বুধবাৰ, ১০ ছেপ্টেম্বৰ
কিন্তু অনিচ্ছাৰে যদি কৰোঁ, তেন্তে শুভবাৰ্ত্তাৰূপ ধনৰ ভঁৰালী-বাব মোক দিয়া হৈছে।—১ কৰি. ৯:১৭.
কিছু সময়ৰ পৰা আপুনি সদায় একে ধৰণৰে প্ৰাৰ্থনা কৰি আছে বুলি আপোনাৰ অনুভৱ হৈছে নে? আপুনি প্ৰচাৰত আনন্দ পোৱা নাই নে বা বাইবেল পঢ়িবলৈ আপোনাক আমনি লাগে নে? যদি এইদৰে হয়, তেনেহʼলে এয়া নাভাবিব যে যিহোৱাই আপোনাৰ পৰা আনন্দিত নহয়। আমি অসিদ্ধ হোৱাৰ বাবে আমাৰ ভাৱনা সলনি হৈ থাকে আৰু আমাৰ উৎসাহ সদায় একে নাথাকে। যদি আপোনাৰ লগত এইদৰে হয়, তেনেহʼলে এই ক্ষেত্ৰত আপুনি অকলশৰীয়া নহয়। পাঁচনি পৌলও এইদৰেই অনুভৱ কৰিছিল। তেওঁ যীচুৰ পিছে পিছে চলিবলৈ সম্পূৰ্ণ চেষ্টা কৰিছিল। কিন্তু কেতিয়াবা কেতিয়াবা যিহোৱাৰ সেৱা কৰি থাকিবলৈ তেওঁৰো মন যোৱা নাছিল। তেওঁৰ কথাৰ পৰা বুজিব পাৰোঁ যে যিহোৱাৰ সেৱা কৰিবলৈ মন নগʼলেও তেওঁ এইদৰে কৰি থাকিবলৈ থিৰাং কৰিছিল। পৌলৰ পৰা আমি কি শিকিব পাৰোঁ? আবেগিক হৈ নিৰ্ণয় নলʼব। আপোনাৰ মন নগʼলেও সঠিক কাম কৰি থাকক। এইদৰে কৰি থাকিলে লাহে লাহে এই কামবোৰ আপোনাৰ ভাল লাগিব। —১ কৰি. ৯:১৬. w২৪.০৩ ১১-১৩ ¶১২-১৩
বৃহস্পতিবাৰ, ১১ ছেপ্টেম্বৰ
তোমালোকৰ প্ৰেম প্ৰকাশ কৰক।—২ কৰি. ৮:২৪.
আমি ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰি আৰু সময় কটাই তেওঁলোকক প্ৰেম দেখুৱাব পাৰোঁ। (২ কৰি. ৬:১১-১৩) বহুতো মণ্ডলীত এনে ভাই-ভনীসকল আছে, যিসকলে বেলেগ বেলেগ পৰিৱেশত ডাঙৰ-দীঘল হৈছে আৰু তেওঁলোকৰ স্বভাৱ-চৰিত্ৰও বেলেগ। যিহোৱাৰ দৰে আমিও তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিলে তেওঁলোকৰ প্ৰতি প্ৰেম বঢ়াব পাৰিম। কিয়নো মহাক্লেশৰ সময়ত আমি ভাই-ভনীসকলক প্ৰেম কৰিব লাগিব। মহাক্লেশ আৰম্ভ হোৱাৰ সময়ত যিহোৱাই আমাক কেনেকৈ সুৰক্ষা দিব? মন কৰক পুৰণি সময়ত যেতিয়া বাবিলৰ ওপৰত আক্ৰমণ কৰা হৈছিল, তেতিয়া যিহোৱাই নিজৰ লোকসকলক কেনেকৈ নিৰ্দেশনা দিছিল। যিহোৱাই তেওঁলোকক এইদৰে কৈছিল “হে মোৰ প্ৰজা, যোৱা, তোমাৰ কোঁঠালিত সোমোৱা, আৰু চাৰিওফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেকমান লুকাই থাকা।” (যিচ. ২৬:২০) মহাক্লেশৰ সময়তো যিহোৱাৰ লোকসকলে হয়তো এইদৰেই কৰিবলগীয়া হʼব। w২৩.০৭ ৬-৭ ¶১৪-১৬
শুক্ৰবাৰ, ১২ ছেপ্টেম্বৰ
এই জগতৰ দৃশ্য সলনি হৈ আছে।—১ কৰি. ৭:৩১.
সাল-সলনি কৰিবলৈ সাজু থাকক। আমি নিজকে সুধিব পাৰোঁ, ‘লোকসকলে মোৰ বিষয়ে কি ভাবে? মই দয়া দেখুৱা ব্যক্তি হওঁনে? মই ঢাল খাবলৈ বা সাল-সলনি কৰিবলৈ সাজু থাকোঁনে? বা তেওঁলোকে মোক কঠোৰ বা একেটা কথাতে লাগি থকা লোক বুলি ভাবে? বা মই আনৰ কথা শুনিবলৈ সাজু থাকোঁ আৰু প্ৰয়োজন হʼলে তেওঁলোকৰ কথা মানি লওঁ?’ যিমানেই আমি আনক দয়া দেখুৱাওঁ আৰু সাল-সলনি কৰিবলৈ সাজু থাকোঁ, সিমানেই আমি যিহোৱা আৰু যীচুৰ দৰে হ’ম। পৰিস্থিতি সলনি হ’লে আমাৰ বাবে সাল-সলনি কৰাটো প্ৰয়োজন হৈ পৰে। কিছুমান সাল-সলনিৰ বাবে আমাৰ ওচৰত এনে সমস্যাবোৰ আহিব পাৰে যাৰ বিষয়ে আমি হয়তো ভবাও নাই। হয়তো হঠাতে আমাৰ স্বাস্থ্য বেয়া হʼব পাৰে বা আৰ্থিক বা ৰাজনৈতিক সাল-সলনিৰ বাবে হয়তো হঠাতে আমাৰ জীৱন সলনি হʼব পাৰে। (উপ. ৯:১১) হয়তো যিহোৱাৰ সংগঠনত আমাক যি দায়িত্ব দিয়া হৈছে, তাত কিছুমান সাল-সলনি হʼব পাৰে। যদি আমি তলত কোৱা চাৰিটা পদক্ষেপ লওঁ, তেনেহʼলে আমি সহজতে নতুন পৰিস্থিতিৰ লগত নিজকে খাপ খোৱাব পাৰিম। (১) পৰিস্থিতি সলনি হʼল বুলি মানি লওক, (২) আগলৈ চাওক, (৩) ভাল কথাবোৰলৈ মন দিয়ক আৰু (৪) আনৰ বাবে কিবা কৰক। w২৩.০৭ ২২ ¶৭-৮