ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 এপ্ৰিল পৃষ্ঠা ৮-১৩
  • যিহোৱাৰ সংগঠনৰ ওপৰত নিজৰ বিশ্বাস বঢ়াই থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সংগঠনৰ ওপৰত নিজৰ বিশ্বাস বঢ়াই থাকক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যীচুৱে যি কৰিছিল, আমাৰ সংগঠনে সেয়াই কৰে
  • সংগঠনৰ ওপৰত বিশ্বাস কৰি থাকক
  • আপোনাৰ বিশ্বাস কম হʼবলৈ নিদিব
  • আপুনি সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰিব পাৰে!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • আনক দিলে বহুত আনন্দ পোৱা যায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 এপ্ৰিল পৃষ্ঠা ৮-১৩

অধ্যয়নৰ লেখ ১৫

গীত ১২৪ সদায় নিষ্ঠাৱান

যিহোৱাৰ সংগঠনৰ ওপৰত নিজৰ বিশ্বাস বঢ়াই থাকক

“তোমালোকৰ যি নায়কসকলে তোমালোকক ঈশ্বৰৰ বাক্য কৈ গল, তেওঁবিলাকক সোঁৱৰা।”—ইব্ৰী ১৩:৭.

কি শিকিম?

যিহোৱাৰ সংগঠনৰ ওপৰত নিজৰ বিশ্বাস বঢ়াবলৈ আমি কি কৰিব পাৰোঁ?

১. প্ৰথম শতিকাত যিহোৱাৰ লোকসকলে কেনেকৈ শৃংখলাবদ্ধভাৱে কাম কৰিছিল?

যিহোৱাই নিজৰ লোকসকলক যেতিয়া কিবা কাম দিয়ে, তেতিয়া সেই কাম ভালদৰে আৰু শৃংখলাবদ্ধভাৱে হোৱাটো তেওঁ বিচাৰে। (১ কৰি. ১৪:৩৩) উদাহৰণস্বৰূপে, গোটেই পৃথিৱীত তেওঁৰ ৰাজ্যৰ বিষয়ে জনোৱাটো যিহোৱাই বিচাৰে। (মথি ২৪:১৪) এই দায়িত্ব যিহোৱাই যীচুক দিছে। তেওঁ এই কাম ভালদৰে আৰু শৃংখলাবদ্ধভাৱে হʼবলৈ ধ্যান দিয়ে। প্ৰথম শতিকাত যিৰূচালেমত পাঁচনি আৰু প্ৰাচীনসকলৰ এটা সমূহ আছিল, যিয়ে গুৰুত্বপূৰ্ণ নিৰ্ণয়বোৰ লৈছিল আৰু মণ্ডলীবোৰলৈ পঠিওৱা হৈছিল, যাতে তাত থকা প্ৰাচীনসকলে ভাই-ভনীসকলক ইয়াৰ বিষয়ে জনাই আৰু পৰামৰ্শ দিয়ে। (পাঁচ. ১৪:২৩; ১৫:২; ১৬:৪) ভাই-ভনীসকলে এই পৰামৰ্শবোৰ পালন কৰাৰ বাবে “মণ্ডলীবিলাক বিশ্বাসত দৃঢ় হৈ, দিনে দিনে লেখত বাঢ়ি গল।”—পাঁচ. ১৬:৫.

২. যিহোৱাই নিজৰ লোকসকলক ১৯১৯ চনৰ পৰা কেনেকৈ সঠিক জ্ঞান আৰু নিৰ্দেশনা দি আছে?

২ সকলো কাম শৃংখলাবদ্ধভাৱে কৰিবলৈ যিহোৱাই আজিও নিজৰ লোকসকলক সহায় কৰি আছে। যীচু খ্ৰীষ্টই ১৯১৯ চনত অভিষিক্ত খ্ৰীষ্টানসকলৰ এটা সৰু সমূহক প্ৰচাৰ কাম শৃংখলাবদ্ধভাৱে কৰিবলৈ আৰু উচিত সময়ত ঈশ্বৰৰ বাক্যৰ পৰা সঠিক জ্ঞান দিবলৈ নিযুক্ত কৰিলে।a (লূক ১২:৪২) তেওঁলোকৰ এই কামত যিহোৱাই আশীৰ্বাদ দি আছে।—যিচ. ৬০:২২; ৬৫:১৩, ১৪.

৩-৪. (ক) উদাহৰণ দি বুজাওক যে শৃংখলাবদ্ধভাৱে কাম কৰাৰ কি লাভ আছে? (খ) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

৩ যীচুৱে আমাক প্ৰচাৰ কৰাৰ দায়িত্ব দিছে আৰু যেতিয়া আমি শৃংখলাবদ্ধভাৱে কাম কৰোঁ, তেতিয়া আমি ভালদৰে প্ৰচাৰ কৰিব পাৰোঁ। (মথি ২৮:১৯, ২০) কল্পনা কৰক, যদি আপোনাক প্ৰচাৰ কৰিবলৈ কোনো এলেকা দিয়া নহয়, আপুনি যʼতে বিচাৰে তাতে প্ৰচাৰ কৰিব পাৰে, তেনেহʼলে হয়তো কিছুমান এলেকাত বাৰে বাৰে প্ৰচাৰ হʼব, কিন্তু কিছুমান এলেকা থাকি যাব। সঁচাকৈ, শৃংখলাবদ্ধভাৱে কাম কৰাৰ বহুতো লাভ আছে। আপুনি আৰু কিছুমান লাভৰ বিষয়ে চিন্তা কৰিব পাৰেনে?

৪ যীচুৱে নিজৰ শিষ্যসকলক শৃংখলাবদ্ধভাৱে কাম কৰিবলৈ শিকাইছিল। এই লেখত আমি আলোচনা কৰিম যে যিহোৱাৰ সংগঠনে কেনেকৈ যীচুৱে শিকোৱাৰ দৰে শৃংখলাবদ্ধভাৱে কাম কৰিছে। লগতে আমি যিহোৱাৰ সংগঠনৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ, তাৰ বিষয়েও আলোচনা কৰিম।

যীচুৱে যি কৰিছিল, আমাৰ সংগঠনে সেয়াই কৰে

৫. বৰ্তমান সময়ত যীচুৰ দৰে যিহোৱাৰ সংগঠনেও কি কৰে? (যোহন ৮:২৮)

৫ যীচুৱে নিজৰ পিতৃ যিহোৱাৰ পৰা যি শিকিছিল, সেয়াই তেওঁ পৃথিৱীত থকাৰ সময়ত কৰিছিল আৰু কৈছিল। বৰ্তমান সময়ত যিহোৱাৰ সংগঠনেও যি শিকাই বা নিৰ্দেশনা দিয়ে, সেই সকলো ঈশ্বৰৰ বাক্যৰ পৰা হয়। (যোহন ৮:২৮ পঢ়ক; ২ তীম. ৩:১৬, ১৭) যিহোৱাৰ সংগঠনে আমাকো ঈশ্বৰৰ বাক্য পঢ়িবলৈ আৰু তাত দিয়া কথাবোৰ মানিবলৈ বাৰে বাৰে উৎসাহিত কৰে। এইদৰে কৰিলে আমাৰ কি লাভ হয়?

৬. বাইবেল অধ্যয়ন কৰিলে কি লাভ হয়?

৬ আমি বাইবেল আধাৰিত প্ৰকাশনৰ সহায়ত বাইবেল অধ্যয়ন কৰিলে আমাৰ বহুত লাভ হয়। উদাহৰণস্বৰূপে, যেতিয়া আমি সংগঠনৰ পৰা কোনো নিৰ্দেশনা বা পৰামৰ্শ পাওঁ, তেতিয়া আমি লক্ষ্য কৰিব পাৰোঁ যে সেইবোৰ বাইবেলৰ পৰা হয় আৰু যিহোৱাৰ সংগঠনৰ ওপৰত আমাৰ বিশ্বাস দৃঢ় হয়।—ৰোম. ১২:২.

৭. (ক) যীচুৱে কিহৰ বিষয়ে প্ৰচাৰ কৰিলে? (খ) বৰ্তমান সময়ত যিহোৱাৰ সংগঠনৰ লোকসকলে কি কৰে?

৭ যীচুৱে “ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা” জনাইছিল। (লূক ৪:৪৩, ৪৪) তেওঁ নিজৰ শিষ্যসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাবলৈ আজ্ঞা দিছিল। (লূক ৯:১, ২; ১০:৮, ৯) বৰ্তমান সময়ত যিহোৱাৰ সংগঠনৰ সকলোৱে, তেওঁলোকৰ যিয়েই দায়িত্ব নাথাকক কিয় বা তেওঁলোকে যʼতেই নাথাকক কিয়, লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা জনায়।

৮. আমি কি সন্মান লাভ কৰিছোঁ?

৮ আমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাবলৈ সুযোগ পাইছোঁ, এয়া এক ডাঙৰ সন্মান হয়! কিয়নো এই সুযোগ সকলোৱে নাপায়। পৃথিৱীত থকাৰ সময়ত যীচুৱে দুষ্ট স্বৰ্গদূতসকলক তেওঁৰ বিষয়ে ঘোষণা কৰিবলৈ নিদিলে। (লূক ৪:৪১) বৰ্তমান সময়তো যদি কোনোবাই ঈশ্বৰৰ লোকসকলৰ লগত প্ৰচাৰ কৰিব বিচাৰে, তেনেহʼলে প্ৰথমে তেওঁ ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি জীৱন-যাপন কৰিব লাগিব। তেতিয়াহে তেওঁ প্ৰচাৰ কৰিবলৈ সুযোগ লাভ কৰিব। প্ৰচাৰ কৰাৰ আমি যি সন্মান লাভ কৰিছোঁ, তাৰ প্ৰতি কৃতজ্ঞ বুলি আমি কেনেকৈ দেখুৱাব পাৰোঁ? আমি যʼতেই সুযোগ পাওঁ বা যেতিয়াই সুযোগ নাপাওঁ কিয়, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে লোকসকলক জনাম। যীচুৱে যেনেকৈ লোকসকলৰ হৃদয়ত সত্যৰ বীজ ৰোপণ কৰিছিল, আমিও সেইদৰে কৰিব বিচাৰোঁ আৰু পানী দিব বিচাৰোঁ।—মথি ১৩:৩, ২৩; ১ কৰি. ৩:৬.

৯. যিহোৱাৰ সংগঠনে তেওঁৰ নাম লোকসকলক জনাবলৈ কি কৰিলে?

৯ যীচুৱে লোকসকলক ঈশ্বৰৰ নামৰ বিষয়ে জনালে। যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ সময়ত তেওঁ কৈছিল, “মই তোমাৰ নাম তেওঁবিলাকক জনালোঁ।” (যোহ. ১৭:২৬) বৰ্তমান সময়ত যিহোৱাৰ সংগঠনেও লোকসকলক ঈশ্বৰৰ নাম জনাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে। যেনে, নতুন জগত অনুবাদ বাইবেলত যিহোৱাৰ নাম যি যি ঠাইত হʼব লাগে, সেই ঠাইত পুনৰ দিয়া হʼল। বৰ্তমান সময়ত এই বাইবেল বা ইয়াৰ কিছুমান কিতাপ ২৭০-তকৈ বেছি ভাষাত উপলব্ধ আছে। নতুন জগত অনুবাদ (হিন্দী) বাইবেলৰ অতিৰিক্ত লেখ “ক৪” আৰু “ক৫”-ত বাইবেলৰ যি যি ঠাইত ঈশ্বৰৰ নাম হʼব লাগে, সেই ঠাইত কিয় পুনৰ দিয়া হʼল, তাৰ বিষয়ে জনোৱা হৈছে। ইয়াত এয়াও প্ৰমাণ দিয়া হৈছে যে খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত ঈশ্বৰৰ নাম ২৩৭ বাৰ কিয় আহিব লাগে।

১০. ম্যানমাৰৰ এগৰাকী তিৰোতাৰ অনুভৱৰ পৰা আপুনি কি শিকিলে?

১০ যীচুৱে বেছিতকৈ বেছি লোকসকলক ঈশ্বৰৰ নামৰ বিষয়ে জনালে। আমিও তেওঁৰ দৰেই কৰিব বিচাৰোঁ। ম্যানমাৰৰ ৬৭ বছৰীয়া এগৰাকী তিৰোতাৰ অনুভৱলৈ মন কৰক। তাই যেতিয়া ঈশ্বৰৰ নাম শুনিলে, তেতিয়া তাইৰ চকুপানী ওলাই আহিল। তাই কৈছে, “মই জীৱনত প্ৰথমবাৰ ঈশ্বৰৰ নাম যিহোৱা হয় বুলি শুনিলোঁ। . . . সঁচাকৈ, আপুনি মোক আটাইতকৈ গুৰুত্বপূৰ্ণ কথা জনালে।” এই অনুভৱৰ পৰা জানিব পাৰি যে যেতিয়া ভাল মন থকা লোকসকলে ঈশ্বৰৰ নাম শুনে, তেতিয়া ইয়ে তেওঁলোকৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়।

সংগঠনৰ ওপৰত বিশ্বাস কৰি থাকক

১১. যিহোৱাৰ সংগঠনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বুলি প্ৰাচীনসকলে কেনেকৈ দেখুৱায়? (ছবিখনো চাওক।)

১১ যিহোৱাৰ সংগঠনৰ ওপৰত প্ৰাচীনসকলৰ সম্পূৰ্ণ বিশ্বাস আছে বুলি কেনেকৈ দেখুৱাব পাৰে? এটা উপায় হৈছে যেতিয়া তেওঁলোকে কোনো নিৰ্দেশনা পায়, তেতিয়া তেওঁলোকে মনোযোগেৰে সেইবোৰ পঢ়ে আৰু সেইমতে কাম কৰিবলৈ চেষ্টা কৰে। উদাহৰণস্বৰূপে, মণ্ডলীৰ প্ৰাচীনসকলক সভাৰ কোনো এটা ভাগ কেনেকৈ আগবঢ়োৱা উচিত বা মণ্ডলীৰ বাবে কেনেকৈ প্ৰাৰ্থনা কৰা উচিত আৰু খ্ৰীষ্টৰ মেৰবোৰ কেনেকৈ চোৱা-চিতা কৰা উচিত, তাৰ বিষয়ে জনোৱা হয়। যেতিয়া প্ৰাচীনসকলে সংগঠনৰ নিৰ্দেশনাবোৰ মানি চলে, তেতিয়া ভাই-ভনীসকলে যিহোৱাৰ প্ৰেম আৰু সুৰক্ষা অনুভৱ কৰে।

ছবি: ১. তিনিজন প্ৰাচীনে ৰাজ্যগৃহত একেলগে মিলি মণ্ডলীৰ প্ৰচাৰ কাৰ্য্যৰ এলেকাৰ বিষয়ে আলোচনা কৰি আছে। ২. পাছত এজন প্ৰাচীনে দুগৰাকী ভনীক জনাইছে যে তেওঁলোকে কাৰ্টখন কেনেকৈ সুৰক্ষিত ঠাইত থব পাৰে।

যিহোৱাৰ সংগঠনৰ ওপৰত ভৰসা কৰিবলৈ আৰু নিৰ্দেশনা মানিবলৈ প্ৰাচীনসকলে আমাক সহায় কৰে (অনুচ্ছেদ ১১ চাওক)b


১২. (ক) আমি নেতৃত্ব লোৱা ভাইসকলক কিয় সহযোগ কৰা উচিত? (ইব্ৰী ১৩:৭, ১৭) (খ) নেতৃত্ব লোৱা ভাইসকলৰ ভাল গুণবোৰলৈ আমি কিয় ধ্যান দিয়া উচিত?

১২ প্ৰাচীনসকলে যি নিৰ্দেশনা দিয়ে, সেইবোৰ আমি আনন্দেৰে পালন কৰা উচিত। এইদৰে কৰিলে তেওঁলোকে নিজৰ দায়িত্ব ভালদৰে পূৰ কৰিব পাৰিব। বাইবেলত কোৱা হৈছে যে মণ্ডলীত যিসকলে নেতৃত্ব লয়, আমি তেওঁলোকৰ অধীনত থকা আৰু আজ্ঞা পালন কৰা উচিত। (ইব্ৰী ১৩:৭, ১৭ পঢ়ক।) প্ৰাচীনসকল সিদ্ধ নহয়, তেওঁলোকৰো দুৰ্বলতা আছে। সেইবাবে, তেওঁলোকৰ অধীনত থকাটো কেতিয়াবা কেতিয়াবা আমাৰ কাৰণে কঠিন হʼব পাৰে। যদি আমি তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিয়াৰ পৰিৱৰ্তে বেয়া গুণবোৰলৈ ধ্যান দিওঁ, তেনেহʼলে আমি আমাৰ শত্ৰুক সহায় কৰাৰ দৰে হʼব। কেনেকৈ বাৰু? যদি আমি প্ৰাচীনসকলৰ দুৰ্বলতাবোৰলৈ ধ্যান দিওঁ, তেনেহʼলে আমি হয়তো সংগঠনৰ ভুল বিচাৰি ফুৰিব পাৰোঁ আৰু লাহে লাহে সংগঠনৰ ওপৰত আমাৰ বিশ্বাস নাইকিয়া হʼব। আমি জানোঁ যে আমাৰ শত্ৰুসকলে এয়াই বিচাৰে! গতিকে আমি কেনেকৈ শত্ৰুসকলৰ ষড়যন্ত্ৰ চিনাক্ত কৰিব পাৰোঁ আৰু মিছা কথাবোৰৰ পৰা আঁতৰি থাকিব পাৰোঁ?

আপোনাৰ বিশ্বাস কম হʼবলৈ নিদিব

১৩. বিৰোধীসকলে আমাৰ সংগঠনক কেনেকৈ বদনাম কৰে?

১৩ বিৰোধীসকলে যিহোৱাৰ সংগঠনৰ বিষয়ে মিছা কথা কয়। বাইবেলত কোৱা হৈছে যে যিহোৱাৰ সেৱকসকলে নিজৰ শৰীৰ পৰিষ্কাৰ কৰি ৰখা, ভাল আচাৰ-ব্যৱহাৰ আৰু যিহোৱাৰ ইচ্ছাৰ অনুসৰি উপাসনা কৰাটো যিহোৱাই বিচাৰে। বাইবেলত এয়াও কোৱা হৈছে যে যদি এজন ব্যক্তিয়ে বেয়া কাম কৰি থাকে আৰু অনুতাপ নকৰে, তেনেহʼলে তেওঁক মণ্ডলীৰ পৰা উলিয়াই দিয়া হʼব। (১ কৰি. ৫:১১-১৩; ৬:৯, ১০) বাইবেলৰ এই সকলো কথা আমি পালন কৰোঁ। সেইবাবে, বিৰোধীসকলে আমাৰ ওপৰত অভিযোগ কৰে যে আমাৰ চিন্তাধাৰা একেবাৰে ঠেক, আমি আনৰ বিষয়ে ভুল চিন্তাধাৰা ৰাখোঁ আৰু লোকসকলক প্ৰেম নকৰোঁ।

১৪. প্ৰকৃততে সংগঠনৰ বিৰুদ্ধে কোনে মিছা কথা কয়?

১৪ প্ৰকৃত শত্ৰু কোন হয় চিনাক্ত কৰক। চয়তানে বেলেগ বেলেগ উপায়েৰে মিছা কথা কয়। সেইবাবে, বাইবেলত কোৱা হৈছে যে “সি মিছলীয়া, আৰু তাৰ বাপেক।” (যোহ. ৮:৪৪; আদি. ৩:১-৫) চয়তানে প্ৰথম শতিকাতো এইদৰেই কৰিছিল। সেইবাবে, যেতিয়া সি নিজৰ লোকসকলৰ যোগেদি যিহোৱাৰ সংগঠনৰ বিৰুদ্ধে মিছা কথা কয়, তেতিয়া আমি আচৰিত নহওঁ।

১৫. যীচু আৰু তেওঁৰ শিষ্যসকলৰ বিষয়ে ধৰ্মগুৰুসকলে কেনেকৈ মিছা কথা কৈছিল?

১৫ যীচু সিদ্ধ আছিল আৰু ঈশ্বৰৰ শক্তিৰ সহায়ত ডাঙৰ ডাঙৰ চমৎকাৰ কৰিছিল। কিন্তু চয়তানে নিজৰ লোকসকলৰ যোগেদি মিছা কথা কৈছিল। যেনে, ধৰ্মগুৰুসকলে কৈছিল যে তেওঁ “দুষ্ট স্বৰ্গদূতবিলাকৰ ৰজাৰ সহায়ত লোকসকলৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত উলিয়ায়।” (মাৰ্ক ৩:২২) যীচুৰ মোকৰ্দ্দমাৰ সময়ত তেওঁ ঈশ্বৰৰ নিন্দা কৰিলে বুলি ধৰ্মগুৰুসকলে অভিযোগ লগাইছিল। লগতে যীচুক মৃত্যুদণ্ড দিবলৈ কʼবৰ কাৰণে লোকসকলক উচটাইছিল। (মথি ২৭:২০) পাছলৈ যীচুৰ শিষ্যসকলে শুভবাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰাৰ সময়ত বিৰোধীসকলে “ভাইবিলাকৰ অহিতে পৰজাতিবিলাকৰ মন উচটাই হিংসক কৰালে,” যাতে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰে। (পাঁচ. ১৪:২, ১৯) এই বিষয়ে ডিচেম্বৰ ১, ১৯৯৮ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) কোৱা হৈছিল যে ‘বিদ্ৰোহী যিহূদীসকলে শুভবাৰ্ত্তা গ্ৰহণ নকৰিলে। ইয়াৰ উপৰিও তেওঁলোকে খ্ৰীষ্টানসকলৰ বিৰুদ্ধে পৰজাতিবিলাকৰ মন উচটাবলৈ ষড়যন্ত্ৰ কৰিলে।’

১৬. যদি আমি সংগঠন বা কোনো ভাইৰ বিষয়ে মিছা কথা শুনোঁ, তেনেহʼলে কি কথা মনত ৰখা উচিত?

১৬ বাইবেলত কোৱা হৈছে যে চয়তানে “গোটেই জগতৰ ভ্ৰান্তি জন্মায়।” (প্ৰকা. ১২:৯) চয়তানে আজিও এইদৰে কৰে। সেইবাবে, যদি আপুনি সংগঠন বা নেতৃত্ব লোৱা ভাইসকলৰ বিষয়ে বেয়া কথা শুনে, তেনেহʼলে মনত ৰাখিব যে চয়তানে প্ৰথম শতিকাতো বিৰোধীসকলৰ যোগেদি যীচু আৰু তেওঁৰ শিষ্যসকলৰ বিষয়ে মিছা কথা কৈছিল। বাইবেলত আগতীয়াকৈ কোৱা হৈছে যে ঈশ্বৰৰ লোকসকলৰ ওপৰত অত্যাচাৰ কৰা হʼব আৰু তেওঁলোকৰ বিষয়ে মিছা কথা কোৱা হʼব আৰু বেয়াকৈ কোৱা হʼব। (মথি ৫:১১, ১২) যদি আপুনি এই মিছা কথাবোৰৰ ওপৰত বিশ্বাস কৰাৰ পৰা আঁতৰি থাকিব বিচাৰে, তেনেহʼলে মনত ৰাখিব যে প্ৰকৃত শত্ৰু কোন হয় আৰু লগে লগে পদক্ষেপ লʼব লাগিব। গতিকে, আমি কি পদক্ষেপ লোৱা উচিত?

১৭. মিছা কথাৰ পৰা আঁতৰি থাকিবলৈ আমি কি কৰা উচিত? (২ তীমথিয় ১:১৩) (“মিছা কথা শুনিলে আমি কি কৰা উচিত?” নামৰ বক্সখন চাওক।)

১৭ মিছা কথাবোৰৰ ওপৰত বিশ্বাস নকৰিব। পাঁচনি পৌলে স্পষ্টকৈ জনাইছিল যে যদি আমি কিবা মিছা কথা শুনোঁ, তেনেহʼলে আমি কি কৰা উচিত? তেওঁ তীমথিয়ক ‘ধৰ্ম্মনিন্দাযুক্ত আৰু মানুহৰ অনৰ্থক গল্প-কথাত মন নিদিবলৈ’ লোকসকলক আজ্ঞা দিবলৈ কৈছিল। (১ তীম. ১:৩, ৪; ৪:৭) খন্তেকৰ বাবে চিন্তা কৰক, সৰু লʼৰা-ছোৱালীয়ে মাটিত পৰি থকা বস্তু মুখত ভৰাই লয়, কিন্তু ডাঙৰ বা পৰিপক্ক ব্যক্তিয়ে এইদৰে কেতিয়াও নকৰিব। কিয়নো তেওঁ জানে যে এয়া বিপদজনক হʼব পাৰে। আমিও জানোঁ যে মিছা শিক্ষাৰ পৰা কিমান বিপদ হʼব পাৰে আৰু ইয়াৰ আঁৰত কোন আছে। সেইবাবে, আমি ইয়াৰ পৰা আঁতৰি থাকোঁ আৰু ‘নিৰাময় বাক্যৰ’ অৰ্থাৎ যি সত্য তাক আমি আকোঁৱালি লʼব বিচাৰোঁ।—২ তীমথিয় ১:১৩ পঢ়ক।

ছবি: মিছা কথা কেনেকৈ বিয়পে। ১. এজন ব্যক্তিয়ে এটা প্ৰগ্ৰাম ৰেকৰ্ডিং কৰি আছে। ২. এগৰাকী তিৰোতাই ফুচফুচাই কিবা কৈ আছে। ৩. অচিনাকী ব্যক্তিৰ পৰা ই-মেইল। ৪. এগৰাকী ভনীয়ে ডাকত অহা চিঠি ফালি আছে।

মিছা কথা শুনিলে আমি কি কৰা উচিত?

হয়তো আমি বেলেগ বেলেগ মাধ্যমেৰে মিছা কথা শুনিব পাৰোঁ। যেনে, আমাৰ বন্ধুসকলৰ পৰা। হয়তো তেওঁলোকে আমাক কিবা খবৰ দিয়ে, কিন্তু তেওঁলোকে নাজানে যে সেয়া সঠিক হয় নে নহয়। অথবা আমি কোনো ই-মেইল পাইছোঁ, কিন্তু তাত দিয়া কথাবোৰ মিছা। নাইবা প্ৰচাৰত এজন ব্যক্তিয়ে আমাক কিছুমান কথা কʼব পাৰে, কিন্তু আমি হয়তো নাজানোঁ যে সেই ব্যক্তিজন ধৰ্মত্যাগী হয়।

১. আপোনাৰ বন্ধুৱে যেতিয়া কিবা খবৰ দিয়ে:

নিজৰ বন্ধু বা সেই ভাইক সোধক যে তেওঁ যি খবৰ দিছে, সেয়া সঁচা হয় নে নহয়। যদি তেওঁ কয় “নাজানোঁ,” তেনেহʼলে তেওঁৰ কথা নুশুনিব বা তেওঁৰ মেছেজো নপঢ়িব, লগতে আনকো সেই মেছেজ নপঠিয়াব।—হিতো. ১৪:১৫.

২. যদি যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে ই-মেইলৰ যোগেদি কিবা খবৰ পাওঁ:

বহুবাৰ এনে লাগিব পাৰে যেন কোনো বন্ধুৱে আমাক ই-মেইল পঠিয়াইছে। কিন্তু তেওঁক সোধক যে এই ই-মেইল তেওঁ পঠিয়াইছেনে বা এই খবৰ তেওঁ কʼত পালে। যদি তেওঁ কয় যে এয়া তেওঁ পঠিওৱা নাই, তেনেহʼলে সেই ই-মেইল ডিলিট কৰি দিয়ক।—হিতো. ২৭:১২.

৩. প্ৰচাৰত যদি কোনোবাই আগ্ৰহ দেখুৱাই, কিন্তু আচলতে তেওঁ এজন ধৰ্মত্যাগী:

যদি তেওঁ সংগঠনৰ বিষয়ে কিবা বেয়াকৈ কয় বা এনে কিবা কয়, যি ধৰ্মত্যাগীসকলৰ পৰা হয়, তেনেহʼলে তাতে কথা সমাপ্ত কৰি দিয়ক আৰু শান্তিৰে তাৰ পৰা ওলাই যাওক।—২ যোহ. ১০.

১৮. যিহোৱাৰ সংগঠনৰ ওপৰত আমাৰ সম্পূৰ্ণ ভৰসা আছে বুলি আমি কেনেকৈ দেখুৱাব পাৰোঁ?

১৮ এই লেখত আমি এনে তিনিটা কথাৰ ওপৰত মন কৰিলোঁ যি যীচু খ্ৰীষ্টই কৰিছিল আৰু বৰ্তমান সময়ত আমাৰ সংগঠনেও কৰে। লগতে এনে বহুতো কথা আছে, যিবোৰ বাইবেল অধ্যয়ন কৰাৰ সময়ত আপুনি ধ্যান দিব পাৰে। ইয়াৰ উপৰিও মণ্ডলীৰ ভাই-ভনীসকলক সহায় কৰক আৰু যিহোৱাৰ সংগঠনৰ ওপৰত তেওঁলোকৰ বিশ্বাস বঢ়াওক। যিহোৱাৰ বিশ্বাসী হৈ আৰু সংগঠনক সমৰ্থন কৰাৰ যোগেদি আপুনি যিহোৱাৰ সংগঠনৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰে বুলি দেখুৱাব পাৰে, যাৰ যোগেদি যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰি আছে। (গীত. ৩৭:২৮) আমি যিহোৱাৰ লোকসকলৰ লগত একেলগে মিলি তেওঁৰ উপাসনা কৰাৰ সুযোগ পাইছোঁ। তেওঁলোকে যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ বিশ্বাসী হৈ থাকে। ইয়াৰ বাবে আমি সদায় তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ থকা উচিত।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যীচুৱে যি কৰিছিল, সেয়া বৰ্তমান সময়ত আমাৰ সংগঠনে কৰি আছে বুলি আমি কিয় কʼব পাৰোঁ?

  • যিহোৱাৰ সংগঠনৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে বুলি আমি কেনেকৈ দেখুৱাব পাৰোঁ?

  • যেতিয়া আমি মিছা কথা শুনোঁ, তেতিয়া আমি কি কৰা উচিত?

গীত ১০৩ মেৰৰখীয়া, মানুহৰ ৰূপত বৰ

a গোটেই পৃথিৱীত যিহোৱাৰ শুদ্ধ উপাসনাৰ পুনৰ আৰম্ভণি! (হিন্দী) কিতাপৰ ১০২-১০৩ পৃষ্ঠাত দিয়া বক্স “১৯১৯ কিয়?” পঢ়ক।

b ছবিৰ বিষয়ে: প্ৰাচীনসকলে ৰাজহুৱা ভাৱে কৰা প্ৰচাৰৰ বিষয়ে সংগঠনৰ পৰা অহা নিৰ্দেশনাৰ ওপৰত আলোচনা কৰি আছে। প্ৰচাৰ সমূহৰ ভাইজনে প্ৰচাৰকসকলক জনাই আছে যে কাৰ্ট লগাই প্ৰচাৰ কৰাৰ সময়ত দেৱালৰ ফালে পিঠি কৰি থিয় হʼব লাগে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক