অধ্যয়নৰ লেখ ২৮
গীত নং ১২৩ ঈশ্বৰৰ সংগঠনৰ নিয়মবোৰ হৃদয়েৰে পালন কৰক
আপুনি সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰিব পাৰে!
“সত্যেৰে কঁকাল বান্ধি, ধাৰ্ম্মিকতাৰ বুকুবৰি পিন্ধি, . . . থিৰে থাকা।” —ইফি. ৬:১৪, ১৫.
কি শিকিম?
যিহোৱাই আমাক যি সত্যতা শিকাইছে, চয়তান আৰু আমাৰ বিৰোধীসকলে যি কথা কয়, তাৰ মাজত আমি কেনেকৈ পাৰ্থক্য কৰিব পাৰোঁ।
১. বাইবেলত দিয়া সত্যতাবোৰৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে?
আমি ঈশ্বৰৰ বাক্যত পোৱা সত্যতাবোৰক বহুত প্ৰেম কৰোঁ আৰু ইয়াৰ ওপৰতে আমাৰ বিশ্বাস নিৰ্ভৰ কৰে। (ৰোম. ১০:১৭) আমাৰ সম্পূৰ্ণ ভৰসা আছে যে খ্ৰীষ্টান মণ্ডলী “সত্যতাৰ স্তম্ভ আৰু ভিত্তিমূলস্বৰূপ” আৰু যিহোৱাই ইয়াৰ ব্যৱস্থা কৰিছে। (১ তীম. ৩:১৫) যিসকল ভায়ে নেতৃত্ব লয়, তেওঁলোকে আমাক বাইবেলৰ পৰা সত্যতাবোৰ বুজাই আৰু যি নিৰ্দেশনাবোৰ দিয়ে, সেয়া যিহোৱাৰ ইচ্ছাৰ অনুসৰি হয়। সেইবাবে, আমি আনন্দেৰে তেওঁলোকৰ অধীনত থাকোঁ।—ইব্ৰী ১৩:১৭.
২. যাকোব ৫:১৯ পদত কোৱাৰ দৰে সত্য শিকাৰ পাছতো আমাৰ লগত কি হʼব পাৰে?
২ আমি বাইবেলত দিয়া সত্যতাবোৰৰ ওপৰত বিশ্বাস কৰোঁ আৰু আমাৰ সম্পূৰ্ণ ভৰসা আছে যে যিহোৱাৰ সংগঠনে আজি আমাক যিবোৰ নিৰ্দেশনা দিয়ে, সেয়া একেবাৰে সঠিক হয়। এয়া জনাৰ সত্বেও কেতিয়াবা কেতিয়াবা আমি ইয়াৰ পৰা আঁতৰি যাব পাৰোঁ। (যাকোব ৫:১৯ পঢ়ক।) আমি ঈশ্বৰৰ বাক্য বাইবেল আৰু তেওঁৰ সংগঠনৰ পৰা যিবোৰ নিৰ্দেশনা পাওঁ, তাৰ ওপৰত সন্দেহ কৰা আৰু ভৰসা কৰিবলৈ এৰি দিয়াটো চয়তানে বিচাৰে।—ইফি. ৪:১৪.
৩. আমি সত্যতাক কিয় ধৰি ৰখা উচিত? (ইফিচীয়া ৬:১৩, ১৪)
৩ ইফিচীয়া ৬:১৩, ১৪ পঢ়ক। অতি সোনকালে চয়তানে সকলো ৰাষ্ট্ৰক ফুচলাবলৈ মিছা কথা বিয়পাব, যাৰ বাবে তেওঁলোকে যিহোৱা আৰু তেওঁৰ লোকসকলৰ বিৰোধ কৰিব। (প্ৰকা. ১৬:১৩, ১৪) ইয়াৰ উপৰিও চয়তানে যিহোৱাৰ লোকসকলক ফুচলাবলৈ বহুত চেষ্টা কৰিব। (প্ৰকা. ১২:৯) সেইবাবে, তাৰ পৰা বাচিবলৈ আমি কি কৰিব লাগিব? আমি সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰিবলৈ শিকিব লাগিব আৰু সত্যতাক ধৰি ৰাখিব লাগিব। (ৰোম. ৬:১৭; ১ পিত. ১:২২) এইদৰে কৰিলে আমি মহা সংকটৰ পৰা বাচিব পাৰিম।
৪. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?
৪ এই লেখত আমি দুটা গুণৰ বিষয়ে আলোচনা কৰিম, যাৰ সহায়ত আমি সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰিব পাৰিম আৰু আমি যিহোৱাৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন কৰিব পাৰিম। ইয়াৰ উপৰিও আমি এনে তিনিটা পৰামৰ্শৰ বিষয়ে আলোচনা কৰিম, যিয়ে সত্যতাক ধৰি ৰাখিবলৈ সহায় কৰিব।
সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰাৰ দুটা বিশেষ গুণ
৫. যিহোৱাৰ প্ৰতি ভয় থাকিলে আমি কি কৰিম?
৫ যিহোৱালৈ ভয় ৰাখক। যিহোৱালৈ ভয় ৰখাৰ অৰ্থ হৈছে, আমি তেওঁক ইমানেই প্ৰেম কৰোঁ যে আমি এনে কোনো কাম নকৰিম, যাৰ বাবে তেওঁৰ দুখ লাগিব পাৰে। যিহোৱাৰ দৃষ্টিত কি সঠিক, কি ভাল আৰু কি বেয়া সেয়া আমি জানিবলৈ চেষ্টা কৰোঁ আৰু তাৰ অনুসৰি কাম কৰোঁ। (হিতো. ২:৩-৬; ইব্ৰী ৫:১৪) সেইবাবে, আমি মানুহৰ প্ৰতি ভয় কেতিয়াও বাঢ়িবলৈ নিদিম, নহʼলে, যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম কমি যাব। যদি আমি এইদৰে নকৰোঁ, তেনেহʼলে আমি লোকসকলক আনন্দিত কৰিবলৈ ধৰিম আৰু যিহোৱাৰ মনত দুখ দিম।
৬. কনানীয়াসকলক ভয় কৰি ইস্ৰায়েলৰ দহজন অধ্যক্ষই এনে কি কথা কʼলে যি সঁচা নাছিল?
৬ যদি আমি যিহোৱাতকৈ বেছি লোকসকলক ভয় কৰোঁ, তেনেহʼলে আমি সত্যৰ পৰা আঁতৰি যাব পাৰোঁ। মন কৰক, ইস্ৰায়েলৰ সেই ১২ জন অধ্যক্ষৰ লগত কি হৈছিল, যিসকলে গোপনে প্ৰতিজ্ঞা কৰা দেশৰ বুজ-বিচাৰ লʼবলৈ গৈছিল, তেতিয়া কি হʼল? তেওঁলোকৰ মাজৰ দহজন চোৰাংচোৱা বহুত ভয় কৰিলে, সেইবাবে যিহোৱাৰ প্ৰতি তেওঁলোকৰ প্ৰেম কমি গʼল। তেওঁলোকে ইস্ৰায়েলীসকলক কʼলে যে আমি “সেই লোকবিলাকৰ বিৰুদ্ধে উঠি যাব নোৱাৰোঁ, কিয়নো আমাত্কৈ সিহঁত বলী।” (গণ. ১৩:২৭-৩১) এয়া সঁচা যে কনানীয়াসকল ইস্ৰায়েলীসকলতকৈ শক্তিশালী আছিল। কিন্তু ইস্ৰায়েলীসকলে তেওঁলোকক যে হৰুৱাব নোৱাৰিব, এই কথা সঁচা নাছিল। কিন্তু দহজন চোৰাংচোৱাই পাহৰি গৈছিল যে যিহোৱা তেওঁলোকৰ লগত আছে। অলপ সময়ৰ আগতে যিহোৱাই তেওঁলোকৰ বাবে কি কি কৰিছিল আৰু যিহোৱাই তেওঁলোকৰ পৰা কি বিচাৰে, সেই কথা তেওঁলোকে ভবাৰ প্ৰয়োজন আছিল। এইদৰে কৰা হʼলে তেওঁলোকে বুজি পালেহেঁতেন যে সেই কনানীয়াসকলৰ তুলনাত যিহোৱা বহুত শক্তিশালী। কিন্তু যিহোচূৱা আৰু কালেব দহজন চোৰাংচোৱাতকৈ একেবাৰে বেলেগ আছিল। তেওঁলোকে যিহোৱালৈ ভয় ৰাখিছিল আৰু তেওঁক আনন্দিত কৰিব বিচাৰিছিল। সেইবাবে তেওঁলোকে কʼলে “যিহোৱাই যদি আমাত সন্তোষ পায়, তেন্তে তেওঁ আমাক সেই দেশলৈ নিব আৰু . . . সেই দেশ আমাক দিব।”—গণ. ১৪:৬-৯.
৭. আমি কেনেকৈ যিহোৱাৰ প্ৰতি ভয় বঢ়াব পাৰোঁ? (ছবিখনো চাওক।)
৭ যদি আমি যিহোৱালৈ ভয় ৰাখোঁ, তেনেহʼলে কোনো এটা নিৰ্ণয় লোৱাৰ আগতে আমি ভাবিম যে এই নিৰ্ণয়ৰ পৰা যিহোৱা আনন্দিত হʼব নে? (গীত. ১৬:৮) যিহোৱাৰ প্ৰতি ভয় বঢ়াবলৈ আমি কি কৰিব পাৰোঁ? বাইবেলৰ কোনো এটা ঘটনা পঢ়াৰ সময়ত নিজকে এইদৰে সোধক: ‘মই সেই পৰিস্থিতিত থকা হʼলে কি কৰিলোঁহেঁতেন?’ কল্পনা কৰক, দহজন অধ্যক্ষই মিছা বাতৰি দি আছে আৰু আপুনি তেওঁলোকৰ মাজতে থিয় হৈ আছে। তেওঁলোকে কৈছে যে আমি কনানীয়াসকলৰ পৰা জিকিব নোৱাৰোঁ, এতিয়া আপুনি কি কৰিব? আপুনি তেওঁলোকৰ কথা সঁচা বুলি মানি মানুহলৈ ভয় কৰিব নে যিহোৱালৈ ভয় ৰাখিব আৰু তেওঁক আনন্দিত কৰিবলৈ চেষ্টা কৰিব? দুখৰ বিষয় যে সকলো ইস্ৰায়েলীয়ে সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰিব নোৱাৰিলে আৰু যিহোচূৱা আৰু কালেবৰ ওপৰত বিশ্বাস নকৰিলে, যিসকলে সঁচা কথা কৈছিল। সেইবাবে, ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশলৈ যোৱাৰ সুযোগ হেৰুৱালে।—গণ. ১৪:১০, ২২, ২৩.
আপুনি কাৰ কথা সঁচা বুলি মানিলেহেঁতেন? (অনুচ্ছেদ ৭ চাওক)
৮. আমি কি গুণ বঢ়োৱা উচিত আৰু কিয়?
৮ নম্ৰ হৈ থাকক। যিহোৱাই নম্ৰ লোকসকলক সত্য শিকায়। (মথি ১১:২৫) আমি নম্ৰ আছিলোঁ, সেইবাবে সত্য শিকিবলৈ আনৰ পৰা সহায় লৈছিলোঁ। (পাঁচ. ৮:৩০, ৩১) কিন্তু আমি যাতে নম্ৰ হৈ থাকোঁ আৰু অহংকাৰী হৈ নপৰোঁ, তাৰ প্ৰতি আমি ধ্যান দি থকা উচিত। অহংকাৰী লোকে বিশ্বাস কৰে যে বাইবেলৰ সিদ্ধান্ত আৰু সংগঠনৰ পৰা পোৱা নিৰ্দেশনা সঠিক হয়। কিন্তু তেওঁৰ চিন্তাধাৰাও সিমানেই সঠিক হয়।
৯. আমি কেনেকৈ নম্ৰ হৈ থাকিব পাৰোঁ?
৯ নম্ৰ হৈ থাকিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে আমি সদায় মনত ৰখা উচিত যে যিহোৱা কিমান মহান আৰু আমি তেওঁৰ আগত কিমান সৰু। (গীত. ৮:৩, ৪) সদায় নম্ৰ হৈ থাকিবলৈ আৰু শিকি থাকিবলৈ আমি যিহোৱালৈ প্ৰাৰ্থনাও কৰিব লাগিব। তেতিয়া আমি যিহোৱাৰ চিন্তাধাৰাক নিজৰ চিন্তাধাৰাতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ভাবিম। যিহোৱাই নিজৰ বাক্য আৰু সংগঠনৰ যোগেদি যি নিৰ্দেশনা দিয়ে, তাক আমি নম্ৰ হৈ পালন কৰা উচিত। বাইবেল পঢ়াৰ সময়ত আমি মন কৰা উচিত যে যিহোৱাই কেনেকৈ নম্ৰ লোকসকলক প্ৰেম কৰে আৰু অহংকাৰী লোকসকলক কিমান ঘিণ কৰে। যদি আমি কোনো এটা ডাঙৰ দায়িত্ব পাওঁ আৰু ভাই-ভনীসকলে আমাৰ ওপৰত ধ্যান দিবলৈ ধৰে, তেতিয়া আমি যাতে নম্ৰ হৈ থাকোঁ তাৰ প্ৰতি আৰু বেছিকৈ ধ্যান দিয়া উচিত।
সত্যতাক কেনেকৈ ধৰি ৰাখোঁ?
১০. যিহোৱাই কাৰ যোগেদি নিজৰ লোকসকলক নিৰ্দেশনা দিয়ে?
১০ যিহোৱাৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনাৰ ওপৰত ভৰসা ৰাখক। যিহোৱাই প্ৰাচীন সময়ত মোচি আৰু হাৰোণৰ যোগেদি নিজৰ লোকসকলক নিৰ্দেশনা দিছিল। (যিহো. ১:১৬, ১৭) ইস্ৰায়েলীসকলে জানিছিল যে যিহোৱাই এই লোকসকলক বাছনি কৰিছে আৰু তেওঁলোকৰ যোগেদি নিৰ্দেশনা দি আছে। যেতিয়া ইস্ৰায়েলীসকলে এই নিৰ্দেশনা পালন কৰিলে, তেতিয়া তেওঁলোকে বহুতো আশীৰ্বাদ লাভ কৰিলে। ইয়াৰ বহু শতিকাৰ পাছত খ্ৰীষ্টান মণ্ডলীৰ আৰম্ভ হʼল, সেই সময়ত যিহোৱাই ১২ জন পাঁচনিৰ যোগেদি খ্ৰীষ্টানসকলক নিৰ্দেশনা দিছিল। (পাঁচ. ৮:১৪, ১৫) আগলৈ গৈ আন কিছুমান প্ৰাচীনে সেই পাঁচনিসকলৰ লগত মিলি যিৰূচালেমত কাম কৰিবলৈ ধৰিলে। যেতিয়া ভাই-ভনীসকলে তেওঁলোকৰ নিৰ্দেশনা পালন কৰিলে, তেতিয়া তেওঁলোকে “বিশ্বাসত দৃঢ় হৈ, দিনে দিনে লেখত বাঢ়ি গল।” (পাঁচ. ১৬:৪, ৫) আজিও যেতিয়া যিহোৱাই নিজৰ সংগঠনৰ যোগেদি যি নিৰ্দেশনা দিয়ে, সেইবোৰ যদি আমি পালন কৰোঁ, তেনেহʼলে আমি বহুতো আশীৰ্বাদ পাম। কিন্তু ক্ষন্তেকৰ বাবে চিন্তা কৰক যে যিহোৱাই যিসকল লোকক নিযুক্ত কৰিছে, যদি আমি তেওঁলোকৰ কথা পালন নকৰোঁ, তেনেহʼলে তেওঁক কেনেকুৱা লাগিব। এয়া জানিবলৈ প্ৰতিজ্ঞা কৰা দেশলৈ যোৱাৰ আগতে ইস্ৰায়েলীসকলৰ লগত কি হৈছিল, আহক ইয়াৰ বিষয়ে চাওঁ।
১১. যেতিয়া ইস্ৰায়েলীসকলে মোচিৰ ওপৰত প্ৰশ্ন কৰিলে, তেতিয়া কি হʼল? (ছবিখনো চাওক।)
১১ ইস্ৰায়েলীসকলৰ নেতৃত্ব লʼবলৈ যিহোৱাই মোচিক নিযুক্ত কৰিছিল। কিন্তু ইস্ৰায়েলৰ কিছুমান বিশেষ পদত থকা লোকসকলে মোচিৰ ওপৰত প্ৰশ্ন তুলিবলৈ ধৰিলে। তেওঁলোকে কʼলে যে কেৱল মোচিয়ে নহয়, “গোটেই মণ্ডলীৰ প্ৰতিজনেই পবিত্ৰ, আৰু যিহোৱা তেওঁবিলাকৰ মাজত আছে।” (গণ. ১৬:১-৩) এয়া সঁচা যে “মণ্ডলীৰ প্ৰতিজনেই” যিহোৱাৰ বাবে পবিত্ৰ আছিল, কিন্তু যিহোৱাই তেওঁলোকৰ নেতৃত্ব লʼবলৈ মোচিক বাছনি কৰিছিল। (গণ. ১৬:২৮) সেইবাবে, যেতিয়া তেওঁলোকে মোচিৰ ওপৰত প্ৰশ্ন কৰিছিল, তেতিয়া আচলতে তেওঁলোকে যিহোৱাৰ ওপৰতহে প্ৰশ্ন কৰিছিল। তেওঁলোকে অধিকাৰ পোৱাৰ ইচ্ছাত ইমানেই অন্ধ হৈ পৰিছিল যে যিহোৱাই কি বিচাৰ, তাৰ প্ৰতি ধ্যানেই দিয়া নাছিল। সেইবাবে, যিহোৱাই সেই বিদ্ৰোহীসকলৰ লগতে তেওঁলোকক সহযোগ কৰা হাজাৰতকৈ বেছি ইস্ৰায়েলীক মাৰি পেলালে। (গণ. ১৬:৩০-৩৫, ৪১, ৪৯) আজিও যদি কোনোবাই যিহোৱাৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন নকৰে, তেনেহʼলে যিহোৱা তেওঁৰ পৰা আনন্দিত নহয়।
আপুনি কাক সহযোগ কৰিলেহেঁতেন? (অনুচ্ছেদ ১১ চাওক)
১২. যিহোৱাৰ সংগঠনৰ ওপৰত আমি কিয় সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ?
১২ আমি যিহোৱাৰ সংগঠনৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। কিয় বাৰু? যেতিয়া নেতৃত্ব লোৱা ভাইসকলে অনুভৱ কৰে যে কোনো এটা শিক্ষাৰ বিষয়ে আমাৰ বুজাবুজিত সাল-সলনি কৰাৰ প্ৰয়োজন আছে বা প্ৰচাৰ কাম যিদৰে হৈ আছে, তাত কিবা সাল-সলনি কৰাৰ প্ৰয়োজন আছে, তেতিয়া তেওঁলোকে সাল-সলনি কৰিবলৈ সংকোচ নকৰে। (হিতো. ৪:১৮) কাৰণ তেওঁলোকে যিহোৱাক আনন্দিত কৰিব বিচাৰে আৰু এই কথা তেওঁলোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও তেওঁলোকৰ প্ৰতিটো নিৰ্ণয় বাইবেলৰ অৰ্থাৎ নিৰাময় বাক্যৰ আৰ্হিৰ ওপৰত আধাৰিত, যাৰ অনুসৰি যিহোৱাৰ প্ৰতিজন সেৱকে জীৱন-যাপন কৰে।
১৩. ‘নিৰাময় বাক্যৰ আৰ্হিৰ’ অৰ্থ কি আৰু আমি কি কৰা উচিত?
১৩ ‘নিৰাময় বাক্যৰ আৰ্হিক’ ধৰি ৰাখক। (২ তীম. ১:১৩) ‘নিৰাময় বাক্যৰ আৰ্হিৰ’ অৰ্থ হৈছে বাইবেলত দিয়া খ্ৰীষ্টৰ শিক্ষা। (যোহ. ১৭:১৭) আমাৰ বিশ্বাস সেই শিক্ষাবোৰৰ ওপৰতে আধাৰিত। যিহোৱাৰ সংগঠনে আমাক এই শিক্ষাবোৰক ধৰি ৰাখিবলৈ শিকায়। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি সম্পূৰ্ণ ভৰসা কৰিব পাৰোঁ যে যিহোৱাই আমাক বহুতো আশীৰ্বাদ দিব।
১৪. কিছুমান খ্ৰীষ্টানে ‘নিৰাময় বাক্যৰ আৰ্হিক’ কিয় ধৰি ৰাখিব নোৱাৰিল?
১৪ যদি আমি ‘নিৰাময় বাক্যৰ আৰ্হিক’ ধৰি নাৰাখোঁ, তেনেহʼলে কি হʼব? মন কৰক যে প্ৰথম শতিকাত কি হৈছিল। সেই সময়ত কিছুমান খ্ৰীষ্টানে যিহোৱাৰ দিন আহিল বুলি উৰা বাতৰি বিয়পাবলৈ ধৰিলে। এনে লাগে যেন তেওঁলোকে এখন চিঠি পাইছিল আৰু তাত এই কথা লিখা আছিল। এই চিঠি পৌলৰ ফালৰ পৰা আহিছে বুলি তেওঁলোকে মানি লৈছিল। এই কথা সঁচা হয় নে নহয়, এয়া জানিবলৈ চেষ্টা নকৰিলে। তেওঁলোকে এই কথাৰ ওপৰত বিশ্বাস কৰিলে আৰু আনকো জনাবলৈ ধৰিলে। পৌলে তেওঁলোকৰ লগত থকাৰ সময়ত তেওঁ কি কৈছিল, সেই কথা মনত ৰখা হʼলে এই উৰাবাতৰিত তেওঁলোকে বিশ্বাস নকৰিলেহেঁতেন। (২ থিচ. ২:১-৫) সেইবাবে, পৌলে তেওঁলোকক চালি-জাৰি নোচোৱাকৈ সকলো কথাৰ ওপৰত বিশ্বাস নকৰিবলৈ পৰামৰ্শ দিছিল। পৌলে তেওঁলোকক এয়াও জনাইছিল যে কোনো এখন চিঠি তেওঁৰ ফালৰ পৰা হয় নে নহয়, সেয়া তেওঁলোকে কেনেকৈ জানিব পাৰে। নিজৰ চিঠিৰ শেষত তেওঁ এইদৰে লিখিছিল, “মোৰ এই মঙ্গলবাদ মই পৌলে নিজ হাতে লিখিলোঁ; প্ৰত্যেক পত্ৰত এয়েই চিন; মই এনেকৈ লিখোঁ।”—২ থিচ. ৩:১৭.
১৫. মিছা কথাত ভুল নাযাবলৈ আমি কি কৰা উচিত? এটা উদাহৰণ দিয়ক। (ছবিখনো চাওক।)
১৫ পৌলে থিচলনীকীয়া মণ্ডলীলৈ যি লিখিছিল, তাৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া আমি এনে খবৰ শুনোঁ, যি বাইবেলৰ শিক্ষাৰ লগত মিল নাখায় বা কিবা উৰা বাতৰি শুনোঁ, তেতিয়া আমি ভাবি-চিন্তি কাম কৰা উচিত। মন কৰক, ছʼভিয়েট সংঘত আমাৰ ভাইসকলৰ লগত কি হৈছিল। এবাৰ চৰকাৰী অধিকাৰীসকলে ভাইসকললৈ এখন চিঠি লিখিছিল, যি দেখাত মূখ্য কাৰ্য্যালয়ৰ পৰা অহা যেন লাগিছিল। সেই চিঠিখনত ভাইসকলক বেলেগকৈ এখন নতুন সংগঠন আৰম্ভ কৰিবলৈ কোৱা হৈছিল। যদিও সেইখন দেখাত মূখ্য কাৰ্য্যালয়ৰ পৰা অহা যেন লাগিছিল, কিন্তু ভাইসকলে তাত ভুল নগʼল। তেওঁলোকে বুজি পালে যে তাত লিখা কথাবোৰ বাইবেলৰ লগত মিল খোৱা নাই। আজিও আমাৰ শত্ৰুসকলে আমাক ভুলাবলৈ চেষ্টা কৰে। তেওঁলোকে ইণ্টাৰনেট আৰু চʼচিয়েল মিডিয়াৰ যোগেদি মিছা কথা বিয়পাই আৰু আমাৰ মাজত থকা একতা ভাঙিবলৈ চেষ্টা কৰে। সেইবাবে, “অস্থিৰ” হৈ ভবা-চিন্তাৰ শক্তি নেহেৰুৱাব। ইয়াৰ পৰিৱৰ্তে আপুনি যি পঢ়ে আৰু শুনে, সেয়া বাইবেলৰ অনুসৰি সঠিক হয় নে নহয়, সেয়া জানিবলৈ চেষ্টা কৰক, তেতিয়া আপুনি কোনো কথাত সহজতে ভুল নাযাব।—২ থিচ. ২:২; ১ যোহ. ৪:১.
সঁচা যেন লগা মিছা কথাৰ ওপৰত ভুল নাযাব (অনুচ্ছেদ ১৫ চাওক)a
১৬. যেতিয়া কিছুমান লোকে সত্যত থিৰে নাথাকে, তেতিয়া আমি কি কৰা উচিত? (ৰোমীয়া ১৬:১৭, ১৮)
১৬ যিহোৱাৰ বিশ্বাসী সেৱকসকলৰ লগত মিলি তেওঁৰ উপাসনা কৰক। আমি একেলগে মিলি যিহোৱাৰ উপাসনা কৰাটো তেওঁ বিচাৰে। যেতিয়ালৈকে আমি সত্যত থিৰে থাকিম, তেতিয়ালৈকে আমাৰ মাজত একতা থাকিব। কিন্তু যিসকল লোকে সত্যত থিৰে নাথাকে আৰু মিছা কথা বিয়পাই ফুৰে, তেওঁলোকে মণ্ডলীত বিবাদৰ সৃষ্টি কৰে। আমি এনে লোকসকলৰ পৰা “পৃথকে” থকাটো যিহোৱাই বিচাৰে। এইদৰে নকৰিলে আমিও সত্যৰ পৰা আঁতৰি যাব পাৰোঁ।—ৰোমীয়া ১৬:১৭, ১৮ পঢ়ক।
১৭. যদি আমি সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰিবলৈ শিকোঁ আৰু সত্যতাক দৃঢ়তাৰে ধৰি ৰাখোঁ, তেনেহʼলে আমাৰ কি লাভ হʼব?
১৭ যদি আমি সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰিবলৈ শিকিম আৰু সত্যতাক দৃঢ়তাৰে ধৰি ৰাখিম, তেনেহʼলে আমি যিহোৱাৰ আৰু কাষ চাপিব পাৰিম আৰু আমাৰ বিশ্বাসো মজবুত হʼব। (ইফি. ৪:১৫, ১৬) ইয়াৰ উপৰিও চয়তানে বিয়পোৱা মিছা শিক্ষা আৰু কথাৰ ওপৰত বিশ্বাস নকৰিম আৰু মহা সংকটৰ সময়ত সুৰক্ষিত হৈ থাকিব পাৰিম। গতিকে সত্যতাক দৃঢ়তাৰে ধৰি ৰাখা, তেতিয়া ‘শান্তিৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব।’—ফিলি. ৪:৮, ৯.
গীত নং ১২২ থিৰে থাকক
a ছবিৰ বিষয়ে: ইয়াত দেখুৱা হৈছে যে বহু বছৰৰ আগতে ছʼভিয়েট সংঘত কি হৈছিল। আমাৰ ভাইসকলে এখন চিঠি পাইছিল, যি দেখাত আমাৰ মূখ্য কাৰ্য্যালয়ৰ পৰা অহা যেন লাগিছিল। কিন্তু আচলতে সেয়া আমাৰ শত্ৰুসকলে পঠিয়াইছিল। আজি আমাৰ শত্ৰুসকলে আমাক ভুলাবলৈ হয়তো ইণ্টাৰনেট আৰু চʼচিয়েল মিডিয়াৰ যোগেদি যিহোৱাৰ সংগঠনৰ বিষয়ে মিছা কথা বিয়পাব পাৰে।