ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

মঙ্গলবাৰ, ৯ ছেপ্টেম্বৰ

অজ্ঞানী তিৰোতা দ্বন্দুৰী; তাই নিৰ্ব্বোধ।—হিতো. ৯:১৩.

যিসকলে ‘অজ্ঞানী তিৰোতাৰ’ নিমন্ত্ৰণ শুনে, তেওঁলোকে এটা নিৰ্ণয় লʼবলগীয়া হয়। তেওঁলোকে তাইৰ নিমন্ত্ৰণ গ্ৰহণ কৰিব নে নকৰে? অনৈতিক যৌন সম্পৰ্ক ৰখাৰ বহুত বেয়া পৰিণাম হয়। সেইবাবে, আমি তাৰ পৰা আঁতৰি থকা উচিত। ‘অজ্ঞানী তিৰোতাই’ এইদৰে কয়, “চোৰ কৰা পানী মিঠা।” (হিতো. ৯:১৭) ‘চোৰ কৰা পানীৰ’ অৰ্থ কি? বাইবেলত কোৱা হৈছে যে পতি-পত্নীয়ে যি সম্পৰ্ক ৰাখে, সেয়া সতেজ কৰি তোলা পানীৰ দৰে হয়। (হিতো. ৫:১৫-১৮) যদি এজন পুৰুষ আৰু তিৰোতাই আইনৰ অনুসৰি বিয়া পাতিছে, তেনেহʼলে তেওঁলোকে এজনে-আনজনৰ লগত সম্পৰ্ক ৰাখি আনন্দ উপভোগ কৰিব পাৰে। কিন্তু ‘চোৰ কৰা পানীৰ’ বিষয়ে এইদৰে কʼব নোৱাৰি। ইয়াৰ অৰ্থ অনৈতিক যৌন-সম্পৰ্ক হʼব পাৰে। এনেধৰণৰ কাম লুকাই লুকাই কৰা হয়, যিদৰে লোকসকলে প্ৰায়ে লুকাই চুৰ কৰে। ‘চোৰ কৰা পানী’ সেই লোকসকলক আৰু মিঠা লাগিব পাৰে, যিসকলে ভাবে যে তেওঁলোকে যি কৰিছে, তাৰ বিষয়ে কোনোৱে গম নাপায়। এনেধৰণৰ লোকসকলে নিজকে ঠগে। যিহোৱাই সকলো চাই আছে। সঁচাকৈ কʼবলৈ গʼলে এই অনুভৱ “মিঠা” নহয়, তাৰ পৰিৱৰ্তে অধিক তিতা। কাৰণ এইদৰে কৰি এজন ব্যক্তিয়ে যিহোৱাৰ অনুমোদন হেৰুৱায়।—১ কৰি. ৬:৯, ১০. w২৩.০৬ ২২ ¶৭-৯

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

বুধবাৰ, ১০ ছেপ্টেম্বৰ

কিন্তু অনিচ্ছাৰে যদি কৰোঁ, তেন্তে শুভবাৰ্ত্তাৰূপ ধনৰ ভঁৰালী-বাব মোক দিয়া হৈছে।—১ কৰি. ৯:১৭.

কিছু সময়ৰ পৰা আপুনি সদায় একে ধৰণৰে প্ৰাৰ্থনা কৰি আছে বুলি আপোনাৰ অনুভৱ হৈছে নে? আপুনি প্ৰচাৰত আনন্দ পোৱা নাই নে বা বাইবেল পঢ়িবলৈ আপোনাক আমনি লাগে নে? যদি এইদৰে হয়, তেনেহʼলে এয়া নাভাবিব যে যিহোৱাই আপোনাৰ পৰা আনন্দিত নহয়। আমি অসিদ্ধ হোৱাৰ বাবে আমাৰ ভাৱনা সলনি হৈ থাকে আৰু আমাৰ উৎসাহ সদায় একে নাথাকে। যদি আপোনাৰ লগত এইদৰে হয়, তেনেহʼলে এই ক্ষেত্ৰত আপুনি অকলশৰীয়া নহয়। পাঁচনি পৌলও এইদৰেই অনুভৱ কৰিছিল। তেওঁ যীচুৰ পিছে পিছে চলিবলৈ সম্পূৰ্ণ চেষ্টা কৰিছিল। কিন্তু কেতিয়াবা কেতিয়াবা যিহোৱাৰ সেৱা কৰি থাকিবলৈ তেওঁৰো মন যোৱা নাছিল। তেওঁৰ কথাৰ পৰা বুজিব পাৰোঁ যে যিহোৱাৰ সেৱা কৰিবলৈ মন নগʼলেও তেওঁ এইদৰে কৰি থাকিবলৈ থিৰাং কৰিছিল। পৌলৰ পৰা আমি কি শিকিব পাৰোঁ? আবেগিক হৈ নিৰ্ণয় নলʼব। আপোনাৰ মন নগʼলেও সঠিক কাম কৰি থাকক। এইদৰে কৰি থাকিলে লাহে লাহে এই কামবোৰ আপোনাৰ ভাল লাগিব। —১ কৰি. ৯:১৬. w২৪.০৩ ১১-১৩ ¶১২-১৩

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

বৃহস্পতিবাৰ, ১১ ছেপ্টেম্বৰ

তোমালোকৰ প্ৰেম প্ৰকাশ কৰক।—২ কৰি. ৮:২৪.

আমি ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰি আৰু সময় কটাই তেওঁলোকক প্ৰেম দেখুৱাব পাৰোঁ। (২ কৰি. ৬:১১-১৩) বহুতো মণ্ডলীত এনে ভাই-ভনীসকল আছে, যিসকলে বেলেগ বেলেগ পৰিৱেশত ডাঙৰ-দীঘল হৈছে আৰু তেওঁলোকৰ স্বভাৱ-চৰিত্ৰও বেলেগ। যিহোৱাৰ দৰে আমিও তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিলে তেওঁলোকৰ প্ৰতি প্ৰেম বঢ়াব পাৰিম। কিয়নো মহাক্লেশৰ সময়ত আমি ভাই-ভনীসকলক প্ৰেম কৰিব লাগিব। মহাক্লেশ আৰম্ভ হোৱাৰ সময়ত যিহোৱাই আমাক কেনেকৈ সুৰক্ষা দিব? মন কৰক পুৰণি সময়ত যেতিয়া বাবিলৰ ওপৰত আক্ৰমণ কৰা হৈছিল, তেতিয়া যিহোৱাই নিজৰ লোকসকলক কেনেকৈ নিৰ্দেশনা দিছিল। যিহোৱাই তেওঁলোকক এইদৰে কৈছিল “হে মোৰ প্ৰজা, যোৱা, তোমাৰ কোঁঠালিত সোমোৱা, আৰু চাৰিওফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেকমান লুকাই থাকা।” (যিচ. ২৬:২০) মহাক্লেশৰ সময়তো যিহোৱাৰ লোকসকলে হয়তো এইদৰেই কৰিবলগীয়া হʼব। w২৩.০৭ ৬-৭ ¶১৪-১৬

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক