অধ্যয়নৰ লেখ ৪৪
গীত নং ১৩৮ পকা চুলি গৌৰৱৰ মুকুট
বাঢ়ি যোৱা বয়সতো নিজৰ আনন্দ বজাই ৰাখক
“তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব; তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব।”—গীত. ৯২:১৪, IRV.
কি শিকিম?
বৃদ্ধ ভাই-ভনীসকলে নিজৰ আনন্দ বজাই ৰখাটো কিয় গুৰুত্বপূৰ্ণ আৰু তেওঁলোকে এয়া কেনেকৈ কৰিব পাৰে?
১-২. যিহোৱাৰ যিসকল সেৱকৰ বয়স বাঢ়ি গৈছে, তেওঁলোকক যিহোৱাই কেনে দৃষ্টিৰে চায়? (গীতমালা ৯২:১২-১৪; ছবিখনো চাওক।)
যেতিয়া বয়স বাঢ়িবলৈ ধৰে, তেতিয়া কিছুমান লোকে নিজৰ পকা চুলি চাই বহুত আনন্দিত হয়, কিন্তু কিছুমান লোকে চিন্তিত হৈ পৰে। মনত পেলাওক, যেতিয়া আপুনি প্ৰথমবাৰ নিজৰ পকা চুলি দেখিছিল, তেতিয়া আপুনি কি কৰিছিল? আপুনি হয়তো আনে দেখাৰ আগতে তাক উঘালিবলৈ চেষ্টা কৰিছিল। আমি নিজৰ পকা চুলি লুকুৱাবলৈ যিমানেই চেষ্টা নকৰোঁ কিয়, আমি বয়স বাঢ়ি যোৱাটো ৰখাব নোৱাৰোঁ।
২ কিন্তু যিহোৱাৰ যিসকল সেৱকৰ বয়স বাঢ়ি গৈছে, তেওঁলোকক যিহোৱাই কেনে দৃষ্টিৰে চায়? (হিতো. ১৬:৩১) বাইবেলত তেওঁলোকক পাত আৰু ফুলেৰে ভৰি থকা গছৰ লগত তুলনা কৰা হৈছে। (গীতমালা ৯২:১২-১৪, IRV পঢ়ক।) এইদৰে তুলনা কৰাটো কিয় সঠিক হয়? কাৰণ গছ যিমানেই পুৰণি হয়, সিমানেই সেয়া পাত আৰু ফুলেৰে ভৰি পৰে আৰু দেখিবলৈও বহুত ধুনীয়া লাগে। এনেধৰণৰ গছবোৰৰ মাজত এবিধ হৈছে জাপানৰ চেৰী ব্লʼছম। এই গছবোৰৰ মাজৰ কিছুমান হাজাৰ বছৰতকৈও বেছি জীয়াই থাকে আৰু ইয়াৰ সৌন্দৰ্যতা দেখিবলৈও বহুত ধুনীয়া। এই গছবোৰৰ দৰে যিহোৱাৰ যিসকল সেৱক বৃদ্ধ হৈ পৰিছে, তেওঁলোকেও যিহোৱাৰ দৃষ্টিত বহুত ধুনীয়া। যিহোৱাই তেওঁলোকৰ পকা চুলিলৈ ধ্যান দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ হৃদয় চায়। তেওঁ মন কৰে যে তেওঁলোকে ইমান বছৰ ধৰি ধৈৰ্য ধৰি আছে আৰু বিশ্বাসেৰে তেওঁৰ সেৱা কৰি আছে। ইয়াৰ বাবেই যিহোৱাৰ দৃষ্টিত তেওঁলোক বহুত মূল্যৱান।
যিদৰে পুৰণি গছ পাত আৰু ফুলেৰে ভৰি থাকে আৰু দেখিবলৈও বহুত ধুনীয়া হয়, ঠিক সেইদৰে বিশ্বাসী বৃদ্ধ সেৱকসকলেও বহুত ধুনীয়া হয় আৰু তেওঁলোকে সদায় বাঢ়ি থাকে (অনুচ্ছেদ ২ চাওক)
৩. যিহোৱাই নিজৰ বৃদ্ধ সেৱকসকলৰ যোগেদি কেনেকৈ নিজৰ উদ্দেশ্য পূৰ কৰিলে? উদাহৰণ দি বুজাওক।
৩ এজন মানুহৰ বয়স যিমানেই বাঢ়ি নাযাওক কিয়, যিহোৱাৰ দৃষ্টিত তেওঁৰ মূল্য কেতিয়াও কম নহয়।a বহুবাৰ তেওঁ নিজৰ বৃদ্ধ সেৱকসকলৰ যোগেদি নিজৰ উদ্দেশ্য পূৰ কৰিছিল। যেনে, যেতিয়া চাৰা বহুত বৃদ্ধ হৈ পৰিছিল, তেতিয়া যিহোৱাই কʼলে যে তেওঁ এটি সন্তানক জন্ম দিব আৰু তেওঁৰ যোগেদি এটা ডাঙৰ ৰাষ্ট্ৰ বনাব আৰু তেওঁ মচীহৰ আদিমাতৃ হʼব। (আদি. ১৭:১৫-১৯) মোচি যেতিয়া বৃদ্ধ হৈ পৰিছিল, তেতিয়া যিহোৱাই কʼলে যে তেওঁ ইস্ৰায়েলীসকলক মিচৰৰ পৰা মুকলি কৰিব। (যাত্ৰা. ৭:৬, ৭) পাঁচনি যোহনেও যেতিয়া বৃদ্ধ হৈ পৰিছিল, তেতিয়া যিহোৱাই নিজৰ পবিত্ৰ শক্তিৰ যোগেদি তেওঁক বাইবেলৰ পাঁচখন কিতাপ লিখিবলৈ উৎসাহিত কৰিলে।
৪. হিতোপদেশ ১৫:১৫ পদৰ অনুসৰি সমস্যাৰ সন্মুখীন হʼবলৈ কি কথাই বৃদ্ধ ভাই-ভনীসকলক সহায় কৰিব পাৰে? (ছবিখনো চাওক।)
৪ বয়স বাঢ়ি যোৱাৰ লগে লগে বৃদ্ধ লোকসকলে আৰু কিছুমান সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। এগৰাকী ভনীয়ে ধেমালিতে এইদৰে কৈছিল, “বয়স বাঢ়ি যোৱাৰ বাবে যিবোৰ সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়, সেয়া দুৰ্বল মানুহে সহন কৰিব নোৱাৰে!” যদি বৃদ্ধ লোকসকলে নিজৰ আনন্দb বজাই ৰাখে, তেনেহʼলে তেওঁলোকে এই সমস্যাবোৰ সহজে সন্মুখীন হʼব পাৰিব। (হিতোপদেশ ১৫:১৫ পঢ়ক।) এই লেখত আমি কিছুমান পৰামৰ্শৰ বিষয়ে আলোচনা কৰিম, যিবোৰ পালন কৰিলে বৃদ্ধ ভাই-ভনীসকলে নিজৰ আনন্দ বজাই ৰাখিব পাৰে। আমি এয়াও চাম যে মণ্ডলীৰ আন ভাই-ভনীসকলে বৃদ্ধ ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰে। কিন্তু প্ৰথমতে আমি চাম যে বয়স বাঢ়ি যোৱাৰ বাবে নিজৰ আনন্দ বজাই ৰাখিবলৈ কিয় কঠিন হয়।
আনন্দত থাকিলে বৃদ্ধ লোকসকলে বয়স বাঢ়ি যোৱাৰ বাবে অহা সমস্যাবোৰৰ সন্মুখীন হʼব পাৰে (অনুচ্ছেদ ৪ চাওক)
বয়স বাঢ়ি যোৱাৰ সময়ত আনন্দ বজাই ৰাখিবলৈ কিয় কঠিন হʼব পাৰে?
৫. বৃদ্ধ ভাই-ভনীসকলে হয়তো কি কাৰণৰ বাবে নিৰাশ হʼব পাৰে?
৫ যদি আপুনি বৃদ্ধ হয়, তেনেহʼলে আপুনি হয়তো এয়া ভাবি নিৰাশ হৈ পৰে যে আগতে আপুনি কিমান কাম কৰিব পাৰিছিল, কিন্তু এতিয়া কৰিব নোৱাৰে। আপুনি হয়তো এয়াও ভাবে, ‘ডেকা কাল উভতি অহা হʼলে কিমান ভাল হʼলহেঁতেন, সেই সময়ত মোৰ স্বাস্থ্য ভাল আছিল!’ (উপ. ৭:১০) ৰুবী নামৰ এগৰাকী ভনীয়ে এইদৰে কৈছে, “কেতিয়াবা কেতিয়াবা মোৰ হাত-ভৰি কাম নকৰে। গোটেই গাত বিষ থকাৰ বাবে কাপোৰ পিন্ধিবলৈও মোৰ বাবে কঠিন হৈ পৰে। মোজা পিন্ধাৰ সময়ত ভৰিখন দাঙিবলৈও মোৰ বাবে বৰ কষ্ট হয়। আঠুৰ জোৰাবোৰৰ বিষৰ বাবে মই সৰু সৰু কামবোৰো কৰিব নোৱাৰোঁ।” ভাই হেৰল্ড যিজনে আগতে বেথেলত সেৱা কৰিছিল, তেওঁ এইদৰে কৈছে, “কেতিয়াবা কেতিয়াবা নিজৰ অৱস্থা চাই মোৰ বহুত খং উঠে। ডেকা কালত খেলা-ধূলা কৰি মই বহুত ভাল পাইছিলোঁ। বেচবল খেলাৰ সময়ত লোকসকলে কৈছিল, ‘হেৰল্ডক বল দি দিয়া, সি আমাক জিকাই দিব।’ কিন্তু এতিয়া বল দলিয়াবলৈও মোৰ গাত শক্তি নাই।”
৬. (ক) বৃদ্ধ ভাই-ভনীসকলে আৰু কি কি কাৰণৰ বাবে নিৰাশ হʼব পাৰে? (খ) বৃদ্ধ ভাই-ভনীসকলে গাড়ী চলাব নে নচলায়, সেয়া কেনেকৈ নিৰ্ণয় লʼব পাৰে? (এই সংখ্যাত দিয়া “মই এতিয়া গাড়ী চলাবলৈ বন্ধ কৰি দিয়া উচিত নে?” নামৰ লেখখন চাওক।)
৬ আপুনি হয়তো অলপ স্বাধীনতা হেৰুৱাই দিয়াৰ বাবে নিৰাশ হৈ পৰিব পাৰে। এয়া বিশেষকৈ সেই সময়ত হʼব পাৰে, যেতিয়া আপোনাৰ চোৱা-চিতা কৰিবলৈ কাৰোবাক ৰখা হয় বা আপোনাক নিজৰ ঘৰ এৰি নিজৰ লʼৰা-ছোৱালীৰ ঘৰত থাকিবলগীয়া হয়। ইয়াৰ উপৰিও, আপোনাৰ স্বাস্থ্য বেয়া হোৱাৰ বাবে বা ভালদৰে দেখা নোপোৱাৰ বাবে আপুনি হয়তো অকলে কʼতো অহা-যোৱা কৰিব নোৱাৰে বা গাড়ী, বাইক আৰু চাইকেল চলাব নোৱাৰে। এইবোৰ কাৰণৰ বাবেও আপুনি হয়তো নিৰাশ হʼব পাৰে। কিন্তু মনত ৰাখক এইবোৰ কাৰণৰ বাবে যিহোৱা আৰু ভাই-ভনীৰ বাবে আপোনাৰ মূল্য কম হৈ নাযায়। যিহোৱাই ভালদৰে জানে যে আপুনি কেনে অনুভৱ কৰি আছে। আপুনি অন্তৰৰ পৰা কেনে ব্যক্তি হয়, সেয়াহে যিহোৱাৰ বাবে গুৰুত্বপূৰ্ণ। তেওঁ এয়া চায় যে আপুনি যিহোৱা আৰু ভাই-ভনীসকলক কিমান প্ৰেম কৰে আৰু তেওঁলোকৰ প্ৰতি কিমান কৃতজ্ঞ। এইবোৰ কাৰণৰ বাবেই আপুনি যিহোৱাৰ দৃষ্টিত বহুত মূল্যৱান।—১ চমূ. ১৬:৭.
৭. যদি আপুনি এয়া ভাবি নিৰাশ হয় যে আপুনি জীয়াই থকাৰ সময়ত অন্ত নাহিব, তেনেহʼলে আপুনি কি মনত ৰাখিব পাৰে?
৭ আপুনি হয়তো এয়াও ভাবি নিৰাশ হʼব পাৰে যে আপুনি জীয়াই থকাৰ সময়ত অন্ত নাহিব। যদি আপোনাৰ এইদৰে অনুভৱ হয়, তেনেহʼলে মনত ৰাখক যিহোৱাও এই দুষ্ট জগতক অন্ত কৰিব বিচাৰে, কিন্তু তেওঁ ধৈৰ্য ধৰি আছে। (যিচ. ৩০:১৮) যিহোৱাই কিয় ধৈৰ্য ধৰি আছে? কাৰণ তেওঁৰ বিষয়ে জানিবলৈ আৰু তেওঁৰ সেৱা কৰিবলৈ তেওঁ লাখ লাখ লোকক সুযোগ দিছে। (২ পিত. ৩:৯) যদি আপোনাৰ কেতিয়াবা দুখ লাগে, তেনেহʼলে চিন্তা কৰক যে যিহোৱাই ধৈৰ্য ধৰাৰ বাবে অন্ত অহাৰ আগতে লাখ লাখ লোকে কিমান লাভৱান হʼব। তেওঁলোকৰ মাজত হয়তো আপোনাৰ পৰিয়ালৰো কিছুমান লোক থাকিব পাৰে।
৮. বয়স বাঢ়ি যোৱাৰ বাবে বৃদ্ধ লোকসকলে হয়তো কি কৰিব পাৰে?
৮ আমি ডেকাই হওঁ বা বৃদ্ধ, যেতিয়া আমি বেমাৰত থাকোঁ, তেতিয়া আমি এনে কথা কওঁ বা কাম কৰোঁ, যাৰ বাবে পাছত আমাক দুখ লাগে। (উপ. ৭:৭; যাকো. ৩:২) বাইবেলতো ইয়োবৰ বিষয়ে কোৱা হৈছে যে যেতিয়া তেওঁ কষ্টত আছিল, তেতিয়া তেওঁ “অবিবেচনাযুক্ত” কথা কৈছিল। (ইয়ো. ৬:১-৩) কেতিয়াবা কেতিয়াবা বৃদ্ধ লোকসকলে কোনো বেমাৰ বা দৰবৰ কাৰণে এনে কথা কয় বা কাম কৰে, যি সাধাৰণতে তেওঁলোকে নকৰে। কিন্তু মনত ৰাখক আমি কেতিয়াও বয়স বাঢ়ি যোৱাৰ বাবে বা বেমাৰৰ সুযোগ লৈ আনৰ লগত বেয়া ব্যৱহাৰ কৰা উচিত নহয় আৰু আনৰ পৰা বেছিকৈ আশাও কৰা উচিত নহয়। যদি আমাৰ অনুভৱ হয় যে আমি অজানিতে কাৰোবাক আঘাত দিছোঁ, তেনেহʼলে আমি লগে লগে তেওঁৰ পৰা ক্ষমা বিচৰা উচিত।—মথি ৫:২৩, ২৪.
নিজৰ আনন্দ কেনেকৈ বজাই ৰাখিম
বয়স বাঢ়ি যোৱাৰ বাবে অহা সমস্যাবোৰৰ সত্ত্বেও আপুনি নিজৰ আনন্দ কেনেকৈ বজাই ৰাখিব পাৰে? (অনুচ্ছেদ ৯-১৩ চাওক)
৯. আপুনি আনৰ পৰা কিয় সহায় লোৱা উচিত? (ছবিখনো চাওক।)
৯ আনৰ সহায় লওক। (গালা. ৬:২) আৰম্ভণিতে এইদৰে কৰিবলৈ আপোনাৰ বাবে হয়তো কঠিন লাগিব পাৰে। গ্ৰেটেল নামৰ এগৰাকী ভনীয়ে এইদৰে কৈছে, “আনৰ পৰা সহায় লʼবলৈ কেতিয়াবা কেতিয়াবা মোৰ বৰ কঠিন হয়। মোৰ অনুভৱ হয় যেন মই তেওঁলোকৰ বাবে বোজা হৈ পৰিম। মই নিজৰ চিন্তাধাৰা সলনি কৰিবলৈ আৰু মোক সহায়ৰ প্ৰয়োজন আছে, এই কথা মানি লʼবলৈ মোক অলপ সময় লাগিল।” যেতিয়া আপুনি আনৰ পৰা সহায় লয়, তেতিয়া আপুনি তেওঁলোকক সেই আনন্দ দিয়ে, যি আনক দিলে পোৱা যায়। (পাঁচ. ২০:৩৫) ইয়াৰ উপৰিও, আপুনি এয়া চাই আনন্দিত হয় যে আনে আপোনাক কিমান প্ৰেম কৰে আৰু আপোনাৰ বিষয়ে কিমান চিন্তা কৰে।
(অনুচ্ছেদ ৯ চাওক)
১০. আপুনি কৃতজ্ঞ বুলি কিয় দেখুৱা উচিত? (ছবিবোৰো চাওক।)
১০ কৃতজ্ঞ আছে বুলি দেখুৱাওক। (কল. ৩:১৫; ১ থিচ. ৫:১৮) যেতিয়া আনে আমাৰ বাবে কিবা কৰে, তেতিয়া আমাৰ বহুত ভাল লাগে। কিন্তু আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ বুলি দেখুৱাবলৈ কেতিয়াবা কেতিয়াবা পাহৰি যাব পাৰোঁ। কিন্তু যদি আমি তেওঁলোকক চাই মিচিকিয়াই হাঁহি দিওঁ বা থেংকিউ বুলি কওঁ, তেতিয়া তেওঁলোকে অনুভৱ কৰিব পাৰিব যে তেওঁলোকৰ সহায়ৰ বাবে আমি বহুত কৃতজ্ঞ। বেথেলৰ বৃদ্ধ ভনীসকলৰ চোৱা-চিতা কৰা ভনী লিয়াৰ অনুভৱলৈ মন কৰক। তাই এইদৰে কৈছে, “মই যিসকল ভনীৰ চোৱা-চিতা কৰোঁ, তেওঁলোকৰ মাজৰ এগৰাকীয়ে মোক থেংকিউ কাৰ্ড দিয়ে। তেওঁ বেছি কথা নিলিখে, কিন্তু যি লিখে, সেয়াই মোৰ হৃদয় স্পৰ্শ কৰে। যেতিয়া মই থেংকিউ কাৰ্ড পাওঁ, তেতিয়া মই কিমান আনন্দিত হওঁ, সেয়া শব্দেৰে প্ৰকাশ কৰিব নোৱাৰোঁ। তেওঁলোকে মোৰ পৰিশ্ৰমক মূল্যাংকন কৰে, এয়া চাই মই বহুত আনন্দিত হওঁ।”
(অনুচ্ছেদ ১০ চাওক)
১১. আপুনি কেনেকৈ আনক সহায় কৰিব পাৰে? (ছবিবোৰো চাওক।)
১১ আনক সহায় কৰক। যদি আপুনি আনৰ বিষয়ে চিন্তা কৰিব আৰু তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিব, তেনেহʼলে আপুনি কেৱল নিজৰ সমস্যাৰ বিষয়ে ভাবি নাথাকিব। আফ্ৰিকান ভাষাত এষাৰ কথা আছে যে বৃদ্ধ লোকসকল কিতাপেৰে ভৰি থকা লাইব্ৰেৰীৰ দৰে হয়, যিসকলৰ ওচৰত জ্ঞান আৰু বুদ্ধিৰ ৰত্ন আছে। কিন্তু কিতাপবোৰ যদি লাইব্ৰেৰীত এনেই থৈ দিয়া হয়, তেনেহʼলে তাৰ পৰা একো লাভ নহʼব। সেইবাবে, নিজে আগবাঢ়ি গৈ ডেকাসকলৰ লগত কথা পাতক। আপুনি যি জানে আৰু যি শিকিলে, তাৰ বিষয়ে তেওঁলোকক জনাওক। তেওঁলোকক প্ৰশ্ন সোধক আৰু তেওঁলোকৰ উত্তৰ মনোযোগেৰে শুনক। আপুনি এয়াও জনাওক যে যিহোৱাৰ পৰামৰ্শ পালন কৰি আপোনাৰ কি কি লাভ হৈছে আৰু যদি তেওঁলোকেও পালন কৰে, তেনেহʼলে তেওঁলোকে কিমান আনন্দ লাভ কৰিব। এইদৰে যেতিয়া আপুনি নিজৰ ডেকা বন্ধুসকলক উৎসাহিত কৰিব আৰু শান্ত্বনা দিব, তেতিয়া আপুনি বহুত আনন্দিত হʼব।—গীত. ৭১:১৮.
(অনুচ্ছেদ ১১ চাওক)
১২. যিহোৱাই নিজৰ বৃদ্ধ সেৱকসকলক কি প্ৰতিজ্ঞা কৰিছে? (যিচয়া ৪৬:৪) (ছবিবোৰো চাওক।)
১২ শক্তি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। কেতিয়াবা কেতিয়াবা আপুনি বহুত ভাগৰি পৰিব পাৰে বা হাৰ মানিব পাৰে। কিন্তু মনত ৰাখক যিহোৱা “ক্লান্ত নহয়, আৰু ভাগৰ নাপায়।” (যিচ. ৪০:২৮) যিহোৱাৰ ওচৰত বহুত শক্তি আছে, কিন্তু তেওঁ নিজৰ শক্তি কেৱল নিজৰ মাজতে ৰাখে নে? নহয়, তেওঁ নিজৰ বৃদ্ধ সেৱকক শক্তি দিয়ে। (যিচ. ৪০:২৯-৩১) যিহোৱাই নিজৰ বৃদ্ধ সেৱকসকলক সদায় চম্ভালিম বুলি প্ৰতিজ্ঞা কৰিছে। (যিচয়া ৪৬:৪ পঢ়ক।) তেওঁ যিকোনো পৰিস্থিতিত নিজৰ প্ৰতিজ্ঞা পূৰ কৰে। (যিহো. ২৩:১৪; যিচ. ৫৫:১০, ১১) যেতিয়া আপুনি যিহোৱালৈ প্ৰাৰ্থনা কৰিব, তেতিয়া তেওঁ আপোনাকো সহায় কৰিব। তেতিয়া আপোনাৰ অনুভৱ হʼব যে যিহোৱাই আপোনাক বহুত প্ৰেম কৰে আৰু ইয়াৰ পৰা আপুনি বহুত আনন্দ লাভ কৰিব।
(অনুচ্ছেদ ১২ চাওক)
১৩. দ্বিতীয় কৰিন্থীয়া ৪:১৬-১৮ পদৰ অনুসৰি আমি কি কথা মনত ৰখা উচিত? (ছবিবোৰো চাওক।)
১৩ মনত ৰাখক আপুনি সদায় বৃদ্ধ হৈ নাথাকিব। যদি আপুনি এই কথা মনত ৰাখে, তেনেহʼলে নিজৰ সমস্যাবোৰ সন্মুখীন হʼবলৈ আপোনাৰ বাবে সহজ হৈ পৰিব। বাইবেলত আশ্বাস দিয়া হৈছে যে বৃদ্ধ বয়স আৰু বেয়া স্বাস্থ্য অলপ সময়ৰ কাৰণে আছে। (ইয়ো. ৩৩:২৫; যিচ. ৩৩:২৪) আপোনাৰ জীৱনৰ আটাইতকৈ ভাল দিন গুচি যোৱা নাই, ইয়াৰ পৰিৱৰ্তে ভৱিষ্যতে আহিবলগীয়া আছে। সেইবাবে, আনন্দিত হওক। (২ কৰিন্থীয়া ৪:১৬-১৮ পঢ়ক।) কিন্তু এতিয়া প্ৰশ্ন হৈছে যে মণ্ডলীৰ ভাই-ভনীসকলে আপোনাক কেনেকৈ সহায় কৰিব পাৰে?
(অনুচ্ছেদ ১৩ চাওক)
মণ্ডলীৰ ভাই-ভনীসকলে বৃদ্ধসকলক কেনেকৈ সহায় কৰিব পাৰে
১৪. বৃদ্ধ ভাই-ভনীসকলক ফোন কৰা আৰু তেওঁলোকক লগ কৰাটো কিয় গুৰুত্বপূৰ্ণ?
১৪ মাজে-সময়ে বৃদ্ধ ভাই-ভনীসকলক ফোন কৰক আৰু তেওঁলোকক লগ কৰিবলৈ যাওক। (ইব্ৰী ১৩:১৬) বৃদ্ধ লোকসকলে প্ৰায়েই অকলশৰীয়া অনুভৱ কৰে। ঘৰৰ পৰা কʼলৈকো যাব নোৱাৰা ভাই কেমীয়ে এইদৰে কৈছে, “ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই ঘৰতে থাকোঁ, সেইবাবে মোৰ বৰ আমনি লাগে। মোৰ এনে লাগে যেন মই বুঢ়া সিংহৰ দৰে হওঁ, যাক পিঞ্জৰাত বন্ধ কৰি ৰখা হৈছে। মই বহুত চিন্তিত হৈ পৰোঁ আৰু কেতিয়াবা কেতিয়াবা মোৰ বৰ খং উঠে।” যেতিয়া আমি বৃদ্ধ ভাই-ভনীসকলক লগ কৰিবলৈ যাওঁ, তেতিয়া আমি তেওঁলোকক কʼব পাৰোঁ যে আমি তেওঁলোকক বহুত প্ৰেম কৰোঁ আৰু তেওঁলোক আমাৰ বাবে বহুত মূল্যৱান হয়। কেতিয়াবা কেতিয়াবা আমি ভাবোঁ যে আমি কোনো বৃদ্ধ ভাই বা ভনীক ফোন কৰিম বা তেওঁক লগ কৰিবলৈ যাম, কিন্তু এইদৰে কৰিবলৈ আমি পাহৰি যাওঁ। হয়তো আপোনাৰ লগতো এইদৰে হৈছে। গোটেই দিনত আমাৰ ওচৰত বহুতো কাম থাকে। কিন্তু বৃদ্ধ ভাই-ভনীক লগ কৰাটো গুৰুত্বপূৰ্ণ কাম হয়। এয়া ‘বেছি গুৰুত্বপূৰ্ণ বিষয়বোৰৰ’ মাজৰ এটা হয়। (ফিলি. ১:১০) আমি যাতে বৃদ্ধ ভাই-ভনীসকলক পাহৰি নাযাওঁ, তাৰ বাবে আমি কি কৰিব পাৰোঁ? যেতিয়া সুযোগ পাম, তেতিয়া তেওঁলোকক লগ কৰিবলৈ যাম বুলি নাভাবিব। তাৰ পৰিৱৰ্তে, কেলেণ্ডাৰত লিখি ৰাখক যে আপুনি তেওঁলোকক কেতিয়া ফোন কৰিব বা মেছেজ কৰিব। ইয়াৰ উপৰিও, আপুনি তেওঁলোকক কেতিয়া লগ কৰিব, তাৰ এটা দিন আৰু সময় নিৰ্ধাৰিত কৰক।
১৫. ডেকা আৰু বৃদ্ধসকলে একেলগে মিলি কি কৰিব পাৰে?
১৫ যদি আপুনি ডেকা হয়, তেনেহʼলে আপুনি হয়তো ভাবে যে মই বৃদ্ধসকলৰ লগত কিহৰ বিষয়ে কথা পাতিম বা মই তেওঁলোকৰ লগত মিলি কি কৰিম। কিন্তু ইয়াৰ বিষয়ে বেছিকৈ চিন্তা নকৰিব, তাৰ পৰিৱৰ্তে তেওঁলোকৰ ভাল বন্ধু হওক। (হিতো. ১৭:১৭) সভাৰ আগত আৰু পাছত তেওঁলোকৰ লগত কথা পাতক। আপুনি তেওঁলোকক তেওঁলোকৰ মন পচন্দৰ পদৰ বিষয়ে সুধিব পাৰে বা লʼৰালি কালৰ কোনো এটা ভাল অনুভৱৰ বিষয়ে সুধিব পাৰে। অথবা আপুনি তেওঁলোকৰ লগত মিলি JW ব্ৰডকাষ্টিঙৰ কাৰ্যক্ৰম চাব পাৰে। আপুনি আন উপায়েৰেও তেওঁলোকক সহায় কৰিব পাৰে। যেনে, আপুনি তেওঁলোকৰ ফোন আপডেট কৰি দিব পাৰে বা কোনো নতুন প্ৰকাশন ডাউনলড কৰি দিব পাৰে। কেৰল নামৰ এগৰাকী ভনীয়ে এইদৰে কৈছে, “তোমালোকক যি কাম ভাল লাগে, আমাৰ লগত সেই কামবোৰেই কৰা। যদিও মোৰ বয়স হৈ গৈছে, কিন্তু ফূৰ্তি কৰি মোৰ বৰ ভাল লাগে। লগতে বজাৰ কৰি, বাহিৰত আহাৰ খায় আৰু ফুৰি মই বহুত ভাল পাওঁ।” মাইৰা নামৰ এজনী ভনীয়ে এইদৰে কৈছে, “মোৰ এজনী বন্ধুৰ বয়স ৯০ বছৰ হয়। আমাৰ মাজত ৫৭ বছৰ বয়সৰ পাৰ্থক্য আছে, কিন্তু যেতিয়া মই তেওঁক লগ কৰোঁ, তেতিয়া পাহৰি যাওঁ যে তেওঁ মোতকৈ ইমান ডাঙৰ। আমি একেলগে মিলি কথা পাতোঁ, ফূৰ্তি কৰোঁ আৰু চিনেমা চাওঁ। যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া আমি কি কৰিব পাৰোঁ, তাৰ বিষয়ে এজনে-আনজনক সোধোঁ।”
১৬. যেতিয়া বৃদ্ধসকলে ডাক্তৰৰ ওচৰলৈ যায়, তেতিয়া তেওঁলোকৰ লগত যোৱাটো কিয় ভাল?
১৬ যেতিয়া তেওঁলোকে ডাক্তৰৰ ওচৰলৈ যায়, তেতিয়া তেওঁলোকৰ লগত যাওক। আপুনি তেওঁলোকক নিজৰ গাড়ীত ডাক্তৰৰ ওচৰলৈ লৈ যাব পাৰে। ইয়াৰ উপৰিও, ডাক্তৰ বা নাৰ্চসকলে তেওঁলোকৰ লগত যাতে ভালদৰে ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ ভালদৰে যত্ন লয়, তাৰ প্ৰতি ধ্যান দিব পাৰে। (যিচ. ১:১৭) যেতিয়া ডাক্তৰে কিবা পৰামৰ্শ দিয়ে বা তেওঁলোকক কিবা কৰিবলৈ কয়, তেতিয়া তেওঁলোকৰ বাবে সেইবোৰ লিখি ৰাখিব পাৰে। ৰূথ নামৰ এগৰাকী ভনীয়ে এইদৰে কৈছে, “যেতিয়া মই অকলে ডাক্তৰৰ ওচৰলৈ যাওঁ, তেতিয়া প্ৰায়েই তেওঁ মোৰ কথা মনোযোগেৰে নুশুনে আৰু কয় যে আপুনি ঠিকেই আছে, আপোনাৰ একো হোৱা নাই। কিন্তু যেতিয়া মই কাৰোবাক লগত লৈ যাওঁ, তেতিয়া তেওঁ মোৰ কথা মনোযোগেৰে শুনে আৰু মোৰ লগত ভালদৰে ব্যৱহাৰ কৰে। যিসকল ভাই-ভনীয়ে সময় উলিয়াই মোৰ লগত ডাক্তৰৰ ওচৰলৈ যায়, তেওঁলোকক মই ধন্যবাদ দিব বিচাৰোঁ।”
১৭. বৃদ্ধ ভাই-ভনীসকলৰ লগত প্ৰচাৰ কৰিবলৈ আপুনি কি কৰিব পাৰে?
১৭ তেওঁলোকৰ লগত প্ৰচাৰ কৰক। ঘৰে ঘৰে প্ৰচাৰ কৰিবলৈ কিছুমান বৃদ্ধ ভাই-ভনীৰ হয়তো শক্তি নাথাকিব পাৰে। এনে পৰিস্থিতিত আপুনি তেওঁলোকক নিজৰ লগত কাৰ্টৰ যোগেদি প্ৰচাৰ কৰিবলৈ লৈ যাব পাৰে আৰু তেওঁলোকৰ বাবে চকীও লৈ যাব পাৰে যাতে তেওঁ কাৰ্টৰ ওচৰত আৰামেৰে বহিব পাৰে। আপুনি তেওঁক নিজৰ বাইবেল অধ্যয়নত লৈ যাব পাৰে বা তেওঁলোকৰ ঘৰত বাইবেল অধ্যয়ন কৰিব পাৰে। প্ৰাচীনসকলেও বৃদ্ধ ভাই-ভনীসকলক সহায় কৰিব পাৰে। তেওঁলোকৰ সুবিধাৰ কাৰণে প্ৰাচীনসকলে প্ৰচাৰৰ সভা তেওঁলোকৰ ঘৰত ৰাখিব পাৰে। আমি বৃদ্ধ ভাই-ভনীসকলক সহায় কৰিবলৈ যি পৰিশ্ৰম কৰোঁ, সেয়া চাই যিহোৱা বহুত আনন্দিত হয়।—হিতো. ৩:২৭; ৰোম. ১২:১০.
১৮. পৰৱৰ্তী লেখত আমি কি শিকিম?
১৮ এই লেখত আমাক মনত পেলাই দিয়া হʼল যে যিহোৱাই বৃদ্ধ ভাই-ভনীসকলক বহুত প্ৰেম কৰে আৰু তেওঁলোকক মূল্যৱান বুলি ভাবে। মণ্ডলীৰ সকলো ভাই-ভনীয়ে এনেদৰেই অনুভৱ কৰে। বয়স বাঢ়ি যোৱাৰ বাবে বহুতো সমস্যা আহি পৰে আৰু এইবোৰৰ সন্মুখীন হোৱাটো ইমান সহজ নহয়। কিন্তু যিহোৱাৰ সহায়ত আমি এইবোৰৰ সন্মুখীন হʼব পাৰোঁ আৰু নিজৰ আনন্দ বজাই ৰাখিব পাৰোঁ। (গীত. ৩৭:২৫) মনত ৰাখক, আপোনাৰ জীৱনৰ আটাইতকৈ ভাল দিন গুচি যোৱা নাই, ইয়াৰ পৰিৱৰ্তে ভৱিষ্যতে আহিবলগীয়া আছে। কিন্তু এনে কিছুমান লোক আছে, যিসকলে নিজৰ পৰিয়ালৰ বৃদ্ধ লোকসকলৰ, লʼৰা-ছোৱালীবিলাকৰ বা বেমাৰী বন্ধুৰ চোৱা-চিতা কৰে। তেওঁলোকে নিজৰ আনন্দ কেনেকৈ বজাই ৰাখিব পাৰে? ইয়াৰ বিষয়ে আমি পৰৱৰ্তী লেখত চাম।
গীত নং ৩০ যিহোৱা আমাৰ পিতা, ঈশ্বৰ আৰু বন্ধু
a jw.org বা JW লাইব্ৰেৰীত বৃদ্ধ ভাই-ভনীসকল—আপুনি আনক উৎসাহিত কৰিব পাৰে (হিন্দী) নামৰ ভিডিঅʼখন চাওক।
b ইয়াৰ অৰ্থ কি: আনন্দ যিহোৱাৰ পবিত্ৰ শক্তিৰ ফল হয়। (গালা. ৫:২২) যিহোৱাৰ লগত এক ভাল সম্পৰ্ক থাকিলেহে প্ৰকৃত আনন্দ পোৱা যায়।