাতি আছিল। পাছত পবিত্ৰ শক্তিৰে কৰ্ণলিয়ক অভিষেক কৰা হʼল। ইয়াৰ পৰা প্ৰমাণ হয় যে ঈশ্বৰে কাৰো লগত ‘পক্ষপাত’ নকৰে আৰু এতিয়াৰে পৰা পৰজাতি লোকসকলেও খ্ৰীষ্টান মণ্ডলীৰ সদস্য হʼব পাৰে। (পাঁচ. ১০:৩৪, ৪৪, ৪৫) ইয়াৰ পাছত পিতৰে পৰজাতি লোকসকলৰ লগত উঠা-বহা কৰিবলৈ ধৰিলে আৰু তেওঁলোকৰ লগত আহাৰ খাবলৈ ধৰিলে। এয়া এনে এটা কাম আছিল, যি তেওঁ হয়তো আগতে কেতিয়াও কৰা নাছিল। কিন্তু কিছুমান যিহূদী খ্ৰীষ্টানসকলে ভাবিছিল যে যিহূদীসকলে পৰজাতি লোকসকলৰ লগত আহাৰ খোৱা উচিত নহয়। এনেধৰণৰ চিন্তাধাৰা ৰখা কিছুমান লোক আন্তিয়খিয়াত আহোঁতে পিতৰে পৰজাতি ভাইসকলৰ লগত আহাৰ খাবলৈ বন্ধ কৰিলে। তেওঁ হয়তো যিহূদী খ্ৰীষ্টানসকলে বেয়া পাব বুলি ভয় খাইছিল। যেতিয়া পাঁচনি পৌলে এই পক্ষপাত দেখিলে, তেতিয়া তেওঁ সকলোৰে ওচৰত পিতৰক গালি পাৰিলে। (গালা. ২:১৩, ১৪) এই ভুল কৰাৰ পাছতো পিতৰে ঈশ্বৰৰ সেৱা কৰি থাকিল। w২৩.০৯ ২২ ¶৮
শনিবাৰ, ১৬ আগষ্ট
তেওঁ তোমাক সুস্থিৰ কৰিব। —১ পিত. ৫:১০.
নিজকে চালি-জাৰি চালে আপুনি হয়তো নিজকে শুধৰণি কৰিব লাগে বুলি অনুভৱ কৰিব পাৰে। কিন্তু নিৰাশ নহʼব, কিয়নো ‘প্ৰভু যীচু অনুগ্ৰহশীল’ আৰু তেওঁ আপোনাক শুধৰণি কৰাত নিশ্চয় সহায় কৰিব। (১ পিত. ২:১) পাঁচনি পিতৰে আমাক আশ্বাস দিলে: ‘ঈশ্বৰে আপোনাৰ প্ৰশিক্ষণ পূৰ কৰিব, সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব যাতে আমি মজবুত শক্তিশালী হৈ দৃঢ়তাৰে থিয় হৈ থাকিব পাৰোঁ।’ এবাৰ পিতৰে ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টৰ ওচৰত থিয় হোৱাৰ নিজকে যোগ্য বুলিও ভবা নাছিল। (লূক ৫:৮) কিন্তু তেওঁ হাৰ নামানিলে। যিহোৱা আৰু যীচু খ্ৰীষ্টৰ সহায়ত তেওঁ বিশ্বাসী হৈ সেৱা কৰি থাকিল। সেইবাবে, যিহোৱাই পিতৰক “আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্ত্তা যীচু খ্ৰীষ্টৰ অনন্ত ৰাজ্যত” সোমোৱাৰ সুযোগ দিলে। (২ পিত. ১:১১) যিহোৱাই তেওঁক কিমান ডাঙৰ পুৰস্কাৰ দিলে! আমিও হাৰ নামানি বিশ্বাসী হৈ পিতৰৰ দৰে সেৱা কৰিলে আৰু তেওঁৰ পৰা প্ৰশিক্ষণ লৈ থাকিলে তেওঁ আমাকো অনন্ত জীৱন দিব। আপুনি আপোনাৰ বিশ্বাসৰ বাবে “জীৱাত্মাৰ পৰিত্ৰাণ” পাব।—১ পিত. ১:৯. w২৩.০৯ ৩১ ¶১৬-১৭
দেওবাৰ, ১৭ আগষ্ট
যি জনে স্বৰ্গ, পৃথিৱী সৃষ্টি কৰিলে, সেই জন সৃষ্টিকৰ্তাক আৰাধনা [উপাসনা] কৰা।—প্ৰকা. ১৪:৭.
পবিত্ৰ তম্বুত এখন চোতাল আছিল আৰু তাৰ চাৰিওফালে কাপোৰেৰে বেৰ দিয়া হৈছিল। এই চোতালত পুৰোহিতসকলে সেৱা কৰিছিল। ইয়াত হোমবলি দিবলৈ পিতলৰ এটা ডাঙৰ বেদী আছিল। চোতালত পিতলৰ এটা প্ৰক্ষালন-পাত্ৰ আছিল, যʼত পানী ভৰাই ৰখা হৈছিল। পবিত্ৰ সেৱা কৰাৰ আগতে পুৰোহিতসকলে ইয়াৰ পানীৰেই হাত-ভৰি ধুই নিজকে শুদ্ধ কৰিছিল। (যাত্ৰা. ৩০:১৭-২০; ৪০:৬-৮) আজি বাকী থকা অভিষিক্ত খ্ৰীষ্টানসকলে পৃথিৱীত লাক্ষণিক মন্দিৰৰ ভিতৰৰ চোতালত বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি আছে। এই চোতালত পানীৰ যি প্ৰক্ষালন-পাত্ৰ আছিল, সেয়া অভিষিক্ত খ্ৰীষ্টান আৰু সকলো সত্য খ্ৰীষ্টানক এটা গুৰুত্বপূৰ্ণ কথা মনত পেলাই দিয়ে। সেয়া হৈছে আমি নৈতিকভাৱে আৰু উপাসনাৰ ক্ষেত্ৰত শুদ্ধ হৈ থকা উচিত। গতিকে ‘বৰ লোক সমূহে’ কʼত সেৱা কৰি আছে? পাঁচনি যোহনে দেখিছিল যে তেওঁলোকে ‘সিংহাসনৰ আগত’ থিয় হৈ আছে। ইয়াৰ অৰ্থ হৈছে পৃথিৱীৰ লাক্ষণিক মন্দিৰৰ বাহিৰৰ চোতালত ‘দিনে-ৰাতিয়ে যিহোৱাৰ আৰাধনা’ কৰি আছে। (প্ৰকা. ৭:৯, ১৩-১৫) আমি বহুত আনন্দিত যে যিহোৱাই আমাক তেওঁৰ লাক্ষণিক মন্দিৰত তেওঁৰ উপাসনা কৰিবলৈ এটা ঠাই দিছে। w২৩.১০ ২৮ ¶১৫-১৬
সোমবাৰ, ১৮ আগষ্ট
ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত তেওঁৰ . . . বিশ্বাসৰ কাৰণে তেওঁ বলৱান হল।—ৰোম. ৪:২০.
যিহোৱাই প্ৰাচীনসকলৰ যোগেদিও আমাৰ সাহস বঢ়াব পাৰে। (যিচ. ৩২:১, ২) গতিকে, যেতিয়া আপুনি চিন্তিত হয়, তেতিয়া প্ৰাচীনসকলক নিজৰ চিন্তাৰ বিষয়ে জনাওক। যেতিয়া তেওঁলোকে আপোনাক সহায় কৰিব, তেতিয়া সংকোচ নকৰি তেওঁলোকৰ পৰা সহায় লওক। তেওঁলোকৰ যোগেদি যিহোৱাই আপোনাক শক্তি দিব পাৰে। বাইবেলৰ পৰা আমি যি আশা পাইছোঁ তাৰ পৰাও আমি সাহস বা শক্তি লাভ কৰিব পাৰোঁ। (ৰোম. ৪:৩, ১৮, ১৯) আমাৰ মাজৰ বেছিভাগ লোকৰ এই পৃথিৱীতে প্ৰমোদবনত অনন্ত জীৱন জীয়াই থকাৰ আশা আছে আৰু কিছুমান লোকৰ স্বৰ্গত। এই আশাৰ বাবে আমি সমস্যাবোৰ সহন কৰিবলৈ সাহস লাভ কৰোঁ আৰু প্ৰচাৰ কৰি থাকিবলৈ আৰু মণ্ডলীত বেলেগ বেলেগ দায়িত্ববোৰ পূৰ কৰিবলৈ শক্তি লাভ কৰোঁ। (১ থিচ. ১:৩) এই আশাৰ বাবেই পাঁচনি পৌলেও সাহস লাভ কৰিছিল। তেওঁ কৈছিল যে তেওঁক “চাপ” দিয়া হৈছে, তেওঁ “চিন্তিত” আছে, তেওঁক “তাড়না” দিয়া হৈছে আৰু তেওঁক “পেলোৱা” হৈছে। আনকি তেওঁৰ জীৱনো বিপদত আছিল। (২ কৰি. ৪:৮-১০) পৌলে সাহস লাভ কৰিবলৈ নিজৰ আশাৰ ওপৰত ধ্যান দিলে। (২ কৰি. ৪:১৬-১৮) ইয়াৰ বাবে তেওঁৰ এনে অনুভৱ হৈছিল যেন তেওঁ দিনে দিনে অন্তৰৰ পৰা নতুন হৈ গৈ আছে। w২৩.১০ ১৫-১৬ ¶১৪-১৭
মঙ্গলবাৰ, ১৯ আগষ্ট
যিহোৱাই নিজৰ প্ৰজাবিলাকক শক্তি দান কৰিব; যিহোৱাই নিজৰ প্ৰজাবিলাকক শান্তি দি আশীৰ্ব্বাদ কৰিব।—গীত. ২৯:১১.
প্ৰাৰ্থনা কৰাৰ সময়ত মন কৰক যে যদি যিহোৱাৰ দৃষ্টিৰে চাওঁ, তেনেহ’লে এয়া আপোনাৰ প্ৰাৰ্থনা পূৰ কৰাৰ সঠিক সময় হয় নে। আমি এতিয়াই নিজৰ প্ৰাৰ্থনাৰ উত্তৰ পোৱা উচিত বুলি আমি হয়তো ভাবিব পাৰোঁ। কিন্তু আমাক সহায় কৰাৰ সঠিক সময় কি, তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে। (ইব্ৰী ৪:১৬) যেতিয়া আমি লগে লগে নিজৰ প্ৰাৰ্থনাৰ উত্তৰ নাপাওঁ, তেতিয়া আমি হয়তো ভাবিব পাৰোঁ যে যিহোৱাই যেন এইদৰে কৈছে, ‘মই তোমাৰ প্ৰাৰ্থনাৰ উত্তৰ নিদিও’ কিন্তু যিহোৱাই হয়তো এইদৰে কৈছে, ‘মই তোমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিম কিন্তু এতিয়া নহয়।’ এজন ডেকা ভাইজনৰ বিষয়ে মন কৰক, যিজনে নিজৰ বেমাৰ ভাল হʼবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। কিন্তু তেওঁৰ বেমাৰ ভাল নহʼল। যিহোৱাই কোনো চমৎকাৰ কৰি তেওঁক ভাল কৰা হ’লে চয়তানে যিহোৱাক ঠাট্টা কৰিব পাৰিলেহেঁতেন যে তেওঁ সেই ভাইজনৰ বেমাৰ ভাল কৰাৰ বাবেহে তেওঁ যিহোৱাৰ সেৱা কৰি আছে। (ইয়ো. ১:৯-১১; ২:৪) আমি এয়াও মনত ৰখা উচিত যে যিহোৱাই আগতীয়াকৈ সেই সময় নিৰ্ধাৰিত কৰিছে, যেতিয়া তেওঁ সকলো ধৰণৰ বেমাৰ দূৰ কৰিব। (যিচ. ৩৩:২৪; প্ৰকা. ২১:৩, ৪) কিন্তু সেই সময়লৈকে যিহোৱাই চমৎকাৰ কৰি আমাৰ বেমাৰ ঠিক কৰিব বুলি আমি আশা কৰিব নোৱাৰোঁ। গতিকে সেই ভাইজনে নিজৰ বেমাৰৰ বিৰুদ্ধে যুঁজিবলৈ আৰু বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি থাকিবলৈ শক্তি আৰু মনৰ শান্তি বিচাৰি প্ৰাৰ্থনা কৰিব পাৰে। w২৩.১১ ২৩-২৪ ¶১৩
বুধবাৰ, ২০ আগষ্ট
তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য্য কৰা নাই, আমাৰ অধৰ্ম্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই।—গীত. ১০৩:১০.
চিমচোনে এটা ডাঙৰ ভুল কৰিছিল তথাপি তেওঁ হাৰ নামানিলে। তেওঁৰ মনত আছিল যে যিহোৱাই তেওঁক পলেষ্টীয়াসকলৰ লগত যুদ্ধ কৰাৰ দায়িত্ব দিছে আৰু তেওঁ এই কাম পূৰ কৰাৰ সুযোগ বিচাৰি থাকিল। (বিচা. ১৬:২৮-৩০) সেইবাবে, চিমচোনে উৎসৱৰ সময়ত যিহোৱালৈ ৰিঙিয়াই প্ৰাৰ্থনা কৰিলে যাতে তেওঁ পলেষ্টীয়াহঁতৰ ওপৰত একেবাৰে প্ৰতিকাৰ সাধিব পাৰে। সত্য ঈশ্বৰ যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁক অদ্ভুত শক্তি দিলে। পৰিণামস্বৰূপে, চিমচোনে জীয়াই থকাৰ সময়ত যিমান পলেষ্টীয়াসকলক মাৰা নাছিল, তাতকৈ বেছি এই সময়ত মাৰিলে। চিমচোনে ভুল কৰাৰ বাবে তেওঁক বহুত বেয়া পৰিণাম ভুগিবলগীয়া হৈছিল, তথাপিও তেওঁ যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ চেষ্টা কৰি থাকিল। ঠিক সেইদৰে যদি আমি কিবা ভুল কৰোঁ আৰু আমাক শুধৰণি কৰা হয় বা আমাৰ পৰা দায়িত্ব লৈ লোৱা হয়, তেতিয়াও আমি হাৰ মনা উচিত নহয়। মনত ৰাখক, যিহোৱাই সদায় আমাক ক্ষমা কৰিবলৈ সাজু হৈ থাকে। তেওঁ আমাক ত্যাগ নকৰে, সেইবাবে আমিও তেওঁৰ সেৱা কৰিবলৈ এৰি দিয়াটো উচিত নহয়। (গীত. ১০৩:৮, ৯) আমি কিবা ভুল কৰাৰ পাছতো যিহোৱাই নিজৰ ইচ্ছা পূৰ কৰিবলৈ আমাক সাহস দিব পাৰে যেনেকৈ তেওঁ চিমচোনক দিছিল। w২৩.০৯ ৬ ¶১৫-১৬
বৃহস্পতিবাৰ, ২১ আগষ্ট
ধৈৰ্য্য ধৰিলে ঈশ্বৰৰ অনুমোদন আমাৰ ওপৰত থাকে আৰু ইয়াৰ বাবে আমি আশা লাভ কৰোঁ।—ৰোম. ৫:৪.
যেতিয়া আমি ধৈৰ্য্য ধৰোঁ, তেতিয়া যিহোৱা আনন্দিত হয়। ইয়াৰ অৰ্থ এয়া নহয় যে যেতিয়া আপোনাৰ ওপৰত কিবা সমস্যা আহে, তেতিয়া যিহোৱাই আনন্দিত হয়। তেওঁ এয়া চাই আনন্দিত হয় যে সমস্যাৰ সময়ত আপুনি ধৈৰ্য্যেৰে ইয়াৰ সন্মুখীন হয় আৰু বিশ্বাসী হৈ থাকে। যেতিয়া আমি ধৈৰ্য্য ধৰোঁ, তেতিয়া আমি যিহোৱাৰ মনক আনন্দিত কৰিব পাৰোঁ আৰু এয়া জানি আমি বহুত উৎসাহ লাভ কৰোঁ। (গীত. ৫:১২) অব্ৰাহামৰ বিষয়ে চিন্তা কৰক, তেওঁ ধৈৰ্য্যেৰে বহুতো সমস্যাৰ সন্মুখীন হʼল আৰু যিহোৱাই তেওঁৰ পৰা আনন্দিত আছিল। যিহোৱাই তেওঁক নিজৰ বন্ধু আৰু ভাল ব্যক্তি বুলি কʼলে। (আদি. ১৫:৬; ৰোম. ৪:১৩, ২২) যিহোৱাই আমাৰ পৰাও আনন্দিত হʼব পাৰে। কিন্তু যিহোৱাই এয়া চাই আনন্দিত নহয় যে আমি তেওঁৰ বাবে কিমান কাম কৰি আছোঁ বা আমি কি কি দায়িত্ব পালন কৰি আছোঁ। ইয়াৰ পৰিৱৰ্তে আমি সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিছোঁ আৰু তেওঁৰ বিশ্বাসী হৈ আছোঁ, সেয়া চাই তেওঁ আনন্দিত হয়। আমাৰ বয়স বা পৰিস্থিতি যিয়ে নহওক কিয় বা আমাৰ ওচৰত যিয়ে দক্ষতা নাথাকক কিয় আমি সকলোৱে ধৈৰ্য্য ধৰিব পাৰোঁ। আপুনি এতিয়া সমস্যাৰ সত্ত্বেও যিহোৱাৰ বিশ্বাসী হৈ আছে নে? যদি আছে, তেনেহʼলে আপুনি বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই আপোনাৰ পৰা আনন্দিত আছে। যেতিয়া আমাৰ অনুভৱ হয় যে যিহোৱা আমাৰ পৰা আনন্দিত আছে, তেতিয়া আমাৰ আশা আৰু দৃঢ় হৈ যায়। w২৩.১২ ১১-১২ ¶১৩-১৪
শুক্ৰবাৰ, ২২ আগষ্ট
নিজৰ পুৰুষালি দেখুৱা। —১ ৰাজা. ২:২.
এজন ভাইৰ দক্ষতা থকাটো অতি গুৰুত্বপূৰ্ণ। যিজন ভাইৰ এই দক্ষতা থাকে, তেওঁ আনৰ কথা মন দি শুনে আৰু তেওঁ কি চিন্তা কৰিছে আৰু কেনে অনুভৱ কৰিছে, তাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰে। (হিতো. ২০:৫) সেই ব্যক্তিজনৰ কথা কোৱাৰ ধৰণ, তেওঁৰ চেহেৰা আৰু তেওঁৰ অংগী-ভংগী চাই তেওঁলোকৰ বিষয়ে বহুত কিছু বুজিব পাৰে। আপুনি যেতিয়া লোকসকলৰ লগত সময় অতিবাহিত কৰিব, তেতিয়াহে এইদৰে কৰিব পাৰিব। যদি আপুনি সদায় ইমেল বা মেচেজৰ যোগেদি লোকসকলৰ লগত কথা পাতি থাকে, তেনেহʼলে তেওঁলোকক লগ কৰি কথা পাতিবলৈ আপোনাক কঠিন লাগিব। সেইবাবে, লোকসকলক লগ কৰি কথা পাতিবলৈ চেষ্টা কৰক। (২ যোহ. ১২) এজন পৰিপক্ক খ্ৰীষ্টানক এনে হোৱা উচিত যে তেওঁ নিজৰ আৰু নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰিব পাৰে। (১ তীম. ৫:৮) আপুনি কিবা নহয় কিবা দক্ষতা শিকাটো অতি প্ৰয়োজন। ইয়াৰ পৰা আপুনি আগলৈ গৈ চাকৰি পাব পাৰে। (পাঁচ. ১৮:২, ৩; ২০:৩৪; ইফি. ৪:২৮) গতিকে কঠিন পৰিশ্ৰম কৰিবলৈ শিকক আৰু আপোনাক যি কাম দিয়া হয়, তাক পূৰ কৰক। এইদৰে আপুনি ভাল নাম অৰ্জন কৰিব। এইদৰে কৰিলে আপুনি সহজতে চাকৰি পাব পাৰিব আৰু তাক বজাই ৰাখিব পাৰিব। w২৩.১২ ২৭ ¶১২-১৩
শনিবাৰ, ২৩ আগষ্ট
ৰাতি যেনেকৈ চোৰ আহে, তেনেকৈ প্ৰভুৰ দিন আহিব।—১ থিচ. ৫:২.
বাইবেলত উল্লেখ কৰা ‘যিহোৱাৰ দিনৰ’ অৰ্থ হৈছে যেতিয়া যিহোৱাই নিজৰ শত্ৰুসকলক ধ্বংস কৰে আৰু নিজৰ লোকসকলক বচাই সেই সময়। অতীতত যিহোৱাই বহু বাৰ নিজৰ শত্ৰুসকলক ধ্বংস কৰিছিল। (যিচ. ১৩:১, ৬; যিহি. ১৩:৫; চফ. ১:৮) আমাৰ সময়ত যেতিয়া মহা-বাবিলৰ ওপৰত আক্ৰমণ হʼব, তেতিয়া “যিহোৱাৰ দিন” আৰম্ভ হʼব আৰু হৰমাগিদোনৰ যুদ্ধত শেষ হʼব। আমি সেই ‘দিনত’ ৰক্ষা পাবলৈ এতিয়াৰে পৰা নিজকে সাজু কৰিব লাগিব। মন কৰক যীচুৱে সেই দিনৰ বিষয়ে নিজৰ শিষ্যসকলক কি কৈছিল। তেওঁ কৈছিল যে আমি ‘মহাক্লেশৰ’ বাবে ‘যুগুত হৈ থকা’ উচিত অৰ্থাৎ সেই দিনৰ বাবে আমি সদায় সাজু থকা উচিত। (মথি ২৪:২১; লূক ১২:৪০) পাঁচনি পৌলে থিচলনীকীয়াৰ খ্ৰীষ্টানসকললৈ লিখা প্ৰথম চিঠিখনত তেওঁ যিহোৱাৰ মহান দিনৰ বিষয়ে কৈছিল। পৌলে বহুতো উদাহৰণ দি বুজাইছিল যে সেই দিনৰ বাবে তেওঁলোকে কেনেকৈ সাজু থাকিব পাৰে। পৌলে জানিছিল যে যিহোৱাৰ দিন তেতিয়াই নাহিব। (২ থিচ. ২:১-৩) তেওঁ নিজৰ ভাইসকলক এইদৰে সাজু থাকিবলৈ কৈছিল যেন সেই দিন অহা কালিয়েই আহিব। পৌলে তেওঁলোকক কোৱা কথাৰ পৰা আজি আমিও বহুতো কথা শিকিব পাৰোঁ। w২৩.০৬ ৮ ¶১-২
দেওবাৰ, ২৪ আগষ্ট
হে মোৰ প্ৰিয় ভাইবিলাক, তোমালোক থিৰ আৰু অলৰ হৈ থাকা। —১ কৰি. ১৫:৫৮.
জাপানৰ টকিঅʼ চহৰত ১৯৭০ চনত ৬০-মহলাৰ এখন বিল্ডিং বনোৱা হʼল। তাত প্ৰায়ে ভূমিকম্প হৈ থাকে। সেইবাবে, লোকসকলে ভাবিলে যে এই বিল্ডিঙখন টিকি থাকিব নোৱাৰে। কিন্তু বিল্ডিঙখন টিকি থাকিল। ইঞ্জিনিয়াৰসকলে ইয়াক এইদৰে ডিজাইন কৰিছিল যাতে সেই বিল্ডিঙখন মজবুত হোৱাৰ লগতে ভূমিকম্পৰ জোকাৰণিও সহিব পাৰে। খ্ৰীষ্টানসকলেও এই ওখ বিল্ডিঙৰ নিচিনা হয়। কেনেকৈ বাৰু? এজন খ্ৰীষ্টানে থিৰ আৰু মজবুত হোৱাৰ লগতে যিকোনো পৰিস্থিতিতে নিজকে সাল-সলনি কৰিবলৈ সাজু থকা উচিত। যিহোৱাৰ নিয়ম আৰু মানদণ্ডবোৰ পালন কৰাৰ কথা আহিলে তেওঁ যিকোনো পৰিস্থিতিতে এইদৰে কৰিব বুলি থিৰাং কৰা উচিত। তেওঁ যিকোনো পৰিস্থিতিতে যিহোৱাৰ মানদণ্ড আৰু তেওঁৰ “আজ্ঞা পালন কৰিবলৈ সাজু” হৈ থকা উচিত। ইয়াৰ লগতে তেওঁ “ক্ষান্তস্বভাৱী” লোক হোৱা উচিত আৰু যদি প্ৰয়োজন হয়, তেনেহʼলে যিকোনো পৰিস্থিতিতে সাল-সলনি কৰিবলৈ সাজু থকা উচিত। (যাকো. ৩:১৭, NW) এনে খ্ৰীষ্টানে নিজৰ কথাতে লাগি নাথাকে আৰু সকলোবোৰ চলে বুলিও নাভাবে। w২৩.০৭ ১৪ ¶১-২
সোমবাৰ, ২৫ আগষ্ট
তেওঁক তোমালোকে দেখা নাই, তথাপি প্ৰেম কৰিছা।—১ পিত. ১:৮.
যেতিয়া যীচু ডাঙৰ হʼল, তেতিয়া চয়তানে তেওঁক ফুচলাবলৈ চেষ্টা কৰিলে, আনকি তেওঁক যিহোৱাৰ লগত বিশ্বাসঘাত কৰিবলৈ হেঁচা দিলে। (মথি ৪:১-১১) চয়তানে যেন শপত খাই লৈছিল যে তেওঁ যীচুক পাপ কৰাইহে এৰিব যাতে তেওঁ মুক্তিৰ মূল্য দিব নোৱাৰে। যেতিয়া যীচুৱে পৃথিৱীত নিজৰ সেৱা আৰম্ভ কৰিছিল, তেতিয়া তেওঁ আৰু কিছুমান সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল। তেওঁৰ শত্ৰুসকলে তেওঁক তাড়না দিছিল, আনকি তেওঁক মাৰি পেলাবলৈও চেষ্টা কৰিছিল। (লূক ৪:২৮, ২৯; ১৩:৩১) তেওঁ নিজৰ শিষ্যসকলৰ দুৰ্বলতাবোৰো সহন কৰিবলগীয়া হৈছিল। (মাৰ্ক ৯:৩৩, ৩৪) পাছত যেতিয়া তেওঁৰ ওপৰত মোকদমা চলোৱা হʼল, তেতিয়া লোকসকলে তেওঁক ঠাট্টা কৰিলে আৰু তেওঁক এজন অপৰাধীৰ দৰে বহুত যাতনা দিলে। (ইব্ৰী ১২:১-৩) তেওঁ মৃত্যুৰ আগতে যিবোৰ দুখ আৰু অত্যাচাৰ সহন কৰিলে, সেইবোৰ যিহোৱাৰ সহায়ৰ অবিহনেই সহিবলগীয়া হৈছিল। (মথি ২৭:৪৬) অৱশেষত তেওঁৰ মৃত্যু হʼল। মুক্তিৰ মূল্য দিবলৈ যীচুৱে সঁচাকৈ কিমান ডাঙৰ মূল্য দিলে। যেতিয়া আমি চিন্তা কৰোঁ যে যীচুৱে আমাৰ বাবে কিমান সহিলে, তেতিয়া তেওঁৰ প্ৰতি আমাৰ প্ৰেম আৰু কৃতজ্ঞতা বাঢ়ি যায়। w২৪.০১ ১০-১১ ¶৭-৯
মঙ্গলবাৰ, ২৬ আগষ্ট
খৰ কৰোঁতাই কেৱল দৰিদ্ৰতালৈহে খৰ কৰে।—হিতো. ২১:৫.
ধৈৰ্য্য ধৰিলে আনৰ লগত আমাৰ সম্পৰ্ক ভাল হৈ থাকে আৰু আমি আনৰ কথা মনোযোগেৰে শুনিম। (যাকো. ১:১৯) আমাৰ মাজত শান্তি থাকিব। যেতিয়া আমি চিন্তিত হওঁ, তেতিয়া আমি নভবা-নিচিন্তাকৈ একো কথা নকম বা আনক বেয়াকৈও নকম। ইয়াৰ উপৰিও যদি কোনোবাই আমাক আঘাত দিয়ে, তেনেহ’লে আমি সোনকালে খং নকৰিম বা প্ৰতিশোধ ল’বলৈ চেষ্টা নকৰিম। ইয়াৰ পৰিৱৰ্তে, ‘আমি পৰস্পৰ সহনীয় হ’ম, আৰু যদি কোনো জনৰ বিৰুদ্ধে কোন জনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰিম।’ (কল. ৩:১২, ১৩) ধৈৰ্য্য ধৰিলে আমি ভাল নিৰ্ণয় ল’ব পাৰোঁ। আমি নভবাকৈ বা খৰ-খেদাকৈ একো নকৰোঁ। ইয়াৰ পৰিৱৰ্তে আমি অলপ সময় উলিয়াই অনুসন্ধান কৰোঁ আৰু চিন্তা কৰোঁ যে কি কৰিলে ভাল হ’ব। উদাহৰণস্বৰূপে, যদি আমি চাকৰি বিচাৰি আছোঁ, তেনেহ’লে আমি যিয়ে চাকৰি পাওঁ তাকে কৰিবলৈ আমাৰ মন যাব পাৰে। কিন্তু যদি আমি ধৈৰ্য্য ধৰোঁ, তেনেহ’লে অলপ সময় উলিয়াই চিন্তা কৰিম যে সেই চাকৰিৰ বাবে পৰিয়াল আৰু যিহোৱাৰ লগত থকা সম্পৰ্কৰ ওপৰত কি প্ৰভাৱ পৰিব। আন কথাত কʼবলৈ গʼলে ধৈৰ্য্য ধৰিলে ভুল নিৰ্ণয় লোৱাৰ পৰা আমি বাচি থাকিম। w২৩.০৮ ২২ ¶৮-৯
বুধবাৰ, ২৭ আগষ্ট
মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা, আৰু মোৰ অঙ্গ-প্ৰতেঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনে মোক বন্দী কৰা, এনে আন এটা নিয়ম মোৰ অঙ্গ-প্ৰতেঙ্গবোৰত দেখোঁ।—ৰোম. ৭:২৩.
কেতিয়াবা কেতিয়াবা নিজৰ ইচ্ছাৰ লগত যুঁজাটো আমাৰ বাবে কঠিন হʼব পাৰে আৰু আমি নিৰাশ হʼব পাৰোঁ। কিন্তু যদি আমি নিজৰ সমৰ্পণৰ প্ৰতিজ্ঞা মনত ৰাখোঁ, তেনেহʼলে যিয়ে পৰীক্ষা নাহক কিয় আমি তাৰ সন্মুখীন হʼব পাৰিম আৰু ইয়াৰ লগতে পৰীক্ষাৰ সময়ত নিৰ্ণয় লোৱাটো আমাৰ বাবে সহজ হৈ পৰিব। কেনেকৈ বাৰু? যেতিয়া আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰে, তেতিয়া আপুনি নিজকে ত্যাগ কৰে অৰ্থাৎ নিজৰ সেই ইচ্ছাবোৰ ত্যাগ কৰে, যিবোৰ যিহোৱাৰ ইচ্ছাৰ বিৰোধে হয়। (মথি ১৬:২৪) সেইবাবে, যেতিয়া আপোনাক প্ৰলোভিত কৰা হয় বা আপোনাৰ ওচৰত কিবা সমস্যা আহি পৰে, তেতিয়া আপুনি এয়া ভবাৰ প্ৰয়োজন নহয় যে আপুনি কি কৰিব আৰু কি নকৰিব। কিয়নো আপুনি আগৰে পৰা ভাবি থৈছে যে আপুনি যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিব। আপুনি যিহোৱাই আনন্দিত হোৱা কামবোৰেই কৰিব। এইদৰে কৰি আপুনি ইয়োবৰ দৰে উৎসাহ দেখুৱাব। তেওঁ বহুতো ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল, তথাপিও তেওঁ এইদৰে কʼলে, “মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম।”—ইয়ো. ২৭:৫. w২৪.০৩ ৯ ¶৬-৭
বৃহস্পতিবাৰ, ২৮ আগষ্ট
যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, যিবিলাকে সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলোৰে ওচৰ। —গীত. ১৪৫:১৮.
‘প্ৰেমৰ ঈশ্বৰ’ যিহোৱা সদায় আমাৰ লগত আছে। (২ কৰি. ১৩:১১) তেওঁ আমাৰ মাজৰ প্ৰতিজনৰে ওপৰত ধ্যান দিয়ে। আমাৰ সম্পূৰ্ণ ভৰসা আছে যে আমাক তেওঁৰ “দয়াই আবৰি ৰাখে।” (গীত. ৩২:১০) আমি যিমানেই বেছি চিন্তা কৰিম যে যিহোৱাই কেনেকৈ আমাক প্ৰেম কৰে, সিমানেই তেওঁৰ প্ৰেম আৰু যত্ন অনুভৱ কৰিব পাৰিম। আমি কোনো সংকোচ নকৰাকৈ তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰিম আৰু আমি তেওঁৰ প্ৰেমৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ বুলি জনাব পাৰিম। ইয়াৰ লগতে নিজৰ সকলো চিন্তা আৰু সমস্যাৰ বিষয়ে জনাব পাৰিম আৰু তেওঁ আমাক বুজি পায় আৰু আমাক সহায় কৰিবলৈ আগ্ৰহী হৈ আছে বুলি বিশ্বাস ৰাখিব পাৰিম। (গীত. ১৪৫:১৯) ঠাণ্ডা দিনত যেতিয়া কʼৰবাত জুই জ্বলি থাকে, তেতিয়া আমি তাৰ ফালে আকৰ্ষিত হৈ গুচি যাওঁ। প্ৰেম চেঁচা হৈ পৰা এই পৃথিৱীখনত যিহোৱাৰ প্ৰেমো জুইৰ নিচিনা হয়, যাৰ গৰমৰ বাবে আমি তেওঁৰ ফালে আকৰ্ষিত হৈ গুচি যাওঁ। এই প্ৰেমত বহুত শক্তি আছে কিন্তু ই কোমলো। সঁচাকৈ যিহোৱাই আমাক বহুত প্ৰেম কৰে! গতিকে আহক আমিও কওঁ, ‘যিহোৱা, মই আপোনাক বহুত প্ৰেম কৰোঁ!’—গীত. ১১৬:১. w২৪.০১ ৩১ ¶১৯-২০
শুক্ৰবাৰ, ২৯ আগষ্ট
“মই তোমাৰ নাম [লোকসকল] জনালোঁ।”—যোহ. ১৭:২৬.
যীচুৱে লোকসকলক ঈশ্বৰৰ নাম যিহোৱা হয় বুলি কেৱল জনোৱা নাছিল। কাৰণ তেওঁ যিসকল যিহূদীক শিকাইছিল, তেওঁলোকে আগৰে পৰা ঈশ্বৰৰ নাম জানিছিল। তথাপিও যীচুৱে তেওঁলোকক “পিতৃৰ” বিষয়ে ভালদৰে বুজালে। (যোহ. ১:১৭, ১৮) যেনে, হিব্ৰু শাস্ত্ৰত কোৱা হৈছে যে যিহোৱা দয়া আৰু কৃপাৰে ভৰা ঈশ্বৰ হয়। (যাত্ৰা. ৩৪:৫-৭) কিন্তু এই কথা আৰু ভালদৰে বুজাবলৈ যীচুৱে বিদ্ৰোহী পুত্ৰ আৰু তেওঁৰ পিতৃৰ উদাহৰণ দিলে। বাইবেলত আমি পঢ়োঁ যে পুত্ৰই অনুতাপ কৰে আৰু নিজৰ পিতৃৰ ঘৰলৈ উভতি আহে। কিন্তু তেওঁ “দূৰৈত থাকোঁতেই” পিতৃয়ে তেওঁক চালে আৰু দৌৰি গৈ তেওঁক সাৱটি ধৰিলে। পিতৃয়ে তেওঁক সম্পূৰ্ণ হৃদয়েৰে ক্ষমা কৰিলে। ইয়াৰ পৰা আমি স্পষ্টকৈ বুজিবলৈ পাওঁ যে যিহোৱা কিমান দয়ালু আৰু তেওঁৰ অন্তৰত কিমান কৰুণা আছে। (লূক ১৫:১১-৩২) যীচুৱে আমাক পিতৃৰ বিষয়ে ভালদৰে বুজালে। w২৪.০২ ১০ ¶৮-৯
শনিবাৰ, ৩০ আগষ্ট
লোকসকলক সেই শান্ত্বনা দিবা, যি আমি ঈশ্বৰৰ পৰা পাওঁ। —২ কৰি. ১:৪.
যিহোৱাই দুখত বা নিৰাশাত থকা লোকসকলক শান্ত্বনা দিয়ে আৰু ইয়াৰ পৰা তেওঁলোকে সতেজতা অনুভৱ কৰে। যিহোৱাৰ দৰেই লোকসকলৰ প্ৰতি আমাৰ অন্তৰত কৰুণা থকা উচিত যাতে আমি তেওঁলোকক শান্ত্বনা দিব পাৰোঁ। আমি এয়া কেনেকৈ কৰিব পাৰোঁ? এটা উপায় হৈছে আমাৰ অন্তৰত এনে গুণবোৰ বঢ়োৱা, যাৰ বাবে আনক শান্ত্বনা দিবলৈ আমাৰ মন যাব। সেই গুণবোৰনো কি? এজনে-আনজনক প্ৰেম কৰিবলৈ আৰু ‘পৰস্পৰক শান্ত্বনা দি থাকিবলৈ’ আমি কি কৰিব লাগিব? (১ থিচ. ৪:১৮) আমি এজনে-আনজনৰ দুখ অনুভৱ কৰিব লাগিব, ভাইৰ নিচিনা প্ৰেম কৰিব লাগিব, কৃপা কৰিব লাগিব আৰু আনৰ বাবে নিজৰ অন্তৰত কৰুণা অনুভৱ কৰিব লাগিব। (কল. ৩:১২; ১ পিত. ৩:৮) যেতিয়া এইদৰে কৰাটো আমাৰ অভ্যাস হৈ পৰিব, তেতিয়া ভাই-ভনীসকলক দুখত দেখিলে আমি লগে লগে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিম আৰু তেওঁলোকক শান্ত্বনা দিম। যীচুৱে এইদৰে কৈছিল, “হৃদয়ত যি থাকে, সেয়াই মুখৰ পৰা ওলায়। ভাল মানুহে ভাল কথা কয়, কিয়নো তেওঁৰ হৃদয় ভাল কথাৰে ভৰি থাকে।” (মথি ১২:৩৪, ৩৫) দুখত থকা ভাই-ভনীসকলক শান্ত্বনা দিয়াটো অতি প্ৰয়োজন। এইদৰে কৰিলে তেওঁলোকে জানিব পাৰিব যে আমি তেওঁলোকক কিমান প্ৰেম কৰোঁ। w২৩.১১ ১০-১১ ¶১০-১১
দেওবাৰ, ৩১ আগষ্ট
জ্ঞানী লোকবিলাকেহে বুজিব। —দানি. ১২:১০.
বাইবেলৰ ভৱিষ্যতবাণীবোৰ বুজিবলৈ আমাক আনৰ সহায়ৰ প্ৰয়োজন হʼব পাৰে। এটা উদাহৰণলৈ মন কৰক। আপুনি এনে এটা ঠাইত ফুৰিবলৈ গৈছে, যাৰ বিষয়ে আপুনি বেছিকৈ নাজানে। কিন্তু আপোনাৰ বন্ধু আপোনাৰ লগত আছে। তেওঁ সেই ঠাইৰ বিষয়ে বৰ ভালকৈ জানে আৰু তেওঁ এয়াও জানে যে আপুনি কোনটো ঠাইত আছে আৰু কোনটো বাটেৰে গৈ আছে। আপুনি কিমান আনন্দিত হʼব যে আপোনাৰ বন্ধু আপোনাৰ লগত আছে। যিহোৱাও ঠিক সেই বন্ধুৰ দৰে হয়। তেওঁ জানে আমি কোনটো সময়ত জীয়াই আছোঁ, কোনটো বাটেৰে গৈ আছোঁ আৰু কʼলৈ গৈ আছোঁ বা আন কথাত কʼবলৈ গʼলে আমাৰ ভৱিষ্যত কেনেকুৱা হʼব। সেইবাবে, আমাক বাইবেলৰ ভৱিষ্যতবাণীবোৰ বুজিবলৈ নম্ৰতাৰে যিহোৱাৰ সহায় লোৱা উচিত। (দানি. ২:২৮; ২ পিত. ১:১৯, ২০) নিজৰ সন্তান সুখত থকা আৰু তেওঁলোকৰ ভৱিষ্যত ভাল হোৱাটো সকলো মা-দেউতাই বিচাৰে। যিহোৱাও নিজৰ সকলো সন্তানৰ বাবে এয়াই বিচাৰে। (যিৰি. ২৯:১১) মা-দেউতাসকলে এয়া নাজানে যে ভৱিষ্যতে তেওঁলোকৰ সন্তানৰ জীৱন কেনেকুৱা হʼব, কিন্তু যিহোৱাই ভালদৰে জানে। তেওঁ সঠিকভাৱে কʼব পাৰে যে ভৱিষ্যতে কি হʼব। সেইবাবে, তেওঁ নিজৰ বাক্যত ভৱিষ্যতবাণীবোৰ লিখুৱাইছে, যিবোৰ পঢ়িলে আমি আগতীয়াকৈ জানিব পাৰোঁ যে ভৱিষ্যতে কি কি ঘটনা ঘটিব।—যিচ. ৪৬:১০. w২৩.০৮ ৮ ¶৩-৪