অধ্যয়নৰ লেখ ৪৯
গীত নং ৪৯ যিহোৱাৰ মন আনন্দিত কৰা
পৰামৰ্শ দিবলৈ ইয়োবৰ কিতাপৰ পৰা শিকক
“হে ইয়োব, মিনতি কৰোঁ, মোৰ কথা শুনা।”—ইয়ো. ৩৩:১.
কি শিকিম?
ইয়োবৰ কিতাপৰ পৰা আমি শিকিম যে পৰামৰ্শ দিয়াৰ সময়ত আমি কি কোৱা উচিত আৰু কেনেকৈ কোৱা উচিত?
১-২. ইয়োবক দেখি তেওঁৰ তিনিজন বন্ধু আৰু ইলীহূৰ ওচৰত কি সমস্যা আহি পৰিল?
ইয়োব বহুত ধনী আছিল আৰু তেওঁক সকলোৱে চিনি পাইছিল। সেইবাবে, যেতিয়া তেওঁ নিজৰ সকলো হেৰুৱাই পেলায়, তেতিয়া এই খবৰ পূবত থকা লোকসকলৰ মাজত জুইৰ দৰে বিয়পি পৰে। যেতিয়া তেওঁৰ তিনিজন বন্ধু অৰ্থাৎ ইলীফজ, বিলদদ আৰু চোফৰে এই বিষয়ে শুনিলে, তেতিয়া তেওঁলোকে ইয়োবক শান্ত্বনা দিবলৈ উচ দেশলৈ বুলি ওলাই গʼল। কিন্তু যেতিয়া তেওঁলোকে ইয়োবৰ লগত কি হʼল সেয়া দেখিলে, তেতিয়া তেওঁলোক আচৰিত হʼল।
২ খন্তেকৰ বাবে কল্পনা কৰকচোন, ইয়োবৰ ওচৰত যিবোৰ আছিল, সেই সকলো শেষ হৈ গʼল। তেওঁৰ ভেড়া, গৰু, উট আৰু গাধবোৰক কাঢ়ি নিয়া হʼল। তেওঁৰ লʼৰা-ছোৱালী আৰু তেওঁৰ বেছিভাগ চাকৰক হত্যা কৰা হʼল। যিখন ঘৰত তেওঁৰ লʼৰা-ছোৱালীয়ে ভোজৰ আনন্দ লৈ আছিল, সেইখন ঘৰ একেবাৰে ধ্বংস হৈ গʼল। ইয়াৰ উপৰিও, ইয়োবৰ গোটেই শৰীৰত বিহফোঁহোৰা ওলাল, যি সহন কৰাটো তেওঁৰ বাবে বহুত কষ্ট হৈছিল। যেতিয়া তেওঁৰ তিনিজন বন্ধুৱে তাত পালেগৈ, তেতিয়া তেওঁলোকে ইয়োবক ছাইৰ ওপৰত বহি থকা আৰু বহুত দুখত থকা দেখিলে। এতিয়া তেওঁলোকে কি কৰিব? ইয়োবৰ বহুত বিষ হৈছিল, কিন্তু তেওঁলোকে সাতদিনলৈকে তেওঁক এটা শব্দও নকʼলে। (ইয়ো. ২:১২, ১৩) কিছু সময়ৰ পাছত ইলীহূ নামৰ এজন ডেকা মানুহ তালৈ আহে আৰু তাত বহে। ইমান দিন অপেক্ষা কৰাৰ পাছত ইয়োবে ৰৈ থাকিব নোৱাৰিলে আৰু কʼবলৈ ধৰিলে। যিদিনাখন তেওঁৰ জন্ম হৈছিল, সেই দিনটোক তেওঁ শাও দিবলৈ ধৰিলে আৰু নিজৰ কাৰণে মৃত্যু খুজিলে। (ইয়ো. ৩:১-৩, ১১) ইয়োবৰ কথাৰ পৰা স্পষ্টকৈ জানিব পাৰি যে ইয়োবক শান্ত্বনাৰ প্ৰয়োজন আছে। এই তিনিজন মানুহে যি কʼব আৰু যেনেদৰে কʼব, তাৰ পৰা প্ৰমাণ হʼব যে তেওঁলোক সঁচাকৈ ইয়োবৰ বন্ধু হয় নে নহয় আৰু তেওঁৰ বিষয়ে চিন্তা কৰে নে নকৰে।
৩. এই লেখত আমি কি শিকিম?
৩ ইয়োবৰ তিনিজন বন্ধু আৰু ইলীহূৱে ইয়োবক যি কʼলে আৰু যি কৰিলে, সেইবোৰ যিহোৱাই মোচিৰ যোগেদি বাইবেলত লিখালে। ইলীফজে হয়তো কিছুমান কথা এজন দুষ্ট স্বৰ্গদূতে উচটোৱাৰ কাৰণে কৈছিল। আনফালে ইলীহূৱে যিবোৰ কথা কʼলে সেইবোৰ যিহোৱাৰ ফালৰ পৰা আছিল। (ইয়ো. ৪:১২-১৬; ৩৩:২৪, ২৫) সেইবাবে, ইয়োবৰ কিতাপত আমি আটাইতকৈ ভাল পৰামৰ্শ পঢ়িবলৈ পাওঁ আৰু আটাইতকৈ বেয়া পৰামৰ্শও। এই লেখত আমি ইয়োবৰ কিতাপৰ পৰা শিকিম যে আনক আমি কেনেকৈ ভালদৰে পৰামৰ্শ দিব পাৰোঁ। প্ৰথমে, ইলীফজ, বিলদদ আৰু চোফৰৰ পৰা আমি শিকিম যে পৰামৰ্শ দিয়াৰ সময়ত আমি কি কʼব নালাগে আৰু কি কৰিব নালাগে। তাৰ পাছত আমি ইলীহূৰ পৰা শিকিম যে পৰামৰ্শ দিয়াৰ সময়ত আমি কি কʼব লাগে আৰু কেনেকৈ কʼব লাগে। আমি এয়াও শিকিম যে ইস্ৰায়েলীসকলে ইয়োবৰ তিনিজন বন্ধু আৰু ইলীহূৰ পৰা কি শিকিব পাৰিলেহেঁতেন আৰু আজি আমি কি শিকিব পাৰোঁ।
ইয়োবৰ তিনিজন বন্ধুৱে তেওঁক কেনেদৰে পৰামৰ্শ দিলে?
৪. ইয়োবৰ তিনিজন বন্ধুৱে তেওঁক শান্ত্বনা দিবলৈ কিয় সফল নহʼল? (ছবিখনো চাওক।)
৪ ইয়োবৰ ওপৰত যি সমস্যা আহিছিল, তাৰ বিষয়ে তেওঁৰ তিনিজন বন্ধুৱে শুনিলে আৰু তেওঁলোকে ‘শান্ত্বনা আৰু সহানুভূতি দেখুৱাবলৈ আহিলে।’ (ইয়ো. ২:১১) কিন্তু তেওঁলোকে এইদৰে কৰিবলৈ বিফল হʼল। আমি এইদৰে কিয় কʼব পাৰোঁ? ইয়াৰ তিনিটা কাৰণ আছে। প্ৰথম, তেওঁলোকে ইয়োবৰ কথা নুশুনিলে আৰু তেওঁৰ পৰিস্থিতি বুজিবলৈ চেষ্টা নকৰিলে, তাৰ পৰিৱৰ্তে তেওঁলোকে মানি লৈছিল যে তেওঁ নিশ্চয় কিবা ভুল কৰিছে, সেইবাবে, ঈশ্বৰে তেওঁক শাস্তি দি আছে।a (ইয়ো. ৪:৭; ১১:১৪) দ্বিতীয় কথা, তেওঁলোকৰ বেছিভাগ কথা কোনো কামৰ নাছিল আৰু তেওঁলোকে এনে কথা কৈছিল, যাৰ বাবে ইয়োবে বহুত আঘাত পাইছিল। যেনে, তেওঁলোকে এনে কথা কৈছিল যি শুনিবলৈতো ভালেই লাগিছিল, কিন্তু সেইবোৰৰ কোনো অৰ্থ নাছিল আৰু ইয়োবে তাৰ পৰা কোনো শান্ত্বনা পোৱা নাছিল। (ইয়ো. ১৩:১২) বিলদদে দুবাৰ কʼলে যে ইয়োব বেছিকৈ কথা কয়। (ইয়ো. ৮:২; ১৮:২) চোফৰে তেওঁক মূৰ্খ বুলি কʼলে। (ইয়ো. ১১:১২) তৃতীয় কথা, যদিও তেওঁলোকে ইয়োবক খঙেৰে একো কোৱা নাছিল, কিন্তু তেওঁলোকে নিজৰ কথাৰে ইয়োবক তল পেলাবলৈ চেষ্টা কৰিছিল, ঠাট্টা কৰিছিল আৰু তেওঁৰ ওপৰত অভিযোগ লগাইছিল। (ইয়ো. ১৫:৭-১১) চিন্তা কৰক, এইবোৰ শুনি ইয়োবৰ হয়তো কিমান দুখ লাগিছিল! তেওঁলোকে ইয়োবক শান্ত্বনা দিয়া আৰু তেওঁৰ বিশ্বাস মজবুত কৰাৰ পৰিৱৰ্তে তেওঁক দোষী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল।
কাৰোবাক পৰামৰ্শ দিয়াৰ সময়ত আপুনি এনেদৰে কথা নাপাতিব, যাৰ পৰা তেওঁক লাগিব পাৰে যে আপুনি তেওঁক তল চকুৰে চাইছে। আপুনি যিমান পাৰে সিমান তেওঁক সহায় কৰিবলৈ চেষ্টা কৰক (অনুচ্ছেদ ৪ চাওক)
৫. ইয়োবৰ বন্ধুসকলে যি কʼলে, সেয়া তেওঁৰ ওপৰত কি প্ৰভাৱ পৰিল?
৫ ইয়োবে তেওঁৰ তিনিজন বন্ধুৰ কথাৰ পৰা কোনো শান্ত্বনা নাপালে, তাৰ পৰিৱৰ্তে তেওঁলোকৰ কথাবোৰে তেওঁক আঘাত দিলে। (ইয়ো. ১৯:২) সেইবাবে, তেওঁ নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিলে। তেওঁ ইমানেই চিন্তিত হৈ পৰিলে যে তেওঁ ভাবিব পৰা নাছিল আৰু অবিবেচনাযুক্ত কথা বা এনে কথা কʼবলৈ ধৰিলে, যাৰ কোনো অৰ্থ নাছিল। (ইয়ো. ৬:৩, ২৬) তেওঁৰ তিনিজন বন্ধুৱে যি কʼলে, সেয়া ঈশ্বৰৰ চিন্তাধাৰাৰ বিপৰীতে আছিল আৰু তেওঁলোকে ইয়োবৰ লগত মৰম আৰু সহানুভূতি নেদেখুৱালে, তাৰ পৰিৱৰ্তে অজানিতে তেওঁলোকে চয়তানৰ ইচ্ছাৰ অনুসৰি কাম কৰিলে। (ইয়ো. ২:৪, ৬) ইয়াৰ পৰা ইস্ৰায়েলীসকলে কি শিকিব পাৰিলেহেঁতেন আৰু আমি কি শিকিব পাৰোঁ?
৬. ইস্ৰায়েলৰ প্ৰধান লোকসকলে ইয়োবৰ তিনিজন বন্ধুৰ পৰা কি শিকিব পাৰিলেহেঁতেন?
৬ এই ঘটনাৰ পৰা ইস্ৰায়েলীসকলে কি শিকিব পাৰে? যেতিয়া ইস্ৰায়েল ৰাষ্ট্ৰ হʼল, তেতিয়া যিহোৱাই এনে অভিজ্ঞ প্ৰধানসকলক বাছনি কৰিলে, যিসকলে তেওঁৰ মানদণ্ডৰ অনুসৰি লোকসকলৰ ন্যায় কৰিব পাৰে। (দ্বিতী. ১:১৫-১৮; ২৭:১) এই মানুহবিলাকে যিকোনো পৰামৰ্শ দিয়াৰ আগতে বা ন্যায় শুনোৱাৰ আগতে লোকসকলৰ কথা ধ্যান দি শুনাটো যিহোৱাই বিচাৰিছিল। (২ বং. ১৯:৬) ইয়াৰ উপৰিও, তেওঁলোকে সকলো জানোঁ বুলি ভবাৰ পৰিৱৰ্তে বিষয়টো সম্পূৰ্ণৰূপে জানিবলৈ লোকসকলক প্ৰশ্ন সোধাৰ প্ৰয়োজন আছিল। (দ্বিতী. ১৯:১৮) লগতে যিসকল ইস্ৰায়েলীয়ে সহায় বিচাৰি তেওঁলোকৰ ওচৰলৈ আহিছিল, তেওঁলোকৰ লগত কঠোৰতাৰে কথা পতাৰ পৰিৱৰ্তে তেওঁলোকৰ লগত ভালদৰে কথা পতাৰ প্ৰয়োজন আছিল। কিয়নো যদি তেওঁলোকে এইদৰে নকৰে, তেনেহʼলে লোকসকলে নিজৰ মনৰ কথা খুলি কʼবলৈ সংকোচ কৰিলেহেঁতেন। (যাত্ৰা. ২২:২২-২৪) সঁচাকৈ, ইস্ৰায়েলৰ প্ৰধান লোকসকলে ইয়োবৰ এই ঘটনাৰ পৰা বহুত কিছু শিকিব পাৰিলেহেঁতেন।
৭. (ক) ইস্ৰায়েলৰ প্ৰধানসকলৰ উপৰিও ইস্ৰায়েলীসকলক আৰু কোনে পৰামৰ্শ দিব পাৰিলেহেঁতেন? (খ) ইস্ৰায়েলীসকলে ইয়োবৰ ঘটনাৰ পৰা কি শিকিব পাৰিলেহেঁতেন? (হিতোপদেশ ২৭:৯)
৭ ইস্ৰায়েলৰ প্ৰধান লোকসকলৰ উপৰিও আন ইস্ৰায়েলীসকলেও, যেনে: বৃদ্ধ হওক বা ডেকা হওক, স্ত্ৰীয়েই হওক বা পুৰুষে হওক, তেওঁলোকে এজনে-আনজনক পৰামৰ্শ দিব পাৰিলেহেঁতেন। যদি কোনো ইস্ৰায়েলীৰ উপাসনাৰ লগত জড়িত বা নিজৰ আচাৰ-ব্যৱহাৰত সাল-সলনি কৰাৰ প্ৰয়োজন হয়, তেনেহʼলে তেওঁৰ বন্ধুৱে তেওঁক পৰামৰ্শ দিব পাৰিলেহেঁতেন। (গীত. ১৪১:৫) প্ৰকৃত বন্ধুৱে এইদৰেই কৰে। (হিতোপদেশ ২৭:৯ পঢ়ক।) যেতিয়া ইস্ৰায়েলীসকলে এই বিষয়ে চিন্তা কৰিলেহেঁতেন যে বিলদদ, ইলীফজ আৰু চোফৰে ইয়োবৰ লগত কেনেকৈ কথা পাতিলে, তেতিয়া তেওঁলোকে শিকিব পাৰিলেহেঁতেন যে পৰামৰ্শ দিয়াৰ সময়ত তেওঁলোকে কি কোৱা বা কৰা উচিত নহয়।
৮. আনক পৰামৰ্শ দিয়াৰ সময়ত আমি কি কি কথা মনত ৰখা উচিত? (ছবিবোৰো চাওক।)
৮ এই ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া ভাই-ভনীসকলে দুখ-কষ্টত থাকে, তেতিয়া আমি তেওঁলোকক সহায় কৰিব বিচাৰোঁ। কিন্তু আমি ইয়োবৰ তিনিজন বন্ধুৰ দৰে তেওঁলোকৰ লগত কেতিয়াও ব্যৱহাৰ কৰা উচিত নহয়। প্ৰথমতে, আমি সম্পূৰ্ণ কথা জনা উচিত, তাৰ পাছতহে তেওঁলোকক কিবা কোৱা উচিত। আমি সম্পূৰ্ণ কথা নজনকৈ কোনো এটা বিষয় ভাবি লʼব নালাগে। দ্বিতীয়তে, আমি তেওঁলোকক নিজৰ অভিজ্ঞতা বা নিজৰ মনৰ পৰা পৰামৰ্শ দিয়া উচিত নহয়, ইয়াৰ পৰিৱৰ্তে আমাৰ পৰামৰ্শ বাইবেল আধাৰিত হোৱা উচিত। কিন্তু ইলীফজে এইদৰে কৰা নাছিল, তেওঁ বেছিভাগ কথা নিজৰ মনৰ পৰা কৈছিল। (ইয়ো. ৪:৮; ৫:৩, ২৭) তৃতীয়তে, আমি তেওঁলোকক দুখ লগা কথা কোৱা উচিত নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁলোকে উৎসাহিত হোৱা কথা কোৱা উচিত। মন কৰক, ইলীফজে আৰু তেওঁৰ বন্ধুসকলে যিবোৰ কথা কৈছিল, তাৰ ভিতৰত কিছুমান কথা সঁচা আছিল আৰু আগলৈ গৈ পৌলেও তেওঁলোকৰ এটা কথা উল্লেখ কৰিছিল। (ইয়োব ৫:১৩-ৰ তুলনা ১ কৰিন্থীয়া ৩:১৯ লগত কৰক।) তথাপিও ঈশ্বৰে তেওঁলোকৰ কথা সঁচা নহয় বুলি কৈছিল। তেওঁ এইদৰে কিয় কৈছিল? কিয়নো তেওঁলোকে ঈশ্বৰৰ বিষয়ে মিছা কথা কৈছিল আৰু নিজৰ কথাৰে ইয়োবক দুখ দিছিল। (ইয়ো. ৪২:৭, ৮) ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া আমি কাৰোবাক পৰামৰ্শ দিওঁ, তেতিয়া আমি তেওঁক এনে কথা কʼব নালাগে, যাৰ পৰা তেওঁ ঈশ্বৰক নিষ্ঠুৰ বুলি ভাবে বা তেওঁ ঈশ্বৰৰ প্ৰেমৰ যোগ্য নহয় বুলি ভাবে। এতিয়া আহক চাওঁ যে আমি ইলীহূৰ পৰা কি শিকিব পাৰোঁ?
পৰামৰ্শ দিয়াৰ সময়ত (১) সম্পূৰ্ণ কথা জানি লওক (২) বাইবেলৰ পৰা পৰামৰ্শ দিয়ক আৰু (৩) মৰমেৰে কথা পাতক (অনুচ্ছেদ ৮ চাওক)
ইলীহূৱে ইয়োৱক কেনেকৈ পৰামৰ্শ দিলে?
৯. (ক) ইয়োবৰ লগৰবিলাকে বহুতো কথা কʼলে, তথাপিও তেওঁক কিয় সহায়ৰ প্ৰয়োজন আছিল? (খ) যিহোৱাই কেনেকৈ ইয়োবক সহায় কৰিলে?
৯ ইয়োব আৰু তেওঁৰ তিনিজন লগৰৰ মাজত বহু দেৰিলৈকে তৰ্কা-তৰ্কি হʼল। তেওঁলোকে ইমানেই কথা কʼলে যে ইয়োব কিতাপৰ ২৮ টা অধ্যায় তেওঁলোকৰ কথাৰে ভৰি পৰিল। ইয়োবে তেওঁলোকৰ কথাৰ পৰা কোনো শান্ত্বনা পোৱা নাছিল। কাৰণ তেওঁলোকে বেছিভাগ কথা খঙেৰে কৈছিল। ইয়োবে এতিয়াও নিৰাশাত আছিল। ইয়াৰ উপৰিও, তেওঁক শুধৰণি কৰাৰো প্ৰয়োজন আছিল। কিন্তু যিহোৱাই তেওঁক কেনেকৈ সহায় কৰিলে? যিহোৱাই ইলীহূৰ যোগেদি তেওঁক পৰামৰ্শ দিলে, কিন্তু ইলীহূৱে তেওঁক কিবা কʼবলৈ কিয় ইমান দেৰিলৈকে ৰৈ থাকিব লগা হʼল? তেওঁ কʼলে, “মই ডেকা, তোমালোক বুঢ়া; এই নিমিত্তে, মই তোমালোকৰ আগত মোৰ মত [কথা] জনাবলৈ, ভয় কৰি কোঁচ খাই আছিলোঁ।” (ইয়ো. ৩২:৬, ৭) ইলীহূৱে জানিছিল যে বৃদ্ধ লোকসকল বুদ্ধিমান হয় আৰু তেওঁলোকৰ ওচৰত অভিজ্ঞতাও আছে, যি ডেকাসকলৰ ওচৰত নাই। কাৰণ বৃদ্ধসকলে নিজৰ জীৱনত বহুতো কথা শিকিছে আৰু দেখিছে। সেইবাবে, যেতিয়া ইয়োব আৰু তেওঁৰ তিনিজন লগৰে কথা পাতি আছিল, তেতিয়া ইলীহূৱে ধৈৰ্য ধৰিলে আৰু মনে মনে তেওঁলোকৰ কথা শুনি থাকিল। কিন্তু ইলীহূৱে আৰু ৰৈ থাকিব নোৱাৰিলে। তেওঁ কʼলে, ‘বয়সীয়াল লোক যে জ্ঞানী, এনে নহয় আৰু বৃদ্ধবিলাকে যে ভাল-বেয়াৰ মাজত পাৰ্থক্য কৰিব পাৰে এনে নহয়।’ (ইয়ো. ৩২:৯) আহক চাওঁ যে ইয়াৰ পাছত ইলীহূৱে কি কʼলে আৰু কেনেকৈ কʼলে।
১০. ইলীহূৱে ইয়োবক পৰামৰ্শ দিয়াৰ আগতে কি কৰিলে? (ইয়োব ৩৩:৬, ৭)
১০ ইয়োবক পৰামৰ্শ দিবলৈ ইলীহূৱে সঠিক সময়ৰ বাবে বাট চাই আছিল। ইয়োবে শান্ত মনেৰে ইলীহূৰ কথা শুনাটো তেওঁ বিচাৰিছিল। ইয়াৰ বাবে তেওঁ কি কৰিলে? ইয়োব আৰু তেওঁৰ তিনিজন লগৰৰ কথা শুনি ইলীহূৰ বহুত খং উঠিছিল। (ইয়ো. ৩২:২-৫) সেইবাবে, প্ৰথমে তেওঁ নিজৰ খং শান্ত কৰিলে। তেওঁ ইয়োবক বেয়াকৈ কোৱাৰ পৰিৱৰ্তে এজন বন্ধুৰ দৰে কথা পাতিলে আৰু তেওঁক শান্ত্বনা দিলে। তেওঁ ইয়োবক কʼলে, “চোৱা, ঈশ্বৰৰ দৃষ্টিত মইও তোমাৰ নিচিনা।” (ইয়োব ৩৩:৬, ৭ পঢ়ক ।) তাৰ পাছত ইলীহূৱে সেই গুৰুত্বপূৰ্ণ কথাবোৰ আকৌ উল্লেখ কৰিলে, যিবোৰ ইয়োবে নিজৰ ছটা উত্তৰত কৈছিল। (ইয়ো. ৩২:১১; ৩৩:৮-১১) এইদৰে ইলীহূৱে ইয়োবৰ কথা মন দি শুনিছিল বুলি দেখুৱালে। আগলৈ গৈও ইলীহূৱে ইয়োবক পৰামৰ্শ দিয়াৰ সময়ত তেওঁৰ কথাবোৰ আকৌ উল্লেখ কৰিছিল।—ইয়ো. ৩৪:৫, ৬, ৯; ৩৫:১-৪.
১১. ইলীহূৱে ইয়োবক কেনেকৈ পৰামৰ্শ দিলে? (ইয়োব ৩৩:১)
১১ ঈশ্বৰৰ বিশ্বাসী সেৱক ইয়োবক পৰামৰ্শ দিয়াৰ সময়ত ইলীহূৱে তেওঁৰ লগত সন্মানেৰে ব্যৱহাৰ কৰিলে। যেতিয়া ইয়োবৰ তিনিওজন বন্ধুৱে তেওঁৰ লগত কথা পাতিছিল, তেতিয়া তেওঁলোকে ইয়োবৰ এবাৰো নাম লোৱা নাছিল। কিন্তু ইলীহূৱে তেওঁৰ নাম লৈ তেওঁৰ লগত কথা পাতিলে। (ইয়োব ৩৩:১ পঢ়ক।) ইয়াৰ উপৰিও ইয়োব আৰু তেওঁৰ তিনিজন বন্ধুৱে যেতিয়া তৰ্কা-তৰ্কি কৰি আছিল, তেতিয়া হয়তো ইলীহূৰো কিবা কʼবলৈ মন গৈছিল, কিন্তু তেওঁ সুযোগ নাপালে। সেইবাবে, যেতিয়া তেওঁ ইয়োবক পৰামৰ্শ দিছিল, তেতিয়া তেওঁ কেৱল নিজেই কথা কোৱাৰ পৰিৱৰ্তে ইয়োবকো কʼবলৈ সুযোগ দিছিল। (ইয়ো. ৩২:৪; ৩৩:৩২) ইলীহূৱে স্পষ্টকৈ জনালে যে ইয়োবৰ কিছুমান কথা সঠিক নহয়। তেওঁ ইয়োবক এয়াও মনত পেলাই দিলে যে যিহোৱা বহুত বুদ্ধিমান হয়, তেওঁৰ বহুত শক্তি আছে, তেওঁ সদায় ন্যায় কৰে আৰু তেওঁৰ প্ৰেম অটুট হয়। (ইয়ো. ৩৬:১৮, ২১-২৬; ৩৭:২৩, ২৪) ইলীহূৱে ইয়োবক যিদৰে পৰামৰ্শ দিলে, তাৰ পৰা ইয়োবৰ হয়তো যিহোৱাৰ কথা শুনিবলৈ মন গʼল। (ইয়ো. ৩৮:১-৩) এই ঘটনাৰ পৰা ইস্ৰায়েলীসকলে কি শিকিব পাৰিলেহেঁতেন আৰু আজি আমি কি শিকিব পাৰোঁ?
১২. (ক) যিহোৱাই ইস্ৰায়েলত ভৱিষ্যবক্তাসকলক কিয় নিযুক্ত কৰিলে? (খ) ইস্ৰায়েলীসকলে ইলীহূৰ পৰা কি শিকিব পাৰিলেহেঁতেন?
১২ এই ঘটনাৰ পৰা ইস্ৰায়েলীসকলে কি শিকিব পাৰিলেহেঁতেন? যিহোৱাই ইস্ৰায়েলত ভৱিষ্যবক্তাসকলক বাছনি কৰিলে যাতে তেওঁলোকে ঈশ্বৰৰ লোকসকলক নিৰ্দেশনা দিব পাৰে আৰু শুধৰণি কৰিব পাৰে। যেনে, বিচাৰকৰ্তাসকলৰ সময়ত তেওঁ দবোৰা নামৰ এগৰাকী ভৱিষ্যবক্তাক নিযুক্ত কৰিলে, যিগৰাকীয়ে ইস্ৰায়েলীসকলক মাকৰ দৰে সঠিক পথ দেখুৱালে। লগতে চমূৱেলক সৰুৰে পৰা যিহোৱাই নিজৰ লোকসকলক নিৰ্দেশনা দিবলৈ ব্যৱহাৰ কৰিলে। (বিচা. ৪:৪-৭; ৫:৭; ১ চমূ. ৩:১৯, ২০) ৰজাবিলাকৰ সময়তো যিহোৱাই এজনৰ পাছত এজন ভৱিষ্যবক্তাক বাছনি কৰিলে যাতে তেওঁলোকে ঈশ্বৰৰ লোকসকলক সত্য উপাসনা কৰিবলৈ উৎসাহিত কৰিব পাৰে আৰু শুধৰণি কৰিব পাৰে। (২ চমূ. ১২:১-৪; পাঁচ. ৩:২৪) ভৱিষ্যবক্তা আৰু ঈশ্বৰৰ আন বিশ্বাসী সেৱকসকলে ইয়োবৰ কিতাপত উল্লেখ থকা ইলীহূৰ পৰা শিকিব পাৰিলেহেঁতেন যে পৰামৰ্শ দিয়াৰ সময়ত বা শুধৰণি কৰাৰ সময়ত তেওঁলোকে কি কʼব লাগে আৰু কেনেকৈ কʼব লাগে।
১৩. আমি ইলীহূৰ উদাহৰণৰ পৰা কি শিকিব পাৰোঁ?
১৩ এই ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ? সেই ভৱিষ্যবক্তাসকলৰ দৰে আজি আমিও বাইবেলৰ পৰা লোকসকলক ঈশ্বৰৰ ইচ্ছাৰ বিষয়ে জনাওঁ। ইয়াৰ উপৰিও, আমি ভাই-ভনীসকলক নিজৰ কথাৰে উৎসাহিত কৰোঁ আৰু শান্ত্বনা দিওঁ। (১ কৰি. ১৪:৩) সেইবাবে, সেই ভৱিষ্যবক্তাসকলৰ দৰে আমিও ইলীহূৰ পৰা বহুতো কথা শিকিব পাৰোঁ। প্ৰাচীনসকলে বিশেষকৈ এই কথাৰ ওপৰত ধ্যান দিয়া উচিত যে তেওঁলোকে যেন ‘নিজৰ কথাৰে’ ভাই-ভনীসকলক শান্ত্বনা দিয়ে আৰু মৰমেৰে কথা পাতে, তেতিয়াও যেতিয়া ভাই-ভনীসকলে দুখৰ কাৰণে নভবা-নিচিন্তাকৈ কথা কয়।—১ থিচ. ৫:১৪; ইয়ো. ৬:৩.
১৪-১৫. প্ৰাচীনসকলে পৰামৰ্শ দিয়াৰ সময়ত ইলীহূৰ পৰা কি শিকিব পাৰে? বুজাওক।
১৪ কল্পনা কৰক, এজন প্ৰাচীনে গʼম পাই যে তেওঁৰ মণ্ডলীৰ এজনী ভনী বহুত নিৰাশাত আছে। সেইবাবে, ভনীজনীক শান্ত্বনা দিবলৈ তেওঁ এজন ভাইৰ লগত সেই ভনীজনীক লগ কৰিবলৈ যায়। ভনীজনীয়ে কয় যে যদিও তেওঁ সভালৈ যায়, প্ৰচাৰলৈ যায়, তথাপিও তেওঁ ভিতৰৰ পৰা আনন্দিত নাই। এনে পৰিস্থিতিত সেই প্ৰাচীনজনে কি কৰিব?
১৫ প্ৰাচীনজনে প্ৰথমে বুজিবলৈ চেষ্টা কৰিব যে ভনীজনী কিয় নিৰাশাত আছে। ইয়াৰ বাবে তেওঁ তাইক কিছুমান প্ৰশ্ন সুধিব পাৰে আৰু তাইৰ কথা মন দি শুনিব পাৰে। তেওঁ এয়াও জানিবলৈ চেষ্টা কৰিব যে ভনীজনীক এনেতো লগা নাই যে তাই যিহোৱাৰ প্ৰেমৰ যোগ্য নহয় অথবা “জীৱনৰ চিন্তাৰ” কাৰণে তাই ভাগৰিতো পৰা নাই। (লূক ২১:৩৪) দ্বিতীয়তে, প্ৰাচীনজনে এই বিষয়েও চিন্তা কৰিব যে তাইক কি কি কথাৰ কাৰণে প্ৰশংসা কৰিব পাৰে। যেনে, ভনীজনীয়ে ইমান সমস্যাৰ সত্ত্বেও সভা আৰু প্ৰচাৰলৈ গৈ আছে, তাৰ বাবে প্ৰশংসা কৰিব পাৰে। তৃতীয়তে, ভনীজনীৰ পৰিস্থিতিৰ বিষয়ে ভালদৰে বুজাৰ পাছত প্ৰাচীনজনে তাইক বাইবেলৰ পৰা উৎসাহিত কৰিব আৰু যিহোৱাই তাইক বহুত প্ৰেম কৰে বুলি বিশ্বাস জন্মাব।—গালা. ২:২০.
ইয়োবৰ কিতাপৰ পৰা শিকি থাকক
১৬. ইয়োবৰ কিতাপৰ পৰা আৰু বহুতো কথা শিকিবলৈ আমি কি কৰিব পাৰোঁ?
১৬ ইয়োবৰ কিতাপৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। যেনে, আগৰ লেখত আমি শিকিলোঁ যে ঈশ্বৰে কিয় দুখ-কষ্ট থাকিবলৈ দিছে আৰু দুখ-কষ্টৰ সময়ছোৱাত আমি কেনেকৈ ধৈৰ্য ধৰিব পাৰোঁ। এই লেখত আমি শিকিলোঁ যে যদি আমি ভাল পৰামৰ্শ দিব বিচাৰোঁ, তেনেহʼলে ইয়োবৰ তিনিজন লগৰৰ নিচিনা নহয়, কিন্তু ইলীহূৰ নিচিনা পৰামৰ্শ দিয়া উচিত। গতিকে, এতিয়াৰ পৰা কাৰোবাক পৰামৰ্শ দিয়াৰ আগতে আপুনি ইয়োবৰ কিতাপৰ শিকিলে, সেয়া মনত ৰাখক। যদি আপুনি ইয়োবৰ কিতাপ পঢ়া কিছু সময় হৈ গৈছে, তেনেহʼলে আকৌ এবাৰ পঢ়িবলৈ লক্ষ্য ৰাখিব পাৰে নে? এইদৰে কৰিলে আপুনি নিশ্চয় বহুতো ভাল ভাল কথা শিকিব পাৰিব।
গীত নং ১১০ যিহোৱাই আনন্দ দিয়ে
a এনে লাগে যেন এজন দুষ্ট স্বৰ্গদূতে ইলীফজৰ বিশ্বাস জন্মাবলৈ চেষ্টা কৰিছিল যে যিহোৱাৰ দৃষ্টিত কোনো মানুহ ভাল নহয় আৰু আমি তেওঁক আনন্দিত কৰিব নোৱাৰোঁ। ইলীফজে তাৰ কথাৰ ওপৰত বিশ্বাস কৰিলে। সেইবাবে, ইয়োবৰ লগত কথা পাতোঁতে ইলীফজে বাৰে বাৰে এই কথা উল্লেখ কৰিছিল।—ইয়ো. ৪:১৭; ১৫:১৫, ১৬; ২২:২.