পৰিচৰ্য্যা সভাৰ তালিকা
জানুৱাৰী ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২২৩
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। (যদি উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ জানুৱাৰী ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া প্ৰথমটো প্ৰস্তাৱনা) আৰু জানুৱাৰী ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। তদুপৰি আন ব্যৱহাৰিক উপস্থাপনো ব্যৱহাৰ কৰিব পাৰে। এটা উপস্থাপনত কেনেকৈ সত্যত নথকা সম্বন্ধীয় লোকক আলোচনী দিব পাৰি, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক।
১৫ মি: “বিশ্বাস আৰু উত্তম শিক্ষাৰ অনুগামী হলা।”a পঢ়ক আৰু আলোচনা কৰক আৰু যদি সময়ে অনুমতি দিয়ে তেন্তে উল্লেখ কৰা শাস্ত্ৰীয় পদবোৰ পঢ়ক।
২০ মি: “লোকসকলৰ সৈতে উপযুক্তভাৱে কথোপকথন কৰক।” ৬ পৃষ্ঠাত দিয়া অন্তপত্ৰখনৰ পৰা শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। এই উদাহৰণবোৰ ব্যৱহাৰ কৰি কিদৰে মাহটোত দিবলগীয়া সাহিত্য বিতৰণ কৰিব পাৰে, সেই সম্পৰ্কে দুটা উপস্থাপন প্ৰস্তুত কৰক। প্ৰত্যেকটো উপস্থাপনত প্ৰকাশকে গৃহস্থই প্ৰকাশ কৰা ভাৱধাৰাৰ সামঞ্জস্যত এটাকৈ শাস্ত্ৰীয় পদ পঢ়ে।
গীত ১৪৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জানুৱাৰী ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৩৪
১০ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: যুৱক-যুৱতীসকল, আপোনালোকে আধ্যাত্মিকভাৱে উন্নতি কৰিছেনে? এপ্ৰিল ১, ২০০৩, প্ৰহৰীবুৰুজ আলোচনীৰ ৮-১০ পৃষ্ঠাৰ আধাৰিত কৰি এজন প্ৰাচীনে ভাষণ দিয়ে। কিছুমান ব্যৱহাৰিক আৰু উপনীত হʼব পৰা লক্ষ্যৰ বিষয়ে কওক আৰু যুৱক-যুৱতীসকলক নিজৰ বাবে আধ্যাত্মিক লক্ষ্য ৰাখিবলৈ উৎসাহিত কৰক।
২০ মি: “প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা—ভাগ ৫.”b লেখটোৰ ৪-৫ অনুচ্ছেদত দিয়া পৰামৰ্শৰ অনুসাৰে বাইবেল অধ্যয়ন পৰিচালনা কৰাত এজন অনুভৱী প্ৰকাশকে এটা উপস্থাপনত এজন নতুন প্ৰকাশকৰ সৈতে আলোচনা কৰি কয় যে কেনেকৈ বিপথে পৰিচালিত কৰা বিষয়বোৰৰ পৰা আঁতৰি থাকিব পাৰি।
গীত ৭৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জানুৱাৰী ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৬৩
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট। “ভিচিডিত ভিডিঅ’ কাৰ্য্যক্ৰমসমূহ উপলব্ধ” নামৰ বক্সটোৰ পৰা চমুকৈ আলোচনা কৰক।
১০ মি: প্ৰশ্ন বক্স। এটা ভাষণৰূপে প্ৰস্তুত কৰক।
২৫ মি: “কেনেকৈ সৰল প্ৰস্তাৱনাবোৰৰ ব্যৱহাৰ কৰিব পাৰি।”c লেখটোত দিয়া প্ৰশ্নবোৰৰ ব্যৱহাৰ কৰক। উল্লেখ কৰি কওক যে ৩-৫ পৃষ্ঠাত এই মাহৰ অন্তপত্ৰখনত বিতৰণ কৰিবলগীয়া সাহিত্যবোৰৰ প্ৰস্তাৱনা দিয়া হৈছে। বছৰটোৰ বাবে এই অন্তপত্ৰখন সংৰক্ষণ কৰক। লেখটো বিবেচনা কৰাৰ পিছত ফেব্ৰুৱাৰী মাহত যিহোৱা ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখন কেনেকৈ বিতৰণ কৰিব পাৰি, সেই বিষয়ে আলোচনা কৰক। দুটা উপস্থাপন প্ৰদৰ্শন কৰক। উপস্থাপনৰ বাবে ৩ পৃষ্ঠাত পৰামৰ্শ বা স্থানীয় এলেকাত কাৰ্য্যকাৰী হোৱা প্ৰস্তাৱনা প্ৰদৰ্শন কৰি দেখুৱাব পাৰে।
গীত ২০০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জানুৱাৰী ৩১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৫৭
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰচাৰকক জানুৱাৰী মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। (যদি উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ ফেব্ৰুৱাৰী ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া তৃতীয়টো প্ৰস্তাৱনা) আৰু ফেব্ৰুৱাৰী ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। তদুপৰি আন ব্যৱহাৰিক উপস্থাপনো ব্যৱহাৰ কৰিব পাৰে।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: আপুনি দৈনন্দিন শাস্ত্ৰীয় পদবোৰ পৰীক্ষা কৰেনে? প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক—২০০৫, সৰু কিতাপখনৰ পাতনিৰ ওপৰত আধাৰিত কৰি ভাষণ আৰু আলোচনাৰ দ্বাৰা পৰিচালনা কৰক। প্ৰত্যেকদিনা সকলোৱে কেই মিনিটমান সময় উলিয়াই শাস্ত্ৰীয় পদ বিবেচনা কৰাৰ আৱশ্যকতাৰ বিষয়ে আলোচনা কৰক। কিছুমানে নিতৌ শাস্ত্ৰীয় পদ পৰীক্ষা কৰিবলৈ তৈয়াৰ কৰা তালিকাৰ পৰা কেনেকৈ লাভৱান হৈছে, এই বিষয়ে এটা বা দুটা মন্তব্য দিবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক। চমুকৈ ২০০৫ চনৰ বাৰ্ষিক পাঠৰ বিষয়ে আলোচনা কৰি সমাপ্তি কৰক।
গীত ১৮৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ফেব্ৰুৱাৰী ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৯৭
১০ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: সত্যত নতুনকৈ অহাসকলক ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি প্ৰেম দেখুৱাবলৈ সহায় কৰক। জুলাই ১, ২০০৪, প্ৰহৰীবুৰুজ (w04-AE) ২৬ পৃষ্ঠা, ৭-৯ অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি এটা ভাষণ। মণ্ডলীৰ সকলোৱে খ্ৰীষ্টৰ নতুন শিষ্যসকলক সহায় কৰাত কেনেকৈ ভূমিকা আদায় কৰিব পাৰে সেই বিষয়ে আলোকপাত কৰক।
২০ মি: যিহোৱাই কোনো উত্তম বস্তু আটক নকৰে। (গীত ৮৪:১১) উৎপীড়নৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও সত্যত স্থিৰ হৈ থকা কিছুমান ভাই আৰু ভনীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰক। তেওঁলোকে কেনে সমস্যাৰ সম্মুখীন হʼবলগীয়া হৈছিল? কিহে তেওঁলোকক সমস্যাবোৰত সফলতাৰে সম্মুখীন হʼবলৈ সহায় কৰিলে? তেওঁলোকে কেনে আশীৰ্ব্বাদ আৰু অনুভৱৰ অভিজ্ঞতা হʼল?
গীত ১০৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।