ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ৭/১৫ পৃষ্ঠা ৯-১৪
  • ঈশ্বৰৰ কাষ চাপিবলৈ লোকসকলক সহায় কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ কাষ চাপিবলৈ লোকসকলক সহায় কৰক
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আমাৰ প্ৰচাৰৰ উদ্দেশ্য
  • যিহোৱাৰ কাৰ্য্যত আমাৰ ভূমিকা
  • যিহোৱাই কোনসকলক নিজৰ কাষ চপায়?
  • ঈশ্বৰৰ সহকৰ্মী
  • এনে নিৰ্মাণ কাৰ্য্য যি অলৰ-অচৰ হৈ থাকে
  • ঈশ্বৰ আৰু খ্ৰীষ্টৰ বাবে প্ৰেম বৃদ্ধি কৰা
  • যিহোৱাৰ কাষত থাকক
    বাইবেলে আমাক কি শিকায়?
  • “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ”
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ঈশ্বৰৰ প্ৰেমত থাকক
    বাইবেলে প্ৰকৃততে কি শিকায়?
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ৭/১৫ পৃষ্ঠা ৯-১৪

ঈশ্বৰৰ কাষ চাপিবলৈ লোকসকলক সহায় কৰক

“মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নায়ায়।”—যোহন ১৪:৬.

১. পুনৰুত্থিত যীচুৱে তেওঁৰ শিষ্যসকলক কি আজ্ঞা দিলে, আৰু যিহোৱাৰ সাক্ষীসকলে এই আজ্ঞাক পালন কৰাৰ বাবে কি পৰিণতি লাভ কৰিছে?

যীচু খ্ৰীষ্টই তেওঁৰ অনুগামীসকলক “সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ” কৰিবলৈ আজ্ঞা দিছিল। (মথি ২৮:১৯) যোৱা দহ বছৰৰ ধৰি, যিহোৱাৰ সাক্ষীসকলে ত্ৰিশ লাখতকৈও অধিক লোকসকলক ঈশ্বৰৰ কাষ চাপি, সময়ত তেওঁলৈ সমৰ্পিত কৰি বাপ্তিস্মা লবলৈ সহায় কৰিছে। ঈশ্বৰৰ কাষ চাপিবৰ বাবে তেওঁলোকক সহায় কৰিবলৈ পাই আমি কিমান যে আনন্দিত হৈছো!—যাকোব ৪:৮.

২. বহুতো নতুন লোক বাপ্তাজিত হৈছে যদিও কি ঘটনা ঘটিছে?

২ কিছুমান দেশত, যʼত অনেক নতুন শিষ্যসকলক বাপ্তাইজিত কৰা হৈছে, তথাপিও, ৰাজ্য প্ৰচাৰকৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি হোৱা নাই। নিঃসন্দেহ ইয়াৰ কাৰণ হৈছে কিছুমান লোকৰ মৃত্যু, কিয়নো প্ৰতি বছৰে এই মৃত্যুৰ হাৰ হয় প্ৰায় এক শতাংশ। কিন্তু প্ৰকৃত কাৰণ এইটো যে যোৱা কিছু বছৰত বহুতো লোকে সত্য পথক ত্যাগ কৰিলে। কিয়? এই প্ৰৱন্ধত আৰু পৰবৰ্ত্তী প্ৰৱন্ধত এই বিষয়ে আলোচনা কৰা হব যে লোকসকল কেনেকৈ যিহোৱাৰ কাষ চাপে আৰু কিয় কিছুমান লোকে যিহোৱাৰ পৰা আতঁৰি যায়।

আমাৰ প্ৰচাৰৰ উদ্দেশ্য

৩. (ক) যীচুৰ শিষ্যসকল আৰু প্ৰকাশিত বাক্য ১৪:৬ পদত বৰ্ণনা কৰা স্বৰ্গদুতে কেনেকৈ একেই কাৰ্য্য কৰি আছে? (খ) ৰাজ্যৰ শুভবাৰ্ত্তা সংবাদৰ প্ৰতি লোকসকলৰ মনোযোগ আকৰ্ষিত কৰা এক উত্তম পদ্ধতি কি, কিন্তু ইয়াত কি সমস্যা আহিব পাৰে?

৩ এই ‘শেষকালত’ যীচুৰ শিষ্যসকলক ‘ৰাজ্যৰ এই শুভবাৰ্ত্তাৰ সত্য জ্ঞানক’ প্ৰকাশিত কৰিবলৈ আজ্ঞা দিয়া হৈছে। (দানিয়েল ১২:৪; মথি ২৪:১৪) তেওঁলোকৰ সৈতে আকাশৰ মাজত উড়ি থকা স্বৰ্গদুতে “পৃথিবীত বসতি কৰাবিলাকক, অৰ্থাৎ সকলো জাতি, ফৈদ, ভাষা, আৰু লোকবিলাকৰ আগত প্ৰচাৰ কৰিবলৈ অনন্ত শুভবাৰ্ত্তা” প্ৰচাৰ কৰিছে। (প্ৰকাশিত বাক্য ১৪:৬) আজিৰ সময়ৰ লোকসকলৰ জীৱন সম্পূৰ্ণৰূপে সাংসাৰিক সমস্যাৰে আগুৰি ৰাখিছে, সেইবাবে আমি যদি বিচাৰোঁ যে লোকসকলৰ মনোযোগ যিহোৱা ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি হোৱা আৰু তেওঁৰ কাষ চপাটো, তেনেহʼলে এক উত্তম পদ্ধতি হৈছে আমি তেওঁলোকক পৰমদেশে পৃথিবীত চিৰকালে জীয়াই থকা আশা দিয়া বিষয়ে জনোৱা। যিহেতু এইটো কৰাটো বুদ্ধিমানজনক, কিন্তু, যদি কোনো ব্যক্তিয়ে মাত্ৰ পৰমদেশ পাবলৈহে ঈশ্বৰৰ লোকসকলৰ সৈতে সঙ্গতি কৰে তেনেহʼলে তেওঁৰ বাবে অনন্ত জীৱনলৈ লৈ যোৱা সঠিক পথত চলি থকাটো কঠিন হব।—মথি ৭:১৩, ১৪.

৪. যীচু আৰু আকাশৰ মাজত উৰি থকা স্বৰ্গদূতৰ মতে, আমাৰ প্ৰচাৰ কাৰ্য্যৰ উদ্দেশ্য কি?

৪ যীচুৱে ব্যাখ্যা কৰিছিল: “আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) আকাশৰ মাজত উৰি-ফুৰা স্বৰ্গদূতে “অনন্তজীৱনৰ শুভবাৰ্ত্তা” ঘোষণা কৰিছে আৰু পৃথিৱী বাস কৰা লোকসকলক কৈছে: “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ কৰাহঁক; তেওঁৰ সোধ-বিচাৰৰ সময় আহিল; আৰু স্বৰ্গ, পৃথিবী, সাগৰ, জলৰ ভুমুকবোৰ, এই সকলোৰে সৃষ্টিকৰ্ত্তাক প্ৰণিপাত কৰাহঁক।” (প্ৰকাশিত বাক্য ১৪:৭) সেইবাবে, আমাৰ শুভবাৰ্ত্তা প্ৰচাৰৰ সৰ্বোচ্চ উদ্দেশ্য হৈছে লোকসকলক যীচু খ্ৰীষ্টৰ যোগেদি যিহোৱাৰ কাষলৈ আহিবলৈ সহায় কৰা।

যিহোৱাৰ কাৰ্য্যত আমাৰ ভূমিকা

৫. পৌল আৰু যীচুৰ কি বৰ্ণনাই দেখুৱাইছে যে আমি যিহোৱাৰ কাৰ্য্য কৰিছো, নিজৰ নহয়?

৫ অভিষিক্ত খ্ৰীষ্টান সঙ্গীসকললৈ লিখাৰ সময়ত পাঁচনি পৌলে “মিলনৰ পৰিচৰ্য্যা-পদ” বিষয়ে আৰু ঈশ্বৰে নিজে লোকলকলক যীচু খ্ৰীষ্টৰ মুক্তিপণ বলিদানৰ আধাৰৰে মিলন কৰাৰ বিষয়ে কৈছে। পৌলে আৰু কৈছে যে “আমাৰ দ্বাৰাই মিনতি কৰোৱাৰ দৰে” আৰু “খ্ৰীষ্টৰ নিমিত্তে এই বিনয় কৰোঁ, তোমালোকে ঈশ্বৰে সৈতে মিল হোৱা।” কিযে প্ৰফুল্লদায়ক চিন্তা-ধাৰা! আমি “খ্ৰীষ্টৰ নিমিত্তে ৰাজদুতে” হওঁক বা পৃথিৱীৰ আশা থকা কটকীয়ে হওঁক, আমি কেতিয়াও পাহৰা উচিত নহয় যে এইটো আমাৰ নহয় কিন্তু যিহোৱাৰ কাৰ্য্য। (২ কৰিন্থীয়া ৫:১৮-২০) মাত্ৰ ঈশ্বৰেহে লোকসকলৰ কাষলৈ আহে আৰু যিসকল খ্ৰীষ্টলৈ আহে তেওঁলোকক শিকায়। যীচুৱে বৰ্ণনা কৰিছিল: “মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু শেষৰ দিনা মই তেওঁক তুলিম। তেওঁবিলাক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা পোৱা হব বুলি ভাববাদীসকলৰ পুস্তকত লিখা আছে। পিতৃৰ পৰা শুনি শিক্ষা পোৱা প্ৰতিজন মোৰ ওচৰলৈ আহে।”—যোহন ৬:৪৪, ৪৫.

৬. প্ৰাথমিকৰূপে কেনেকৈ যিহোৱাই জাতিবোৰক কপাঁই, আৰু সেই একে সময়ত, উপাসনা কৰা কোনসকলে “গৃহত” সুৰক্ষা পাব?

৬ এই অন্তিম দিনত, কেনেকৈ যিহোৱাই লোকসকলক কাষলৈ আনে আৰু তেওঁলোকলৈ “বিশ্বাসৰ দুৱাৰ” মেলে? (পাঁচনিৰ কৰ্ম্ম ১৪:২৭; ২ তীমথিয় ৩:১) তেওঁৰ সাক্ষী হোৱাৰ চাবি হৈছে উদ্ধাৰ আৰু এই দুষ্ট ৰীতি-ব্যৱস্থাত আহিবলগীয়া বিচাৰৰ বিষয়ে থকা তেওঁৰ বাৰ্ত্তাক ঘোষণা কৰা। (যিচয়া ৪৩:১২; ৬১:১, ২) এই বিশ্বজুৰি ঘোষণা গোটেই ৰাষ্ট্ৰলৈ এক প্ৰকম্পনেৰে জোকাৰ মাৰিছে—বিচ্ছিন্ন কৰা অদ্ভুত ন্যায় অতি সোনকালে আহি আছে। সেই একে সময়তে ঈশ্বৰ দৃষ্টিত “অমূল্য” হোৱা লোকসকলে এই ব্যৱস্থাৰ পৰা বাহিৰত ওলাই আহি তেওঁৰ সত্য উপাসনাৰ “গৃহত” সুৰক্ষা পাব। এইদৰে যিহোৱাই তেওঁৰ ভৱিষ্যসূচক বাক্য পূৰ্ণ কৰে যিটো হগ্‌গয় দ্বাৰা বৰ্ণনা কৰা হৈছিল “মই আটাই জাতিক কঁপাম; আৰু আটাই জাতিৰ বাঞ্ছনীয় বস্তু আহিব; বাহিনীবিলাকৰ যিহোৱাই কৈছে, মই এই গৃহটি গৌৰৱেৰে পৰিপূৰ্ণ কৰিম।”—হগ্‌গয় ২:৬, ৭; প্ৰকাশিত বাক্য ৭:৯, ১৫.

৭. যিহোৱাই কেনেকৈ লোকসকলৰ হৃদয় মুকলি কৰে আৰু ব্যক্তিৰূপে কেনেকৈ নিজৰ আৰু নিজৰ পুত্ৰৰ কাষ চপায়?

৭ যিহোৱাই এনেধৰণৰ ঈশ্বৰ ভয় কৰা লোকৰ হৃদয় মুকলি কৰে—“আটাই জাতিৰ বাঞ্ছনীয় বস্তু”—যাতে তেওঁলোকে সাক্ষীসকলে ‘কোৱা কথাবোৰক মনোযোগ দিব পাৰে।’ (হগ্‌গয় ২:৭; পাঁচনিৰ কৰ্ম্ম ১৬:১৪) প্ৰথম শতাব্দীৰ দৰে, নম্ৰ ব্যক্তিসকল যিসকলে যিহোৱাৰ সহায় বাবে আগ্ৰহী তেওঁলোকক বিচাৰি উলিওৱাত সাক্ষীসকলক সহায় কৰিবলৈ যিহোৱাই সময়ত তেওঁৰ স্বৰ্গদূতক ব্যৱহাৰ কৰে। (পাঁচনিৰ কৰ্ম্ম ৮:২৬-৩১) ব্যক্তিয়ে যেতিয়া ঈশ্বৰে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ দ্বাৰা ব্যৱস্থা কৰা অদ্ভূদ আয়োজনৰ বিষয়ে শিকে তেওঁলোক যিহোৱাৰ প্ৰেমৰ দ্বাৰা তেওঁৰ কাষ চাপে। (১ যোহন ৪:৯, ১০) হয় ঈশ্বৰে তেওঁৰ “দয়া” বা প্ৰেমৰ দ্বাৰা নিজৰ আৰু তেওঁৰ পুত্ৰৰ কাষ চপায়।—যিৰিমিয়া ৩১:৩.

যিহোৱাই কোনসকলক নিজৰ কাষ চপায়?

৮. কেনেধৰণৰ লোকক যিহোৱাই নিজৰ কাষ চপায়?

৮ যিসকলে যিহোৱাক বিচাৰে তেওঁলোকক ঈশ্বৰে নিজৰ আৰু নিজৰ পুত্ৰৰ কাষ চপায়। (পাঁচনিৰ কৰ্ম্ম ১৭:২৭) ইয়াত এনে লোকসকল সন্মিলিত আছে যিসকল খ্ৰীষ্টীয়জগত আৰু দৰাচলতে গোটেই জগতত হোৱা “সকলো ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে হুমুনিয়াহ” পেলায়। (যিহিষ্কেল ৯:৪) তেওঁলোক ‘আধ্যাত্মিক বিষয়বোৰৰ বাবে দৰিদ্ৰ।’ (মথি ৫:৩) দৰাচলতে, তেওঁলোক “পৃথিবীৰ আটাই নম্ৰ লোকবিলাক” যিসকলে পৃথিৱীৰ পৰমদেশত চিৰকালে বাস কৰিব।—চফনিয়া ২:৩.

৯. লোকসকলে ‘সঠিকৰূপে অনন্ত জীৱন পাবলৈ নিৰূপিত’ হয় নে নহয় তাক যিহোৱাই কেনেকৈ দেখা পাই আৰু কেনেকৈ তেওঁলোকক নিজৰ কাষ চপায়?

৯ যিহোৱাই ব্যক্তিৰ হৃদয় পঢ়িব পাৰে। ৰজা দায়ুদে নিজৰ পুত্ৰ চলোমনক কৈছিল: “যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে, আৰু সকলোৰে কল্পনাকো বুজে; তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা।” (১ বংশাৱলি ২৮:৯) এজন ব্যক্তিৰ হৃদয়ৰ অৱস্থা আৰু আত্মা, বা তেওঁ নিয়ন্ত্ৰণ কৰা স্বভাৱক ভিত্তি কৰি যিহোৱাই চিনাক্ত কৰে যে তেওঁ আয়োজন কৰা স্বৰ্গীয় ব্যৱস্থাক পুৰুষ বা মহিলাই স্বীকাৰ কৰিবনে নাই যিটো যিহোৱাই পাপৰ পৰা ক্ষমা পাবলৈ আৰু ধাৰ্ম্মিক নতুন ৰীতি-ব্যৱস্থাত জীৱন পাবলৈ ব্যৱস্থা কৰিছে। (২ পিতৰ ৩:১৩) তেওঁৰ বাক্যৰ দ্বাৰা, তেওঁৰ সাক্ষীসকলৰ প্ৰচাৰ আৰু শিক্ষাৰ দ্বাৰা যিহোৱাই লোকসকলক নিজৰ আৰু নিজৰ পুত্ৰৰ কাষ চপাই যিসকলে ‘সঠিকৰূপে অনন্ত জীৱন পাবলৈ নিৰূপিত’ আৰু তেওঁলোকে বিশ্বাসী হয়।—পাঁচনিৰ কৰ্ম্ম ১৩:৪৮.

১০. কিহে দেখুৱাইছে যে যিহোৱাই লোকসকলক অনন্ত জীৱনৰ বাবে নিৰূপিত কৰা নাই আৰু তেওঁ ভাগ্য নিলিখে?

১০ তেনেহʼলে ইয়াৰ অৰ্থ এইটো নে যে যিহোৱাই কিছুমান লোকক অনন্ত জীৱনৰ বাবে নিৰূপিত কৰি থৈছে আৰু কিছুমান লোকক কৰা নাই? তেওঁ লোকসকলৰ ভাগ্য লিখেনে? কদাপি নহয়! ঈশ্বৰে সেই লোকসকলকে নিজৰ কাষ চপাই যিসকলে নিজৰ ইচ্ছাৰ অনুযায়ী তেওঁৰ ওচৰলৈ আহিব বিচাৰে। ঈশ্বৰে সকলোকে স্বাধীন ইচ্ছা দিছে। যিহোৱাই আজিও লোকসকলৰ আগত সেই একেই বাচঁনি ৰাখিছে যিটো তেওঁ ৩,০০০ বছৰৰ আগতে ইস্ৰায়েলসকলৰ আগত ৰাখিছিল, যেতিয়া মোচিয়ে কৈছিল: “মই আজি তোমাৰ আগত জীৱন আৰু মঙ্গল, মৃত্যু আৰু অমঙ্গল ৰাখিছোঁ। . . . মই আজি তোমালোকৰ বিৰুদ্ধে আকাশ-মণ্ডল আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ, যে, মই তোমাৰ আগত জীৱন আৰু মৰণ, আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ; . . . তুমি যেন তোমাৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা, তেওঁৰ বাক্যলৈ কাণ দিয়া, আৰু তেওঁত আসক্ত হোৱা, (কিয়নো সেয়ে তোমাৰ জীৱন আৰু তোমাৰ দীঘল আয়ুস;) এই নিমিত্তে, তুমি গোটেই বংশৰে সৈতে জীয়াই থাকিবলৈ জীৱনক মনোনীত কৰা।”—দ্বিতীয় বিবৰণ ৩০:১৫-২০.

১১. ইস্ৰায়েলসকলে নিজৰ জীৱনক বাচঁনি কৰিবলৈ কেনেদৰে কাৰ্য্য কৰিছিল?

১১ লক্ষ্য কৰক যে যদি ইস্ৰায়েলসকলে নিজৰ জীৱন বাচঁনি কৰোতে ‘যিহোৱাক প্ৰেম কৰা আৰু তেওঁৰ বাক্য শুনা আৰু তেওঁৰ সৈতে এঠাৰ দৰে লাগি থাকিবলৈ’ লাগিছিল। যেতিয়া এইবোৰ কথা তেওঁলোকক কোৱা হৈছিল তেতিয়ালৈকে তেওঁলোকে প্ৰতিজ্ঞা দেশক অধিকাৰ কৰা নাছিল। তেওঁলোকে মোৱাবৰ পথাৰত ৰৈছিল আৰু যৰ্দন নদী পাৰ হৈ কানান দেশত প্ৰৱেশ কৰিবলৈ সাজু আছিল। সেইবাবে এনে সময়ত যদিও তেওঁলোকে “উত্তম আৰু বহল দেশৰ” বিষয়ে চিন্তা কৰিছিল যʼত “মৌ-জোল বৈ” থাকে, যিটো তেওঁলোকে অতি সোনকালে পাবলৈ আছিল, তেতিয়াও তেওঁলোকৰ সপোন যিহোৱাৰ প্ৰতি প্ৰেম, তেওঁলোকলৈ কোৱা তেওঁৰ বাক্যক শুনা আৰু তেওঁৰ সৈতে লাগি থকাৰ ওপৰত নিৰ্ভৰ আছিল। (যাত্ৰাপুস্তক ৩:৮) মোচিয়ে সেইবাবে স্পষ্টৰূপে কৈছিল: “তোমাৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ, তেওঁৰ পথত চলিবলৈ, আৰু তেওঁৰ আজ্ঞা, বিধি ও শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ মই আজি তোমাক আজ্ঞা দিছোঁ; তাকে কৰিলে, তুমি জীয়াই থাকিবা আৰু বৃদ্ধি পাবা, আৰু যি দেশ অধিকাৰ কৰিবলৈ গৈছা, সেই দেশত তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক আশীৰ্ব্বাদ কৰিব।—”দ্বিতীয় বিবৰণ ৩০:১৬. (হেলনীয়া মূদ্ৰণ আমাৰ।)

১২. আমাৰ প্ৰচাৰ আৰু শিকোৱা কাৰ্য্যৰ বিষয়ে ইস্ৰায়েলৰ উদাহৰণে আমাক কি শিক্ষা দিছে?

১২ ইস্ৰায়েলসকলৰ বিষয়ে উপৰত কোৱা কথাবোৰে, এই শেষৰ সময়ত আমি নিজৰ প্ৰচাৰ আৰু শিকোৱা কাৰ্য্যৰ বিষয়ে কি শিকা উচিত? আমি আহিবলগীয়া পৃথিবীত পৰমদেশৰ বিষয়ে প্ৰায়ে ভাৱো আৰু প্ৰচাৰ ক্ষেত্ৰত ইয়াৰ বিষয়ে কথা-বতৰা হওঁ। কিন্তু যদি আমি আৰু যাক আমি শিকাওঁ, তেওঁলোকেও যদি মাত্ৰ নতুন ৰীতি-ব্যৱস্থাত প্ৰৱেশ কৰিবৰ বাবে ঈশ্বৰৰ সেৱা স্বাৰ্থপৰতাৰে কৰিছে তেনেহʼলে আমি কেতিয়াও সেই নতুন ৰীতি-ব্যৱস্থাত প্ৰৱেশ কৰিব নোৱাৰো। ইস্ৰায়েলৰ দৰে, আমি আৰু যাক আমি শিকাওঁ, তেওঁলোকেও যিহোৱাক প্ৰেম কৰা, তেওঁৰ বাক্যক শুনা আৰু তেওঁত লাগি থকা’ উচিত। যদি আমি এইবোৰ কথা মনত ৰাখি প্ৰচাৰ কৰো তেনেহʼলে লোকসকলক প্ৰকৃতৰূপে ঈশ্বৰৰ কাষলৈ চপাবলৈ সহায় কৰিব পাৰিম আৰু আৰু আমি যিহোৱাৰ সৈতে কাৰ্য্য কৰি থাকিব পাৰিম।

ঈশ্বৰৰ সহকৰ্মী

১৩, ১৪. (ক) ১ কৰিন্থীয়া ৩:৫-৯ পদৰ অনুসাৰে, আমি কেনেকৈ ঈশ্বৰৰ সৈতে কাম কৰিব পাৰোঁ? (খ) ৰাজ্যৰ প্ৰচাৰকৰ বৃদ্ধিৰ বাবে সন্মান কোনে পোৱা উচিত আৰু কিয়?

১৩ ঈশ্বৰৰ সৈতে আমি কেনেদৰে কাৰ্য্য কৰিছো ইয়াক বুজাবলৈ পৌলে খেতি কামৰ উদাহৰণ দিলে। তেওঁ লিখিলে: “আপল্লো কি? পৌল বা কি? পৰিচাৰকহে; প্ৰভুৱে প্ৰতিজনক যি পৰিমাণেৰে বিশ্বাস দিলে, সেই পৰিমাণেৰে তেওঁলোকৰ দ্বাৰাই বিশ্বাস কৰিলা। মই ৰুলোঁ, আপল্লোৱে পানী দিলে; কিন্তু ঈশ্বৰেহে বঢ়ালে। এতেকে ৰোওঁতা জন একো নহয়, আৰু পানী দিওঁতা জনো একো নহয়; কিন্তু বৃদ্ধিকৰ্ত্তা ঈশ্বৰহে সাৰ। ৰোওঁতা আৰু পানী দিওঁতা, এই দুয়ো এক; আৰু প্ৰতিজনে নিজৰ কৰ্ম্মৰ দৰে নিজৰ বেচ পাব। কিয়নো আমি ঈশ্বৰৰ সহকৰ্ম্মী; তোমালোক ঈশ্বৰৰ ক্ষেত্ৰ।”—১ কৰিন্থীয়া ৩:৫-৯.

১৪ ঈশ্বৰৰ সহকৰ্ম্মী হোৱা হেতুকে, আমি বিশ্বাসৰে লোকসকলৰ হৃদয়ত “ৰাজ্যৰ বাৰ্ত্তা” ৰোৱা আৱশ্যক, তাৰ পাছত যিকোনো আগ্ৰহী ব্যক্তিক ভালদৰে তৈয়াৰ কৰিবলৈ পুনঃ সাক্ষ্যাৎ আৰু বাইবেল অধ্যয়ন কৰাৰ দ্বাৰা পানী দিয়া আৱশ্যক। যদি মাটি, হৃদয়, ভাল হয়, বাইবেলৰ সত্যৰ বীজক বৃদ্ধি কৰি এক ফলদায়ক গছ কৰিবলৈ যিহোৱাই নিজেই অংশীদাৰ হব। (মথি ১৩:১৯, ২৩) তেওঁ লোকসকলক নিজৰ আৰু নিজৰ পুত্ৰৰ কাষলৈ চপাব। সেইবাবে ৰাজ্যৰ প্ৰচাৰকসকলৰ মাজত যি বৃদ্ধি হৈছে, সেইটো হৈছে যিহোৱাৰ কাম কিয়নো তেৱেঁ লোকসকলৰ হৃদয়ৰ অনুসৰি সত্যৰ বীজক বৃদ্ধি কৰে আৰু নিজৰ আৰু নিজৰ পুত্ৰৰ কাষ চপায়।

এনে নিৰ্মাণ কাৰ্য্য যি অলৰ-অচৰ হৈ থাকে

১৫. পৌলে কি উদাহৰণেৰে দেখুৱাইছে যে বিশ্বাসত দৃঢ় হোৱাত আমি কেনেকৈ আনক সহায় কৰিব পাৰোঁ?

১৫ যেতিয়া প্ৰচাৰকৰ সংখ্যা বৃদ্ধি হয় তেতিয়া আমি আনন্দিত হওঁ, কিন্তু আমি এইটো বিচাৰো যে তেওঁলোকে সদায় যিহোৱাৰ সৈতে প্ৰেম কৰে, তেওঁৰ বাক্যক শুনে আৰু তেওঁৰ সৈতে লাগি থাকে। যেতিয়া কিছুমান লোক চেঁচা হয় সত্যৰ পথক ত্যাগ দিয়ে তেতিয়া আমি দুঃখিত হওঁ। ইয়াক কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি? পৌলে আমাক অন্য এটা উদাহৰণ দিছে যʼত তেওঁ আমাক কৈছে যে লোকসকলৰ বিশ্বাস দৃঢ় কৰিবলৈ আমি কেনেকৈ সহায় কৰিব পাৰোঁ। তেওঁ লিখিছে: “কিয়নো যি স্থাপন কৰা হল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে; সেই ভিত্তিমূল যীচু খ্ৰীষ্ট্‌। এই ভিত্তিমূলৰ ওপৰত, সোণ, ৰূপ, ৰত্ন, নাইবা কাঠ, খেৰ, নৰাৰে যদি কোনোৱে সাজে, তেন্তে প্ৰতিজনৰ কৰ্ম্ম প্ৰকাশিত হব। কিয়নো সেই দিনে তাক দেখুৱাব; কাৰণ সেই দিন অগ্নিত প্ৰকাশিত হব; তাতে প্ৰতিজনৰ কৰ্ম্ম কেনেকুৱা, আগ্নিয়ে নিজেই তাৰ পৰীক্ষা কৰিব।”—১ কৰিন্থীয়া ৩:১১-১৩.

১৬. (ক) পৌলে নিজৰ প্ৰথম উদাহৰণত কি স্পষ্ট কৰিছে আৰু আন উদাৰণত কি কথাত জোৰ দিছে? (খ) আমাৰ নিৰ্মাণ কাৰ্য্য কেনেদৰে দুৰ্ব্বল আৰু অগ্নিত স্থিৰ নথকা হব পাৰে?

১৬ পৌলে খেতিৰ উদাহৰণত স্পষ্টৰূপে দেখুৱালে যে বৃদ্ধি তেতিয়াহে হয় যেতিয়া নিষ্ঠাবানৰে বীজ ৰোৱা, একেৰাহে পানী দিয়াৰ পাছত ঈশ্বৰে ইয়াৰ ওপৰত আৰ্শীব্বাদ দিয়ে। যিহেতু, পৌলে দ্বিতীয় উদাহৰণত এই কথাত জোৰ দিছে যে প্ৰত্যেক খ্ৰীষ্টানে নিজৰ নিৰ্মাণ কাৰ্য্যৰ বাবে নিজে দায়িত্বশীল। তেওঁ এক শক্তিশালী ভেঁটিত উত্তম পদাৰ্থবোৰ ৰাখি নিৰ্মাণ কৰিলেনে? পৌলে সাৱধান কৰিছে: “কেনেকৈ সাজে, তালৈ প্ৰতিজন সাৱধান হওক।” (১ কৰিন্থীয়া ৩:১০) আমি আগ্ৰহ জন্মাবৰ বাবে কোনো ব্যক্তিক সুন্দৰ নতুন জগতত অনন্ত জীৱনৰ আশাৰ বিষয়ে কওঁ, তাৰ পাছত কি? আমি মাত্ৰ বাইবেলৰ মুল কথাবোৰ শিকাই, অকল এই কথাতে জোৰ দিওঁনে যে অনন্ত জীৱন পাবলৈ তেওঁক কি কৰা আৱশ্যক? আমাৰ শিক্ষা এইদৰে নে: ‘যদি আপুনি আহিবলগীয়া নতুন জগতত চিৰকালে জীয়াই থাকিব বিচাৰে তেনেহʼলে আপুনি অধ্যয়ন কৰা, সভাত অহা আৰু প্ৰচাৰ কাৰ্য্য কৰা আৱশ্যকনে?’ যদি তেনেদৰে হয় আমি সেই ব্যক্তিৰ বিশ্বাসৰ নিৰ্মাণ এক শক্তিশালী ভেঁটিৰ ওপৰত গঢ়া নাই আৰু যিবোৰ পদাৰ্থ ব্যৱহাৰ কৰিছো হয়তো অগ্নিৰ পৰীক্ষাত স্থিৰ হয় নাথাকিব বা অধিক সময়ৰ লৈকে চলিব নোৱাৰিব। যদি আমি লোকসকলক কওঁ যে ‘অন্ত অতি সোনকালে আহিব সেইবাবে এতিয়া কিছু সময়ৰ বাবে যিহোৱাৰ সেৱা কৰক আৰু ইয়াৰ পৰিবৰ্ত্তে আপুনি অনন্ত জীৱন পাব,’ তেনেহʼলে এইটো এইদৰে হব যে আমি ভেঁটিত “কাঠ বা শুকান ঘাঁহ বা খেৰ” ৰাখিছোঁ।

ঈশ্বৰ আৰু খ্ৰীষ্টৰ বাবে প্ৰেম বৃদ্ধি কৰা

১৭, ১৮. (ক) যদি শেষলৈকে বিশ্বাসত দৃঢ় থাকিবলৈ হʼলে এজন ব্যক্তিয়ে কি কৰা আৱশ্যক? (খ) আমি কেনেকৈ এজন ব্যক্তিক সহায় কৰিব পাৰোঁ যাতে যীচু তেওঁৰ হৃদয়ত বাস কৰিব পাৰে?

১৭ বিশ্বাসত দৃঢ় হবলৈ, যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ সৈতে ব্যক্তিগত সমন্ধৰ ওপৰত ভেঁটি স্থাপন কৰা আৱশ্যক। যদিও আমি অসিদ্ধ মানৱ, তথাপিও আমি ঈশ্বৰৰ পুত্ৰৰ যোগেদি তেওঁৰ সৈতে শান্তিপূৰ্ণ সমন্ধ স্থাপন কৰিব পাৰোঁ। (ৰোমীয়া ৫:১০) যীচুৱে কোৱা কথাষাৰক স্মৰণ কৰক: “মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নায়ায়।“ অন্যক বিশ্বাসত গঢ়ি তুলিবলৈ, “যি স্থাপন কৰা হল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে; সেই ভিত্তিমূল যীচু খ্ৰীষ্ট্‌।” ইয়াত কি সন্মিলিত আছে?—যোহন ১৪:৬; ১ কৰিন্থীয়া ৩:১১.

১৮ যীচুৰ ভিত্তি স্থাপন কৰা অৰ্থ হৈছে বাইবেল বিদ্যাৰ্থীক এনেদৰে শিক্ষা দিয়া হয় যাতে তেওঁ যীচুৰ বাবে নিজৰ হৃদয়ত গভীৰ প্ৰেম বৃদ্ধি কৰিব পাৰে। আৰু এনেধৰণৰ গভীৰ প্ৰেম বৃদ্ধি কৰিবললৈ আমি বিদ্যাৰ্থীক যীচুৰ বিষয়ে সম্পূৰ্ণ জ্ঞান দিয়া উচিত যেনে তেওঁ কিদৰে আমাৰ উদ্ধাৰকৰ্ত্তা, মণ্ডলীৰ মূৰস্বৰূপ, মৰমীয়াল মহাপুৰোহিত আৰু শাসক কৰা এজন ৰজা। (দানিয়েল ৭:১৩, ১৪; মথি ২০:২৮; কলচীয়া ১:১৮-২০; ইব্ৰী ৪:১৪-১৬) ইয়াৰ অৰ্থ হৈছে বিদ্যাৰ্থীৰ বাবে যীচু কেৱল কিতাপৰ এজন ব্যক্তি নহয় যেন প্ৰকৃত এজন ব্যক্তি হিচাবে হৃদয়ত তেওঁক বাস কৰোৱায়। আমি আমাৰ বিদ্যাৰ্থীৰ বাবে এইদৰে প্ৰাৰ্থনা কৰিব লাগে যিদৰে পৌলে ইফিচীয়াত থকা খ্ৰীষ্টানসকলৰ বাবে মিনটি কৰিছিল। তেওঁ লিখিলে: “সেই পিতৃৰ আগত মই আঠু লৈ এই প্ৰাৰ্থনা কৰোঁ, . . . নিজ আত্মাৰ দ্বাৰাই আন্তৰিক পুৰুষৰ সম্বন্ধে তোমালোকক শক্তিৰে শক্তিমন্ত হবলৈ দিয়ক; আৰু বিশ্বাসৰ দ্বাৰাই তোমালোকৰ হৃদয়ত খ্ৰীষ্টক বাস কৰিবলৈ দিয়ক।”—ইফিচীয়া ৩:১৪-১৭.

১৯. বাইবেল বিদ্যাৰ্থীৰ হৃদয়ত যীচুৰ বাবে প্ৰেম বৃদ্ধি কৰিলে কি পৰিণাম হব, কিন্তু ইয়াৰ লগতে কি বুজোৱাৰ আৱশ্যক?

১৯ যদি আমি এইদৰে বিদ্যাৰ্থীৰ হৃদয়ত খ্ৰীষ্টৰ বাবে প্ৰেম বৃদ্ধি কৰোঁ তেনেহʼলে ইয়াৰ দ্বাৰা তেওঁৰ হৃদয় যিহোৱাৰ বাবেও প্ৰেম বৃদ্ধি কৰিব। যীচুৰ প্ৰেম, তেওঁৰ ভাৱনা, তেওঁৰ দয়া আৰু তেওঁৰ সকলো গুণ ঈশ্বৰৰ গুণ প্ৰতিফলিত কৰে। (মথি ১১:২৮-৩০; মাৰ্ক ৬:৩০-৩৪; যোহন ১৫:১৩, ১৪; কলচীয়া ১:১৫; ইব্ৰী ১:৩) সেইবাবে যেতিয়া লোকসকলে যীচুক ভালদৰে জানিব আৰু তেওঁক প্ৰেম কৰিব, তেতিয়া তেওঁলোকে যিহোৱাকো ভালদৰে জানিব আৰু প্ৰেম কৰিব।a (১ যোহন ৪:১৪, ১৬, ১৯) আমি বাইবেল বিদ্যাৰ্থীক এইটো বুজোৱাৰ আৱশ্যক যে খ্ৰীষ্টই মানৱৰ বাবে যি কৰিলে ইয়াৰ অধিকাৰী যিহোৱা হয়, সেইবাবে “আমাৰ পৰিত্ৰাণ-সাধক” হোৱাৰ বাবে যিহোৱাই আমাৰ ধন্যবাদ, স্তুতি আৰু উপাসনা পোৱাৰ যোগ্য।—গীতমালা ৬৮:১৯, ২০; যিচয়া ১২:২-৫; যোহন ৩:১৬; ৫:১৯.

২০ ঈশ্বৰৰ সহকৰ্মী হোৱা হেতুকে, আহঁক আমি লোকসকলৰ হৃদয়ত ঈশ্বৰ আৰু তেওঁৰ পুত্ৰৰ বাবে প্ৰেম আৰু বিশ্বাস বৃদ্ধি কৰি তেওঁলোকৰ কাষ চাপিবলৈ সহায় কৰোঁহক। আৰু এইদৰে যিহোৱা তেওঁলোকৰ এজন সত্য বন্ধু হব। (যোহন ৭:২৮) খ্ৰীষ্টৰ যোগেদি তেওঁলোকে ঈশ্বৰৰ সৈতে সম্বন্ধ ৰাখিব পাৰিব আৰু তেওঁক প্ৰেম কৰিব আৰু তেওঁৰ সৈতে এঠা লগাদি লাগি থাকিব পাৰিব। এই প্ৰেম মাত্ৰ কিছু বছৰৰ বাবে নহয় কিন্তু চিৰকাললৈকে যিহোৱাৰ সেৱা কৰিবলৈ উৎসাহিত কৰিব আৰু তেওঁলোকে দৃঢ় বিশ্বাস ৰাখিব যে যিহোৱাই নিজৰ নিৰূপিত সময়ত নিজৰ অদ্ভূদ প্ৰতিজ্ঞা পূৰ্ণ কৰিব। (বিলাপ ৩:২৪-২৬; ইব্ৰী ১১:৬) বিশ্বাস আশা আৰু প্ৰেম বৃদ্ধি কৰাত অন্যক সহায় কৰাৰ সময়ত এইটোও আৱশ্যক যে আমি নিজেও নিজৰ বিশ্বাস দৃঢ় কৰা উচিত যাতে এইটো এটা শক্তিশালী জাহাজৰ দৰে হয় যি প্ৰচণ্ড ধুমুহাৰো সন্মূখীন হব পাৰে। পৰবৰ্ত্তী প্ৰৱন্ধত ইয়াৰ বিষয়ে আলোচনা কৰা হব।

[Footnotes]

a যীচুক ভালদৰে জানিবলৈ সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল (ইংৰাজী) কিতাপখন লোকসকল সহায় কৰিব আৰু ইয়াৰ দ্বাৰা তেওঁলোকে তেওঁৰ পিতৃ যিহোৱাকো ভালদৰে জানিব পাৰিব। এই কিতাপখন ৱাচ্‌টাৱাৰ বাইবেল এন্‌ড ট্ৰেক্ট চোচাইটিৰ দ্বাৰা প্ৰকাশিত।

পুনৰ চৰ্চাৰ যোগেদি

◻ আমি ৰাজ্যৰ বাৰ্ত্তাত প্ৰায়ে লোকসকলৰ আগ্ৰহ কিদৰে জন্মাওঁ, কিন্তু ইয়াত কি বিপদ আছে?

◻ কেনেধৰণৰ লোকক যিহোৱাই নিজৰ আৰু নিজৰ পুত্ৰৰ কাষ চপায়?

◻ প্ৰতিজ্ঞা কৰা দেশত সোমাবলৈ ইস্ৰায়েলসকলক কি কৰাৰ আৱশ্যকতা আছিল আৰু আমি ইয়াৰ পৰা কি শিকো?

◻ লোকসকলক যিহোৱা আৰু তেওঁৰ পুত্ৰৰ কাষ চপাবলৈ আমি কেনেধৰণৰ ভূমিকা আদয় কৰোঁ?

২০. (ক) আমি লোকসকলক ঈশ্বৰ আৰু তেওঁৰ পুত্ৰৰ কাষ চাপিবলৈ কি দৰে সহায় কৰিব পাৰোঁ? (খ) পৰবৰ্ত্তী লেখত কি বিষয়ে আলোচনা কৰা হব?

[Picture on page 10]

যদিও আমি লোকসকলক নতুন জগতত চিৰকালে জীয়াই থকা আশা দিওঁ কিন্তু লোকসকলক ঈশ্বৰৰ কাষ চপোৱাটো আমাৰ প্ৰকৃত উদ্দেশ্য হোৱা উচিত

[Pictures on page 13]

যদি আমি পুনঃ সাক্ষ্যতাৰ বাবে ভালদৰে তৈয়াৰী কৰি যাওঁ তেনেহʼলে সফলতা লাভ কৰিব পাৰোঁ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক