ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w26 জানুৱাৰী পৃষ্ঠা ২০-২৫
  • আপুনি মুক্তিৰ মূল্যৰ বলিদানৰ বাবে কেনেকৈ কৃতজ্ঞতা দেখুৱাব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি মুক্তিৰ মূল্যৰ বলিদানৰ বাবে কেনেকৈ কৃতজ্ঞতা দেখুৱাব?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৬
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • বাইবেল বিদ্যাৰ্থী
  • বাপ্তিষ্মা লোৱা ভাই-ভনীসকল
  • সেই ভেড়া, যিসকল দূৰ হৈ গৈছে
  • আপুনি কি কৰিব?
  • যিহোৱাৰ প্ৰেমৰ বাবে পালোঁ বহুতো আশীৰ্বাদ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • মুক্তিৰ মূল্যৰ বলিদানৰ পৰা আমি কি শিকিব পাৰোঁ?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • আমাক মুক্তিৰ মূল্যৰ কিয় প্ৰয়োজন?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৬
  • বছৰৰ বিশেষ দিনৰ বাবে আপুনি সাজু নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৬
w26 জানুৱাৰী পৃষ্ঠা ২০-২৫

মাৰ্চ ২৩-২৯, ২০২৬

গীত নং ১৮ মুক্তিৰ মূল্যৰ বাবে কৃতজ্ঞতা

আপুনি মুক্তিৰ মূল্যৰ বলিদানৰ বাবে কেনেকৈ কৃতজ্ঞতা দেখুৱাব?

“খ্ৰীষ্টৰ প্ৰেমে আমাক বাধ্য কৰায়।”—২ কৰি. ৫:১৪.

কি শিকিম?

মুক্তিৰ মূল্যৰ বাবে আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

১-২. যীচুৰ মুক্তিৰ মূল্যৰ বলিদানে আমাক কি কৰিবলৈ বাধ্য কৰায় আৰু কিয়? (২ কৰিন্থীয়া ৫:১৪, ১৫) (ছবিখনো চাওক।)

কল্পনা কৰক, আপুনি এখন বিল্ডিঙত আছে আৰু হঠাতে সেই বিল্ডিংখন খহি পৰিল আৰু তাৰ ভিতৰত আপুনি ফচি গʼল। তাৰ পাছত এজন ব্যক্তিয়ে আহি আপোনাক তাৰ পৰা উলিয়াই আনে। আপুনি তেওঁৰ প্ৰতি কৃতজ্ঞ নহʼব নে? যদিও সেই ব্যক্তিজনে আপোনাৰ লগতে আৰু বহুতো লোকক তাৰ পৰা উলিয়াই আনিলে, তথাপি আপুনি তেওঁক নিশ্চয় জনাব বিচাৰিব যে আপুনি তেওঁৰ প্ৰতি কিমান কৃতজ্ঞ আৰু তেওঁ আপোনাৰ বাবে যি কৰিলে, তাক আপুনি কেতিয়াও নাপাহৰে।

২ যিদৰে আমি আগৰ লেখত শিকিছিলোঁ যে আমি পাপৰ বোজাত ফচি আছোঁ আৰু আমি নিজে তাৰ পৰা ওলাই আহিব নোৱাৰোঁ। কিন্তু যিহোৱাই তাৰ পৰা উলিয়াই আনিবলৈ মুক্তিৰ মূল্যৰ ব্যৱস্থা কৰিলে। ইয়াৰ বাবে (১) আমি আমাৰ ভুলবোৰৰ ক্ষমা পাওঁ, (২) পাপী অৱস্থাৰ পৰা ওলাই আহিব পাৰোঁ আৰু (৩) ঈশ্বৰৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ। যীচুৰ মুক্তি মূল্যৰ বলিদানৰ কাৰণে আমি নতুন পৃথিৱীত সদায় জীয়াই থকাৰ আশা লাভ কৰিছোঁ। যীচুৱে দিয়া বলিদান এই কথাৰ প্ৰমাণ হয় যে তেওঁ আমাক সকলোকে বহুত প্ৰেম কৰে। পৃথিৱীত অহাৰ হাজাৰ হাজাৰ বছৰ আগতে যেতিয়া তেওঁ যিহোৱাৰ লগত মিলি মানুহক সৃষ্টি কৰিছিল, তেতিয়াৰে পৰা তেওঁ আমাক প্ৰেম কৰে। (হিতো. ৮:৩০, ৩১) যীচুৰ প্ৰেমৰ বিষয়ে পাঁচনি পৌলে এইদৰে কʼলে, “খ্ৰীষ্টৰ প্ৰেমে আমাক বাধ্য কৰায়।” (২ কৰিন্থীয়া ৫:১৪, ১৫ পঢ়ক।) ইয়াৰ অৰ্থ হৈছে যীচুৱে আমাৰ প্ৰতি যি প্ৰেম দেখুৱালে, সেই প্ৰেমে আমাক মুক্তিৰ মূল্যৰ বলিদানৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ বাধ্য কৰাব।

আগৰ লেখত যিজন ব্যক্তিৰ বিষয়ে কোৱা হৈছিল, যিজন খহি পৰা বিল্ডিঙৰ তলত ফচি আছিল, তেওঁক উদ্ধাৰকাৰী দলৰ এজন মানুহে বাহিৰলৈ উলিয়াই আছে।

আমাক খহি পৰা বিল্ডিঙৰ পৰা বা উত্তৰাধীকাৰী হিচাপে পোৱা পাপৰ পৰা যিজনে উদ্ধাৰ কৰিছে, তেওঁৰ প্ৰতি আমি সদায় কৃতজ্ঞ হৈ থাকিম (অনুচ্ছেদ ১-২ চাওক)


৩. সকলোৱে কিয় বেলেগ বেলেগ উপায়েৰে নিজৰ কৃতজ্ঞতা দেখুৱায়?

৩ মুক্তিৰ মূল্যৰ বলিদানৰ যোগেদি যীচুৱে আপোনাৰ বাবে যি প্ৰেম দেখুৱালে, তাৰ কাৰণে আপুনি কি কৰিবলৈ বাধ্য হয়? ইয়াৰ উত্তৰ হয়তো সকলোৱে বেলেগ বেলেগ ধৰণে দিয়ে। কিয় বাৰু? ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। তিনিজন ব্যক্তি বেলেগ বেলেগ চহৰত থাকে। কিন্তু তেওঁলোকে একেখন ঠাইলৈ যাব বিচাৰে। তেওঁলোকে নিশ্চয় বেলেগ বেলগ ৰাস্তাইদি তালৈ যাব। ঠিক সেইদৰে আমাৰো লক্ষ্যস্থান এটাই। আমি যীচুৰ মুক্তিৰ মূল্যৰ বলিদানৰ প্ৰতি কিমান কৃতজ্ঞ, সেয়া দেখুৱাব বিচাৰোঁ। কিন্তু আমি যিদৰে কৃতজ্ঞতা দেখুৱাওঁ, আনে হয়তো সেইদৰে নেদেখুৱাবও পাৰে। এই লেখত আমি শিকিম যে (১) বাইবেল বিদ্যাৰ্থী (২) বাপ্তিষ্মা লোৱা ভাই-ভনীসকল আৰু (৩) সেই ভেড়া, যিসকল ঈশ্বৰৰ পৰা দূৰ হৈ গৈছে, তেওঁলোকে কেনেকৈ দেখুৱাব পাৰে যে তেওঁলোক যীচুৰ মুক্তিৰ মূল্যৰ প্ৰতি কৃতজ্ঞ?

বাইবেল বিদ্যাৰ্থী

৪. যিসকলে বাইবেল অধ্যয়ন কৰে, তেওঁলোকৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে?

৪ আপুনি বাইবেল অধ্যয়ন কৰি আছে নে? যদি কৰি আছে, তেনেহʼলে এই বিষয়ে চিন্তা কৰক: আপুনি যিহোৱা আৰু বাইবেলৰ শিক্ষাৰ বিষয়ে যি শিকি আছে, ইয়ে প্ৰমাণ কৰে যে যিহোৱাই আপোনাক নিজৰ ফালে আকৰ্ষিত কৰিছে আৰু আপোনাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব বিচাৰে। (যোহ. ৬:৪৪; পাঁচ. ১৩:৪৮) বাইবেলত লিখা আছে যে যিহোৱাই ‘হৃদয় পৰীক্ষা কৰে।’ ইয়াৰ অৰ্থ হৈছে, আপুনি তেওঁৰ বিষয়ে শিকিবলৈ আৰু তেওঁৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিবলৈ যি পৰিশ্ৰম কৰি আছে, তালৈ তেওঁ ধ্যান দিয়ে। বিশ্বাস ৰাখক, এয়া কৰা দেখি যিহোৱা বহুত আনন্দিত হয়। (হিতো. ১৭:৩; ২৭:১১) তেওঁ আপোনাৰ বাবে যীচুৰ মুক্তিৰ মূল্যৰ ব্যৱস্থা কৰিছে। তেওঁ এইদৰে নকৰা হʼলে আপুনি তেওঁৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব নোৱাৰিলেহেঁতেন। (ৰোম. ৫:১০, ১১) সেইবাবে, মুক্তিৰ মূল্য কিমান গুৰুত্বপূৰ্ণ, সেয়া মনত ৰখা উচিত।

৫. যিসকলে বাইবেল অধ্যয়ন কৰি আছে, তেওঁলোকে ফিলিপীয়া ৩:১৬ পদত দিয়া পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰে?

৫ যদি আপুনি বাইবেল অধ্যয়ন কৰি আছে, তেনেহʼলে আপুনি কেনেকৈ যীচুৰ মুক্তিৰ মূল্যৰ বলিদানৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰে? এইদৰে কৰিবলৈ আপুনি পৌলৰ পৰামৰ্শ পালন কৰক, যি তেওঁ ফিলিপীৰ খ্ৰীষ্টানসকললৈ লিখিছিল: “আমি যিমান উন্নতি কৰিলোঁ, আহা আমি এই পথত সংগঠিতভাৱে চলি থাকোঁ।” (ফিলি. ৩:১৬) আপুনি জীৱনৰ যি পথত চলি আছে, তাতে চলি থাকক, কোনো কথাক বাধা হʼবলৈ নিদিব।—মথি ৭:১৪; লূক ৯:৬২.

৬. যদি কোনো বাইবেল বিদ্যাৰ্থীৰ বাবে কিবা শিক্ষা পালন কৰিবলৈ বা কোনো এটা অভ্যাস এৰিবলৈ কঠিন হৈছে, তেনেহʼলে তেওঁ কি কৰিব পাৰে? (দ্বিতীয় বিবৰণ ৩০:১১-১৪) (ছবিখনো চাওক।)

৬ আপুনি অলপতে বাইবেলৰ পৰা এনে শিক্ষা শিকিছে নে, যি বুজিবলৈ কঠিন হৈছে? যদি এইদৰে হৈছে, তেনেহʼলে ইয়াৰ বিষয়ে অলপ অনুসন্ধান কৰক আৰু তাৰ বিষয়ে বুজিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰক। (গীত. ৮৬:১১) এইদৰে কৰাৰ পাছতো যদি এয়া বুজিবলৈ আপোনাৰ বাবে কঠিন হয়, তেনেহʼলে চিন্তা নকৰিব। আপুনি সময়ৰ লগে লগে সেয়া বুজি পাব। আপোনাৰ এনে অভ্যাস আছে নে, যি যিহোৱাই ভাল নাপায়? সেই অভ্যাস এৰিবলৈ আপোনাৰ বাবে কঠিন হৈছে নে? যদি হৈছে, তেনেহʼলে মনত ৰাখক, যিহোৱাই আপোনাক এনে একো কাম কৰিবলৈ নিদিব, যি আপুনি কৰিব নোৱাৰে। ইয়াৰ অৰ্থ হৈছে আপুনি যিহোৱাৰ মানদণ্ড পালন কৰিব পাৰিব আৰু বেয়া অভ্যাস এৰিব পাৰিব। (দ্বিতীয় বিবৰণ ৩০:১১-১৪ পঢ়ক।) যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ আপোনাক সহায় কৰিব। (যিচ. ৪১:১০, ১৩; ১ কৰি. ১০:১৩) সেইবাবে, হাৰ নামানিব। যদি আপোনাক কিবা সাল-সলনি কৰিবলৈ বা কিবা পালন কৰিবলৈ কঠিন হৈছে, তেনেহʼলে তাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে যিহোৱাই আপোনাৰ বাবে কি কি কৰিছে, তাৰ বিষয়ে চিন্তা কৰক। যিহোৱাই আপোনাৰ বাবে নিজৰ পুত্ৰ যীচুকো মুক্তিৰ মূল্য হিচাপে দি দিলে। এইদৰে চিন্তা কৰিলে আপোনাৰ হৃদয় কৃতজ্ঞতাৰে ভৰি পৰিব আৰু যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব। এইদৰে আপুনি বুজিব পাৰিব যে “তেওঁৰ আজ্ঞাবোৰ আমাৰ কাৰণে বোজা নহয়।”—১ যোহ. ৫:৩.a

এজন মানুহে “এক অনন্ত জীৱন” কিতাপৰ পাঠ ৪০ পঢ়ি আছে। তেওঁৰ ওচৰৰ টেবলত চিগাৰেটৰ এটা পেকেট থোৱা আছে আৰু এটা পাত্ৰত জ্বলি থকা চিগাৰেট আছে।

যিহোৱাই আমাক এনে কাম কৰিবলৈ নিদিয়ে, যি আমি কৰিব নোৱাৰোঁ। তেওঁৰ সহায়ত আমি তেওঁৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিব পাৰোঁ (অনুচ্ছেদ ৬ চাওক)


৭. যিসকলে সৰুৰে পৰা সত্য শিকি আছে, তেওঁলোকে কিহৰ বিষয়ে চিন্তা কৰিব পাৰে?

৭ আপুনি এতিয়াও সৰু হৈ আছে নে আৰু যিহোৱাৰ বিষয়ে শিকি আছে নে? যদি হয়, তেনেহʼলে আপুনিও এজন বাইবেল বিদ্যাৰ্থী হয়। আচলতে আপুনি আপোনাৰ মা-দেউতাৰ বিশেষ বাইবেল বিদ্যাৰ্থী হয়। বাইবেলত লিখা আছে, “ঈশ্বৰৰ কাষ চাপা আৰু তেওঁ তোমালোকৰ কাষ চাপিব।” (যাকো. ৪:৮; ১ বং. ২৮:৯) যদি আপুনি যিহোৱাৰ কাষ চাপিবলৈ পৰিশ্ৰম কৰিব, তেনেহʼলে তেওঁ আপোনাৰ কাষ চাপিব। এনে নহয় যে যিহোৱাই আপোনাৰ পৰিয়ালক আকৰ্ষিত কৰাৰ বাবে আপুনি নিজে নিজে তেওঁলোকৰ লগত আহি গʼল। যিহোৱাই প্ৰতিজনকে নিজৰ ফালে আকৰ্ষিত কৰে, সেই লোকসকলকো যিসকলৰ মা-দেউতাই তেওঁলোকক সত্য শিকায়। যিহোৱাই আপোনাৰ বাবে নিজৰ পুত্ৰক মুক্তিৰ মূল্য হিচাপে দি দিলে, সেইবাবে আপুনি তেওঁৰ বন্ধু হʼব পাৰে। গতিকে, এই কথা কিমান গুৰুত্বপূৰ্ণ, তাৰ বিষয়ে চিন্তা কৰক। (ৰোম. ৫:১, ২) এই বছৰৰ স্মৰণীয় দিনৰ আগত সময় উলিয়াই যিহোৱা আৰু যীচুৱে আপোনাৰ বাবে কি কি কৰিলে, তাৰ বিষয়ে চিন্তা কৰক। এইদৰে কৰিলে যিহোৱা আৰু যীচুৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব আৰু সেই প্ৰেমেই আপোনাক যিহোৱাৰ সেৱাত লক্ষ্য ৰাখিবলৈ আৰু তাক পূৰ কৰিবলৈ বাধ্য কৰিব। এইদৰে আপুনি মুক্তিৰ মূল্যৰ প্ৰতি কিমান কৃতজ্ঞ, সেয়া দেখুৱাব পাৰিব।b

বাপ্তিষ্মা লোৱা ভাই-ভনীসকল

৮. যিসকলৰ বাপ্তিষ্মা হৈছে, তেওঁলোকে কেনেকৈ দেখুৱাইছে যে তেওঁলোক মুক্তিৰ মূল্যৰ প্ৰতি কৃতজ্ঞ?

৮ আপোনাৰ বাপ্তিষ্মা হৈছে নে? যদি হৈছে তেনেহʼলে আপুনি বহুতো উপায়েৰে যীচুৰ মুক্তিৰ মূল্যৰ প্ৰতি কৃতজ্ঞ আছে বুলি দেখুৱাইছে। যেনে, আপুনি যিহোৱাৰ কাষ চাপিবলৈ আৰু তেওঁৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিবলৈ পদক্ষেপ লৈছে, আপুনি যীচুৰ আজ্ঞা পালন কৰি আনক নিজৰ বিশ্বাসৰ বিষয়ে জনাইছে আৰু আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিলে আৰু বাপ্তিষ্মা লʼলে। আপোনাৰ বিশ্বাসৰ বাবে আপোনাক হয়তো বিৰোধ কৰা হৈছে। (২ তীম. ৩:১২) এনে পৰিস্থিতিতো আপুনি বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰিছে। এইদৰে আপুনি যিহোৱাক বহুত প্ৰেম কৰে আৰু মুক্তিৰ মূল্যৰ প্ৰতি কৃতজ্ঞ আছে বুলি দেখুৱাইছে।—ইব্ৰী ১২:২, ৩.

৯. যিসকলৰ বাপ্তিষ্মা হৈছে, তেওঁলোকে কোনটো বিপদৰ পৰা বাচি থকা উচিত?

৯ যদি আপোনাৰ বাপ্তিষ্মা লোৱা কিছু সময় হৈ গৈছে, তেনেহʼলে আপুনি এটা বিপদৰ পৰা বাচি থকা উচিত। সেয়া হৈছে যীচুৰ মুক্তিৰ মূল্যৰ প্ৰতি লাহে লাহে যাতে আপোনাৰ কৃতজ্ঞতা কমি নাযায়। মন কৰক, প্ৰথম শতিকাৰ ইফিচৰ খ্ৰীষ্টানসকলৰ লগত কি হʼল। যীচুৱে তেওঁলোকৰ প্ৰশংসা কৰিছিল, কাৰণ তেওঁলোকে বহুত ধৈৰ্য ধৰিছিল। কিন্তু পাছত যীচুৱে তেওঁলোকক কʼলে, ‘তোমালোকৰ বিৰুদ্ধে মোৰ এয়া কʼবলগীয়া আছে যে প্ৰথমে তোমালোকৰ যি প্ৰেম আছিল, সেই প্ৰেম এতিয়া নাই।’ (প্ৰকা. ২:৩, ৪) যীচুৰ কথাৰ পৰা জানিব পাৰি যে এজন খ্ৰীষ্টানে হয়তো অজানিতে সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰা নাই। তেওঁ হয়তো প্ৰাৰ্থনা কৰে, সভালৈ যায়, প্ৰচাৰ কৰে, কাৰণ এইদৰে কৰাটো তেওঁৰ অভ্যাস হৈ পৰিছে। গতিকে, যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেম আগৰ নিচিনা নাই, তেনেহʼলে আপুনি কি কৰিব পাৰে?

১০. আপুনি পৌলে দিয়া পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰে? (১ তীমথিয় ৪:১৩, ১৫)

১০ পৌলে তীমথিয়ক যিহোৱাৰ সেৱাত ‘লাগি থাকিবলৈ’ আৰু ‘এই বিষয়ে চিন্তা কৰি থাকিবলৈ’ পৰামৰ্শ দিছিল। (১ তীমথিয় ৪:১৩, ১৫ পঢ়ক।) চিন্তা কৰক, আপুনি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিবলৈ আৰু “পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ” থাকিবলৈ কি কৰিব পাৰে। (ৰোম. ১২:১১) যেনে, সভাৰ কাৰণে আপুনি আৰু ভালদৰে তৈয়াৰী কৰিব পাৰে নে? এইদৰে কৰিলে আপুনি সভাত আৰু ভালদৰে ধ্যান দিব পাৰে। বা আপুনি ব্যক্তিগত অধ্যয়ন কৰিবলৈ শান্ত ঠাইত যাব পাৰে নে যাতে শিকা কথাবোৰৰ ওপৰত ধ্যান কৰিব পাৰে? যিদৰে জুই জ্বলি থাকিবলৈ খৰি দি থকাৰ প্ৰয়োজন, ঠিক সেইদৰে মুক্তিৰ মূল্য আৰু যিহোৱাই আপোনাৰ বাবে যি কৰিলে, তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ এইবোৰ কৰি থকাৰ প্ৰয়োজন। গতিকে, এই বছৰৰ স্মৰণীয় দিনৰ আগত কিছু সময় উলিয়াই এই বিষয়ে চিন্তা কৰক যে যিহোৱাৰ সাক্ষী হোৱাৰ বাবে আপুনি কি কি আশীৰ্বাদ পাইছে। এইদৰে কৰিলে মুক্তিৰ মূল্যৰ প্ৰতি আপোনাৰ কৃতজ্ঞতা বাঢ়িব, যাৰ বাবে যিহোৱাৰ লগত আপোনাৰ এক ভাল সম্পৰ্ক গঢ়ি উঠিছে।

১১-১২. যদি আপোনাক লাগে যে যিহোৱাৰ সেৱা কৰিবলৈ আপোনাৰ উৎসাহ কমি গৈছে, তেনেহʼলে ইয়াৰ অৰ্থ এয়া হয় নে যে যিহোৱাই আপোনাক পবিত্ৰ শক্তি দিয়া নাই? বুজাওক। (ছবিখনো চাওক।)

১১ যদি আপোনাক কেতিয়াবা লাগে যে যিহোৱাৰ সেৱা কৰিবলৈ আপোনাৰ আগৰ দৰে উৎসাহ নাই, তেনেহʼলে নিৰাশ নহʼব। এইদৰে নাভাবিব যে যিহোৱাই আপোনাক পবিত্ৰ শক্তি দিয়া নাই। মনত ৰাখক, পাঁচনি পৌলে কৰিন্থ মণ্ডলীক নিজৰ সেৱাৰ বিষয়ে কি কৈছিল, “মই এই কাম ইচ্ছা নোহোৱাৰ সত্ত্বেও কৰোঁ, তেতিয়াও মই প্ৰবন্ধকৰ কাম কৰি আছোঁ, যি প্ৰভুৱে মোক দিছে।” (১ কৰি. ৯:১৭) পৌলে কোৱাৰ অৰ্থ কি আছিল?

১২ পৌল অসিদ্ধ আছিল। সেইবাবে, কেতিয়াবা কেতিয়াবা তেওঁৰ প্ৰচাৰ কৰিবলৈ মন যোৱা নাছিল। কিন্তু তেওঁ থিৰাং কৰি লৈছিল যে প্ৰচাৰ কৰিবলৈ তেওঁৰ মন যাওক বা নাযাওক, তেওঁ প্ৰচাৰ কৰি থাকিব। পৌলৰ দৰে আপুনিও মন নগʼলেও প্ৰচাৰ কৰি থাকিবলৈ থিৰাং কৰক। আপুনি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে যাতে যিহোৱাৰ সেৱা কৰিবলৈ তেওঁ আপোনাৰ “অন্তৰত ইচ্ছা জগায় আৰু তাক পূৰ কৰিবলৈ শক্তিও দিয়ে।” (ফিলি. ২:১৩) উপাসনাৰ লগত জড়িত কামবোৰত লাগি থাকক। এইদৰে কৰিলে লাহে লাহে আপোনাৰ উৎসাহ আকৌ বাঢ়ি যাব, যিহোৱাৰ উপাসনা কৰিবলৈ মন যাব আৰু তেওঁৰ প্ৰতি আপোনাৰ প্ৰেম আৰু বাঢ়ি যাব।

এজনী ভনীয়ে আন এজনী ভনীৰ লগত প্ৰচাৰলৈ গৈছে আৰু তেওঁ নিজৰ সন্তানক ষ্ট্ৰলাৰ লৈ খোজকাঢ়ি আছে। তেওঁক অলপ নিৰাশ যেন দেখিবলৈ পোৱা গৈছে। আনজনী ভনীয়ে তেওঁৰ কান্ধত হাত থৈছে।

আপোনাৰ মন নগʼলেও উপাসনাৰ লগত জড়িত কামবোৰত লাগি থাকক (অনুচ্ছেদ ১১-১২ চাওক)


১৩. আমি ‘বিশ্বাসত আছোঁ নে নাই,’ এয়া আমি কেনেকৈ চালি-জাৰি চাব পাৰোঁ?

১৩ যিদৰে ২ কৰিন্থীয়া ১৩:৫ পদত লিখা আছে, আমি সময়ে সময়ে এই বিষয়ে চিন্তা কৰিব পাৰোঁ যে আমি কিদৰে জীৱন-যাপন কৰিছোঁ। ইয়াত এইদৰে লিখা আছে, “নিজকে চালি-জাৰি চাই থাকা যে তোমালোকে বিশ্বাসত আছা নে নাই। তোমালোক কেনেধৰণৰ ব্যক্তি হয়, তাৰ প্ৰমাণ দি থাকা।” এইদৰে কৰিবলৈ আমি নিজকে কিছুমান প্ৰশ্ন সুধিব পাৰোঁ। যেনে, ‘মই নিজৰ জীৱনত যিহোৱাৰ সেৱাক প্ৰথম স্থান দিওঁ নে?’ (মথি ৬:৩৩) ‘মই যিধৰণৰ মনোৰঞ্জন কৰোঁ, ইয়ে দেখুৱায় নে যে মই বেয়াক ঘিণ কৰোঁ?’ (গীত. ৯৭:১০) ‘মই এনে কথা বা কাম কৰিবলৈ চেষ্টা কৰোঁ নে, যিয়ে মণ্ডলীত শান্তি আৰু একতা বজাই ৰাখে?’ (ইফি. ৪:২, ৩) স্মৰণীয় দিনৰ আগৰ সপ্তাহবোৰত আমি নিজকে এনেধৰণৰ প্ৰশ্ন সুধি চালি-জাৰি চাব পাৰোঁ। যিহোৱা আৰু যীচুৱে আমাৰ বাবে কি কি কৰিলে এই বিষয়ে চিন্তা কৰিলে, তেওঁলোকৰ প্ৰতি আমাৰ কৃতজ্ঞতা বাঢ়িব আৰু আমি নিজৰ কাৰণে নহয়, কিন্তু খ্ৰীষ্টৰ বাবে জীয়াই থাকিবলৈ আমাৰ মন যাব।c

সেই ভেড়া, যিসকল দূৰ হৈ গৈছে

১৪. কিছুমান ভাই-ভনী ঈশ্বৰৰ ভেড়াৰ পৰা কিয় আঁতৰি গৈছে?

১৪ কিছুমান ভাই-ভনীয়ে সভালৈ আহিবলৈ এৰি দিছে। তেওঁলোকৰ মাজত এনে কিছুমান ভাই-ভনী আছে, যিসকলে বহু বছৰৰ পৰা যিহোৱাৰ সেৱা কৰি আছিল। তেওঁলোকে মণ্ডলীৰ পৰা কিয় দূৰ হৈ গৈছে? কিছুমান ভাই-ভনীয়ে হয়তো ‘জীৱনৰ চিন্তাত’ সোমাই পৰিছে। (লূক ২১:৩৪) আন কিছুমানে আন ভাই-ভনীৰ ব্যৱহাৰৰ পৰা উজুটি খাইছে। (যাকো. ৩:২) আনহাতে কিছুমান ভাই-ভনীয়ে গভীৰ পাপ কৰিছে, কিন্তু প্ৰাচীনসকলৰ পৰা সহায় লʼবলৈ সংকোচ কৰিছে। আপোনাৰ লগতো এইদৰে হৈছে নে, যাৰ বাবে আপুনি ঈশ্বৰৰ ভেড়াৰ পৰা আঁতৰি গৈছে? যদি হৈছে, তেনেহʼলে আপুনি কি কৰিব পাৰে? যিহোৱাই নিজৰ পুত্ৰৰ মুক্তিৰ মূল্যৰ বলিদান দি আপোনাৰ বাবে যি প্ৰেম প্ৰকাশ কৰিছে, ইয়ে আপোনাক কি কৰিবলৈ বাধ্য কৰাব পাৰে?

১৫. যিহোৱাই নিজৰ সেই ভেড়াবোৰৰ বিষয়ে কেনে অনুভৱ কৰে, যিসকলে তেওঁৰ পৰা দূৰ হৈ গৈছে? (যিহিষ্কেল ৩৪:১১, ১২, ১৬)

১৫ চিন্তা কৰক, যিহোৱাই নিজৰ সেই ভেড়াবোৰৰ বিষয়ে কেনে অনুভৱ কৰে, যিসকলে তেওঁৰ পৰা দূৰ হৈ গৈছে? যিহোৱাই তেওঁলোকক এৰি দিয়া নাই আৰু পাহৰিও যোৱা নাই। ইয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ হেৰাই যোৱা ভেড়াবোৰক বিচাৰে, তেওঁলোকৰ চোৱা-চিতা কৰে আৰু তেওঁলোকক সহায় কৰে যাতে তেওঁলোকে তেওঁৰ ওচৰলৈ উভতি আহিব পাৰে। (যিহিষ্কেল ৩৪:১১, ১২, ১৬ পঢ়ক।) যিহোৱাই আপোনাৰ বাবেও এইদৰে কৰে নে? নিশ্চয় কৰে। আপুনি এই লেখ পঢ়িছে, ইয়ে দেখুৱায় যে আপুনি এতিয়াও যিহোৱাক প্ৰেম কৰে আৰু তেওঁক আনন্দিত কৰিব বিচাৰে। যিহোৱাই আগতেও আপোনাৰ হৃদয় চাইছিল, সেইবাবে তেওঁ আপোনাক নিজৰ ফালে আকৰ্ষিত কৰিলে। তেওঁ এতিয়াও চাব পাৰে যে আপোনাৰ হৃদয়ত কি আছে। আপোনাক নালাগে নে যে তেওঁ আপোনাক আকৌ নিজৰ ওচৰলৈ মাতি আছে?

১৬. যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ কি কথাই তেওঁৰ ভেড়াবোৰক সহায় কৰিব পাৰে? (ছবিখনো চাওক।)

১৬ যিহোৱাৰ ওচৰলৈ উভতি আহক (হিন্দী) নামৰ ব্ৰচাৰখনত লিখা এই কথাৰ ওপৰত মন কৰক, “যদি আপুনি যিহোৱাৰ ওচৰলৈ উভতি আহে, তেনেহʼলে তেওঁ আপোনাক সকলো সময়তে সহায় কৰিব বুলি আপুনি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰে। তেওঁ চিন্তাৰ সন্মুখীন হʼবলৈ আপোনাক সহায় কৰিব। যদি আপুনি আঘাত পাইছে, তেনেহʼলে নিজকে চম্ভালিবলৈ তেওঁ আপোনাক সহায় কৰিব। যদি দোষী ভাৱনাই আমনি কৰে, তেনেহʼলে শুদ্ধ বিবেক পাবলৈ তেওঁ আপোনাক সহায় কৰিব আৰু মনৰ শান্তি দিব। তেতিয়া আপোনাৰ হৃদয়ে আপোনাক ভাই-ভনীসকলৰ লগত পুনৰ যিহোৱাৰ সেৱা কৰিবলৈ উৎসাহিত কৰিব।” আপুনি এয়াও মনত ৰাখক যে প্ৰাচীনসকলে আপোনাক সহায় কৰিবলৈ সাজু আছে। তেওঁলোক আপোনাৰ কাৰণে “বতাহৰ পৰা লুকুৱা ঠাই” আৰু “ধুমুহাৰ পৰা আশ্ৰয় লোৱা ঠাই” হʼব পাৰে। (যিচ. ৩২:২) আমি জানোঁ যে আপুনি মুক্তিৰ মূল্যৰ বলিদানৰ প্ৰতি বহুত কৃতজ্ঞ আৰু আপুনি যিহোৱাৰ প্ৰতি কিমান কৃতজ্ঞ, সেয়া প্ৰকাশ কৰিব বিচাৰে। সেইবাবে, নিজকে সোধক, ‘যিহোৱাৰ লগত “সমস্যাটো সমাধান” কৰিবলৈ মই কি কৰিব পাৰোঁ?’ (যিচ. ১:১৮, NW; ১ পিত. ২:২৫) যেনে, সভাৰ কাৰণে আপুনি ৰাজ্যগৃহলৈ আহিব পাৰিব নে? আপুনি কোনো প্ৰাচীনৰ লগত কথা পাতিব পাৰে নে আৰু তেওঁৰ পৰা সহায় বিচাৰিব পাৰে নে? তেওঁ হয়তো কোনো এজন ভাই বা ভনীক কিছু সময়ৰ বাবে আপোনাৰ লগত অধ্যয়ন কৰিবলৈ কʼব পাৰে। বিশ্বাস ৰাখক, আপুনি যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ আৰু মুক্তিৰ মূল্যৰ প্ৰতি কৃতজ্ঞতা দেখুৱালৈ যি কৰি আছে, তাৰ বাবে যিহোৱাই আপোনাক নিশ্চয় আশীৰ্বাদ দিব।

এজন বৃদ্ধ মানুহ ৰাজ্যগৃহৰ ওচৰত থিয় হৈ আছে আৰু তেওঁৰ হাতত বাইবেলত আছে। ভাই-ভনীসকলে মৰমেৰে এজনে-আনজনক আদৰণি জনোৱাটো তেওঁ চাই আছে।

নিজকে সোধক, ‘যিহোৱাৰ লগত “সমস্যাটো সমাধান” কৰিবলৈ মই কি কৰিব পাৰোঁ?’ (অনুচ্ছেদ ১৬ চাওক)


আপুনি কি কৰিব?

১৭-১৮. এই বছৰৰ স্মৰণীয় দিনৰ আগত আমি কিহৰ বিষয়ে ভাবিব পাৰোঁ?

১৭ যীচুৱে কৈছিল যে যিহোৱাই নিজৰ পুত্ৰক বলিদান দিয়াৰ কাৰণ হৈছে, “যি কোনোৱে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ ধ্বংস নহয়, কিন্তু অনন্ত জীৱন পায়।” (যোহ. ৩:১৬) মুক্তিৰ মূল্যৰ বলিদানৰ বাবে আমি পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ পাওঁ। সেইবাবে, ই আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ, সেয়া মনত ৰখা উচিত। (ৰোম. ৩:২৩, ২৪; ২ কৰি. ৬:১) গতিকে আহক আমি স্মৰণীয় দিনৰ আগত কিছু সময় উলিয়াই চিন্তা কৰোঁ যে যিহোৱা আৰু যীচুৱে আমাক কিমান প্ৰেম দেখুৱালে। এই প্ৰেমেই আমাক তেওঁলোকৰ প্ৰতি নিজৰ প্ৰেম প্ৰকাশ কৰিবলৈ বাধ্য কৰাব।

১৮ যীচুৰ মুক্তিৰ মূল্যৰ বলিদানৰ প্ৰতি আপুনি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰে? আপুনি যিদৰে কৃতজ্ঞতা দেখুৱাব, সেইদৰে হয়তো আনে নেদেখুৱাবও পাৰে। কিন্তু বিশ্বাস ৰাখক, এইদৰে কৰিবলৈ আপুনি যিয়েই নকৰক কিয় যিহোৱাই নিশ্চয় আপোনাক আশীৰ্বাদ দিব। তেওঁ এয়া চাই বহুত আনন্দিত হয় যে আপুনি আৰু গোটেই পৃথিৱীৰ লাখ লাখ সেৱকে ‘নিজৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁৰ কাৰণে জীয়াই থাকে, যিজনে তেওঁলোকৰ কাৰণে মৰিল।’—২ কৰি. ৫:১৫.

এই লোকসকলে মুক্তিৰ মূল্যৰ বলিদানৰ প্ৰতি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰে?

  • বাইবেল বিদ্যাৰ্থী

  • বাপ্তিষ্মা লোৱা ভাই-ভনীসকল

  • সেই ভেড়া, যিসকল দূৰ হৈ গৈছে

গীত নং ১৪ পৃথিৱীৰ নতুন ৰজাক সন্মান দিয়া!

a আপুনি বাইবেলৰ পৰা যিবোৰ কথা শিকি আছে, সেই অনুসৰি জীৱন-যাপন কৰিবলৈ এক অনন্ত জীৱন! কিতাপৰ প্ৰতিটো পাঠৰ শেষত দিয়া “লক্ষ্য” নামৰ বক্সখন চাওক।

b আপুনি নিজৰ কাৰণে কেনেধৰণৰ লক্ষ্য ৰাখিব পাৰে, এই বিষয়ে জানিবলৈ ডিচেম্বৰ ২০১৭ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) দিয়া “কিশোৰ-কিশোৰীসকল—নিজ নিজ পৰিত্ৰাণৰ বাবে কাৰ্য্য কৰা” নামৰ লেখখন পঢ়ক।

c যিহোৱাই আপোনাৰ বাবে যি কৰিলে, তাৰ বাবে নিজৰ কৃতজ্ঞতা কেনেকৈ বজাই ৰাখিব পাৰে, এই বিষয়ে জানিবলৈ জুন ১৫, ১৯৯৫ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) “ঈশ্বৰৰ সেৱা কৰিবলৈ কিহে আপোনাক উৎসাহিত কৰে?” নামৰ লেখখন পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক