ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 ডিচেম্বৰ পৃষ্ঠা ২-৭
  • ইয়োবৰ কিতাপৰ পৰা সমস্যাবোৰ সন্মুখীন হʼবলৈ শিকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ইয়োবৰ কিতাপৰ পৰা সমস্যাবোৰ সন্মুখীন হʼবলৈ শিকক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰে ইয়োবৰ ওপৰত দুষ্ট-কষ্ট হʼবলৈ দিলে
  • ইয়োবৰ পৰা শিকক আৰু ধৈৰ্য ধৰক
  • ইয়োবৰ কিতাপৰ পৰা আনক সহায় কৰক
  • যিহোৱাৰ ওপৰত আশা ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • পৰামৰ্শ দিবলৈ ইয়োবৰ কিতাপৰ পৰা শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • ইয়োব কোন আছিল?
    বাইবেলৰ পৰা শিকোঁ আহা
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 ডিচেম্বৰ পৃষ্ঠা ২-৭

অধ্যয়নৰ লেখ ৪৮

গীত নং ৩৮ তেওঁ তোমাক শক্তি দিব

সমস্যাবোৰ সন্মুখীন হʼবলৈ ইয়োবৰ কিতাপৰ পৰা শিকক

“বাস্তৱিক ঈশ্বৰে কুকৰ্ম্ম নকৰে।”—ইয়ো. ৩৪:১২.

কি শিকিম?

ইয়োবৰ কিতাপৰ পৰা আমি শিকিম যে ঈশ্বৰে দুখ-কষ্ট কিয় থাকিবলৈ দিছে আৰু আমি দুখ-কষ্টৰ সময়ছোৱাত কেনেকৈ ধৈৰ্য ধৰিব পাৰোঁ।

১-২. ইয়োবৰ কিতাপখন পঢ়াটো কিয় ভাল হʼব?

আপুনি অলপতে ইয়োবৰ কিতাপখন পঢ়িছিল নে? যদিও এই কিতাপখন আজিৰ পৰা প্ৰায় ৩,৫০০ বছৰৰ আগতেই লিখা হৈছিল, তথাপি সাহিত্যৰ জগতত আজিও এই কিতাপক আটাইতকৈ ভাল কিতাপ বুলি ভবা হয়। ইয়াত লিখা কথাবোৰ বুজিবলৈ একেবাৰে সহজ, কিন্তু প্ৰভাৱশালীও হয়। ইয়াত সাধাৰণ কথাবোৰকো বৰ সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। সেইবাবে, এখন কিতাপত কোৱা হৈছে, “ইয়াৰ লেখকজন বহুত বুদ্ধিমান!” যদিও এই কিতাপখন মোচিয়ে লিখিছিল, কিন্তু ইয়াৰ প্ৰকৃত লেখক হৈছে যিহোৱা।—২ তীম. ৩:১৬.

২ ইয়োবৰ কিতাপখন বাইবেলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কিতাপ হয়। কিয় বাৰু? কিয়নো ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় উল্লেখ আছে। সেয়া হৈছে স্বৰ্গদূত আৰু মানুহে যিহোৱাক প্ৰেম কৰাৰ বাবে তেওঁৰ সেৱা কৰিব নে আৰু তেওঁৰ নাম পবিত্ৰ কৰিবলৈ সহযোগ কৰিব নে। ইয়োবৰ কিতাপত আমি যিহোৱাৰ গুণবোৰৰ বিষয়েও জানিব পাৰোঁ। যেনে, তেওঁৰ প্ৰেম, তেওঁৰ বুদ্ধি, তেওঁৰ ন্যায় আৰু তেওঁৰ শক্তি। উদাহৰণস্বৰূপে, এই কিতাপত ৩১ বাৰ যিহোৱাক “সৰ্বশক্তিমান” বুলি কোৱা হৈছে। কিন্তু বাইবেলৰ বাকী কিতাপবোৰ মিলাইও ইমান বাৰ যিহোৱাক “সৰ্বশক্তিমান” বুলি কোৱা হোৱা নাই। এই কিতাপত এনে বহুতো প্ৰশ্নবোৰৰ উত্তৰো আছে, যিবোৰ বিষয়ক লৈ লোকসকলে চিন্তিত হয়, যেনে: ঈশ্বৰে দুখ-কষ্ট কিয় থাকিবলৈ দিছে?

৩. ইয়োবৰ কিতাপৰ পৰা আমি কি শিকিব পাৰোঁ?

৩ পাহাৰৰ একেবাৰে ওপৰৰ পৰা আমি ওচৰে-পাজৰে থকা এলেকা আৰু ভালদৰে চাব পাৰোঁ। ঠিক সেইদৰে ইয়োবৰ কিতাপ পঢ়ি আমি নিজৰ পৰিস্থিতি ভালদৰে বুজিব পাৰোঁ আৰু ইয়াক যিহোৱাৰ দৃষ্টিভংগীৰে চাব পাৰোঁ। আহক আমি চাওঁ যে যেতিয়া আমি সমস্যাৰ মাজেৰে পাৰ হওঁ, তেতিয়া ইয়োবৰ কিতাপৰ পৰা আমি কেনেকৈ সহায় পাব পাৰোঁ। আমি এয়াও চাম যে ইস্ৰায়েলীসকলে ইয়োবৰ কিতাপৰ পৰা কি শিকিব পাৰিলেহেঁতেন আৰু আজি আমি কি শিকিব পাৰোঁ। আমি এয়াও চাম যে ইয়োবৰ কাহিনীৰ পৰা আমি আনক কেনেকৈ সহায় কৰিব পাৰোঁ।

ঈশ্বৰে ইয়োবৰ ওপৰত দুষ্ট-কষ্ট হʼবলৈ দিলে

৪. মিচৰত থকা ইস্ৰায়েলীসকলে কি কৰি আছিল আৰু আনফালে ইয়োবে কি কৰি আছিল?

৪ যেতিয়া ইস্ৰায়েলীসকল মিচৰত দাসত্বত আছিল, তেতিয়া ইয়োব নামৰ এজন ব্যক্তি উচ দেশত থাকিছিল। জানিব পৰা মতে উচ দেশ প্ৰতিজ্ঞা কৰা দেশৰ পূবত আৰু আৰবৰ উত্তৰত আছিল। আচৰিত কথা যে এফালে ইস্ৰায়েলীসকলে মিচৰত মিছা দেৱী-দেৱতাক উপাসনা কৰিবলৈ ধৰিছিল আৰু আনফালে ইয়োবে বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰিছিল। (যিহো. ২৪:১৪; যিহি. ২০:৮) যিহোৱাই ইয়োবৰ বিষয়ে এইদৰে কৈছে, ‘তেওঁৰ নিচিনা পৃথিবীত কোনো নাই।’a (ইয়ো. ১:৮) ইয়োব এজন ধনী ব্যক্তি আছিল আৰু তেওঁৰ ভাল নাম আছিল। পূব দেশত থকা লোকসকলৰ ভিতৰত ইয়োব সকলোতকৈ মহান ব্যক্তি আছিল। (ইয়ো. ১:৩) চিন্তা কৰক, যেতিয়া চয়তানে দেখে যে ইমান সন্মানীয় আৰু বিখ্যাত ব্যক্তি ইয়োবে বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি আছে, তেতিয়া তেওঁৰ হয়তো কিমান খং উঠিল!

৫. যিহোৱাই ইয়োবৰ ওপৰত কিয় সমস্যা আহিবলৈ দিলে? (ইয়োব ১:২০-২২; ২:৯, ১০)

৫ চয়তানে দাবী কৰিছিল যে যদি ইয়োবৰ ওপৰত সমস্যা আহে, তেনেহʼলে তেওঁ যিহোৱাৰ উপাসনা কৰিবলৈ এৰি দিব। (ইয়ো. ১:৭-১১; ২:২-৫) যিহোৱাই ইয়োবক বহুত প্ৰেম কৰিছিল। কিন্তু চয়তানৰ এই দাবীৰ পৰা বহুতো গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হয়। সেইবাবে, যিহোৱাই এই দাবীক প্ৰমাণ কৰিবলৈ চয়তানক সুযোগ দিয়ে। (ইয়ো. ১:১২-১৯; ২:৬-৮) চয়তানে প্ৰথমে ইয়োবৰ পোহনীয়া জীৱ-জন্তু কাঢ়ি লʼলে। তাৰ পাছত তেওঁৰ দহজন লʼৰা-ছোৱালীকো মাৰি পেলায় আৰু চয়তান ইমানতে মনে মনে নাথাকে। সি ইয়োবৰ গোটেই শৰীৰত বিহফোঁহোৰা দিয়ে, যাৰ বাবে ইয়োবৰ বহুত বিষ হয়। চয়তানে ইয়োবৰ লগত বহুতো বেয়া কৰিলে, তথাপি ইয়োবে যিহোৱাৰ সেৱা কৰি থাকিল। (ইয়োব ১:২০-২২; ২:৯, ১০ পঢ়ক।) আগলৈ গৈ যিহোৱাই তেওঁক সেই সকলো ঘূৰাই দিলে যি তেওঁ হেৰুৱাইছিল। তেওঁক ভাল স্বাস্থ্য আৰু বহুতো ধন-সম্পত্তি দিলে। ইয়াৰ উপৰিও, যিহোৱাৰ আশীৰ্বাদত তেওঁৰ আৰু দহটা লʼৰা-ছোৱালী হʼল। যিহোৱাই তেওঁৰ বয়সো বঢ়াই দিয়ে। তেওঁ আৰু ১৪০ বছৰ জীয়াই থাকিল আৰু তেওঁ নিজৰ চাৰি পুৰুষ চাবলৈ পালে। (ইয়ো. ৪২:১০-১৩, ১৬) তেওঁৰ কাহিনীৰ পৰা সেই সময়ৰ লোকসকলে কি শিকিব পাৰিলেহেঁতেন আৰু আজি আমি কি শিকিব পাৰোঁ, আহক চাওঁ।

৬. ইয়োবৰ ঘটনাৰ পৰা ইস্ৰায়েলীসকলে কি শিকিব পাৰিলেহেঁতেন? (ছবিখনো চাওক।)

৬ ইস্ৰায়েলীসকলে ইয়োবৰ ঘটনাৰ পৰা কি শিকিব পাৰিলেহেঁতেন? মিচৰত ইস্ৰায়েলীসকলৰ জীৱন ইমান সহজ নাছিল। যেনে, যিহোচূৱা আৰু কালেবে নিজৰ গোটেই যৌৱনকাল দাসত্বত পাৰ কৰিছিল। তেওঁলোকৰ কোনো ভুল নাছিল, তথাপি তেওঁলোকে ৪০ বছৰলৈকে অৰণ্যত থাকিবলগীয়া হৈছিল। যদি সেই সময়ৰ ইস্ৰায়েলীসকলে ইয়োবৰ ঘটনা শুনিলে, তেনেহʼলে তেওঁলোকে আৰু তেওঁলোকৰ প্ৰজন্মই হয়তো তাৰ পৰা বহুত উৎসাহিত হʼল। তেওঁলোকে হয়তো বুজি পালে যে তেওঁলোকৰ ওপৰত হৈ থকা দুখ-কষ্টৰ কাৰণ ঈশ্বৰ নহয়, কিন্তু চয়তান হয়। তেওঁলোকে হয়তো এয়াও জানিব যে ঈশ্বৰে তেওঁলোকৰ ওপৰত কিয় দুখ-কষ্ট হʼবলৈ দিছে। ইয়াৰ উপৰিও, যিসকলে সমস্যাৰ সময়তো ঈশ্বৰৰ বিশ্বাসী হৈ থাকে, ঈশ্বৰে তেওঁলোকক বহুত প্ৰেম কৰে আৰু আশীৰ্বাদ দিয়ে।

এজন ইস্ৰায়েলীয়ে মিচৰত দাসত্ব কৰি থাকোঁতে গভীৰ চিন্তাত আছে। তেওঁলোকে এটাৰ ওপৰত এটা বহুতো ইটা থৈছে। কাষতে কিছুমান মিচৰৰ লোকসকলে কঠোৰ পৰিশ্ৰম কৰা আন ইস্ৰায়েলীসকলক লাঠীৰে মাৰি আছে।

যিসকল ইস্ৰায়েলীয়ে বহু বছৰৰ পৰা মিচৰত দাসত্বত আছিল, তেওঁলোকে হয়তো আগলৈ গৈ ইয়োবৰ ঘটনা শুনিলে আৰু তেওঁৰ পৰা বহুতো কথা শিকিব পাৰিলে (অনুচ্ছেদ ৬ চাওক)


৭-৮. যিসকল লোকে সমস্যাৰ মাজেদি পাৰ হৈছে, তেওঁলোকে ইয়োবৰ কিতাপৰ পৰা কেনেকৈ শান্ত্বনা পাব পাৰে? এটা উদাহৰণ দিয়ক।

৭ আমি ইয়োবৰ ঘটনাৰ পৰা কি শিকিব পাৰোঁ? আজি বহুতো লোকে নাজানে যে ভাল লোকসকলৰ লগত বেয়া কিয় হয় আৰু ইয়াৰ বাবে তেওঁলোকে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিবলৈ এৰি দিছে। ৰাৱাণ্ডাত থকা ভনী হেজেলৰb লগতো এইদৰেই হʼল। যেতিয়া তাই সৰু আছিল, তেতিয়া তাই ঈশ্বৰৰ ওপৰত বহুত বিশ্বাস কৰিছিল। কিন্তু পাছত তাইৰ লগত বহুত বেয়া হʼল। তাইৰ মাক-দেউতাকৰ তালাক হʼল আৰু তাই সতীয়া দেউতাকৰ লগত থাকিবলগীয়া হʼল। তেওঁ তাইৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছিল। ১৯ বছৰ বয়সত এজন মানুহে তাইৰ বলাৎকাৰ কৰিলে। তাই শান্ত্বনা পাবলৈ উপাসনাৰ ঠাইত গৈছিল। কিন্তু তাই তাত কোনো ধৰণৰ শান্ত্বনা নাপালে। পাছত তাই ঈশ্বৰলৈ এখন চিঠি লিখিলে। তাই লিখিলে, “ঈশ্বৰ, মই তোমালৈ প্ৰাৰ্থনা কৰিলোঁ। ভাল কাম কৰিবলৈ চেষ্টা কৰিলোঁ, তাৰ সলনি তুমি মোৰ লগত বহুত বেয়া কৰিলা। এতিয়া মই তোমাক এৰি গৈ আছোঁ আৰু মোৰ যিয়েই মন যাব, মই সেয়াই কৰিম।” যেতিয়া আমি ভনী হেজেলৰ নিচিনা লোকসকলক লগ পাওঁ, যিসকলে নিজৰ দুখ-কষ্টৰ কাৰণে ঈশ্বৰক দায়ী কৰে, তেতিয়া আমাক বহুত দুখ লাগে, কিয়নো তেওঁলোকে সত্যতা নাজানে।

৮ ইয়োবৰ কিতাপৰ পৰা আমি শিকিলোঁ যে আমাৰ দুখ-কষ্টৰ দায়ী ঈশ্বৰ নহয়, ইয়াৰ পৰিৱৰ্তে চয়তান হয়। আমি এয়াও শিকিলোঁ যে যেতিয়া কোনোবাই দুখ-কষ্টৰ সন্মুখীন হয়, তেতিয়া আমি এয়া ভবা উচিত নহয় যে তেওঁ নিশ্চয় কিবা বেয়া কৰিছিল। কাৰণ বাইবেলত লিখা আছে, “মনুষ্য সন্তানবিলাকো অকস্মাৎ হোৱা আপদৰ কালত ধৰা পৰে।” (উপ. ৯:১২; ইয়ো. ৪:১, ৮) আমি এয়াও শিকিলোঁ যে সমস্যাৰ সময়ত যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেতিয়া আমি চয়তান যে মিছলীয়া হয়, সেয়া প্ৰমাণ কৰিবলৈ যিহোৱাক সুযোগ দিওঁ। এইদৰে কৰিলে যিহোৱাৰ নাম মহিমা হয়। (ইয়ো. ২:৩; হিতো. ২৭:১১) আমি বাইবেলৰ পৰা যিয়েই শিকিলোঁ তাৰ কাৰণে আমি বহুত কৃতজ্ঞ। আমি জানিলোঁ যে আমাৰ আৰু আমাৰ আপোন লোকসকলৰ ওপৰত দুখ-কষ্ট কিয় আহে। ভনী হেজেল, যাৰ বিষয়ে আমি এতিয়া কথা পাতিছিলোঁ, তেওঁ আগলৈ গৈ যিহোৱাৰ সাক্ষীসকলৰ লগত অধ্যয়ন আৰম্ভ কৰিলে। তেওঁ জানিব পাৰিলে যে ঈশ্বৰে তেওঁৰ ওপৰত দুখ-কষ্ট অনা নাই। তেওঁ কৈছে, “মই আকৌ সম্পূৰ্ণ হৃদয়েৰে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলোঁ। মই কৈছিলোঁ যে মই তেওঁক এৰি গৈছোঁ, কিন্তু মই কেতিয়াও তেওঁক এৰা নাছিলোঁ। কাৰণ মই তেওঁক জনাই নাছিলোঁ, কিন্তু এতিয়া জানোঁ। মই জানোঁ যে তেওঁ মোক বহুত প্ৰেম কৰে, এতিয়া মোৰ কোনো কথাৰ চিন্তা নাই আৰু মই বহুত আনন্দিত।” ঈশ্বৰে দুখ-কষ্ট কিয় থাকিবলৈ দিছে, সেয়া জনাৰ কাৰণে আমিও বহুত কৃতজ্ঞ। এতিয়া আহক চাওঁ যে যেতিয়া আমি সমস্যাৰ মাজেদি পাৰ হওঁ, তেতিয়া আমি ইয়োবৰ ঘটনাৰ পৰা কি শিকিব পাৰোঁ।

ইয়োবৰ পৰা শিকক আৰু ধৈৰ্য ধৰক

৯. ইয়োব কেনে পৰিস্থিতিত আছিল? (যাকোব ৫:১১)

৯ কল্পনা কৰকচোন, ইয়োবে ছাইৰ ওপৰত বহি আছে। তেওঁৰ গোটেই শৰীৰত বিহফোঁহোৰা হৈছে। বেমাৰৰ কাৰণে তেওঁৰ ছাল কʼলা হৈ পৰিছে আৰু শুকাই খহিবলৈ ধৰিছে। তেওঁ একেবাৰে শুকাই-ক্ষীণাই গৈছে আৰু তেওঁৰ গাত একেবাৰে শক্তি নাই। তেওঁ মাটিৰ বৰ্তনৰ এটা টুকুৰাৰে নিজৰ গা খজুৱাই আছে আৰু বহুত বিষত আছে। দেখোঁতে এনে লাগে যেন তেওঁ যেনে-তেনে জীয়াই আছে, কিন্তু এনে নহয়। আচলতে তেওঁ ধৈৰ্য ধৰি আছে। (যাকোব ৫:১১ পঢ়ক।) ইয়োবে কিয় ধৈৰ্য ধৰিব পাৰিলে?

১০. যিহোৱাৰ লগত ইয়োবৰ কেনে সম্পৰ্ক আছিল? বুজাওক।

১০ ইয়োবে যিহোৱাৰ ওচৰত নিজৰ মনৰ কথা খুলি কʼলে। (ইয়ো. ১০:১, ২; ১৬:২০) যেনে, ইয়োব অধ্যায় ৩-ত কোৱা হৈছে যে ইয়োবৰ ওপৰত যি বিপদ আহিছে, তাৰ কাৰণে তেওঁ খং পুহি ৰাখিবলৈ ধৰিলে আৰু অভিযোগ কৰিবলৈ ধৰিলে। তেওঁ মানি লৈছিল যে তেওঁৰ ওপৰত যি সমস্যাবোৰ আহি আছিল, সেইবোৰ যিহোৱাই আনিছে। তেওঁৰ তিনিজন বন্ধুৱেও বাৰে বাৰে তেওঁক কৈছে যে ঈশ্বৰে তেওঁ কৰা কামৰ কাৰণে শাস্তি দি আছে। কিন্তু তেওঁ তেওঁলোকক কৈছে যে তেওঁ নিৰ্দোষী হয়। নিজৰ বন্ধুসকলৰ লগত কথা পাতোঁতেও তেওঁ বহুবাৰ যিহোৱাক কৈছিল যে তেওঁ কোনো ভুল কৰা নাই। তেওঁৰ কথাৰ পৰা গʼম পোৱা যায় যে কিছু সময়ৰ কাৰণে তেওঁ যিহোৱাতকৈ নিজক ভাল বুলি ভাবিছিল। (ইয়ো. ১০:১-৩; ৩২:১, ২; ৩৫:১, ২) কিন্তু তেওঁ এয়াও মানি লʼলে যে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰাৰ সময়ত তেওঁ বহুবাৰ “অবিবেচনাযুক্ত” কথাবোৰ কৈছে। (ইয়ো. ৬:৩, ২৬) অধ্যায় ৩১-ত ইয়োবে ঈশ্বৰক কয় যে ঈশ্বৰে যেন তেওঁক উত্তৰ দিয়ে আৰু তেওঁক নিৰ্দোষী বুলি প্ৰমাণ কৰে। (ইয়ো. ৩১:৩৫) কিন্তু ইয়োবে এইদৰে কৈ সঠিক কৰা নাছিল। তেওঁৰ ওপৰত কিয় সমস্যা আহিছে, তাৰ বিষয়ে ঈশ্বৰে তেওঁক জনাব লাগিব বুলি তেওঁ ঈশ্বৰক দাবী কৰিব নোৱাৰে। কিন্তু আমি জানোঁ যে ইয়োবে যিহোৱাৰ লগত এইদৰে কথা পতাৰ কাৰণ হৈছে যিহোৱাৰ লগত তেওঁৰ এক ভাল সম্পৰ্ক আছিল আৰু তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই তেওঁৰ লগত ন্যায় কৰিব।

১১. যেতিয়া ইয়োবে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া যিহোৱাই কি কৰিলে?

১১ আগলৈ গৈ যেতিয়া যিহোৱাই ধুমুহাৰ যোগেদি তেওঁৰ লগত কথা পাতিছিল, তেতিয়া তেওঁ ইয়োবক এয়া জনোৱা নাছিল যে তেওঁৰ ওপৰত কিয় দুখ-কষ্ট হৈ আছে। আনকি তেওঁ যি অভিযোগ কৰিছিল আৰু নিজকে নিৰ্দোষী বুলি কৈছিল, তাৰ বাবেও তেওঁক শাস্তি দিয়া নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ এজন পিতৃৰ দৰে মৰমেৰে তেওঁৰ চিন্তাধাৰা শুধৰণি কৰিলে। এয়া একেবাৰে সঠিক উপায় আছিল। ইয়াৰ পাছত ইয়োবে নম্ৰতাৰে স্বীকাৰ কৰিলে যে এনে বহুতো কথা আছে, যি তেওঁ নাজানে আৰু তেওঁ কোনো চিন্তা-ভাৱনা নকৰাকৈ যিবোৰ কথা কৈছিল, তাৰ বাবেও তেওঁ অনুতাপ কৰিলে। (ইয়ো. ৩১:৬; ৪০:৪, ৫; ৪২:১-৬) ইয়োবৰ ঘটনাৰ পৰা প্ৰাচীন সময়ৰ লোকসকলে কি শিকিব পাৰিলেহেঁতেন আৰু আজি আমি কি শিকিব পাৰোঁ?

১২. ইস্ৰায়েলীসকলে ইয়োবৰ ঘটনাৰ পৰা কি শিকিব পাৰিলেহেঁতেন?

১২ ইস্ৰায়েলীসকলে ইয়োবৰ ঘটনাৰ পৰা কি শিকিব পাৰিলেহেঁতেন? ইয়োবৰ লগত যি হʼল, তাৰ পৰা ইস্ৰায়েলীসকলে বহুতো কথা শিকিব পাৰিলেহেঁতেন। মোচিৰ উদাহৰণলৈ মন কৰক। তেওঁক ইস্ৰায়েলীসকলৰ নেতৃত্ব লʼবলৈ বাছনি কৰা হৈছিল। এই কাম ইমান সহজ নাছিল। তেওঁৰ ওপৰত বহুতো সমস্যা আহিল আৰু বহুবাৰ তেওঁ নিৰাশাৰ সন্মুখীন হʼবলগা হʼল। যেতিয়া ইস্ৰায়েলীসকলে দুখ-কষ্টৰ সন্মুখীন হৈছিল, তেতিয়া তেওঁলোকে যিহোৱাক অভিযোগ কৰিছিল, কিন্তু মোচিয়ে ইয়োবৰ দৰে যিহোৱালৈ প্ৰাৰ্থনা কৰি তেওঁক সহায় বিচাৰিছিল। (যাত্ৰা. ১৬:৬-৮; গণ. ১১:১০-১৪; ১৪:১-৪, ১১; ১৬:৪১, ৪৯; ১৭:৫) যেতিয়া মোচিক শুধৰণি কৰা হৈছিল, সেই সময়তো তেওঁ ইয়োবৰ ঘটনাৰ পৰা বহুত সহায় পালে। উদাহৰণস্বৰূপে, সেই সময়ৰ বিষয়ে চিন্তা কৰক, যেতিয়া ইস্ৰায়েলীসকলে অৰণ্যত থাকি ৪০ বছৰ হʼবলগীয়া আছিল আৰু তেওঁলোকে কাদেচত তম্বু সাজি আছিল। তেতিয়া মোচিয়ে “অবিবেচনাৰ কথা কলে” আৰু যিহোৱাক যি মহিমা দিব লাগিছিল, সেয়া তেওঁক নিদিলে। (গীত. ১০৬:৩২, ৩৩) পৰিণামস্বৰূপে, যিহোৱাই তেওঁক প্ৰতিজ্ঞা কৰা দেশত যাবলৈ নিদিলে। (দ্বিতী. ৩২:৫০-৫২) ইয়াৰ বাবে মোচিৰ নিশ্চয় বহুত দুখ লাগিছিল। কিন্তু তেওঁ নম্ৰ আছিল, সেইবাবে তেওঁ যিহোৱাৰ নিৰ্ণয় গ্ৰহণ কৰিলে। ইয়োবৰ ঘটনাৰ পৰা ইস্ৰায়েলীসকলৰ আহিবলগীয়া প্ৰজন্মই বহুতো কথা শিকিব পাৰিলেহেঁতেন। যদি তেওঁলোকে ইয়োবৰ ঘটনাৰ ওপৰত মনন কৰে, তেনেহʼলে তেওঁলোকে যেতিয়া দুখ-কষ্টৰ সন্মুখীন হয়, তেতিয়া তেওঁলোকেও যিহোৱাক নিজৰ মনৰ কথা খুলি কʼব পাৰিলেহেঁতেন। তেওঁলোকে এয়াও মনত ৰাখিব পাৰিলেহেঁতেন যে তেওঁলোকে যিহোৱাৰ আগত নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰা উচিত নহয়। লগতে যেতিয়া যিহোৱাই তেওঁলোকক শুধৰণি কৰে, তেতিয়া তেওঁলোকে নম্ৰতাৰে গ্ৰহণ কৰা উচিত।

১৩. ইয়োবৰ কিতাপৰ পৰা আমি কেনেকৈ ধৈৰ্য ধৰিবলৈ শিকিব পাৰোঁ? (ইব্ৰী ১০:৩৬)

১৩ আমি ইয়োবৰ ঘটনাৰ পৰা কি শিকিব পাৰোঁ? আমি খ্ৰীষ্টানসকলেও ইয়োবৰ দৰে ধৈৰ্য ধৰিবলগীয়া হয়। (ইব্ৰী ১০:৩৬ পঢ়ক।) যেনে, হয়তো আমি বহুত বেমাৰত আছোঁ, আমি প্ৰয়োজনতকৈ বেছি চিন্তা কৰোঁ বা ডিপ্ৰেচনত আছোঁ। হয়তো আমাৰ পৰিয়ালত কিবা সমস্যা হৈছে, আমাৰ আপোন লোকৰ মৃত্যু হৈছে বা আমি কিবা সমস্যাৰ সন্মুখীন হৈছোঁ। এনে পৰিস্থিতিত যদি কোনোবাই আমাক বেয়াকৈ কয় বা কিবা কৰে, তেনেহʼলে আমাৰ বহুত দুখ লাগে। সেই সময়ত ধৈৰ্য ধৰাটো আমাৰ বাবে কঠিন হৈ পৰে। (হিতো. ১২:১৮) ইয়োবৰ কিতাপৰ পৰা আমি শিকিব পাৰোঁ যে আমি নিজৰ মনৰ কথা যিহোৱাক খুলি কʼব পাৰোঁ আৰু বিশ্বাস ৰাখিব পাৰোঁ যে তেওঁ আমাৰ কথা শুনিব। (১ যোহ. ৫:১৪) যদি আমাৰ মুখৰ পৰা “অবিবেচনাযুক্ত” কথা ওলায়, তেনেহʼলে তেওঁ খং নকৰিব। ইয়াৰ পৰিৱৰ্তে তেওঁ আমাক সাহস আৰু বুদ্ধি দিব যাতে আমি ধৈৰ্য ধৰিব পাৰোঁ। (২ বং. ১৬:৯; যাকো. ১:৫) কিছুমান ক্ষেত্ৰত তেওঁ হয়তো আমাক শুধৰণিও কৰিব পাৰে, যিদৰে তেওঁ ইয়োবক কৰিছিল। তেওঁ হয়তো নিজৰ বাক্য বাইবেল, প্ৰকাশন বা প্ৰাচীন বা বন্ধুসকলৰ যোগেদি আমাক পৰামৰ্শ দিব পাৰে। ইয়োবৰ কিতাপৰ পৰা আমি শিকোঁ যে যেতিয়া যিহোৱাই আমাৰ চিন্তাধাৰা শুধৰণি কৰে, তেতিয়া আমি তেওঁৰ কথা শুনা উচিত আৰু ধৈৰ্য ধৰা উচিত। (ইব্ৰী ১২:৫-৭) ইয়োবৰ দৰে যদি আমি নম্ৰ হৈ নিজকে শুধৰণি কৰোঁ, তেতিয়া আমাৰেই লাভ হʼব। (২ কৰি. ১৩:১১) সঁচাকৈ, ইয়োবৰ কিতাপখন আমাৰ বাবে বহুত লাভজনক। এতিয়া আহক চাওঁ এই কিতাপখনৰ যোগেদি আমি আনক কেনেকৈ সহায় কৰিব পাৰোঁ।

ইয়োবৰ কিতাপৰ পৰা আনক সহায় কৰক

১৪. যেতিয়া লোকসকলে সোধে যে ইমান দুখ-কষ্ট কিয় হৈ আছে, তেতিয়া আপুনি তেওঁলোকক কেনেকৈ উত্তৰ দিব পাৰে?

১৪ প্ৰচাৰত কোনোবাই আপোনাক সুধিছে নে এই পৃথিৱীত ইমান দুখ-কষ্ট কিয় হৈ আছে? সেই সময়ত আপুনি কি উত্তৰ দিলে? আপুনি হয়তো তেওঁক বাইবেলৰ পৰা দেখুৱালে যে এদন বাগিছাত কি হৈছিল। আপুনি হয়তো কʼলে যে দুষ্ট স্বৰ্গদূত চয়তানে প্ৰথম পুৰুষ আৰু তিৰোতা অৰ্থাৎ আদম আৰু হৱাক মিছা কথা কৈছিল আৰু তেওঁলোকক ঈশ্বৰৰ বিৰোধে বিদ্ৰোহ কৰিবলৈ উচতালে। (আদি. ৩:১-৬) তাৰ পাছত আপুনি হয়তো কʼলে যে আদম আৰু হৱাই বিদ্ৰোহ কৰাৰ কাৰণে আজি পৃথিৱীত দুখ-কষ্ট আৰু মৃত্যু হৈ আছে। (ৰোম. ৫:১২) শেষত আপুনি হয়তো তেওঁক বুজালে যে যিহোৱাই চয়তানক বহুত সময় দিছে যাতে তেওঁৰ দাবী মিছা বুলি প্ৰমাণ হয় আৰু সেই সময়ছোৱাত শুভবাৰ্তা প্ৰচাৰ কৰা হয় যে মানুহবিলাকক আকৌ সিদ্ধ কৰা হʼব। (প্ৰকা. ২১:৩, ৪) দুখ-কষ্ট কিয় হৈ আছে, এই প্ৰশ্নৰ উত্তৰ দিয়াৰ এয়া এক ভাল উপায় হয়। এইদৰে কৰি বহুতো লোকে হয়তো ভাল পৰিণাম লাভ কৰিছে।

১৫. যেতিয়া কোনোবাই সোধে যে ইমান দুখ-কষ্ট কিয় হৈ আছে, তেতিয়া আমি তেওঁক ইয়োবৰ কিতাপৰ পৰা কেনেকৈ উত্তৰ দিব পাৰোঁ? (ছবিখনো চাওক।)

১৫ ইয়োবৰ ঘটনাৰ পৰাও আপুনি এজন ব্যক্তিক জনাব পাৰে যে আজি পৃথিৱীত ইমান দুখ-কষ্ট কিয় হৈ আছে। প্ৰথমতে আপুনি তেওঁক প্ৰশংসা কৰিব পাৰে যে তেওঁ এই ভাল প্ৰশ্ন সুধিছে। তাৰ পাছত আপুনি তেওঁক ইয়োবৰ বিষয়ে জনাব পাৰে যে তেওঁ ঈশ্বৰৰ এজন বিশ্বাসী সেৱক আছিল, যাৰ ওপৰত বহুতো দুখ-কষ্ট আহিছিল আৰু সেই সময়ত তেওঁ এনেধৰণৰ প্ৰশ্ন সুধিছিল। তেওঁতো এয়াও ভাবিছিল যে ঈশ্বৰে তেওঁৰ ওপৰত দুখ-কষ্ট আনিছে। (ইয়ো. ৭:১৭-২১) এয়া জানি তেওঁক হয়তো ভাল লাগিব যে বহু বছৰৰ আগতেও লোকসকলৰ মনত এনে প্ৰশ্ন আহিছিল। তাৰ পাছত আপুনি তেওঁক বুজাব পাৰে যে ইয়োবৰ কিতাপৰ পৰা আপুনি জানিব পাৰিলে যে ইয়োবৰ ওপৰত ঈশ্বৰে দুখ-কষ্ট অনা নাছিল, ইয়াৰ পৰিৱৰ্তে চয়তানে আনিছিল। চয়তানে এইদৰে কৰাৰ কাৰণ হৈছে যাতে সি প্ৰমাণ কৰিব পাৰে যে মানুহে কেৱল নিজৰ ইচ্ছা পূৰ কৰিবলৈ ঈশ্বৰৰ সেৱা কৰে। তাৰ পাছত আপুনি কʼব পাৰে যে যদিও ঈশ্বৰে আমাৰ ওপৰত দুখ-কষ্ট অনা নাই, কিন্তু আমাৰ ওপৰত দুখ-কষ্ট হʼবলৈ তেওঁ অনুমতি দিছে। ইয়াৰ পৰা এয়া জানিব পাৰি যে মানুহৰ ওপৰত তেওঁৰ ভৰসা আছে যে তেওঁলোকে তেওঁৰ বিশ্বাসী হৈ থাকিব আৰু চয়তানৰ দাবীক মিছা বুলি প্ৰমাণ কৰিব। তাৰ পাছত আপুনি এয়াও কʼব পাৰে যে ইয়োবে সমস্যাৰ সময়ত বিশ্বাসী হৈ থাকিল। সেইবাবে, ঈশ্বৰে তেওঁক বহুতো আশীৰ্বাদ দিলে। এইদৰে আমি লোকসকলক ভৰসা দিব পাৰোঁ যে আমাৰ ওপৰত যিবোৰ সমস্যা আহিছে, তাৰ বাবে যিহোৱা ঈশ্বৰ দায়ী নহয়।

ছবি: ১. এগৰাকী তিৰোতা এনে ঠাইত বহি আছে, যʼত জুই জ্বলাৰ কাৰণে সকলো ধ্বংস হৈ গৈছে। তেওঁ বহুত চিন্তাত আছে আৰু হাতত এখন ফটো ফ্ৰেম আছে। ২. পাছত সেই তিৰোতাই আমাৰ কাৰ্টৰ ওচৰত আহে, যি সাহায্য কেন্দ্ৰৰ ওচৰত লগোৱা আছে। এগৰাকী ভনীয়ে তেওঁক এটা পদ পঢ়ি শুনাইছে আৰু তেওঁ ধ্যান দি শুনি আছে।

আপুনি ইয়োবৰ কিতাপৰ পৰা আনক কেনেকৈ বিশ্বাস দিয়াব পাৰে যে “ঈশ্বৰে অন্যায় নকৰে”? (অনুচ্ছেদ ১৫ চাওক)


১৬. যিসকলে দুখ-কষ্ট ভুগি আছে, তেওঁলোকে ইয়োবৰ কিতাপৰ পৰা কেনেকৈ সহায় পাব পাৰে? এটা উদাহৰণ দিয়ক।

১৬ মন কৰক ইয়োবৰ কিতাপৰ পৰা মাৰিঅʼ নামৰ এজন ব্যক্তিয়ে কেনেকৈ সহায় পালে। এয়া ২০২১ চনৰ কথা, এদিনাখন এগৰাকী ভনীয়ে ফোনৰ যোগেদি সাক্ষ্য দি আছিল আৰু তেওঁৰ প্ৰথম কলটো মাৰিঅʼ নামৰ এজন ব্যক্তিক লাগিল। ভনীগৰাকীয়ে তেওঁক বাইবেলৰ পৰা এটা পদৰ বিষয়ে কʼলে আৰু বুজালে যে ঈশ্বৰে আমাৰ প্ৰাৰ্থনাতো শুনে, লগতে ভৱিষ্যতৰ কাৰণে তেওঁ আমাক এটা ভাল আশাও দিছে। ভনীগৰাকীয়ে মাৰিঅʼক সুধিলে যে ইয়াৰ বিষয়ে জানি তেওঁক কেনেকুৱা লাগিল। মাৰিঅʼই কʼলে যে আত্মহত্যা কৰাৰ বাবে তেওঁ নিজৰ পৰিয়ালৰ বাবে এখন চিঠি লিখি আছিল, সেই সময়তে তেওঁৰ কলটো আহিল। তেতিয়া তেওঁ কʼলে, “মই ঈশ্বৰৰ ওপৰত বিশ্বাস কৰোঁ। আজি ৰাতিপুৱাই মই ভাবি আছিলোঁ যে তেওঁ চাগে মোক এৰি দিছে।” ভনীয়ে দ্বিতীয়বাৰ যেতিয়া তেওঁক কল কৰিলে, তেতিয়া তেওঁক ইয়োবৰ বিষয়ে জনালে যে ইয়োবেও বহুতো দুখ-কষ্টৰ সন্মুখীন হৈছিল। তেতিয়া মাৰিঅʼই ইয়োবৰ গোটেই কিতাপখন পঢ়াৰ বিষয়ে ভাবিলে। সেইবাবে, ভনীয়ে আমাৰ ৱেবছাইটৰ পৰা পবিত্ৰ বাইবেল—নতুন জগত অনুবাদৰ লিংক পঠিয়ালে যাতে তেওঁ সেয়া পঢ়িব পাৰে। ইয়াৰ কি ভাল পৰিণাম হʼল? মাৰিঅʼই বাইবেল অধ্যয়ন কৰিবলৈ ধৰিলে আৰু তেওঁ এয়া জানি বহুত শান্তি পালে যে যিহোৱাই তেওঁক প্ৰেম কৰে আৰু তেওঁৰ বিষয়ে চিন্তা কৰে।

১৭. যিহোৱাই ইয়োবৰ কিতাপখন লিখোৱাৰ কাৰণে আপুনি তেওঁৰ প্ৰতি কিয় কৃতজ্ঞ? (ইয়োব ৩৪:১২)

১৭ এয়া স্পষ্ট যে ঈশ্বৰৰ বাক্য বহুত শক্তিশালী। (ইব্ৰী ৪:১২) ইয়ে লোকসকলৰ জীৱন পৰিৱৰ্তন কৰে আৰু যিসকলে দুখ-কষ্ট ভুগি আছে, তেওঁলোকে শান্ত্বনা পায়। আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ যে তেওঁ ইয়োবৰ ঘটনাৰ বিষয়ে বাইবেলত লিখালে। (ইয়ো. ১৯:২৩, ২৪) যদি আমি ইয়োবৰ কিতাপ পঢ়োঁ, তেনেহʼলে আমিও কʼম যে “বাস্তৱিক ঈশ্বৰে কুকৰ্ম্ম নকৰে।” (ইয়োব ৩৪:১২ পঢ়ক।) এই কিতাপৰ পৰা আমি এয়াও জানিব পাৰোঁ যে ঈশ্বৰে দুখ-কষ্ট কিয় থাকিবলৈ দিছে আৰু যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া আমি কেনেকৈ ধৈৰ্য ধৰিব পাৰোঁ। এই কিতাপৰ পৰা আমি সেই লোকসকলক শান্ত্বনা দিব পাৰোঁ, যিসকলে দুখ-কষ্ট ভুগি আছে। পৰৱৰ্তী লেখত আমি ইয়োবৰ কিতাপৰ পৰা শিকিম যে আমি আনক কেনেকৈ ভাল পৰামৰ্শ দিব পাৰোঁ।

আপুনি কেনেকৈ উত্তৰ দিব?

  • ঈশ্বৰে ইয়োবৰ ওপৰত কিয় দুখ-কষ্ট আহিবলৈ দিলে, এয়া জনাটো আমাৰ বাবে কিয় ভাল?

  • ইয়োবৰ ঘটনাৰ পৰা আমি ধৈৰ্য ধৰিবলৈ কেনেকৈ শিকিব পাৰোঁ?

  • ইয়োবৰ কিতাপৰ পৰা আমি আনক কেনেকৈ সহায় কৰিব পাৰোঁ?

গীত নং ১৫৬ বিশ্বাসেৰে

a যিহোৱা আৰু চয়তানৰ মাজত যি কথা-বতৰা হৈছিল আৰু ইয়োবৰ ওপৰত যি সমস্যা আহিছিল, এই সকলো ঈশ্বৰৰ বিশ্বাসী সেৱক যোচেফৰ মৃত্যুৰ (খ্ৰীষ্টপূৰ্ব ১৬৫৭) পাছত হৈছিল আৰু মোচিক ইস্ৰায়েলৰ নেতৃত্ব লʼবলৈ বাছনি কৰাৰ (প্ৰায় খ্ৰীষ্টপূৰ্ব ১৫১৪) আগতে হৈছিল।

b কিছুমান নাম সলনি কৰা হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক