ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w26 জানুৱাৰী পৃষ্ঠা ২-৭
  • ‘ঈশ্বৰৰ পৰা নিৰ্দেশনা’ লৈ থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘ঈশ্বৰৰ পৰা নিৰ্দেশনা’ লৈ থাকক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৬
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ফৈনীকিয়াত থকা তিৰোতাৰ পৰা শিকক
  • পিতৰৰ দৰে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰক
  • পৌলৰ দৰে নতুন ব্যক্তিত্ব পিন্ধি লওক
  • দায়ূদৰ দৰে যিহোৱাৰ সুৰক্ষাত থাকক
  • ঈশ্বৰৰ পৰা নিৰ্দেশনা লৈ থাকক
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যিহোৱা আৰু যীচুৰ দৰে চিন্তাধাৰা ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম চাৰ্কিট ওভাৰচিয়াৰৰ লগত
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৬
w26 জানুৱাৰী পৃষ্ঠা ২-৭

মাৰ্চ ২-৮, ২০২৬

গীত নং ৯৭ ঈশ্বৰৰ বাক্যৰ ওপৰত জীৱন নিৰ্ভৰ

‘ঈশ্বৰৰ পৰা নিৰ্দেশনা’ লৈ থাকক

২০২৬ চনৰ বাৰ্ষিক পাঠ: “যিসকলে জানে যে তেওঁলোকক ঈশ্বৰৰ নিৰ্দেশনাৰ প্ৰয়োজন আছে তেওঁলোক সুখী।”—মথি ৫:৩.

কি শিকিম?

যিহোৱাৰ ব্যৱস্থাবোৰৰ পৰা আমি কেনেকৈ অধ্যয়ন কৰি থাকিব পাৰোঁ, নতুন ব্যক্তিত্ব পিন্ধিব পাৰোঁ আৰু তেওঁৰ সুৰক্ষাত থাকিব পাৰোঁ?

১. আমাক জীৱনত কি কি বস্তুৰ প্ৰয়োজন? (মথি ৫:৩)

জীয়াই থাকিবলৈ আমাক তিনিটা বস্তুৰ প্ৰয়োজন: আহাৰ, কাপোৰ আৰু সুৰক্ষিত ঠাই। কাৰণ যিহোৱাই আমাক এইদৰেই সৃষ্টি কৰিছে। এই তিনিটাৰ ভিতৰত এটা বস্তুও যদি অলপ সময়ৰ কাৰণে নাথাকে, তেনেহʼলে জীয়াই থকাটো কঠিন হৈ পৰিব। লগতে যিহোৱাই আমাক তেওঁক জনা আৰু তেওঁৰ নিৰ্দেশনা লোৱাৰ ইচ্ছাৰে সৃষ্টি কৰিছে। (মথি ৫:৩ পঢ়ক।) যদি আমি আনন্দিত থাকিব বিচাৰোঁ, তেনেহʼলে আমাক ঈশ্বৰৰ নিৰ্দেশনাৰ প্ৰয়োজন আছে বুলি বুজিব লাগিব আৰু তেওঁৰ নিৰ্দেশনা লৈ থাকিব লাগিব।

২. আমাৰ পৰিস্থিতি কেনেকৈ সেই ভিক্ষাৰীজনৰ দৰে হয়?

২ যি গ্ৰীক শব্দৰ অনুবাদ ‘নিৰ্দেশনাৰ প্ৰয়োজন আছে’ বুলি কৰা হৈছে, তাৰ পৰা এনে এজন ভিক্ষাৰীৰ কথা মনলৈ আহে, যিজনক সহায়ৰ প্ৰয়োজন আছে। কল্পনা কৰক, এজন ভিক্ষাৰীয়ে ৰাস্তাৰ কাষত বহি আছে, তেওঁৰ ওচৰত খাবলৈ একো নাই আৰু তেওঁ ফটা-ছিটা কাপোৰ পিন্ধি আছে। অহা-যোৱা কৰা লোকসকলে তেওঁক কোনো ধ্যানেই দিয়া নাই। তেওঁ দিনৰ চোকা ৰʼদত আৰু ৰাতি ঠাণ্ডাত পাৰ কৰিবলগীয়া হয়। তেওঁ বহুত ভাগৰি পৰিছে আৰু অলপো আনন্দত নাই। তেওঁ জানে যে যদি তেওঁ নিজৰ পৰিস্থিতি সলনি কৰিব বিচাৰে, তেনেহʼলে তেওঁ আনৰ সহায় লʼব লাগিব। ঠিক সেইদৰে, যিসকলে জানে যে তেওঁলোকক ঈশ্বৰৰ নিৰ্দেশনাৰ প্ৰয়োজন আছে, তেওঁলোকে ঈশ্বৰৰ পৰা সহায় লʼবলৈ মনে-প্ৰাণে চেষ্টা কৰিব লাগিব আৰু তেওঁৰ কথা শুনিব লাগিব।

৩. এই লেখত আমি কি শিকিম?

৩ এই লেখত প্ৰথমে আমি ফৈনীকিয়াত থকা তিৰোতাৰ বিষয়ে চাম, যিগৰাকীয়ে যীচুৰ পৰা সহায় বিচাৰিছিল। আমি বিশেষকৈ তেওঁৰ তিনিটা গুণৰ বিষয়ে চাম, যিবোৰ গুণ ঈশ্বৰৰ পৰা নিৰ্দেশনা পাবলৈ আমাৰো থকা উচিত। তাৰ পাছত আমি পাঁচনি পিতৰ, পাঁচনি পৌল আৰু ৰজা দায়ূদৰ বিষয়ে চাম, যিসকলে নিজৰ জীৱনত ঈশ্বৰৰ পৰা নিৰ্দেশনা বিচাৰিছিল।

ফৈনীকিয়াত থকা তিৰোতাৰ পৰা শিকক

৪. ফৈনীকিয়াত থকা তিৰোতাগৰাকীয়ে যীচুৰ ওচৰলৈ কিয় আহিল?

৪ এবাৰ ফৈনীকিয়াত থকা তিৰোতাগৰাকীয়ে যীচুৰ ওচৰলৈ আহিল। তেওঁৰ ছোৱালীজনীক ‘দুষ্ট স্বৰ্গদূতে পোৱাৰ বাবে তাই বহুত কষ্ট পাইছিল।’ (মথি ১৫:২১-২৮) সেইবাবে, তেওঁ আঁঠুকাঢ়ি যীচুৰ পৰা সহায় বিচাৰিলে। সেই তিৰোতাগৰাকীৰ ভাল ভাল গুণ আছিল, যাৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। আহক আমি তেওঁৰ তিনিটা গুণৰ বিষয়ে চাওঁ।

৫. ফৈনীকিয়াত থকা তিৰোতাগৰাকীৰ কি কি ভাল গুণ আছিল আৰু যীচুৱে তেওঁৰ কাৰণে কি কৰিলে? (ছবিখনো চাওক।)

৫ ফৈনীকিয়াত থকা তিৰোতাগৰাকীয়ে যেতিয়া যীচুক সহায় বিচাৰিলে, তেতিয়া যীচুৱে তেওঁক কʼলে, “লʼৰা-ছোৱালীৰ খোৱা বস্তুবোৰ লৈ কুকুৰৰ পোৱালিৰ আগত পেলাই দিয়াটো উচিত নহয়।” যীচুৰ এই কথা শুনি আনে হয়তো বেয়া পালেহেঁতেন। তেওঁক হয়তো লাগিলেহেঁতেন যে যীচুৱে তেওঁৰ তুলনা কুকুৰৰ পোৱালিৰ লগত কৰি তেওঁৰ অপমান কৰিছে। কিন্তু সেই তিৰোতাগৰাকীয়ে যীচুৰ কথা শুনি বেয়া নাপালে। ইয়াৰ পৰা জানিব পাৰি যে তেওঁ বহুত নম্ৰ আছিল। মন কৰক, যীচুৰ এই কথা শুনি সেই তিৰোতাগৰাকীয়ে তাৰ পৰা গুচি নগʼল, ইয়াৰ পৰিৱৰ্তে তেওঁ সহায় বিচাৰি থাকিল। তেওঁ সহজে হাৰ মনা নাছিল। কিয়নো তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যীচুৱে তেওঁৰ ছোৱালীজনীক ঠিক কৰিব পাৰে। তেওঁৰ এই বিশ্বাস দেখি যীচুৰ মন চুই গʼল। সেইবাবে, তেওঁ নিজৰ নিৰ্ণয় সলনি কৰিলে। যদিও যীচুৱে অলপ আগতে কৈছিল যে “মোক ইস্ৰায়েল জাতিৰ হেৰুৱা ভেড়াবোৰৰ” কাৰণে পঠোৱা হৈছে, তথাপিও তেওঁ সেই ফৈনীকিয়াত থকা তিৰোতাৰ ছোৱালীজনীক ঠিক কৰিলে।

ফৈনীকিয়াত থকা তিৰোতাগৰাকীয়ে আঁঠুকাঢ়ি যীচুৰ পৰা সহায় বিচাৰি আছে। যীচু আৰু তেওঁৰ তিনিজন শিষ্যই খোৱা-বোৱা কৰা মেজত বহি আছে আৰু তিৰোতাগৰাকীৰ কথা শুনি আছে।

ফৈনীকিয়াত থকা তিৰোতাগৰাকী নম্ৰ আছিল, তেওঁ হাৰ নামানিলে আৰু বিশ্বাস কৰিলে। সেইবাবে, তেওঁ যীচুৰ পৰা সহায় বিচাৰিব পাৰিলে (অনুচ্ছেদ ৫ চাওক)


৬. ফৈনীকিয়াত থকা তিৰোতাগৰাকীৰ ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ?

৬ যিহোৱাৰ পৰা নিৰ্দেশনা পাবলৈ ফৈনীকিয়াত থকা তিৰোতাৰ দৰে আমাৰো তিনিটা গুণ থকা উচিত। সেয়া হৈছে আমি নম্ৰ হোৱা উচিত, হাৰ মনা উচিত নহয় আৰু নিজৰ বিশ্বাস বঢ়াই থকা উচিত। যদি আমি নম্ৰ হওঁ, তেনেহʼলে আমি হাৰ নামানিম আৰু ঈশ্বৰৰ পৰা সহায় বিচাৰি থাকিম। ইয়াৰ উপৰিও, আমি যীচুৰ ওপৰত ভৰসা ৰাখিম আৰু সেই ভাইসকলৰ ওপৰতো ভৰসা ৰাখিম, যিসকলৰ যোগেদি যীচুৱে আজি আমাক পথ দেখুৱাই আছে। (মথি ২৪:৪৫-৪৭) যদি আমি ঈশ্বৰৰ পৰা নিৰ্দেশনা পাবলৈ তেওঁলৈ মিনতি কৰি থাকোঁ, তেনেহʼলে তেওঁ নিশ্চয় আমাক সহায় কৰিব আৰু এইদৰে কৰি যিহোৱা আৰু যীচু আনন্দিত হʼব। (যাকোব ১:৫-৭ পদৰ লগত তুলনা কৰক।) এতিয়া আহক আমি চাওঁ যে যিহোৱাই আমাক কেনেকৈ নিৰ্দেশনা দিয়ে আৰু আনন্দত থাকিবলৈ আমাক যি প্ৰয়োজন, সেয়া দিয়ে। লগতে আমি চাম যে আমি পিতৰ, পৌল আৰু দায়ূদৰ পৰা কি শিকিব পাৰোঁ আৰু ইয়ে আমাক যিহোৱাৰ ব্যৱস্থাবোৰৰ পৰা লাভৱান হʼবলৈ সহায় কৰিব।

পিতৰৰ দৰে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰক

৭. পিতৰে কি দায়িত্ব পালে আৰু তেওঁ কি কৰাৰ প্ৰয়োজন আছিল? বুজাওক। (ইব্ৰী ৫:১৪–৬:১)

৭ পাঁচনি পিতৰে চিনি পাইছিল যে যীচুৱেই মচীহ হয় আৰু যিহোৱাই তেওঁৰ যোগেদি লোকসকলক ‘অনন্ত জীৱনৰ কথাবোৰ’ শিকাই আছে। (যোহ. ৬:৬৬-৬৮) যীচুৱেই স্বৰ্গলৈ যোৱাৰ আগতে পিতৰক কʼলে, “মোৰ সৰু ভেড়াবিলাকক চৰোৱা।” (যোহ. ২১:১৭) পিতৰে এই দায়িত্ব ভালদৰে পালন কৰিলে। মণ্ডলীক উৎসাহিত কৰিবলৈ তেওঁ দুখন চিঠি লিখিলে, যি আগলৈ গৈ বাইবেলৰ অংশ হৈ পৰিল। কিন্তু পাঁচনি পিতৰে নিজেও ঈশ্বৰৰ বাক্য বাইবেলৰ অধ্যয়ন কৰাৰ প্ৰয়োজন আছিল আৰু তেওঁ এইদৰে কৰিলে। পাঁচনি পৌলে লিখা চিঠিবোৰ তেওঁ গভীৰভাৱে অধ্যয়ন কৰিলে। যদিও তেওঁ মানি লৈছিলে যে পাঁচনি পৌলে লিখা ‘কথাবোৰ বুজিবলৈ কঠিন’ আছিল, তথাপি তেওঁ হাৰ নামানিলে। (২ পিত. ৩:১৫, ১৬) তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে “টান আহাৰ” হজম কৰিবলৈ অৰ্থাৎ পৌলে লিখা গভীৰ কথাবোৰ বুজিবলৈ যিহোৱাই নিশ্চয় তেওঁক সহায় কৰিব।—ইব্ৰী ৫:১৪–৬:১ পঢ়ক।

৮. যিহোৱাৰ পৰা নতুন নিৰ্দেশনা পোৱাৰ পাছত পিতৰে কি কৰিলে?

৮ যিহোৱাৰ ওপৰত পিতৰৰ সম্পূৰ্ণ বিশ্বাস আছিল। সেইবাবে, তেওঁ যিহোৱাৰ পৰা পোৱা সকলো নিৰ্দেশনা পালন কৰিলে। এটা ঘটনালৈ মন কৰক, যেতিয়া তেওঁ যাফো চহৰত আছিল, তেতিয়া তেওঁ এটা দৰ্শন দেখিলে। তেওঁ দৰ্শনত দেখিলে যে তেওঁক কিছুমান জন্তু কাটি খাবলৈ কোৱা হʼল। মোচিৰ নিয়মৰ অনুসৰি এই জন্তুবোৰ অশুচি আছিল। এজন যিহূদীয়ে এনে ধৰণৰ জন্তু খোৱাটো ভাবিবই নোৱাৰে। সেইবাবে, পিতৰে কʼলে, “নহয় প্ৰভু, মই কেতিয়াও নিয়মৰ অনুসৰি নিষিদ্ধ আৰু অশুচি বস্তু খোৱা নাই।” তেতিয়া তেওঁক কোৱা হʼল, “ঈশ্বৰে যিবোৰক শুচি কৰিছে, তুমি সেইবোৰক এতিয়াৰে পৰা অশুচি বুলি নকʼবা।” (পাঁচ. ১০:৯-১৫) পিতৰে এই দৰ্শনৰ অৰ্থ বুজি পালে নে? হয়, তেওঁ নিশ্চয় বুজি পালে। আমি এইদৰে কিয় কʼব পাৰোঁ? কিয়নো দৰ্শন দেখাৰ কিছু সময়ৰ পাছত তিনিজন মানুহে পিতৰক লগ কৰিবলৈ আহে। তেওঁলোকক কৰ্ণীলিয় নামৰ এজন ব্যক্তিয়ে পঠাইছিল, যিজন যিহূদী নাছিল। তেওঁলোকে পিতৰক নিজৰ লগত কৰ্ণীলিয়ৰ ঘৰলৈ নিব বিচাৰিছিল। কিন্তু পিতৰে সাধাৰণতে কোনো যিহূদী নোহোৱা লোকসকলৰ ঘৰলৈ যোৱা নাছিল। কিয়নো যিহূদীসকলে যিহূদী নোহোৱা লোকসকলক অশুচি বুলি ভাবিছিল। (পাঁচ. ১০:২৮, ২৯) কিন্তু এই দৰ্শনৰ পাছত পিতৰে বুজি পালে যে তেওঁ কি কৰিব লাগে। সেইবাবে, তেওঁ তেওঁলোকৰ লগত যাবলৈ সাজু হʼল। ইয়াৰ পৰা জানিব পাৰি যে পিতৰে ঈশ্বৰৰ পৰা পোৱা নিৰ্দেশনা লগে লগে পালন কৰিলে। (হিতো. ৪:১৮) তেওঁ কৰ্ণীলিয় আৰু তেওঁৰ গোটেই পৰিয়ালক প্ৰচাৰ কৰিলে। তেওঁলোকে সত্য গ্ৰহণ কৰিলে, পবিত্ৰ শক্তি পালে আৰু বাপ্তিষ্মা লʼলে। চিন্তা কৰক, এয়া দেখি পিতৰে হয়তো কিমান আনন্দিত হʼল।—পাঁচ. ১০:৪৪-৪৮.

৯. যদি আমি টান আহাৰ লʼবলৈ নিজৰ ইচ্ছা বঢ়াওঁ, তেনেহʼলে আমাৰ কি কি লাভ লʼব?

৯ পিতৰৰ পৰা আমি কি শিকিব পাৰোঁ? আমি বাইবেলৰ প্ৰাথমিক শিক্ষা একেৰাহে লৈ থকা উচিত। কিয়নো এইবোৰে আমাক গাখীৰৰ দৰে পুষ্টি দিব। কিন্তু ইয়াৰ লগতে আমি বাইবেলৰ টান আহাৰ অৰ্থাৎ বাইবেলৰ গভীৰ কথাবোৰ বুজিবলৈ নিজৰ ভিতৰত ইচ্ছা বঢ়াই থকা উচিত। যদি আমি বাইবেলত লিখা গভীৰ কথাবোৰ সঁচাকৈ বুজিব বিচাৰোঁ, তেনেহʼলে আমি ইয়াৰ কাৰণে সময় দিব লাগিব আৰু পৰিশ্ৰম কৰিব লাগিব। এইদৰে কৰিলে দুটা লাভ হʼব। প্ৰথম, আমি যিহোৱাৰ বিষয়ে এনে কথাবোৰ শিকিম, যাৰ পৰা আমি তেওঁক আৰু প্ৰেম কৰিবলৈ ধৰিম আৰু তেওঁৰ প্ৰতি আমাৰ কৃতজ্ঞতা বাঢ়িব। দ্বিতীয়তে, যিহোৱা কিমান মহান ঈশ্বৰ হয় আৰু তেওঁ আমাক কিমান প্ৰেম কৰে, সেয়া আনক জনাবলৈ আমাৰ মন যাব। (ৰোম. ১১:৩৩; প্ৰকা. ৪:১১) পিতৰৰ পৰা আমি আৰু এটা কথা শিকিব পাৰোঁ। যেতিয়া বাইবেলৰ শিক্ষাত কিবা সাল-সলনি হয়, তেতিয়া আমি লগে লগে তাক পালন কৰা উচিত, নিজৰ চিন্তাধাৰা সলনি কৰা উচিত আৰু নতুন বুজাবুজিৰ অনুসৰি কাম কৰা উচিত। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে যিহোৱাই আমাক নিৰ্দেশনা দি থাকিব আৰু আমি বিশ্বাসেৰে তেওঁৰ সেৱা কৰি থাকিম।

পৌলৰ দৰে নতুন ব্যক্তিত্ব পিন্ধি লওক

১০. কলচীয়া ৩:৮-১০ পদৰ অনুসৰি যিহোৱাক আনন্দিত কৰিবলৈ আমি কি কৰাৰ প্ৰয়োজন?

১০ যদি আমি আনন্দত থাকিব বিচাৰোঁ আৰু যিহোৱাৰ পৰা নিৰ্দেশনা পাই থাকিব বিচাৰোঁ, তেনেহʼলে আমি “নতুন ব্যক্তিত্বক পিন্ধা” উচিত, যিয়ে যিহোৱাক আনন্দিত কৰে। (কলচীয়া ৩:৮-১০ পঢ়ক।) কিন্তু কেতিয়াবা কেতিয়াবা এইদৰে কৰাটো ইমান সহজ নহয়। ইয়াৰ কাৰণে সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন। কিন্তু যিহোৱাই আমাক সহায় কৰিব। লগতে চিন্তা কৰক, যদি আমি এইদৰে কৰোঁ, তেনেহʼলে যিহোৱাই কিমান আনন্দিত হʼব। পাঁচনি পৌলৰ বিষয়ে চিন্তা কৰক যেতিয়া তেওঁ ডেকা আছিল, তেতিয়া তেওঁ ঈশ্বৰক আনন্দিত কৰিবলৈ বহুত পৰিশ্ৰম কৰিছিল। (গালা. ১:১৪; ফিলি. ৩:৪, ৫) কিন্তু তেওঁ ঈশ্বৰৰ উপাসনা কৰাৰ সঠিক উপায় জনা নাছিল আৰু খ্ৰীষ্টৰ শিক্ষাও ভালদৰে বুজি পোৱা নাছিল। ইয়াৰ উপৰিও, তেওঁ “অহংকাৰী” আছিল। সেইবাবে, তেওঁ এনে কাম কৰিছিল, যাৰ পৰা যিহোৱা আনন্দিত নাছিল।—১ তীম. ১:১৩.

১১. পৌলে নিজৰ কোনটো দুৰ্বলতাৰ লগত যুঁজিবলগীয়া হʼল? বুজাওক।

১১ যীচুৰ শিষ্য হোৱাৰ আগতে পৌল এজন খঙাল ব্যক্তি আছিল। পাঁচনিৰ কৰ্ম্ম কিতাপত কোৱা হৈছে যে তেওঁ খ্ৰীষ্টানসকলক ইমানেই খং কৰিছিল যে তেওঁ তেওঁলোকক “ধমকি দিবলৈ আৰু আৰু হত্যা কৰিবলৈ ক্ৰোধিত হৈ আছিল।” (পাঁচ. ৯:১) কিন্তু শিষ্য হোৱাৰ পাছত পৌলে নিজকে সলনি কৰিবলৈ বহুত পৰিশ্ৰম কৰিলে। তেওঁ নিজৰ পুৰণি স্বভাৱ এৰি নতুন ব্যক্তিত্ব পিন্ধিলে। (ইফি. ৪:২২, ৩১) তথাপিও এটা পৰিস্থিতিত বাৰ্ণব্বা আৰু তেওঁৰ মাজত তৰ্ক হʼল আৰু ইয়ে শেষত গৈ এটা ‘কাজিয়াৰ’ ৰূপ লʼলে। (পাঁচ. ১৫:৩৭-৩৯) ইয়াৰ পৰা পৌলে বহুত নিৰাশ হʼল, কিন্তু তেওঁ হাৰ মনা নাছিল। তেওঁ নিজকে ‘নিয়ন্ত্ৰণ’ কৰিলে অৰ্থাৎ তেওঁ নিজৰ দুৰ্বলতাৰ লগত যুঁজি থাকিল যাতে তেওঁ যিহোৱাক আনন্দিত কৰিব পাৰে।—১ কৰি. ৯:২৭.

১২. পৌলে কিয় নিজৰ পুৰণি ব্যক্তিত্ব উলিয়াব পাৰিলে?

১২ পৌল নম্ৰ আছিল, সেইবাবে তেওঁ পুৰণি ব্যক্তিত্ব উলিয়াই নতুন ব্যক্তিত্ব পিন্ধিব পাৰিলে। তেওঁ নিজকে সলনি কৰিবলৈ নিজৰ ওপৰত নহয়, কিন্তু যিহোৱাৰ ওপৰত ভৰসা কৰিলে। (ফিলি. ৪:১৩) পিতৰৰ দৰে তেৱোঁ ‘ঈশ্বৰৰ শক্তিৰ ওপৰত নিৰ্ভৰ হৈ’ থাকিল। (১ পিত. ৪:১১) ইয়াৰ পাছতো তেওঁৰ পৰা বহুতো ভুল হৈছিল আৰু তেওঁ নিৰাশ হৈ পৰিছিল। কিন্তু যিহোৱাই তেওঁৰ বাবে কি কি কৰিলে, তাৰ বিষয়ে তেওঁ চিন্তা কৰিছিল। এইদৰে কৰাৰ বাবে তেওঁৰ হৃদয় কৃতজ্ঞতাৰে ভৰি পৰিল আৰু নিজকে সলনি কৰা আৰু যিহোৱাক আনন্দিত কৰাৰ তেওঁৰ ইচ্ছা আৰু বেছি মজবুত হৈছিল।—ৰোম. ৭:২১-২৫.

১৩. আমি পৌলৰ পৰা কি শিকিব পাৰোঁ?

১৩ আমি পৌলৰ পৰা কি শিকিব পাৰোঁ? যিহোৱাৰ সেৱা কৰি থকা আমাৰ যিমানেই বছৰ নহওক কিয় আমি পুৰণি ব্যক্তিত্ব উলিয়াই নতুন ব্যক্তিত্ব পিন্ধিবলৈ পৰিশ্ৰম কৰি থকা উচিত। কিন্তু কেতিয়াবা আমাৰ পৰা ভুল হৈ যাব পাৰে। যেনে, আমি কাৰোবাক বেয়াকৈ কʼব পাৰোঁ বা খঙেৰে কʼব পাৰোঁ। এনে পৰিস্থিতিত আমি এয়া কেতিয়াও ভবা উচিত নহয় যে আমি যিহোৱাক আনন্দিত কৰিব নোৱাৰিম। আমি হাৰ মনা উচিত নহয় আৰু নিজকে সলনি কৰিবলৈ চেষ্টা কৰি থকা উচিত। (ৰোম. ১২:১, ২; ইফি. ৪:২৪) কিন্তু আমি এটা গুৰুত্বপূৰ্ণ কথা মনত ৰখা উচিত। যদি আমি নিজৰ ব্যক্তিত্ব শুধৰণি কৰি থাকিব বিচাৰোঁ, তেনেহʼলে যিহোৱাই আমাৰ পৰা কি বিচাৰে, সেয়া সদায় জানি থাকিবলৈ চেষ্টা কৰা উচিত আৰু এইদৰে কৰিলে আমি তেওঁক ভালদৰে জানিব পাৰিম।

দায়ূদৰ দৰে যিহোৱাৰ সুৰক্ষাত থাকক

১৪-১৫. যিহোৱাই কি কি উপায়েৰে নিজৰ লোকসকলক সুৰক্ষা দিয়ে? (গীতমালা ২৭:৫) ( দিয়া ছবিখনো চাওক।)

১৪ যদি আমি সঁচাকৈ আনন্দিত থাকিব বিচাৰোঁ, তেনেহʼলে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা আৰু নতুন ব্যক্তিত্ব পিন্ধাৰ উপৰিও আমাক যিহোৱাৰ সুৰক্ষাৰো প্ৰয়োজন। কিন্তু যিহোৱাই আমাক কেনেকৈ সুৰক্ষা দিয়ে আৰু যিহোৱাৰ সুৰক্ষা পাবলৈ আমি কি কৰিব লাগিব?

১৫ ৰজা দায়ূদৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই তেওঁক সুৰক্ষা দিব। (গীতমালা ২৭:৫ পঢ়ক।) যিহোৱাই নিজৰ লোকসকলক এনে বিপদৰ পৰা বচায়, যাৰ বাবে তেওঁলোকৰ বিশ্বাস সদায়ৰ কাৰণে নাইকিয়া হʼব পাৰে। যেনে, মানুহৰ পৰা অহা বিপদৰ পৰা তেওঁ বচায়। তেওঁ প্ৰতিজ্ঞা কৰিছে যে আমাৰ বিৰুদ্ধে উঠা কোনো অস্ত্ৰ সফল নহʼব। (গীত. ৩৪:৭; যিচ. ৫৪:১৭) এয়া সঁচা যে চয়তান আৰু দুষ্ট জগত শক্তিশালী হয়। কিন্তু যেতিয়ালৈকে আমি যিহোৱাৰ সুৰক্ষাত থাকিম, তেতিয়ালৈকে সিহঁতে আমাৰ একো কৰিব নোৱাৰে। যদিও সিহঁতে আমাৰ জীৱনো লৈ লয়, কিন্তু এয়া নিশ্চিত যে যিহোৱাই আমাক আকৌ জীয়াই তুলিব পাৰে। (১ কৰি. ১৫:৫৫-৫৭; প্ৰকা. ২১:৩, ৪) যিহোৱাই আমাক আমাৰ দুৰ্বলতা আৰু চিন্তাৰ কাৰণে অহা বিপদৰ বিৰুদ্ধেও যুঁজিবলৈ সহায় কৰে। এইবোৰো এনে বিপদ হয়, যিয়ে আমাৰ বিশ্বাস নাইকিয়া কৰিব পাৰে। (হিতো. ১২:২৫; মথি ৬:২৭-২৯) আমাক সহায় কৰিবলৈ যিহোৱাই ভাই-ভনীসকলৰ এটা ডাঙৰ পৰিয়াল দিছে, যিসকলে আমাৰ সাহস বঢ়ায়। লগতে তেওঁ আমাক প্ৰাচীনো দিছে, যিসকলে আমাক ৰখীয়াৰ দৰে সুৰক্ষা দিয়ে। (যিচ. ৩২:১, ২) যিহোৱাই সভাৰ যোগেদি আমাক বাৰে বাৰে মনত পেলাই দিয়ে যে তেওঁ কি কি উপায়েৰে আমাক সুৰক্ষা দিয়ে আৰু তাৰ পৰা লাভৱান হʼবলৈ আমি কি কৰিব লাগিব।—ইব্ৰী ১০:২৪, ২৫.

এজনী ভনীয়ে “প্ৰহৰীদুৰ্গ” অধ্যয়নত উত্তৰ দিবলৈ হাত উঠাইছে। আন কিছুমান ভাই-ভনীয়েও হাত উঠাইছে।

ঈশ্বৰৰ পৰা নিৰ্দেশনা পাবলৈ এগৰাকী ভনীয়ে মণ্ডলীৰ ভাই-ভনীসকলৰ লগত মিলি সভাৰ আনন্দ লৈ আছে (অনুচ্ছেদ ১৪-১৫ চাওক)


১৬. দায়ূদে যিহোৱাৰ সুৰক্ষাত থাকিবলৈ কি কৰিলে?

১৬ মন কৰক দায়ূদে যিহোৱাৰ সুৰক্ষাত থাকিবলৈ কি কৰিলে? তেওঁ যিহোৱাৰ আজ্ঞা পালন কৰিলে আৰু বহুতো ভাল নিৰ্ণয় লʼলে, যাৰ বাবে তেওঁ বহুতো বিপদৰ পৰা বাচি থাকিল আৰু তেওঁৰ সুৰক্ষা হʼল। (হিতোপদেশ ৫:১, ২ পদৰ লগত তুলনা কৰক।) কিন্তু কিছুমান পৰিস্থিতিত তেওঁ যিহোৱাৰ আজ্ঞা পালন নকৰিলে আৰু নিজৰ ভুল নিৰ্ণয়ৰ বাবে বহুতো পৰিণাম ভুগিবলগীয়া হʼল আৰু যিহোৱাই সেইদৰে হʼবলৈ দিলে। (২ চমূ. ১২:৯, ১০) কিন্তু আন কিছুমান পৰিস্থিতিত তেওঁ আনৰ কাৰণেও সমস্যাত ভুগিবলগীয়া হৈছিল। কিন্তু সেই সময়ত তেওঁ কি কৰিলে? তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰি নিজৰ মনৰ কথা খুলি কʼলে আৰু নিজৰ চিন্তাৰ ভাৰ তেওঁৰ ওপৰত দিলে। যিহোৱাও দায়ূদক আশ্বাস দিলে যে তেওঁ তেওঁক বহুত প্ৰেম কৰে আৰু তেওঁৰ যত্ন লʼব।—গীত. ২৩:১-৬.

১৭. দায়ূদৰ দৰে আমি কি কৰিব পাৰোঁ?

১৭ দায়ূদৰ দৰে কোনো এটা নিৰ্ণয় লোৱাৰ আগতে আমি যিহোৱাৰ ইচ্ছা জানিবলৈ চেষ্টা কৰা উচিত। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি ভাল নিৰ্ণয় লʼব পাৰিম আৰু সুৰক্ষিত থাকিব পাৰিম। কিন্তু কেতিয়াবা আমি হয়তো ভুল নিৰ্ণয় লʼব পাৰোঁ আৰু ইয়াৰ বেয়া পৰিণাম ভুগিবলগীয়া হʼব পাৰে। ইয়াৰ অৰ্থ এয়া নহয় যে যিহোৱাই আমাক সুৰক্ষা নিদিলে। আচলতে আমি লোৱা ভুল নিৰ্ণয়ৰ কাৰণেহে আমি বেয়া পৰিণাম ভুগিবলগীয়া হয়। (গালা. ৬:৭, ৮) কেতিয়াবা হয়তো আনৰ কাৰণে আমি সমস্যাত ভুগিবলগীয়া হয়, সেই সময়ত আমি দায়ূদৰ দৰে কি কৰিব পাৰোঁ? আমি যিহোৱালৈ প্ৰাৰ্থনা কৰি নিজৰ মনৰ কথা খুলি কʼব পাৰোঁ আৰু নিজৰ চিন্তাৰ বিষয়ে জনাব পাৰোঁ। এইদৰে কৰিলে যিহোৱাই আমাক শান্ত্বনা দিব আৰু তেওঁৰ মৰম অনুভৱ কৰিবলৈ আমাক সহায় কৰিব।—ফিলি. ৪:৬, ৭.

ঈশ্বৰৰ পৰা নিৰ্দেশনা লৈ থাকক

১৮. (ক) আমাৰ চাৰিওফালে কেনেধৰণৰ লোকসকল আছে? (খ) কিন্তু আমি কি কৰিব লাগিব? (ছবিখনো চাওক।)

১৮ ২০২৬ চনৰ বাৰ্ষিক পাঠ হৈছে: “যিসকলে জানে যে তেওঁলোকক ঈশ্বৰৰ নিৰ্দেশনাৰ প্ৰয়োজন আছে তেওঁলোক সুখী।” আজিৰ সময়ত যিহোৱাৰ নিৰ্দেশনা আগতকৈ বেছি প্ৰয়োজন হৈ পৰিছে। কাৰণ আমাৰ চাৰিওফালে এনে লোকসকল আছে, যিসকলে বিশ্বাস কৰে যে তেওঁলোকক ঈশ্বৰৰ কোনো প্ৰয়োজন নাই। আনহাতে, এনে কিছুমান লোকো আছে, যিসকলে নিজৰ আধ্যাত্মিক প্ৰয়োজনীয়তা পূৰ কৰিবলৈ নিজৰ মতে ঈশ্বৰৰ উপাসনা কৰে বা মানুহৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু চাবলৈ গʼলে এওঁলোকৰ ভিতৰত আজি কোনেও আনন্দিত নাই। তেওঁলোকৰ চিন্তাধাৰা যাতে আমাৰ ওপৰত প্ৰভাৱ নপৰে, তাৰ বাবে আমি কি কৰিব লাগিব? আমি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা উচিত, এনে গুণবোৰ বঢ়োৱা উচিত, যাৰ পৰা যিহোৱা আনন্দিত হয়, তেওঁৰ আজ্ঞা পালন কৰা উচিত আৰু আমি যিহোৱাৰ সুৰক্ষাত থকা উচিত।

ছবি: আগৰ লেখত দেখুৱা ভনীয়ে ঈশ্বৰৰ পৰা নিৰ্দেশনা পাবলৈ চেষ্টা কৰি আছে। ১. তেওঁ “প্ৰহৰীদুৰ্গৰ” এটা অধ্যয়ন লেখ পঢ়ি আছে। ২. তেওঁ এহাল দম্পত্তিৰ ঘৰলৈ খোৱা বস্তু লৈ গৈছে। স্বামীজন এখন চকীত বহি আছে আৰু তেওঁৰ মূৰত বেণ্ডেজ লগোৱা আছে আৰু তেওঁক গ্লুকʼজ দিয়া হৈছে। ৩. দুজন ভায়ে মেৰ পালকৰ সাক্ষাৎ কৰিবলৈ তেওঁৰ ওচৰলৈ আহিছে আৰু ভনীগৰাকীয়ে বহুত আনন্দিত আছে।

ঈশ্বৰৰ পৰা নিৰ্দেশনা পাবলৈ আমি তেওঁৰ বাক্য অধ্যয়ন কৰিব লাগিব, নতুন ব্যক্তিত্ব পিন্ধিব লাগিব আৰু তেওঁৰ সুৰক্ষাত থাকিব লাগিব (অনুচ্ছেদ ১৮ চাওক)a

আপুনি কেনেকৈ উত্তৰ দিব?

  • পিতৰৰ পৰা ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ বিষয়ে আমি কি শিকিব পাৰোঁ?

  • পৌলৰ পৰা নতুন ব্যক্তিত্ব পিন্ধাৰ বিষয়ে আমি কি শিকিব পাৰোঁ?

  • যিহোৱাই যে আমাক সুৰক্ষা দিয়ে, তাৰ বিষয়ে আমি দায়ূদৰ পৰা কি শিকিব পাৰোঁ?

গীত নং ১৬২ মোৰ আধ্যাত্মিক প্ৰয়োজন

a ছবিৰ বিষয়ে: ভনীগৰাকীয়ে যিহোৱাৰ পৰা নিৰ্দেশনা পাবলৈ প্ৰহৰীদুৰ্গৰ অধ্যয়ন কৰি আছে, নতুন ব্যক্তিত্ব পিন্ধি আনক সহায় কৰি আছে আৰু যিহোৱাৰ সুৰক্ষাত থাকিবলৈ প্ৰাচীনসকলৰ পৰা সহায় লৈ আছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক