ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লেবীয়া পুস্তক ৪-৫
যিহোৱাক উত্তম দিয়ক
৫:৫-৭, ১১
যিহোৱাক ইস্ৰায়েলীসকলে নিজৰ উত্তম বলিদান দিয়াটো বিচাৰিছিল। যদি এজন ইস্ৰায়েলীৰ জীৱ-জন্তু বলিদান কৰিবলৈ সামৰ্থ নাথাকে, তেনেহʼলে তেওঁলোকে “আটাগুড়ি” উৎসৰ্গ কৰিব পাৰিছিল। উৎসৰ্গৰ কাৰণে যিকোনো আটা নহয় ‘মৈদা’হে উৎসৰ্গ কৰিব লগীয়া হৈছিল। যাৰপৰা বিশেষ অতিথিসকলৰ বাবে ৰুতি তৈয়াৰ কৰা হৈছিল। (আদি ১৮:৬) এইদৰে এজন দুখীয়া দৰিদ্ৰ ইস্ৰায়েলীয়েও যিহোৱাৰপৰা ক্ষমা খুজিবলৈ পাৰিছিল। হয়তো আজি আমিও আমাৰ পৰিস্থিতিৰ বাবে যিহোৱাৰ সেৱাত বেছি কৰিব পৰা নাই। কিন্তু যিহোৱা আমাৰ “স্তৱৰূপ যজ্ঞ” অৰ্থাৎ প্ৰশংসাৰ বলিদানৰপৰা আনন্দিত হয়, কিয়নো তেওঁ জানে যে আমি নিজৰ ফালৰপৰা তেওঁক উত্তম বলিদান দি আছোঁ।—ইব্ৰী ১৩:১৫.
যদি আপুনি নিজৰ অসুস্থ স্বাস্থ্য আৰু বয়স বাঢ়ি যোৱাৰ বাবে যিহোৱাৰ সেৱা আগৰ দৰে কৰিব পৰা নাই, তেনেহʼলে আপোনাক কি মনত ৰখা উচিত?