ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w26 জানুৱাৰী পৃষ্ঠা ১৪-১৯
  • আমাক মুক্তিৰ মূল্যৰ কিয় প্ৰয়োজন?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমাক মুক্তিৰ মূল্যৰ কিয় প্ৰয়োজন?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৬
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ভুলবোৰৰ ক্ষমা
  • পাপী অৱস্থাৰ পৰা মুকলি
  • ঈশ্বৰৰ লগত ভাল সম্পৰ্ক
  • মুক্তিৰ মূল্য যিহোৱাৰ দয়াৰ এক প্ৰমাণ
  • মুক্তিৰ মূল্যৰ বলিদানৰ পৰা আমি কি শিকিব পাৰোঁ?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • আপুনি মুক্তিৰ মূল্যৰ বলিদানৰ বাবে কেনেকৈ কৃতজ্ঞতা দেখুৱাব?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৬
  • যিহোৱাৰ প্ৰেমৰ বাবে পালোঁ বহুতো আশীৰ্বাদ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যিহোৱাই আপোনাক ক্ষমা কৰিছে—তেওঁৰ কৃতজ্ঞ হওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৬
w26 জানুৱাৰী পৃষ্ঠা ১৪-১৯

মাৰ্চ ১৬-২২, ২০২৬

গীত নং ২০ তুমি নিজৰ একমাত্ৰ পুত্ৰক দিলা

আমাক মুক্তিৰ মূল্যৰ কিয় প্ৰয়োজন?

“মৃত্যুৰ ফালে লৈ যোৱা এই শৰীৰৰ পৰা মোক কোনে বচাব?” —ৰোম. ৭:২৪.

কি শিকিম?

মুক্তিৰ মূল্যৰ বাবে আমি কেনেকৈ ভুলৰ ক্ষমা পাওঁ, পাপী অৱস্থাৰ পৰা ওলাই আহিব পাৰোঁ আৰু যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ।

১-২. আমাক কʼৰ পৰা উলিওৱাৰ প্ৰয়োজন আছে আৰু কিয়? (ৰোমীয়া ৭:২২-২৪) (ছবিখনো চাওক)

কল্পনা কৰক, এখন বিল্ডিং খহি পৰিছে আৰু এজন মানুহ তাত ফচি আছে, তেওঁ জীয়াই আছে কিন্তু হাত ভৰি লৰচৰ কৰিব পৰা নাই। তেওঁ সহায়ৰ বাবে কোনোমতে মাত লগাইছে আৰু আশা কৰিছে যে কোনোবাই যাতে তেওঁক তাৰ পৰা উলিয়াই আনে।

২ কʼবলৈ গʼলে আজি আমাৰ সকলোৰে পৰিস্থিতি এইদৰেই হয়। যেতিয়া আদমে ঈশ্বৰৰ বিৰোধে বিদ্ৰোহ কৰিলে, তেতিয়া তেওঁ পাপী হৈ গʼল। আগলৈ গৈ এই পাপ তেওঁৰ সন্তানসকলেও উত্তৰাধিকাৰী হিচাপে পালে। সেইবাবে, আমি সকলো মানুহ পাপত ফচি আছোঁ। আমি যিমানে চেষ্টা নকৰোঁ কিয় আমি ইয়াৰ পৰা ওলাই আহিব নোৱাৰোঁ। পৌলে ৰোমৰ মণ্ডলীলৈ লিখা চিঠিত এই পৰিস্থিতিৰ বিষয়ে জনালে। (ৰোমীয়া ৭:২২-২৪ পঢ়ক।) তেওঁ কʼলে, “মৃত্যুৰ ফালে লৈ যোৱা এই শৰীৰৰ পৰা মোক কোনে বচাব?” তেওঁ জানিছিল যে উত্তৰাধিকাৰী হিচাপে পোৱা পাপৰ পৰিণাম হৈছে মৃত্যু। (ৰোম. ৬:২৩) আমিও পাপৰ এই বোজাত ফচি আছোঁ আৰু নিজকে নিঃসহায় অনুভৱ কৰিছোঁ।

এখন বিল্ডিং খহি পৰিছে আৰু এজন ব্যক্তিয়ে তাৰ তলত ফচি আছে। তেওঁ নিজৰ হাত আগবঢ়াই সহায় বিচাৰি আছে।

খহি পৰা বিল্ডিঙৰ তলত ফচি থকা মানুহজনৰ দৰে আমিও উত্তৰাধিকাৰী হিচাপে পোৱা পাপৰ বোজাত ফচি আছোঁ আৰু আমাক উলিয়াই অনাৰ প্ৰয়োজন (অনুচ্ছেদ ১-২ চাওক)


৩. মুক্তিৰ মূল্যৰ কাৰণে কি সম্ভৱ হৈ আছে?

৩ পৌলে নিজৰ কথা ইমানতে শেষ কৰা নাছিল। তেওঁৰ এটা আশা আছিল। “মৃত্যুৰ ফালে লৈ যোৱা এই শৰীৰৰ পৰা মোক কোনে বচাব?” এই কথা কোৱাৰ পিছত পৌলে নিজে ইয়াৰ উত্তৰ দিছে। তেওঁ এইদৰে কৈছে, “আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰলৈ ধন্যবাদ হওক।” (ৰোম. ৭:২৫) যীচুৱে ইয়াত মুক্তিৰ মূল্যৰ a বিষয়ে কৈ আছিল। ইয়াৰ পৰা আমি (১) ভুলবোৰৰ ক্ষমা পাওঁ, (২) পাপী অৱস্থাৰ পৰা ওলাই আহিব পাৰোঁ আৰু (৩) যিহোৱাৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ। এই লেখত আমি এই তিনিটা কথাৰ ওপৰত আলোচনা কৰিম। ইয়াৰ পৰা ‘আশা দিওঁতা ঈশ্বৰ’ যিহোৱাৰ বাবে আমাৰ হৃদয়ত প্ৰেম বাঢ়িব। (ৰোম. ১৫:১৩) আমি যীচুৰ প্ৰতি আৰু বেছি কৃতজ্ঞ হʼম, যিজনে আমাক ‘মুক্তিৰ মূল্য দি উদ্ধাৰ কৰিলে।’—কল. ১:১৪.

ভুলবোৰৰ ক্ষমা

৪-৫. আমাক সকলোকে মুক্তিৰ মূল্যৰ কিয় প্ৰয়োজন? (উপদেশক ৭:২০)

৪ আমি অসিদ্ধ হওঁ, সেইবাবে কথা আৰু কামেৰে ভুল কৰি পাওঁ। (উপদেশক ৭:২০ পঢ়ক।) এনেধৰণৰ ভুল আৰু পাপৰ ক্ষমা পাবলৈ আমাক মুক্তিৰ মূল্যৰ প্ৰয়োজন হয়। কিছুমান পাপ গম্ভীৰ হয়। যেনে, ব্যভিচাৰ কৰা, হত্যা কৰা। মোচিৰ নিয়মত এনেধৰণৰ পাপ গম্ভীৰ আছিল আৰু ইয়াৰ কাৰণে এজন ব্যক্তিক মৃত্যুৰ শাস্তি দিয়া হৈছিল। (লেবী. ২০:১০; গণ. ৩৫:৩০, ৩১) কিন্তু কিছুমান পাপ ইমান গম্ভীৰ নহয়, তথাপিও সেইবোৰ পাপে হয়। দায়ূদেও এটা পাপৰ বিষয়ে এইদৰে কৈছিল, “মোৰ জিবাৰে মই যেন পাপ নকৰোঁ, এই নিমিত্তে মোৰ পথত মই সাৱধানে চলিম।” (গীত. ৩৯:১) ইয়াৰ পৰা বুজিব পাৰি যে আমি কথা কওঁতেও পাপ কৰিব পাৰোঁ—যাকো. ৩:২.

৫ আপুনি আগতে কোৱা কথা আৰু কামৰ বিষয়ে চিন্তা কৰক। আপুনি কাৰোবাক এনে কিবা কৈছে নে যাৰ বাবে আপুনি এতিয়াও দোষী অনুভৱ কৰে? আপুনি এনে কিবা কৰিছে নে যাৰ বাবে আপুনি এতিয়াও দুখিত? আমাৰ সকলোৰে লগত এইদৰে হৈছে। বাইবেলে এইদৰে কৈছে, “যদি আমি কওঁ, ‘আমাৰ ভিতৰত পাপ নাই,’ তেনেহʼলে আমি নিজকে ভুলাই আছোঁ আৰু সত্যতা আমাৰ ভিতৰত নাই।”—১ যোহ. ১:৮.

৬-৭. যিহোৱাই কিহৰ আধাৰত আমাৰ পাপ ক্ষমা কৰে? (ছবিখনো চাওক।)

৬ আমি যেতিয়া পাপ কৰোঁ, তেতিয়া যিহোৱাই আমাক ক্ষমা কৰিব পাৰে আৰু তেওঁ এইদৰে কৰিবও বিচাৰে। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে যিহোৱাই আমাৰ পাপবোৰ আওকাণ কৰি দিব। যিহোৱাৰ দৃষ্টিত পাপ কৰাটো এটা গম্ভীৰ বিষয় হয়। (যিচ. ৫৯:২) যিহোৱা ন্যায়ী ঈশ্বৰ হয়, তেওঁ যিয়ে কৰে তাৰ এটা আধাৰ থাকে। আমাক ক্ষমা কৰিবলৈও তেওঁক এটা আধাৰ লাগে আৰু সেয়া হৈছে, মুক্তিৰ মূল্য।—ইফি. ১:৭.

৭ মোচিৰ নিয়মৰ অনুসৰি ইস্ৰায়েলীসকলে পাপৰ পৰা ক্ষমা পাবলৈ জন্তুৰ বলিদান দিছিল। (লেবী. ৪:২৭-৩১; ১৭:১১) এই বলিদান আহিবলগীয়া ভাল ব্যৱস্থাৰ এটা ছাঁ আছিল। সেই ব্যৱস্থা হৈছে যীচু খ্ৰীষ্টৰ মুক্তিৰ মূল্যৰ বলিদান, যাৰ পৰা সকলো মানুহে বহুতো আশীৰ্বাদ পালেহেঁতেন। এই বলিদানে আমাৰ পাপ ক্ষমা কৰিবলৈ যিহোৱাক এটা আইনগত আধাৰ দিলেহেঁতেন। পৌলে কৰিন্থৰ মণ্ডলীলৈ লিখাৰ সময়ত এই বলিদানৰ গুৰুত্বতাৰ বিষয়ে কʼলে। প্ৰথমে তেওঁ কʼলে যে তেওঁলোকে আগতে কি কি কামত লাগি আছিল। তাৰ পাছত তেওঁ কʼলে, “কিন্তু তোমালোকক ধুই শুচি কৰা হʼল, পবিত্ৰ কৰা হʼল আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু আমাৰ ঈশ্বৰৰ পবিত্ৰ শক্তিৰে ভাল মানুহ বুলি গণ্য কৰা হʼল।”—১ কৰি. ৬:৯-১১.

এজন ইস্ৰায়েলী পৰিয়ালে আনন্দেৰে মন্দিৰত মহা-পুৰোহিতক ভেড়া দি আছে।

ইস্ৰায়েলীসকলে নিজৰ পাপৰ ক্ষমা পাবলৈ জন্তুৰ বলিদান দিছিল। এই বলিদান যীচুৰ মুক্তিৰ মূল্যৰ এটা ছাঁ আছিল, যাৰ যোগেদি মানুহে বহুতো আশীৰ্বাদ পাব (অনুচ্ছেদ ৬-৭ চাওক)


৮. এই বছৰৰ স্মৰণীয় দিনৰ আগতে আপুনি কিহৰ বিষয়ে ভাবিব পাৰে?

৮ এই বছৰৰ স্মৰণীয় দিনৰ প্ৰস্তুতি কৰা সময়ত অলপ সময় উলিয়াই চিন্তা কৰক যে যিহোৱাই মানুহৰ ভুলবোৰ ক্ষমা কৰি দিয়ে আৰু এই কথা কিমান গুৰুত্বপূৰ্ণ। যেনে, মুক্তিৰ মূল্যৰ বাবে আমি আগতে কৰা ভুলবোৰৰ বিষয়ে ভাবি থাকি দোষী অনুভৱ নকৰোঁ। কিন্তু বহুত চেষ্টা কৰাৰ পাছতো আপোনাক ক্ষমা কৰা হʼল বুলি মানি লʼবলৈ কঠিন হʼব পাৰে। আপুনি হয়তো ভাবে ‘মই জানোঁ যে যিহোৱাই আমাৰ পাপ ক্ষমা কৰি দিয়ে, কিন্তু মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ।’ এনে পৰিস্থিতিত আপুনি মনত ৰাখিব পাৰে যে কাক ক্ষমা কৰিব লাগে আৰু কাক ক্ষমা কৰিব নালাগে, ইয়াৰ নিৰ্ণয় যিহোৱাই লয়। সকলো মানুহক ন্যায় কৰাৰ অধিকাৰ যিহোৱাই যীচুক দিছে। তেওঁ আপোনাক বা কোনো মানুহক এয়া নিৰ্ণয় লʼবলৈ অধিকাৰ দিয়া নাই যে কাক দয়া কৰিব লাগে আৰু কাক ক্ষমা কৰিব লাগে। বাইবেলত এয়াও লিখা আছে, ‘আমি যদি পোহৰত চলি থাকোঁ, যিদৰে যিহোৱাই নিজেও পোহৰত আছে, তেনেহʼলে তেওঁৰ পুত্ৰ যীচুৰ তেজে আমাৰ সকলো পাপ ধুই আমাক শুদ্ধ কৰে।’ (১ যোহ. ১:৬, ৭) বাইবেলৰ আন শিক্ষাৰ ওপৰত আমি যিমান বিশ্বাস কৰোঁ, সিমানেই আমি এই মুক্তিৰ মূল্যৰ ওপৰতো বিশ্বাস কৰিব পাৰোঁ। এই বলিদানৰ পৰা যিহোৱাই আমাক ক্ষমা কৰাৰ এটা আইনগত আধাৰ পাইছে। তেওঁৰ বাক্যতো এইদৰে লিখা আছে, যিহোৱা “ক্ষমাৱান” ঈশ্বৰ হয়।—গীত. ৮৬:৫.

পাপী অৱস্থাৰ পৰা মুকলি

৯. পাপৰ অৰ্থ কি? (গীতমালা ৫১:৫)

৯ বাইবেলত যি “পাপ” শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ অৰ্থ প্ৰতিবাৰে বেয়া কাম কৰাক নুবুজায়। ইয়াৰ পৰিৱৰ্তে, বহুবাৰ ই আমাৰ অসিদ্ধতা বা পাপী অৱস্থাক বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হৈছে, যি আমি জন্মগতভাৱে পাইছোঁ। (গীতমালা ৫১:৫ পঢ়ক।) এই অৱস্থাৰ বাবে আমি কেৱল বেয়া কাম কৰিবলৈ ঢাল খাওঁ এনে নহয়, ইয়াৰ পৰিৱৰ্তে এই অৱস্থাৰ বাবে আমাৰ বেমাৰ হয়, আমি বৃদ্ধ হওঁ আৰু আমাৰ মৃত্যু হয়। এই অৱস্থাৰ কাৰণে সৰু সৰু লʼৰা-ছোৱালীয়ে বেয়া কাম নকৰাৰ সত্ত্বেও সিহঁতৰ বেমাৰ হয় আৰু কেতিয়াবা কেতিয়াবা মৃত্যু হয়। কʼবলৈ গʼলে প্ৰতিজন মানুহে বেয়াই হওক বা ভালেই হওক, এদিন নহয় এদিন মৰি যায়।

১০. পাপ কৰাৰ পাছত আদম আৰু হৱাৰ লগত কি হʼল?

১০ যেতিয়া আদম আৰু হৱাই পাপ কৰিলে, তেতিয়া তেওঁলোক অসিদ্ধ হৈ পৰিল আৰু তেওঁলোকৰ জীৱন একেবাৰে সলনি হৈ গʼল। ঈশ্বৰৰ নিয়ম তেওঁলোকৰ ‘হৃদয়ত লিখা আছিল,’ কিন্তু সেয়া নমনাৰ লগে লগে তাৰ বেয়া পৰিণাম দেখা পালে। (ৰোম. ২:১৫) তেওঁলোকৰ অনুভৱ হʼল যে এতিয়া সকলো সলনি হৈ গʼল, তেওঁলোক এতিয়া আগৰ দৰে নাই। তেওঁলোকে নিজৰ শৰীৰ ঢাকিবলৈ চেষ্টা কৰিবলৈ ধৰিলে আৰু ঈশ্বৰৰ পৰা নিজকে অপৰাধীৰ দৰে লুকুৱাবলৈ চেষ্টা কৰিলে। (আদি. ৩:৭, ৮) প্ৰথমবাৰ তেওঁলোকে দোষী অনুভৱ কৰিলে, তেওঁলোকে চিন্তিত আৰু ব্যাকুল হৈছিল আৰু দুখ আৰু লাজ অনুভৱ কৰিছিল। এতিয়াৰ পৰা এই ভাৱনাবোৰে তেওঁলোকক আমনি কৰিলেহেঁতেন।—আদি. ৩:১৬-১৯.

১১. পাপে মানুহৰ ওপৰত কি প্ৰভাৱ পেলাইছে?

১১ আদম আৰু হৱাৰ সন্তান হোৱাৰ বাবে আমি জন্মৰে পৰা পাপী হওঁ। সেইবাবে, ভুল কৰিলে আমিও দোষী আৰু লাজ অনুভৱ কৰোঁ। আচলতে আমাৰ সকলো দুখ-কষ্টৰ কাৰণ হৈছে এই পাপী অৱস্থা। যেতিয়ালৈকে আমি পাপী হৈ থাকিম, আমি যিমানেই চেষ্টা নকৰোঁ কিয় আমি নিজকে সমস্যাবোৰৰ পৰা উলিয়াই আনিব নোৱাৰোঁ। বাইবেলতো এইদৰে লিখা আছে, “সৃষ্টিক ব্যৰ্থতাৰ অধীন কৰা হʼল।” (ৰোম. ৮:২০) কল্পনা কৰক, মানুহে পৃথিৱীৰ পৰিস্থিতি শুধৰণি কৰিবলৈ, অপৰাধ আৰু দৰিদ্ৰতা নাইকিয়া কৰিবলৈ আৰু পৃথিৱীত শান্তি আনিবলৈ বহুত কিছু কৰিছে। কিন্তু এই সকলো ব্যৰ্থ হৈছে, মানুহৰ চেষ্টা সফল হোৱা নাই। কিন্তু মুক্তিৰ মূল্যৰ যোগেদি আমি কেনেকৈ পাপী অৱস্থাৰ পৰা ওলাই আহিব পাৰোঁ?

১২. মুক্তিৰ মূল্যৰ কাৰণে আমি কি আশা পাওঁ?

১২ মুক্তিৰ মূল্যৰ কাৰণে আমাৰ ওচৰত এটা আশা আছে। সেয়া হৈছে, ‘সৃষ্টিয়ে ভ্ৰষ্টতাৰ দাসত্বৰ পৰা মুক্ত হʼব।’ (ৰোম. ৮:২১) নতুন পৃথিৱীত মুক্তিৰ মূল্যৰ বাবে পোৱা লাভবোৰ আমি দেখিবলৈ পাম। আমাৰ কাৰো বেমাৰ নহʼব, কোনো চিন্তা নাথাকিব আৰু কোনো কথাই আমাক আমনি নকৰিব, আমি কেতিয়াও দোষী আৰু লাজ অনুভৱ নকৰিম, আমি ব্যাকুল আৰু দুখী নহʼম। সেই সময়ত পৃথিৱীৰ পৰিৱেশ বৰ ধুনীয়া হʼব, চাৰিওফালে শান্তি হʼব। কিয়নো “শান্তিৰাজ” যীচু খ্ৰীষ্টই আমাৰ ওপৰত শাসন কৰিব, যিজনে নিজে আমাৰ কাৰণে মুক্তিৰ মূল্য দিলে।—যিচ. ৯:৬, ৭.

১৩. এই বছৰৰ স্মৰণীয় দিনত উপস্থিত হোৱাৰ আগতে আপুনি আৰু কিহৰ বিষয়ে চিন্তা কৰিব পাৰে?

১৩ কল্পনা কৰক, যেতিয়া আপুনি নতুন পৃথিৱীত এই পাপী অৱস্থাৰ পৰা মুকলি হʼব, তেতিয়া আপোনাৰ জীৱন কেনেকুৱা হʼব। সদায় ৰাতিপুৱা উঠি আপোনাক ভাল লাগিব, আপোনাক এই চিন্তাই আমনি নকৰিব যে আপুনি আৰু আপোনাৰ লʼৰা-ছোৱালীয়ে ভোকত থাকিব লাগিব, বেমাৰ বা মৃত্যু হʼব লাগিব। ইয়াৰ উপৰিও, ভৱিষ্যতৰ বাবে থকা আশাৰ বিষয়ে চিন্তা কৰি আপুনি আজিও আনন্দত থাকিব পাৰিব। “এই আশা আমাৰ জীৱনৰ কাৰণে এক লংগৰৰ দৰে হয়, যি নিশ্চিত আৰু মজবুত হয়।” (ইব্ৰী ৬:১৮, ১৯) যিদৰে এটা লংগৰে ধুমুহাৰ সময়ত এটা নাৱক চম্ভালি ৰাখে, ভৱিষ্যতৰ বাবে থকা আশাৰ বিষয়ে চিন্তা কৰিলে আমি সমস্যাৰ সময়ত নিজকে চম্ভালিব পাৰোঁ, ধৈৰ্য ধৰিব পাৰোঁ আৰু নিজৰ বিশ্বাস মজবুত কৰি ৰাখিব পাৰোঁ। মনত ৰাখক, যিহোৱাই “সেই লোকসকলক পুৰস্কাৰ দিয়ে, যিসকলে সম্পূৰ্ণ যত্নেৰে তেওঁক বিচাৰে।” (ইব্ৰী ১১:৬) মুক্তিৰ মূল্যৰ বাবে আমি ভৱিষ্যতৰ বাবে আশা লাভ কৰোঁ আৰু আজি শান্ত্বনা পাওঁ।

ঈশ্বৰৰ লগত ভাল সম্পৰ্ক

১৪. আদম আৰু হৱাই যেতিয়া পাপ কৰিলে, তেতিয়া কি হʼল আৰু কিয়?

১৪ যেতিয়া আদম আৰু হৱাই পাপ কৰিলে, তেতিয়া তেওঁলোক আৰু আগলৈ গৈ সকলো মানুহ যিহোৱাৰ পৰা দূৰ হৈ গʼল। আনকি, বাইবেলত এয়াও কোৱা হৈছে যে মানুহ ঈশ্বৰৰ শত্ৰু হৈ গʼল। (ৰোম. ৮:৭, ৮; কল. ১:২১) কিয় বাৰু? কিয়নো যিহোৱাৰ মানদণ্ড উচ্চ আৰু তেওঁ পাপবোৰ আওকাণ কৰিব নোৱাৰে। বাইবেলত তেওঁৰ বিষয়ে এইদৰে কোৱা হৈছে, “তুমি এনে নিৰ্ম্মল চকুৱা, যে, তুমি মন্দ দেখিব নোৱাৰা, আৰু অধৰ্ম্মলৈ চকু দিয়া তোমাৰ অসাধ্য।” (হব. ১:১৩) সেইবাবে, আদম আৰু হৱাই পাপ কৰাৰ বাবে যিহোৱা আৰু আমাৰ মাজত থকা সম্পৰ্কত দূৰত্ব আহি গৈছে। তেওঁৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ সেই দূৰত্বটো আঁতৰোৱাৰ প্ৰয়োজন আছিল। মুক্তিৰ মুল্যৰ কাৰণে তেওঁৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি উঠিল।

১৫. মুক্তিৰ মূল্যৰ বলিদানৰ পৰা যিহোৱা কিয় আনন্দিত হʼল আৰু ইয়াৰ পৰা কি সম্ভৱ হʼল?

১৫ বাইবেলত কোৱা হৈছে যে যীচু আমাৰ পাপৰ কাৰণে এনে বলিদান হয়, ‘যিয়ে ঈশ্বৰৰ লগত আমাৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলে।’ (১ যোহ. ২:২) যি গ্ৰীক শব্দৰ অনুবাদ ‘যিয়ে ঈশ্বৰৰ লগত আমাৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা’ বুলি কৰা হৈছে তাৰ অৰ্থ ‘ঈশ্বৰক আনন্দিত কৰাও’ হʼব পাৰে। কিন্তু যিহোৱা যীচুৰ মুক্তিৰ মূল্যৰ বলিদানৰ পৰা কেনেকৈ আনন্দিত হʼল? যিহোৱা যীচুৰ মৃত্যুৰ পৰা আনন্দিত হৈছে এনে নহয়। ইয়াৰ পৰিৱৰ্তে, মুক্তিৰ মূল্যৰ বলিদানৰ পৰা যিহোৱাই আমাৰ লগত আকৌ সম্পৰ্ক গঢ়ি তোলাৰ এটা আধাৰ পালে। সেইবাবে, তেওঁ আনন্দিত হৈছে। (ৰোম. ৩:২৩-২৬) মন কৰিবলগীয়া কথা যে যিহোৱাই যীচুৰ মৃত্যুৰ আগতেই তেওঁৰ মুক্তিৰ মূল্যৰ বলিদানৰ আধাৰত নিজৰ বিশ্বাসী সেৱকসকলক ভাল মানুহ বুলি গণ্য কৰিলে। কাৰণ যিহোৱাৰ সম্পূৰ্ণ বিশ্বাস আছিল যে আগলৈ গৈ তেওঁৰ পুত্ৰই মুক্তিৰ মূল্য দিব।—আদি. ১৫:১, ৬; যিচ. ৪৬:১০.

১৬. এই বছৰৰ স্মৰণীয় দিনৰ প্ৰস্তুতি কৰাৰ সময়ত আপুনি আৰু কি বিষয়ে ভাবিব পাৰে? (ছবিখনো চাওক।)

১৬ মুক্তিৰ মূল্যৰ বলিদানৰ কাৰণেই যিহোৱাৰ লগত আপোনাৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠিছে, চিন্তা কৰকচোন এয়া কিমান গুৰুত্বপূৰ্ণ। আপুনি নিশ্চয় তেওঁক নিজৰ “পিতৃ” বুলি কয়, যিদৰে যীচুৱেও শিকাইছিল। (মথি ৬:৯) আপুনি হয়তো তেওঁক নিজৰ “বন্ধু” বুলিও কয়। আমি তেওঁক প্ৰেম আৰু শ্ৰদ্ধাৰে পিতৃ আৰু বন্ধু বুলি কʼব বিচাৰোঁ। কিয়নো পাপী হোৱাৰ বাবে আমি নিজৰ সহায়ত যিহোৱাৰ কাষ চাপিব নোৱাৰে। কেৱল যীচুৰ কাৰণেই আমি তেওঁৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিছোঁ। যীচুৰ যোগেদি যিহোৱাই ‘সকলোৰে লগত শান্তিপূৰ্ণ সম্পৰ্ক স্থাপন কৰিলে। ঈশ্বৰে এই শান্তি সেই তেজৰ আধাৰত স্থাপন কৰিলে, যি খ্ৰীষ্টই যাতনাৰ কাঠত দিছিল।’ (কল. ১:১৯, ২০) মুক্তিৰ মূল্যৰ কাৰণেই অসিদ্ধ হোৱাৰ সত্ত্বেও আমি যিহোৱাৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ।

ৰোমান সৈনিকে যীচুক কাঠত আঁৰিবলৈ তৈয়াৰী কৰি আছে। দুজন ৰোমান সৈনিকে যীচুক কাঠৰ ওচৰলৈ আনি আছে আৰু এজন ৰোমান সৈনিকে হাতুৰী আৰু গজাল ধৰি আছে।

মুক্তিৰ মূল্যৰ বাবে যিহোৱাই মানুহৰ লগত আকৌ এক সম্পৰ্ক গঢ়ি তোলাৰ আইনগত আধাৰ পালে (অনুচ্ছেদ ১৬ চাওক)


মুক্তিৰ মূল্য যিহোৱাৰ দয়াৰ এক প্ৰমাণ

১৭. মুক্তিৰ মূল্যৰ ব্যৱস্থাৰ পৰা কেনেকৈ জানিব পাৰি যে যিহোৱা দয়ালু ঈশ্বৰ হয়? (ইফিচীয়া ২:৪, ৫)

১৭ মুক্তিৰ মূল্যৰ বলিদান এই কথাৰ প্ৰমাণ হয় যে যিহোৱা “দয়াৰ ধনেৰে ধনী।” “আমি নিজৰ অপৰাধবোৰৰ কাৰণে মৰি গৈছিলোঁ,” কিন্তু যিহোৱাই “আমাক জীয়াই তুলিলে।” (ইফিচীয়া ২:৪, ৫ পঢ়ক।) খহি পৰা ব্লিডিঙৰ তলত ফচি থকা মানুহজনৰ দৰে আজি এনে বহুতো লোক আছে, যিসকলে নিজে নিজৰ সমস্যাবোৰ সমাধান কৰিব নোৱাৰে। যিহোৱাই চাব পাৰে যে তেওঁলোকৰ “সঠিক মন আছে।” (পাঁচ. ১৩:৪৮) সেইবাবে, যিহোৱাই তেওঁলোকক ৰাজ্যৰ শুভবাৰ্তা দিয়ে যাতে তেওঁলোকে যিহোৱা আৰু যীচুক জানিব পাৰে। (যোহ. ১৭:৩) চয়তানে ভাবিছিল যে আদম আৰু হৱাই পাপ কৰাৰ বাবে যিহোৱাৰ উদ্দেশ্য আধৰুৱা হৈ যাব, কিন্তু সি ভুল ধাৰণাত আছিল।

১৮. মুক্তিৰ মূল্যৰ বিষয়ে ধ্যান কৰাৰ সময়ত আমি কি কথা মনত ৰখা উচিত?

১৮ এয়া সঁচা যে মুক্তিৰ মূল্যৰ বাবে আমি বহুতো আশীৰ্বাদ পাইছোঁ আৰু ইয়াৰ বিষয়ে ধ্যান কৰা উচিত। কিন্তু আমি মনত ৰখা উচিত যে মুক্তিৰ মূল্যৰ বলিদান দিয়াৰ ইয়াতকৈ ডাঙৰ এটা কাৰণ আছিল। যিহোৱাই আমাক কেৱল উদ্ধাৰ কৰিবলৈ যীচুৰ মুক্তিৰ মূল্য দিয়া নাছিল, ইয়াৰ পৰিৱৰ্তে এদন বাগিচাত চয়তানে যি বিষয় উত্থাপন কৰিছিল, তাক সমাধান কৰিবলৈও তেওঁ মুক্তিৰ মূল্যৰ ব্যৱস্থা কৰিলে। (আদি. ৩:১-৫, ১৫) ইয়াৰ যোগেদি যিহোৱাই নিজৰ নাম পবিত্ৰ কৰিব আৰু তেওঁৰ ওপৰত লগোৱা সকলো মিছা অভিযোগক মিছা বুলি প্ৰমাণ কৰিব। তেওঁ আমাক বহুত প্ৰেম কৰে, সেইবাবে মুক্তিৰ মূল্যৰ যোগেদি তেওঁ আমাক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিব। ইয়াৰ উপৰিও, তেওঁ আমাৰ ওপৰত মহা-কৃপা কৰিছে। আমি পাপী হওঁ, তথাপিও তেওঁ চয়তানৰ দাবীক মিছা বুলি প্ৰমাণ কৰিবলৈ আমাক সুযোগ দিছে। (হিতো. ২৭:১১) আপুনি কেনেকৈ দেখুৱাব পাৰে যে মুক্তিৰ মূল্যৰ বাবে আপুনি যিহোৱাৰ প্ৰতি কৃতজ্ঞ? ইয়াৰ পিছৰ লেখত আমি ইয়াৰ উত্তৰ পাম।

মুক্তিৰ মূল্যৰ বলিদানৰ বাবে . . .

  • আমি কেনেকৈ নিজৰ ভুলবোৰৰ ক্ষমা পাওঁ?

  • আমি কেনেকৈ পাপী অৱস্থাৰ পৰা মুকলি হওঁ?

  • ঈশ্বৰৰ লগত আমি কেনেকৈ ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ?

গীত নং ১৯ প্ৰভুৰ সন্ধ্যা ভোজ

a ইয়াৰ অৰ্থ কি? বন্দীৰ পৰা মুকলি হʼবলৈ দিবলগীয়া মূল্যক মুক্তিৰ মূল্য বুলি কোৱা হয়। আটাইতকৈ ডাঙৰ মুক্তিৰ মূল্য যীচুৱে দিছিল। তেওঁ আজ্ঞা পালন কৰা লোকক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ নিজৰ জীৱন দিলে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক