মাৰ্চ ৩০–এপ্ৰিল ৫, ২০২৬
গীত নং ৭৬ সত্যক বাচি লোৱা
সত্য শিকোৱাৰ সময়ত নম্ৰতাৰে কথা পাতক
‘সত্যৰ ঈশ্বৰ যিহোৱা।’—গীত. ৩১:৫.
কি শিকিম?
আমি শিকিম যে আমি লোকসকলক সঁচা কথা কʼব লাগে আৰু বাইবেলৰ সত্যতা এনেদৰে শিকাব লাগে, যাৰ পৰা তেওঁলোকে লাভৱান হয়।
১. যিহোৱাৰ পৰিয়ালৰ ভাগ হʼবলৈ আমি কি কৰিব লাগিব?
আমি যেতিয়া প্ৰথমবাৰ ভাই-ভনীসকলক লগ পাওঁ, তেতিয়া প্ৰায়েই এই প্ৰশ্ন সোধোঁ: “আপুনি কেনেকৈ সত্য পালে?” কিছুমানে হয়তো কয়, মই সৰুৰে পৰা “সত্যত আছোঁ।” আন কিছুমানে কয়, মই কিছু বছৰৰ আগতে “সত্যত আহিলোঁ।” আমি কিয় এইদৰে উত্তৰ দিওঁ? কাৰণ বাইবেলৰ সত্যতাই আমাৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলালে আৰু আমাৰ জীৱন সলনি হʼল। আমি যিহোৱাৰ পৰিয়ালৰ ভাগ হʼব বিচাৰিছিলোঁ। সেইবাবে, আমি বাইবেলৰ সত্যতাৰ প্ৰতি আমাৰ প্ৰেম বঢ়াবলৈ ধৰিলোঁ আৰু তাৰ অনুসৰি জীৱন-যাপন কৰিবলৈ ধৰিলোঁ। যেনে, আমি সঁচা কথা কʼবলৈ ধৰিলোঁ আৰু প্ৰতিটো কাম বিশ্বাসেৰে কৰিবলৈ ধৰিলোঁ।—গীত. ১৫:১-৩.
২. (ক) যীচুৰ বিষয়ে লোকসকলে কি জানিছিল? (খ) যীচুৱে যি সত্যতা শিকালে, ইয়ে লোকসকলৰ ওপৰত কি প্ৰভাৱ পেলালেহেঁতেন?
২ যীচুৱে সদায় সঁচা কথা কৈছিল আৰু এই কথা তেওঁৰ শত্ৰুসকলেও মানি লৈছিল। যদিও যীচুৰ কথা তেওঁৰ শত্ৰুসকলে ভাল পোৱা নাছিল, তথাপিও তেওঁলোকে স্বীকাৰ কৰিছিল যে যীচুৱে যিয়েই কয় সঁচা কয়। (মথি ২২:১৬) যীচুৱে যি সত্যতা শিকাইছিল, সেয়া লোকসকলৰ ওপৰত কি প্ৰভাৱ পৰিব, তাৰ বিষয়ে তেওঁ এইদৰে কৈছিল, “মই লʼৰাক দেউতাকৰ বিৰুদ্ধে, ছোৱালীক মাকৰ বিৰুদ্ধে আৰু বোৱাৰীক শাহুৱেকৰ বিৰুদ্ধে কৰিবলৈ আহিছোঁ।” (মথি ১০:৩৫) যীচু আৰু তেওঁৰ শিষ্যসকলৰ বাৰ্তাক লোকসকলে বিৰোধ কৰাটো যীচুৱে বিচৰা নাছিল, কিন্তু তেওঁ জানিছিল যে সত্য শিকিলে এই পদত কোৱা কথা সঁচা হʼব। (মথি ২৩:৩৭) যীচুৱে জানিছিল যে তেওঁৰ বাৰ্তাই লোকসকলৰ ওপৰত বেলেগ বেলেগ ধৰণে প্ৰভাৱ পেলাব। কিছুমানে সত্যতাক প্ৰেম কৰিব আৰু তাক গ্ৰহণ কৰিব আৰু কিছুমানে গ্ৰহণ নকৰিব।—২ থিচ. ২:৯-১১.
৩. এই লেখত আমি কি শিকিম?
৩ যদিও লোকসকলক ভাল লাগক বা নালাগক, কিন্তু আমি যীচুৰ দৰে বিশ্বাসী হৈ থাকিবলৈ আৰু সঁচা কথা কʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ। ইয়াৰ উপৰিও, আমি লোকসকলক প্ৰচাৰ কৰোঁ আৰু বাইবেলৰ সত্যতা শিকাওঁ, যদিও কিছুমানে এইদৰে কৰাটো ভাল নাপায়। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি তেওঁলোকৰ বিষয়ে একেবাৰে চিন্তা নকৰিম। এই লেখত আমি ইয়াৰ বিষয়ে আৰু শিকিম। প্ৰথমে আমি শিকিম যে আমি সত্যতা কʼত পাব পাৰোঁ। তাৰ পাছত আমি শিকিম যে আমি কিয়, কেনেকৈ আৰু কেতিয়া লোকসকলক সত্যতাৰ বিষয়ে জনোৱা উচিত। এই প্ৰশ্নবোৰৰ উত্তৰ জানিলে আমি লোকসকলক সত্যতা শিকোৱাৰ সময়ত নম্ৰতাৰে কথা পাতিব পাৰিম অৰ্থাৎ ভাবি-চিন্তি কথা পাতিব পাৰিম আৰু সঠিক সময়ত সঠিক কথা কʼব পাৰিম।
আমি সত্যতা কʼত পাব পাৰোঁ?
৪. যিহোৱা সত্যৰ উৎস হয় বুলি আমি কিয় কʼব পাৰোঁ?
৪ যিহোৱা সত্যৰ উৎস হয় আৰু তেওঁ সদায় সঁচা কথা কয়। যেনে, তেওঁ আমাক জনাইছে যে কি ভাল আৰু কি বেয়া আৰু তেওঁৰ এই কথাবোৰ সঁচা হয়। (গীত. ১৯:৯; ১১৯:১৪২, ১৫১) তেওঁ ভৱিষ্যতৰ বিষয়ে যি কয়, সেয়া সঁচা হৈ যায়। (যিচ. ৫৫:১০, ১১) তেওঁ যিবোৰ প্ৰতিজ্ঞা কৰে, সেইবোৰ পূৰ নকৰাকৈ নাথাকে। (গণ. ২৩:১৯) বাইবেলতো কোৱা হৈছে যে যিহোৱাই মিছা কথা কোৱাটো অসম্ভৱ। (ইব্ৰী ৬:১৮) সেই কাৰণে যিহোৱাক ‘সত্যৰ ঈশ্বৰ’ বুলি কোৱা হৈছে।—গীত. ৩১:৫.
৫. সত্যৰ ঈশ্বৰক বিচৰাটো কিয় কঠিন নহয়? বুজাওক। (পাঁচনিৰ কৰ্ম্ম ১৭:২৭)
৫ কিছুমান লোকে ভাবে যে ঈশ্বৰক জনাটো বৰ কঠিন। কিন্তু এয়া সঁচা নহয়। আমি ‘সত্যৰ ঈশ্বৰ’ যিহোৱাক জানিব পাৰোঁ। আমাৰ চাৰিওফালে যিবোৰ বস্তু আছে, তাৰ পৰা জানিব পাৰি যে ঈশ্বৰ সঁচাকৈ আছে আৰু সেইবোৰৰ পৰা আমি তেওঁৰ বিষয়ে শিকিব পাৰোঁ। (ৰোম. ১:২০) পাঁচনি পৌলে যেতিয়া আথিনীৰ কিছুমান পঢ়া-লিখা লোকৰ লগত কথা পাতি আছিল, তেতিয়া তেওঁ কৈছিল যে আমি ঈশ্বৰক ‘বিচৰাটো’ ঈশ্বৰৰ ইচ্ছা হয় আৰু “তেওঁ আমাৰ কাৰোৰে পৰা দূৰ নহয়।” (পাঁচনিৰ কৰ্ম্ম ১৭:২৭ পঢ়ক।) যেতিয়া নম্ৰ লোকসকলে ঈশ্বৰৰ বিষয়ে সত্যতা জানিবলৈ চেষ্টা কৰে, তেতিয়া ঈশ্বৰে তেওঁলোকক নিজৰ ফালে আকৰ্ষিত কৰে।—যোহ. ৬:৪৪.
৬. বাইবেলত দিয়া কিছুমান সত্যতা কি হয় আৰু আপুনি এইবোৰৰ কাৰণে কিয় কৃতজ্ঞ?
৬ যিহোৱাক বিচৰাৰ এটা উপায় হৈছে বাইবেল অধ্যয়ন কৰা। যিসকল ব্যক্তিয়ে বাইবেলৰ কিতাপ লিখিছিল, তেওঁলোকক ঈশ্বৰে নিজৰ পবিত্ৰ শক্তি দিছিল। (২ পিত. ১:২০, ২১) সেইবাবে, বাইবেলত যিবোৰ লিখা আছে, সেইবোৰ সঁচা হয় আৰু ভৰসাৰ যোগ্য হয়। যেনে, ইয়াত লিখা আছে যে এই বিশ্ব আৰু পৃথিৱীত জীৱনৰ আৰম্ভণি কেনেকৈ হʼল। (আদি. ১:১, ২৬) ইয়াত এয়াও লিখা আছে যে আমি কিয় পাপ কৰোঁ, ইমান দুখ-কষ্ট কিয় আছে আৰু আমাৰ মৃত্যু কিয় হয়। (ৰোম. ৫:১২; ৬:২৩) ইয়াৰ উপৰিও, “মিছাৰ পিতৃ” চয়তানে যিবোৰ ক্ষতি কৰিছে, যিহোৱাই নিজৰ পুত্ৰৰ যোগেদি সেই ক্ষতি পূৰ কৰিব। (যোহ. ৮:৪৪; ৰোম. ১৬:২০) ঈশ্বৰে নিজৰ বাক্যত এয়াও কৈছে যে যীচুৱে সকলো দুষ্টতা শেষ কৰিব, মৃত লোকসকলক আকৌ জীয়াই তুলিব, পৃথিৱীক আকৌ প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিব আৰু মানুহক সিদ্ধ কৰিব। (যোহ. ১১:২৫, ২৬; ১ যোহ. ৩:৮) বাইবেলৰ এই সত্যতাবোৰৰ ওপৰত আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰোঁ! সঁচাকৈ, এয়া আমাৰ বাবে সন্মানৰ বিষয় হয় যে যিহোৱাই আমাক এই সত্যতাবোৰ শিকালে আৰু এইবোৰ আনকো জনাবলৈ আমাক সুযোগ দিছে।—মথি ২৮:১৯, ২০.
আমি কিয় সঁচা কথা কʼব লাগে?
৭-৮. আমি কি উদ্দেশ্যেৰে সঁচা কথা কৈ আছোঁ, সেয়া গুৰুত্বপূৰ্ণ হয় নে? এটা উদাহৰণ দি বুজাওক। (মাৰ্ক ৩:১১, ১২) (ছবিখনো চাওক।)
৭ আমি যিদৰে শিকিলোঁ যিহোৱাৰ পৰিয়ালৰ ভাগ হʼবলৈ আমি সদায় সঁচা কথা কোৱা উচিত। কিন্তু যিহোৱাক আনন্দিত কৰিবলৈ কেৱল ইমানেই যথেষ্ট নহয়। আমি সঁচা কথা কিয় কৈ আছোঁ অৰ্থাৎ তাৰ আঁৰত থকা আমাৰ উদ্দেশ্য কি হয়, সেয়া যিহোৱাৰ কাৰণে গুৰুত্বপূৰ্ণ। মন কৰক, যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া কি হʼল। (মাৰ্ক ৩:১১, ১২ পঢ়ক।) এবাৰ যীচু গালীল সাগৰৰ ওচৰত শিকাই আছিল, তেতিয়া এটা ডাঙৰ ভীৰ তেওঁৰ ওচৰলৈ আহিল। তেওঁলোকৰ মাজৰ কিছুমানক দুষ্ট স্বৰ্গদূতে পাইছিল। সিহঁতে আহি যীচুৰ ভৰিত পৰি চিঞৰিবলৈ ধৰিলে, “আপুনিয়েই ঈশ্বৰৰ পুত্ৰ।” সেই দুষ্ট স্বৰ্গদূতসকলে সঁচা কথা কৈছিল, কিন্তু ইয়াৰ আঁৰত তেওঁলোকৰ উদ্দেশ্য কি আছিল? তেওঁলোকে লোকসকলৰ ভৰসা জিকিব বিচাৰিছিল যাতে আগলৈ গৈ লোকসকলক যিহোৱাৰ পৰা দূৰ কৰিব পাৰে। তেওঁলোকে যদিও সঁচা কথা কৈছিল, কিন্তু তেওঁলোকৰ উদ্দেশ্য ভুল আছিল। যীচুৱে তেওঁলোকৰ উদ্দেশ্য জানিছিল, সেইবাবে তেওঁলোকৰ কথা নুশুনিলে। ইয়াৰ পৰিৱৰ্তে তেওঁ কোন হয়, সেয়া আনক নজনাবলৈ আদেশ দিলে।
৮ এই ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ? সঁচা কথা কোৱাৰ আঁৰত আমাৰ উদ্দেশ্য কি, তাৰ প্ৰতি যিহোৱাই ধ্যান দিয়ে। সেইবাবে, আমি আনক ভাল উদ্দেশ্যেৰে সত্যতা শিকোৱাটো অতি প্ৰয়োজন। আমাৰ বাৰ্তাৰ কাৰণে আনে যদি আমাৰ প্ৰশংসা কৰে, তেনেহʼলে সেই সকলো প্ৰশংসা আমি যিহোৱাক দিয়া উচিত।—মথি ৫:১৬; পাঁচনিৰ কৰ্ম্ম ১৪:১২-১৫ পদৰ লগত তুলনা কৰক।
সত্য শিকোৱাৰ সময়ত আপুনি কাৰ ফালে ধ্যান আকৰ্ষিত কৰে? (অনুচ্ছেদ ৭-৮ চাওক)
৯. আমি কি কৰাৰ পৰা আঁতৰি থকা উচিত আৰু কিয়?
৯ আন এটা পৰিস্থিতিলৈ মন কৰক, যʼত আমি আনৰ প্ৰশংসা লোৱাৰ পৰা আঁতৰি থকা উচিত। ধৰি লওক, দায়িত্বত থকা এজন ভায়ে আমাক কিবা গোপনীয় কথা কয়, যি আমি নিজৰ মাজতে ৰখা উচিত। কিন্তু আমি যদি সেই কথা আনক কৈ দিওঁ আৰু পাছত যেতিয়া সকলোৱে গʼম পাব যে কথাটো সঁচা হয়, তেনেহʼলে কি হʼব পাৰে, তালৈ চিন্তা কৰক। লোকসকলে হয়তো আমাৰ প্ৰশংসা কৰিব পাৰে আৰু ভাবিব পাৰে যে আমি বহুতো গোপনীয় কথা জানোঁ। সেই সময়ত লোকসকলে আমাৰ পৰাতো আনন্দিত হʼব কিন্তু যিহোৱা আনন্দিত নহʼব। (হিতো. ১১:১৩) কিয় বাৰু? প্ৰথম, আমি গোপনীয় কথা কৈ দিলোঁ। দ্বিতীয়তে, আমি সঁচা কথাতো কʼলোঁ, কিন্তু আমাৰ উদ্দেশ্য ভুল আছিল।
সত্য কেনেকৈ জনাম?
১০. আমি “নম্ৰতাৰে কথা” পতা উচিত, ইয়াৰ অৰ্থ কি? (কলচীয়া ৪:৬)
১০ কলচীয়া ৪:৬ পঢ়ক। পাঁচনি পৌলে কলচীয়াৰ খ্ৰীষ্টানসকলক মনত পেলাই দিলে যে তেওঁলোকে “সদায় নম্ৰতাৰে কথা” পতা উচিত। ইয়াৰ অৰ্থ কি হয়? যি গ্ৰীক শব্দৰ অনুবাদ নম্ৰতাৰে কথা পতা বুলি কৰা হৈছে, ইয়াৰ অৰ্থ হৈছে এনেদৰে কথা পতা, যাৰ পৰা শুনোঁতাসকলৰ কেৱল লাভ হʼব এনে নহয়, ইয়াৰ পৰিৱৰ্তে মৰমেৰে কোৱা আৰু তেওঁলোকৰ হৃদয় স্পৰ্শ কৰা।
১১-১২. বাইবেলৰ সত্যতা শিকোৱাৰ সময়ত আমি কি কথাৰ ওপৰত ধ্যান দিয়া উচিত? উদাহৰণ দি বুজাওক। (ছবিবোৰো চাওক।)
১১ আনক বাইবেলৰ সত্যতা শিকোৱাৰ সময়ত আমি সদায় নম্ৰতাৰে কথা পতা উচিত। বাইবেলৰ সত্যতা ধাৰ থকা তৰোৱালৰ দৰে হয়। ইয়ে মানুহৰ বাহিৰৰ ৰূপক ভিতৰৰ ৰূপৰ পৰা পৃথক কৰে। অৰ্থাৎ ই মানুহৰ অন্তৰত লুকাই থকা ভাৱনা আৰু উদ্দেশ্যক চালি-জাৰি চাবলৈ সহায় কৰে। (ইব্ৰী ৪:১২) কিন্তু আমি যদি আনক শিকোৱাৰ সময়ত বাইবেলৰ ব্যৱহাৰ ভালদৰে নকৰোঁ, তেনেহʼলে আমি লোকসকলক দুখ দিব পাৰোঁ আৰু বিনা কাৰণত তৰ্ক-বিতৰ্কত পৰিব পাৰোঁ। এইদৰে কেনেকৈ হʼব পাৰে?
১২ চিন্তা কৰক, প্ৰচাৰ কৰাৰ সময়ত আপুনি ঈশ্বৰৰ ওপৰত বহুত বিশ্বাস কৰা এজন মানুহক লগ পায়। তেওঁ প্ৰতিদিনে মূৰ্তিবোৰৰ আগত প্ৰাৰ্থনা কৰে আৰু তেওঁ নিজৰ পৰিয়ালৰ লগত মিলি খ্ৰীষ্টমাছ আৰু ঈষ্টাৰ পালন কৰি বহুত ভাল পায়। এনে পৰিস্থিতিত আপুনি কি কৰিব? আপুনি তেওঁক চিধা-চিধিকৈ বাইবেলৰ পৰা জনাব নে যে মূৰ্তিবোৰৰ আগত প্ৰাৰ্থনা কৰি একো লাভ নাই আৰু খ্ৰীষ্টমাছ আৰু ঈষ্টাৰ মিছা ধৰ্মৰ পৰা আহিছে? (যিচ. ৪৪:১৪-২০; ২ কৰি. ৬:১৪-১৭) যদি আপুনি প্ৰথম সাক্ষাতে তেওঁক এইদৰে কʼব, তেনেহʼলে আপুনি তেওঁক সত্যতো জনাই আছে, কিন্তু বাইবেলৰ ব্যৱহাৰ ভালদৰে কৰা নাই।
সত্য শিকোৱাৰ সময়ত আপুনি বাইবেলৰ ব্যৱহাৰ কেনেকৈ ভালদৰে কৰিব পাৰে? (অনুচ্ছেদ ১১-১২ চাওক)a
১৩. আমাৰ কথা যাতে নিমখৰ দৰে হয়, তাৰ বাবে আমি কি কৰিব পাৰোঁ?
১৩ পৌলে খ্ৰীষ্টানসকলক এয়াও কৈছিল যে তেওঁলোকৰ কথা নিমখৰ দৰে হোৱা উচিত। তেওঁ এয়া কোৱা নাছিল যে আমি মিঠা মিঠা কথা কৈ সত্যক লুকোৱা উচিত। ইয়াৰ পৰিৱৰ্তে, তেওঁ আমাক অনুৰোধ কৰিছিল যে যেতিয়া আমি আনক সত্য শিকাওঁ, তেতিয়া সেয়া তেওঁলোকৰ সোৱাদৰ অনুসৰি হোৱা উচিত আৰু তেওঁলোকক ভাল লগা উচিত। (ইয়ো. ১২:১১) কিন্তু এইদৰে কৰাটো কঠিন হʼব পাৰে। কাৰণ যেতিয়া আমি আনৰ কাৰণে আহাৰ ৰান্ধোঁ, তেতিয়া আমি চিন্তা কৰোঁ যে সেই আহাৰ তেওঁলোকক ভাল লাগিব। ঠিক সেইদৰে, আমি ভাবিব পাৰোঁ যে আমি যিদৰে কথা পাতোঁ, সেয়া সকলোকে ভাল লাগিব। কিন্তু সদায় এইদৰে নহয়। উদাহৰণস্বৰূপে, কিছুমান দেশত লোকসকলে নিজতকৈ বয়সত ডাঙৰ বা সৰু লোকক নিজৰ মতামত চিধা-চিধিকৈ জনায়। আনহাতে কিছুমান দেশত এইদৰে কোৱাটো সঠিক নহʼবও পাৰে। আনকি তেওঁলোকক বেয়া লাগিব পাৰে। পৌলেও কৈছিল যে আমি “প্ৰতিজনকে কেনেকৈ উত্তৰ দিব লাগে,” সেয়া জনা উচিত। ইয়াৰ অৰ্থ হৈছে আমি নিজৰ সোৱাদ আৰু পছন্দৰ অনুসৰি নহয়, তাৰ পৰিৱৰ্তে আনৰ সোৱাদ, পছন্দ আৰু সংস্কৃতিক মনত ৰাখি কথা কোৱা উচিত।
সত্য জনোৱাটো কেতিয়া সঠিক হʼব?
১৪. যীচুৱে নিজৰ শিষ্যসকলক সেই সকলো কথা জনালে নে, যি তেওঁ জানিছিল? বুজাওক।
১৪ যীচু সদায় নম্ৰতাৰে কথা পাতিছিল আৰু তেওঁ নিজৰ শিষ্যসকলক বহুতো কথা শিকালে। (মাৰ্ক ৬:৩৪) কিন্তু এতিয়াও তেওঁলোকে আৰু বহুতো কথা শিকিবলৈ বাকী আছিল। যীচুৱে বিচৰা হʼলে এবাৰতে তেওঁলোকক সকলো কথা শিকাব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে নকৰিলে, কাৰণ তেওঁ শিষ্যসকলৰ সীমা জানিছিল। তেওঁ জানিছিল যে কিছুমান সত্য কোৱাৰ এয়া সঠিক সময় নহয় আৰু যদি তেওঁলোকক জনায়ো দিয়ে, তথাপি তেওঁলোকে বুজি নাপাব। (যোহ. ১৬:১২) ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ?
১৫. আমি নিজৰ বাইবেল বিদ্যাৰ্থীক সকলো কথা এবাৰতে শিকোৱা উচিত নে? বুজাওক। (হিতোপদেশ ২৫:১১) (ছবিখনো চাওক।)
১৫ আমি যীচুৰ পৰা শিকিব পাৰোঁ যে যদিও আমি সকলো সত্য জানোঁ, তথাপি আমি আনক এবাৰতে সকলো সত্য জনোৱা উচিত নহয়। তেনেহʼলে যীচুৰ দৰে আমি কি কথা মনত ৰখা উচিত? আমি লোকসকলৰ বিষয়ে আৰু তেওঁলোকৰ পৰিস্থিতিৰ বিষয়ে চিন্তা কৰা উচিত। আগতে উল্লেখ কৰা সেই ব্যক্তিজনৰ বিষয়ে মন কৰক, যিজনে নিজৰ পৰিয়ালৰ লগত মিলি খ্ৰীষ্টমাছ আৰু ঈষ্টাৰ পালন কৰি বহুত ভাল পায়। আমি জানোঁ যে এই উৎসৱবোৰ মিছা ধৰ্মৰ পৰা ওলাইছে আৰু ঈশ্বৰে এইবোৰক ভাল নাপায়। ধৰি লওক, আপুনি খ্ৰীষ্টমাছৰ এসপ্তাহ বা দুসপ্তাহৰ আগত সেই ব্যক্তিজনৰ লগত বাইবেল অধ্যয়ন আৰম্ভ কৰিছে। তেনেহʼলে আপুনি তেওঁক এয়া জনাব নে বাইবেলত উৎসৱবোৰৰ বিষয়ে কি কোৱা হৈছে আৰু আপুনি আশা কৰিব নে যে তেওঁ লগে লগে খ্ৰীষ্টমাছ পালন কৰিবলৈ এৰি দিব। এনে পৰিস্থিতিত আপুনি নম্ৰতাৰে কথা পাতে বুলি দেখুৱায় নে? কিছুমান লোকে বাইবেলৰ পৰা যি শিকে, সেয়া লগে লগে পালন কৰে। কিন্তু কিছুমানক নিজৰ চিন্তাধাৰা আৰু বেয়া অভ্যাসবোৰ এৰিবলৈ সময় লাগে। গতিকে, আমাৰ বাইবেল বিদ্যাৰ্থীয়ে যদি ভালদৰে উন্নতি কৰাটো আমি বিচাৰোঁ, তেনেহʼলে আমি মনত ৰখা উচিত যে আমি কোনটো কথা কেতিয়া কম আৰু তেওঁ সেয়া বুজি পাব নে নাই।—হিতোপদেশ ২৫:১১ পঢ়ক।
যীচুৰ দৰে চিন্তা কৰক যে আপুনি কেতিয়া সত্য জনাব আৰু কিমান জনাব (অনুচ্ছেদ ১৫ চাওক)
১৬. “সত্যৰ পথত চলি” থাকিবলৈ আমি আমাৰ বাইবেল বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰোঁ?
১৬ লোকসকলক যিহোৱাৰ বিষয়ে সত্যতা শিকাই আমি বহুত আনন্দিত হওঁ। এই লেখত আমি শিকিলোঁ যে “সত্যৰ পথত চলি” থাকিবলৈ আমি আনক কেনেকৈ সহায় কৰিব পাৰোঁ। আমি তেওঁলোকৰ কাৰণে এটা ভাল উদাহৰণ ৰাখিব পাৰোঁ। (৩ যোহ. ৩, ৪) আমি যিদৰে জীৱন-যাপন কৰোঁ, তাৰ পৰা দেখুৱাব পাৰোঁ যে আমাৰ বাইবেলৰ সত্যতা আৰু তাৰ প্ৰতিজ্ঞাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। সত্য জনোৱাৰ সময়ত আমাৰ উদ্দেশ্য সঠিক হোৱা উচিত। আমি নম্ৰতাৰে কথা পতা উচিত, অৰ্থাৎ আমি ভাবি-চিন্তি কথা পতা উচিত আৰু সঠিক সময়ত সঠিক কথা কোৱা উচিত। আটাইতকৈ গুৰুত্বপূৰ্ণ, আমি সকলো মহিমা যিহোৱাক দিয়া উচিত। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি দেখুৱাম যে আমি সত্য ঈশ্বৰ যিহোৱাৰ উপাসনা কৰোঁ।
গীত নং ১৬০ ‘সু-খবৰ আহিল’!
a ছবিৰ বিষয়ে: প্ৰথম ছবিত ভাইজনে দেখে যে এজন ব্যক্তিৰ ঘৰত খ্ৰীষ্টমাছৰ গছ সজোৱা হৈছে আৰু তেওঁ ব্যক্তিজনক সেই লেখ দেখুৱায়, যʼত কোৱা হৈছে যে খ্ৰীষ্টমাছৰ আৰম্ভণি কেনেকৈ হʼল। দ্বিতীয় ছবিত দেখুৱা হৈছে যে ভাইজনে সেই ব্যক্তিজনক সেই লেখ দিয়ে, যʼত পিতৃসকলৰ বাবে ভাল পৰামৰ্শ দিয়া হৈছে। আপুনি কি ভাবে, এই দুয়োটাৰ মাজত কোনটো পদ্ধতি লাভজনক হʼব?