ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 এপ্ৰিল পৃষ্ঠা ২৬-৩১
  • যিহোৱাই কৰা নতুন পৃথিৱীৰ প্ৰতিজ্ঞাত নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই কৰা নতুন পৃথিৱীৰ প্ৰতিজ্ঞাত নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • এনে পৰিস্থিতি যʼত মজবুত বিশ্বাস থকা অতি প্ৰয়োজন
  • মুক্তিপণ বলিদানৰ ওপৰত মনন কৰক
  • যিহোৱা কিমান শক্তিশালী চিন্তা কৰক
  • উপাসনাৰ লগত জড়িত কামবোৰ কৰি থাকক
  • “সেয়ে অৱশ্যে ঘটিব”
  • আপুনি সঁচাকৈ শুভবাৰ্ত্তাত বিশ্বাস কৰেনে?
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপোনাৰ বিশ্বাস কিমান মজবুত আছে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 এপ্ৰিল পৃষ্ঠা ২৬-৩১

অধ্যয়নৰ লেখ ১৯

যিহোৱাই কৰা নতুন পৃথিৱীৰ প্ৰতিজ্ঞাত নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ?

‘যিহোৱাই কৈ জানো সিদ্ধ নকৰিব?ʼ—গণ. ২৩:১৯.

গীত ১৪২ নিজৰ আশাক দৃঢ়তাৰে ধৰি ৰাখক

লেখৰ এক আভাসa

১-২. নতুন পৃথিৱীৰ বাবে বাট চাই থাকোঁতে আমি কি কৰি থকাৰ প্ৰয়োজন?

যিহোৱাই এই দুষ্ট পৰিস্থিতি শেষ কৰিব আৰু নতুন পৃথিৱী আনিব বুলি যি প্ৰতিজ্ঞা কৰিছে, তাৰ বাবে আমি সকলোৱে কৃতজ্ঞ। (২ পিত. ৩:১৩) আমি এয়া নাজানোঁ যে নতুন পৃথিৱী কেতিয়া আহিব, কিন্তু কিছুমান প্ৰমাণৰ পৰা জানিব পাৰি যে সেই দিন অতি সোনকালে আহিব।—মথি ২৪:৩২-৩৪, ৩৬; পাঁচ. ১:৭.

২ আমি সত্যত যিমান বছৰৰ পৰাই নাথাকোঁ কিয় সেই দিন নহালৈকে সেই প্ৰতিজ্ঞাৰ ওপৰত আমাৰ বিশ্বাস বঢ়াই থকাৰ প্ৰয়োজন। কাৰণ যদি আমি এইদৰে নকৰোঁ, তেনেহʼলে আমাৰ মজবুত বিশ্বাস দুৰ্বল হʼব পাৰে। পাঁচনি পৌলে ইয়াৰ বিষয়ে এইদৰে কৈছিল, বিশ্বাস কমি যোৱা এনে এটা “পাপ” হয়, যি আমাক সহজতে সমস্যাত পেলাব পাৰে। (ইব্ৰী ১২:১) আমাৰ বিশ্বাস দুৰ্বল নোহোৱাটো আমি সকলোৱে বিচাৰোঁ। সেইবাবে, নতুন পৃথিৱী আহিব বুলি যিবোৰ প্ৰমাণ আছে, সেইবোৰৰ ওপৰত ধ্যান দিয়া অতি প্ৰয়োজন।—ইব্ৰী ১১:১.

৩. এই লেখত আমি কি শিকিম?

৩ এই লেখত আমি তিনিটা উপায়ৰ বিষয়ে আলোচনা কৰিম, যিয়ে নতুন পৃথিৱীৰ ওপৰত আমাৰ বিশ্বাস বঢ়াবলৈ আমাক সহায় কৰিব। (১) মুক্তিপণ বলিদানৰ ওপৰত মনন কৰাৰ যোগেদি, (২) যিহোৱা কিমান শক্তিশালী, তাৰ ওপৰত মনন কৰাৰ যোগেদি, আৰু (৩) উপাসনাৰ লগত জড়িত কামবোৰ কৰি থকাৰ যোগেদি। আমি এয়াও জানিম যে যিহোৱাই হবক্কুকক যি কৈছিল, তাৰ পৰা আজি আমাৰ বিশ্বাস কেনেকৈ বাঢ়ে? কিন্তু প্ৰথমতে, আমি আলোচনা কৰিম যে এনে কি কি পৰিস্থিতি আহিব পাৰে, যেতিয়া নতুন পৃথিৱীৰ প্ৰতিজ্ঞাৰ ওপৰত আমাৰ বিশ্বাস মজবুত থকাটো অতি প্ৰয়োজন হৈ পৰে। হয়তো আপুনি এনে পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে।

এনে পৰিস্থিতি যʼত মজবুত বিশ্বাস থকা অতি প্ৰয়োজন

৪. কেনেধৰণৰ নিৰ্ণয় লʼবলৈ আমাৰ মজবুত বিশ্বাস থকাৰ প্ৰয়োজন?

৪ প্ৰতিদিনে আমি বহুতো নিৰ্ণয় লওঁ, যাৰ বাবে আমাৰ মজবুত বিশ্বাস থকা অতি প্ৰয়োজন। যেনে: বন্ধুত্ব, মনোৰঞ্জন, পঢ়া-লিখা, বিয়া, সন্তান আৰু চাকৰিৰ ক্ষেত্ৰত। সেইবাবে আমি ভাবিব পাৰোঁ, ‘মোৰ নিৰ্ণয়ৰ পৰা কি জানিব পাৰি, অতি সোনকালে ঈশ্বৰে এই জগতখন ধ্বংস কৰি নতুন পৃথিৱী লৈ আহিব বুলি মই বিশ্বাস কৰোঁনে? মই এই জগতৰ লোকসকলৰ দৰে চিন্তা কৰোঁনে, যিসকলে কেৱল আজিৰ কাৰণে জীয়াই থাকে?’ (মথি ৬:১৯,২০; লূক ১২:১৬-২১) নতুন পৃথিৱীৰ ওপৰত থকা আমাৰ বিশ্বাস যদি আমি মজবুত কৰোঁ, তেনেহʼলে আমি ভাল নিৰ্ণয় লʼব পাৰিম।

৫-৬. সমস্যাৰ সময়ত মজবুত বিশ্বাস থকা কিয় প্ৰয়োজন? উদাহৰণ দি বুজাওক।

৫ বহু বাৰ আমি এনে কিছুমান সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়, যʼত মজবুত বিশ্বাস থকাটো অতি প্ৰয়োজন। যেনে: হয়তো আমাৰ ওপৰত কিছুমান তাড়না আহিব পাৰে, আমাৰ এনে কিবা বেমাৰ হʼব পাৰে, যি সোনকালে ভাল নহয় নাইবা এনে কিছুমান সমস্যা আহিব পাৰে, যাৰ বাবে আমি নিৰাশ হৈ পৰোঁ। আৰম্ভণিতে আমি সেই সমস্যাবোৰ হয়তো সাহসেৰে সন্মুখীন হওঁ। কিন্তু যেতিয়া সমস্যা দীঘলীয়া সময়লৈকে থাকে, তেতিয়া মজবুত বিশ্বাস থকা অতি প্ৰয়োজন। তেতিয়াহে আমি ধৈৰ্য্য ধৰিব পাৰিম আৰু আনন্দেৰে যিহোৱাৰ সেৱা কৰি থাকিব পাৰিম।—ৰোম. ১২:১২; ১ পিত. ১:৬, ৭.

৬ যেতিয়া আমি কিবা সমস্যাৰ মাজেদি পাৰ হওঁ, তেতিয়া হয়তো আমি ভাবিব পাৰোঁ যে নতুন পৃথিৱী কেতিয়া আহিব। কিন্তু ইয়াৰ অৰ্থ এয়ানে যে আমাৰ বিশ্বাস দুৰ্বল হৈছে? নহয়। এই বিষয়ৰ ওপৰত চিন্তা কৰক, যেতিয়া ঠাণ্ডা দিন আহে আৰু আমাৰ খুব ঠাণ্ডা লাগে, তেতিয়া হয়তো আমি ভাবোঁ গৰমৰ দিন কেতিয়া যে আহিব, কিন্তু আমি জানোঁ যে গৰমৰ দিন নিশ্চয় আহিব। ঠিক সেইদৰে যেতিয়া আমি বহুত নিৰাশ হৈ পৰোঁ, তেতিয়া হয়তো আমি ভাবিব পাৰোঁ, নতুন পৃথিৱী কেতিয়া যে আহিব। কিন্তু যদি আমাৰ মজবুত বিশ্বাস থাকে, তেতিয়া আমি বিশ্বাস কৰিব পাৰিম যে নতুন পৃথিৱী নিশ্চয় আহিব, কাৰণ এয়া যিহোৱাৰ প্ৰতিজ্ঞা। (গীত. ৯৪:৩, ১৪, ১৫; ইব্ৰী ৬:১৭-১৯) এই বিশ্বাসে যিহোৱাৰ সেৱাক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ আমাক সহায় কৰিব।

৭. আমি কি কথাৰ ওপৰত সন্দেহ কৰা উচিত নহয়?

৭ প্ৰচাৰ কাম কৰি থাকিবলৈ মজবুত বিশ্বাসৰ বহুত প্ৰয়োজন। কিয় বাৰু? কাৰণ যেতিয়া আমি লোকসকলক “শুভবাৰ্তা” শুনাওঁ যে বহুত সোনকালে ঈশ্বৰে নতুন পৃথিৱী আনিব, তেতিয়া বহুতো লোকে ভাবে যে এয়া কেৱল কল্পনা কাহিনী, ই কেতিয়াও সঁচা হʼব নোৱাৰে। (মথি ২৪:১৪; যিহি. ৩৩:৩২) আমিও সেই লোকসকলৰ দৰে যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত সন্দেহ কৰিব নিবিচাৰোঁ। সেইবাবে, আমি নিজৰ বিশ্বাস বঢ়াই থকা অতি প্ৰয়োজন। এয়া আমি কেনেকৈ কৰিব পাৰোঁ। আহক তিনিটা উপায়ৰ ওপৰত ধ্যান দিওঁ।

মুক্তিপণ বলিদানৰ ওপৰত মনন কৰক

৮-৯. মুক্তিপণ বলিদানৰ ওপৰত মনন কৰিলে আমাৰ বিশ্বাস কেনেকৈ বাঢ়িব পাৰে?

৮ নিজৰ বিশ্বাস মজবুত কৰাৰ এটা উপায় হৈছে, যীচুৰ মুক্তিপণ বলিদানৰ ওপৰত মনন কৰা। মুক্তিপণ বলিদান এই কথাৰ গেৰাণ্টি হয় যে ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব। গতিকে চিন্তা কৰক, যিহোৱাই কিয় মুক্তিপণ বলিদানৰ ব্যৱস্থা কৰিলে আৰু ইয়াৰ বাবে তেওঁ কি কি কৰিলে? এইদৰে কৰিলে ঈশ্বৰে প্ৰমোদবনত আমাক অনন্ত জীৱন দিয়াৰ যি প্ৰতিজ্ঞা কৰিছে, সেয়া নিশ্চয় পূৰ হʼব বুলি আমাৰ বিশ্বাস বাঢ়িব। এইদৰে আমি কিয় কʼব পাৰোঁ?

৯ চিন্তা কৰক, যিহোৱাই মুক্তিপণ বলিদান দিবলৈ কি কি কৰিলে? তেওঁ নিজৰ একমাত্ৰ পুত্ৰক বহুত প্ৰেম কৰিছিল আৰু তেওঁ যিহোৱাৰ ভাল বন্ধু আছিল। তথাপিও যিহোৱাই তেওঁক স্বৰ্গৰ পৰা পৃথিৱীলৈ এজন সিদ্ধ মানুহ হিচাপে পঠিয়ালে। যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া তেওঁ বহু ধৰণৰ সমস্যাৰ সন্মুখীন হʼল আৰু পাছত তেওঁক বহুত যাতনা দি মাৰি পেলোৱা হʼল। সঁচাকৈ যিহোৱাই আমাৰ বাবে বহুত ডাঙৰ মূল্য দিলে। আমি অলপ দিন জীয়াই থাকিবলৈ ঈশ্বৰে ইমান ডাঙৰ মূল্য দিলে নে? (যোহ. ৩:১৬; ১ পিত. ১:১৮, ১৯) যদি যিহোৱাই আমাৰ বাবে ইমান ডাঙৰ মূল্য দিলে, তেনেহʼলে তেওঁ নিশ্চয় নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব আৰু প্ৰমোদবনত আমাক অনন্ত জীৱন দিব।

যিহোৱা কিমান শক্তিশালী চিন্তা কৰক

১০. ইফিচীয়া ৩:২০ পদৰ অনুসৰি যিহোৱা কিমান শক্তিশালী?

১০ নিজৰ বিশ্বাস বঢ়োৱাৰ দ্বিতীয়া উপায়টো হৈছে, যিহোৱা কিমান শক্তিশালী তাৰ বিষয়ে চিন্তা কৰা। তেওঁৰ ওচৰত ইমানে শক্তি আছে যে তেওঁ নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিব পাৰে। কিন্তু নতুন পৃথিৱীত অনন্ত জীৱন দিয়াৰ যিহোৱাই যি প্ৰতিজ্ঞা কৰিছে, তাৰ বিষয়ে আমি কি কʼব পাৰোঁ। বহুতো লোকে ভাবে এয়া অসম্ভৱ। কিন্তু মনত ৰাখক যিহোৱাই প্ৰায় এনে প্ৰতিজ্ঞা কৰে যি মানুহে কেতিয়াও পূৰ কৰিব নোৱাৰে। যিহোৱা সৰ্ব্বশক্তিমান ঈশ্বৰ হয়। (ইয়ো. ৪২:২; মাৰ্ক ১০:২৭) সেইবাবে যিহোৱাই যেতিয়া ডাঙৰ ডাঙৰ প্ৰতিজ্ঞা কৰে, তেতিয়া আমি আচৰিত নহওঁ।—ইফিচীয়া ৩:২০ পঢ়ক।

১১. যিহোৱাৰ এনে এটা প্ৰতিজ্ঞাৰ বিষয়ে কওক যি পূৰ হোৱাটো অসম্ভৱ যেন লাগিছিল? (“অসম্ভৱ কামো সম্ভৱ কৰিলে” নামৰ বক্স চাওক।)

১১ যিহোৱাৰ এনে কিছুমান প্ৰতিজ্ঞালৈ মন কৰক, যি পূৰ হোৱাটো অসম্ভৱ যেন লাগিছিল। যেনে: তেওঁ অব্ৰাহাম আৰু চাৰাক কৈছিল, তেওঁলোকৰ বৃদ্ধ বয়সত এটি পুত্ৰ সন্তান হʼব। (আদি. ১৭:১৫-১৭) তেওঁ অব্ৰাহামক কৈছিল, তেওঁৰ বংশক কনান দেশ দিব। কিন্তু বহু বছৰলৈকে অব্ৰাহামৰ বংশ অৰ্থাৎ ইস্ৰায়েলীসকলে মিচৰ দেশত দাস হিচাপে আছিল। সেইবাবে লোকসকলে ভাবিছিল, এই প্ৰতিজ্ঞা কেতিয়াও পূৰ নহʼব। কিন্তু যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিলে। ইয়াৰ হাজাৰ হাজাৰ বছৰ পাছত বৃদ্ধ এলীচাবেতক যিহোৱাই প্ৰতিজ্ঞা কৰিছিল, তেওঁৰ এটি পুত্ৰ সন্তান হʼব। যিহোৱাই মৰিয়মকো এটা প্ৰতিজ্ঞা কৰিছিল। যদিও মৰিয়মৰ বিয়া হোৱা নাছিল, তথাপি তেওঁ যিহোৱাৰ পুত্ৰক জন্ম দিব বুলি কʼলে, যাৰ বিষয়ে হাজাৰ হাজাৰ বছৰ আগতেই এদন বাগিচাত যিহোৱাই প্ৰতিজ্ঞা কৰিছিল। যিহোৱাই নিজৰ এই প্ৰতিজ্ঞাও পূৰ কৰিলে!—আদি. ৩:১৫.

অসম্ভৱ কামক সম্ভৱ কৰিলে

অব্ৰাহাম আৰু চাৰাই নিজৰ লʼৰা ইচাহাকক কোলাত লৈছে।

প্ৰতিজ্ঞা

অব্ৰাহাম আৰু চাৰাৰ বৃদ্ধ বয়সত এজন লʼৰা হʼব।—আদি. ১৮:১৪.

পূৰ হʼবলৈ কিয় অসম্ভৱ যেন আছিল

চাৰাৰ সন্তান জন্ম দিয়াৰ বয়স পাৰ হৈ গৈছিল।—আদি. ১৮:১১.

কেনেকৈ পূৰ হʼল

আদি. ২১:১, ২

যিহোচূৱাই হাতত তৰোৱাল লৈ স্বৰ্গৰ ফালে চাই আছে।

প্ৰতিজ্ঞা

অব্ৰাহামৰ বংশই কনান দেশত বাস কৰিব।—আদি. ১৭:৮.

পূৰ হʼবলৈ কিয় অসম্ভৱ যেন আছিল

ইস্ৰায়েলীসকল মিচৰ দেশত দাস হৈ পৰিছিল।—যাত্ৰা. ১:১৩, ১৪.

কেনেকৈ পূৰ হʼল

যিহো. ১১:২৩

যীচু দানা-পাত্ৰত আছে আৰু যোচেফ আৰু মৰিয়ম তেওঁৰ ওচৰতে আছে।

প্ৰতিজ্ঞা

দায়ূদৰ বংশৰ পৰা এজনে যিহোৱাৰ ফালৰ পৰা সদায় শাসন কৰিব। —২ চমূ. ৭:৮, ১৬.

পূৰ হʼবলৈ কিয় অসম্ভৱ যেন আছিল

চিদিকিয়াৰ পাছত দায়ূদৰ কোনো বংশই ইস্ৰায়েলত শাসন কৰা নাছিল। —যিৰি. ৫২:১১.

কেনেকৈ পূৰ হʼল

লূক ১:৩২, ৩৩

ইস্ৰায়েলীসকলে বাবিল নগৰখন এৰি গৈ আছে।

প্ৰতিজ্ঞা

বাবিলত ৭০ বছৰ দাসত্বত থকাৰ পাছত ইস্ৰায়েলীসকলে পুনৰ যিৰূচালেম নগৰখন বনাব।—যিৰি. ২৯:১০.

পূৰ হʼবলৈ কিয় অসম্ভৱ যেন আছিল

যিৰূচালেম জনশূন্য হৈ আছিল আৰু বাবিলৰ লোকসকলে নিজৰ বন্দীবিলাকক কেতিয়াও মুকলি কৰা নাছিল। —যিচ. ১৪:১৭.

কেনেকৈ পূৰ হʼল

ইজ্ৰা ১:১-৩; ২:১

এজন স্বৰ্গদূতৰ হাতত তৰোৱাল আছে আৰু তেওঁ অচূৰৰ সেনাৰ ফালে উৰি গৈ আছে।

প্ৰতিজ্ঞা

অচূৰীয়াবিলাকে যিৰূচালেমক নিজৰ অধীনত কৰিব নোৱাৰিব।—২ ৰাজা. ১৯:৩২-৩৪.

পূৰ হʼবলৈ কিয় অসম্ভৱ যেন আছিল

অচূৰৰ সেনা বহুত ডাঙৰ আছিল আৰু যিহূদাৰ বহুতো চহৰ আৰু নগৰবোৰ নিজৰ অধীনত কৰি লৈছিল।

কেনেকৈ পূৰ হʼল

যিচ. ৩৭:৩৬, ৩৭

এলীচাবেতে মৰমেৰে মৰিয়মক আদৰণি জনাইছে।

প্ৰতিজ্ঞা

এলীচাবেতৰ এজন পুত্ৰ সন্তান হʼব আৰু মৰিয়মে ঈশ্বৰৰ পুত্ৰক জন্ম দিব।—লূক ১:১৩, ৩১.

পূৰ হʼবলৈ কিয় অসম্ভৱ যেন আছিল

এলীচাবেত বাঁজী আছিল আৰু একেবাৰে বৃদ্ধ হৈ পৰিছিল। মৰিয়মৰ বিয়া হোৱা নাছিল।—লূক ১:১৮, ৩৪.

কেনেকৈ পূৰ হʼল

লূক ১:৫৭; ২:৭

১২. যিহোচূৱা ২৩:১৪ আৰু যিচয়া ৫৫:১০, ১১ পদৰ পৰা যিহোৱা কিমান শক্তিশালী, তাৰ বিষয়ে আমি কেনেকৈ জানিব পাৰোঁ?

১২ যিহোৱাই কি কি প্ৰতিজ্ঞা কৰিছে আৰু এইবোৰ কেনেকৈ পূৰ কৰিলে, তাৰ বিষয়ে চিন্তা কৰিলে আমি বুজি পাওঁ যে তেওঁৰ ওচৰত বহুত শক্তি আছে। ইয়াৰ যোগেদি যিহোৱাই নতুন পৃথিৱী নিশ্চয় আনিব বুলি যি প্ৰতিজ্ঞা কৰিছে, তাৰ ওপৰত আমাৰ বিশ্বাস আৰু বাঢ়ি যায়। (যিহোচূৱা ২৩:১৪; যিচয়া ৫৫:১০, ১১ পঢ়ক) সেইবাবে, আমি আনকো বিশ্বাসেৰে কʼব পাৰোঁ যে যিহোৱাই নতুন পৃথিৱী আনিব বুলি যি প্ৰতিজ্ঞা কৰিছে, সেয়া কোনো কল্পনা বা সপোন নহয়। যিহোৱাই নতুন আকাশ আৰু নতুন পৃথিৱী অনাৰ বিষয়ে এইদৰে কৈছে, এইবোৰ “কথা বিশ্বাসযোগ্য আৰু সত্য।”—প্ৰকা. ২১:১, ৫.

উপাসনাৰ লগত জড়িত কামবোৰ কৰি থাকক

এজন ভায়ে মণ্ডলীত ভাষণ দি আছে আৰু সকলোৱে তেওঁৰ কথা মন দি শুনি আছে।

সভাবোৰ

এইবোৰৰ পৰা আপোনাৰ বিশ্বাস কেনেকৈ বাঢ়িব পাৰে? (অনুচ্ছেদ ১৩ চাওক)

১৩. সভালৈ গʼলে আমাৰ বিশ্বাস কেনেকৈ বাঢ়ে? বুজাওক।

১৩ নিজৰ বিশ্বাস বঢ়োৱাৰ তৃতীয় উপায় হৈছে, উপাসনাৰ লগত জড়িত কামবোৰ কৰি থকা। যেনে: মন কৰক সভালৈ গʼলে আমাৰ বিশ্বাস কেনেকৈ বাঢ়ে। ভনী এনাৰ উদাহৰণলৈ মন কৰক, তেওঁ বহু বছৰৰ পৰা বেলেগ বেলেগ উপায়েৰে পূৰ্ণ সময়ৰ সেৱা কৰি আছে। তেওঁ এইদৰে কৈছে, “সভালৈ গʼলে মোৰ বিশ্বাস মজবুত হৈ থাকে। যদিও বক্তাজনে ভালদৰে শিকাব পৰা নাই বা মই নজনা কিবা নতুন কথা জনোৱা নাই, তথাপি মই এনে কিবা কথা শুনিবলৈ পাওঁ, যাৰ পৰা বাইবেলৰ বিষয়ে মোৰ জ্ঞান আৰু বাঢ়ি যায়। ইয়াৰ পৰা মোৰ বিশ্বাস মজবুত হয়।”b আনকি সভাবোৰত ভাই-ভনীসকলৰ উত্তৰ শুনিও আমাৰ বিশ্বাস মজবুত হয়।—ৰোম. ১:১১, ১২; ১০:১৭.

এজন ভায়ে ৱেল্ডিং দোকানত লগতে কাম কৰা ব্যক্তিজনক প্ৰচাৰ কৰি আছে।

প্ৰচাৰ কাম

এইবোৰৰ পৰা আপোনাৰ বিশ্বাস কেনেকৈ বাঢ়িব পাৰে? (অনুচ্ছেদ ১৪ চাওক)

১৪. প্ৰচাৰ কৰিলে আমাৰ বিশ্বাস কেনেকৈ বাঢ়ে?

১৪ প্ৰচাৰ কাম কৰিলেও আমাৰ বিশ্বাস বাঢ়ে। (ইব্ৰী ১০:২৩) ভনী বাৰবাৰাই ৭০ বছৰতকৈয়ো বেছি যিহোৱাৰ সেৱা কৰি আছে। তেওঁ এইদৰে কয়, “মই প্ৰায়ে দেখিলোঁ যে যেতিয়া মই প্ৰচাৰ কৰোঁ, তেতিয়া মোৰ বিশ্বাস বাঢ়ে। মই যিমানেই যিহোৱাৰ প্ৰতিজ্ঞাৰ বিষয়ে লোকসকলক কওঁ, সিমানেই মোৰ বিশ্বাস মজবুত হয়।”

এজনী ভনীয়ে বাইবেল আধাৰিত প্ৰকাশন পঢ়ি ব্যক্তিগত অধ্যয়ন কৰি আছে।

ব্যক্তিগত অধ্যয়ন

এইবোৰৰ পৰা আপোনাৰ বিশ্বাস কেনেকৈ বাঢ়িব পাৰে? (অনুচ্ছেদ ১৫ চাওক)

১৫. ব্যক্তিগত অধ্যয়ন কৰিলে আমাৰ বিশ্বাস কেনেকৈ বাঢ়ে? (ছবিখনো চাওক।)

১৫ ব্যক্তিগত অধ্যয়ন কৰিলেও আমাৰ বিশ্বাস বাঢ়ে। ভনী চুজেনে ব্যক্তিগত অধ্যয়নৰ বাবে এখন তালিকা বনাইছে। ইয়াৰ পৰা তেওঁ বহুত সহায় পালে। তেওঁ এইদৰে কয়, “মই প্ৰতি দেওবাৰে আহিবলগীয়া সপ্তাহৰ প্ৰহৰীদুৰ্গ অধ্যয়নৰ তৈয়াৰী কৰোঁ। সোমবাৰ আৰু মংগলবাৰে মই সপ্তাহৰ মাজত হোৱা সভাৰ তৈয়াৰী কৰোঁ। বাকী কেইটা দিনত মই বেলেগ বেলেগ বিষয়ৰ ওপৰত ব্যক্তিগত অধ্যয়ন কৰোঁ।” এইদৰে তালিকা বনাই তাৰ অনুসৰি চলাৰ বাবে ভনী চুজেনে নিজৰ বিশ্বাস বঢ়াব পাৰিলে। ভনী আইৰিণে বহু বছৰ ধৰি মুখ্য কাৰ্য্যালয়ত সেৱা কৰি আছে। ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰাৰ বাবে তেওঁৰ বিশ্বাস বাঢ়িল। তেওঁ এইদৰে কয়, “যেতিয়া মই পঢ়োঁ যে যিহোৱাই কৰা ভৱিষ্যতবাণীৰ সৰু সৰু কথাবোৰ কেনেকৈ পূৰ হʼল, তেতিয়া মই আচৰিত হওঁ।”c

“সেয়ে অৱশ্যে ঘটিব”

১৬. যিহোৱাই হবক্কুকক যি কৈছিল, সেয়া আজিও আমাৰ বাবে অৰ্থ ৰাখে বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? (ইব্ৰী ১০:৩৬, ৩৭)

১৬ যিহোৱাৰ কিছুমান সেৱকে বহু বছৰ ধৰি অন্ত আহিব বুলি বাট চাই আছিল। হয়তো বহুতো লোকক লাগিব পাৰে যে অন্ত আহিবলৈ দেৰি হৈছে। আমাক এইদৰে লাগিব বুলি যিহোৱাই ভালদৰে জানে। সেইবাবে, তেওঁ ভৱিষ্যতবক্তা হবক্কুকক এই কথাৰ ওপৰত বিশ্বাস দিবলৈ এইদৰে কৈছিল, “কিয়নো দৰ্শনে এতিয়াও নিৰূপিত সময়লৈ বাট চাই আছে, আৰু সিদ্ধ হবলৈ আকাঙ্ক্ষা কৰিছে, সেয়ে মিছা নহব; সেয়ে পলম হলেও, তালৈ অপেক্ষা কৰা; কাৰণ সেয়ে অৱশ্যে ঘটিব, উচিত সময়তকৈ দেৰি নহব।” (হব. ২:৩) যিহোৱাই হবক্কুকক যি বিশ্বাস দিছিল, তাৰ পৰা অকল তেওঁৰেই লাভ হʼলনে বা যিহোৱাৰ এই কথা আজিও আমাৰ বাবে অৰ্থ ৰাখেনে? যিসকলে নতুন পৃথিৱীৰ বাবে বাট চাই আছিল, পাঁচনি পৌলে ঈশ্বৰৰ প্ৰেৰণাৰে তেওঁলোকক সেই একেই কথা লিখিছিল আৰু সেয়া আমিও ধ্যান দিয়া উচিত। (ইব্ৰী ১০:৩৬, ৩৭ পঢ়ক।) সেইবাবে, যদি কেতিয়াবা আমাক লাগে যে যিহোৱাই নতুন পৃথিৱী আনিবলৈ যি প্ৰতিজ্ঞা কৰিছে, সেয়া পূৰ হোৱাত দেৰি হৈছে, তথাপিও আমি বিশ্বাস কৰিব পাৰোঁ যে সেয়া “অৱশ্যে ঘটিব, উচিত সময়তকৈ দেৰি নহব!”

১৭. যিহোৱাই হবক্কুকক দিয়া পৰামৰ্শ এজনী ভনীয়ে কেনেকৈ মানিলে?

১৭ যিহোৱাৰ বহুতো বিশ্বাসী সেৱকে তেওঁৰ পৰামৰ্শ মানিলে আৰু তেওঁলোকে “অপেক্ষা” কৰি আছে। কিছুমানে বহু বছৰ ধৰি এইদৰে কৰি আছে। ভনী লুইচৰ উদাহৰণলৈ ধ্যান দিয়ক। তেওঁ ১৯৩৯ চনত যিহোৱাৰ সেৱা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ এইদৰে কয়, “সেই সময়ত মই ভাবিছিলোঁ মই যেতিয়া স্কুলৰ পঢ়া শেষ কৰিম, তেতিয়া হৰমাগিদোন আহিব। কিন্তু এইদৰে নহʼল। সময় পাৰ হোৱাৰ লগে লগে মই বাইবেলৰ পৰা এনে বহুতো বিশ্বাসী লোকৰ বিষয়ে পঢ়িলোঁ, যিসকলে যিহোৱাৰ প্ৰতিজ্ঞা পূৰ হোৱাটো চাবলৈ বহু বছৰ ধৰি বাট চাই আছিল। যেনে: নোহ, অব্ৰাহাম, যোচেফ আৰু তেওঁলোকৰ দৰেই আন বহুতো বিশ্বাসী লোক। যিহোৱাৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ হʼব বুলি ভৰসা ৰখাৰ বাবে মোৰ আৰু আন লোকসকলৰ বিশ্বাস হʼল যে অতি সোনকালে নতুন পৃথিৱী আহিব।” বহু বছৰ ধৰি যিহোৱাৰ সেৱা কৰা বিশ্বাসী সেৱকসকলে ভনী লুইচৰ এই কথাত একমত হʼব।

১৮. সৃষ্টিৰ প্ৰতি ধ্যান দিলে নতুন পৃথিৱীৰ প্ৰতিজ্ঞাৰ ওপৰত আমি নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰিম?

১৮ যদিও এতিয়ালৈকে নতুন পৃথিৱী অহা নাই, তথাপি আপুনি নিজৰ ওচৰে-পাজৰে থকা সৃষ্টিৰ ওপৰত ধ্যান দিব পাৰে। যেনে: তৰা, গছ-গছনি, জীৱ-জন্তু আৰু মানুহৰ ওপৰত। এসময়ত এইবোৰ নাছিল। কিন্তু সঁচাকৈ এইবোৰ আছে নে নাই বুলি কোনেও সন্দেহ নকৰে। আজি এই সকলোবোৰ আছে, কিয়নো যিহোৱাই এইবোৰ বনাইছে। (আদি. ১:১, ২৬, ২৭) ঠিক সেইদৰে যিহোৱাই থিৰাং কৰিছে যে তেওঁ নতুন পৃথিৱী আনিব আৰু এয়া তেওঁ নিশ্চয় কৰিব। সেই সময়ত সকলোৰে স্বাস্থ্য ভাল হʼব আৰু আমি সদায় জীয়াই থাকিম। আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে উচিত সময়ত যিহোৱাই নতুন পৃথিৱী নিশ্চয় আনিব। যিদৰে আমাৰ আশে-পাশে থকা সৃষ্টিৰ বস্তুবোৰ সঁচা, ঠিক সেইদৰে নতুন পৃথিৱীও সঁচাকৈ আহিব।—যিচ. ৬৫:১৭; প্ৰকা. ২১:৩, ৪.

১৯. আপুনি নিজৰ বিশ্বাস বঢ়াবলৈ কি কৰিব পাৰে?

১৯ যেতিয়ালৈকে নতুন পৃথিৱী নাহে, তেতিয়ালৈকে আহক আমি সময়ৰ ভাল ব্যৱহাৰ কৰোঁ আৰু নিজৰ বিশ্বাস মজবুত কৰি থাকোঁ। যিহোৱাই মুক্তিপণৰ ব্যৱস্থা কৰাৰ বাবে সদায় তেওঁৰ প্ৰতি কৃতজ্ঞ হওক। এয়াও চিন্তা কৰক যে যিহোৱা কিমান শক্তিশালী আৰু উপাসনাৰ লগত জড়িত কামবোৰ কৰি থাকক। এনে কৰিলে আপুনিও সেই লোকসকলৰ দৰে হʼব, যিসকল “বিশ্বাস আৰু চিৰসহিষ্ণুতাৰ দ্বাৰাই প্ৰতিজ্ঞাবোৰৰ উত্তৰাধিকাৰী” হয়।—ইব্ৰী ৬:১১, ১২; ৰোম. ৫:৫.

তলত উল্লেখ কৰা কামবোৰ কৰিলে আমি নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ?

  • মুক্তিপণ বলিদানৰ ওপৰত মনন কৰাৰ যোগেদি।

  • যিহোৱা কিমান শক্তিশালী তাৰ বিষয়ে চিন্তা কৰাৰ যোগেদি।

  • উপাসনাৰ লগত জড়িত কামবোৰ কৰি থকাৰ যোগেদি।

গীত ১৩৯ নিজকে নতুন পৃথিৱীত চাওক

a ঈশ্বৰে নতুন পৃথিৱী আনিবলৈ যি প্ৰতিজ্ঞা কৰিছে, তাৰ ওপৰত বহুতো লোকে বিশ্বাস নকৰে। তেওঁলোকে ভাবে যে এয়া কেৱল কল্পনা কাহিনীহে মাথোন, ই কেতিয়াও সঁচা হʼব নোৱাৰে। কিন্তু আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে যিহোৱাই যিয়ে প্ৰতিজ্ঞা কৰে, সেই সকলো পূৰ হʼব। তথাপিও আমি নিজৰ এই বিশ্বাস বঢ়াই থকাৰ প্ৰয়োজন, আমি এয়া কেনেকৈ কৰিব পাৰোঁ? এই লেখত আমি শিকিম।

b নাম সলনি কৰা হৈছে।

c বাইবেলত লিখা ভৱিষ্যতবাণীবোৰৰ বিষয়ে বেছিকৈ লেখ পঢ়িবলৈ যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) “বাইবেল” বিষয়ৰ তলত দিয়া উপশীৰ্ষক “ভৱিষ্যতবাণী” চাওক। জানুৱাৰী-মাৰ্চ, ২০০৮ চনৰ প্ৰহৰীদুৰ্গ (হিন্দী) “যিহোৱাই কৰা ভৱিষ্যতবাণী নিশ্চয় পূৰ হʼব” নামৰ লেখ পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক