অধ্যয়নৰ লেখ ৪৫
গীত নং ১১১ আমাৰ আনন্দৰ কাৰণবোৰ
আপোন লোকসকলৰ চোৱা-চিতা কৰাৰ সময়ত আনন্দ বজাই ৰাখক
“যিবিলাকে চকু-লোৰে বয়, সিবিলাকে আনন্দেৰে দাব।”—গীত. ১২৬:৫.
কি শিকিম?
যিসকল লোকে বেমাৰী বা বৃদ্ধ লোকৰ চোৱা-চিতা কৰে, তেওঁলোকৰ বাবে এই লেখত কিছুমান ভাল পৰামৰ্শ দিয়া হৈছে। ইয়াত এয়াও কোৱা হৈছে যে তেওঁলোকে নিজৰ আনন্দ কেনেকৈ বজাই ৰাখিব পাৰে।
১-২. আপোন লোকসকলৰ চোৱা-চিতা কৰা লোকসকলৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে? (হিতোপদেশ ১৯:১৭) (ছবিখনো চাওক।)
কৰিয়াত থকা ভাই জিন-ইয়েলে এইদৰে কৈছে, “আমাৰ বিয়া হোৱা ৩২ বছৰ হʼল। মোৰ পত্নীৰ পাৰ্কিনচন বেমাৰ আছে আৰু যোৱা পাঁচ বছৰ ধৰি মই তাইৰ চোৱা-চিতা কৰি আছোঁ। তাই বিচনাতে থাকে আৰু কʼতো উঠি যাব নোৱাৰে। মই মোৰ পত্নীক বহুত মৰম কৰোঁ আৰু তাইৰ চোৱা-চিতা কৰি মোৰ বহুত ভাল লাগে। তাইৰ বাবে মই ঘৰতে হস্পিতালৰ বিচনা আনি থৈছোঁ। তাইৰ বিচনাৰ ওচৰতে মই মোৰ বিচনা থৈছোঁ। আমি প্ৰতিটো ৰাতি এজনে-আনজনৰ হাত ধৰি শুই যাওঁ।”
২ আপুনি নিজৰ বৃদ্ধ মা-দেউতাৰ চোৱা-চিতা কৰি আছে নে? বা বেমাৰী জীৱন-সংগী, লʼৰা-ছোৱালী বা বন্ধুৰ চোৱা-চিতা কৰি আছে নে? আমি জানোঁ আপুনি তেওঁলোকক বহুত মৰম কৰে, সেইবাবে তেওঁলোকৰ ভালদৰে চোৱা-চিতা কৰে আৰু তেওঁলোকৰ চোৱা-চিতা কৰি আপোনাৰ বহুত ভাল লাগে। এইদৰে কৰি আপুনি দেখুৱায় যে আপুনি যিহোৱাক বহুত প্ৰেম কৰে আৰু তেওঁক আনন্দিত কৰিব বিচাৰে। (১ তীম. ৫:৪, ৮; যাকো. ১:২৭) কিন্তু আপোন লোকসকলৰ চোৱা-চিতা কৰাটো ইমান সহজ নহয়। আপুনি হয়তো এনে সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼব পাৰে, যাৰ বিষয়ে আনে হয়তো একোৱে নাজানে। কেতিয়াৱা কেতিয়াৱা আপুনি ইমানেই নিৰাশ হয় যে আপুনি ভাবিবলৈ ধৰে আপোনাৰ দুখৰ বিষয়ে কোনেও বুজি নাপায়। যেতিয়া আপুনি লোকসকলৰ লগত থাকে, তেতিয়া হয়তো আপোনাৰ চেহেৰাত হাঁহি থাকে, কিন্তু যেতিয়া আপুনি অকলে থাকে, তেতিয়া হয়তো আপুনি কান্দে। (গীত. ৬:৬) আপুনি কেনে পৰিস্থিতিৰ মাজেদি পাৰ হৈ আছে, হয়তো লোকসকলে সেয়া নাজানিবও পাৰে, কিন্তু যিহোৱাই সকলো জানে। (যাত্ৰাপুস্তক ৩:৭ পদৰ লগত তুলনা কৰক।) যিহোৱাই আপোনাৰ প্ৰতি টোপাল চকু পানীৰ হিচাপ ৰাখে আৰু আপুনি যি ত্যাগ কৰে, তাক তেওঁ মূল্যাংকন কৰে। (গীত. ৫৬:৮; ১২৬:৫) আপুনি আপোন লোকসকলৰ বাবে যিয়েই কৰে, তাৰ প্ৰতি তেওঁ ধ্যান দিয়ে। তেওঁ নিজকে আপোনাৰ ধৰুৱা বুলি ভাবে আৰু এই ধাৰ তেওঁ নিশ্চয় পৰিশোধ কৰিব বুলি প্ৰতিজ্ঞা কৰিছে।—হিতোপদেশ ১৯:১৭ পঢ়ক।
আপুনি নিজৰ কোনো আপোন লোকৰ চোৱা-চিতা কৰি আছে নেকি? (অনুচ্ছেদ ২ চাওক)
৩. অব্ৰাহাম আৰু চাৰাৰ বাবে তেৰহৰ চোৱা-চিতা কৰিবলৈ হয়তো কিয় কঠিন হৈছিল?
৩ বাইবেলত এনে বহুতো লোকৰ বিষয়ে উল্লেখ আছে, যিসকলে নিজৰ আপোন লোকসকলক চোৱা-চিতা কৰিছিল। অব্ৰাহাম আৰু চাৰাৰ উদাহৰণলৈ মন কৰক। যেতিয়া তেওঁলোকে ঊৰ নগৰৰ পৰা ওলাই গৈছিল, তেতিয়া তেওঁলোকৰ দেউতা তেৰহৰ বয়স প্ৰায় ২০০ বছৰ আছিল। তথাপি তেৰহই তেওঁলোকৰ লগত গʼল। হাৰণলৈ যাবলৈ তেওঁলোকে প্ৰায় ৯৬০ কিলোমিটাৰ (৬০০ মাইল) যাত্ৰা কৰিব লাগিছিল। (আদি. ১১:৩১, ৩২) অব্ৰাহাম আৰু চাৰাই তেৰহক বহুত প্ৰেম কৰিছিল। কিন্তু চিন্তা কৰক, তেওঁলোকৰ বাবে নিজৰ বৃদ্ধ দেউতাকৰ চোৱা-চিতা কৰাটো কিমান কষ্টদায়ক আছিল। সেই সময়ত লোকসকলে প্ৰায়েই উট আৰু গাধৰে যাত্ৰা কৰিছিল, সেইবাবে এই যাত্ৰা তেৰহৰ বাবে হয়তো ইমান সহজ নাছিল। অব্ৰাহাম আৰু চাৰাই হয়তো নিজৰ বৃদ্ধ দেউতাৰ চোৱা-চিতা কৰি বহুত ভাগৰি পৰিছিল, কিন্তু আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই তেওঁলোকক এইবোৰ কৰিবলৈ শক্তি দিছিল। যিহোৱাই যিদৰে তেওঁলোকক চম্ভালিলে, ঠিক সেইদৰে আপোনাকো চম্ভালিব আৰু নিজৰ আপোন লোকসকলৰ চোৱা-চিতা কৰিবলৈ নিশ্চয় শক্তি দিব।—গীত. ৫৫:২২.
৪. এই লেখত আমি কি শিকিম?
৪ যেতিয়া এজন ব্যক্তিয়ে ভিতৰৰ পৰা আনন্দত থাকে, তেতিয়া তেওঁৰ বাবে নিজৰ আপোন লোকসকলক চোৱা-চিতা কৰাটো সহজ হৈ পৰে। (হিতো. ১৫:১৩) যিকোনো পৰিস্থিতিত তেওঁ নিজৰ আনন্দ বজাই ৰাখে। (যাকো. ১:২, ৩) কিন্তু প্ৰশ্ন হয় যে আপুনি এই আনন্দ পাবলৈ কি কৰিব পাৰে? এটা উপায় হৈছে যিহোৱালৈ প্ৰাৰ্থনা কৰক, নিজৰ আনন্দ বজাই ৰাখিবলৈ তেওঁলৈ সহায় বিচাৰক। এই লেখত আমি শিকিম যে যিসকলে আনৰ চোৱা-চিতা কৰে, তেওঁলোকে নিজৰ আনন্দ বজাই ৰাখিবলৈ আৰু কি কৰিব পাৰে। আমি এয়াও চাম যে আন ভাই-ভনীসকলে তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে। কিন্তু প্ৰথমে আহক আমি চাওঁ যে যিসকলে আনৰ চোৱা-চিতা কৰে, তেওঁলোকে নিজৰ আনন্দ বজাই ৰখাটো কিয় গুৰুত্বপূৰ্ণ আৰু কি কথাই তেওঁলোকৰ আনন্দ কাঢ়ি লʼব পাৰে।
চোৱা-চিতা কৰা লোকসকলৰ আনন্দ কিয় নাইকীয়া হʼব পাৰে?
৫. আনক চোৱা-চিতা কৰা ব্যক্তিৰ বাবে নিজৰ আনন্দ বজাই ৰখাটো কিয় অতি গুৰুত্বপূৰ্ণ?
৫ আনৰ চোৱা-চিতা কৰা ব্যক্তিয়ে যদি নিজৰ আনন্দ হেৰুৱাই পেলায়, তেনেহʼলে তেওঁ সহজে হাৰ মানিব পাৰে আৰু ভাগৰি পৰিব পাৰে। (হিতো. ২৪:১০) এইদৰে হʼলে তেওঁলোকে নিজৰ আপোন লোকসকলৰ লগত মৰমেৰে ব্যৱহাৰ কৰিব নোৱাৰিব আৰু তেওঁলোকে যিদৰে সহায় কৰিব বিচাৰে, সেইদৰে তেওঁলোকক সহায় কৰিব নোৱাৰিব। আনৰ চোৱা-চিতা কৰা ব্যক্তিয়ে কি কি কাৰণৰ বাবে নিজৰ আনন্দ হেৰুৱাব পাৰে? আহক চাওঁ।
৬. আপোন লোকসকলৰ চোৱা-চিতা কৰা কিছুমান লোকে হয়তো কিয় ভাগৰি পৰিব পাৰে?
৬ হয়তো আপুনি সম্পূৰ্ণৰূপে ভাগৰি পৰিব পাৰে। ভনী লিয়াই এইদৰে কৈছে, “যিদিনাখন সকলো ঠিকেই থাকে, তেতিয়াও মই ভিতৰৰ পৰা ভাগৰি পৰোঁ। দিন শেষ হোৱাৰ লগে লগে মোৰ এনে লাগে যেন মোৰ শৰীৰত অলপো শক্তি নাই। কেতিয়াবা কেতিয়াবা মেছেজৰ উত্তৰ দিবলৈও মোৰ ওচৰত শক্তি নাথাকে।” কিছুমান ভাই-ভনীয়ে আৰাম কৰিবলৈও সুযোগ নাপায় আৰু কিছুমানে ৰাতি ভালদৰে শুবও নোৱাৰে। ভনী ইনেছে এইদৰে কৈছে, “মই ৰাতি ভালদৰে শুব নোৱাৰোঁ। কাৰণ মই প্ৰতি ২ ঘণ্টাৰ পাছত মোৰ শাহুমাক চাবলৈ উঠিবলগীয়া হয়। মই আৰু মোৰ স্বামীয়ে বহু বছৰৰ পৰা ফুৰিবলৈ যোৱা নাই।” কিছুমান ভাই-ভনীয়ে সকলো সময়তে নিজৰ আপোন লোকসকলক চোৱা-চিতা কৰিবলগীয়া হয়। সেইবাবে, যেতিয়া কোনোবাই তেওঁলোকক মাতে, তেতিয়া তেওঁলোকে যাব নোৱাৰে বা যেতিয়া মণ্ডলীত তেওঁলোকক কিবা দায়িত্ব দিয়া হয়, তেতিয়া মানা কৰিবলগীয়া হয়। এই পৰিস্থিতিৰ বাবে তেওঁলোকে হয়তো দুখী বা নিৰাশ হʼব পাৰে।
৭. আপোন লোকসকলৰ চোৱা-চিতা কৰা কিছুমান লোকে মনত কিয় দুখ পায় বা দোষী অনুভৱ কৰে?
৭ হয়তো আপুনি মনত দুখ পায় বা দোষী অনুভৱ কৰে। ভনী জেচিকাই এইদৰে কৈছে, “মোৰ প্ৰায়েই এনে লাগে যেন মই মোৰ দেউতাৰ আৰু সহায় কৰা উচিত। যদি মই মোৰ বাবে অলপ সময় উলিয়াওঁ বা অলপ আৰাম কৰোঁ, তেনেহʼলে মোৰ বহুত বেয়া লাগে।” কিছুমান লোকে নিজৰ আপোন লোকসকলক সেইদৰে চোৱা-চিতা কৰিব পৰা নাই, যিদৰে তেওঁলোকে কৰা উচিত, এয়া ভাবি তেওঁলোকে দোষী অনুভৱ কৰে। কিছুমান লোকে ভাবে যে তেওঁলোকে আৰু বেছিকৈ চোৱা-চিতা কৰিব নোৱাৰিব, সেইবাবে তেওঁলোকে দোষী অনুভৱ কৰে। কিছুমান লোকে আমনি পায়, যাৰ বাবে তেওঁলোকে নিজৰ আপোন লোকসকলক খঙত কিবা কৈ দিয়ে আৰু পাছত সেয়া ভাবি দোষী অনুভৱ কৰে। (যাকো. ৩:২) কিছুমান লোকে এয়াও চাই দোষী অনুভৱ কৰে যে এসময়ত তেওঁলোকৰ আপোন লোকসকল কিমান স্বাস্থ্যৱান আছিল আৰু এতিয়া তেওঁলোকৰ পৰিস্থিতি কিমান বেয়া হৈ গৈছে। ভনী বাৰবাৰাই এইদৰে কৈছে, “মোৰ বান্ধৱী দিনক দিনে দুৰ্বল হৈ গৈ আছে, এয়া চাই মোৰ বহুত দুখ লাগে।”
৮. প্ৰশংসাৰ দুটা শব্দ শুনি চোৱা-চিতা কৰা লোকসকলক কেনেকুৱা লাগে? এটা উদাহৰণ দিয়ক।
৮ হয়তো আপোনাক লাগিব পাৰে যে আপোনাৰ কামৰ বাবে কোনেও মূল্যাংকন নকৰে। আপোনাক এইদৰে কিয় লাগিব পাৰে? আপুনি যি পৰিশ্ৰম বা ত্যাগ কৰে, তাৰ বাবে হয়তো আপোনাক কোনেও ধন্যবাদ নিদিয়ে বা আপোনাৰ প্ৰশংসা নকৰে। প্ৰশংসাৰ দুটা শব্দই আমাক বহুত উৎসাহ দিব পাৰে। (১ থিচ. ৫:১৮) ভনী মেলিচাই এইদৰে কৈছে, “কেতিয়াবা কেতিয়াবা মই ইমানেই চিন্তিত হৈ পৰোঁ যে কান্দিবলৈ ধৰোঁ। কিন্তু যিসকলৰ মই চোৱা-চিতা কৰোঁ, তেওঁলোকে যেতিয়া কয় যে তুমি আমাৰ বাবে যি কৰা তাৰ বাবে থেংকিউ, তেতিয়া মই উৎসাহেৰে ভৰি পৰোঁ। দ্বিতীয় দিনা মই আনন্দেৰে উঠোঁ আৰু তেওঁলোকৰ আৰু ভালদৰে চোৱা-চিতা কৰোঁ।” ভাই আমাদুয়েও কয় যে যেতিয়া কোনোবাই তেওঁৰ প্ৰশংসা কৰে, তেতিয়া তেওঁৰ কেনে লাগে। আমাদুৰ পত্নীৰ ভাগিনীয়েকৰ চোৱা-চিতা তেওঁলোকে কৰে। তাই তেওঁলোকৰ লগত থাকে আৰু তাইৰ মৃগী বেমাৰ আছে। ভায়ে এইদৰে কৈছে, “আমি তাইৰ বাবে যি ত্যাগ কৰোঁ, তাই হয়তো সম্পূৰ্ণৰূপে বুজি নাপায়। কিন্তু যেতিয়া তাই আমাক থেংকিউ কয় বা নিজৰ হাতেৰে ‘আই লʼভ ইউ’ লিখি দিয়ে, তেতিয়া আমি কʼব নোৱাৰোঁ যে আমি কিমান আনন্দিত হওঁ।”
নিজৰ আনন্দ বজাই ৰাখিবলৈ আপুনি কি কৰিব পাৰে?
৯. চোৱা-চিতা কৰা লোকসকলে কেনেকৈ দেখুৱাব পাৰে যে তেওঁলোকে নিজৰ সীমা বুজি পায়?
৯ নিজৰ সীমা বুজি পাওক। (হিতো. ১১:২) আমি বহুত কিছু কৰিব বিচাৰোঁ, কিন্তু সেই সকলো কৰিবলৈ আমাৰ ওচৰত সময় আৰু শক্তি নাথাকে। সেইবাবে, আমি কি কৰিম আৰু কি নকৰিম, সেয়া নিৰ্ণয় লোৱা উচিত। কেতিয়াবা কেতিয়াবা আমি কিছুমান কাম কৰিবলৈ চিধা-চিধিকৈ মানা কৰিব পাৰোঁ। মানা কৰাত কোনো ভুল নাই। ইয়াৰ পৰা জানিব পাৰি যে আপুনি নিজৰ সীমা বুজি পায়। যদি কোনোবাই আপোনাক সহায় কৰিব বিচাৰে, তেনেহʼলে আনন্দেৰে তেওঁৰ সহায় লওক। ভাই জয়ে কৈছে, “আমাৰ ওচৰত যিমান সময় আছে, আমি সিমানেই কৰিব পাৰিম। যেতিয়া আমি এই কথা বুজি পাওঁ, তেতিয়া আমি প্ৰয়োজনতকৈ বেছি কৰিবলৈ চেষ্টা নকৰিম আৰু এইদৰে আমি নিজৰ আনন্দ বজাই ৰাখিব পাৰিম।”
১০. চোৱা-চিতা কৰা লোকসকলৰ বাবে বুদ্ধিমতাৰে কাম কৰাটো কিয় গুৰুত্বপূৰ্ণ? (হিতোপদেশ ১৯:১১)
১০ বুদ্ধিমতাৰে কাম কৰক। (হিতোপদেশ ১৯:১১ পঢ়ক।) যেতিয়া আপুনি বুদ্ধিমতাৰে কাম কৰিব, তেতিয়া আপুনি কোনো কথাত বেয়া নাপাব আৰু শান্ত হৈ থাকিব। আপুনি বুজিবলৈ চেষ্টা কৰিব যে সেই ব্যক্তিজনে কিয় এইদৰে ব্যৱহাৰ কৰি আছে। যেতিয়া এজন ব্যক্তি দীঘলীয়া সময়লৈকে বেমাৰত ভুগি থাকে, তেতিয়া তেওঁ হয়তো এনে কিবা কৰিব পাৰে, যি তেওঁ নকৰে। (উপ. ৭:৭) যেনে, এজন ব্যক্তিয়ে হয়তো মৰমেৰে কথা পাতে, কিন্তু বেমাৰৰ বাবে তেওঁ তৰ্ক কৰিবলৈ ধৰে বা কাজিয়া কৰিবলৈ ধৰে। এয়াও হʼব পাৰে যে তেওঁ বহুত অভিযোগ কৰিবলৈ ধৰে বা সৰু সৰু কথাত খং কৰিবলৈ ধৰে। এনে পৰিস্থিতিত আপুনি তেওঁৰ বেমাৰৰ বিষয়ে আৰু বেছিকৈ জনাটো আপোনাৰ বাবে ভাল হʼব। যিমানেই আপুনি এই বিষয়ে জানিব, সিমানেই ভালদৰে আপুনি তেওঁৰ পৰিস্থিতি বুজি পাব। আপুনি বুজিব পাৰিব যে তেওঁ নিজৰ বেমাৰৰ বাবে এইদৰে ব্যৱহাৰ কৰি আছে।—হিতো. ১৪:২৯.
১১. চোৱা-চিতা কৰা লোকসকলে কি কি বেছি গুৰুত্বপূৰ্ণ বিষয়ৰ বাবে প্ৰতিদিনে সময় উলিওৱা উচিত? (গীতমালা ১৩২:৪, ৫)
১১ যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিবলৈ সময় উলিয়াওক। হয়তো আপুনি কিছুমান কাম এৰিব পাৰে যাতে আপুনি “বেছি গুৰুত্বপূৰ্ণ” কামবোৰৰ বাবে সময় উলিয়াব পাৰে। (ফিলি. ১:১০) যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্ক মজবুত কৰাটো বেছি গুৰুত্বপূৰ্ণ বিষয়বোৰৰ মাজৰ এটা হয়। ৰজা দায়ূদৰ বিষয়ে চিন্তা কৰক। তেওঁৰ ওচৰত বহুতো কাম আছিল। কিন্তু তেওঁ যিহোৱাৰ উপাসনাক সকলোতকৈ বেছি গুৰুত্ব দিছিল। (গীতমালা ১৩২:৪, ৫, IRV পঢ়ক।) ঠিক সেইদৰে, আপুনি প্ৰতিদিনে বাইবেল পঢ়া আৰু প্ৰাৰ্থনাৰ নিচিনা গুৰুত্বপূৰ্ণ কামবোৰক গুৰুত্ব দিয়া উচিত। ভনী এলীচাই এইদৰে কৈছে, “মই যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ। গীতমালাৰ কিছুমান পদ পঢ়োঁ আৰু শান্ত্বনা দিয়া সেই শব্দবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰোঁ। ইয়াৰ বাবে মই আনন্দত থাকিব পাৰোঁ। প্ৰাৰ্থনা কৰাৰ বাবে মই কিমান সহায় পাইছোঁ, সেয়া মই শব্দেৰে প্ৰকাশ কৰিব নোৱাৰোঁ। শান্ত হৈ থাকিবলৈ দিনত মই বহুবাৰ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ।”
১২. চোৱা-চিতা কৰাসকলে নিজৰ স্বাস্থ্যৰ বাবে কিয় সময় উলিওৱা উচিত?
১২ নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিবলৈ সময় উলিয়াওক। হয়তো আপুনি আনৰ চোৱা-চিতা কৰিবলৈ ইমানেই ব্যস্ত থাকে যে আপুনি ফল-মূল, চব্জী কিনিবলৈ বা পুষ্টিকৰ আহাৰ ৰান্ধিবলৈ সময় নাপায়। কিন্তু পুষ্টিকৰ আহাৰ খোৱা আৰু ব্যায়াম কৰাটো স্বাস্থ্যৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। সেইবাবে, ভাল আহাৰ খাবলৈ আৰু ব্যায়াম কৰিবলৈ সময় উলিয়াবলৈ চেষ্টা কৰক। (ইফি. ৫:১৫, ১৬) ইয়াৰ উপৰিও, ভাল টোপনি লওক। (উপ. ৪:৬) বিশেষজ্ঞসকলে কয় যে যেতিয়া আমি ভাল টোপনি লওঁ, তেতিয়া আমাৰ মগজুৰ মেৰামতি হয় আৰু ইয়াৰ বাবে মগজে ভালদৰে কাম কৰে। কিছু বছৰ আগতে স্বাস্থ্যৰ ওপৰত অধ্যয়ন কৰা এটা সংস্থাই এখন লেখ উলিয়াইছিল, যাৰ বিষয় হৈছে “টোপনিয়ে মানসিক হেঁচাৰ ওপৰত কি প্ৰভাৱ পেলায়?” ইয়াত কোৱা হৈছিল যে ভাল টোপনি লʼলে আমাৰ মানসিক হেঁচা নহয় আৰু আমি সমস্যাৰ সময়ত শান্ত হৈ থাকিব পাৰোঁ। ভাল টোপনি লোৱাৰ উপৰিও মনোৰঞ্জনৰ বাবে সময় উলিয়াওক। (উপ. ৮:১৫) আনৰ চোৱা-চিতা কৰা এজনী ভনীয়ে কয় যে তেওঁ কেনেকৈ নিজৰ আনন্দ বজাই ৰাখিব পাৰে, “যেতিয়া বতৰ ভাল থাকে আৰু ৰʼদ ওলায়, তেতিয়া মই কʼৰবাত ফুৰিবলৈ যাওঁ। মাহত কমেও এবাৰ মই মোৰ বান্ধৱীৰ লগত এনে কিবা কৰিবলৈ চেষ্টা কৰোঁ, যি আমাক দুয়োজনীকে ভাল লাগে।”
১৩. হাঁহি-ধেমালি কৰাটো কিয় ভাল? (হিতোপদেশ ১৭:২২)
১৩ অলপ হাঁহি-ধেমালি কৰক। (হিতোপদেশ ১৭:২২ পঢ়ক; উপ. ৩:১, ৪) হাঁহি-ধেমালি কৰিলে স্বাস্থ্য ভালেই থাকে আৰু মানসিক হেঁচা কম হয়। যেতিয়া আপুনি কাৰোবাৰ চোৱা-চিতা কৰে, তেতিয়া প্ৰতিটো কাম আপুনি ভবাৰ দৰে নহয়। এনে সময়ত নিজৰ পৰিস্থিতিক লৈ অলপ হাঁহি-ধেমালি কৰিলে ইমান দুখ অনুভৱ নকৰিব আৰু সমস্যাৰ সন্মুখীন হʼবলৈ সহজ হৈ পৰিব। আপুনি যাৰ চোৱা-চিতা কৰে, তেওঁৰ লগত যদি আপুনি অলপ হাঁহি-ধেমালি কৰে, তেনেহʼলে আপোনাৰ বন্ধুত্ব আৰু মজবুত হৈ পৰিব।
১৪. নিজৰ ভাল বন্ধুৰ লগত কথা পাতিলে আপুনি কেনেকৈ সহায় পাব পাৰে?
১৪ নিজৰ ভাল বন্ধুৰ লগত কথা পাতক। আপুনি যিমানেই আনন্দত থাকিবলৈ চেষ্টা নকৰক কিয়, নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা চিন্তিত হʼব। এনে পৰিস্থিতিত নিজৰ ভাল বন্ধুক নিজৰ চিন্তাবোৰ জনাব পাৰে, এনে এজন বন্ধু, যিজনে আপোনাক ভুল নুবুজে আৰু সৰু সৰু কথাক ডাঙৰ কৰি নিদিয়ে। (হিতো. ১৭:১৭) যেতিয়া তেওঁ আপোনাৰ কথা মনোযোগেৰে শুনিব আৰু আপোনাক শান্ত্বনা দিব, তেতিয়া আপোনাৰ আনন্দ ঘূৰি আহিব।—হিতো. ১২:২৫.
১৫. নিজৰ আশাৰ বিষয়ে কথা পাতি থাকিলে আপুনি কেনেকৈ আনন্দ পাব পাৰে?
১৫ আপুনি একেলগে মিলি নতুন পৃথিৱীত কি কি কৰিব, তাৰ বিষয়ে চিন্তা কৰক। কোনো মানুহ বেমাৰ হোৱাটো যিহোৱাই কেতিয়াও বিচৰা নাছিল, সেইবাবে মনত ৰাখক আপুনি আপোন লোকসকলক সদায় চোৱা-চিতা কৰাটো প্ৰয়োজন নহʼব। (২ কৰি. ৪:১৬-১৮) আমি এতিয়া যি জীৱন-যাপন কৰি আছোঁ, সেয়া প্ৰকৃত জীৱন নহয়। ‘প্ৰকৃত জীৱন’ ভৱিষ্যতে আহিবলগীয়া আছে। (১ তীম. ৬:১৯) সেইবাবে, আপুনি যাৰ চোৱা-চিতা কৰে, তেওঁৰ লগত কথা পাতক যে আপুনি নতুন পৃথিৱীত লগত মিলি কি কি কৰিব। এইদৰে কৰিলে আপুনি বহুত আনন্দিত হʼব। (যিচ. ৩৩:২৪; ৬৫:২১) ভনী হেদাৰে এইদৰে কৈছে, “মই যাৰ চোৱা-চিতা কৰোঁ, প্ৰায়েই তেওঁক কওঁ যে অতি সোনকালে আমি লগত মিলি কাপোৰ চিলাম, দৌৰিম আৰু চাইকেল চলাম। আমাৰ আপোন লোকসকলক যেতিয়া আকৌ জীয়াই তোলা হʼব, তেতিয়া আমি তেওঁলোকৰ বাবে ব্ৰেড বনাম আৰু বেলেগ বেলেগ প্ৰকাৰৰ আহাৰ ৰান্ধিম। আমাক ভৱিষ্যতৰ এক সুন্দৰ আশা দিয়াৰ বাবে আমি একেলগে মিলি যিহোৱাক ধন্যবাদো দিওঁ।”
মণ্ডলীৰ ভাই-ভনীসকলে কেনেকৈ সহায় কৰিব পাৰে?
১৬. আনক চোৱা-চিতা কৰা ভাই-ভনীসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ? (ছবিখনো চাওক।)
১৬ চোৱা-চিতা কৰা লোকসকলক সহায় কৰক যাতে তেওঁলোকে অলপ আৰাম পাব পাৰে। মণ্ডলীৰ ভাই-ভনীসকলে বেমাৰ বা বৃদ্ধসকলৰ চোৱা-চিতা কৰিবলৈ সহায় কৰিব পাৰে। এইদৰে কৰিলে তেওঁলোকৰ চোৱা-চিতা কৰা লোকসকলে অলপ আৰাম পাব আৰু তেওঁলোকে আন কামবোৰ কৰিব পাৰিব। (গালা. ৬:২) কিছুমান প্ৰচাৰকে এই ক্ষেত্ৰত এটা তালিকা বনাইছে যাতে বেলেগ বেলেগ ভাই-ভনীয়ে এই কামত সহযোগ কৰিব পাৰে। ভনী নাতালীয়া, যাৰ স্বামী পেৰেলাইজ হৈছে, তাই এইদৰে কৈছে, “আমাৰ মণ্ডলীৰ এজন ভায়ে সপ্তাহত এবাৰ বা দুবাৰ মোৰ স্বামীৰ লগত সময় অতিবাহিত কৰে। তেওঁলোকে লগত মিলি প্ৰচাৰ কৰে, কথা পাতে আৰু কেতিয়াবা কেতিয়াবা চিনেমা চায়। মোৰ স্বামীয়ে প্ৰতি সপ্তাহে তেওঁৰ বাবে অপেক্ষা কৰে। যেতিয়া সেই ভাই আহে, তেতিয়া ময়ো অলপ সময় পাওঁ আৰু মোৰ আন কামবোৰ কৰিব পাৰোঁ। যেনে, মই ফুৰিবলৈ ওলাই যাওঁ।” কিছুমান ক্ষেত্ৰত আপুনি আনৰ চোৱা-চিতা কৰা ব্যক্তিজনক কʼব পাৰে যে যদি তেওঁ বিচাৰে, তেনেহʼলে আপুনি কোনো এটা ৰাতি তেওঁৰ আপোন লোকৰ চোৱা-চিতা কৰিব পাৰে। এইদৰে কৰিলে চোৱা-চিতা কৰা ব্যক্তিজনে ভালদৰে টোপনি লʼব পাৰিব।
যিসকলে নিজৰ আপোন লোকসকলৰ চোৱা-চিতা কৰে, আপুনি সেই ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰে? (অনুচ্ছেদ ১৬ চাওক)a
১৭. আনৰ চোৱা-চিতা কৰা লোকসকলে যাতে সভাবোৰৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼব পাৰে, তাৰ বাবে আমি কি কৰিব পাৰোঁ?
১৭ আপোন লোকক চোৱা-চিতা কৰা ব্যক্তিয়ে যাতে সভাবোৰৰ পৰা লাভৱান হʼব পাৰে, তাৰ বাবে তেওঁলোকক সহায় কৰক। আপোন লোকসকলৰ চোৱা-চিতা কৰাৰ বাবে তেওঁলোকে প্ৰায়েই সভা, সন্মিলন আৰু অধিৱেশনৰ কাৰ্যক্ৰমৰ সম্পূৰ্ণ আনন্দ লʼব নোৱাৰে। এনে পৰিস্থিতিত আপুনি গোটেই সভাত বা অলপ সময়ৰ বাবে তেওঁৰ আপোন লোকসকলৰ লগত বহিব পাৰে। কিন্তু কোনোবাই যদি বেমাৰ বা বৃদ্ধ হোৱাৰ বাবে ঘৰৰ পৰা কʼতো ওলাই যাব নোৱাৰে, তেনেহʼলে আপুনি কি কৰিব? আপুনি তেওঁৰ ঘৰলৈ যাব পাৰে আৰু তেওঁৰ লগত অনলাইনৰ যোগেদি সভাত জইন কৰিব পাৰে। এইদৰে কৰিলে তেওঁক চোৱা-চিতা কৰা ব্যক্তিয়ে সভাত যাব পাৰিব।
১৮. আমি চোৱা-চিতা কৰা লোকসকলৰ বাবে আৰু কি কৰিব পাৰোঁ?
১৮ আনৰ চোৱা-চিতা কৰা লোকসকলক প্ৰশংসা কৰক আৰু তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰক। যি লোকসকলে বৃদ্ধ বা বেমাৰ হোৱা লোকসকলৰ চোৱা-চিতা কৰে, তেওঁলোকৰ যাতে মেৰ পালকৰ সাক্ষাৎ নিয়মীয়াকৈ হয়, তাৰ প্ৰতি প্ৰাচীনসকলে ধ্যান দিব পাৰে। (হিতো. ২৭:২৩) মণ্ডলীৰ ভাই-ভনীসকলেও তেওঁলোকক উৎসাহিত কৰিব পাৰে। আমাৰ পৰিস্থিতি যিয়ে নহওক কিয়, মাজে সময়ে আমি তেওঁলোকক অন্তৰৰ পৰা প্ৰশংসা কৰিব পাৰোঁ। আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ যাতে যিহোৱাই তেওঁলোকক শক্তি দিয়ে আৰু তেওঁলোকে নিজৰ আনন্দ বজাই ৰাখিব পাৰে।—২ কৰি. ১:১১.
১৯. আমি কি আশা ৰাখিব পাৰোঁ?
১৯ অতি সোনকালে যিহোৱাই আমাৰ সকলো দুখ শেষ কৰি দিব আৰু আমি কেতিয়াও দুখৰ কাৰণে কান্দিবলগীয়া নহʼব। বেমাৰ আৰু মৃত্যুক শেষ কৰি দিয়া হʼব। (প্ৰকা. ২১:৩, ৪) “খোৰাই হৰিণীৰ দৰে ডেও দিব।” (যিচ. ৩৫:৫, ৬) সেই সময়ত কোনেও বৃদ্ধ নহʼব আৰু আমি আপোন লোকসকলক দুখত দেখিবলগীয়া নহʼব। এই সকলোবোৰ ‘পূৰ্ব্বকালৰ কথা’ হৈ পৰিব আৰু কেতিয়াও তাক “সোঁৱৰণ কৰা বা মনত কৰাও নহব।” (যিচ. ৬৫:১৭) কিন্তু যেতিয়ালৈকে আমাৰ আশা পূৰ নহয়, তেতিয়ালৈকে যিহোৱাই আমাক কেতিয়াও নেৰিব। যদি আমি যিহোৱাৰ ওপৰত নিৰ্ভৰ হৈ থাকোঁ, তেনেহʼলে আমি “ধৈৰ্যেৰে আৰু আনন্দেৰে সহন কৰিব” পাৰিম।—কল. ১:১১.
গীত নং ১৫৫ চিৰকালৰ আনন্দ
a ছবিৰ বিষয়ে, পৃষ্ঠা ১৪: দুজনী যুৱতী ভনীয়ে এগৰাকী বৃদ্ধ ভনীক লগ কৰিবলৈ আহিছে যাতে তেওঁৰ চোৱা-চিতা কৰা ভনীয়ে নিজৰ বাবে অলপ সময় উলিয়াব পাৰে আৰু ফুৰিবলৈ যাব পাৰে।