অধ্যয়নৰ লেখ ৩০
গীত নং ৩৬ জীৱনৰ মূল হৈছে হৃদয়
ইস্ৰায়েলৰ ৰজাসকলৰ পৰা শিকক
“তেতিয়া তোমালোকে ঘূৰি, ধাৰ্ম্মিক আৰু দুষ্টৰ, ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা।”—মলা. ৩:১৮.
কি শিকিম?
আমি শিকিম যে যিহোৱাই ইস্ৰায়েলৰ কিছুমান ৰজাক ভাল আৰু কিছুমানক বেয়া বুলি কিয় কৈছিল? ইয়াৰ পৰা আমি জানিব পাৰিম যে আজি যিহোৱাই নিজৰ সেৱকসকলৰ পৰা কি বিচাৰে।
১-২. বাইবেলত ইস্ৰায়লৰ কিছুমান ৰজাৰ বিষয়ে কি কোৱা হৈছে?
বাইবেলত কোৱা হৈছে যে ইস্ৰায়েলত প্ৰায় ৪০ জন ৰজাই শাসন কৰিছিল।a তেওঁলোকৰ মাজৰ কিছুমান ৰজাৰ বিষয়ে স্পষ্টকৈ কোৱা হৈছিল। যেনে, তাত কোৱা হৈছিল যে ভাল ৰজাসকলেও কিছুমান বেয়া কাম কৰিছিল। যদি আমি ৰজা দায়ূদৰ বিষয়ে চাওঁ, তেনেহʼলে তেওঁ এজন ভাল ৰজা আছিল। যিহোৱাই তেওঁৰ বিষয়ে এইদৰে কৈছিল, ‘মোৰ দাস দায়ূদে মোৰ আজ্ঞা পালন কৰিছিল, আৰু মোৰ দৃষ্টিত যি ন্যায়, অকল তাকেই কৰিবলৈ নিজৰ সকলো মনে সৈতে মোৰ পাছত চলিছিল।’ (১ ৰাজা. ১৪:৮) কিন্তু দায়ূদে কিছুমান বেয়া কামো কৰিছিল। তেওঁ এগৰাকী তিৰোতাৰ লগত অনৈতিক সম্পৰ্ক ৰাখিছিল আৰু ষড়যন্ত্ৰ কৰি তাইৰ স্বামীক হত্যা কৰিছিল।—২ চমূ. ১১:৪, ১৪, ১৫.
২ আনহাতে ইস্ৰায়েলৰ কিছুমান ৰজা যিহোৱাৰ বিশ্বাসী নাছিল। কিন্তু তেওঁলোকে কিছুমান ভাল কাম কৰিছিল। ক্ষন্তেকৰ বাবে ৰজা ৰহবিয়ামৰ বিষয়ে চিন্তা কৰক। যিহোৱাৰ দৃষ্টিত তেওঁ ‘কু-আচৰণ কৰিছিল।’ (২ বং. ১২:১৪) কিন্তু তেওঁ যিহোৱাৰ আজ্ঞাও পালন কৰিছিল। যিহোৱাই কোৱাৰ বাবে তেওঁ দহটা ফৈদৰ ৰাজ্যৰ লগত যুদ্ধ নকৰিলে আৰু তেওঁলোকক নিজৰ বাবে ৰজা বাছনি কৰিবলৈ দিলে। ইয়াৰ উপৰিও তেওঁ বেলেগ বেলেগ চহৰত দেৱাল বনাইছিল আৰু সেইবোৰক মজবুত কৰিছিল।—১ ৰাজা. ১২:২১-২৪; ২ বং. ১১:৫-১২.
৩. (ক) ইস্ৰায়েলৰ ৰজাসকলৰ বিষয়ে আমাৰ মনলৈ কি প্ৰশ্ন আহে? (খ) এই লেখত আমি কি শিকিম?
৩ আমি শিকিলোঁ যে ইস্ৰায়েলৰ ৰজাসকলে ভাল কামো কৰিছিল আৰু বেয়া। গতিকে আমাৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে, যিহোৱাই কিয় কিছুমান ৰজাক বিশ্বাসী বা ভাল বুলি কৈছিল আৰু কিছুমানক কিয় কোৱা নাছিল? এই প্ৰশ্নৰ উত্তৰ জানিলে আমি বুজি পাম যে যিহোৱাক আনন্দিত কৰিবলৈ আমি কেনেধৰণৰ ব্যক্তি হোৱা উচিত। আমি এনে তিনিটা কথাৰ ওপৰত ধ্যান দিম, যাৰ বাবে যিহোৱাই হয়তো এজন ৰজাক ভাল বা বেয়া বুলি কৈছিল: (১) তেওঁ যিহোৱাক সম্পূৰ্ণ হৃদয়েৰে প্ৰেম কৰিছিল নে নাই, (২) তেওঁ নিজৰ ভুলৰ বাবে অনুতাপ কৰিছিল নে নাই আৰু (৩) তেওঁ সত্য উপাসনাক সহযোগ কৰিবলৈ চেষ্টা কৰিছিল নে নাই।
তেওঁলোকৰ মন যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে লাগি থাকিল
৪. যিসকল ৰজা বিশ্বাসী হৈ আছিল আৰু যিসকল বিশ্বাসী হৈ নাথাকিল, তেওঁলোকৰ বিষয়ে বাইবেলত কি লিখা আছে?
৪ যিহোৱা সেই ৰজাসকলৰ পৰা আনন্দিত আছিল, যিসকলে সম্পূৰ্ণ মনেৰেb তেওঁৰ সেৱা কৰিছিল। যেনে, ৰজা যিহোচাফট এজন ভাল ৰজা আছিল, তেওঁ “সকলো মনে সৈতে যিহোৱাক বিচাৰিছিল।” (২ বং. ২২:৯) যোচিয়াৰ বিষয়ে বাইবেলত এইদৰে লিখা আছে, ‘সকলো মনেৰে যিহোৱালৈ ঘূৰা তেওঁৰ নিচিনা কোনো ৰজা তেওঁৰ আগেয়ে নাছিল, আৰু তেওঁৰ পাছতো নহল।’ (২ ৰাজা. ২৩:২৫) বৃদ্ধ বয়সত বেয়া কাম কৰা ৰজা চলোমনৰ বিষয়ে কি কʼব পাৰি? বাইবেলত লিখা আছে, “তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত সিদ্ধ নাছিল।” (১ ৰাজা. ১১:৪) ৰজা অবিয়ামো যিহোৱাৰ বিশ্বাসী হৈ নাথাকিল। তেওঁৰ বিষয়ে বাইবেলত লিখা আছে, “তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত তেনে [দায়ূদৰ দৰে] সিদ্ধ নাছিল।”—১ ৰাজা. ১৫:৩.
৫. এজন ব্যক্তিৰ মন সম্পূৰ্ণৰূপে যিহোৱাৰ ওপৰত লাগি থকাৰ অৰ্থ কি?
৫ যেতিয়া এজন ব্যক্তিৰ মন যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে লাগি থাকে, তেতিয়া তেওঁ কেৱল দায়িত্ব বুলি ভাবি তেওঁৰ সেৱা নকৰে, ইয়াৰ পৰিৱৰ্তে মনে-প্ৰাণে এইদৰে কৰে। এই প্ৰেম আৰু উৎসাহেৰে তেওঁ গোটেই জীৱন যিহোৱাৰ সেৱা কৰে।
৬. আমাৰ মন যাতে সম্পূৰ্ণৰূপে যিহোৱাৰ ওপৰত লাগি থাকে, তাৰ বাবে আমি কি কৰিব লাগিব? (হিতোপদেশ ৪:২৩; মথি ৫:২৯, ৩০)
৬ আমি সেই ৰজাসকলৰ দৰে কেনেকৈ হʼব পাৰোঁ, যিসকলৰ মন সম্পূৰ্ণৰূপে যিহোৱাৰ ওপৰতে লাগি আছিল। আমি সেই কথাবোৰৰ পৰা আঁতৰি থাকিব লাগিব, যাৰ বাবে যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেম কমি যাব পাৰে। আমি টিভি বা ইণ্টাৰনেটত কি চাওঁ, কেনেধৰণৰ লোকসকলৰ লগত বন্ধুত্ব কৰোঁ আৰু দিনে-ৰাতিয়ে টকা-পইচাৰ বিষয়ে চিন্তা কৰি থাকোঁ নে? আমি এই কথাবোৰলৈ ধ্যান দিয়া উচিত। যদি আমাৰ অনুভৱ হয় যে এইবোৰৰ বাবে বা আন কিবা কাৰণৰ বাবে যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেম কমিবলৈ ধৰিছে, তেনেহʼলে আমি লগে লগে পদক্ষেপ লোৱা উচিত আৰু সেইবোৰৰ পৰা আঁতৰি থকা উচিত।—হিতোপদেশ ৪:২৩; মথি ৫:২৯, ৩০ পঢ়ক।
৭. বেয়া কথাবোৰৰ পৰা কিয় আঁতৰি থকা উচিত?
৭ আমাৰ মন যাতে যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে লাগি থাকে, তাৰ বাবে আমি ধ্যান দিয়া উচিত। যদি আমি ধ্যান নিদিওঁ, তেনেহʼলে আমি ভাবিব পাৰোঁ যে আমি ঈশ্বৰৰ সেৱাৰ লগত জড়িত কামবোৰ কৰি আছোঁ। সেইবাবে, বেয়া কথাই আমাৰ ওপৰত একো প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু এইদৰে ভবাটো উচিত নহয়। ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক, চিন্তা কৰক আপুনি নিজৰ ঘৰখন চাফ-চিকুণ কৰিবলৈ বহুত পৰিশ্ৰম কৰিলে, কিন্তু আপুনি যদি ঘৰৰ খিৰিকী খুলি ৰাখে, তেনেহʼলে কি হʼব? যেতিয়া বতাহ বলিব, তেতিয়া হয়তো ধূলি-বালি আকৌ ঘৰত সোমাই যাব। ঈশ্বৰৰ লগত থকা আমাৰ সম্পৰ্কৰ লগতো এইদৰেই হʼব পাৰে। তেওঁৰ লগত থকা সম্পৰ্কক ভাল কৰি ৰাখিবলৈ আমি পৰিশ্ৰম কৰাৰ লগতে নিজৰ মনৰ খিৰিকী বন্ধ কৰা উচিত। এইদৰে কৰিলে চয়তানৰ জগতৰ ধূলি আমাৰ মনত সোমাই নপৰে। যদি আমি এইদৰে নকৰোঁ, তেনেহʼলে আমি নিজৰ মন যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে লগাব নোৱাৰিম আৰু তেওঁৰ প্ৰতি আমাৰ যি প্ৰেম আছে, সেয়া লাহে লাহে কমি যাব পাৰে।—ইফি. ২:২.
তেওঁলোকে অন্তৰৰ পৰা অনুতাপ কৰিলে
৮-৯. ৰজা দায়ূদ আৰু হিষ্কিয়াক শুধৰণি কৰাৰ সময়ত তেওঁলোকে কি কৰিলে? (বেটুপাতত দিয়া ছবিখন চাওক।)
৮ আগতে আমি আলোচনা কৰিছিলোঁ যে ৰজা দায়ূদে গম্ভীৰ পাপ কৰিছিল, কিন্তু যেতিয়া নাথনে তেওঁক তেওঁৰ ভুলৰ বিষয়ে জনালে আৰু শুধৰণি কৰিলে, তেতিয়া তেওঁ নম্ৰ হৈ অনুতাপ কৰিলে। (২ চমূ. ১২:১৩) দায়ূদে যাতে শাস্তি নাপায়, তাৰ বাবে নাথনক দেখুৱাবলৈ অনুতাপ কৰা নাছিল। গীতমালা ৫১-ত যি লিখা আছে, তাৰ পৰা জানিব পাৰি যে দায়ূদে যি কৰিছিল, তাৰ বাবে তেওঁ সঁচাকৈ দুখ কৰিছিল আৰু অন্তৰৰ পৰা অনুতাপ কৰিছিল।—গীত. ৫১:৩, ৪, ১৭, ওপৰৰ লেখ।
৯ ৰজা হিষ্কিয়াইয়ো পাপ কৰিছিল আৰু যিহোৱাৰ মনক দুখ দিছিল। বাইবেলত এইদৰে লিখা আছে, “তেওঁৰ মন গৰ্ব্বী হল; এই হেতুকে তেওঁৰ, যিহূদাৰ আৰু যিৰূচালেমৰ ওপৰত যিহোৱা ক্ৰুদ্ধ হল।” (২ বং. ৩২:২৫) হিষ্কিয়াই কিয় অংহকাৰ কৰিছিল? ইয়াৰ বহুতো কাৰণ হʼব পাৰে। তেওঁ হয়তো নিজৰ ধন-সম্পত্তিৰ বাবে অহংকাৰ কৰিছিল বা অচূৰীয়াসকলক পৰাজয় কৰাৰ বাবে তেওঁ হয়তো অহংকাৰী হৈ পৰিছিল অথবা যিহোৱাই চমৎকাৰ কৰি তেওঁৰ বেমাৰ ভাল কৰিছিল, সেইবাবে তেওঁ হয়তো অহংকাৰ কৰিছিল। কাৰণ যিয়েই নহওক কিয়, তেওঁ হয়তো অহংকাৰৰ বাবে নিজৰ সকলো ধন-সম্পত্তি বাবিলৰ লোকসকলক দেখুৱাইছিল। সেইবাবে, যিহোৱাই নিজৰ ভৱিষ্যবক্তা যিচয়াৰ যোগেদি তেওঁৰ চিন্তাধাৰা শুধৰণি কৰিলে। (২ ৰাজা. ২০:১২-১৮) হিষ্কিয়াই দায়ূদৰ দৰে নম্ৰ হৈ সেই পৰামৰ্শ গ্ৰহণ কৰিলে আৰু অনুতাপ কৰিলে। (২ বং. ৩২:২৬) হিষ্কিয়া যিহোৱাৰ দৃষ্টিত কেনে ব্যক্তি আছিল? বাইবেলত কোৱা হৈছে যে তেওঁ এজন বিশ্বাসী ৰজা আছিল, যিয়ে “যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিলে।”—২ ৰাজা. ১৮:৩.
ৰজা দায়ূদ আৰু ৰজা হিষ্কিয়াক যেতিয়া শুধৰণি কৰা হʼল, তেতিয়া তেওঁলোকে নম্ৰ হৈ নিজৰ ভুল স্বীকাৰ কৰিলে আৰু অনুতাপ কৰিলে (অনুচ্ছেদ ৮-৯ চাওক)
১০. অমচিয়াক তেওঁৰ ভুলৰ বিষয়ে কোৱাৰ সময়ত তেওঁ কি কৰিলে?
১০ যিহূদাৰ ৰজা অমচিয়া, দায়ূদ আৰু হিষ্কিয়াৰ পৰা একেবাৰে বেলেগ আছিল। তেওঁ যিহোৱাৰ দৃষ্টিত ভাল কাম কৰিছিল, “কিন্তু সিদ্ধ মনেৰে নকৰিলে।” (২ বং. ২৫:২) তেওঁ কি ভুল কৰিছিল? যিহোৱাই তেওঁক ইদোমীয়াসকলৰ ওপৰত জয় লাভ কৰাইছিল। কিন্তু পাছত তেওঁ তেওঁলোকৰ দেৱতাবিলাকৰ সেৱা কৰিবলৈ ধৰিলে।c যেতিয়া যিহোৱাৰ ভৱিষ্যবক্তাই তেওঁক শুধৰণি কৰিবলৈ আহিলে, তেতিয়া অমচিয়াই সেই ভৱিষ্যবক্তাৰ ওপৰত খং কৰিলে আৰু তেওঁৰ কথা নুশুনিলে।—২ বং. ২৫:১৪-১৬.
১১. দ্বিতীয় কৰিন্থীয়া ৭:৯, ১১ পদৰ অনুসৰি যিহোৱাৰ পৰা ক্ষমা পাবলৈ আমি কি কৰা উচিত? (ছবিখনো চাওক।)
১১ ইস্ৰায়েলৰ ৰজাসকলৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া আমি কিবা ভুল কৰোঁ, তেতিয়া আমি অন্তৰৰ পৰা অনুতাপ কৰা উচিত আৰু সেই ভুল পুনৰ নকৰিবলৈ চেষ্টা কৰা উচিত। যদি প্ৰাচীনসকলে আমাক এনে এটা বিষয়ত পৰামৰ্শ দিয়ে, যি আমাক সৰু যেন লাগিছে, সেই সময়ত আমি কি কৰিম? সেই সময়ত আমি এইদৰে নাভাবিম যে প্ৰাচীনসকলে আমাক ভাল নাপায় বা যিহোৱাই আমাক প্ৰেম নকৰে। মনত ৰাখক, ভাল ৰজাসকলকো পৰামৰ্শ দিয়া হৈছিল আৰু তেওঁলোকৰ চিন্তাধাৰাক শুধৰণি কৰা হৈছিল। (ইব্ৰী ১২:৬) সেইবাবে, যেতিয়া আমাক শুধৰণি কৰা হয়, তেতিয়া (১) আমি নম্ৰ হৈ নিজৰ ভুল স্বীকাৰ কৰা উচিত, (২) আমাক যি সাল-সলনি কৰাৰ প্ৰয়োজন আছে, সেয়া কৰা উচিত আৰু (৩) সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰি থকা উচিত। যদি আমি অন্তৰৰ পৰা অনুতাপ কৰোঁ, তেনেহʼলে যিহোৱাই আমাক নিশ্চয় ক্ষমা কৰিব।—২ কৰিন্থীয়া ৭:৯, ১১ পঢ়ক।
যেতিয়া আমাক শুধৰণি কৰা হয়, তেতিয়া (১) আমি নম্ৰ হৈ নিজৰ ভুল স্বীকাৰ কৰা উচিত, (২) আমাক যি সাল-সলনি কৰাৰ প্ৰয়োজন আছে, সেয়া কৰা উচিত আৰু (৩) সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰি থকা উচিত (অনুচ্ছেদ ১১ চাওক)f
তেওঁলোকে সত্য উপাসনাক সহযোগ কৰিলে
১২. যিহোৱাই কিছুমান ৰজাক বিশ্বাসী বুলি কিয় হৈছিল?
১২ যিসকল ৰজাই সত্য উপাসনাক সহযোগ কৰিছিল, যিহোৱাই তেওঁলোকক বিশ্বাসী বুলি কৈছিল। এই ৰজাসকলে নিজে যিহোৱাৰ উপাসনা কৰাৰ লগতে প্ৰজাসকলকো এইদৰে কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁলোকৰ পৰা কিছুমান ভুল হৈছিল, কিন্তু তেওঁলোকে কেৱল যিহোৱাৰ উপাসনা কৰিছিল আৰু ইস্ৰায়েলৰ পৰা মূৰ্তিপূজা শেষ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিছিল।d
১৩. যিহোৱাই ৰজা আহাবক বিশ্বাসী বুলি কিয় কোৱা নাছিল?
১৩ কিন্তু কিছুমান ৰজাক যিহোৱাই কিয় বিশ্বাসী বুলি কোৱা নাছিল? তেওঁলোকে যে সদায় বেয়া কাম কৰিছিল এনে নহয়। উদাহৰণস্বৰূপে, দুষ্ট ৰজা আহাবৰ বিষয়ে চিন্তা কৰক, তেওঁ অলপ নম্ৰ আছিল। যেনে, যেতিয়া তেওঁ গʼম পালে যে তেওঁৰ বাবে নবোতক হত্যা কৰা হʼল, তেতিয়া তেওঁ বহুত দুখ কৰিছিল। (১ ৰাজা. ২১:২৭-২৯) তেওঁ আৰু কিছুমান ভাল কাম কৰিছিল, তেওঁ বহুতো চহৰ নিৰ্মাণ কৰাইছিল আৰু বহুতো যুদ্ধত ইস্ৰায়েলীসকলক জয়ী কৰাইছিল। (১ ৰাজা. ২০:২১, ২৯; ২২:৩৯) কিন্তু নিজৰ পত্নীৰ কথা শুনি আহাবে মিছা উপাসনা কৰিবলৈ ধৰিলে আৰু লোকসকলো এইদৰে কৰিবলৈ উৎসাহিত কৰিলে। নিজৰ এই ভুলৰ বাবে তেওঁ কেতিয়াও অনুতাপ নকৰিলে।—১ ৰাজা. ২১:২৫, ২৬.
১৪. (ক) যিহোৱাৰ দৃষ্টিত ৰজা ৰহবিয়াম কিয় বিশ্বাসী নাছিল? (খ) যিসকল ৰজাই যিহোৱাৰ বিশ্বাসী হৈ নাথাকিল, তেওঁলোকৰ মাজৰ বেছিভাগে কি কৰিলে?
১৪ আহক আৰু এজন ৰজালৈ মন কৰোঁ, যি যিহোৱাৰ বিশ্বাসী হৈ থকা নাছিল। তেওঁৰ নাম হৈছে ৰহবিয়াম। তেওঁ বহুতো ভাল কাম কৰিছিল, কিন্তু যেতিয়া তেওঁৰ ৰাজত্ব মজবুত হʼল, তেতিয়া তেওঁ যিহোৱাৰ নিয়ম মানিবলৈ এৰি দিলে। (২ বং. ১২:১) ইয়াৰ পাছত তেওঁ কেতিয়াবা যিহোৱাৰ উপাসনা কৰিছিল আৰু কেতিয়াবা মিছা দেৱী-দেৱতাবিলাকক। (১ ৰাজা. ১৪:২১-২৪) ৰহবিয়াম আৰু আহাবৰ উপৰিও আৰু বহুতো ৰজা আছিল, যিসকলে সত্য উপাসনাৰ পৰা আঁতৰি গৈছিল। আচলতে যিসকল ৰজাই যিহোৱাৰ বিশ্বাসী হৈ নাথাকিল, তেওঁলোকৰ মাজৰ বেছিভাগেই মিছা উপাসনাক সহযোগ কৰিছিল আৰু আনকো এইদৰে কৰিবলৈ উৎসাহিত কৰিছিল। গতিকে, কোনো এজন ৰজা বিশ্বাসী হয় নে নহয়, সেয়া যিহোৱাই কেনেকৈ নিৰ্ণয় লৈছিল? সেই ৰজাই সত্য উপাসনাক সহযোগ কৰে নে নকৰে, তাৰ ওপৰত যিহোৱাই বিশেষ ধ্যান দিছিল।
১৫. এজন ব্যক্তিয়ে সত্য উপাসনাক সহযোগ কৰাটো যিহোৱাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
১৫ সকলোৱে কেৱল যিহোৱাৰ উপাসনা কৰা উচিত, এই কথা যিহোৱাৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ? ৰজাসকলৰ বিষয়ে কʼবলৈ গʼলে লোকসকলক সত্য উপাসনা কৰিবলৈ উৎসাহিত কৰাটো তেওঁলোকৰ দায়িত্ব আছিল। কিন্তু ৰজাসকলে যদি এইদৰে নকৰে, তেনেহʼলে লোকসকলে মিছা উপাসনা কৰিবলৈ ধৰিলেহেঁতেন। ইয়াৰ আৰু বেয়া পৰিণাম হʼলহেঁতেন। যেনে, লোকসকলে ডাঙৰ ডাঙৰ পাপ কৰিলেহেঁতেন আৰু এজনে-আনজনৰ লগত বেয়া ব্যৱহাৰ কৰিলেহেঁতেন। (হোচে. ৪:১, ২) মন কৰক, ৰজা আৰু প্ৰজাসকল যিহোৱাৰ সমৰ্পিত লোক আছিল। যদি তেওঁলোকে যিহোৱাক এৰি মিছা দেৱী-দেৱতাক উপাসনা কৰিবলৈ ধৰে, তেনেহʼলে তেওঁলোকে যিহোৱাৰ লগত বিশ্বাসঘাত কৰাৰ দৰে হʼলহেঁতেন। (যিৰি. ৩:৮, ৯) যেতিয়া এজন পতি বা পত্নীয়ে নিজৰ সংগীৰ লগত বিশ্বাসঘাত কৰে, তেতিয়া তেওঁৰ সংগীজনক বহুত দুখ লাগে। ঠিক সেইদৰে, যেতিয়া যিহোৱাৰ সমৰ্পিত সেৱক এজনে তেওঁক এৰি আন দেৱী-দেৱতাবিলাকৰ উপাসনা কৰিবলৈ ধৰে, তেতিয়া যিহোৱাকো বহুত দুখ লাগে।e—দ্বিতী. ৪:২৩, ২৪.
১৬. এজন ব্যক্তি ভাল নে দুষ্ট, এয়া যিহোৱাই কিহৰ আধাৰত নিৰ্ণয় লয়?
১৬ ইয়াৰ পৰা আমি শিকিলোঁ যে আমি মিছা উপাসনা নকৰিম বুলি থিৰাং কৰা উচিত। কিন্তু আমি সত্য উপাসনাক সহযোগো কৰা উচিত আৰু উৎসাহেৰে যিহোৱাৰ সেৱাত লাগি থকা উচিত। ভৱিষ্যবক্তা মলাখীয়ে কৈছিল যে যিহোৱাই কেনেকৈ ভাল আৰু বেয়া লোকসকলৰ মাজত পাৰ্থক্য কৰে। তেওঁ কৈছিল, যিসকল লোকে ‘ঈশ্বৰৰ আৰাধনা কৰে,’ তেওঁৰ দৃষ্টিত তেওঁলোক “ধাৰ্ম্মিক” অৰ্থাৎ ভাল ব্যক্তি আৰু যিসকলে ‘তেওঁৰ আৰাধনা নকৰে,’ তেওঁলোক ‘দুষ্ট।’ (মলা. ৩:১৮) যিহোৱাই আমাকো ভাল ব্যক্তি বুলি ভবাটো আমি বিচাৰোঁ। সেইবাবে, নিজৰ ভুল আৰু দুৰ্বলতাৰ বাবে কেতিয়াও ইমান নিৰাশ হোৱা উচিত নহয় যে আমি তেওঁৰ সেৱা কৰিবলৈ এৰি দিওঁ। যদি আমি নিৰাশ হৈ যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিওঁ, তেনেহʼলে এয়া যিহোৱাৰ দৃষ্টিত গভীৰ পাপ কৰাৰ দৰে হʼব।
১৭. আমি কিয় ভাবি-চিন্তি জীৱন সংগী বাছনি কৰা উচিত?
১৭ যদি আপুনি অবিবাহিত আৰু বিয়া পাতিব বিচাৰি, তেনেহʼলে মলাখীয়ে কোৱা কথা মনত ৰাখি আপুনি কেনেকৈ এজন ভাল জীৱন সংগী বাছনি কৰিব পাৰে? হয়তো এজন ব্যক্তিৰ বহুতো ভাল গুণ আছে, কিন্তু তেওঁ যদি যিহোৱাৰ সেৱা নকৰে, তেনেহʼলে তেওঁ যিহোৱাৰ দৃষ্টিত ভাল ব্যক্তি হয় নে? (২ কৰি. ৬:১৪) যদি আপুনি তেওঁক বিয়া পাতে, তেনেহʼলে যিহোৱাৰ লগত সম্পৰ্ক মজবুত কৰিবলৈ তেওঁ আপোনাক সহায় কৰিব পাৰিব নে? ৰজা চলোমনৰ বিষয়ে চিন্তা কৰক: তেওঁ আন দেশৰ তিৰোতাসকলক বিয়া পাতিছিল আৰু তেওঁলোকৰো কিছুমান ভাল গুণ আছিল। কিন্তু তেওঁলোকে যিহোৱাৰ উপাসনা কৰা নাছিল। তেওঁলোকে লাহে লাহে চলোমনৰ মন সলনি কৰিলে আৰু তেওঁ মিছা উপাসনা কৰিবলৈ ধৰিলে।—১ ৰাজা. ১১:১, ৪.
১৮. পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক কি শিকোৱা উচিত?
১৮ পিতৃ-মাতৃসকল, বাইবেলত ইস্ৰায়েলৰ ৰজাসকলৰ বিষয়ে যি লিখা আছে, তাৰ বিষয়ে নিজৰ লʼৰা-ছোৱালীসকলৰ লগত আলোচনা কৰক। তেওঁলোকক এয়া বুজিবলৈ সহায় কৰক যে যিসকল ৰজাই সত্য উপাসনাক সহযোগ কৰিছিল যিহোৱাই তেওঁলোকক ভাল পাইছিল আৰু যিসকলে সহযোগ কৰা নাছিল, তেওঁলোক ঈশ্বৰৰ দৃষ্টিত বেয়া আছিল। নিজৰ কথা আৰু কামেৰে দেখুৱাওক যে আপোনাৰ জীৱনত যিহোৱাৰ কাম আটাইতকৈ গুৰুত্বপূৰ্ণ। সেইবাবে, নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰক, সভা আৰু প্ৰচাৰলৈ যাওক। তেতিয়া আপোনাৰ লʼৰা-ছোৱালীয়েও এইদৰে কৰিবলৈ শিকিব। (মথি ৬:৩৩) কিন্তু আপুনি যদি এইদৰে নকৰে, তেনেহʼলে আপোনাৰ লʼৰা-ছোৱালীয়ে আপুনি যিহোৱাৰ সেৱা কৰাৰ বাবেহে হয়তো তেওঁৰ সেৱা কৰিব। আনকি আগলৈ গৈ তেওঁলোকে হয়তো যিহোৱাৰ সেৱাক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ এৰি দিব বা যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিব।
১৯. যদি এজন ব্যক্তিয়ে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিছে, তেনেহʼলে তেওঁ পুনৰ যিহোৱাৰ বন্ধু হʼব পাৰিব নে? (“যিহোৱাই আগ্ৰহেৰে আপোনাৰ বাট চাই আছে!” নামৰ বক্সখনো চাওক।)
১৯ যিসকল লোকে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিছে, তেওঁলোকে আকৌ যিহোৱাৰ বন্ধু হʼব পাৰে। ইয়াৰ বাবে তেওঁলোকে কি কৰিব লাগিব? তেওঁলোকে অন্তৰৰ পৰা অনুতাপ কৰিব লাগিব আৰু আকৌ যিহোৱাৰ উপাসনা কৰিব লাগিব। কিন্তু এইদৰে কৰিবলৈ তেওঁলোকে নম্ৰ হʼব লাগিব আৰু প্ৰাচীনসকলৰ পৰা সহায় লʼব লাগিব। (যাকো. ৫:১৪) এইদৰে কৰিবলৈ তেওঁলোকৰ বাবে সহজ নহʼবও পাৰে। কিন্তু এইদৰে কৰিলে তেওঁলোকে যিহোৱাৰ বন্ধু হʼব পাৰিব। সঁচাকৈ, এয়া বহুত আনন্দৰ কথা! নহয় নে বাৰু?
২০. যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে তেওঁ আমাৰ বিষয়ে কি কʼব?
২০ এই লেখত আমি শিকিলোঁ যে ইস্ৰায়েলৰ ভাল ৰজাসকলৰ দৰে আমিও সম্পূৰ্ণ মনেৰে যিহোৱাৰ উপাসনা কৰা উচিত। যদি আমাৰ পৰা কিবা ভুল হয়, তেনেহʼলে আমি অনুতাপ কৰা উচিত আৰু নিজকে শুধৰণি কৰা উচিত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে আমি কেৱল যিহোৱাৰ উপাসনা কৰা উচিত। যদি আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকে, তেনেহʼলে তেওঁ আপোনাৰ বিষয়েও কʼব যে তেওঁৰ দৃষ্টিত যি সঠিক, আপুনি সেয়াই কৰে।
গীত নং ৪৫ মোৰ মনৰ ভাৱধাৰা
a এই লেখত ‘ইস্ৰায়েলৰ ৰজাসকলৰ’ বিষয়ে আলোচনা কৰা হʼব। ইয়াত ইস্ৰায়েলৰ সকলো ৰজা জড়িত হৈ আছে, যদিও তেওঁলোকে যিহূদাৰ দুটা ফৈদৰ ওপৰত ৰাজত্ব কৰিছিল বা ইস্ৰায়েলৰ দহটা ফৈদ অথবা সকলো ফৈদৰ ওপৰত ৰাজত্ব কৰিছিল।
b ইয়াৰ অৰ্থ কি? বাইবেলত যেতিয়া ‘মন’ শব্দটো আহে, তেতিয়া তাৰ অৰ্থ হৈছে এজন ব্যক্তি অন্তৰৰ পৰা কেনেকুৱা। ইয়াত তেওঁৰ ভাৱনা, চিন্তা, দৃষ্টিভংগী, দক্ষতা, লক্ষ্য আৰু তেওঁৰ উদ্দেশ্যে, এই সকলো জড়িত হৈ আছে।
c এনে লাগিছে যেন যিসকল ৰজা ইস্ৰায়েলী নাছিল, যেতিয়া তেওঁলোকে আন দেশৰ ওপৰত জয় লাভ কৰিছিল, তেতিয়া প্ৰায় তেওঁলোকে তাৰ দেৱী-দেৱতাবোৰক উপাসনা কৰিছিল।
d ৰজা আচাই বহুতো গম্ভীৰ পাপ কৰিছিল। (২ বং. ১৬:৭, ১০) কিন্তু বাইবেলত লিখা আছে যে তেওঁ যিহোৱাৰ দৃষ্টিত যি সঠিক, সেয়াই কৰিছিল। যেতিয়া যিহোৱাৰ ভৱিষ্যবক্তাই তেওঁক শুধৰণি কৰিলে, তেতিয়া প্ৰথমে তেওঁ ভৱিষ্যবক্তাৰ কথা শুনা নাছিল। কিন্তু পাছত হয়তো তেওঁ অনুতাপ কৰিলে। যিহোৱাই তেওঁৰ বেয়া কামতকৈ বেছি ভাল কামবোৰলৈ ধ্যান দিলে আৰু মন কৰিবলগীয়া কথা যে তেওঁ যিহোৱাৰ বাহিৰে আন কাৰো উপাসনা কৰা নাছিল আৰু নিজৰ ৰাজ্যৰ পৰা মূৰ্তিপূজা আঁতৰাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিছিল।—১ ৰাজা. ১৫:১১-১৩; ২ বং. ১৪:২-৫.
e মন কৰিবলগীয়া কথা যে মোচিৰ নিয়মত প্ৰথম দুটা আজ্ঞা যিহোৱাক উপাসনা কৰাৰ বিষয়ে আছিল, কোনো ব্যক্তি বা বস্তুক নহয়।—যাত্ৰা. ২০:১-৬.
f ছবিৰ বিষয়ে: এজন ডেকা প্ৰাচীনে আন এজন ভায়েক মদৰ বিষয়ে পৰামৰ্শ দি আছে। সেই ভাইজন নম্ৰ হৈ তেওঁৰ পৰামৰ্শ পালন কৰিলে, প্ৰয়োজনীয় সাল-সলনি কৰিলে আৰু বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি থাকিল।