ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ৬-৮
নতুন খ্ৰীষ্টান মণ্ডলীৰ ওপৰত পৰীক্ষা আহে
নতুনকৈ বাপ্তিষ্মা লোৱা শিষ্যসকলে যিৰূচালেমত ৰৈ গৈছিল। কিন্তু তাৰে ভিতৰত গ্ৰীক ভাষা কোৱা বিধৱাসকলৰ লগত পক্ষপাত কৰা হৈছিল। এই অন্যায়ৰ বাবে তেওঁলোকে উজুটি খাইছিল নেকি, নে তেওঁলোকে যিহোৱা ঈশ্বৰে বিষয়টো সমাধান কৰিব বুলি ধৈৰ্য্যৰে অপেক্ষা কৰিছিল?
যেতিয়া স্তিফানক শিল দলিয়াই বধ কৰা হয় আৰু যিৰূচালেমত বাস কৰা খ্ৰীষ্টানসকলৰ ওপৰত তাড়না আৰম্ভ হয়, তেতিয়া তেওঁলোকে যিহূদিয়া আৰু চমৰিয়ালৈ পলাই যায়। তাত যোৱাৰ পাছত তেওঁলোকে ঘোষণা কাৰ্য্য কৰিবলৈ ত্যাগ দিছিল নেকি?
যিহোৱাৰ সহায়ত এই নতুন মণ্ডলীয়ে ধৈৰ্য্য ধৰিবলৈ সক্ষম হয় আৰু দিনক দিনে ইয়াৰ সংখ্যা বৃদ্ধি হʼবলৈ ধৰে।—পাঁচ ৬:৭; ৮:৪.
নিজকে সোধক, ‘মই পৰীক্ষাবোৰৰ সন্মুখীন কেনেকৈ কৰিছোঁ?’