খ্ৰীষ্টান হিচাপে জীৱন-যাপন
পবিত্ৰ আচৰণ আৰু গভীৰ সন্মানেৰে অন্তৰ জয় কৰক
বিবাহিতা স্ত্ৰীয়ে নিজৰ ভাল আচৰণৰ যোগেদি নিজৰ স্বামীক সত্য গ্ৰহণ কৰিবলৈ সহায় কৰিব পাৰে। কিন্তু, এনে কৰিবলৈ হয়তো তাইক বহু বছৰ ধৈৰ্য্য ধৰাৰ প্ৰয়োজন। (১পিত ২:২১-২৩; ৩:১, ২) যদি আপুনি অন্যায়ৰ সন্মুখীন হৈছে, তেনেহʼলে সুকৰ্ম্মৰ দ্বাৰাই কুকৰ্ম্মক পৰাজয় কৰি থাকক। (ৰোম ১২:২১) যদিও আপোনাৰ স্বামীয়ে যিহোৱাৰ বিষয়ে নুশুনে, তথাপিও আপোনাৰ ভাল উদাহৰণে এক ভাল পৰিণাম আনিব পাৰে।
যিকোনো বিষয় সংগীৰ দৃষ্টিভংগীৰে চাবলৈ চেষ্টা কৰক। (ফিলি ২:৩, ৪) সহানুভূতি আৰু দয়া দেখুৱাওক আৰু পত্নী হিচাপে নিজৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ চেষ্টা কৰক। এজন ভাল শুনোতা হওক। (যাকো ১:১৯) সহনশীল হওক আৰু সংগীক যে আপুনি প্ৰেম কৰে, তাক আশ্বাস দিয়ক। যদিও সংগীয়ে আপোনাৰ নিচিনা দয়া আৰু সন্মান দেখুৱা নাই, তথাপিও আপুনি এটা কথাৰ ওপৰত ভৰসা কৰিব পাৰে যে আপোনাৰ বিশ্বাসক যিহোৱা ঈশ্বৰে মূল্যাংকন কৰে।—১পিত ২:১৯, ২০.
আমাৰ বোজা কঢ়িয়াবলৈ যিহোৱা ঈশ্বৰে সহায় কৰে নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
বিবাহৰ আৰম্ভণিতে গ্ৰেচ লীৰ জীৱন কেনেকুৱা আছিল?
বাইবেলৰ সত্যতাৰ প্ৰতি কিহে তাইক আকৰ্ষিত কৰি তুলিলে?
বাপ্তিষ্মা লোৱাৰ পাছত ভনী লীয়ে কেনেধৰণৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হʼবলগীয়া হৈছিল?
ভনী লীয়ে তাইৰ স্বামীৰ বাবে কি প্ৰাৰ্থনা কৰিছিল?
ভনী লীয়ে পবিত্ৰ আচৰণ আৰু গভীৰ সন্মান দেখুৱাৰ বাবে কি কি আশীৰ্ব্বাদ লাভ কৰিছিল?
পবিত্ৰ আচৰণ আৰু গভীৰ সন্মান এক শক্তিশালী!