বৃদ্ধ ভাই-ভনীসকল, আপোনালোক মণ্ডলীৰ বাবে এক আশীৰ্বাদ
“বহুবাৰ মই এয়া ভাবি আচৰিত হওঁ যে আগতে মই বহুত কিছু কৰিব পাৰিছিলোঁ। কিন্তু এতিয়া এই বয়সত শৰীৰে কʼতনো লগ দিয়ে!”—কাণিকা, a ৮৩ বছৰ।
বয়স বাঢ়ি যোৱাৰ কাৰণে হয়তো আপোনাৰ শৰীৰো আপোনাক লগ নিদিয়ে। বহু বছৰৰ পৰা আপুনি বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি আছিল, কিন্তু এতিয়া পৰিস্থিতি সলনি হʼল, যাৰ বাবে আপুনি নিৰাশ হৈ পৰিছে। আপুনি হয়তো বাৰে বাৰে ভাবিবলৈ ধৰে যে আগতে মই বহুত কিছু কৰিব পাৰিছিলোঁ, কিন্তু এতিয়া একোৱেই কৰিব নোৱাৰোঁ। যদি এইদৰে ভাবে, তেনেহʼলে আপুনি নিজৰ আনন্দ কেনেকৈ বজাই ৰাখিব পাৰিব?
যিহোৱাই আপোনাৰ পৰা কি বিচাৰে?
নিজকে সোধক, ‘যিহোৱাই মোৰ পৰা কি বিচাৰে?’ মন কৰক মাৰ্ক ১২:৩০ পদত কি লিখা আছে। তাত যি লিখা আছে, তাৰ পৰা আপুনি বহুত উৎসাহ পাব পাৰে। তাত লিখা আছে, ‘তুমি নিজৰ ঈশ্বৰ যিহোৱাক নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণ আৰু নিজৰ সম্পূৰ্ণ শক্তিৰে প্ৰেম কৰিবা।’
এই পদৰ অনুসৰি আপুনি নিজৰ হৃদয়, প্ৰাণ আৰু শক্তিৰে যিহোৱাক প্ৰেম কৰাটো তেওঁ বিচাৰে। যদি আপুনি এই সত্যতা মনত ৰাখে, তেনেহʼলে আপুনি নিজৰ তুলনা আনৰ লগত নকৰিব। লগতে আপুনি এয়াও চিন্তা নকৰিব যে আগতে আপুনি কিমান কৰিছিল আৰু এতিয়া কিমান কৰি আছে।
চিন্তা কৰক যেতিয়া আপুনি ডেকা আছিল, তেতিয়া আপুনি যিহোৱাৰ বাবে কিমান কৰিব পাৰিছিল। যিহোৱাৰ বেছিভাগ সেৱকে কʼব যে তেওঁলোকে যিমান পাৰিছিল, সিমান কৰিছিল। আপুনিও সেই সময়ত নিজৰ পৰিস্থিতিৰ অনুসৰি যিহোৱাক আটাইতকৈ ভাল দি আছিল। এতিয়া আপুনি যিহোৱাৰ বাবে কিমান কৰিব পাৰে? আজিও আপুনি হয়তো নিজৰ পৰিস্থিতিৰ অনুসৰি যিহোৱাৰ কাৰণে যিমান পাৰে, সিমান কৰি আছে। যদি আপুনি এইদৰে ভাবে, তেনেহʼলে বুজিব পাৰিব যে আগতে আপুনি যিহোৱাৰ কাৰণে যিমান কৰি আছিল, সিমানেই এতিয়াও কৰি আছে। আগতেও আপুনি যিহোৱাক আটাইতকৈ ভাল দি আছিল আৰু এতিয়াও দি আছে।
নিজৰ ডেকা কালত নিজৰ আটাইতকৈ ভাল দিছিল আৰু আজিও বৃদ্ধ বয়সত নিজৰ আটাইতকৈ ভাল দি আছে
আপুনি আনৰ কাৰণে বহুত কিছু কৰিব পাৰে
কেৱল এই বিষয়ে চিন্তা কৰি নাথাকিব যে আপুনি কি কৰিব পৰা নাই। ইয়াৰ পৰিৱৰ্তে আপোনাৰ ওচৰত এতিয়া কি সুযোগ আছে, তাৰ বিষয়ে চিন্তা কৰক। যদিও আপোনাৰ বয়স বাঢ়ি গৈছে, কিন্তু এতিয়া আপুনি সেই কাম কৰিব পাৰে যি আপুনি ডেকা কালত কৰিব পৰা নাছিল। যেনে,
আপুনি নিজৰ জীৱনত কি শিকিলে তাৰ বিষয়ে আনক জনাওক। বাইবেলত লিখা সেই কথাবোৰলৈ মন কৰক।
ৰজা দায়ূদে কৈছে: “মই লʼৰা আছিলোঁ, এতিয়া বুঢ়া হʼলোঁ; তথাপি ধাৰ্ম্মিকক পৰিত্যক্ত হোৱা, নাইবা তাৰ সন্তানক আহাৰ মগা মই দেখা নাই।”—গীত. ৩৭:২৫.
যিহোচূৱাই কʼলে: “চোৱা, গোটেই পৃথিবীৰ লোকে যোৱা পথেদি মই আজি যাওঁ। আৰু তোমালোকে সকলো মনেৰে সকলো জ্ঞানেৰে ইয়াক জ্ঞাত হোৱা, যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ বিষয়ে যিমান কুশলৰ বাক্য কʼলে, তাৰ এটিও বিফল হোৱা নাই; তোমালোকৰ পক্ষে সেই সকলো সিদ্ধ হʼল, এটিও নিষ্ফল হোৱা নাই।”—যিহো. ২৩:১৪.
দায়ূদ আৰু যিহোচূৱাই যি কথা কʼলে, তেওঁলোকে সেয়া নিজে অনুভৱ কৰিছিল। বহু বছৰৰ পৰা তেওঁলোকে বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি আছিল আৰু এইবোৰ পূৰ হোৱা তেওঁলোকে বহু বাৰ দেখিছিল। সেইবাবে, তেওঁলোকে যি কৈছিল, সেয়া লোকসকলৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আছিল।
আপুনি হয়তো বহু সময়ৰ পৰা যিহোৱাৰ সেৱা কৰি আছে। এইদৰে কৰাৰ কাৰণে আপুনি কি কি আশীৰ্বাদ লাভ কৰিছিল, তাৰ বিষয়ে আনক জনাওক। আপোনাৰ এনে ঘটনা মনত আছে নে যেতিয়া যিহোৱাই নিজৰ লোকসকলক বিশেষভাৱে সহায় কৰিছিল। যদি আছে, তেনেহʼলে ইয়াৰ বিষয়ে আনক জনাওক। ইয়াৰ পৰা তেওঁলোক বহুত আনন্দিত হʼব যিদৰে আপুনি হৈছিল। যিহোৱাৰ সেৱা কৰাৰ বাবে আপুনি যি যি অভিজ্ঞতা লাভ কৰিছে, সেইবোৰ শুনি আনে উৎসাহিত হʼব পাৰে।—ৰোম. ১:১১, ১২.
আপুনি আৰু এটা উপায়েৰে আনক উৎসাহিত কৰিব পাৰে। আপুনি যিমান পাৰে সিমান ৰাজ্যগৃহলৈ আহিবলৈ চেষ্টা কৰক। এইদৰে কৰিলে আনেতো লাভৱান হʼবৈ, লগতে আপুনিও উৎসাহিত হʼব। ওপৰত উল্লেখ কৰা ভনী কʼনীয়ে এইদৰে কৈছে, “ৰাজ্যগৃহলৈ গৈ মই বহুত সহায় পাইছোঁ। মই উদাসো হোৱা নাই। যদি ৰাজ্যগৃহত ভাই-ভনীসকলে ইমান মৰম দিয়ে, তেনেহʼলে মই কেনেকৈ নিৰাশ হʼব পাৰোঁ। তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ মই তেওঁলোকক সৰু সৰু গিফ্ট দিওঁ আৰু তেওঁলোকৰ লগত মিলি যিহোৱাৰ সেৱাৰ লগত জড়িত কামবোৰ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ।”
যিহোৱাই আপোনাৰ সেৱাক বহুত মূল্যাংকন কৰে
বাইবেলত এনে বহুতো লোকৰ বিষয়ে কোৱা হৈছে যিসকলে নিজৰ পৰিস্থিতিৰ কাৰণে বেছিকৈ কৰিব পৰা নাছিল, কিন্তু যিহোৱাই তেওঁলোকক বহুত প্ৰেম কৰিছিল। অলপ সময়ৰ কাৰণে বৃদ্ধ ইস্ৰায়েলী চিমিয়োনলৈ মন কৰক। তেওঁ সেই সময়ত জীয়াই আছিল, যেতিয়া যীচু জন্ম হৈছিল। তেওঁ যেতিয়া মন্দিৰলৈ গৈছিল, তেতিয়া তেওঁ হয়তো দেখিছিল যে বহুতো ডেকাই মন্দিৰৰ গুৰুত্বপূৰ্ণ কামবোৰ কৰিছিল। এয়া দেখি তেওঁ হয়তো ভাবিছিল যে মই তেওঁলোকৰ দৰে একোৱেই কৰিব পৰা নাই। মই যিহোৱাৰ কোনো কামৰ নহয়। কিন্তু যিহোৱাই সেইদৰে ভবা নাছিল। যিহোৱাৰ দৃষ্টিত চিমিয়োন এজন ভাল আৰু ঈশ্বৰলৈ ভয় ৰাখোঁতা ব্যক্তি আছিল। সেইবাবে, যিহোৱাই তেওঁক কেঁচুৱা যীচুক চাবলৈ এটা বিশেষ সন্মান দিলে। “তেওঁৰ ওপৰত পবিত্ৰ শক্তি আছিল” আৰু যিহোৱাই তেওঁৰ দ্বাৰা এই ভৱিষ্যবাণী কৰালে যে যীচুৱেই আগলৈ গৈ মচীহ হʼব। (লূক ২:২৫-৩৫) ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাই চিমিয়োনৰ বৃদ্ধ আৰু দুৰ্বল শৰীৰক নহয়, কিন্তু তেওঁৰ মজবুত বিশ্বাসৰ ওপৰত ধ্যান দিছিল।
যিহোৱাই তেওঁক কেঁচুৱা যীচুক চাবলৈ এটা বিশেষ সন্মান দিলে আৰু তেওঁৰ দ্বাৰা এই ভৱিষ্যবাণী কৰালে যে যীচুৱেই আগলৈ গৈ মচীহ হʼব
আপুনিও বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই আপোনাক মূল্যৱান বুলি ভাবে। বয়স বাঢ়ি যোৱাৰ সত্ত্বেও আপুনি বিশ্বাসেৰে তেওঁৰ সেৱা কৰি আছে, তাক তেওঁ মূল্যাংকন কৰে। যিহোৱাই এজন মানুহৰ ‘ওচৰত দিবলৈ যি আছে, সেয়া গ্ৰহণ কৰে। তেওঁৰ ওচৰত যি নাই সেয়া দিবলৈ তেওঁৰ পৰা আশা নকৰে।’—২ কৰি. ৮:১২.
গতিকে চিন্তা কৰক আপুনি কি কৰিব পাৰে। যেনে, এই বৃদ্ধ বয়সতো অলপ সময় হʼলেও আপুনি কি কি উপায়েৰে প্ৰচাৰ কৰিব পাৰে বা ফোন কৰি ভাই-ভনীসকলক উৎসাহিত কৰিব পাৰে। অথবা কাৰ্ড লিখি তেওঁলোকক দিব পাৰে নে? যেতিয়া আপোনাৰ দৰে বহু সময়ৰ পৰা সেৱা কৰা ভাই-ভনীসকলে সৰু সৰু উপায়েৰে ভাই-ভনীসকলৰ প্ৰতি নিজৰ প্ৰেম প্ৰকাশ কৰে, তেতিয়া তেওঁলোকক বহুত ভাল লাগে।
যদি আপোনাক লাগে যে আপুনি বেছি খোজকাঢ়িব নোৱাৰে, তেতিয়াও আপুনি যিহোৱাৰ কাৰণে বহুত কিছু কৰিব পাৰে। পূব আফ্ৰিকাত হোৱা এটা অভিজ্ঞতালৈ মন কৰক যি এই লেখৰ “তেওঁৰ জীৱন ৰক্ষা পৰিল” নামৰ বক্সত দিয়া হৈছে।
মনত ৰাখক আপুনি যিদৰে বহু বছৰৰ পৰা বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি আছে আৰু তেওঁৰ ওপৰত মজবুত বিশ্বাস ৰাখিছে, এয়া দেখি আনে বহুত উৎসাহিত হʼব পাৰে। লগতে ধৈৰ্য ধৰাৰ ক্ষেত্ৰত আপুনি এক ভাল উদাহৰণ ৰাখিছে। সেইবাবে, বিশ্বাস ৰাখক ‘ঈশ্বৰ অন্যায়ী নহয়। আপুনি পবিত্ৰ লোকসকলৰ যি সেৱা কৰিলে আৰু এতিয়াও কৰি আছে আৰু এইদৰে আপুনি যি কাম কৰিছে আৰু তেওঁৰ নামৰ প্ৰতি যি প্ৰেম দেখুৱাইছে, সেয়া তেওঁ নাপাহৰিব।’—ইব্ৰী ৬:১০.
যিমান পাৰে, সিমান যিহোৱাৰ সেৱাত লাগি থাকক
ডাক্তৰসকলে অধ্যয়ন কৰি গʼম পাইছে যে যিসকল বৃদ্ধ পুৰুষ আৰু তিৰোতাই আনক সহায় কৰে, তেওঁলোকৰ স্বাস্থ্য ভালে থাকে, ভালদৰে ভাবিব পাৰে আৰু বহুদিনলৈকে জীয়াই থাকে।
এয়া সঁচা যে আনৰ কাৰণে ভাল কাম কৰিলে আমি সম্পূৰ্ণৰূপে স্বাস্থ্যৱান হʼব নোৱাৰোঁ। এইদৰে কেৱল ঈশ্বৰৰ ৰাজ্যতহে হʼব। এই ৰাজ্যৰ যোগেদি বৃদ্ধ আৰু মৃত্যু হোৱাৰ মূল কাৰণ অৰ্থাৎ আদমৰ পৰা পোৱা পাপক নাইকিয়া কৰা হʼব।—ৰোম. ৫:১২.
তথাপি আজি আপুনি যিহোৱাৰ যি সেৱা কৰি আছে আৰু যিহোৱাক জানিবলৈ আনক যি সহায় কৰি আছে, তাৰ পৰা আপোনাৰ আশা নিশ্চিত হয় আৰু আপোনাৰ স্বাস্থ্যও ভালেই থাকিব পাৰে। মৰমৰ বৃদ্ধ ভাই-ভনীসকল বিশ্বাস ৰাখক, আপোনালোকে যি ভাল উদাহৰণ ৰাখিছে, তাৰ পৰা মণ্ডলীৰ ভাই-ভনীসকলে বহুতো কথা শিকিব পাৰিব আৰু আপোনালোকৰ সেৱাক যিহোৱাই মূল্যৱান বুলি ভাবে।
[ফুটনোট]
a কিছুমান নাম সলনি কৰা হৈছে।