অধ্যয়নৰ লেখ ৪৯
যিহোৱাই মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিব নে?
“তেতিয়া তোমালোকে মোক মাতিবা, আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা; তাতে মই তোমালোকৰ কথা শুনিম।”—যিৰি. ২৯:১২.
গীত ৪১ মোৰ প্ৰাৰ্থনা শুনা
লেখৰ এক আভাসa
১-২. যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাই বুলি হয়তো আমি কিয় ভাবিব পাৰোঁ?
বাইবেলত লিখা আছে “যিহোৱাত হৰ্ষ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব।” (গীত. ৩৭:৪) যিহোৱাই কিমান সুন্দৰ প্ৰতিজ্ঞা কৰিছে। কিন্তু ইয়াৰ অৰ্থ এয়ানে যে আমি যিহোৱাক যিয়ে বিচাৰিম, সেইবোৰ তেওঁ লগে লগে দি দিব? সদায় এইদৰে নহয়। এই উদাহৰণবোৰলৈ ধ্যান দিয়ক। এজনী অবিবাহিত ভনীয়ে ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত যাবলৈ বিচাৰে। তাই ইয়াৰ বিষয়ে প্ৰাৰ্থনা কৰে, কিন্তু বহু বছৰৰ পাছতো তাইক মতা নহʼল। এজন ভায়ে মণ্ডলীত আৰু বেছিকৈ সেৱা কৰিব বিচাৰে। কিন্তু তেওঁৰ এটা ডাঙৰ বেমাৰ আছে। সেইবাবে, তেওঁৰ বেমাৰ ভাল হʼবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰে। কিন্তু তেওঁৰ বেমাৰ ভাল নহʼল। এহাল দম্পতীয়ে তেওঁলোকৰ সন্তানে যিহোৱাৰ সেৱা কৰি থাকিবলৈ প্ৰাৰ্থনা কৰে, কিন্তু সেই সন্তানে যিহোৱাক এৰি গুচি যায়।
২ আপুনিও যিহোৱাক কিবা কথাৰ বাবে প্ৰাৰ্থনা কৰিছে নে কিন্তু এতিয়ালৈকে সেইদৰে হোৱা নাই। যদি এইদৰে হৈছে, তেনেহ’লে আপুনি ভাবিবলৈ ধৰিছে যে যিহোৱাই আনৰ প্ৰাৰ্থনা শুনে আৰু উত্তৰো দিয়ে। কিন্তু আপোনাৰ প্ৰাৰ্থনাহে শুনা নাই। অথবা হয়তো আপুনি ভাবিবলৈ ধৰে যে আপোনাৰ পৰাই কিবা ভুল হৈছে চাগে, যাৰ বাবে যিহোৱাই আপোনাৰ প্ৰাৰ্থনা শুনা নাই। ভনী জেনিচেb এইদৰেই অনুভৱ কৰিছিল। তাই আৰু তাইৰ স্বামী বেথেলত সেৱা কৰিব বিচাৰিছিল। তেওঁলোকে ইয়াৰ বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। ভনীয়ে এইদৰে কৈছে, “মোৰ বিশ্বাস আছিল যে কিছু দিনৰ ভিতৰতে আমি বেথেলত থাকিম।” কিন্তু বছৰ পাৰ হৈ গ’ল, তথাপিও তেওঁলোকক মতা নহ’ল। ভনীয়ে কৈছে, “মোৰ বহুত দুখ লাগিলে। মই বেথেলেলৈ যাবলৈ বহু বাৰ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ। মই বুজি পোৱা নাছিলোঁ যে যিহোৱাই কিয় মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাই। মই ভাবিবলৈ ধৰিলোঁ মই এনে কি ভুল কৰিলোঁ যে যিহোৱাই মোৰ প্ৰাৰ্থনা শুনা নাই?”
৩. এই লেখত আমি কি শিকিম?
৩ বহু বাৰ হয়তো আমি ভাবিব পাৰোঁ যে যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনিছে নে নাই। প্ৰাচীন সময়ত ঈশ্বৰৰ কিছুমান সেৱকৰ এইদৰেই অনুভৱ হৈছিল। (ইয়ো. ৩০:২০; গীত. ২২:২; হব. ১:২) তেনেহ’লে কি কথাই আপোনাক বিশ্বাস দিব পাৰে যে যিহোৱাই আপোনাৰ প্ৰাৰ্থনা শুনিব আৰু তাৰ উত্তৰো দিব? (গীত. ৬৫:২) এয়া জানিবলৈ আহক প্ৰথমে এই কথাবোৰলৈ ধ্যান দিওঁ: (১) আমি যিহোৱাৰ পৰা কি আশা কৰিব পাৰোঁ? (২) যিহোৱাই আমাৰ পৰা কি আশা কৰে? আৰু (৩) কেতিয়াবা কেতিয়াবা হয়তো আমি কিয় বেলেগ কথাৰ বাবে প্ৰাৰ্থনা কৰিবলগীয়া হ’ব পাৰে?
আমি যিহোৱাৰ পৰা কি আশা কৰিব পাৰোঁ?
৪. যিৰিমিয়া ২৯:১২ পদৰ অনুসৰি যিহোৱাই আমাক কি প্ৰতিজ্ঞা কৰিছে?
৪ যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাৰ প্ৰাৰ্থনা শুনিব। (যিৰিমিয়া ২৯:১২ পঢ়ক।) আমি বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি আছোঁ, সেইবাবে তেওঁ আমাক বহুত প্ৰেম কৰে আৰু সদায় আমাৰ প্ৰাৰ্থনা শুনে। (গীত. ১০:১৭; ৩৭:২৮) কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি যিহোৱাক যিয়ে খুজিম, তেওঁ আমাক দিব। আমি যিবোৰ বস্তু বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তাৰ মাজৰ কিছুমান বস্তু হয়তো আমি নতুন পৃথিৱীতহে পাম।
৫. আমাৰ প্ৰাৰ্থনা শুনাৰ সময়ত যিহোৱাই কি কথাৰ ওপৰতো ধ্যান দিয়ে? বুজাওক।
৫ যেতিয়া আমি যিহোৱাক কিবা কথাৰ বাবে প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ ধ্যান দিয়ে যে সেই কথা তেওঁৰ উদ্দেশ্যৰ লগত কেনেকৈ জড়িত আছে। (যিচ. ৫৫:৮, ৯) পৃথিৱীত সকলো মানুহে যিহোৱাক নিজৰ ৰজা বুলি স্বীকাৰ কৰা আৰু আনন্দেৰে তেওঁৰ সেৱা কৰাটো যিহোৱাই বিচাৰে। কিন্তু চয়তানে দাবী কৰিলে যে মানুহে নিজৰ ওপৰত শাসন কৰি বেছি আনন্দত থাকিব পাৰিব। (আদি. ৩:১-৫) তেওঁৰ এই দাবী মিছা হয় বুলি প্ৰমাণ কৰিবলৈ যিহোৱাই মানুহক নিজৰ ওপৰত শাসন কৰিবলৈ দিলে। মানুহে শাসন কৰাৰ বাবে আজি আমি বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। (উপ. ৮:৯) আমি জানোঁ যে যিহোৱাই এতিয়া সকলো সমস্যা দূৰ নকৰিব। যদি তেওঁ দূৰ কৰি দিয়ে, তেনেহ’লে লোকসকলে ভাবিব যে মানুহে ভালদৰে শাসন কৰিছে। সেইবাবে, আজি একো সমস্যা নাই।
৬. যদি আমি মনত ৰাখোঁ যে যিহোৱাই সকলোবোৰ প্ৰেমৰ বাবে কৰে আৰু তেওঁ কেতিয়াও অন্যায় নকৰে, তেনেহʼলে আমি কি কথাৰ ওপৰত বিশ্বাস ৰাখিব পাৰিম?
৬ হয়তো যিহোৱাই একেধৰণৰ প্ৰাৰ্থনাৰ উত্তৰ বেলেগ বেলেগ উপায়েৰে দিব পাৰে। এটা উদাহৰণলৈ মন কৰক। এবাৰ যেতিয়া ৰজা হিষ্কিয়া বহুত বেমাৰ হৈছিল, তেতিয়া সেই বেমাৰ ঠিক কৰিবলৈ তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল আৰু যিহোৱাই তেওঁক ঠিক কৰিলে। (২ ৰাজা. ২০:১-৬) ইয়াৰ বহু বছৰৰ পাছত পাঁচনি পৌলেও যিহোৱাক এইদৰেই প্ৰাৰ্থনা কৰিছিল। তেওঁৰ হয়তো কিবা বেমাৰ আছিল, যাক তেওঁ নিজৰ শৰীৰৰ “কাঁইট” বুলি কৈছিল। তেওঁ শৰীৰৰ পৰা সেই কাঁইট উলিয়াই দিবলৈ যিহোৱালৈ মিনতি কৰিছিল। কিন্তু যিহোৱাই এইদৰে নকৰিলে। (২ কৰি. ১২:৭-৯) এতিয়া পাঁচনি যাকোব আৰু পিতৰৰ লগত কি হ’ল, তালৈ ধ্যান দিয়ক। ৰজা হেৰোদে তেওঁলোকক হত্যা কৰিব বিচাৰিল। তেতিয়া মণ্ডলীৰ ভাই-ভনীসকলে যাকোব আৰু পিতৰৰ বাবে প্ৰাৰ্থনা কৰিলে। তথাপিও যাকোবক হত্যা কৰা হ’ল কিন্তু পিতৰক চমৎকাৰ কৰি বচোৱা হ’ল। (পাঁচ. ১২:১-১১) হয়তো আমি ভাবিব পাৰোঁ যে ‘যিহোৱাই কিয় পিতৰক বচালে আৰু যাকোবক নবচালে?’ বাইবেলত ইয়াৰ বিষয়ে একো কোৱা নাই।c কিন্তু আমি জানোঁ যে যিহোৱাই আমাক প্ৰেম কৰে আৰু তেওঁ কেতিয়াও “অন্যায়” নকৰে। (দ্বিতী. ৩২:৪) আমি এয়াও জানোঁ যে যিহোৱাই যাকোব আৰু পিতৰৰ পৰা আনন্দিত আছিল। (প্ৰকা. ২১:১৪) হয়তো কেতিয়াবা যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ আমি বিচৰা অনুসৰি নিদিবও পাৰে। এনে পৰিস্থিতিত আমি মনত ৰাখিব পাৰোঁ যে যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু তেওঁ আমাৰ লগত কেতিয়াও অন্যায় নকৰে। সেইবাবে, আমি বিশ্বাস ৰাখিম যে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ যিকোনো উপায়েৰে নিদিয়ক কিয়, সেয়া আমাৰ লাভৰ হʼব আৰু আমি সেই বিষয়ে কেতিয়াও অভিযোগ নকৰিম।—ইয়ো. ৩৩:১৩.
৭. আমি কি কৰিব নালাগে আৰু কিয়?
৭ আমি নিজৰ তুলনা আনৰ লগত কেতিয়াও কৰিব নালাগে। কিন্তু কেতিয়াবা কেতিয়াব আমি এইদৰে কৰোঁ। হয়তো আমি কোনো কথাৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিছোঁ, কিন্তু সেইদৰে হোৱা নাই। পাছত আমি গ’ম পাওঁ যে আন কোনোবাই সেই একেই বিষয়ৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল আৰু তেওঁৰ প্ৰাৰ্থনা যিহোৱাই শুনিলে। ভনী এনাৰ লগতো ঠিক এইদৰেই হৈছিল। তেওঁৰ স্বামী মেথিউৰ কেন্সাৰ হৈছিল আৰু সেই বেমাৰ ভাল হ’বলৈ তাই যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। সেই একে সময়তে আৰু দুজনী বৃদ্ধ ভনীৰো কেন্সাৰ হৈছিল। ভনী এনাই নিজৰ স্বামী আৰু সেই দুজনী বৃদ্ধ ভনীৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। সেই দুজনী ভনীৰ বেমাৰ ভাল হ’ল কিন্তু তাইৰ স্বামীৰ মৃত্যু হ’ল। আৰম্ভণিতে ভনী এনাই ভাবিছিল যে যিহোৱাই বচোৱাৰ বাবে সেই দুজনী ভনীৰ বেমাৰ ভাল হ’ল। সেইবাবে, তাই ভাবিবলৈ ধৰিলে যে ‘যদি যিহোৱাই তেওঁলোকক বচালে, তেনেহ’লে মোৰ স্বামীক কিয় নবচালে।’ এইদৰে কিয় হ’ল তাৰ বিষয়ে আমি নাজানোঁ কিন্তু আমি এয়া নিশ্চয় জানোঁ যে আগলৈ গৈ যিহোৱাই আমাৰ সকলো দুখ-কষ্ট সদায় দিনৰ বাবে শেষ কৰিব। তেওঁ মৃত্যু হোৱা সকলো সেৱকক আকৌ জীয়াই তুলিবলৈ আগ্ৰহী হৈ আছে।—ইয়ো. ১৪:১৫.
৮. (ক) যিচয়া ৪৩:২ পদৰ অনুসৰি যিহোৱাই আমাক কেনেকৈ সহায় কৰে? (খ) সমস্যাৰ সময়ত প্ৰাৰ্থনা কৰিলে আমি কেনেকৈ সহায় পাব পাৰোঁ? (প্ৰাৰ্থনাই সাহস দিয়ে নামৰ ভিডিঅ’খন চাওক।)
৮ যিহোৱাই সদায় আমাক সহায় কৰিব। তেওঁ আমাৰ পিতৃ হয় আৰু আমাক বহুত প্ৰেম কৰে। আমি কোনো সমস্যাৰ সন্মুখীন হোৱাটো তেওঁ নিবিচাৰে। (যিচ. ৬৩:৯) আমাৰ ওপৰত কোনো সমস্যা যাতে নাহে তাৰ বাবে তেওঁ কোনো চমৎকাৰ নকৰে। বহু বাৰ আমি নদী বা জুইৰ দৰে সমস্যাবোৰৰ সন্মুখীন হ’বলগীয়া হয়। (যিচয়া ৪৩:২ পঢ়ক।) কিন্তু যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে এইবোৰৰ মাজেদি পাৰ হ’বলৈ তেওঁ আমাক সহায় কৰিব। এই সমস্যাবোৰে আমাক ডুবাব বা জ্বলাব নোৱাৰিব। এই সমস্যাবোৰ সহিবলৈ যিহোৱাই আমাক নিজৰ পবিত্ৰ শক্তি দিব। (লূক ১১:১৩; ফিলি. ৪:১৩) গতিকে আমি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ যে সমস্যাবোৰৰ লগত যুঁজিবলৈ আৰু যিহোৱাৰ বিশ্বাসী হয় থাকিবলৈ আমাক যিহৰ প্ৰয়োজন, সেইবোৰ যিহোৱাই আমাক নিশ্চয় দিব।d
যিহোৱাই আমাৰ পৰা কি আশা কৰে?
৯. যাকোব ১:৬, ৭ পদৰ অনুসৰি যিহোৱাই আমাক সহায় কৰিব বুলি আমি কিয় বিশ্বাস ৰখা উচিত?
৯ আমি যিহোৱাৰ ওপৰত ভৰসা ৰখাটো তেওঁ বিচাৰে। (ইব্ৰী ১১:৬) বহু বাৰ আমি নিজৰ সমস্যা পাৰ কৰিব নোৱাৰিম যেন আমাক লাগিব পাৰে । হয়তো আমি এয়াও ভাবিব পাৰোঁ যে যিহোৱাই আমাৰ সহায় কৰিব নে নকৰে। কিন্তু বাইবেলত আমাক বিশ্বাস দিয়া হৈছে যে ঈশ্বৰৰ শক্তিৰ সহায়ত আমি “জাঁপ মাৰি গড়” পাৰ হ’ব পাৰিম। (গীত. ১৮:২৯) সেইবাবে, আমি ভয় কৰিব নালাগে আৰু যিহোৱাৰ ওপৰত সন্দেহও কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া বিশ্বাস ৰখা উচিত যে যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনিব আৰু উত্তৰ দিব।—যাকোব ১:৬, ৭ পঢ়ক।
১০. উদাহৰণ দি বুজাওক যে আমি নিজৰ প্ৰাৰ্থনাৰ অনুসৰি কেনেকৈ কাম কৰিব পাৰোঁ?
১০ আমি নিজৰ প্ৰাৰ্থনাৰ অনুসৰি কাম কৰাটো যিহোৱাই বিচাৰে। হয়তো এজন ভায়ে অধিৱেশনত যোৱাৰ বাবে কামৰ পৰা ছুটি পাবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰে। যিহোৱাই তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিব পাৰে? হয়তো তেওঁ সেই ভাইজনক নিজৰ মালিকৰ লগত কথা পাতিবলৈ সাহস দিব পাৰে। কিন্তু মালিকৰ লগত সেই ভাইজনে নিজে কথা পাতিব লাগিব। হয়তো তেওঁ ছুটিৰ বাবে মালিকৰ লগত বাৰে বাৰে কথা পাতিবলগীয়া হ’ব পাৰে বা তেওঁ সেই ছুটিৰ দিনৰ সলনি বেলেগ এদিন কাম কৰি দিব পাৰে বুলি মালিকক ক’ব পাৰে। অথবা তেওঁ মালিকক এয়াও ক’ব পাৰে যে সেই ছুটিৰ সলনি তেওঁৰ পইচাও কাটিব পাৰে।
১১. আমি নিজৰ সমস্যাৰ বিষয়ে কিয় বাৰে বাৰে প্ৰাৰ্থনা কৰি থকা উচিত?
১১ আমি নিজৰ সমস্যাৰ বিষয়ে বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰাটো তেওঁ বিচাৰে। (১ থিচ. ৫:১৭) যীচুৱে নিজৰ শিষ্য সকলক যি কৈছিল, তাৰ পৰা জানিব পাৰি যে বহু বাৰ আমি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ লগে লগে নাপাবও পাৰোঁ। (লূক ১১:৯) সেইবাবে, আমি হাৰ মনা উচিত নহয়। আমি বাৰে বাৰে প্ৰাৰ্থনা কৰি থকা উচিত। (লূক ১৮:১-৭) যেতিয়া আমি কোনো এটা কথাৰ বাবে বাৰে বাৰে প্ৰাৰ্থনা কৰোঁ, তেতিয়া ইয়াৰ পৰা জানিব পাৰি যে সেই কথা আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। এনে কৰাৰ যোগেদি আমি দেখুৱাওঁ যে যিহোৱাই আমাক সহায় কৰিব বুলি আমাৰ সম্পূৰ্ণ ভৰসা আছে।
কেতিয়াবা কেতিয়াবা হয়তো আমি কিয় বেলেগ কথাৰ বাবে প্ৰাৰ্থনা কৰিবলগীয়া হ’ব পাৰে?
১২. (ক) আমি নিজৰ প্ৰাৰ্থনাৰ বিষয়ে নিজকে কি কি প্ৰশ্ন সোধা উচিত আৰু কিয়? (খ) আমি যিহোৱাক সন্মান কৰোঁ বুলি কেনেধৰণৰ প্ৰাৰ্থনাৰ পৰা জানিব পাৰি? (“মই যিহোৱাক সন্মান কৰোঁ বুলি মোৰ প্ৰাৰ্থনাৰ পৰা জানিব পাৰি নে?” নামৰ বক্স চাওক।)
১২ হয়তো আমি কোনো কথাৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিছোঁ কিন্তু এতিয়ালৈকে সেইমতে হোৱা নাই। এনে পৰিস্থিতিত আমি নিজকে তিনিটা প্ৰশ্ন সুধিব পাৰোঁ, প্ৰথমটো হৈছে,‘মই সঠিক কথাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ নে?’ আমাৰ বাবে কি ভাল আমি জানোঁ বুলি বহু বাৰ আমাক লাগিব পাৰে। কিন্তু আগলৈ গৈ তাৰ পৰা হয়তো লাভ নহʼবও পাৰে। হয়তো কোনো এটা সমস্যা আমি বিচৰা অনুসৰি সমাধান কৰিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু যিহোৱাই হয়তো ইয়াতকৈ ভাল উপায় ভাবি থৈছে। আনকি আমি যি কথাৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিছোঁ, সেয়া তেওঁৰ ইচ্ছাৰ অনুসৰি নহʼবও পাৰে। (১ যোহ. ৫:১৪) এতিয়া আহক আকৌ সেই মা-দেউতাকৰ বিষয়ে মন কৰোঁ, যিসকলে নিজৰ সন্তান যাতে যিহোৱাৰ সেৱা কৰি থাকিব পাৰে, তাৰ বাবে প্ৰাৰ্থনা কৰিছিল। এনেধৰণৰ প্ৰাৰ্থনা কৰাটো ভুল নহয় কিন্তু যিহোৱাই কাকো নিজৰ সেৱা কৰিবলৈ জোৰ-জবৰদস্তি নকৰে। আমি আৰু আমাৰ সন্তানে নিজ ইচ্ছাৰে তেওঁৰ সেৱা কৰাটো যিহোৱাই বিচাৰে। (দ্বিতী. ১০:১২, ১৩; ৩০:১৯, ২০) গতিকে সেই পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ হৃদয়ত সত্যৰ বীজ সিঁচিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে যাতে সেই সন্তানে যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ বন্ধু হʼব পাৰে।—হিতো. ২২:৬; ইফি. ৬:৪.
১৩. ইব্ৰী ৪:১৬ পদৰ অনুসৰি যিহোৱাই কেতিয়া আমাক সহায় কৰিব? বুজাওক।
১৩ আমি নিজকে সোধা দ্বিতীয় প্ৰশ্নটো হৈছে,‘যদি যিহোৱাৰ দৃষ্টিৰে চাওঁ, তেনেহ’লে এয়া মোৰ প্ৰাৰ্থনা পূৰ কৰাৰ সঠিক সময় হয় নে?’ আমি এতিয়াই নিজৰ প্ৰাৰ্থনাৰ উত্তৰ পোৱা উচিত বুলি আমি হয়তো ভাবিব পাৰোঁ। কিন্তু আমাক সহায় কৰাৰ সঠিক সময় কি, তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে। (ইব্ৰী ৪:১৬ পঢ়ক।) যেতিয়া আমি লগে লগে নিজৰ প্ৰাৰ্থনাৰ উত্তৰ নাপাওঁ, তেতিয়া আমি হয়তো ভাবিব পাৰোঁ যে যিহোৱাই যেন এইদৰে কৈছে, ‘মই তোমাৰ প্ৰাৰ্থনাৰ উত্তৰ নিদিও’ কিন্তু যিহোৱাই হয়তো এইদৰে কৈছে, ‘মই তোমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিম কিন্তু এতিয়া নহয়।’ আকৌ সেই ডেকা ভাইজনৰ বিষয়ে মন কৰক, যিজনে নিজৰ বেমাৰ ভাল হʼবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। যিহোৱাই কোনো চমৎকাৰ কৰি তেওঁক ভাল কৰা হ’লে চয়তানে যিহোৱাক ঠাট্টা কৰিব পাৰিলেহেঁতেন যে তেওঁ সেই ভাইজনৰ বেমাৰ ভাল কৰাৰ বাবেহে তেওঁ যিহোৱাৰ সেৱা কৰি আছে। (ইয়ো. ১:৯-১১; ২:৪) আমি এয়াও মনত ৰখা উচিত যে যিহোৱাই আগতীয়াকৈ সেই সময় নিৰ্ধাৰিত কৰিছে, যেতিয়া তেওঁ সকলো ধৰণৰ বেমাৰ দূৰ কৰিব। (যিচ. ৩৩:২৪; প্ৰকা. ২১:৩, ৪) কিন্তু সেই সময়লৈকে যিহোৱাই চমৎকাৰ কৰি আমাৰ বেমাৰ ঠিক কৰিব বুলি আমি আশা কৰিব নোৱাৰোঁ। গতিকে সেই ভাইজনে নিজৰ বেমাৰৰ বিৰুদ্ধে যুঁজিবলৈ আৰু বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি থাকিবলৈ শক্তি আৰু মনৰ শান্তি বিচাৰি প্ৰাৰ্থনা কৰিব পাৰে।—গীত. ২৯:১১.
১৪. ভনী জেনিচৰ উদাহৰণৰ পৰা আপুনি কি শিকিলে?
১৪ ভনী জেনিচৰ উদাহৰণলৈ আকৌ মন কৰক, যিয়ে বেথেলত সেৱা কৰিবলৈ প্ৰাৰ্থনা কৰিছিল। পাঁচ বছৰৰ পাছত তাইৰ অনুভৱ হ’ল যে যিহোৱাই তাইৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল। কিন্তু তাই যিদৰে ভাবিছিল সেইমতে দিয়া নাছিল। ভনীয়ে এইদৰে কৈছে, “সেই সময়ছোৱাত যিহোৱাই মোক বহুতো কথা শিকালে আৰু খ্ৰীষ্টান গুণবোৰ বঢ়াবলৈ সহায় কৰিলে। মোৰ অনুভৱ হ’ল যে মই আৰু বেছিকৈ যিহোৱাৰ ওপৰত ভৰসা কৰা আৰু ভালদৰে ব্যক্তিগত বাইবেল অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। মই এয়াও শিকিলোঁ যে মই ক’ত সেৱা কৰোঁ, তাৰ ওপৰত মোৰ আনন্দ নিৰ্ভৰ নকৰে।” পাছত ভনী জেনিচৰ স্বামীক চাৰ্কিট ওভাৰচিয়াৰ হিচাপে সেৱা কৰিবলৈ কোৱা হ’ল আৰু ভনীয়ে তেওঁক সম্পূৰ্ণৰূপে সহযোগ কৰিলে। অতীতৰ কথা মনত পেলাই ভনী জেনিচে এইদৰে কৈছে, “যিহোৱাই মোৰ সকলো প্ৰাৰ্থনাৰ উত্তৰ দিছিল। কিন্তু মই যিদৰে ভাবিছিলোঁ, সেইদৰে নাছিল। মই এই কথা বুজি পোৱাত অলপ সময় লাগিছিল যে যিহোৱাই কিমান ভাল উপায়েৰে আমাৰ প্ৰাৰ্থনাবোৰৰ উত্তৰ দিয়ে। কিন্তু তেওঁ মোক ইমান প্ৰেম কৰে আৰু তেওঁ মোক দয়া দেখুৱাৰ বাবে মই সঁচাকৈ যিহোৱাৰ প্ৰতি কৃতজ্ঞ।”
যদি আপোনাৰ অনুভৱ হয় যে যিহোৱাই আপোনাৰ কোনো এটা প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাই, তেনেহ’লে আপুনি নিজৰ প্ৰাৰ্থনাত সাল-সলনি কৰিব পাৰে নে? (অনুচ্ছেদ ১৫ চাওক)f
১৫. বহু বাৰ আমাক কিহৰ প্ৰয়োজন আছে, তাক স্পষ্টকৈ নজনোৱাটো কিয় ভাল? (ছবিখনো চাওক।)
১৫ আমি নিজকে সোধা তৃতীয় প্ৰশ্নটো হৈছে,“মই যি কথাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ, তাত অলপ সাল-সলনি কৰাৰ প্ৰয়োজন আছে নেকি?” আমাক কিহৰ প্ৰয়োজন আছে, তাৰ বিষয়ে যিহোৱাক স্পষ্টকৈ জনোৱাটো ভাল কিন্তু কেতিয়াবা কেতিয়াবা আমি কি বিচাৰোঁ, তাৰ বিষয়ে স্পষ্টকৈ নজনালে ভাল হʼব। কাৰণ এইদৰে কৰিলে আমি যিহোৱাৰ ইচ্ছাৰ বিষয়ে জানিব পাৰিম। এতিয়া সেই ভনীৰ বিষয়ে আকৌ মন কৰক, যি ৰাজ্য প্ৰচাৰকসকলকৰ স্কুলত যাবলৈ প্ৰাৰ্থনা কৰিছিল। তাই সেই স্কুলত কিয় যাব বিচাৰিছিল? কাৰণ তাই প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা ঠাইত গৈ সেৱা কৰিব বিচাৰিছিল। তাই সেই স্কুলত যোৱাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে যিহোৱাৰ সেৱা বেছিকৈ কৰাৰ সুযোগ বিচাৰিও প্ৰাৰ্থনা কৰিব পাৰে। (পাঁচ. ১৬:৯, ১০) তাৰ পাছত তাই নিজৰ প্ৰাৰ্থনাৰ অনুসৰি কামো কৰিব পাৰে। যেনে, তাই নিজৰ চাৰ্কিট ওভাৰচিয়াৰক সুধিব পাৰে যে ওচৰে-পাজৰে থকা কোনখন মণ্ডলীত অগ্ৰগামী সেৱকসকলৰ বেছি প্ৰয়োজন আছে বা তাই চিঠি লিখি শাখা কাৰ্য্যালয়ক সুধিব পাৰে যে কোনখন ঠাইত প্ৰচাৰকসকলৰ বেছি প্ৰয়োজন আছে।e
১৬. আমি কি কথাৰ ওপৰত বিশ্বাস ৰাখিব পাৰোঁ?
১৬ এই লেখত আমি শিকিলোঁ যে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব বুলি আমি কিয় বিশ্বাস ৰাখিব পাৰোঁ। তেওঁ যিদৰে উত্তৰ দিয়ে তাৰ পৰা জানিব পাৰি যে তেওঁ আমাক বহুত প্ৰেম কৰে আৰু কেতিয়াও আমাৰ লগত অন্যায় নকৰে। (গীত. ৪:৩; যিচ. ৩০:১৮) হয়তো কেতিয়াবা কেতিয়াবা আমি নিজৰ প্ৰাৰ্থনাৰ উত্তৰ যিদৰে বিচাৰোঁ, সেইদৰে নাপাবও পাৰোঁ। কিন্তু আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব। তেওঁ আমাক বহুত প্ৰেম কৰে, সেইবাবে সমস্যাৰ সময়ত আমাক কেতিয়াও নেৰিব। (গীত. ৯:১০) গতিকে, আহক আমি সদায় তেওঁৰ ওপৰত নিৰ্ভৰ কৰোঁ আৰু আমাৰ মনৰ সকলো কথা তেওঁক খুলি কওঁ।—গীত. ৬২:৮.
গীত ৪৩ ধন্যবাদৰ প্ৰাৰ্থনা
a এই লেখত আমি শিকিম যে আমি কিয় বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব। তেওঁ যিদৰে উত্তৰ দিয়ে তাৰ পৰা আমি এয়া জানিম যে তেওঁ আমাক কিমান প্ৰেম কৰে আৰু তেওঁ আমাৰ লগত কেতিয়াও অন্যায় নকৰিব।
b কিছুমান নাম সলনি কৰা হৈছে।
c ফেব্ৰুৱাৰী ২০২২ চনৰ প্ৰহৰীদুৰ্গত “যিহোৱাই সদায় সঠিক কৰে বুলি আপুনি ভৰসা কৰেনে?” নামৰ লেখখনৰ অনুচ্ছেদ ৩-৬ পঢ়ক।
d যিহোৱাই সমস্যাৰ সময়ত আমাক কেনেকৈ সহায় কৰে তাৰ বিষয়ে বেছিকৈ জানিবলৈ jw.org-ত দিয়া “প্ৰাৰ্থনাই সাহস দিয়ে” নামৰ ভিডিঅ’খন চাওক।
e যদি আপুনি আন শাখা কাৰ্য্যালয়ৰ এলেকাত গৈ সেৱা কৰিব বিচাৰে, তেনেহ’লে ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ সংগঠিত (হিন্দী) কিতাপখনৰ অধ্যায় ১০, অনু. ৬-৯ পঢ়ক।
f ছবিৰ বিষয়ে: দুজনী ভনীয়ে ৰাজ্য প্ৰচাৰকসকলকৰ স্কুলত যাবলৈ ফৰ্ম পূৰ কৰাৰ আগতে প্ৰাৰ্থনা কৰিলে। পাছত তেওঁলোকৰ মাজত এজনী ভনীক স্কুলত মতা হ’ল। যাক মতা নহʼল তাই বেছি দুখ নকৰিলে। ইয়াৰ পৰিৱৰ্তে তাই যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে যাতে তেওঁ আৰু বেছি সেৱা কৰিবলৈ আন উপায় বিচাৰি উলিয়াব পাৰে। তাৰ পাছত তাই শাখা কাৰ্য্যালয়ক চিঠি লিখি জনাই যে তাই এনে এখন ঠাইত গৈ সেৱা কৰিবলৈ সাজু আছে, য’ত প্ৰচাৰকসকলৰ বেছি প্ৰয়োজন আছে।