ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bh অধ্যায় ১৯ পৃষ্ঠা ১৮৪-১৯৩
  • ঈশ্বৰৰ প্ৰেমত থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ প্ৰেমত থাকক
  • বাইবেলে প্ৰকৃততে কি শিকায়?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰৰ প্ৰেমক চিনাক্ত কৰক আৰু আদৰ দেখুৱাওক
  • যিহোৱাৰ কাষ চাপক
  • ঈশ্বৰৰ উপাসনাত আনন্দ লাভ কৰক
  • “প্ৰকৃত জীৱন” পাবলৈ আগবাঢ়ি আহক
  • যিহোৱাৰ কাষত থাকক
    বাইবেলে আমাক কি শিকায়?
  • প্ৰেমেৰে নিজকে গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • “ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই”
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • ঈশ্বৰৰ প্ৰেমৰ পৰা আমাক কোনে বিছিন্ন কৰিব পাৰে?
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
বাইবেলে প্ৰকৃততে কি শিকায়?
bh অধ্যায় ১৯ পৃষ্ঠা ১৮৪-১৯৩

ঊনৈশ অধ্যায়

ঈশ্বৰৰ প্ৰেমত থাকক

  • ঈশ্বৰক প্ৰেম কৰাৰ অৰ্থ কি?

  • আমি কেনেকৈ ঈশ্বৰৰ প্ৰেমত থাকিব পাৰোঁ?

  • ঈশ্বৰৰ প্ৰেমত থকা লোকসকলক যিহোৱাই কেনেকৈ পুৰস্কাৰ দিয়ে?

ধুমুহা-বতাহৰ সময়ত এজন ব্যক্তিয়ে আশয় বিচাৰিছ

ধুমুহা-বতাহৰ দৰে পৰিস্থিতিৰ মাজত আপুনি যিহোৱাক আপোনাৰ আশ্ৰয়স্থান হিচাবে লʼবনে?

১, ২. বৰ্তমান সময়ত আমি সুৰক্ষিত আশ্ৰয়স্থান কʼত পাম?

কল্পনা কৰক যে আপুনি ৰাস্তাৰ কাষেৰে খোজকাঢ়ি গৈ আছে, আৰু চাওঁতে চাওঁতে বতৰ বেয়া হʼবলৈ ধৰিলে। আকাশখন কʼলা হৈ পৰিল আৰু মেঘে গৰ্জ্জন কৰিবলৈ ধৰিলে। আপুনি কিবা বুজি পোৱাৰ আগতে আকাশৰপৰা ধাৰাসাৰে বৰষুণ পৰিবলৈ ধৰিলে। বতাহ-বৰষুণৰপৰা নিজকে ৰক্ষা কৰিবলৈ আপুনি এক আশ্ৰয়স্থান বিচাৰিছে। হঠাতে, ৰাস্তাৰ কাষত থকা এটা ঘৰলৈ আপোনাৰ চকু পৰিল। এই ঘৰটো দেখিবলৈ মজবুত আৰু ই আপোনাক এই ধুমুহাৰপৰা ৰক্ষা কৰিব পাৰে। এনে পৰিস্থিতিত এই ঘৰটো আপোনাৰ বাবে এক সুৰক্ষাৰ স্থান নহʼবনে?

২ ধুমুহা বতাহৰ দৰে পৃথিৱীৰ পৰিস্থিতিও আজি অতি বেয়ালৈ ঢাল খাইছে। কিন্তু ৰাস্তাৰ কাষত থকা এক মজবুত ঘৰৰ দৰে, আজিও আমাৰ বাবে এক সুৰক্ষাৰ স্থান আছে, যিয়ে আমাক বিনাশ হোৱাৰপৰা সুৰক্ষা দিয়ে। সেই সুৰক্ষাৰ স্থান কি বাৰু? বাইবেলে ইয়াৰ বিষয়ে কি বৰ্ণনা কৰিছে তালৈ লক্ষ্য কৰক: “মই যিহোৱাৰ বিষয়ে কম, ‘তেওঁ মোৰ আশ্ৰয় আৰু মোৰ কোঁঠ, মই ভাৰসা ৰখা মোৰ ঈশ্বৰ।’”—গীতমালা ৯১:২.

৩. আমি যিহোৱাক আমাৰ আশ্ৰয়স্থান হিচাপে কেনেকৈ লʼব পাৰোঁ?

৩ গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তাই আমাক সুৰক্ষা দিব পাৰে বুলি আপুনি কল্পনা কৰিব পাৰেনে? যিহোৱা ঈশ্বৰ সকলোতকৈ শক্তিশালী, সেইবাবে আমাৰ বিৰুদ্ধে অহা যিকোনো হানিকাৰক পৰিস্থিতিৰপৰা তেওঁ আমাক ৰক্ষা কৰিব পাৰে। কেতিয়াবা আকৌ কিবা প্ৰকাৰে আমাৰ ওপৰত হানি অহাৰ বাবে আমাক বেজাৰ লাগে। কিন্তু যিহোৱাই সেই বেজাৰকো নাইকিয়া কৰিব পাৰে। গতিকে আমাৰ সকলোৰে বাবে প্ৰশ্ন হʼব পাৰে যে আমি কেনেকৈ যিহোৱাক আমাৰ আশ্ৰয়স্থান হিচাপে লʼব পাৰোঁ? আমি তেওঁক বিশ্বাস কৰাৰ প্ৰয়োজন আছে। ইয়াৰ উপৰিও বাইবেলে আমাক, ‘ঈশ্বৰৰ প্ৰেমত নিজক ৰাখিবলৈ’ উৎসাহ দিছে। (যিহূদা ২০) প্ৰকৃততে, আমি সকলোৱে ঈশ্বৰৰ লগত এক গভীৰ সম্পৰ্ক ৰাখি, তেওঁৰ প্ৰেমত থকা উচিত আৰু তেতিয়াহে আমি কʼব পাৰিম যে তেওঁ আমাৰ আশ্ৰয়স্থান। আমি ঈশ্বৰৰ লগত কেনেকৈ এক গভীৰ সম্পৰ্ক গঢ়ি তুলিব পাৰিম?

ঈশ্বৰৰ প্ৰেমক চিনাক্ত কৰক আৰু আদৰ দেখুৱাওক

৪, ৫. যিহোৱা ঈশ্বৰে কেনেকৈ আমাক তেওঁৰ প্ৰেম দেখুৱাইছে?

৪ যিহোৱাৰ প্ৰেমত থাকিবলৈ হʼলে, তেওঁ দেখুৱা প্ৰেমক আমি চিনাক্ত কৰিব লাগিব। এই কিতাপৰ সহায়ত শিকা, বাইবেলৰ কিছুমান শিক্ষাৰ বিষয়ে চিন্তা কৰক। এজন সৃষ্টিকৰ্ত্তা হোৱাৰ বাবে যিহোৱা ঈশ্বৰে এই পৃথিৱীখন আমাক এক সুন্দৰ ঘৰৰূপে উপহাৰ দিছে। এই পৃথিৱীখনত আহাৰ, পানী, প্ৰাকৃতিক সম্পদ, জীৱ-জন্তু আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰি আছে। বাইবেলত তেওঁ নিজৰ নাম আৰু ব্যক্তিগত গুণবোৰো প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও তেওঁৰ বাক্যই বৰ্ণনা কৰিছে যে যিহোৱাই নিজৰ একমাত্ৰ পুত্ৰক আমাৰ বাবে দুখ-কষ্ট ভুগী মৃত্যুক আঁকোৱালি লʼবলৈ এই পৃথিৱীলৈ পঠিয়ালে। (যোহন ৩:১৬) ঈশ্বৰৰ এই উপহাৰে আমাৰ বাবে কি অৰ্থ ৰাখে? ই আমাক এক সুন্দৰ ভৱিষ্যতৰ বাবে আশা দিয়ে।

৫ আমাৰ এই আশা পূৰ হোৱাৰ বাবে যিহোৱা ঈশ্বৰে আন এক ব্যৱস্থাও কৰিছে। তাৰ বাবে যিহোৱা ঈশ্বৰে স্বৰ্গত এক চৰকাৰ স্থাপন কৰিলে আৰু তাক মচীহৰ ৰাজ্য বুলি কোৱা হয়। এই চৰকাৰে সকলো দুখ-কষ্টৰ অন্ত কৰিব আৰু এই পৃথিৱীখনক এক সুন্দৰ প্ৰমোদবনলৈ পৰিণত কৰিব। খন্তেক কল্পনা কৰকচোন। তাত আমি সুখ আৰু শান্তিৰে অনন্ত জীৱন জীয়াই থাকিব পাৰিম। (গীতমালা ৩৭:২৯) কিন্তু এই পৃথিৱীত প্ৰমোদবন নহালৈকে ঈশ্বৰে আমাক ভালদৰে জীৱন অতিবাহিত কৰিবলৈ পথ-প্ৰদৰ্শন তথা নিৰ্দ্দেশনা দিছে। কোনো বাধা নোহোৱাকৈ তেওঁৰ লগত সম্পৰ্ক ৰাখিবলৈ এক সুন্দৰ ব্যৱস্থাও কৰিছে আৰু সেয়া হৈছে প্ৰাৰ্থনা। গোটেই মানৱ জাতি আৰু আপোনাক ব্যক্তিগতৰূপে দেখুৱা যিহোৱাৰ মহান প্ৰেমৰ এয়া মাত্ৰ কেইটামান উদাহৰণহে।

৬. যিহোৱাই আপোনাক দেখুৱা প্ৰেমৰ প্ৰতি আপুনি কেনেকৈ আদৰ দেখুৱাব?

৬ আমি এতিয়া নিজকে এই প্ৰশ্ন কৰা উচিত: যিহোৱাই দেখুৱা প্ৰেমৰ প্ৰতি মই কেনেকৈ আদৰ দেখুৱাম? ইয়াৰ উত্তৰত বহুতে হয়তো কʼব পাৰে যে “মইয়ো যিহোৱাক প্ৰেম কৰা উচিত।” আপুনিও এইদৰে ভাবে নেকি? যীচুৱে বিধানৰ প্ৰধান আজ্ঞাৰ বিষয়ে এইদৰে কৈছিল: “তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা।” (মথি ২২:৩৭) আপুনি যিহোৱা ঈশ্বৰক প্ৰেম কৰাৰ নিশ্চয় বহুতো কাৰণ থাকিব পাৰে। যিহোৱাক সকলো হৃদয়, প্ৰাণ আৰু চিত্তেৰে প্ৰেম কৰাৰ বাবে মাত্ৰ অনুভূতি থকাই আপোনাৰ বাবে যথেষ্ট নেকি?

এটা আপেলৰ বীজ

৭. ঈশ্বৰক প্ৰেম কৰাৰ অৰ্থ মাত্ৰ তেওঁৰ প্ৰতি প্ৰেমৰ অনুভূতি থকাই যথেষ্ট নেকি? বৰ্ণনা কৰক।

৭ বাইবেলত বৰ্ণনা কৰিছে যে ঈশ্বৰৰ বাবে মাত্ৰ আমাৰ হৃদয়ত প্ৰেমৰ অনুভূতিয়েই যথেষ্ট নহয়। এইটো সত্য যে যিহোৱাৰ প্ৰতি আমাৰ অনুভূতি থকাৰ প্ৰয়োজন আছে, কিন্তু সেয়া তেওঁৰ প্ৰতি আমাৰ প্ৰেমৰ আৰম্ভণিহে মাথোন। ইয়াক ভালদৰে বুজিবলৈ আহক আমি এটা উদাহৰণলৈ লক্ষ্য কৰোঁ। এটা আপেলৰ গছ হʼবলৈ হʼলে, এটা আপেলৰ বীজৰ প্ৰয়োজন। যদি কাৰোবাৰপৰা আপুনি এটা আপেল বিচাৰে আৰু তেওঁ আপোনাক এটা আপেলৰ পৰিৱৰ্তে তাৰ বীজ দিয়ে, তেনেহʼলে আপুনি ইয়াত সন্তুষ্ট হʼবনে? কেতিয়াও নহয়! ঠিক সেইদৰে, যিহোৱা ঈশ্বৰৰ প্ৰতি প্ৰেম থকাৰ অনুভূতি হৈছে মাত্ৰ আৰম্ভণিহে। বাইবেলে বৰ্ণনা কৰিছে যে “আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।” (১ যোহন ৫:৩) প্ৰকৃততে কʼবলৈ গʼলে, ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে আমাক ভাল ফল উৎপন্ন কৰাত সহায় কৰিব। এই ভাল ফলবোৰ আমাৰ আচৰণত প্ৰদৰ্শন কৰা উচিত।—মথি ৭:১৬-২০ পঢ়ক।

৮, ৯. আমি কেনেকৈ ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ?

৮ আমি যেতিয়া ঈশ্বৰৰ আজ্ঞা আৰু ইয়াৰ সিদ্ধান্তবোৰ আমাৰ জীৱনত পালন কৰোঁ, তেতিয়াহে আমি প্ৰকৃততে ঈশ্বৰৰ প্ৰতি প্ৰেম দেখুৱাওঁ। ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিবলৈ কঠিন নহয়। যিহোৱাৰ আজ্ঞাবোৰে আমাক সুখ আৰু শান্তিৰ জীৱন জীয়াই থাকিবলৈ সহায় কৰে। (যিচয়া ৪৮:১৭, ১৮) যিহোৱা ঈশ্বৰে দিয়া নিৰ্দ্দেশনাবোৰ আমাৰ জীৱনত পালন কৰাৰ যোগেদি, আমি আমাৰ স্বৰ্গীয় পিতৃৰ প্ৰতি কৃতজ্ঞতা দেখুৱাওঁ। কিন্তু দুখৰ বিষয় যে আজি পৃথিৱীত মাত্ৰ কিছুমান লোকেহে তেওঁৰ প্ৰতি কৃতজ্ঞতা দেখুৱাইছে। যীচু খ্ৰীষ্টৰ সময়ত বাস কৰা কিছুমান লোকেও যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱা নাছিল। আমাক তেওঁলোকৰ দৰে অকৃতজ্ঞ হোৱা উচিত নহয়। আপুনি এই ঘটনালৈ লক্ষ্য কৰক। এবাৰ যীচুৱে দহজন কুষ্ঠৰোগীক সুস্থ কৰিছিল। কিন্তু মন কৰিবলগীয়া কথা যে মাত্ৰ এজন ৰোগীহে যীচুক ধন্যবাদ দিবলৈ উলটি আহিল। (লূক ১৭:১২-১৮) নিশ্চয়, আমাক সেই ন জন কুষ্ঠৰোগীৰ দৰে নহৈ, কৃতজ্ঞতা দেখুৱা জনাৰ দৰে হোৱা উচিত।

৯ গতিকে আমাৰ বাবে প্ৰশ্ন হʼব পাৰে যে যিহোৱাৰ কোনবোৰ আজ্ঞা আমি পালন কৰা উচিত? এতিয়ালৈকে আমি এই কিতাপৰপৰা ঈশ্বৰৰ কেইবাটাও আজ্ঞাৰ বিষয়ে শিকিলোঁ। গতিকে আহক, আমি তাৰে কেইটামান আজ্ঞাৰ বিষয়ে পুনৰ আলোচনা কৰোঁ। ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিলে আমাক তেওঁৰ প্ৰেমত থাকিবলৈ সহায় কৰিব।

যিহোৱাৰ কাষ চাপক

১০. বৰ্ণনা কৰক যে যিহোৱা ঈশ্বৰৰ বিষয়ে জ্ঞান লৈ থকাটো আমাৰ বাবে কিয় অতি প্ৰয়োজন?

১০ যিহোৱাৰ কাষ চাপি যোৱাৰ মুখ্য পদক্ষেপ হৈছে, তেওঁৰ বিষয়ে শিকা। আমি যিহোৱাৰ বিষয়ে জ্ঞান লোৱা বা তেওঁৰ বিষয়ে শিকিবলৈ কেতিয়াও বন্ধ কৰিব নালাগে। কল্পনা কৰক যে এক ঠাণ্ডাৰ ৰাতি আপুনি বাহিৰত থাকিবলগীয়া হয়। আপুনি জুই একুৰা জ্বলাই তাৰ উম লৈছে আৰু নিজকে ঠাণ্ডাৰপৰা ৰক্ষা কৰিছে। এই জুইকুৰাৰপৰা উম পাই থাকিবলৈ হʼলে, আপুনি নিশ্চয় জুইকুৰাত খৰিৰ টুকুৰা দি থাকিব লাগিব। যদি আপুনি এনে নকৰে, তেনেহʼলে জুইকুৰা নুমাই যাব আৰু আপুনি ঠাণ্ডাত কঠুৱাও লাগিব পাৰে। যেনেকৈ খৰিৰ টুকুৰাই জুই জ্বলাত সহায় কৰে, ঠিক সেইদৰে, ‘ঈশ্বৰবিষয়ক জ্ঞানে’ আমাক যিহোৱাৰ প্ৰতি প্ৰেম বৃদ্ধি কৰাত সহায় কৰিব।—হিতোপদেশ ২:১-৫.

এজন ব্যক্তিয়ে জুইৰ তাপ লৈছ আৰু খৰিৰ টুকুৰা জুইত দি আছ

খৰিৰ টুকুৰাই যেনেকৈ জুই জ্বলাত সহায় কৰে, ঠিক সেইদৰে, ঈশ্বৰবিষয়ক জ্ঞানে যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম গভীৰ কৰে

১১. যীচুৰ শিক্ষাৰ পৰিণামস্বৰূপে তেওঁৰ শিষ্যসকলৰ ওপৰত কি প্ৰভাৱ পৰিছিল?

১১ যিহোৱা ঈশ্বৰ আৰু তেওঁৰ বাক্যৰ প্ৰতি প্ৰেম যাতে সদায় জুইৰ দৰে প্ৰজ্বলিত হৈ থাকে তাৰ বাবে যীচুৱে তেওঁৰ শিষ্যসকলক আজ্ঞা দিছিল। হীব্ৰু শাস্ত্ৰপদত তেওঁৰ ওপৰত পূৰ্ণ হোৱা কিছুমান ভৱিষ্যতবাণীৰ বিষয়ে যীচুৱে তেওঁৰ পুনৰুত্থানৰ পাছত দুজন শিষ্যক কৈছিল। ইয়াৰ পৰিণাম কি হʼল বাৰু? ইয়াৰ বিষয়ে শিষ্যসকলে এইদৰে কৈছিল: “তেওঁ যেতিয়া আমাৰ সৈতে কথোপকথন কৰিলে, আৰু শাস্ত্ৰৰ অৰ্থ বুজাই দিলে, তেতিয়া আমাৰ অন্তৰত হৃদয় প্ৰজ্বলিত নহৈছিল নে?”—লূক ২৪:৩২.

১২, ১৩. (ক) যিহোৱা আৰু তেওঁৰ বাক্য বাইবেলৰ প্ৰতি আজি লোকসকলৰ প্ৰেম কেনে হৈ পৰিছে? (খ) আমাৰ প্ৰেম চেঁচা নহʼবলৈ কি কৰা উচিত?

১২ আপোনাৰ বিষয়েনো কি? যেতিয়া আপুনি প্ৰথম বাৰৰ বাবে বাইবেলৰ সত্যতা শিকিছিল, তেতিয়া আপোনাৰ হৃদয় আনন্দেৰে ভৰি নপৰিছিলনে? সত্যৰ বিষয়ে আনক জনাবলৈ আৰু ঈশ্বৰৰ প্ৰেমত প্ৰজ্বলিত নহৈছিলনে? ইয়াত কোনো সন্দেহ নাই, আপুনি নিশ্চয় এনে কৰিছিল। আপোনাৰ দৰে বহুতোলোকৰ এনে অনুভৱ হৈছিল। কিন্তু এতিয়া আমাৰ সকলোৰে বাবে এক প্ৰত্যাহ্বান হʼব পাৰে। এই প্ৰত্যাহ্বান হৈছে, ঈশ্বৰৰ প্ৰেমক সদায় প্ৰজ্বলিত কৰি ৰখা আৰু ইয়াক গভীৰ কৰি তোলা। আজি এই পৃথিৱীত বাস কৰা লোকসকলৰ দৰে আমি হʼব নিবিচাৰোঁ। যীচুৱে কৈছিল: “অনেকৰ প্ৰেম চেঁচা হৈ যাব।” (মথি ২৪:১২) যিহোৱা আৰু তেওঁৰ বাক্য বাইবেলৰ প্ৰতি প্ৰেম চেঁচা নহʼবলৈ আপুনি কি কৰা উচিত?

১৩ আপুনি যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ বিষয়ে জ্ঞান লৈ থাকক। (যোহন ১৭:৩) বাইবেল অধ্যয়নৰপৰা আপুনি যি শিকিছে তাক ধ্যান বা গভীৰভাৱে চিন্তা কৰক। নিজকে এইদৰে প্ৰশ্ন কৰক: ‘এই অধ্যয়নৰপৰা মই যিহোৱাৰ বিষয়ে কি শিকিলোঁ? এই অধ্যয়নে মোক সকলো হৃদয়, প্ৰাণ, আৰু চিত্তেৰে যিহোৱাক প্ৰেম কৰিবলৈ কেনেকৈ সহায় কৰিব?’ (গীতমালা ৭৭:১২ পঢ়ক।) এনে ধৰণৰ ধ্যান বা গভীৰভাৱে চিন্তা কৰাৰ যোগেদি আপুনি যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম প্ৰজ্বলিত কৰি ৰাখিব পাৰিব।

১৪. প্ৰাৰ্থনাই কেনেকৈ যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম প্ৰজ্বলিত কৰি ৰখাত সহায় কৰিব?

১৪ যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম প্ৰজ্বলিত কৰি ৰাখিবলৈ আন এক উপায় হৈছে, নিৰন্তৰে তেওঁক প্ৰাৰ্থনা কৰা। (১ থিচলনীকীয়া ৫:১৭) আমি এই কিতাপৰ সোতৰ অধ্যায়ত শিকিছিলোঁ যে প্ৰাৰ্থনা হৈছে, যিহোৱাৰ এক প্ৰেমৰ ব্যৱস্থা। যেনেকৈ এজন বন্ধুৰ লগত নিয়মীয়াকৈ আৰু মুকলিভাৱে যোগাযোগ ৰাখিলে বন্ধুত্ব মজবুত হয়, ঠিক সেইদৰে, যিহোৱা ঈশ্বৰক নিয়মীয়াকৈ তথা নিৰন্তৰে প্ৰাৰ্থনা কৰিলে আমাৰ সম্পৰ্ক তেওঁৰ লগত গভীৰ হৈ পৰিব। আমাৰ প্ৰাৰ্থনা কেতিয়াও এটা যন্ত্ৰৰ দৰে হোৱা উচিত নহয়। আমি একেটা শব্দকে পুনৰুক্তি কৰা আৰু কোনো অৰ্থ নোহোৱাকৈ বা অনুভূতিহীনভাৱে প্ৰাৰ্থনা কৰাৰপৰা বিৰত থাকিব লাগে। এটা সৰু লʼৰাই যেনেকৈ নিজৰ পিতৃৰ লগত মনৰ কথা ব্যক্ত কৰে, ঠিক সেইদৰে, আমিও যিহোৱাৰ লগত কথা পতা উচিত। আমি যিহোৱাৰ লগত মুকলিকৈ, সত্যনিষ্ঠাৰে আৰু আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিব লাগে। কিন্তু প্ৰাৰ্থনা কৰোঁতে তেওঁলৈ আমি সন্মান বজাই ৰখা উচিত। (গীতমালা ৬২:৮) বাইবেল অধ্যয়ন আৰু প্ৰাৰ্থনা হৈছে, আমাৰ উপাসনাৰ এক ভাগ আৰু ই আমাক ঈশ্বৰৰ প্ৰেমত থাকিবলৈ সহায় কৰিব।

ঈশ্বৰৰ উপাসনাত আনন্দ লাভ কৰক

১৫, ১৬. ৰাজ্যৰ প্ৰচাৰ কৰা কাৰ্য্যক আমি কিয় এক মহান সুযোগ আৰু দীপ্তিৰূপ ধন বুলি গণ্য কৰা উচিত?

১৫ বাইবেল অধ্যয়ন আৰু প্ৰাৰ্থনা, উপাসনাৰ এই বিষয়বোৰ আমি ব্যক্তিগতভাৱে কৰোঁ। আহক আমি উপাসনাৰ আন এক দিশৰ বিষয়ে আলোচনা কৰোঁ। এই দিশ হৈছে, আনৰ আগত নিজৰ বিশ্বাসৰ বিষয়ে বৰ্ণনা কৰা। আপুনি আনৰ আগত বাইবেলৰ সত্যৰ বিষয়ে জনাইছেনে? যদি আপুনি এনে কৰিছে, তেনেহʼলে সেয়া আপোনাৰ বাবে এক মহান সুযোগ। (লূক ১:৭১) ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ যীচুৱে সকলো খ্ৰীষ্টানক আজ্ঞা দিছিল। যেতিয়া আমি যিহোৱাৰ বিষয়ে সত্য শিকি আনক জনাওঁ তেতিয়া আমি যীচুৱে দিয়া এই আজ্ঞাক পালন কৰা বুজায়।—মথি ২৪:১৪; ২৮:১৯, ২০ পঢ়ক।

১৬ পৌলে প্ৰচাৰ কাৰ্য্যক এক বহুমূলীয়া বিষয় বুলি গণ্য কৰিছিল আৰু তেওঁ ইয়াক দীপ্তিৰূপ ধনৰ লগত তুলনা কৰিছিল। (২ কৰিন্থীয়া ৪:৭) যিহোৱা ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে আনক জনোৱাটোৱে আপোনাৰ বাবে এক উত্তম কাম হʼব। গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তা, যিহোৱা ঈশ্বৰৰ বাবে আপুনি যি সেৱা কৰিছে তাৰ বাবে আপোনাৰ বহুতো উপকাৰ হʼব। প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ যোগেদি আপুনি নম্ৰ হৃদয়ৰ লোকসকলক ঈশ্বৰৰ কাষ চাপিবলৈ আৰু অনন্ত জীৱনৰ পথত চলিবলৈ সহায় কৰিছে। এই কামৰ বাবে আপুনি যি সন্তোষ লাভ কৰিব, তাক আন কিবা কামে দিবনে? আনৰ আগত যেতিয়া আপুনি যিহোৱা আৰু তেওঁৰ বাক্যৰ বিষয়ে ঘোষণা কৰে, তেতিয়া আপোনাৰ নিজৰ বিশ্বাস আৰু ঈশ্বৰৰ প্ৰতি প্ৰেম গভীৰ হʼবলৈ ধৰিব। যিহোৱাৰ সেৱাৰ বাবে আপুনি কৰা প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে। (ইব্ৰী ৬:১০) আপুনি এনে কামত ব্যস্ত থাকিলে ঈশ্বৰৰ প্ৰেমত থাকিবলৈ আপোনাক সহায় কৰিব।—১ কৰিন্থীয়া ১৫:৫৮ পঢ়ক।

১৭. ৰাজ্যৰ ঘোষণা কৰা কাৰ্য্য অতি জৰুৰী কিয়?

১৭ আমি সদায় মনত ৰখা উচিত যে ৰাজ্যৰ ঘোষণা কৰা কাৰ্য্য হৈছে অতি জৰুৰী। ইয়াৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা।” (২ তীমথিয় ৪:১, ২) বৰ্তমান সময়ত এই বাৰ্ত্তা ঘোষণা কৰা অতি জৰুৰী কিয়? ঈশ্বৰৰ বাক্যই ইয়াৰ উত্তৰ দিয়ে: “যিহোৱাৰ মহাদিন ওচৰ, সেয়ে ওচৰ, অতি বেগেৰে আহিছে।” (চফনিয়া ১:১৪) লক্ষ্য কৰক যে এই বৰ্তমান ব্যৱস্থাক ধ্বংস কৰিবলৈ যিহোৱাৰ মহা-বিচাৰৰ দিন অতি বেগেৰে আহিছে। গতিকে আমাৰ দায়িত্ব হৈছে আহিবলগীয়া এই মহা-বিচাৰৰ দিনৰ বিষয়ে সকলোকে সকীয়নি দিয়া। যিহোৱাক তেওঁলোকৰ অধিপতি বুলি স্বীকাৰ কৰাৰ এয়া যে সুযোগ, তাক তেওঁলোকে জনাৰ প্ৰয়োজন। শাস্ত্ৰত উল্লেখ কৰা অনুসৰি, এই মহা-বিচাৰৰ দিন “উচিত সময়তকৈ দেৰি নহব।”—হবক্কুক ২:৩.

১৮. সত্য খ্ৰীষ্টানসকলৰ লগত আমি কিয় সমজুৱাকৈ যিহোৱাক উপাসনা কৰা উচিত?

১৮ যিহোৱাই বিচাৰে যে আমি সত্য খ্ৰীষ্টানসকলৰ লগত সমজুৱাকৈ তেওঁক উপাসনা কৰোঁ। সেইবাবে তেওঁৰ বাক্যই কৈছে: “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ আমি পৰস্পৰে মনোযোগ কৰোঁহঁক; আৰু কোনো কোনোৰ দস্তুৰমতে আমি গোট খাবলৈ নেৰি, দিন যিমান ওচৰ হোৱা দেখা, সিমান অধিককৈ পৰস্পৰে উদগাওঁহঁক।” (ইব্ৰী ১০:২৪, ২৫) যেতিয়া আমি ভাই-ভনীসকলৰ লগত খ্ৰীষ্টান সভাবোৰত একত্ৰিত হওঁ তেতিয়া যিহোৱা ঈশ্বৰক উপাসনা আৰু প্ৰশংসা কৰাৰ আমাৰ সুযোগ থাকে। খ্ৰীষ্টান সভাবোৰত আমি এজনে-আনজনক উৎসাহ আৰু উদগণি দিওঁ।

১৯. খ্ৰীষ্টান মণ্ডলীত থকা প্ৰেমৰ বান্ধোনক আমি কেনেকৈ মজবুত কৰিব পাৰোঁ?

১৯ আমি যেতিয়া যিহোৱাৰ উপাসকসকলৰ লগত তেওঁক উপাসনা কৰোঁ, তেতিয়া মণ্ডলীৰ অন্য ভাই-ভনীসকলৰ লগত আমাৰ প্ৰেম আৰু বন্ধুত্ব বাঢ়িবলৈ ধৰে। যিহোৱাই আমাৰ ভাল গুণবোৰলৈ লক্ষ্য কৰে। ঠিক সেইদৰে, আমিও আমাৰ ভাই-ভনীসকলৰ ভাল গুণবোৰলৈ লক্ষ্য কৰা উচিত। আপোনাৰ আধ্যাত্মিক ভাইসকলৰপৰা কেতিয়াও সিদ্ধতাৰ আশা নকৰিব। মনত ৰাখিব যে সকলোৱে ঈশ্বৰৰ লগত এক ভাল সম্পৰ্ক ৰাখিবলৈ অপ্ৰাণ চেষ্টা কৰিছে, আৰু সকলোৰে উন্নতি একে ধৰণে নহয়। আমাক ইয়াকো মনত ৰখা উচিত যে আমি সকলোৱে ভুল কৰোঁ। (কলচীয়া ৩:১৩ পঢ়ক।) যিহোৱাক প্ৰেম কৰা লোকসকলৰ লগত বন্ধুত্ব গঢ়ি তোলক আৰু আপুনি লক্ষ্য কৰিব যে আধ্যাত্মিকভাৱে নিজেও আগবাঢ়ি গৈছে। নিঃসন্দেহ, মণ্ডলীৰ ভাই-ভনীসকলৰ লগত মিলিত হৈ যিহোৱাক উপাসনা কৰিলে আপুনি ঈশ্বৰৰ প্ৰেমত থাকিব পাৰিব। এতিয়া প্ৰশ্ন হʼব পাৰে যে যিহোৱাই সেই লোকসকলক কেনেকৈ পুৰস্কাৰ দিয়ে, যিসকলে তেওঁক বিশ্বাসেৰে উপাসনা কৰে আৰু তেওঁৰ প্ৰেমত থাকে?

“প্ৰকৃত জীৱন” পাবলৈ আগবাঢ়ি আহক

২০, ২১. “প্ৰকৃত জীৱন” কি আৰু ই কিয় আমাৰ বাবে এক উজ্জ্বল আশা?

২০ যিহোৱাই তেওঁৰ বিশ্বাসী লোকসকলক জীৱনৰ পুৰস্কাৰ দিয়ে। কিন্তু প্ৰশ্ন হʼব পাৰে যে কেনেধৰণৰ জীৱন? খন্তেক চিন্তা কৰকচোন। আপুনি প্ৰকৃততে জীয়াই আছেনে? ইয়াৰ উত্তৰত আমি নিশ্চয় কʼম যে আমি জীয়াই আছোঁ। জীয়াই থকাৰ বাবেইতো আমি উশাহ-নিশাহ লৈছোঁ আৰু খোৱা-বোৱা কৰিছোঁ। কেতিয়াবা আকৌ আমাৰ আটাইতকৈ আনন্দৰ ক্ষণত আমি কওঁ যে “এয়াইতো জীয়াই থকাৰ প্ৰকৃত আনন্দ।” কিন্তু মন কৰিবলগীয়া কথা যে বাইবেলে এক গুৰুত্বপূৰ্ণ বিষয়ে উনুকিয়াই দিছে আৰু সেয়া হৈছে, প্ৰকৃততে আজি কোনো লোকে জীৱনৰ আনন্দ লোৱা নাই।

এটা পৰিয়ালে পমোদবনত জীৱনৰ আনন্দ উপভোগ কৰিছ

আপুনি ‘প্ৰকৃত জীৱনৰ’ আনন্দ লোৱাটো যিহোৱাই বিচাৰে। এই আনন্দ লʼবলৈ আপুনি নতুন পৃথিৱীত থাকিবনে?

২১ ঈশ্বৰৰ বাক্যই আমাক “প্ৰকৃত জীৱন ধাৰণ” কৰিবলৈ উৎসাহ দিছে। (১ তীমথিয় ৬:১৯) ইয়াৰপৰা বুজিব পাৰি যে “প্ৰকৃত জীৱন” আমি ভৱিষ্যতহে আশা কৰিব পাৰোঁ। আমি সিদ্ধ হʼলেহে প্ৰকৃততে ঈশ্বৰৰ উদ্দেশ্য অনুসৰি প্ৰকৃত জীৱনৰ আনন্দ লʼব পাৰিম। যেতিয়া আমি এই পৃথিৱীত হʼবলগীয়া প্ৰমোদবনত অনন্ত কাল জীয়াই থাকিম, তেতিয়া আমি সুস্থ শৰীৰ আৰু শান্তিৰ জীৱন অতিবাহিত কৰিম। তেতিয়াহে আচলতে আমি ‘প্ৰকৃত জীৱনৰ’ আনন্দ লাভ কৰিব পাৰিম। (১ তীমথিয় ৬:১২) ই আমাৰ বাবে এক উজ্জ্বল আশা নহয়নে?

২২. আপুনি “প্ৰকৃত জীৱন” কেনেকৈ ধাৰণ কৰিব?

২২ আমি “প্ৰকৃত জীৱন” কেনেকৈ ধাৰণ কৰিব পাৰিম? পাঁচনি পৌলে ইয়াৰ উত্তৰত এইদৰে কৈছিল যে খ্ৰীষ্টানসকলে, “সৎকৰ্ম্ম কৰি, উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হওক।” (১ তীমথিয় ৬:১৮) গতিকে ইয়াৰপৰা কʼব পাৰি যে বাইবেলৰ সত্যতা নিজৰ জীৱনত পালন কৰিলেহে, প্ৰকৃত জীৱনৰ বাবে আশা কৰিব পাৰি। পৌলে বৰ্ণনা কৰা অনুসৰি “প্ৰকৃত জীৱন” মাত্ৰ ভাল কাম কৰিলেহে ধাৰণ কৰিব পাৰি নেকি? নহয়, এই আশা মাত্ৰ যিহোৱাৰ, “অনুগ্ৰহৰ” ওপৰত নিৰ্ভৰ কৰে। (ৰোমীয়া ৫:১৫) আমি মনত ৰখা উচিত যে বিশ্বাসেৰে যিহোৱাক সেৱা কৰিলে, তেওঁ আমাৰ বাবে এই পুৰস্কাৰ আনন্দেৰে আগবঢ়াব। আপুনি “প্ৰকৃত জীৱন” ধাৰণ কৰাটো ঈশ্বৰে বিচাৰে। যিসকল লোকে ঈশ্বৰৰ প্ৰেমত থাকে, সেই লোকসকলৰ বাবে সুখ, শান্তি আৰু অনন্ত জীৱন অপেক্ষা কৰি আছে।

২৩. ঈশ্বৰৰ প্ৰেমত থকা কিয় প্ৰয়োজন?

২৩ আমি নিজকে প্ৰশ্ন কৰা উচিত যে ‘বাইবেলত বৰ্ণনা কৰাৰ দৰে মই ঈশ্বৰক উপাসনা কৰিছোঁনে?’ যেতিয়া আমি প্ৰতিদিনে ঈশ্বৰৰ ইচ্ছাৰ দৰে উপাসনা কৰিছোঁ বুলি বিশ্লেষণ কৰিম, তেতিয়াহে আমি কʼব পাৰিম যে আমি সত্য পথত আছোঁ। আমি নিশ্চিত হʼব পাৰিম যে যিহোৱাই হৈছে, আমাৰ আশ্ৰয়স্থান। এই পুৰণি ব্যৱস্থাৰ অন্তিম সময়ছোৱাত যিহোৱাই তেওঁৰ বিশ্বাসী লোকসকলক সুৰক্ষা দিব। আমাৰ নিচেই কাষত থকা নতুন ব্যৱস্থালৈ তেওঁ আমাক আগবঢ়াই লৈ যাব। ই এক আনন্দৰ বিষয়, নহয়নে বাৰু! এক সঠিক নিৰ্ণয় লোৱাৰ বাবে আমি সঁচাকৈ আনন্দিত। বৰ্তমান আপুনিও যদি এক সঠিক নিৰ্ণয় লয়, তেনেহʼলে যিহোৱা ঈশ্বৰে প্ৰবন্ধ কৰা ‘প্ৰকৃত জীৱনৰ’ আনন্দ লাভ কৰিব পাৰিব।

বাইবেলে কি শিকায়

  • ঈশ্বৰৰ আজ্ঞা আৰু তাৰ সিদ্ধান্তবোৰ পালন কৰাৰ যোগেদি আমি তেওঁৰ প্ৰতি প্ৰকৃত প্ৰেম দেখুৱাওঁ।—১ যোহন ৫:৩.

  • ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা, আন্তৰিকতাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰা, আনক তেওঁৰ বিষয়ে শিক্ষা দিয়া আৰু খ্ৰীষ্টান সভাবোৰত তেওঁক উপাসনা কৰাৰ যোগেদি আমি ঈশ্বৰৰ প্ৰেমত থাকিব পাৰিম।—মথি ২৪:১৪; ২৮:১৯, ২০; যোহন ১৭:৩; ১ থিচলনীকীয়া ৫:১৭; ইব্ৰী ১০:২৪, ২৫.

  • যিসকল লোকে ঈশ্বৰৰ প্ৰেমত থাকিব, তেওঁলোকে ‘প্ৰকৃত জীৱনৰ’ বাবে আশা কৰিব পাৰে।—১ তীমথিয় ৬:১২, ১৯; যিহূদা ২০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক