ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w26 জানুৱাৰী পৃষ্ঠা ৮-১৩
  • আপুনি নিৰাশা আৰু বেয়া স্মৃতিৰ বিৰুদ্ধে যুঁজিব পাৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি নিৰাশা আৰু বেয়া স্মৃতিৰ বিৰুদ্ধে যুঁজিব পাৰে
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৬
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পৌলে কেতিয়াবা কেতিয়াবা কিয় “নিঃসহায়” অনুভৱ কৰিছিল?
  • পৌলে নিৰাশা আৰু বেয়া স্মৃতিবোৰৰ বিৰুদ্ধে কেনেকৈ যুঁজিব পাৰিলে?
  • আমি নিৰাশা আৰু বেয়া স্মৃতিৰ বিৰুদ্ধে কেনেকৈ যুঁজিব পাৰোঁ?
  • আশা এৰি নিদিব!
  • প্ৰচাৰ কামত আৰু আনন্দ লাভ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যিহোৱাই “ভগ্ন-চিত্তীয়াবিলাকক সুস্থ কৰে”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম চাৰ্কিট ওভাৰচিয়াৰৰ লগত
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৬
w26 জানুৱাৰী পৃষ্ঠা ৮-১৩

মাৰ্চ ৯-১৫, ২০২৬

গীত নং ৪৫ মোৰ মনৰ চিন্তা

আপুনি নিৰাশা আৰু বেয়া স্মৃতিৰ বিৰুদ্ধে যুঁজিব পাৰে

“মই কিমান যে নিঃসহায় মানুহ হওঁ!”—ৰোম. ৭:২৪.

কি শিকিম?

যেতিয়া আমি দুখত থাকোঁ বা নিৰাশাত থাকোঁ আৰু আগতে কৰা কিবা ভুল আমাৰ মনলৈ আহে, তেতিয়া আমি কি কৰিব পাৰোঁ?

১-২. পৌলে কেতিয়াবা কেতিয়াবা কেনে অনুভৱ কৰিছিল আৰু আমি তেওঁৰ উদাহৰণলৈ কিয় মন কৰা উচিত? (ৰোমীয়া ৭:২১-২৪)

পাঁচনি পৌল নামটো শুনি আপোনাৰ মনলৈ কি আহে? দূৰ-দূৰণিত সেৱা কৰা এজন মিচনেৰী নে ভাল শিক্ষক নে বাইবেলৰ বহুতো কিতাপ লিখা এজন লেখক? এয়া সঁচা যে তেওঁ সাহসী আছিল আৰু মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিছিল। কিন্তু কেতিয়াবা কেতিয়াবা তেওঁ দুখিত আৰু নিৰাশ হৈ পৰিছিল, তেওঁকো চিন্তাই আমনি কৰিছিল।

২ ৰোমীয়া ৭:২১-২৪ পঢ়ক। পৌলে ৰোমৰ খ্ৰীষ্টানসকলক যি চিঠি লিখিছিল, তাত তেওঁ নিজৰ ভাৱনাৰ বিষয়ে খুলি কৈছিল। তেওঁ যিহোৱাৰ এজন বিশ্বাসী সেৱক আছিল আৰু মনে-প্ৰাণে যিহোৱাৰ ইচ্ছা পূৰ কৰিব বিচাৰিছিল। কিন্তু অসিদ্ধ হোৱাৰ কাৰণে তেওঁৰ মন বেয়াৰ ফালে ঢাল খাইছিল আৰু সঠিক কাম কৰিবলৈ তেওঁৰ বাবে কঠিন হৈছিল। ইয়াৰ উপৰিও, বহু বছৰৰ আগতে কৰা ভুলবোৰ পৌলৰ মনলৈ বাৰে বাৰে আহিছিল। লগতে তেওঁৰ এনে কিছুমান সমস্যা আছিল, যিবোৰ শেষেই হোৱা নাছিল। এইবোৰৰ কাৰণে পৌলে প্ৰায়ে নিৰাশ হৈ পৰিছিল। কেতিয়াবা কেতিয়াবা আমিও হয়তো পৌলৰ দৰে অনুভৱ কৰিব পাৰোঁ।

৩. এই লেখত আমি কি কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম? (ফুটনোটো চাওক।)

৩ যদিও পৌলে কেতিয়াবা কেতিয়াবা নিৰাশa হৈ পৰিছিল, কিন্তু তেওঁ এই ভাৱনাবোৰক নিজৰ ওপৰত প্ৰভাৱ পৰিবলৈ দিয়া নাছিল। এই লেখত আমি এই প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰিম: পৌলে কেতিয়াবা কেতিয়াবা কিয় “নিঃসহায়” অনুভৱ কৰিছিল? এনে পৰিস্থিতিত তেওঁ কি কৰিলে? আমি যেতিয়া নিৰাশ হৈ পৰোঁ বা আমাৰ দুখ লাগে, তেতিয়া আমি কি কৰিব পাৰোঁ?

পৌলে কেতিয়াবা কেতিয়াবা কিয় “নিঃসহায়” অনুভৱ কৰিছিল?

৪. পৌলে কেতিয়াবা কেতিয়াবা কিয় দুখ কৰিছিল?

৪ অতীতত কৰা ভুলবোৰ। পৌলে যীচুৰ শিষ্য হোৱাৰ আগতে যিবোৰ ভুল কৰিছিল, তাৰ বিষয়ে ভাবি তেওঁ দুখ কৰিছিল। যেনে, যেতিয়া লোকসকলে স্তিফানক শিল দলিয়াই হত্যা কৰিছিল, সেই সময়ত তেওঁ তাতে থিয় হৈ আছিল আৰু তেওঁ সেই লোকসকলক সহযোগ কৰিছিল। (পাঁচ. ৭:৫৮; ৮:১) ইয়াৰ উপৰিও, তেওঁ খ্ৰীষ্টানসকলৰ ওপৰত বহুত বেয়াকৈ অত্যাচাৰ কৰিছিল।—পাঁচ. ৮:৩; ২৬:৯-১১.

৫. পৌলে যিবোৰ ভুল কৰিছিল, তাৰ বিষয়ে ভাবি তেওঁক কেনেকুৱা লাগিছিল?

৫ যীচুৰ শিষ্য হোৱাৰ বহু বছৰৰ পাছতো পৌলে ইচ্ছা কৰিও বেয়া স্মৃতিবোৰ পাহৰিব পৰা নাছিল। যিদৰে বছৰবোৰ বাগৰি গৈ আছিল তেওঁ যি ভুল কৰিছিল, তাৰ বিষয়ে ভাবি তেওঁ হয়তো লাজ আৰু দুখ অনুভৱ কৰিছিল। এয়া আমি কিয় কʼব পাৰোঁ? প্ৰায় ৫৫ খ্ৰীষ্টাব্দত যেতিয়া তেওঁ কৰিন্থৰ খ্ৰীষ্টানসকলক প্ৰথম চিঠি লিখিছিল, তেতিয়া তেওঁ এইদৰে কৈছিল, ‘মই পাঁচনি বুলি মতাৰো যোগ্য নহওঁ, কিয়নো মই ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অত্যাচাৰ কৰিছিলোঁ।’ (১ কৰি. ১৫:৯) ইয়াৰ প্ৰায় পাঁচ বছৰৰ পাছত তেওঁ নিজকে ইমানেই অযোগ্য বুলি ভাবিছিল যে তেওঁ ইফিচৰ মণ্ডলীক এইদৰে লিখিছিল, ‘মই পবিত্ৰ লোকৰ মাজত সকলোতকৈ সৰু হওঁ।’ (ইফি. ৩:৮) লগতে পৌলে তীমথিয়ক কৈছিল যে আগতে তেওঁ ‘ঈশ্বৰক নিন্দা কৰোঁতা আৰু অত্যাচাৰ কৰোঁতা আৰু অহংকাৰী আছিল।’ (১ তীম. ১:১৩) চিন্তা কৰক, পৌলে হয়তো কোনো এখন মণ্ডলীলৈ গৈছে আৰু তাত তেওঁ এনে ভাই বা ভনীক লগ পাইছে, যিসকলৰ ওপৰত তেওঁ অত্যাচাৰ কৰিছিল বা তেওঁলোকৰ পৰিয়ালক লগ পাইছে, তেতিয়া তেওঁক কেনেকুৱা লাগিছিল?

৬. পৌলক আৰু কি কথাই আমনি কৰিছিল? (ফুটনোটো চাওক।)

৬ শৰীৰত এটা কাঁইট। পৌলে কৈছিল যে কিবা কথাই তেওঁক আমনি কৰি আছিল আৰু সেয়া যেন ‘শৰীৰত এটা কাঁইটৰ’ নিচিনা আছিল। (২ কৰি. ১২:৭) পৌলে স্পষ্টকৈ কোৱা নাছিল যে কি কথাই তেওঁক আমনি কৰি আছিল। কিন্তু তেওঁৰ কথাৰ পৰা বুজিব পাৰি যে সেয়া হয়তো তেওঁৰ কিবা শাৰীৰিক সমস্যা আছিল বা কিবা কথাৰ বাবে তেওঁ বহুত চিন্তিত আছিল।b

৭. পৌলৰ বাবে ভাল কাম কৰিবলৈ কিয় কঠিন আছিল? (ৰোমীয়া ৭:১৮, ১৯)

৭ পাপ কৰাৰ ইচ্ছা। (ৰোমীয়া ৭:১৮, ১৯ পঢ়ক।) পৌলে ভাল কাম কৰিব বিচাৰিছিল, কিন্তু তেৱোঁ অসিদ্ধ আছিল আৰু পাপ কৰাৰ ইচ্ছাৰ বাবে তেওঁৰ যি ভাল কাম কৰাৰ উদ্দেশ্য আছিল তাক দুৰ্বল কৰি পেলাইছিল। সেইবাবে, তেওঁ সকলো সময়তে ভিতৰে ভিতৰে এই ইচ্ছাৰ বিৰুদ্ধে যুঁজিছিল। চিন্তা কৰক, আগদিনা তেওঁ ভাল কাম কৰিছিল, কিন্তু তাৰ পাছৰ দিনাখনেই হয়তো তেওঁৰ পৰা কিবা ভুল হৈ গৈছিল। কিন্তু তেওঁ হাৰ মনা নাছিল। তেওঁ নিজকে শুধৰণি কৰিবলৈ পৰিশ্ৰম কৰি থাকিল।—১ কৰি. ৯:২৭.

পৌলে নিৰাশা আৰু বেয়া স্মৃতিবোৰৰ বিৰুদ্ধে কেনেকৈ যুঁজিব পাৰিলে?

৮. পৌলে নিজৰ দুৰ্বলতাবোৰৰ বিৰুদ্ধে যুঁজিবলৈ কি কৰিলে?

৮ পৌলৰ চিঠিৰ পৰা জানিব পাৰি যে তেওঁ নিজৰ সমস্যাবোৰ কেনেকৈ সন্মুখীন হৈছিল। তেওঁ জানিছিল যে পবিত্ৰ শক্তিৰ সহায়ত তেওঁ আৰু আন খ্ৰীষ্টানসকলে নিজৰ বেয়া ইচ্ছা বাঢ়িবলৈ বাধা দিব পাৰে আৰু ভাল কাম কৰাৰ উদ্দেশ্যক দৃঢ় কৰিব পাৰে। (ৰোম. ৮:১৩; গালা. ৫:১৬, ১৭) পৌলে কেইবাবাৰো বুজাইছিল যে যিহোৱাক আনন্দিত কৰিবলৈ খ্ৰীষ্টানসকলে কি কি কামৰ পৰা আঁতৰি থকা উচিত। (গালা. ৫:১৯-২১, ২৬) আমি বিশ্বাস ৰাখিব পাৰোঁ যে পৌলে আনক যি পৰামৰ্শ দিছিল, সেয়া তেওঁ নিজেই পালন কৰিলে। তেওঁ নিশ্চয় হয়তো নিজৰ দুৰ্বলতাবোৰৰ বিষয়ে ভাবিলে আৰু ইয়াৰ বিষয়ে শাস্ত্ৰৰ পৰা পৰামৰ্শবোৰ চালি-জাৰি চালে। তাৰ পাছত তেওঁ হয়তো নিৰ্ণয় লʼলে যে তেওঁ নিজৰ দুৰ্বলতাবোৰৰ বিৰুদ্ধে যুঁজিবলৈ কি কৰিব।

৯-১০. যেতিয়া পৌলে নিৰাশ হৈছিল, তেতিয়া তেওঁ কি কৰিছিল? (ইফিচীয়া ১:৭) (ছবিখনো চাওক।)

৯ যদিও পৌলে কেতিয়াবা কেতিয়াবা নিৰাশ হৈ পৰিছিল, তথাপি তেওঁ আনন্দত আছিল। কিয়নো তেওঁ ভাল কথাবোৰৰ ওপৰত ধ্যান দিছিল। যেনে, যেতিয়া মণ্ডলীত কিবা ভাল খবৰ আহিছিল, তেতিয়া তেওঁ তাত আনন্দিত হৈছিল। (২ কৰি. ৭:৬, ৭) বহুতো ভাই-ভনীৰ লগত তেওঁৰ ভাল বন্ধুত্ব আছিল আৰু তেওঁলোকৰ লগত সময় কটাই তেওঁ ভাল পাইছিল। (২ তীম. ১:৪) ইয়াৰ উপৰিও, তেওঁ জানিছিল যে তেওঁৰ পৰা যিহোৱা আনন্দিত। সেইবাবে, তেওঁ “শুদ্ধ বিবেকেৰে” যিহোৱাৰ সেৱা কৰিব পাৰিছিল। (২ তীম. ১:৩) পৌলে যেতিয়া ৰোমত বন্দী হৈ আছিল, তেতিয়াও তেওঁ নিজৰ আনন্দ কম হʼবলৈ নিদিলে। তেওঁ ভাই-ভনীসকলক এইদৰে লিখিছিল, ‘তোমালোকে প্ৰভুত সদায় আনন্দ কৰা।’ (ফিলি. ৪:৪) পৌলৰ চিঠিবোৰ পঢ়িলে আমি বুজিব পাৰোঁ যে তেওঁ সকলো সময়তে নিজৰ সমস্যাবোৰৰ বিষয়ে চিন্তা কৰি থকা নাছিল। যেতিয়া বেয়া স্মৃতিবোৰ তেওঁৰ মনলৈ আহিছিল, তেতিয়া তেওঁ লগে লগে ভাল কথাবোৰৰ ওপৰত ধ্যান দিছিল।

১০ পৌলে আৰু কিহৰ বাবে আনন্দত থাকিব পাৰিলে আৰু চিন্তাবোৰৰ সন্মুখীন হʼব পাৰিলে? তেওঁ মনত ৰাখিছিল যে যিহোৱাই তেওঁক বহুত প্ৰেম কৰে আৰু তেওঁৰ বাবে নিজৰ পুত্ৰৰ বলিদান দিলে। (গালা. ২:২০; ইফিচীয়া ১:৭ পঢ়ক।) তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যীচুৰ মুক্তিৰ মূল্যৰ বাবে যিহোৱাই তেওঁৰ পাপবোৰ ক্ষমা কৰিলে আৰু আগলৈও যদি তেওঁৰ পৰা ভুল হৈ যায়, তেনেহʼলে যিহোৱাই তেওঁক ক্ষমা কৰিব। (ৰোম. ৭:২৪, ২৫) সেইবাবে, তেওঁ আনন্দেৰে “ঈশ্বৰৰ পবিত্ৰ সেৱা কৰিব” পাৰিলে।—ইব্ৰী ৯:১২-১৪.

ছবি: ১. পাঁচনি পৌলে ধ্যান কৰি আছে। ২. তেওঁ মনত পেলাই আছে যে এজন অধিকাৰীক এজন খ্ৰীষ্টানৰ ঘৰত সোমাই তেওঁক চোঁচৰাই বাহিৰলৈ আনিবলৈ পাঁচনি পৌলে বহু বছৰৰ আগতে আদেশ দিছিল। ৩. তেওঁ এই বিষয়ে চিন্তা কৰি আছে যে যীচুৱে তেওঁৰ কাৰণে কিমান দুখ সহ্য কৰিলে আৰু নিজৰ জীৱন বলিদান দিলে।

আগতে কৰা ভুলবোৰৰ বিষয়ে চিন্তা কৰি পৌলে কেতিয়াবা কেতিয়াবা চিন্তিত হৈ পৰিছিল, কিন্তু মুক্তিৰ মূল্যৰ ওপৰত ধ্যান কৰাৰ বাবে তেওঁ এনেধৰণৰ ভাৱনাৰ বিৰুদ্ধে যুঁজিব পাৰিলে (অনুচ্ছেদ ৯-১০ চাওক)


১১. পৌলৰ বিষয়ে ভাবি আমি কেনেকৈ সাহস পাওঁ?

১১ পৌলৰ দৰে আমিও হয়তো কেতিয়াবা “নিঃসহায়” অনুভৱ কৰিব পাৰোঁ। কিয়নো আমিও হয়তো বাৰে বাৰে ভুল কৰি পাওঁ বা বেয়াকৈ কৈ পাওঁ বা বেয়া চিন্তা কৰিবলৈ ধৰোঁ। ইয়াৰ বাবে আমি হয়তো ভাবিবলৈ ধৰোঁ যে ‘আমি যিহোৱাক কেতিয়াও আনন্দিত কৰিব নোৱাৰোঁ!’ প্ৰায় ২৫ বছৰীয়া এলীজাওc কেতিয়াবা কেতিয়াবা নিৰাশ হৈ পৰিছিল। তেওঁ কৈছে, “যেতিয়া মই পৌলৰ বিষয়ে ভাবোঁ, তেতিয়া মই বহুত সাহস পাওঁ। এয়া জানি মোক ভাল লাগে যে এনেধৰণৰ ভাৱনাৰ লগত যুঁজি থকা মই অকলশৰীয়া নহওঁ। যিহোৱাই জানে যে তেওঁৰ লোকসকলৰ মনত কি চলি আছে আৰু তেওঁলোকে কেনেধৰণৰ ভাৱনাৰ লগত যুঁজি আছে।” যেতিয়া আমি নিৰাশ বা দুখিত হওঁ, তেতিয়া আমি শুদ্ধ বিবেকেৰে আৰু আনন্দেৰে যিহোৱাৰ সেৱা কেনেকৈ কৰিব পাৰোঁ?

আমি নিৰাশা আৰু বেয়া স্মৃতিৰ বিৰুদ্ধে কেনেকৈ যুঁজিব পাৰোঁ?

১২. আনন্দত থাকিবলৈ আমি কি কৰিব পাৰোঁ?

১২ উপাসনাৰ লগত জড়িত কামবোৰত লাগি থাকক। যদি আমি পুষ্টিকৰ আহাৰ খাওঁ, সদায় ব্যায়াম কৰোঁ আৰু ভাল টোপনি লওঁ, তেনেহʼলে আমাৰ স্বাস্থ্য ভালে থাকে। ঠিক সেইদৰে যদি আমাৰ ভাল আধ্যাত্মিক তালিকা থাকে, যেনে: যদি আমি সদায় বাইবেল পঢ়োঁ, প্ৰচাৰলৈ যাওঁ, সভাৰ কাৰণে তৈয়াৰী কৰোঁ, সভাত উপস্থিত হওঁ আৰু উত্তৰ দিওঁ, তেনেহʼলে যিহোৱাৰ লগত আমাৰ সম্পৰ্ক দৃঢ় হয় আৰু আমি ভালে থাকোঁ। এইদৰে কৰিলে নিৰাশ কৰিবলগীয়া কথাবোৰ চিন্তা কৰাৰ পৰিৱৰ্তে আমি ভাল কথাবোৰ চিন্তা কৰিব পাৰোঁ আৰু আনন্দত থাকিব পাৰোঁ।—ৰোম. ১২:১১, ১২.

১৩-১৪. কিছুমান ভাই-ভনীৰ ভাল আধ্যাত্মিক তালিকা থকাৰ বাবে তেওঁলোকে কেনেকৈ লাভৱান হʼল?

১৩ ভাই জʼনৰ বিষয়ে চিন্তা কৰক। যেতিয়া তেওঁ ৩৯ বছৰৰ আছিল, তেতিয়া ডাক্তৰবিলাকে তেওঁক জনালে যে তেওঁৰ এক প্ৰকাৰৰ কেন্সাৰ হৈছে, যি বহুত কম লোকসকলৰ হয়। যেতিয়া তেওঁ এই বিষয়ে শুনিলে, তেতিয়া তেওঁ বহুত চিন্তিত হʼল। তেওঁ ভাবিবলৈ ধৰিলে, ‘মোৰ কেনেকৈ কেন্সাৰ হʼব পাৰে? মইতো ডেকাই হৈ আছোঁ?’ সেই সময়ত তেওঁৰ লʼৰাজনৰ বয়স কেৱল তিনি বছৰ আছিল। ভাই জʼনে কেনেকৈ সহায় পালে? তেওঁ এইদৰে কৈছে, “কেতিয়াবা কেতিয়াবা মই ভাগৰি পৰিছিলোঁ, কিন্তু প্ৰতি সপ্তাহে আমাৰ পৰিয়ালে সভালৈ আৰু প্ৰচাৰলৈ যোৱা আৰু প্ৰতি সপ্তাহে পাৰিবাৰিক উপাসনা কৰাৰ বিষয়ে মই ধ্যান দিলোঁ। সঁচা কথা কʼবলৈ গʼলে এইদৰে কৰাটো ইমান সহজ নাছিল। তথাপিও আমি কৰিলোঁ।” ভাই জʼনে কৈছে যে যিহোৱাই তেওঁক কেনেকৈ সহায় কৰিলে: “যেতিয়া কোনো এটা সমস্যা হঠাতে আহে, তেতিয়া আমি বহুত দুখিত হৈ পৰোঁ। কিন্তু মই চাব পাৰিলোঁ যে যিহোৱাই লগে লগে আমাক শক্তি দিয়ে আৰু অনুভৱ কৰায় যে তেওঁ আমাক বহুত প্ৰেম কৰে। মোৰ বিশ্বাস আছে যে যিহোৱাই আপোনাকো চম্ভালিব, যিদৰে তেওঁ মোক চম্ভালিলে।”

১৪ ভনী এলীজাই কৈছে, “যেতিয়াই মই সভালৈ যাওঁ আৰু অধ্যয়ন কৰোঁ, তেতিয়া মোৰ অনুভৱ হয় যে যিহোৱাই মোৰ শুনে আৰু তেওঁ মোক প্ৰেম কৰে। ইয়াৰ বাবে মই আকৌ আনন্দিত হৈ পৰোঁ।” ভাই নলন আৰু তেওঁৰ পত্নী ডাইনাই আফ্ৰিকাত চাৰ্কিটৰ কাম কৰে। তেওঁ কৈছে, “আমি বাইবেল পঢ়িবলৈ, প্ৰাৰ্থনা কৰিবলৈ, সভা আৰু প্ৰচাৰলৈ যাবলৈ কেতিয়াও এৰা নাছিলোঁ। আনকি নিৰাশ হোৱাৰ সময়তো আমি এইবোৰ কাম কৰিছিলোঁ। তেতিয়া যিহোৱাৰ সহায়ত আমি সঠিকভাৱে চিন্তা কৰিব পাৰিলোঁ আৰু নিজৰ আনন্দ বজাই ৰাখিব পাৰিলোঁ। এটা কথা আমি মনত থৈছিলোঁ যে যিয়েই নহওক কিয় যিহোৱাই আমাক শক্তি দিব আৰু আশীৰ্বাদ দিব। কেনেকৈ দিব নাজানোঁ, কিন্তু নিশ্চয় দিব!”

১৫. কেৱল বাইবেল পঢ়িলে বা সভালৈ গʼলে আমি নিৰাশাৰ সন্মুখীন হʼব পাৰোঁ নে? উদাহৰণ দি বুজাওক।

১৫ নিৰাশাৰ সন্মুখীন হʼবলৈ কেৱল বাইবেল পঢ়া বা সভালৈ যোৱাটোৱেই যথেষ্ট নহয়। ইয়াৰ বাবে আমি হয়তো আৰু কিবা কৰিব লাগিব। উদাহৰণস্বৰূপে, যদি আপোনাৰ কঁকালত বিষ হৈছে, তেনেহʼলে কেৱল সদায় খোজকাঢ়িলেই কঁকালৰ বিষ ঠিক নহʼব। ইয়াৰ বাবে আপুনি হয়তো বিষৰ কাৰণ জানিব লাগিব আৰু ডাক্তৰৰ পৰা পৰামৰ্শ লʼব লাগিব। ঠিক সেইদৰে নিৰাশাৰ সন্মুখীন হʼবলৈ আপুনি হয়তো বাইবেল আৰু বাইবেল আধাৰিত প্ৰকাশনৰ পৰা অনুসন্ধান কৰিব লাগিব বা কোনো পৰিপক্ক ভাই বা ভনীৰ লগত এই বিষয়ে কথা পাতিব লাগিব। আপুনি আৰু কি কৰিব পাৰে? আহক চাওঁ।

১৬. নিজৰ নিৰাশাৰ কাৰণ বুজিবলৈ আপুনি কি কৰিব পাৰে? (গীতমালা ১৩৯:১-৪, ২৩, ২৪)

১৬ প্ৰাৰ্থনা কৰি নিজৰ নিৰাশাৰ কাৰণ জানিবলৈ চেষ্টা কৰক। ৰজা দায়ূদে জানিছিল যে যিহোৱাই তেওঁক ভালদৰে জানে। সেইবাবে, তেওঁৰ মনত যিবোৰ ‘চিন্তা’ আহিছিল, সেইবোৰৰ কাৰণ জানিবলৈ তেওঁ যিহোৱাৰ পৰা সহায় বিচাৰিলে। (গীতমালা ১৩৯:১-৪, ২৩, ২৪ পঢ়ক।) আপুনিও নিজৰ নিৰাশাৰ কাৰণ জানিবলৈ আৰু তাৰ সন্মুখীন হʼবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে। আপুনি নিজকে কিছুমান প্ৰশ্ন সুধিব পাৰে। যেনে, ‘মোৰ মনলৈ যি নিৰাশ কৰিবলগীয়া কথাবোৰ আহিছে, তাৰ কাৰণ কি? এনে কি কি পৰিস্থিতি বা কথা হʼব পাৰে, যিয়ে মোক নিৰাশ কৰি তুলিব পাৰে? যেতিয়া মনত নিৰাশাৰ ভাৱনা আহে, তেতিয়া মই তাক লগে লগে উলিয়াই পেলাওঁ নে তাৰ বিষয়ে ভাবি থাকোঁ?’

১৭. কেনেধৰণৰ বিষয়ত ব্যক্তিগত অধ্যয়ন কৰিলে আমি লাভৱান হʼব পাৰোঁ? (ছবিখনো চাওক।)

১৭ নিজৰ চিন্তাৰ বিষয়ে মনত ৰাখি আপুনি ব্যক্তিগত অধ্যয়ন কৰক। সময়ে সময়ে যিহোৱাৰ এটা বিশেষ গুণৰ ওপৰত অধ্যয়ন কৰিলে আপুনি লাভৱান হʼব পাৰে। যেনে, পৌলে মুক্তিৰ মূল্য আৰু যিহোৱাৰ পৰা পোৱা ক্ষমাৰ বিষয়ে ভাবি সহায় পাইছিল। আপুনিও এইদৰে কৰিব পাৰে। আপুনি যিহোৱাৰ সাক্ষীসকলৰ অনুসন্ধান গাইড, বাক্য যি পথ দেখুৱাই (হিন্দী) বা আন প্ৰকাশনবোৰত নাইবা jw.org ৱেবছাইটত অনুসন্ধান কৰিব পাৰে। যেনে, আপুনি যিহোৱাৰ দয়া, ক্ষমা আৰু অটুট প্ৰেমৰ বিষয়ে পঢ়িব পাৰে। যিবোৰ লেখৰ পৰা আপুনি সহায় পাব পাৰে, তাৰ এখন লিষ্ট বনাওক আৰু সেয়া এনে ঠাইত লগাই ৰাখক যি সহজে দেখা পোৱা যায়। তাৰ পাছত যেতিয়াই আপুনি নিৰাশ অনুভৱ কৰে, তেতিয়া আপুনি এই লেখবোৰ পঢ়ক আৰু চিন্তা কৰক যে তাত লিখা কথাবোৰৰ আপুনি কি শিকিব পাৰে।—ফিলি. ৪:৮.

এজন ডেকা ভায়ে ব্যক্তিগত অধ্যয়ন কৰি আছে আৰু তেওঁৰ ওচৰত বাইবেল, টেবলেট আৰু ডায়েৰি খুলি থোৱা আছে। তেওঁ নিজৰ বাইবেলত কিবা লিখি আছে।

এনে বিষয়বোৰত ব্যক্তিগত অধ্যয়ন কৰক, যিয়ে আপোনাক নিৰাশাৰ লগত যুঁজিবলৈ সহায় কৰে (অনুচ্ছেদ ১৭ চাওক)


১৮. কিছুমান ভাই-ভনীয়ে কি বিষয়ত অধ্যয়ন কৰি সহায় পাইছে?

১৮ আগতে উল্লেখ কৰা এলীজাই ইয়োবৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিছিল। তেওঁ এইদৰে কৈছে, “মই ইয়োবৰ পৰিস্থিতি ভালদৰে বুজি পাওঁ। তেওঁৰ ওপৰত এটাৰ পাছত এটা বহুতো বিপদ আহিল। সম্পূৰ্ণৰূপে নিৰাশ হোৱাৰ সময়তো ইয়োবে যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে। আনকি তেওঁৰ ওপৰত যিবোৰ সমস্যা আহিছে, সেয়া কিয় আহিছে তেওঁ জনা নাছিল। তথাপিও তেওঁ বিশ্বাসী হৈ থাকিল।” (ইয়ো. ৪২:১-৬) আগতে উল্লেখ কৰা ভনী ডাইনাই এইদৰে কৈছে, “মই আৰু মোৰ স্বামীয়ে যিহোৱাৰ গুণৰ বিষয়ে আমাৰ প্ৰকাশনবোৰত অধ্যয়ন কৰিলোঁ। আমি কৃতজ্ঞ যে যিহোৱাই আমাক তেওঁৰ দৰে হʼবলৈ সহায় কৰি আছে। আমি কৰা ভুলৰ বাবে যেতিয়া আমি নিৰাশ হৈ পৰোঁ, তেতিয়া আমি মনত ৰাখোঁ যে যিহোৱাই আমাক শিকাই আছে আৰু ভাল ব্যক্তি হʼবলৈ সহায় কৰি আছে। এইদৰে কৰাৰ বাবে তেওঁৰ লগত থকা বন্ধুত্ব আৰু বেছি দৃঢ় হৈ পৰিছে।”—যিচ. ৬৪:৮.

আশা এৰি নিদিব!

১৯. কেতিয়াবা কেতিয়াবা আমি কেনে অনুভৱ কৰিব পাৰোঁ, কিন্তু আমি কি আশা ৰাখিব পাৰোঁ?

১৯ এয়া সঁচা যে বাইবেল অধ্যয়ন কৰিলে, সভা আৰু প্ৰচাৰলৈ গʼলে আৰু লগতে নিজৰ চিন্তাক মনত ৰাখি ব্যক্তিগত অধ্যয়ন কৰিলে, কিছু পৰিমাণে আমি নিৰাশাৰ সন্মুখীন হʼব পাৰোঁ। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমাৰ মনলৈ বেয়া স্মৃতিবোৰ নাহিব। কেতিয়াবা কেতিয়াবা আমি নিঃসহায় অনুভৱ কৰিব পাৰোঁ। কিন্তু যিহোৱাৰ সহায়ত আমি সেই ভাৱনাবোৰৰ বিৰুদ্ধে যুঁজিব পাৰোঁ। আমি আশা ৰাখিব পাৰোঁ যে আমি বেছিভাগ সময় শুদ্ধ বিবেকেৰে আৰু আনন্দেৰে যিহোৱাৰ সেৱা কৰিব পাৰিম।

২০. আপুনি কি কৰিবলৈ থিৰাং কৰিছে?

২০ যদি আগতে আপোনাৰ পৰা কিবা ভুল হৈ গৈছে বা নিজৰ দুৰ্বলতাৰ বিৰুদ্ধে যুঁজি আছে বা কোনো কথাই আপোনাক আমনি কৰি আছে, তেনেহʼলে থিৰাং কৰক যে এইবোৰে যেন আপোনাৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিয়ে। এনে পৰিস্থিতিত যিহোৱাই আপোনাক চম্ভালিব। (গীত. ১৪৩:১০) আমি সেই সময়ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ, যেতিয়া ভাল কথাবোৰৰ ওপৰত ধ্যান দিবলৈ আমাক পৰিশ্ৰম কৰিবলগীয়া নহʼব। সেই সময়ত কোনো কথাই আমাক চিন্তিত কৰি নুতুলিব আৰু আমি আনন্দেৰে আমাৰ মৰমিয়াল পিতৃৰ সেৱা কৰিব পাৰিম।

আপুনি কেনেকৈ উত্তৰ দিব?

  • পৌলে কেতিয়াবা কেতিয়াবা কিয় নিঃসহায় অনুভৱ কৰিছিল?

  • নিৰাশাত থকাৰ সত্ত্বেও পৌলে কিয় শুদ্ধ বিবেক আৰু আনন্দেৰে যিহোৱাৰ সেৱা কৰিব পাৰিলে?

  • আমি নিৰাশা আৰু বেয়া স্মৃতিবোৰৰ বিৰুদ্ধে কেনেকৈ যুঁজিব পাৰোঁ?

গীত নং ৩৪ সদায় যিহোৱাৰ বিশ্বাসী হৈ থাকিম

a এই লেখত বেয়া স্মৃতি বা দুখি বা নিৰাশ হোৱাৰ বিষয়ে যেতিয়াই কোৱা হয়, তেতিয়া তাৰ অৰ্থ ডিপ্ৰেচন বা গভীৰ নিৰাশা নহয়, যাৰ বাবে আমি ডাক্তৰক দেখুৱা বা চিকিৎসা কৰিবলগীয়া হয়।

b পৌলৰ চিঠিবোৰৰ পৰা জানিব পাৰি যে তেওঁৰ দৃষ্টিশক্তি দুৰ্বল হৈছিল, যাৰ বাবে মণ্ডলীবোৰত চিঠি লিখিবলৈ, যাত্ৰা কৰিবলৈ আৰু প্ৰচাৰ কৰিবলৈ তেওঁৰ বাবে হয়তো কঠিন হৈছিল। (গালা. ৪:১৫; ৬:১১) ইয়াৰ উপৰিও মণ্ডলীবোৰত যি মিছা শিক্ষকসকল সোমাই আহিছিল, তেওঁলোকৰ কথাৰ বাবেও তেওঁ হয়তো চিন্তিত হৈছিল। (২ কৰি. ১০:১০; ১১:৫, ১৩) তেওঁ চিন্তিত হোৱাৰ কাৰণ যিয়েই নহওক কিয়, কিন্তু ইয়াৰ পৰা পৌলে বহুত কষ্ট পাইছিল।

c কিছুমান নাম সলনি কৰা হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক