ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 ডিচেম্বৰ পৃষ্ঠা ২০-২৫
  • আপুনি নিজৰ বিয়াত কেনেকৈ যিহোৱাক আদৰ দিব পাৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি নিজৰ বিয়াত কেনেকৈ যিহোৱাক আদৰ দিব পাৰে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱাৰ কিয় আদৰ কৰা উচিত?
  • যিহোৱাৰ আদৰ কেনেকৈ কৰিব পাৰি?
  • আহিবলগীয়া সমস্যাবোৰ পাৰ কৰিবলৈ কি কৰিব পাৰি?
  • বিবাহ আয়োজনত জগতৰ প্ৰভাৱ পৰিবলৈ নিদিব
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 ডিচেম্বৰ পৃষ্ঠা ২০-২৫

অধ্যয়নৰ লেখ ৫১

গীত নং ১৩২ এতিয়া আমি এক দেহ হʼলোঁ

আপুনি নিজৰ বিয়াত কেনেকৈ যিহোৱাক আদৰ দিব পাৰে?

“সকলো কথা পৰিপাটিকৈ আৰু সংগঠিতভাৱে হওক।”—১ কৰি. ১৪:৪০.

কি শিকিম?

যেতিয়া খ্ৰীষ্টান ভাই আৰু ভনীয়ে নিজৰ বিয়াৰ কাৰণে তৈয়াৰী কৰে, তেতিয়া তেওঁলোকে কেনেকৈ যিহোৱাৰ আদৰ কৰিব পাৰে?

১-২. যিসকলৰ বিয়া হʼবলগীয়া আছে, যিহোৱাই তেওঁলোকৰ পৰা কি বিচাৰে?

আপোনাৰ বিয়া ঠিক হৈছে নে? যদি হৈছে, তেনেহʼলে এই দিনটো আপোনাৰ জীৱনৰ আটাইতকৈ আনন্দৰ সময় হয়। আপুনি নিশ্চয় বিয়াৰ তৈয়াৰী কৰাত ব্যস্ত হৈ পৰিছে। আপোনাৰ কাৰণে বিয়াৰa দিন আনন্দৰ দিন হোৱাটো আৰু আটাইতকৈ ভাল দিন হৈ পৰাটো যিহোৱাই বিচাৰে। লগতে আপোনালোকে সদায় এজনে-আনজনৰ লগত সুখ আৰু আনন্দত থকাটোও তেওঁ বিচাৰে।—হিতো. ৫:১৮; পৰ. ৩:১১.

২ আপোনাৰ বিয়াৰ পৰা যিহোৱাৰ আদৰ হোৱা উচিত। এয়া কিয় গুৰুত্বপূৰ্ণ আৰু এয়া আপুনি কেনেকৈ কৰিব পাৰে? যদিও এই লেখ বিয়া কৰিবলগীয়া খ্ৰীষ্টান ভাই আৰু ভনীৰ কাৰণে হয়, যিসকলে নিজৰ বিয়াৰ কাৰণে তৈয়াৰী কৰি আছে, তথাপি ইয়াত দিয়া সিদ্ধান্তবোৰ মানি চলিলে আমি সকলোৱে যিহোৱাৰ আদৰ কৰিব পাৰিম। যদি আমাক কোনোবাই নিজৰ বিয়ালৈ মাতে বা নিজৰ বিয়াৰ ব্যৱস্থা কৰিবলৈ আমাৰ পৰা কিবা পৰামৰ্শ বিচাৰে, তেতিয়াও আমি ইয়াত দিয়া সিদ্ধান্তবোৰ মনত ৰাখিব পাৰোঁ।

যিহোৱাৰ কিয় আদৰ কৰা উচিত?

৩. যিসকলে বিয়া কৰাৰ বিষয়ে চিন্তা কৰি আছে, তেওঁলোকে কি কথা মনত ৰখা উচিত আৰু কিয়?

৩ যিসকলে বিয়া কৰিবলৈ গৈ আছে, তেওঁলোকে বাইবেলত দিয়া সিদ্ধান্তবোৰৰ অনুসৰি সকলো নিৰ্ণয় লোৱা উচিত। কিয় বাৰু? কাৰণ যিহোৱাই বিয়াৰ ব্যৱস্থাৰ আৰম্ভণি কৰিছিল। তেৱেঁই আদম আৰু হৱাক বিয়াৰ বান্ধোনত বান্ধিছিল। (আদি. ১:২৮; ২:২৪) সেইবাবে, যিসকলে বিয়াৰ কাৰণে তৈয়াৰী কৰি আছে, তেওঁলোকে যিহোৱাৰ চিন্তাধাৰা মনত ৰখা উচিত আৰু তাৰ অনুসৰি সকলো কাম কৰা উচিত।

৪. বিয়া কৰিবলগীয়া ভাই আৰু ভনীয়ে নিজৰ বিয়াৰ দিনাখন কিয় যিহোৱাৰ আদৰ কৰা উচিত?

৪ বিয়াৰ তৈয়াৰী কৰাৰ সময়ত আপুনি যিহোৱাৰ চিন্তাধাৰা মনত ৰখাৰ এটা ডাঙৰ কাৰণ হৈছে যিহোৱা আপোনাৰ পিতৃ হয় আৰু তেওঁ আপোনাৰ আটাইতকৈ ভাল বন্ধু হয়। (ইব্ৰী ১২:৯) ইয়াত কোনো সন্দেহ নাই যে যিহোৱাৰ লগত থকা আপোনাৰ এই সম্পৰ্ক সদায় থকাটো আপুনি বিচাৰে। সেইবাবে, আপুনি নিশ্চয় আপোনাৰ বিয়াৰ দিনা বা বেলেগ দিনা এনে একো হোৱাটো নিবিচাৰে, যাৰ পৰা আপোনাৰ বন্ধুক দুখ লাগিব পাৰে। (গীত. ২৫:১৪) যেতিয়া আপুনি চিন্তা কৰিব যে এতিয়ালৈকে যিহোৱাই আপোনাৰ বাবে কি কি কৰিলে আৰু আগলৈ কি কি কৰিব, তেতিয়া তেওঁৰ প্ৰতি আপোনাৰ কৃতজ্ঞতা বাঢ়িব। আৰু ইয়াৰ বাবে আপুনি নিজৰ বিয়াৰ তৈয়াৰী এনেদৰে কৰিব পাৰিব, যাৰ পৰা যিহোৱাৰ আদৰ হয়।—গীত. ১১৬:১২.

যিহোৱাৰ আদৰ কেনেকৈ কৰিব পাৰি?

৫. বিয়াৰ বাবে তৈয়াৰী কৰাৰ সময়ত ভাই আৰু ভনীয়ে বাইবেলৰ পৰা কেনেকৈ সহায় পাব পাৰে?

৫ বিয়াৰ ভাষণ আৰু তাৰ পাছত খোৱা-বোৱাৰ যি ব্যৱস্থা কৰা হয়, তাৰ বিষয়ে বাইবেলত নিয়মৰ কোনো তালিকা দিয়া নাই। সেইবাবে, বিয়া কৰিবলগীয়া ভাই আৰু ভনীয়ে নিজৰ পৰিস্থিতি, নিজৰ সংস্কৃতি আৰু নিজৰ পচন্দৰ অনুসৰি বিয়াৰ বাবে তৈয়াৰী কৰিব পাৰে। কিন্তু খ্ৰীষ্টানসকলে বিয়াৰ বিষয়ে চৰকাৰৰ নিয়ম মানি চলাটো অতি প্ৰয়োজন। (মথি ২২:২১) তেওঁলোকে নিজৰ বিয়াৰ কাৰণে যিয়ে তৈয়াৰী নকৰক কিয়, যদি তেওঁলোকে সেয়া বাইবেলৰ সিদ্ধান্ত মনত ৰাখি কৰে, তেনেহʼলে তেওঁলোকে যিহোৱাৰ আদৰ কৰিব আৰু ইয়াৰ পৰা যিহোৱাৰ মন আনন্দিত হʼব। কিন্তু প্ৰশ্ন হৈছে, তেওঁলোকে কি কি সিদ্ধান্ত মনত ৰাখিব পাৰে?

৬. বিয়া কৰিবলগীয়া ভাই আৰু ভনীয়ে বিয়াৰ বিষয়ে দিয়া চৰকাৰৰ নিয়ম মানি চলাটো কিয় অতি প্ৰয়োজন?

৬ চৰকাৰৰ নিয়মবোৰ মানি চলক। (ৰোম. ১৩:১, ২) বেছিভাগ দেশত চৰকাৰে বিয়াৰ বিষয়ে কিছুমান নিয়ম বনায়। সেইবাবে, বিয়া কৰিবলগীয়া ভাই আৰু ভনীয়ে সেই নিয়মবোৰ মানি চলা উচিত। তেওঁলোকে বিয়া কৰাৰ আগতে জানিবলৈ চেষ্টা কৰা উচিত যে বিয়াৰ বিষয়ে তেওঁলোকৰ দেশ বা এলেকাত কি নিয়ম আছে। ইয়াৰ বিষয়ে যদি তেওঁলোকে আৰু বেছিকৈ জানিব বিচাৰে বা কিবা প্ৰশ্ন আছে, তেনেহʼলে তেওঁলোকে প্ৰাচীনৰ পৰা সহায় লʼব পাৰে।b

৭. বিয়াৰ দিনাখন কেনে পৰিৱেশ হোৱা উচিত আৰু ইয়াৰ বাবে কি কৰিব পাৰি?

৭ ভাল পৰিৱেশ গঢ়ি তোলক। (১ কৰি. ১০:৩১, ৩২) বিয়াৰ দিনাখন এনে পৰিৱেশ গঢ়ি তোলা উচিত যাৰ পৰা জগতৰ চিন্তাধাৰা নহয়, কিন্তু পবিত্ৰ শক্তিৰ ফল দেখিবলৈ পোৱা যায়। (গালা. ৫:১৯-২৬) আগলৈ গৈ দৰাজন পৰিয়ালৰ মুৰব্বী হʼব। সেইবাবে, বিয়াৰ গোটেইখিনি ব্যৱস্থা ভালদৰে হোৱা, সকলোৱে বিয়াত আনন্দ লোৱা আৰু যিহোৱাৰ মহিমা হোৱাটো তেওঁৰ দায়িত্ব হয়। ইয়াৰ বাবে কি কৰিব পাৰি? এই দিনাখন বাইবেল আধাৰিত বিয়াৰ ভাষণৰ ব্যৱস্থা কৰিব পাৰি। ভাষণ দিয়া ভাইজনে যেতিয়া প্ৰেম আৰু আদৰেৰে ভাষণ দিয়ে, তেতিয়া উপস্থিত থকা লোকসকলে বুজিব পাৰে যে বিয়া ঈশ্বৰৰ ফালৰ পৰা পোৱা এক উপহাৰ হয় আৰু বিয়া কিমান গম্ভীৰ বিষয় হয়। সেইবাবে, যদি সম্ভৱ হয়, তেনেহʼলে বেছিভাগ ভাই-ভনীয়ে নিজৰ বিয়াৰ ভাষণ ৰাজ্যগৃহত থয়। যদি আপুনি নিজৰ বিয়াৰ ভাষণ ৰাজ্যগৃহত থʼব বিচাৰে, তেনেহʼলে বিয়াৰ বহুত আগতেই ইয়াৰ বাবে মণ্ডলীৰ প্ৰাচীন গোষ্ঠীলৈ চিঠি লিখিব পাৰে।

৮. বিয়াৰ ভোজত ভাল পৰিৱেশ গঢ়ি তুলিবলৈ আপুনি কি কৰিব পাৰে? (ৰোমীয়া ১৩:১৩)

৮ ৰোমীয়া ১৩:১৩ পঢ়ক। যদি আপুনি বিয়াত খোৱা-বোৱাৰ ব্যৱস্থা কৰিব বিচাৰে, তেনেহʼলে তাত যেন জগতৰ চিন্তাধাৰা দেখা পোৱা নাযায়, তাৰ বাবে আপুনি কি কৰিব পাৰে? ৰোমীয়া ১৩:১৩ পদত যি গ্ৰীক শব্দৰ অনুবাদ ‘নিয়ন্ত্ৰণ নোহোৱাকৈ আনন্দ-ফূৰ্তি কৰা’ বুলি কৰা হৈছে, সেয়া এনে ভোজ হʼব পাৰে, যʼত প্ৰয়োজনতৈ বেছি মদ খোৱা হৈছিল আৰু ৰাতি দেৰিলৈকে গান বজোৱা হৈছিল। যদি আপুনি নিজৰ আলহীৰ কাৰণে মদ ৰাখিব বিচাৰে, তেনেহʼলে কোনেও যেন বেছিকৈ মদ নাখায়, তাৰ প্ৰতি ধ্যান দিয়ক।c আপুনি যদি গান বজোৱাৰ ব্যৱস্থাও কৰিব বিচাৰে, তেনেহʼলে ধ্যান দিয়ক যে গান যেন ইমান জোৰকৈ নবজায়, যাৰ বাবে আলহীসকলে এজনে-আনজনৰ লগত কথাই পাতিব নোৱাৰে। লগতে কেনেধৰণৰ গান বাছনি কৰিব আৰু গানৰ লিৰিক্স কেনেকুৱা হʼব, তাৰ প্ৰতিও ধ্যান দিয়ক। আপুনি যিয়েই গান বাছনি নকৰক কিয়, তাৰ পৰা আনে উজুটি খোৱা উচিত নহয়।

৯. যদি আপোনাৰ বিয়াত কোনোবাই দুই-এষাৰ কʼব বিচাৰে বা কোনো ধৰণৰ মনোৰঞ্জনৰ ব্যৱস্থা কৰা হয়, তেনেহʼলে আপুনি কি কি কথা ধ্যান দিয়া উচিত?

৯ বিয়াৰ দিনাখন যদি আপুনি কিবা ভিডিঅʼ বা ফটো দেখুৱাব বিচাৰে বা কিবা মনোৰঞ্জন কৰিব বিচাৰে বা পৰিয়ালৰ লোক বা বন্ধুৱে দুই-এষাৰ কʼব বিচাৰে, তেনেহʼলে এনে পৰিস্থিতিত কি কৰা উচিত? বিয়াৰ দিনাখন এনে ব্যৱস্থা কৰিলে বিয়াৰ দিনটো আৰু বিশেষ হৈ পৰে। কিন্তু আপুনি যিয়েই নকৰক কিয়, তাৰ পৰা আনে উৎসাহিত হোৱা উচিত। (ফিলি. ৪:৮) সেইবাবে, নিজকে সোধক, ইয়াৰ পৰা আনৰ আদৰ হʼব নে? ইয়াৰ পৰা বিয়াৰ ব্যৱস্থাৰ শোভা বাঢ়িব নে? আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে ইয়াৰ পৰা যিহোৱাৰ আদৰ হʼব নে? অলপ হাঁহি-ধেমালি কৰাত কোনো ভুল নাই। কিন্তু এনে একো কৰা বা কোৱা উচিত নহয়, যিবোৰ যিহোৱাৰ দৃষ্টিত ভুল হয়। যেনে, কোনো ধৰণৰ অশ্লীল ধেমালি কৰা উচিত নহয়। (ইফি. ৫:৩) যদি আপোনাৰ পৰিয়াল বা বন্ধুৱে কিবা কʼব বিচাৰে, তেনেহʼলে তেওঁলোকক আগতিয়াকৈ জনাওক যে তেওঁলোকে কি কোৱা উচিত নহয় আৰু আপোনাৰ ভৰসা হোৱা উচিত যে তেওঁলোকে আপোনাৰ কথা ৰাখিব।

১০. বিয়াৰ তৈয়াৰী কৰাৰ সময়ত ভাই আৰু ভনীয়ে কিয় নিজৰ সীমাত থকা উচিত? (১ যোহন ২:১৫-১৭)

১০ নিজৰ সীমাত থাকক। (১ যোহন ২:১৫-১৭ পঢ়ক।) যিহোৱাৰ সেৱকে যেতিয়া নিজৰ সীমাত থাকে আৰু আনৰ ধ্যান নিজৰ ফালে আকৰ্ষিত কৰাৰ পৰিৱৰ্তে যিহোৱাৰ আদৰ কৰে, তেতিয়া ইয়াৰ পৰা যিহোৱা আনন্দিত হয়। নিজৰ সীমাত থকা খ্ৰীষ্টানে বিয়াত বেছি টকা-পইচা খৰচ নকৰে আৰু “নিজৰ বস্তুবোৰক লৈ গৰ্ব” বা ফিতাহি নামাৰে। যদি আপুনি বিয়াৰ ব্যৱস্থাবোৰ কৰাৰ সময়ত এইবোৰ কথা মনত ৰাখে, তেনেহʼলে ইয়াৰ পৰা কি লাভ হʼব? মন কৰক নৰৱেত থকা ভাই মাইকে কি কৈছে, “আমি বিয়াৰ কাৰণে কোনো ধাৰ নলʼলোঁ। সেইবাবে, আমি পায়নিয়াৰ সেৱা কৰি থাকিব পাৰিলোঁ। আমাৰ বিয়া ধুম-ধামেৰে নাপাতিলোঁ, কিন্তু সকলোবোৰ ভালে ভালে হৈ গʼল। আমাক নিজৰ বিয়াৰ দিনটো সদায় মনত থাকিব।” ভাৰতত থকা ভনী টেবিথাই এইদৰে কৈছে, “আমি বিয়াত বেছি একো নকৰিলোঁ, যাৰ বাবে আমি ইমান চিন্তা কৰিবলগীয়া নহʼল আৰু আমি বহুত বেছি তৈয়াৰীও কৰিবলগীয়া নহʼল। এনে খুব কমেই বিষয় আছিল, যʼত আমাৰ কথাবোৰ এজনে-আনজনৰ লগত মিল খোৱা নাছিল।”

ছবি: বেলেগ বেলেগ ঠাইৰ ভাই-ভনীসকলে বিয়াৰ দিনাখন আনন্দ কৰি আছে। ১. এজন ভায়ে ৰাজ্যগৃহত বিয়াৰ ভাষণ দি আছে আৰু দৰা-কইনাই তেওঁৰ সন্মুখত বহি আছে। ২. বিয়াত খোৱা-বোৱাৰ ব্যৱস্থা বাহিৰত মুকলি ঠাইত কৰা হৈছে। তাত এহাল দম্পতীয়ে দৰা-কইনাক শুভেচ্ছা জনাই আছে। ৩. দৰা-কইনাই খানা খাবলৈ বাকী আলহীসকলৰ লগত লাইনত থিয় হৈ আছে। ৪. এজন ভায়ে মুকলি ঠাইত বিয়াৰ ভাষণ দি আছে আৰু তেওঁৰ সন্মুখত দৰা-কইনা থিয় হৈ আছে।

দৰা-কইনা যʼতেই নাথাকক কিয়, এনে এক বিয়া কৰাটো সম্ভৱ যি সীমাত থাকি কৰা হয়, যʼত আনন্দৰ পৰিৱেশ হয় আৰু যি সদায় মনত থাকে (অনুচ্ছেদ ১০-১১ চাওক)


১১. দৰা-কইনাই যি কাপোৰ পিন্ধে, সেয়া শালীন হয় বুলি কেনেকৈ দেখুৱাব পাৰে? (ছবিবোৰো চাওক।)

১১ আপুনি নিজৰ বিয়াৰ দিনাখন কি পিন্ধিব? সকলোৱে নিজৰ বিয়াৰ দিনাখন নিজকে ভাল দেখাটো বিচাৰে। বাইবেলৰ পৰা জানিব পাৰি যে প্ৰাচীন সময়তো দৰা-কইনাই ভালদৰে সাজি-কাচি তৈয়াৰ হৈছিল। (যিচ. ৬১:১০) আপুনি হয়তো বিয়াৰ দিনাখন কিবা বিশেষ কাপোৰ পিন্ধিব বিচাৰে, সেই সময়ত মনত ৰাখিব যে আপোনাৰ কাপোৰ শালীন আৰু পৰিপাটি হোৱা উচিত। (১ তীম. ২:৯) আপুনি এয়াও মনত ৰাখিব যে বিয়াৰ দিনাখন আপোনাৰ কাপোৰ-কানি বা সাজোন-কাচোন অথবা আন কিবা বস্তু আটাইতকৈ ডাঙৰ বিষয় হৈ নপৰক।—১ পিত. ৩:৩, ৪.

১২. বিয়া কৰিবলগীয়া ভাই আৰু ভনীয়ে নিজৰ বিয়াত মিছা ৰীতি-নীতিবোৰ যাতে পালন নকৰে, তাৰ প্ৰতি তেওঁলোকে কিয় ধ্যান দিয়া উচিত?

১২ মিছা ৰীতি-নীতিৰ পৰা দূৰে থাকক। (প্ৰকা. ১৮:৪) চয়তানৰ এই জগতত বিয়াৰ বিষয়ে এনে বহুতো ৰীতি-নীতি আছে, যিবোৰ যাদুবিদ্যা, অন্ধবিশ্বাস আৰু মিছা শিক্ষাৰ লগত জড়িত আছে। যিহোৱাই আমাক স্পষ্টকৈ জনাইছে যে আমি অশুচি বস্তুবোৰৰ পৰা দূৰে থকা উচিত। (২ কৰি. ৬:১৪-১৭) আপোনাৰ এলেকাত হয়তো এনে ৰীতি-নীতিবোৰ পালন কৰা হয়, যিবোৰ পালন কৰিব লাগে নে নালাগে, তাৰ বিষয়ে আপোনাৰ সন্দেহ আছে। এনে ক্ষেত্ৰত আপুনি কি কৰিব পাৰে? আপুনি অনুসন্ধান কৰিব পাৰে যে সেই ৰীতি-নীতিৰ আৰম্ভণি কেনেকৈ হʼল। ইয়াৰ উপৰিও, বাইবেলৰ সিদ্ধান্তৰ বিষয়েও চিন্তা কৰক আৰু নিৰ্ণয় লওক যে সেই ৰীতি-নীতি পালন কৰিব নে নকৰে।

১৩. ভাই আৰু ভনীয়ে উপহাৰ লোৱাৰ সময়ত কেনেকৈ যিহোৱাৰ দৰে হʼব পাৰে?

১৩ আপোনাৰ এলেকাত হয়তো দৰা-কইনাক কিবা উপহাৰ দিয়াৰ পৰম্পৰা আছে। সেইবাবে, আলহীয়ে হয়তো নিজৰ সামৰ্থৰ অনুসৰি দামী উপহাৰ দিয়ে বা কিছুমানে সৰু-সুৰা উপহাৰ দিয়ে। বাইবেলেও আমাক উৎসাহিত কৰিছে যে আমি উদাৰশীল হʼব লাগে আৰু সেই আনন্দ পাব লাগে, যি আনক দিলে পোৱা যায়। (হিতো. ১১:২৫; পাঁচ. ২০:৩৫) কিন্তু আমি নিজৰ আলহীক কোনো ধৰণৰ হেঁচা দিব নিবিচাৰোঁ যে তেওঁলোকে কিবা নহয় কিবা উপহাৰ দিবই লাগিব বা দামী উপহাৰ দিবই লাগিব। এই ক্ষেত্ৰত আমি যিহোৱাৰ দৰে হʼব পাৰোঁ। তেওঁ কেতিয়াও কাৰো লগত জোৰ-জবৰদস্তি নকৰে, ইয়াৰ পৰিৱৰ্তে প্ৰতিজনে নিজৰ পৰিস্থিতিৰ অনুসৰি আনন্দেৰে তেওঁক দিয়াটো বিচাৰে।—২ কৰি. ৯:৭.

আহিবলগীয়া সমস্যাবোৰ পাৰ কৰিবলৈ কি কৰিব পাৰি?

১৪. কিছুমান ভাই আৰু ভনীয়ে কি কি সমস্যাৰ সন্মুখীন হʼব পাৰে?

১৪ আপোনাৰ বিয়াৰ পৰা যিহোৱাৰ আদৰ হোৱাটো আপুনি বিচাৰে, কিন্তু ইয়াৰ বাবে তৈয়াৰী কৰাৰ সময়ত কিছুমান সমস্যা আহিব পাৰে। যেনে, আপুনি হয়তো আপোনাৰ বিয়াখন সৰুকৈ পাতিব বিচাৰে, কিন্তু এইদৰে কৰিবলৈ কঠিন হʼব পাৰে। চলোমন দ্বীপত থকা ভাই চাৰ্লীয়ে কৈছে, “আমাৰ বিয়াত কাক কাক মাতিম, এয়া নিৰ্ণয় লোৱাটো আমাৰ বাবে কঠিন আছিল। কাৰণ আমাৰ বহুতো বন্ধু আছে আৰু আমাৰ ইয়াত সকলোৱে আশা কৰে যে বিয়াত তেওঁলোকক মতা হʼব।” ওপৰত উল্লেখ কৰা ভনী টেবিথাই কৈছে, “আমাৰ ইয়াৰ বিয়াত বহুতো লোকক মতা হয়। কিন্তু আমি কেৱল ১০০ জন লোকক মাতিবলৈ নিৰ্ণয় লʼলোঁ। এই কথা মানি লʼবলৈ মা-দেউতাৰ অলপ সময় লাগিল।” ভাৰতত থকা ভনী চাৰাই কৈছে, “আমাৰ ইয়াত লোকসকলে মন কৰে যে বিয়াত কিমান টকা খৰচ কৰা হৈছে। মোৰ বৰ্ত্তা আৰু খোড়াৰ লʼৰা-ছোৱালীৰ বিয়াত খুব টকা-পইচা খৰচ কৰা হৈছিল। সেইবাবে, মোৰ বিয়াখনো ধুম-ধামেৰে কৰিবলৈ আনে মোক হেঁচা দিবলৈ ধৰিলে।” আপুনি এনে ধৰণৰ সমস্যা কেনেকৈ পাৰ কৰিব পাৰে?

১৫. বিয়াৰ বাবে তৈয়াৰী কৰাৰ সময়ত প্ৰাৰ্থনা কৰাটো কিয় অতি প্ৰয়োজন?

১৫ বিয়াৰ কাৰণে তৈয়াৰী কৰাৰ সময়ত প্ৰাৰ্থনা কৰক। আপুনি কি কি বিষয়ক লৈ চিন্তিত হৈ আছে আৰু কেনে অনুভৱ কৰিছে, তাৰ বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে। (ফিলি. ৪:৬, ৭) কোনো নিৰ্ণয় লʼবলৈ সহায় বিচাৰি আৰু কিবা চিন্তাই যেতিয়া আমনি কৰে, তেতিয়া মনৰ শান্তি বিচাৰি তেওঁলৈ প্ৰাৰ্থনা কৰক। কেতিয়াবা কেতিয়াবা কিবা কাম কৰিবলৈ সাহসৰ প্ৰয়োজন হয়, তেতিয়াও সাহস বিচাৰি প্ৰাৰ্থনা কৰিব পাৰে। (১ পিত. ৫:৭) তাৰ পাছত আপুনি যেতিয়া মন কৰিব যে যিহোৱাই আপোনাৰ বাবে কি কি কৰিছে, তেতিয়া যিহোৱাৰ ওপৰত আপোনাৰ ভৰসা বাঢ়িব। টেবিথাই এয়াও কৈছে, “মই আৰু মোৰ হʼবলগীয়া স্বামীয়ে চিন্তিত আছিলোঁ যে বিয়াৰ ব্যৱস্থাৰ বিষয়ে কথা পতাৰ সময়ত আমি দুয়োজনৰ আৰু পৰিয়ালৰ মাজত হোৱা কথা মিল খাব নে নাই। সেইবাবে, প্ৰতিবাৰে কথা পতাৰ আগতে আমি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ। এইদৰে কৰাৰ বাবে আমি যিহোৱাৰ সহায় অনুভৱ কৰিলোঁ আৰু শান্তিৰ পৰিৱেশৰ আনন্দ লʼব পাৰিলোঁ।”

১৬-১৭. বিয়াৰ তৈয়াৰী কৰাৰ সময়ত সকলোৰে মাজত ভালদৰে কথা-বতৰা হোৱাটো কিয় অতি প্ৰয়োজন?

১৬ মৰমেৰে আৰু সন্মানেৰে খুলি কথা পাতক। (হিতো. ১৫:২২) আপুনি বিয়াৰ লগত জড়িত বহুতো নিৰ্ণয় লʼবলগীয়া হয়। যেনে, কোন তাৰিখে বিয়া পাতিব, কিমান খৰচ কৰিব, কাক কাক মাতিব, এনেধৰণৰ আৰু বহুতো বিষয়। সেইবাবে, যিকোনো নিৰ্ণয় লোৱাৰ আগতে একেলগে মিলি কথা পাতক যে এই বিষয়ে আৰু কি কি কৰিব পাৰি। ইয়াৰ লগতে বাইবেলৰ সিদ্ধান্তৰ বিষয়ে চিন্তা কৰিব পাৰে আৰু পৰিপক্ক বা অভিজ্ঞতা থকা ভাই-ভনীৰ পৰা পৰামৰ্শ লʼব পাৰে। আপুনি কি বিচাৰে, তাৰ বিষয়ে যেতিয়া আনক জনায়, তেতিয়া মৰমেৰে কথা পাতক, আনক বুজিবলৈ চেষ্টা কৰক আৰু সলনি কৰিবলৈ সাজু থাকক। যদি আপোনাৰ মা-দেউতাই কিবা কৰিবলৈ কয়, যি আপুনি কৰিব পাৰে, তেনেহʼলে সেয়া কৰক। কিয়নো আপোনাৰ বিয়াখন তেওঁলোকৰ বাবেও বিশেষ হয়। যদি আপুনি তেওঁলোকৰ মতে কৰিব নোৱাৰে, তেনেহʼলে মৰমেৰে তাৰ কাৰণ বুজাওক। (কল. ৪:৬) তেওঁলোকক জনাওক যে আপোনাৰ বিয়াৰ দিনাখন আনন্দৰ পৰিৱেশ হোৱাটো আৰু তাৰ পৰা যিহোৱাৰ আদৰ হোৱাটো আপুনি বিচাৰে।

১৭ যদি আপোনাৰ মা-দেউতা সত্যত নাই, তেনেহʼলে নিজৰ পচন্দৰ বিষয়ে জনাবলৈ আপোনাক কঠিন লাগিব পাৰে। কিন্তু চিন্তা নকৰিব, এইদৰে আপুনি কৰিব পাৰিব। ভাৰতত থকা ভাই চন্তুছে এইদৰে কৈছে, “আমাৰ দুয়োজনৰে পৰিয়াল হিন্দু হয়। সেইবাবে, আমি বিয়াত তেওঁলোকৰ কিছুমান ৰীতি-নীতি পালন কৰাটো তেওঁলোকে বিচাৰিছিল। আমি এই ৰীতি-নীতিবোৰ কিয় পালন নকৰিম, এই বিষয়ে বুজাবলৈ বহুত সময় লাগিল। কিন্তু তেওঁলোকে কোৱা যিবোৰ কথা যিহোৱাৰ বিৰুদ্ধে নাছিল, সেইবোৰ আমি কৰিলোঁ। যেনে, আমি আগতেই ভাবি থৈছিলোঁ যে আমি খোৱা-বোৱাত কি কি দিম, কিন্তু তেওঁলোকৰ পচন্দৰ অনুসৰি আমি তাত সাল-সলনি কৰিলোঁ। আৰু আমি বিয়াত নাচ-গানৰ ব্যৱস্থা কৰিম বুলি ভাবিছিলোঁ, কিন্তু নকৰিলোঁ, কিয়নো তেওঁলোকক সেইবোৰ ভাল নালাগিব।”

১৮. বিয়াৰ দিনাখন সকলোবোৰ ভালে ভালে হʼবলৈ আপুনি কি কৰিব পাৰে? (১ কৰিন্থীয়া ১৪:৪০) (ছবিখনো চাওক।)

১৮ ভালদৰে পৰিকল্পনা কৰক। যদি আপুনি বিয়াৰ আগতেই ভালদৰে পৰিকল্পনা কৰে আৰু সকলোবোৰ আগতিয়াকৈ ভাবি থয়, তেনেহʼলে বিয়াৰ দিনা আপুনি বেছি চিন্তা কৰিবলগীয়া নহʼব। (১ কৰিন্থীয়া ১৪:৪০ পঢ়ক।) টাইবানত থকা ভাই বেনে কৈছে, “যিসকল ভাই-ভনীয়ে বিয়াৰ ব্যৱস্থাৰ চোৱা-চিতা কৰিবলগীয়া আছিল, তেওঁলোকৰ লগত আমি বিয়াৰ কিছুদিনৰ আগতে এখন মিটিং থʼলোঁ। বিয়াৰ দিনাখন যাতে সকলো ভালে ভালে হয়, তাৰ বাবে আমি তেওঁলোকৰ লগত সকলো ব্যৱস্থাৰ বিষয়ে কথা পাতিলোঁ আৰু বিয়াৰ লগত জড়িত কিছুমান প্ৰেক্টিছ কৰিলোঁ, যেনে আমি কেনেকৈ সোমাম, কʼত বহিম ইত্যাদি।” যদি আপুনি সকলোবোৰ ভালদৰে আৰু সময়মতে কৰে, তেনেহʼলে ইয়াৰ যোগেদি নিজৰ আলহীক সন্মান দেখুৱাব।

এজন ভাই আৰু ভনী, যিসকলৰ বিয়া ঠিক হৈছে, তেওঁলোকে কিছুমান বন্ধুৰ পৰা সহায় লৈ আছে আৰু তেওঁলোকৰ লগত বিয়াৰ তৈয়াৰী কৰি আছে। ভাইজনৰ হাতত টেবলেট আছে, সেই টেবলেটত এখন তালিকা আছে, যʼত দেখুৱা হৈছে যে ভোজত কোনে কʼত বহিব।

আপুনি বিয়াৰ আগতে ভালদৰে পৰিকল্পনা কৰিলে এই কথাৰ ওপৰত ধ্যান দি পাৰে যে সকলোবোৰ ভালদৰে হয় (অনুচ্ছেদ ১৮ চাওক)


১৯. আপোনাৰ বিয়াত যাতে সকলো ভালদৰে হয়, তাৰ বাবে আপুনি কি কৰিব পাৰে?

১৯ যদি আপুনি আগতিয়াকৈ সকলোবোৰ ভাবি থয়, তেনেহʼলে বহুতো সমস্যাৰ পৰা বাছি থাকিব পাৰিব। (হিতো. ২২:৩) যেনে, যদি আপোনাৰ তাত নমতাকৈ লোকসকলে বিয়ালৈ আহে, তেনেহʼলে চিন্তা কৰক এইদৰে নহʼবলৈ আপুনি কি কৰিব পাৰে। আপুনি সত্যত নথকা সমন্ধীয় লোকক কওক যে বিয়াৰ লগত জড়িত কিছুমান ৰীতি-নীতিৰ বিষয়ে আপুনি কি ভাবে আৰু আপোনাৰ বিয়াত কি কি হʼব। আপুনি তেওঁলোকক jw.org পৰা “যিহোৱাৰ সাক্ষীসকলৰ বিয়াত কি হয়?” নামৰ হিন্দী লেখখন পঠাব পাৰে। বিয়াৰ ‘খোৱা-বোৱাৰ ব্যৱস্থাৰ চোৱা-চিতা’ কৰিবলৈ এজন পৰিপক্ক ভাইক দায়িত্ব দিব পাৰে। (যোহ. ২:৮) যদি আপুনি তেওঁক নিজৰ বিয়াৰ ব্যৱস্থাৰ বিষয়ে সকলোবোৰ স্পষ্টকৈ আৰু খুলি কয়, তেনেহʼলে তেওঁ এই সকলো কথাৰ ওপৰত ধ্যান দিব আৰু সকলোবোৰ আপুনি বিচৰা মতে ভালদৰে হʼব। ইয়াৰ পৰা যিহোৱাৰ আদৰ হʼব।

২০. বিয়া কৰিবলগীয়া ভাই আৰু ভনীয়ে নিজৰ বিয়াৰ বিষয়ে কি মনত ৰাখিব পাৰে?

২০ বিয়াৰ বাবে তৈয়াৰী কৰাৰ সময়ত আপোনাৰ নিশ্চয় চিন্তা আহিব পাৰে। কিন্তু মনত ৰাখক যে আপোনাৰ বিয়াৰ দিন নিশ্চয় বিশেষ হয়, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ নহয়। এই দিনৰ পাছত আপোনালোক দুয়োজনে মিলি জীৱনৰ যি এক সুন্দৰ যাত্ৰা আৰম্ভ কৰিব আৰু যিহোৱাৰ সেৱা কৰিব, সেয়াহে বেছি গুৰুত্বপূৰ্ণ। সেইবাবে, ধুম-ধামেৰে বিয়া কৰাৰ পৰিৱৰ্তে চেষ্টা কৰক যে সকলোবোৰ ভালে ভালে হয় আৰু যিহোৱাৰ মহিমা হয়। যিহোৱাৰ ওপৰত ভৰসা ৰাখক। তেওঁৰ পৰামৰ্শ পালন কৰিলে আপুনি নিজৰ বিয়াৰ প্ৰস্তুতি ভালদৰে কৰিব পাৰিব। বহু বছৰৰ পাছত যেতিয়া আপুনি নিজৰ বিয়াৰ দিনটো মনত পেলাব, তেতিয়া দুখ কৰাৰ পৰিৱৰ্তে বহুত আনন্দিত হʼব।—গীত. ৩৭:৩, ৪.

আপুনি কেনেকৈ উত্তৰ দিব?

  • বিয়া কৰিবলগীয়া ভাই আৰু ভনীয়ে নিজৰ বিয়াৰ দিনাখন কিয় যিহোৱাৰ আদৰ কৰা উচিত?

  • বিয়া কৰিবলগীয়া ভাই আৰু ভনীয়ে কেনেকৈ ধ্যান দিব পাৰে যে তেওঁলোকৰ বিয়াত যেন ভাল পৰিৱেশ হয় আৰু সকলোৱে আনন্দ কৰে?

  • ধুম-ধামেৰে বিয়া পতাৰ পৰিৱৰ্তে সহজ-সৰলকৈ পাতিলে কি লাভ হʼব পাৰে?

গীত নং ১৫৪ অলুপ্ত প্ৰেম

a ইয়াৰ অৰ্থ কি: কিছুমান দেশত বিয়াত এটা ভাষণ ৰখা হয়, দৰা আৰু কইনাই এজনে-আনজনক আঙঠি পিন্ধায় আৰু ঈশ্বৰৰ আগত বিয়াৰ শপত লয়। লগতে ইয়াৰ পাছত তেওঁলোকে নিজৰ বন্ধু আৰু সম্বন্ধীয় লোকসকলৰ লগত একেলগে খোৱা-বোৱা কৰে। আনহাতে কিছুমান ঠাইত দৰা আৰু কইনাই ইয়াৰ ভিতৰৰ কিছুমানহে কৰে বা এইদৰে একো নকৰে। তথাপিও বিয়া কৰিবলগীয়া ভাই আৰু ভনীয়ে নিজৰ বিয়াৰ দিনাখন সকলোবোৰ বাইবেলৰ সিদ্ধান্তৰ অনুসৰি কৰা উচিত।

b বিয়াৰ বিষয়ে চৰকাৰে যি নিয়ম বনাইছে, সেই বিষয়ে খ্ৰীষ্টানসকলৰ কেনে চিন্তাধাৰা হোৱা উচিত, এই বিষয়ে আৰু বেছিকৈ জানিবলৈ নৱেম্বৰ ১, ২০০৬ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) দিয়া লেখ “এনে বিয়া, যি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত আদৰণীয় বুলি ভবা হওক” পঢ়ক।

c jw.org-ত দিয়া আলহীক মই মদ দিয়া উচিত নে? ভিডিঅʼখন চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক