পৰিচৰ্য্যা সভাৰ তালিকা
ফেব্ৰুৱাৰী ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২২৫
১০ মি: স্থানীয় ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ ফেব্ৰুৱাৰী ১ প্ৰহৰীবুৰুজ আৰু ফেব্ৰুৱাৰী ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰা হয় তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক। এটা উপস্থাপনত প্ৰদৰ্শন কৰি দেখুৱাক যে যেতিয়া লোকসকলে “মোৰ নিজা ধৰ্ম্ম আছে” বুলি কৈ আমাৰ কথোপকথনত বাধা জন্মায় তেতিয়া কেনেকৈ তেনে প্ৰত্যাহ্বানক সমাধান কৰিব পাৰি।—বাইবেল পৰিচৰ্চ্চা সৰু পুস্তিকাখনৰ ১০-১১ পৃষ্ঠা চাওক।
১০ মি: “ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখন অধ্যয়ন কৰি লাভৱান হোৱা।” বিষয়টোৰ ওপৰত আধাৰিত কৰি মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষই এই ভাগটো এটা ভাষণৰূপে প্ৰস্তুত কৰে। লেখটোৰ ২ অনুচ্ছেদ বিবেচনা কৰাৰ সময়ত অধ্যয়নৰ বাবে দিয়া তালিকাৰ ওপৰত মনোনিবেশ কৰে। লেখটোৰ ৩ অনুচ্ছেদ বিবেচনা কৰাৰ সময়ত ঈশ্বৰৰ কাষ চাপা কিতাপখনৰ ২৫ পৃষ্ঠাত দিয়া ২৩ অনুচ্ছেদটো পঢ়ক আৰু আলোচনা কৰক।
২৫ মি: “একেৰাহে যিহোৱাই কৰা আচৰিত কাৰ্য্যসমূহৰ বিষয়ে আনক কওক।”a (১-১০ অনুচ্ছেদ) সেৱা অধ্যক্ষই এই ভাগটো পৰিচালনা কৰে। লেখটোত দিয়া প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰক। স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰিবলৈ মণ্ডলীক উৎসাহিত কৰক।
গীত ৯০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ফেব্ৰুৱাৰী ১৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪১
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।
১৫: মি: “ঈশ্বৰে সমৰ্থন কৰা এক কাৰ্য্য।”b প্ৰক্লেইমাৰ কিতাপৰ ৫৪৭-৫৪৮ পৃষ্ঠাত দিয়া মন্তব্যসমূহ অন্তৰ্ভুক্ত কৰক।
২০ মি: “একেৰাহে যিহোৱাই কৰা আচৰিত কাৰ্য্যসমূহৰ বিষয়ে আনক কওক।”c (১১-১৭ অনুচ্ছেদ) লেখটোত দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰক। পুনৰ সাক্ষাৎ কৰা ব্যক্তিক স্মৰণীয় পৰ্ব্বলৈ আমন্ত্ৰণ কৰি এজন প্ৰকাশকে চমুকৈ প্ৰদৰ্শন কৰে।
গীত ৭৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ফেব্ৰুৱাৰী ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১১৮
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ ফেব্ৰুৱাৰী ১ প্ৰহৰীবুৰুজ আৰু মাৰ্চ ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰা হয় তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক। উপস্থাপনটোৰ সমাপ্তিত গৃস্থক এটা চিন্তা-বিদাৰক প্ৰশ্ন সোধক আৰু পিছৰ সাক্ষাৎত বিচাৰে ব্ৰচাৰখন ব্যৱহাৰ কৰি সেই উত্তৰ দিব পাৰে।
১৫ মি: “নিয়মিতৰূপে সভাত উপস্থিত হোৱাটো এটা আৱশ্যকীয় কৰ্তব্য।”d মণ্ডলীৰ সভাত উপস্থিত হʼবলৈ কিছুমানে কৰা প্ৰবন্ধৰ বিষয়ে কʼবলৈ এটা বা দুটা মন্তব্য দিবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক।
২০ মি: “সভাৰ মাজত” যিহোৱাৰ প্ৰশংসা কৰক। ছেপ্টেম্বৰ ১, ২০০৩ চনৰ প্ৰহৰীবুৰুজ, ১৯-২২ পৃষ্ঠাৰ ওপৰত আধাৰিত শ্ৰোতাসকলৰ সৈতে আলোচনা। (১) গীত ২২:২২, ২৫ পদত সভাত মন্তব্য দিয়াৰ সম্পৰ্কে কেনে কাৰণসমূহ দাঙি ধৰিছে? (২) প্ৰাৰ্থনাই কেনেকৈ সহায় কৰে? (৩) কিয় তৈয়াৰী কৰা আৱশ্যক? (৪) সভাত আমি সকলোৱে কেনে লক্ষ্য ৰাখা উচিত? (৫) আমি আগৰ শাৰী আসনত বহাতো কিয় উপকাৰী হʼব? (৬) আনে যি কয় তাক মনোযোগেৰে শুনাটো কিয় অতি আৱশ্যক? (৭) আমি কেনেকৈ নিজৰ ভাষাত মন্তব্য দিব পাৰোঁ? (৮) আমি কেনেকৈ আনক আমাৰ মন্তব্যৰে উৎসাহিত কৰিব পাৰোঁ? (৯) পৰিচালনা কৰা ভাইজনৰ ওপৰত কেনে দায়িত্ব আছে?
গীত ৮১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মাৰ্চ ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৫৬
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰকাশকক ফেব্ৰুৱাৰী মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। মাৰ্চ মাহত বিতৰণ কৰিবলগীয়া প্ৰকাশনৰ বিষয়ে উল্লেখ কৰক আৰু জানুৱাৰী ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰত দিয়া পৰামৰ্শৰ এটা উপস্থাপন চমুকৈ পুনৰ নিৰীক্ষণ কৰক।
১৫ মি: সঙ্গী বিশ্বাসী ভাই বা ভনীৰ সৈতে বন্ধুত্ব গঢ়ি তুলক। (হিতোপদেশ ১৮:২৪; ২৭:৯) ডিচেম্বৰ ১, ২০০০ চনৰ প্ৰহৰীবুৰুজ, ২২-২৩ পৃষ্ঠাৰ ওপৰত আধাৰিত শ্ৰোতাসকলৰ সৈতে আলোচনা। সত্য উপাসনাৰ এটা আশীৰ্ব্বাদ হৈছে প্ৰকৃত বন্ধুত্ব গঢ়ি তুলাৰ সুযোগ লাভ কৰা। মণ্ডলীৰ সভা, প্ৰচাৰ কাৰ্য্য আৰু আন উপলক্ষ্যবোৰত কৰা বন্ধুত্ব হৈছে আমাৰ বাবে এক অতি উৎসাজনক কাৰণ। মণ্ডলীৰ আনসকলৰ সৈতে আমি কেনেকৈ বন্ধুত্ব গঢ়ি তুলিব পাৰিম? “বন্ধুত্ব বজাই ৰাখাৰ ছটা পদক্ষেপ” নামৰ বক্সটো বিবেচনা কৰক আৰু শ্ৰোতাসকলক আমন্ত্ৰণ কৰি কʼবলৈ কওক যে আমাৰ ভাই-ভনীসকলৰ সৈতে আচৰণ কৰোঁতে কেনেকৈ প্ৰতিটো পদক্ষেপ ব্যৱহাৰ কৰিব পাৰি।
২০ মি: “যিহোৱাই আমাৰ পৰা বিচৰা আৱশ্যকতাসমূহ পূৰণ কৰিব পাৰোঁ।”e উল্লেখ কৰা প্ৰশ্নসমূহ ব্যৱহাৰ কৰক। যদি সময়ে অনুমতি দিয়ে তেন্তে তাত দিয়া শাস্ত্ৰীয় পদসমূহৰ আলোকপাত কৰক।
গীত ৯৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
e এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।