এজন গুণ-গ্ৰাহী শ্ৰোতা হওঁক
১ এজন গুণ-গ্ৰাহী শ্ৰোতা হʼবলৈ সভাত কোৱা সকলো বিষয়ক মনোযোগেৰে শুনা আৱশ্যক। ইয়াৰ ওপৰিও শ্ৰোতাজনে শুনি লাভৱান হʼবলৈ আগ্ৰহী হোৱাৰ প্ৰয়োজন। সেয়েহে যীচুৱে কৈছিল “তোমালোকে কি দৰে শুনা, তাক চাবা।”—লূক ৮:১৮.
২ যীচুৱে দিয়া এই পৰামৰ্শ, বিষেশকৈ মণ্ডলীৰ সভা, সন্মিলন আৰু অধিৱেশনসমূহত প্ৰযোজ্য হয়। সেইবাবে আমি সভাসমূহত কোৱা বিষয়বোৰক মনোযোগেৰে শুনা অতি আৱশ্যক। (ইব্ৰী ২:১) আমি কেনেকৈ মনোযোগেৰে শুনিব পাৰোঁ, তলত এনে কিছুমান ব্যৱহাৰিক পৰামৰ্শ দাঙি ধৰা হৈছে। যিয়ে খ্ৰীষ্টান সভাসমূহত এজন ব্যক্তিক গুণ-গ্ৰাহী শ্ৰোতা হʼবলৈ সহায় কৰিব।
▪ মণ্ডলীৰ সভাসমূহক মূল্যাঙ্কন কৰক। কিয়নো সেই সভাসমূহৰ যোগেদি “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গই “যিহোৱাৰ দ্বাৰাই শিক্ষিত” কৰে।—লূক ১২:৪২; যিচ. ৫৪:১৩.
▪ সভাসমূহত আলোচনা কৰিবলগীয়া বিষয়সমূহক আগতীয়াকৈ তৈয়াৰী কৰক। যেতিয়া সভাত সেই বিষয়সমূহক আলোচনা কৰা হয় তেতিয়া আপুনি বিষয়বোৰক পুনৰ বিবেচনা কৰক। আপুনি ব্যক্তিগতভাৱে বাইবেল আৰু অধ্যয়ন কৰা আলোচনীৰ কপি ৰখা আৱশ্যক।
▪ সভাসমূহত মনোযোগ দিবলৈ বিশেষভাৱে চেষ্টা কৰক। যিজনে আপোনাৰ সৈতে বহি আছে বা শ্ৰোতাসকলক লক্ষ্য কৰি আছে, তেওঁৰ সৈতে কথা-বতৰা পতাৰ পৰা বিৰত থাকক। সভাৰ শেষত ঘৰলৈ গৈ আপুনি কি কৰিব বা কি নকৰিব, এই বিষয়ে নাইবা আন ব্যক্তিগত কাৰ্য্যৰ বাবে চিন্তা কৰি সভাৰ পৰা আপোনাৰ নিজ মনটোক আঁতৰিবলৈ নিদিব।
▪ সভাসমূহত যি প্ৰস্তুত কৰা হৈছে তাক ব্যাখ্যা কৰক। নিজকে সোধক: ‘এই বিষয়টোক মই কেনেকৈ নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ? কেনেকৈ মই এই বিষয়টোৰ অনুসৰি কাৰ্য্য কৰিম?
▪ শাস্ত্ৰ পদ আৰু সভাৰ মুখ্য বিষয়বোৰ চমুকৈ লিখি ৰাখক। এনে কৰাৰ যোগেদি আপুনি সেই আলোচনা কৰা বিষয়বোৰৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিবলৈ আৰু পাছলৈ সেই বিষয়বোৰক স্মৰণ কৰি নিজৰ জীৱন প্ৰণালীত ব্যৱহাৰ কৰিব পাৰিব।
৩ নিজৰ লʼৰা-ছোৱালীকো মনোযোগ দি শুনিবলৈ সহায় কৰক: কিয়নো সভাবোৰত বয়সস্থসকলৰ যে মাত্ৰ আধ্যাত্মিক আৱশ্যকতা আছে এনে নহয়, কিন্তু লʼৰা-ছোৱালীবিলাককো আধ্যাত্মিক বিষয়ৰ আৱশ্যকতা আছে। (দ্বিতী. ৩১:১২) সেইবাবে প্ৰাচীন সময়ত ঈশ্বৰৰ লোকসকলৰ মাজত “যিমান মানুহে শুনি বুজিব পাৰে” তেওঁলোকৰ আগত পাঠ কৰা মোচিৰ ব্যৱস্থা-পুস্তকক মনোযোগ দি শুনাটো আৱশ্যকীয় কৰ্তব্য আছিল। (নহি. ৮:১-৩) যদি পিতৃ-মাতৃয়ে মণ্ডলীৰ সভাসমূহত মনোযোগ দি শুনে, তেনেহʼলে লʼৰা-ছোৱালীবোৰেও মনোযোগ দি শুনিব। পিতৃ-মাতৃসকলে সভা চলি থকাৰ সময়ত নিজৰ লʼৰা-ছোৱালীবিলাকক খেলিবলৈ বা উমলিবলৈ কোনো খেলা বস্তু বা ছবি আঁকিবলৈ কাগজ-পেঞ্চিল দিয়াটো উচিত নহয়। ইয়াৰ ওপৰিও লʼৰা-ছোৱালীবিলাকক সঘনাই পেছাপ কৰাবলৈ লৈ যোৱাটো আৱশ্যক নহয়। কিয়নো তেনে কৰিলে পিতৃ-মাতৃসকলেও সভাত ভালদৰে মনোযোগ দিব নোৱাৰে। এতেকে বাইবেলে কৈছে “লৰা মনত অজ্ঞানতা বন্ধ হৈ থাকে।” গতিকে লʼৰা-ছোৱালীয়ে যাতে সভাত বহি মনোযোগেৰে শুনে তাৰ বাবে পিতৃ-মাতৃসকলে প্ৰচেষ্টা কৰা উচিত।—হিতো. ২২:১৫.
৪ এজন গুণ-গ্ৰাহী শ্ৰোতা হৈ প্ৰকাশ কৰিম যে আমি সঁচাকৈ বুদ্ধিমান আৰু অধিক “নিগূঢ়বাক্য বুজিবৰ” বাবে হাবিয়াহ কৰোঁ।—হিতো. ১:৫.