অধ্যয়নৰ লেখ ৪৬
গীত নং ১৭ “হয় মই বিচাৰোঁ”
যীচু—সহানুভূতি দেখুৱা মহা-পুৰোহিত
“আমি এনে মহা-পুৰোহিত পোৱা নাই, যিজনে আমাৰ দুৰ্বলতাবোৰ বুজিব নোৱাৰে।”—ইব্ৰী ৪:১৫.
কি শিকিম?
আমি শিকিম যে যীচুৱে লোকসকলৰ দুখ বুজি পায় আৰু সহানুভূতি দেখুৱায়, যাৰ বাবে তেওঁ সকলোতকৈ ভাল মহা-পুৰোহিত হʼব পাৰিলে। আমি এয়াও চাম যে তেওঁ আজি কেনেকৈ আমাক সহায় কৰি আছে।
১-২. (ক) যিহোৱাই নিজৰ পুত্ৰক পৃথিৱীলৈ কিয় পঠালে? (খ) এই লেখত আমি কি শিকিম? (ইব্ৰী ৫:৭-৯)
প্ৰায় ২,০০০ বছৰৰ আগতে যিহোৱা ঈশ্বৰে নিজৰ প্ৰিয় পুত্ৰ যীচু খ্ৰীষ্টক পৃথিৱীলৈ পঠাইছিল। কিয় বাৰু? ইয়াৰ এটা কাৰণ হৈছে যিহোৱাই মানৱজাতিক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিব বিচাৰিছিল আৰু চয়তানে যি ক্ষতি কৰিছে, তাক তেওঁ ঠিক কৰিব বিচাৰিছিল। (যোহ. ৩:১৬; ১ যোহ. ৩:৮) কিন্তু যিহোৱাই এয়াও জানিছিল যে যীচুৱে পৃথিৱীত মানুহ হিচাপে জীৱন-যাপন কৰি এজন ভাল মহা-পুৰোহিত হʼব পাৰিব, যিজনে আনৰ দুখ বুজি পায় আৰু তেওঁলোকক সহানুভূতি দেখুৱায়। ২৯ খ্ৰীষ্টাব্দত যীচুৱে বাপ্তিষ্মা লʼলে আৰু এজন মহা-পুৰোহিত হিচাপে সেৱা কৰিবলৈ ধৰিলে।a
২ এই লেখত আমি শিকিম যে পৃথিৱীত অহাৰ বাবে যীচুৱে কেনেকৈ লোকসকলক সহানুভূতি দেখুৱা মহা-পুৰোহিত হʼব পাৰিলে। মহা-পুৰোহিত হিচাপে সেৱা কৰিবলৈ যীচুৱে কেনেকৈ সম্পূৰ্ণৰূপে “সিদ্ধ” বা যোগ্য হʼল। যেতিয়া আমি এই কথা ভালদৰে বুজি পাওঁ, তেতিয়া আমি সংকোচ নকৰাকৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰিম, সেই সময়তো, যেতিয়া আমি পাপ বা আমাৰ দুৰ্বলতাৰ বাবে নিৰাশ হৈ পৰোঁ।—ইব্ৰী ৫:৭-৯ পঢ়ক।
ঈশ্বৰৰ প্ৰিয় পুত্ৰ পৃথিৱীলৈ আহিল
৩-৪. যেতিয়া যীচু পৃথিৱীত আহিল, তেতিয়া তেওঁৰ জীৱনত কি কি ডাঙৰ সাল-সলনি হʼল?
৩ আজি আমাৰ পৰিস্থিতিও যিকোনো সময়ত সলনি হʼব পাৰে। আমি নিজৰ ঘৰ, পৰিয়াল আৰু বন্ধুসকলক এৰি যাবলগীয়া হʼব পাৰে। এইদৰে বহুতো লোকৰ লগত হৈছে। এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱাটো সহজ নহয়। যেতিয়া যীচু পৃথিৱীত আহিছিল, তেতিয়া এয়া তেওঁৰ বাবে বহুত ডাঙৰ সাল-সলনি আছিল। এনে সাল-সলনি কেতিয়াও কাৰো লগত হোৱা নাই। স্বৰ্গত তেওঁ যিহোৱাৰ সকলোতকৈ মৰমৰ পুত্ৰ আছিল আৰু তেওঁৰ “সোঁহাতে” বহিছিল। (গীত. ১৬:১১) তেওঁৰ পিতৃয়ে সকলো সময়তে তেওঁক প্ৰেম কৰিছিল আৰু তেওঁ আনন্দত থাকিছিল, কাৰণ তেওঁ নিজৰ পিতৃৰ লগত মিলি কাম কৰিছিল। (হিতো. ৮:৩০) কিন্তু যেনেকৈ ফিলিপীয়া ২:৭ পদত লিখা আছে যে তেওঁ আনন্দেৰে নিজৰ “সকলো ত্যাগ কৰিলে।” তেওঁ স্বৰ্গত নিজৰ উচ্চপদ এৰি পৃথিৱীত আহি বাকী লোকসকলৰ লগত থাকিল।
৪ এতিয়া মন কৰক যে যেতিয়া যীচুৰ জন্ম হৈছিল আৰু সৰু আছিল, তেতিয়াৰ পৰিস্থিতি কেনেকুৱা আছিল। তেওঁৰ মা-দেউতাই ইমানেই দুখীয়া আছিল যে যীচুৰ জন্মৰ কিছু সময়ৰ পাছত যেতিয়া তেওঁলোকে বলিদান দিবলৈ গৈছিল, তেতিয়া তেওঁলোকে কেৱল এযোৰ কপৌ বা পাৰ উৎসৰ্গ কৰিব পাৰিছিল। (লেবী. ১২:৮; লূক ২:২৪) যেতিয়া হেৰোদে মচীহৰ জন্মৰ বিষয়ে গʼম পালে, তেতিয়া তেওঁ যীচুক মাৰি পেলাবলৈ চেষ্টা কৰিলে। হেৰোদৰ পৰা বাচিবলৈ যীচুৰ মা-দেউতাই তেওঁক লৈ মিচৰলৈ পলাই গʼল আৰু তাত কিছু সময়লৈকে শৰণাৰ্থী হিচাপে থাকিবলৈ ধৰিলে। (মথি ২:১৩, ১৫) চিন্তা কৰকচোন, এয়া যীচুৰ বাবে কিমান ডাঙৰ সাল-সলনি আছিল। এসময়ত তেওঁ স্বৰ্গত থাকিছিল আৰু এতিয়া তেওঁক থাকিবৰ কাৰণে ইফালে-সিফালে যাবলগীয়া হৈছিল।
৫. পৃথিৱীত যীচুৱে কি দেখিলে আৰু ইয়াৰ বাবে তেওঁ কেনেকৈ সহানুভূতি দেখুৱা মহা-পুৰোহিত হʼব পাৰিলে? (ছবিখনো চাওক।)
৫ পৃথিৱীত যীচুৱে লোকসকলৰ দুখ-কষ্ট দেখিলে। তেওঁ আপোন লোকসকলক মৃত্যুত হেৰুৱা দুখো সহন কৰিলে। যেনে, হয়তো তেওঁ নিজৰ দেউতা যোচেফক মৃত্যু হোৱা দেখিলে। যীচুৱে নিজৰ সেৱাৰ সময়ছোৱাত এনে বহুতো লোকক লগ পাইছিল, যিসকল বেমাৰী আছিল, চকুৰে দেখা পোৱা নাছিল, খোজকাঢ়িব নোৱাৰিছিল আৰু যিসকলে নিজৰ সন্তানসকলক মৃত্যুত হেৰুৱাইছিল। তেওঁলোকক চাই যীচুৱে দয়াৰে ভৰি পৰিছিল। (মথি ৯:২, ৬; ১৫:৩০; ২০:৩৪; মাৰ্ক ১:৪০, ৪১; লূক ৭:১৩) এয়া সঁচা যে যেতিয়া যীচু স্বৰ্গত আছিল, তেতিয়া তেওঁ লোকসকলৰ দুখ-কষ্ট চাইছিল। কিন্তু এতিয়া তেওঁ পৃথিৱীত আৰু ভালদৰে চাব পাৰিছে। (যিচ. ৫৩:৪) তেওঁ মানুহৰ ভাৱনা, চিন্তা আৰু কষ্ট বুজিব পাৰিছিল। ইয়াৰ উপৰিও, তেওঁ নিজেও সেই ভাৱনাবোৰ অনুভৱ কৰিলে। যেনে, কিছুমান পৰিস্থিতিত তেওঁ চিন্তিত হৈ পৰিছিল, ভাগৰি পৰিছিল আৰু তেওঁৰ বহুত দুখ লাগিছিল।
যীচুৱে লোকসকলক সহানুভূতি দেখুৱাইছিল আৰু যিসকল কষ্টত আছিল, তেওঁলোকৰ বিষয়ে চিন্তা কৰিছিল (অনুচ্ছেদ ৫ চাওক)
যীচুৱে লোকসকলৰ দুখ বুজিলে
৬. যিচয়াৰ ভৱিষ্যবাণীৰ পৰা কেনেকৈ জানিব পাৰি যে মচীহ অৰ্থাৎ যীচু খ্ৰীষ্টই লোকসকলক সহানুভূতি দেখুৱায় আৰু তেওঁলোকৰ দুখ বুজি পায়? (যিচয়া ৪২:৩)
৬ পৃথিৱীত নিজৰ সেৱাৰ সময়ছোৱাত যীচুৱে সেই লোকসকলক সহানুভূতি দেখুৱালে, যিসকলক সমাজত তল চকুৰে চোৱা হৈছিল আৰু তাড়না দিয়া হৈছিল। এইদৰে কৰি যীচুৱে যিচয়াৰ ভৱিষ্যবাণী পূৰ কৰিলে। হিব্ৰু শাস্ত্ৰত কেতিয়াবা কেতিয়াবা ধনী আৰু শক্তিশালী লোকসকলৰ তুলনা ভাল মাটিত থকা বাগিচা বা ডাঙৰ গছৰ লগত কৰা হৈছে। (গীত. ৯২:১২; যিচ. ৬১:৩; যিৰি. ৩১:১২) আনহাতে, যিসকল লোক দুখীয়া আৰু যিসকলক তাড়না দিয়া হয়, তেওঁলোকক ‘থেতেলি যোৱা নলখাগৰি আৰু নুমাবলৈ ধৰা চাকিৰ’ লগত তুলনা কৰা হৈছে। (যিচয়া ৪২:৩ পঢ়ক। মথি ১২:২০) এই তুলনা কৰি ভৱিষ্যবক্তা যিচয়াই কৈ আছিল যে আহিবলগীয়া মচীহ অৰ্থাৎ যীচু খ্ৰীষ্টই সেই লোকসকলৰ দুখ-কষ্ট বুজি পাব আৰু সহানুভূতি দেখুৱাব, যিসকলক সমাজত তল চকুৰে চোৱা হয়।
৭-৮. যীচুৱে কেনেকৈ যিচয়াৰ ভৱিষ্যবাণী পূৰ কৰিলে?
৭ মথিয়ে কʼলে যে যীচুৱে কেনেকৈ যিচয়াৰ ভৱিষ্যবাণী পূৰ কৰিলে। তেওঁ লিখিলে, “তেওঁ থেতেলি যোৱা নলখাগৰি নাভাঙিব। নুমাবলৈ ধৰা চাকি গছো নুনুমাব।” যিসকল লোকক লোকসকলে তল চকুৰে চাইছিল আৰু যিসকলে নিজকে থেতেলি যোৱা নলখাগৰিৰ দৰে অনুভৱ কৰিছিল, যীচুৱে তেওঁলোকৰ বাবেও চমৎকাৰ কৰিছিল। ইয়াৰ উপৰিও, তেওঁ সেই লোকসকলকো সহায় কৰিলে, যিসকলৰ ওচৰত কোনো আশা নাছিল, যেন তেওঁলোক নুমাবলৈ ধৰা চাকিৰ দৰে আছিল। যেনে, যীচুৱে এবাৰ এনে ব্যক্তিক লগ পালে, যাৰ গোটেই শৰীৰত কুষ্ঠ ৰোগ হৈছিল। তেওঁ ভাল হোৱাৰ বিষয়ে, নিজৰ পৰিয়াল আৰু বন্ধুৰ লগত থকাৰ বিষয়ে ভাবিবই পৰা নাছিল। (লূক ৫:১২, ১৩) আন এটা পৰিস্থিতিত যীচুৱে এনে এজন মানুহক লগ পালে, যিজনে কাণেৰে শুনি পোৱা নাছিল আৰু ভালদৰে কথা পাতিব নোৱাৰিছিল। চিন্তা কৰকচোন, যেতিয়া তেওঁ লোকসকলক আনন্দেৰে কথা পতাটো চাইছিল আৰু তেওঁলোকৰ কথা বুজি পোৱা নাছিল, তেতিয়া তেওঁৰ কিমান দুখ লাগিছিল। (মাৰ্ক ৭:৩২, ৩৩) কিন্তু দুখৰ কথা যে এনে লোকসকলে আৰু এটা কষ্টৰ মাজেদি পাৰ হʼবলগীয়া হৈছিল।
৮ সেই সময়ছোৱাত বহুতো যিহূদীয়ে বিশ্বাস কৰিছিল যে যিজন ব্যক্তিৰ কোনো এটা বেমাৰ হৈছিল বা ভালদৰে খোজকাঢ়িব নোৱাৰিছিল, তেনেহʼলে তেওঁ নিজৰ মা বা দেউতাৰ পাপৰ শাস্তি ভুগি আছে। (যোহ. ৯:২) এই ভুল চিন্তাধাৰাৰ বাবে লোকসকলে নিৰ্দোষী লোকসকলৰ লগত বেয়াকৈ ব্যৱহাৰ কৰিছিল আৰু তেওঁলোক কোনো কামৰ যোগ্য নহয় বুলি অনুভৱ কৰাইছিল। যেনেকৈ যিচয়াই ভৱিষ্যবাণী কৰিছিল যে যীচুৱে তেওঁলোকক সুস্থ কৰিলে আৰু তেওঁলোকৰ কষ্ট দূৰ কৰিলে। যিহোৱাই তেওঁলোকৰ বিষয়ে বহুত চিন্তা কৰে বুলি যীচুৱে তেওঁলোকক অনুভৱ কৰালে। ইয়াৰ বাবে তেওঁলোকে হয়তো জীয়াই থকাৰ আশা লাভ কৰিলে। এতিয়া আহক চাওঁ যে যীচুৱে আমাৰ বিষয়ে কেনে অনুভৱ কৰে।
৯. ইব্ৰী ৪:১৫, ১৬ পদৰ পৰা কেনেকৈ জানিব পাৰি যে আমাৰ মহা-পুৰোহিতে আমাক সহানুভূতি দেখুৱায়?
৯ ইব্ৰী ৪:১৫, ১৬ পঢ়ক। আমি ভৰসা ৰাখিব পাৰোঁ যে যীচুৱে আমাৰ লগতো সহানুভূতি দেখুৱায়। ইয়াত যি গ্ৰীক শব্দ “সহানুভূতি” বুলি অনুবাদ কৰা হৈছে, তাৰ অৰ্থ হৈছে আনক দুখত চাই দয়াৰে ভৰি পৰা বা তেওঁৰ দুখ অনুভৱ কৰা। (পৌলে এই গ্ৰীক শব্দ ইব্ৰী ১০:৩৪ পদতো ব্যৱহাৰ কৰিছিল।) যীচুৱে যি চমৎকাৰ কৰিছিল, সেই ঘটনাবোৰৰ পৰা জানিব পাৰি যে লোকসকলৰ কষ্ট দেখি তেওঁ কেনে অনুভৱ কৰিছিল। তেওঁ এইবোৰ দায়িত্ব বুলি ভাবি কৰা নাছিল। তেওঁ সঁচাকৈ লোকসকলৰ বিষয়ে চিন্তা কৰিছিল আৰু তেওঁলোকক সহায় কৰিব বিচাৰিছিল। যেনে, যীচুৱে এবাৰ যেতিয়া এজন কুষ্ঠ ৰোগীক সুস্থ কৰিছিল, তেতিয়া তেওঁক দূৰৰ পৰাই সুস্থ কৰিব পাৰিলেহেঁতেন। কিন্তু যীচুৱে এইদৰে নকৰিলে, তেওঁ ওচৰলৈ গʼল আৰু তেওঁক চুই সুস্থ কৰিলে। আপুনি অনুমান কৰিব পাৰে নে সেই ব্যক্তিজনৰ কেনে অনুভৱ হৈছিল। বহু বছৰৰ পাছত তেওঁক হয়তো কোনোবাই চুইছিল। মন কৰক যে যীচুৱে যেতিয়া কাণেৰে নুশুনা ব্যক্তিক সুস্থ কৰিলে, তেতিয়া তেওঁ কি কৰিলে। তেওঁ সেই ব্যক্তিজনক ভিৰৰ পৰা দূৰত শান্ত ঠাইলৈ লৈ গʼল আৰু তেওঁক সুস্থ কৰিলে। এতিয়া সেই তিৰোতাগৰাকীৰ বিষয়ে চিন্তা কৰক, যিয়ে নিজৰ পাপৰ অনুতাপ কৰিছিল। তাই চকুপানীৰে যীচুৰ ভৰি ধুইছিল আৰু নিজৰ চুলিৰে মচিছিলি। ফৰীচীসকলে তাইক তল চকুৰে চাইছিল। কিন্তু যীচুৱে ফৰীচীসকলৰ চিন্তাধাৰা শুধৰণি কৰিলে আৰু সেই তিৰোতাগৰাকীৰ ফলীয়া হৈ কথা কʼলে। (মথি ৮:৩; মাৰ্ক ৭:৩৩; লূক ৭:৪৪) যীচুৱে কেতিয়াও পাপী আৰু বেমাৰী লোকসকলক আওকাণ কৰা নাছিল, ইয়াৰ পৰিৱৰ্তে যীচুৱে তেওঁলোকক ওচৰলৈ মাতিলে আৰু প্ৰেমেৰে ব্যৱহাৰ কৰিলে। ইয়াৰ পৰা আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁ আজি আমাকো প্ৰেম কৰে আৰু সহানুভূতি দেখুৱায়।
আমি আমাৰ মহা-পুৰোহিতৰ দৰে লোকসকলক সহায় কৰোঁ
১০. যিসকলে দেখা নাপায় বা শুনা নাপায়, তেওঁলোকক সহায় কৰিবলৈ আমি কি কৰিব পাৰোঁ? (ছবিবোৰো চাওক।)
১০ যীচুৰ শিষ্য হোৱাৰ হেতুকে আমি তেওঁৰ দৰেই হʼবলৈ চেষ্টা কৰোঁ। সেইবাবে, আমি লোকসকলক প্ৰেম কৰোঁ, তেওঁলোকৰ দুখ অনুভৱ কৰোঁ আৰু সহানুভূতি দেখুৱাওঁ। (১ পিত. ২:২১; ৩:৮) যীচুৰ দৰে চমৎকাৰ কৰি তেওঁলোকক ঠিক কৰিব নোৱাৰোঁ। কিন্তু যিহোৱাৰ কাষ চাপিবলৈ তেওঁলোকক সহায় কৰিব পাৰোঁ। যেনে, যিহোৱাৰ সংগঠনে ১০০-তকৈ বেছি চাইন লেগুৱেজ ভাষাত বাইবেল আধাৰিত প্ৰকাশন তৈয়াৰ কৰে। যিসকলে দেখা নাপায়, তেওঁলোকৰ বাবে ৬০-তকৈ বেছি ব্ৰেইল ভাষাত কিতাপ উলিয়ায়। যিসকলে ভালদৰে চাব নোৱাৰে, তেওঁলোকৰ বাবে ১০০-তকৈ বেছি ভাষাত অডিঅʼ ড্ৰিছক্ৰিপচন তৈয়াৰ কৰা হয় (অডিঅʼ ড্ৰিছক্ৰিপচনত কোৱা হয় যে ভিডিঅʼত কি দেখুৱা হৈছে)। এইদৰে কৰাৰ বাবে যিসকলে দেখা নাপায় বা শুনা নাপায়, তেওঁলোকেও যিহোৱা আৰু তেওঁৰ পুত্ৰৰ কাষ চাপিব পাৰে।
বাইবেল আধাৰিত আমাৰ প্ৰকাশনবোৰ ১,০০০-তকৈ বেছি ভাষাত উপলব্ধ আছে
বাওঁফালে: ১০০-তকৈ বেছি চাইন লেগুৱেজ
সোঁফালে: ৬০-তকৈ বেছি ব্ৰেইল ভাষা
(অনুচ্ছেদ ১০ চাওক)
১১. যিহোৱাৰ সংগঠনে যীচুৰ দৰে সকলো লোকক সহানুভূতি দেখুৱায় বুলি কিয় কʼব পাৰোঁ? (পাঁচনিৰ কৰ্ম্ম ২:৫-৭, ৩৩) (ছবিবোৰো চাওক।)
১১ যিহোৱাৰ সংগঠনে বহুত পৰিশ্ৰম কৰি আছে যাতে সকলো ধৰণৰ লোকে যিহোৱাৰ কাষ চাপিব পাৰে। মনত পেলাওকচোন, যীচু যেতিয়া আকৌ জীয়াই উঠিছিল, তেতিয়া তেওঁ পেণ্টাকোষ্টৰ দিনা পবিত্ৰ শক্তি দিছিল যাতে যিসকল লোকে উৎসৱৰ বাবে আহিছিল, তেওঁলোকে ‘নিজৰ ভাষাত’ শুভবাৰ্তা শুনিব পাৰে। (পাঁচনিৰ কৰ্ম্ম ২:৫-৭, ৩৩ পঢ়ক।) যীচুৰ নেতৃত্বত আজি সংগঠনে ১,০০০-তকৈ বেছি ভাষাত বাইবেল আধাৰিত প্ৰকাশন তৈয়াৰ কৰি আছে, সেই ভাষাবোৰতো, যি ভাষাত বহুত কম সংখ্যক লোকে কথা পাতে। যেনে, উত্তৰ আৰু দক্ষিণ আমেৰিকাত এনে বহুতো ভাষা (আমেৰইণ্ডিয়েন) আছে, যি কম সংখ্যক লোকে কয়। কিন্তু ইয়াৰ ভিতৰত ১৬০ টাতকৈ বেছি ভাষাত আমাৰ প্ৰকাশনবোৰ তৈয়াৰ কৰা হৈছে যাতে বেছিতকৈ বেছি লোকে শুভবাৰ্তা শুনিব পাৰে। ইয়াৰ উপৰিও, ইউৰোপত থকা ৰোমা জাতিৰ লোকসকলে বহুতো ভাষা (ৰোমানী ভাষা) কয়। আমাৰ সংগঠনে ২০-তকৈ বেছি ভাষাত তেওঁলোকৰ বাবে প্ৰকাশন উলিয়াইছে। এই ভাষা কোৱা হাজাৰ হাজাৰ লোকে সত্য গ্ৰহণ কৰিলে আৰু যিহোৱাৰ সেৱা কৰি আছে।
বাওঁফালে: ১৬০-তকৈ বেছি আমেৰইণ্ডিয়েন ভাষা
সোঁফালে: ২০-তকৈ বেছি ৰোমানী ভাষা
(অনুচ্ছেদ ১১ চাওক)
১২. যিহোৱাৰ সংগঠনে আৰু কি কি উপায়েৰে লোকসকলক সহায় কৰে?
১২ যিহোৱাৰ সংগঠনে শুভবাৰ্তা দূৰ-দূৰণি এলেকাত বিলোৱাৰ লগতে সাহায্যৰ কামো কৰে। যেতিয়া কোনো এটা দুৰ্যোগ হয়, তেতিয়া হাজাৰ হাজাৰ ভাই-ভনীয়ে সহায়ৰ প্ৰয়োজন হোৱা ভাই-ভনীসকলক সহায় কৰে। আমাৰ সংগঠনে যিমান সোনকালে পাৰে, সিমান সোনকালে উপাসনা কৰা ঠাইবোৰো তৈয়াৰ কৰে যাতে লোকসকলে একত্ৰিত হৈ যিহোৱাৰ বিষয়ে শিকিব পাৰে আৰু তেওঁৰ প্ৰেম অনুভৱ কৰিব পাৰে।
আমাৰ মহা-পুৰোহিতে আপোনক সহায় কৰিব পাৰে
১৩. যীচুৱে কি কি উপায়েৰে আমাক সহায় কৰে?
১৩ যীচু ভাল ৰখীয়া হয় আৰু তেওঁ আমাৰ প্ৰতিজনৰে যত্ন লয় যাতে যিহোৱাৰ লগত আমাৰ সম্পৰ্ক মজবুত হৈ থাকে। (যোহ. ১০:১৪; ইফি. ৪:৭) কেতিয়াবা কেতিয়াবা আমি ইমানেই নিৰাশ হৈ পৰোঁ যে আমি থেতেলি যোৱা নলখাগৰি বা নুমাবলৈ ধৰা চাকিৰ দৰে অনুভৱ কৰোঁ। হয়তো আমাৰ কোনো এটা ডাঙৰ বেমাৰ হৈ যায়, আমি কোনো এটা ভুল বা পাপ কৰি দিওঁ বা কোনো ভাই বা ভনীৰ লগত আমাৰ তৰ্ক-বিতৰ্ক হৈ যায়। এনে পৰিস্থিতিত আমি ভৱিষ্যতৰ বাবে আমাৰ যি আশা আছে, সেই বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে আমি হয়তো নিজৰ সমস্যাৰ বিষয়ে ভাবি থাকোঁ। কিন্তু যীচুৱে আপোনাক সহানুভূতি দেখুৱায়। আপুনি কেনে কষ্টৰ মাজেদি পাৰ হৈছে আৰু কেনে অনুভৱ কৰিছে, সেয়া তেওঁ জানে। সেইবাবে তেওঁ আপোনাক সহায় কৰিব। যেনে, যেতিয়া আপুনি দুৰ্বল হয়, তেতিয়া তেওঁ পবিত্ৰ শক্তিৰ যোগেদি আপোনাক শক্তি দিব। (যোহ. ১৬:৭; তীত ৩:৬) ইয়াৰ উপৰিও, তেওঁ “মানুহৰ ৰূপত উপহাৰ” অৰ্থাৎ প্ৰাচীনসকলৰ যোগেদি আৰু আন ভাই-ভনীসকলৰ যোগেদি আপোনাক সহায় কৰিব পাৰে আৰু উৎসাহ বঢ়াব পাৰে।—ইফি. ৪:৮.
১৪. যেতিয়া আমি নিৰাশ অনুভৱ কৰোঁ, তেতিয়া কি কৰা উচিত?
১৪ যদি আপুনি নিৰুৎসাহ হৈ পৰিছে আৰু নুমাবলৈ ধৰা চাকিৰ দৰে আপোনাৰ উৎসাহ কম হʼবলৈ ধৰিছে, তেনেহʼলে মনত ৰাখক যীচু আমাৰ মহা-পুৰোহিত হয়। যিহোৱাই তেওঁক কেৱল মুক্তিৰ মূল্য দিবলৈ পঠোৱা নাছিল, ইয়াৰ উপৰিও মানুহৰ দুখ-কষ্ট বুজি পাবলৈও পঠাইছিল। গতিকে আমি যেতিয়া নিজৰ দুৰ্বলতা বা পাপৰ বাবে নিৰাশ হৈ পৰোঁ, তেতিয়া আমি মনত ৰখা উচিত যে যীচুৱে আমাক সহায় কৰিবলৈ সাজু হৈ আছে আৰু তেওঁ “সঠিক সময়ত” এইদৰে কৰিব।—ইব্ৰী ৪:১৫, ১৬.
১৫. মণ্ডলীলৈ উভতি আহিবলৈ এজন ভাইক কেনেকৈ সহায় কৰা হʼল?
১৫ যিহোৱাৰ যিসকল ভেড়াই তেওঁৰ পৰা আঁতৰি গৈছে, তেওঁলোকক বিচাৰিবলৈ আৰু সহায় কৰিবলৈ যীচুৱে নিজৰ লোকসকলক নিৰ্দেশনা দিয়ে। (মথি ১৮:১২, ১৩) খন্তেকৰ বাবে ভাই ষ্টিফেনৰ b উদাহৰলৈ মন কৰক। তেওঁক মণ্ডলীৰ পৰা উলিয়াই দিয়া হৈছিল। কিন্তু ইয়াৰ ১২ বছৰৰ পাছত তেওঁ এখন সভালৈ যোৱাৰ বিষয়ে ভাবিলে। তেওঁ কৈছে, “সভালৈ যাবলৈ মই সংকোচ অনুভৱ কৰিছিলোঁ, তথাপিও মই গʼলোঁ। মই আকৌ যিহোৱাৰ পৰিয়ালৰ লগত মিলি তেওঁৰ সেৱা কৰিব বিচাৰিছিলোঁ। যিসকল প্ৰাচীনে মোক লগ কৰিবলৈ আহিছিল, তেওঁলোকে মোক মৰমেৰে আদৰণি জনালে। কিন্তু ইয়াৰ পাছতো কেতিয়াবা কেতিয়াবা মই অনুভৱ কৰিছিলোঁ যে মই কোনো কামৰ যোগ্য নহওঁ আৰু সাহস হেৰুৱাই পেলাইছিলোঁ। কিন্তু প্ৰাচীনসকলে মোক মনত পেলাই দিছিল যে মই চেষ্টা কৰি থকাটো যিহোৱা আৰু যীচুৱে বিচাৰে। যেতিয়া মই মণ্ডলীলৈ উভতি আহিলোঁ, তেতিয়া মণ্ডলীয়ে মৰমেৰে মোক আদৰণি জনালে। আগলৈ গৈ মোৰ পত্নীয়ে বাইবেল অধ্যয়ন আৰম্ভ কৰিলে আৰু এতিয়া আমি একেলগে মিলি যিহোৱাৰ সেৱা কৰি আছোঁ।” চিন্তা কৰকচোন, যেতিয়া আমাৰ মহা-পুৰোহিত যীচু খ্ৰীষ্টই চায় যে অনুতাপ কৰা লোকসকলক কিদৰে সহায় কৰা হৈছে, তেতিয়া তেওঁ কিমান আনন্দিত হয়!
১৬. যিহোৱাই আমাৰ বাবে এনে মহা-পুৰোহিত বাছনি কৰিলে, যিয়ে আমাৰ লগত সহানুভূতি দেখুৱায়, ইয়াৰ বাবে আপুনি কিয় কৃতজ্ঞ?
১৬ যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া তেওঁ লোকসকলৰ দুখ চাব নোৱাৰিলে আৰু তেওঁলোকক লগে লগে সহায় কৰিলে। আজি আমিও সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে সহায়ৰ প্ৰয়োজন হোৱাৰ সময়ত তেওঁ আমাক সহায় কৰিব। ইয়াৰ উপৰিও, নতুন পৃথিৱীত তেওঁ বিশ্বাসী লোকসকলক সহায় কৰিব আৰু পাপ আৰু অসিদ্ধতাৰ বাবে যি ক্ষতি হৈছে, সেয়া তেওঁ ঠিক কৰি দিব। যিহোৱাই আমাক ইমানেই প্ৰেম কৰিলে যে তেওঁ নিজৰ প্ৰিয় পুত্ৰক আমাৰ মহা-পুৰোহিত হিচাপে বাছনি কৰিছে, এনে মহা-পুৰোহিত, যিয়ে আমাক সহানুভূতি দেখুৱায়। ইয়াৰ বাবে আমি যিহোৱাৰ প্ৰতি বহুত কৃতজ্ঞ।
গীত নং ১৩ খ্ৰীষ্ট আমাৰ আৰ্হি
a যীচুৱে কেনেকৈ মন্দিৰত সেৱা কৰা মহা-পুৰোহিতৰ ঠাই লʼলে, এই বিষয়ে বেছিকৈ জানিবলৈ “যিহোৱাৰ মহান লাক্ষণিক মন্দিৰত উপাসনা কৰিবলৈ বিশেষ সুযোগ পোৱাৰ বাবে কৃতজ্ঞ হওক” নামৰ লেখৰ পৃষ্ঠা ২৬, অনু. ৭-৯ পঢ়ক। এই লেখ অক্টোবৰ ২০২৩ চনৰ প্ৰহৰীদুৰ্গত দিয়া হৈছিল।
b কিছুমান নাম সলনি কৰা হৈছে।