ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • es25 পৃষ্ঠা ৭-২০
  • জানুৱাৰী

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী
  • দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
  • উপশীৰ্ষক
  • বুধবাৰ, ১ জানুৱাৰী
  • বৃহস্পতিবাৰ, ২ জানুৱাৰী
  • শুক্ৰবাৰ, ৩ জানুৱাৰী
  • শনিবাৰ, ৪ জানুৱাৰী
  • দেওবাৰ, ৫ জানুৱাৰী
  • সোমবাৰ, ৬ জানুৱাৰী
  • মঙ্গলবাৰ, ৭ জানুৱাৰী
  • বুধবাৰ, ৮ জানুৱাৰী
  • বৃহস্পতিবাৰ, ৯ জানুৱাৰী
  • শুক্ৰবাৰ, ১০ জানুৱাৰী
  • শনিবাৰ, ১১ জানুৱাৰী
  • দেওবাৰ, ১২ জানুৱাৰী
  • সোমবাৰ, ১৩ জানুৱাৰী
  • মঙ্গলবাৰ, ১৪ জানুৱাৰী
  • বুধবাৰ, ১৫ জানুৱাৰী
  • বৃহস্পতিবাৰ, ১৬ জানুৱাৰী
  • শুক্ৰবাৰ, ১৭ জানুৱাৰী
  • শনিবাৰ, ১৮ জানুৱাৰী
  • দেওবাৰ, ১৯ জানুৱাৰী
  • সোমবাৰ, ২০ জানুৱাৰী
  • মঙ্গলবাৰ, ২১ জানুৱাৰী
  • বুধবাৰ, ২২ জানুৱাৰী
  • বৃহস্পতিবাৰ, ২৩ জানুৱাৰী
  • শুক্ৰবাৰ, ২৪ জানুৱাৰী
  • শনিবাৰ, ২৫ জানুৱাৰী
  • দেওবাৰ, ২৬ জানুৱাৰী
  • সোমবাৰ, ২৭ জানুৱাৰী
  • মঙ্গলবাৰ, ২৮ জানুৱাৰী
  • বুধবাৰ, ২৯ জানুৱাৰী
  • বৃহস্পতিবাৰ, ৩০ জানুৱাৰী
  • শুক্ৰবাৰ, ৩১ জানুৱাৰী
দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
es25 পৃষ্ঠা ৭-২০

জানুৱাৰী

বুধবাৰ, ১ জানুৱাৰী

লোকসকলে এজন মানুহৰ মৃতদেহ লৈ গৈছিল, যিজন এগৰাকী বিধৱাৰ একমাত্ৰ লʼৰা আছিল।—লূক ৭:১২.

যীচুৱে প্ৰথমতে ‘মাকক দেখিলে,’ তাৰ পাছত তেওঁক ‘মৰম লাগিল।’ (লূক ৭:১৩) কিন্তু যীচুৱে তেওঁক দেখি অকল দুখ অনুভৱ কৰা নাছিল, তাৰ পৰিৱৰ্তে তেওঁ এনে এটা কাম কৰিলে, যাৰ পৰা জানিব পাৰি যে যীচু বহুত দয়ালু আছিল। যীচুৱে তেওঁক কʼলে, “নাকান্দিবা।” হয়তো তেওঁ বহুত মৰমেৰে এই কথা কৈছিল। তাৰ পাছত মাকে একো নোকোৱাৰ আগতেই তেওঁ লʼৰাজনক আকৌ জীয়াই তুলিলে আৰু “তেওঁক মাকৰ হাতত দিলে।” (লূক ৭:১৪, ১৫) যীচুৰ এই চমৎকাৰৰ পৰা আমি কি শিকিব পাৰোঁ? যিসকল লোকে নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাইছে, আমি তেওঁলোকক দয়া দেখুৱা উচিত। যীচুৰ দৰে আমি এনে ভাই-ভনীসকলক আৰু বেছিকৈ ধ্যান দিব পাৰোঁ, যিসকলে আপোনজনাক মৃত্যুত হেৰুৱাইছে। আমি নিজে আগবাঢ়ি গৈ এনে কথা কোৱা উচিত, যাৰ যোগেদি তেওঁলোকে শান্ত্বনা পাব আৰু আমি তেওঁলোকক সহায় কৰিবলৈ যি কৰিব পাৰোঁ, সেয়া কৰা উচিত। (হিতো. ১৭:১৭; ২ কৰি. ১:৩, ৪; ১ পিত. ৩:৮) যদি আমি তেওঁলোকৰ লগত প্ৰেমেৰে কথা পাতোঁ বা তেওঁলোকৰ বাবে কিবা সৰু সুৰা কাম কৰি দিওঁ, তেনেহʼলে তেওঁলোকে শান্ত্বনা আৰু উৎসাহ লাভ কৰিব পাৰে। w২৩.০৪ ৫-৬ ¶১৩-১৫

বৃহস্পতিবাৰ, ২ জানুৱাৰী

এই বেমাৰৰ পৰিণাম মৃত্যু নহয়, ইয়াৰ পৰিৱৰ্তে ইয়াৰ পৰা ঈশ্বৰৰ মহিমা হʼব।—যোহ. ১১:৪.

যীচুৱে জানিছিল যে তেওঁৰ বন্ধু লাজাৰৰ মৃত্যু হʼল, তথাপি তেওঁ তাত আৰু দুদিন থাকিলে আৰু পাছত বৈথনিয়া যাবলৈ ওলালে। যেতিয়া যীচু তাত গৈ পালে, তেতিয়া লাজাৰৰ মৃত্যু হোৱা চাৰি দিন হৈছিল। কিন্তু যীচুৱে এনে এক কাম কৰিম বুলি ভাবিলে, যাৰ পৰা তেওঁৰ বন্ধুসকলে লাভৱান হোৱাৰ লগতে ঈশ্বৰৰৰো মহিমা হʼব। (যোহ. ১১: ৬, ১১, ১৭) এই ঘটনাৰ পৰা আমি বন্ধুত্বৰ বিষয়ে এটা ভাল কথা শিকিব পাৰোঁ। মন কৰক, মৰিয়ম আৰু মাৰ্থাই যীচুক যেতিয়া খবৰ পঠিয়ালে যে তেওঁৰ বন্ধু বেমাৰ হৈ আছে, তেতিয়া তেওঁলোকে যীচুক বৈথনিয়ালৈ আহিবলৈ কোৱা নাছিল। (যোহ. ১১:৩) যীচুৱে বিচৰা হʼলে তেওঁ যʼত আছে, তাৰ পৰাই লাজাৰক জীয়াই তুলিব পাৰিলেহেঁতেন, কিন্তু তেওঁ বৈথনিয়ালৈ গʼল যাতে তেওঁ এই দুখৰ সময়ত মৰিয়ম আৰু মাৰ্থাক লগ কৰি শান্ত্বনা দিব পাৰে। আপোনাৰ এনে বন্ধু আছেনে, যি আপোনাক সহায় কৰিবলৈ সদায় সাজু থাকে? যদি আছে, তেনেহʼলে আপুনি ‘দুৰ্দ্দশা’ বা সমস্যাৰ সময়ত তেওঁৰ ওপৰত ভৰসা কৰিব পাৰে। (হিতো. ১৭:১৭) আপুনিও যীচুৰ দৰে এজন ভাল বন্ধু হʼব পাৰে। w২৩.০৪ ১০ ¶১০-১১

শুক্ৰবাৰ, ৩ জানুৱাৰী

যি জনাই প্ৰতিজ্ঞা কৰিলে, তেওঁ বিশ্বাসী।—ইব্ৰী ১০:২৩.

যেতিয়া আমি কিবা সমস্যাৰ মাজেদি পাৰ হওঁ, তেতিয়া হয়তো আমি ভাবিব পাৰোঁ যে নতুন পৃথিৱী কেতিয়া আহিব। কিন্তু ইয়াৰ অৰ্থ এয়ানে যে আমাৰ বিশ্বাস দুৰ্বল হৈছে? নহয়। এই বিষয়ৰ ওপৰত চিন্তা কৰক, যেতিয়া ঠাণ্ডা দিন আহে আৰু আমাৰ খুব ঠাণ্ডা লাগে, তেতিয়া হয়তো আমি ভাবোঁ গৰমৰ দিন কেতিয়া যে আহিব, কিন্তু আমি জানোঁ যে গৰমৰ দিন নিশ্চয় আহিব। ঠিক সেইদৰে যেতিয়া আমি বহুত নিৰাশ হৈ পৰোঁ, তেতিয়া হয়তো আমি ভাবিব পাৰোঁ, নতুন পৃথিৱী কেতিয়া যে আহিব। কিন্তু যদি আমাৰ মজবুত বিশ্বাস থাকে, তেতিয়া আমি বিশ্বাস কৰিব পাৰিম যে নতুন পৃথিৱী নিশ্চয় আহিব, কাৰণ এয়া যিহোৱাৰ প্ৰতিজ্ঞা। (গীত. ৯৪:৩, ১৪, ১৫; ইব্ৰী ৬:১৭-১৯) এই বিশ্বাসে যিহোৱাৰ সেৱাক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ আমাক সহায় কৰিব। প্ৰচাৰ কাম কৰি থাকিবলৈ মজবুত বিশ্বাসৰ বহুত প্ৰয়োজন। কিয় বাৰু? কাৰণ যেতিয়া আমি লোকসকলক “শুভবাৰ্তা” শুনাওঁ যে বহুত সোনকালে ঈশ্বৰে নতুন পৃথিৱী আনিব, তেতিয়া বহুতো লোকে ভাবে যে এয়া কেৱল কল্পনা কাহিনী, ই কেতিয়াও সঁচা হʼব নোৱাৰে। (মথি ২৪:১৪; যিহি. ৩৩:৩২) আমিও সেই লোকসকলৰ দৰে যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত সন্দেহ কৰিব নিবিচাৰোঁ। সেইবাবে, আমি নিজৰ বিশ্বাস বঢ়াই থকা অতি প্ৰয়োজন। এয়া আমি কেনেকৈ কৰিব পাৰোঁ। w২৩.০৪ ২৭ ¶৬-৭

শনিবাৰ, ৪ জানুৱাৰী

তেওঁক যি যি যাচ্‌না কৰোঁ, সেই সকলোকে পাম বুলি আমি জানো।—১ যোহ. ৫:১৫.

আপুনি কেতিয়াবা এইদৰে অনুভৱ কৰিছেনে যে জানোঁ যিহোৱাই মোৰ প্ৰাৰ্থনাবোৰ শুনিছে নে নাই? যদি আপুনি এইদৰে অনুভৱ কৰিছে, তেনেহʼলে আপুনি অকলশৰীয়া নহয়। বহুতো ভাই-ভনীয়ে কৈছে যে তেওঁলোকেও এইদৰেই অনুভৱ কৰে, বিশেষকৈ যেতিয়া তেওঁলোকে কিবা সমস্যাৰ সন্মুখীন হৈছিল। যদি আমি কিবা সমস্যাৰ সন্মুখীন হৈ আছোঁ, তেনেহ’লে হয়তো আমিও এইদৰেই অনুভৱ কৰিব পাৰোঁ। তেতিয়া হয়তো আমি বুজি নাপাবও পাৰোঁ যে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিছে। যিহোৱাই নিজৰ সেৱকসকলৰ প্ৰাৰ্থনা শুনে বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ? বাইবেল পঢ়ি আমি জানিব পাৰোঁ যে যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু তেওঁ আমাক মূল্যৱান বুলি ভাবে। (হগ্‌. ২:৭; ১ যোহ. ৪:১০) সেইবাবে, প্ৰাৰ্থনাৰ যোগেদি যিহোৱাৰ সহায় বিচাৰিবলৈ তেওঁ আমাক উৎসাহিত কৰে। (১ পিত. ৫:৬, ৭) যিহোৱাৰ লগত আমাৰ এটা ভাল সম্পৰ্ক থকাটো তেওঁ বিচাৰে, যাতে আমি সমস্যাৰ ভালদৰে সন্মুখীন হʼব পাৰোঁ। সেইবাবে, তেওঁ আমাক সহায় কৰিবলৈ সদায় সাজু থাকে। বাইবেলৰ পৰা আমি জানিব পাৰোঁ যে যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলৰ প্ৰাৰ্থনা শুনে। আপোনাৰ এনে কোনো উদাহৰণ মনত আছেনে? w২৩.০৫ ৮ ¶১-৪

দেওবাৰ, ৫ জানুৱাৰী

তেতিয়া মৰিয়মে কʼলে, “মই যিহোৱাৰ মহিমা কৰোঁ।”—লূক ১:৪৬.

যিহোৱাৰ লগত মৰিয়মৰ এক ভাল সম্পৰ্ক আছিল। তেওঁ নিজৰ বিশ্বাস বঢ়াবলৈ যোচেফৰ ওপৰত নিৰ্ভৰশীল হৈ থকাৰ পৰিৱৰ্তে নিজেই পৰিশ্ৰম কৰিছিল। তেওঁৰ শাস্ত্ৰৰ ভাল জ্ঞান আছিল। তেওঁ শিকা কথাবোৰ গভীৰভাৱে চিন্তা কৰিবলৈ সময়ো উলিয়াইছিল। (লূক ২:১৯, ৫১) যিহোৱাৰ লগত এক ভাল সম্পৰ্ক থকাৰ বাবে মৰিয়মে এগৰাকী ভাল পত্নী হʼব পাৰিলে। আজি বহুতো বিবাহিতা ভনীয়ে মৰিয়মৰ নিচিনা হʼবলৈ চেষ্টা কৰে। ভনী এমীকʼৰ উদাহৰণলৈ মন কৰক। তেওঁ এইদৰে কৈছে, “বিয়াৰ আগতে উপাসনাৰ লগত জড়িত কামবোৰ কৰাৰ মোৰ এখন ভাল তালিকা আছিল। কিন্তু বিয়াৰ পাছত মোৰ স্বামীয়ে আমাৰ বাবে প্ৰাৰ্থনা কৰিছিল আৰু পাৰিবাৰিক উপাসনাত নেতৃত্ব লৈছিল। সেইবাবে, এই সকলো কামৰ বাবে মই তেওঁৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিলোঁ। মই ভাবিলোঁ যে মই নিজৰ ভাৰ নিজে উঠাব লাগিব আৰু যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্কক মজবুত কৰিবলৈ কিছুমান কাম কৰিব লাগিব। সেইবাবে, মই যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ, বাইবেল পঢ়িবলৈ আৰু তাৰ বিষয়ে মনন কৰিবলৈ সময় উলিয়াইছিলোঁ।” (গালা. ৬:৫) পত্নীসকল, আপোনালোকে যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিবলৈ পৰিশ্ৰম কৰি থাকিলে আপোনাৰ স্বামীয়ে আপোনাক আৰু বেছিকৈ প্ৰেম আৰু প্ৰশংসা কৰিব।—হিতো. ৩১:৩০. w২৩.০৫ ২১ ¶৬

সোমবাৰ, ৬ জানুৱাৰী

মই তোমালোকক যিহোৱাৰ ভয় শিকাম।—গীত. ৩৪:১১.

যিহোৱাৰ প্ৰতি ভয় আমাৰ জন্মৰে পৰা নাথাকে। সেইবাবে, এই ভয় আমি কেনেকৈ বঢ়াব পাৰোঁ, তাৰ বিষয়ে আমাক শিকিব লাগিব। এইদৰে কৰাৰ এটা উপায় হৈছে যিহোৱাই বনোৱা বস্তুবোৰ ভালদৰে চোৱা। আমি “তেওঁৰ নানা কাৰ্য্যত” অৰ্থাৎ সৃষ্টিৰ ওপৰত ধ্যান দিলে বুজি পাওঁ যে তেওঁ কিমান বুদ্ধিমান, শক্তিশালী আৰু প্ৰেমী ঈশ্বৰ হয়। যিমানেই আমি এইবোৰৰ বিষয়ে ভাবিম সিমানেই তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা বাঢ়িব আৰু আমি তেওঁক সন্মান কৰিবলৈ ধৰিম। (ৰোম. ১:২০) যিহোৱাৰ প্ৰতি ভয় বঢ়োৱাৰ আন এটা উপায় হৈছে বাৰে বাৰে তেওঁলৈ প্ৰাৰ্থনা কৰা। প্ৰতি বাৰে যেতিয়া আমি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি তেওঁৰ কাষ চাপিব পাৰোঁ আৰু তেওঁক ভালদৰে জানিব পাৰোঁ। কেনেকৈ বাৰু? যেতিয়া আমি কিবা সমস্যা সহন কৰিবলৈ যিহোৱাৰ পৰা শক্তি বিচাৰোঁ, তেতিয়া আমাৰ অনুভৱ হয় যে তেওঁ কিমান শক্তিশালী ঈশ্বৰ। যিহোৱাই নিজৰ পুত্ৰৰ মুক্তিপণ বলিদান দিয়াৰ বাবে যেতিয়া আমি তেওঁক ধন্যবাদ দিওঁ, তেতিয়া আমি মনত পেলাওঁ যে তেওঁ আমাক কিমান প্ৰেম কৰে। কোনো সমস্যাৰ সন্মুখীন হʼবলৈ সহায় বিচৰাৰ সময়ত আমাৰ বিশ্বাস হয় যে যিহোৱা বহুত বুদ্ধিমান। এইদৰে প্ৰাৰ্থনা কৰাৰ বাবে আমি যিহোৱাক আৰু বেছিকৈ সন্মান কৰিবলৈ ধৰোঁ আৰু আমাৰ এই ইচ্ছা দৃঢ় হয় যে আমি এনে কোনো কাম নকৰিম, যাৰ যোগেদি যিহোৱাৰ লগত আমাৰ বন্ধুত্ব নাইকিয়া হʼব পাৰে। w২৩.০৬ ১৫ ¶৬-৭

মঙ্গলবাৰ, ৭ জানুৱাৰী

যিহোৱা আমাৰ ব্যৱস্থাপক।—যিচ. ৩৩:২২.

নিয়ম বনোৱাৰ অধিকাৰ সকলোতকৈ বেছি যিহোৱাৰহে আছে আৰু তেওঁ নিজৰ লোকসকলক স্পষ্টকৈ নিয়ম দিছে। উদাহৰণস্বৰূপে, প্ৰথম শতিকাৰ প্ৰশাসন গোষ্ঠীয়ে এনে তিনিটা বিষয়ে কৈছিল, যʼত খ্ৰীষ্টানসকলে থিৰে থকা উচিত: (১) তেওঁলোকে মূৰ্তিপূজাৰ পৰা আঁতৰি থাকিব লাগিব আৰু কেৱল যিহোৱাৰ উপাসনা কৰিব লাগিব, (২) তেজক পবিত্ৰ বুলি ভাবিব লাগিব আৰু (৩) বাইবেলত কোৱা নৈতিক মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিব লাগিব। (পাঁচ. ১৫:২৮, ২৯) আজি এই তিনিটা বিষয়ত খ্ৰীষ্টানসকলে কেনেকৈ থিৰে থাকিব পাৰে? যিহোৱাৰ উপাসনা আৰু তেওঁৰ আজ্ঞা পালন কৰি। যিহোৱাই কেৱল তেওঁৰ উপাসনা কৰিবলৈ ইস্ৰায়েলীসকলক আজ্ঞা দিছিল। (দ্বিতী. ৫:৬-১০) চয়তানে যীচুক ফুচলাবলৈ চেষ্টা কৰাৰ সময়ত তেওঁ স্পষ্টকৈ কৈছিল যে আমি কেৱল যিহোৱাৰ উপাসনা কৰা উচিত। (মথি ৪:৮-১০) সেইবাবে, আমি মূৰ্তিবোৰৰ পূজা নকৰোঁ। আমি ধৰ্মগুৰু, ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা, খেলুৱৈ বা অভিনেতা, অভিনেত্ৰীসকলকো ঈশ্বৰৰ স্থান নিদিওঁ। আমি কেৱল যিহোৱাৰে উপাসনা কৰোঁ, কিয়নো তেৱেই ‘সকলোকে স্ৰজিলে।’—প্ৰকা. ৪:১১. w২৩.০৭ ১৪-১৫ ¶৩-৪

বুধবাৰ, ৮ জানুৱাৰী

যিহোৱাৰ ভয়ত মানুহ মন্দৰ পৰা আঁতৰ হয়।—হিতো. ১৬:৬.

চয়তানৰ জগতে অনৈতিক কাম (চেক্স) কৰিবলৈ আৰু অশ্লীল ছবি আৰু ভিডিঅʼ (পৰ্ণগ্ৰাফী) চাবলৈ পাগল হৈ আছে। (ইফি. ৪:১৯) সেইবাবে, আমি সদায় যিহোৱাৰ প্ৰতি ভয় ৰখা আৰু বেয়া কামৰ পৰা আঁতৰি থকা অতি প্ৰয়োজন। হিতোপদেশ ৯ অধ্যায়ত দুজনী তিৰোতাৰ বিষয়ে কোৱা হৈছে। এজনী বুদ্ধিক চিত্ৰিত কৰে আৰু আনজনীয়ে অজ্ঞানক। দুজনী তিৰোতায়ে অজ্ঞানী লোকক অৰ্থাৎ যিসকলৰ বুজা শক্তি নাই, তেওঁলোকক মাতি আছে আৰু এইদৰে কৈছে, “আহাঁ, মোৰ খাদ্য দ্ৰব্য ভোজন কৰাহি।” (হিতো. ৯:১, ৬) কিন্তু দুয়োজনীৰে নিমন্ত্ৰণ গ্ৰহণ কৰিলে কি পৰিণাম হʼব তাৰ মাজত আকাশ-পাতালৰ পাৰ্থক্য আছে। ‘অজ্ঞানী তিৰোতাৰ’ নিমন্ত্ৰণলৈ ধ্যান দিয়ক। (হিতো. ৯:১৩-১৮) যিসকলৰ বুজা শক্তি নাই তেওঁলোকক তাই নিলাজ হৈ এইদৰে মাতে, ‘এই ঠাইলৈ আহক আৰু মোৰ খাদ্য ভোজন কৰক।’ ইয়াৰ কি পৰিণাম হয়? সেই অধ্যায়ত আগলৈ কৈছে যে ‘তাইৰ ঘৰত মৃতবিলাক থাকে।’ আমাক এনে এজনী তিৰোতাৰ পৰা সাৱধান হৈ থাকিবলৈ কৈছিল, যি অজ্ঞান আৰু ‘ব্যভিচাৰি।’ তাত এইদৰে কোৱা হৈছে, “তাইৰ ঘৰ মৃত্যুৰ ফাললৈ ঢাল খোৱা।” (হিতো. ২:১১-১৯) হিতোপদেশ ৫:৩-১০ পদত আৰু এজনী ‘ব্যভিচাৰিণী তিৰোতাৰ’ বিষয়ে সতৰ্ক কৰিছে, যাৰ খোজ “মৃত্যুৰ ফালে” লৈ যায়। w২৩.০৬ ২২ ¶৬-৭

বৃহস্পতিবাৰ, ৯ জানুৱাৰী

সকলোৱে যেন জানিব পাৰে যে তোমালোক নিজৰ মতামতত লাগি নাথাকা।—ফিলি. ৪:৫.

আনৰ প্ৰতি সঠিক চিন্তাধাৰা ৰখাৰ ক্ষেত্ৰত প্ৰাচীনসকলে এটা ভাল উদাহৰণ ৰখা উচিত। (১ তীম. ৩:২, ৩) যেনে, এজন প্ৰাচীনে এয়া ভবা উচিত নহয় যে তেওঁ আন প্ৰাচীনসকলতকৈ বয়সত ডাঙৰ বা আনতকৈ বেছি অভিজ্ঞতা আছে, সেইবাবে সদায় তেওঁৰ কথা মানি চলা উচিত। তেওঁ মনত ৰখা উচিত যে যিহোৱাৰ পবিত্ৰ শক্তিয়ে প্ৰাচীন গোষ্ঠীৰ যিকোনো প্ৰাচীনক এনে কথা ক’বলৈ উৎসাহিত কৰিব পাৰে, যাৰ সহায়ত সঠিক নিৰ্ণয় ল’ব পাৰি। যদি বেছিভাগ প্ৰাচীনে কোনো এটা কথাত সন্মত হয় আৰু সেই কথা বাইবেলৰ সিদ্ধান্তৰ অনুসৰি সঠিক হয়, তেনেহ’লে সঠিক চিন্তাধাৰা ৰখা প্ৰাচীনে আনন্দেৰে তেওঁলোকক সহযোগ কৰে, যদিও সেই বিষয়ত তেওঁৰ মতামত বেলেগ থাকে। যদি আমি সঠিক চিন্তাধাৰা ৰখা ব্যক্তি হওঁ আৰু সাল-সলনি কৰিবলৈ সাজু হৈ থাকোঁ, তেনেহ’লে বহুতো আশীৰ্বাদ পাওঁ। ভাই-ভনীসকলৰ লগত আমাৰ সম্পৰ্ক আৰু ভাল হৈ পৰে আৰু মণ্ডলীত শান্তি থাকে। আমি বেলেগ বেলেগ ভাই-ভনীসকলৰ লগত মিলি সেৱা কৰিবলৈ সুযোগ পাওঁ। আমাৰ সকলোৰে স্বভাৱ আৰু সংস্কৃতি বেলেগ তথাপিও আমি একেলগে মিলি যিহোৱাৰ উপাসনা কৰিব পাৰোঁ, যাৰ পৰা আমি বহুত আনন্দ পাওঁ। সকলোতকৈ বেছি আমি এয়া জানি আনন্দিত হওঁ যে আমি দয়া দেখুৱা যিহোৱা ঈশ্বৰৰ দৰে হ’বলৈ চেষ্টা কৰি আছোঁ। w২৩.০৭ ২৫ ¶১৬-১৭

শুক্ৰবাৰ, ১০ জানুৱাৰী

জ্ঞানী লোকবিলাকেহে বুজিব। —দানি. ১২:১০.

দানিয়েলে সঠিক উদ্দেশ্যেৰে অৰ্থাৎ সত্যক জানিবলৈ ভৱিষ্যতবাণীবোৰৰ অধ্যয়ন কৰিছিল। দানিয়েল নম্ৰও আছিল। তেওঁ জানিছিল যে যদি তেওঁ যিহোৱাৰ কাষ চাপে আৰু তেওঁৰ মানদণ্ডবোৰ পালন কৰে, তেনেহʼলে ভৱিষ্যতবাণীবোৰ বুজিবলৈ যিহোৱাই তেওঁক সহায় কৰিব। (দানি. ২:২৭, ২৮) সেইবাবে, দানিয়েলে সদায় যিহোৱাৰ পৰা সহায় বিচাৰিছিল আৰু তেওঁৰ ওপৰত নিৰ্ভৰ কৰিছিল। (দানি. ২:১৮) ইয়াৰ উপৰিও দানিয়েলে ভালদৰে অধ্যয়ন কৰিছিল। তেওঁৰ ওচৰত শাস্ত্ৰৰ যিবোৰ অংশ আছিল, সেইবোৰ তেওঁ পঢ়িছিল আৰু অনুসন্ধানো কৰিছিল। (যিৰি. ২৫:১১, ১২; দানি. ৯:২) আপুনি দানিয়েলৰ পৰা কি শিকিব পাৰে? চিন্তা কৰক আপুনি কি উদ্দেশ্যেৰে অধ্যয়ন কৰি আছে। বাইবেলৰ সত্যতাবোৰৰ বিষয়ে জানিবলৈ ইচ্ছা থকাৰ বাবে আপুনি বাইবেলৰ ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰেনে? যদি এইদৰে কৰে, তেনেহʼলে যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব। (যোহ. ৪:২৩, ২৪; ১৪:১৬, ১৭) কিন্তু কিছুমান লোকে বাইবেলৰ মানদণ্ডৰ অনুসৰি চলাৰ পৰিৱৰ্তে নিজৰ ইচ্ছামতে জীৱন-যাপন কৰিব বিচাৰে। সেইবাবে, হয়তো এনে প্ৰমাণ বিচাৰিবলৈ বাইবেল অধ্যয়ন , যাৰ যোগদি তেওঁলোকে দেখুৱাব পাৰে যে বাইবেলখন ঈশ্বৰৰ ফালৰ পৰা নহয়। কিন্তু আমি সঠিক উদ্দেশ্যেৰে বাইবেলৰ ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰা উচিত। w২৩.০৮ ৯ ¶৭-৮

শনিবাৰ, ১১ জানুৱাৰী

তোমাৰ যদি সাহ নাইকিয়া হয়, তেন্তে তোমাৰ বল কম।—হিতো. ২৪:১০.

যদি আমি নিজৰ তুলনা আনৰ লগত কৰোঁ, তেনেহʼলে আমি নিজৰ পৰা বেছি আশা কৰিবলৈ ধৰিম আৰু এয়া আমাৰ বাবে গধুৰ বোজাৰ দৰে হʼব। (গালা. ৬:৪) আমি তেওঁলোকক ঈৰ্ষা কৰিম আৰু তেওঁলোকৰ লগত প্ৰতিযোগিতা কৰিবলৈ ধৰিম। (গালা. ৫:২৬) যদি আমি আনক চাই এনে কাম কৰিবলৈ চেষ্টা কৰোঁ, যি কৰাটো আমাৰ বাবে সম্ভৱ নহয়, তেনেহʼলে আমি হয়তো নিজৰে হানি কৰিম। বাইবেলত এইদৰে কৈছে, “আশা-সিদ্ধিৰ পলম হৃদয়ৰ পীড়াজনক।” যদি আমি এনে কাম কৰিবলৈ নিজৰ পৰা আশা কৰোঁ, যি আমি কেতিয়াও পূৰ কৰিব নোৱাৰোঁ, তেনেহʼলে আমাৰ মন কিমান দুখিত হʼব। (হিতো. ১৩:১২) ইয়াৰ বাবে আমি হয়তো ভাগৰি যাব পাৰোঁ আৰু জীৱনৰ দৌৰত আমাৰ গতি কমি যাব পাৰে। আপুনি যি কৰিব নোৱাৰে সেয়া কৰাটো যিহোৱাই আপোনাৰ পৰা আশা নকৰে। আপুনি যি কৰিব নোৱাৰে তাক কৰাটো নিজৰ পৰা আপুনিও আশা নকৰিব। (২ কৰি. ৮:১২) বিশ্বাস ৰাখক যিহোৱাই আপোনাৰ তুলনা কেতিয়াও আনৰ লগত নকৰে। (মথি ২৫:২০-২৩) যিহোৱাই এয়া চাই যে আপুনি কেনেদৰে মনে-প্ৰাণে তেওঁৰ সেৱা কৰি আছে, আপুনি তেওঁৰ কিমান বিশ্বাসী হৈ আছে আৰু আপুনি কেনেকৈ ধৈৰ্য্য ধৰি আছে। w২৩.০৮ ২৯ ¶১০-১১

দেওবাৰ, ১২ জানুৱাৰী

এতিয়া মই পিয়াহত মৰিম।—বিচা. ১৫:১৮.

যিহোৱাই চিমচোনৰ প্ৰাৰ্থনা শুনিলে আৰু চমতকাৰ কৰি পানীৰ এটা কুণ্ড বনাই দিলে। চিমচোনে তাৰ পানী খোৱাৰ পাছত “প্ৰাণত তত পাই চেতন পালে।” (বিচা. ১৫:১৯) এনে অনুভৱ হয় যে তাৰ কেইবা বছৰৰ পাছত যেতিয়া ভৱিষ্যতবক্তা চমূৱেলে ঈশ্বৰৰ প্ৰেৰণাৰে বিচাৰকৰ্ত্তাবিলাক এই কিতাপ লিখিছিল, তেতিয়া পানীৰ কুণ্ড সেই ঠাইতে আছিল। যিসকল ইস্ৰায়েলীয়ে পানীৰ সেই কুণ্ড দেখিছিল, তেওঁলোকৰ হয়তো নিশ্চয় মনত পৰিছিল যে যিহোৱাৰ যিসকল বিশ্বাসী সেৱকে প্ৰয়োজনৰ সময়ত তেওঁৰ ওপৰত নিৰ্ভৰ কৰে আৰু তেওঁৰ পৰা সহায় বিচাৰে, যিহোৱাই তেওঁলোকৰ শুনে। যদিও আমাৰ বহুতো দক্ষতা বা সামৰ্থ আছে বা যিহোৱাৰ সংগঠনত আমি বহুতো কাম কৰিছোঁ, তথাপি আমি সহায়ৰ বাবে যিহোৱাৰ ওপৰত নিৰ্ভৰ হোৱা উচিত। আমি মনত ৰখা উচিত যে যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰিলেহে আমি তেওঁ দিয়া কাম ভালদৰে কৰিব পাৰিম। যিহোৱাই চিমচোনৰ বাবে পানীৰ যি ব্যৱস্থা কৰিছিল তাক খোৱাৰ পাছত তেওঁ সতেজ অনুভৱ কৰিছিল। ঠিক সেইদৰে আজি যিহোৱাই আমাৰ বাবে যিবোৰ ব্যৱস্থা কৰিছে তাৰ লাভ উঠালে আমি সাহস আৰু শক্তি পাম যাৰ যোগেদি আমি তেওঁৰ সেৱা আৰু ভালদৰে কৰিব পাৰিম।—মথি ১১:২৮. w২৩.০৯ ৪ ¶৮-১০

সোমবাৰ, ১৩ জানুৱাৰী

মৃদু উত্তেৰ ক্ৰোধ ক্ষান্ত কৰে; কিন্তু কটু কথাই খং তোলে।—হিতো. ১৫:১.

বহু বাৰ লোকসকলে আমাক খং তুলিবলৈ চেষ্টা কৰিব পাৰে। যেনে, তেওঁলোকে ঈশ্বৰৰ নাম বদনাম কৰিব পাৰে বা বাইবেলৰ বিষয়ে বেয়াকৈ কʼব পাৰে। এনে সময়ত আমাক কি কৰা উচিত? আমি ঈশ্বৰলৈ পবিত্ৰ শক্তি আৰু বুদ্ধি বিচাৰি প্ৰাৰ্থনা কৰিব পাৰোঁ যাতে আমি নম্ৰতাৰে তেওঁলোকক উত্তৰ দিব পাৰোঁ। কিন্তু যেতিয়া আমাৰ অনুভৱ হয় যে আমি তেওঁলোকৰ লগত আৰু ভালদৰে ব্যৱহাৰ কৰিব পাৰিলোঁহেঁতেন, তেতিয়া আমি কি কৰিম? আমি পুনৰ যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু চিন্তা কৰিব পাৰোঁ যে আগলৈ আমি কেনেকৈ আৰু ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ। এনে কৰিলে যিহোৱাই আমাক পবিত্ৰ শক্তি দিব। তেতিয়া আমি নিজকে শান্ত কৰি ৰাখিব পাৰিম, লগতে কোমলতাৰে ব্যৱহাৰ কৰিব পাৰিম। বাইবেলৰ কিছুমান পদ মনত ৰাখিলেও বহুত লাভ হয়। যদি আমি এনে পৰিস্থিতিৰ সন্মুখীন হওঁ, যেতিয়া শান্ত হৈ থাকিবলৈ আমাৰ বাবে কঠিন হয়, তেতিয়া ঈশ্বৰৰ পবিত্ৰ শক্তিয়ে আমাক এই পদবোৰ মনত পেলাবলৈ সহায় কৰিব পাৰে। (যোহ. ১৪:২৬) যেনে, হিতোপদেশ কিতাপত এনে সিদ্ধান্ত দিয়া আছে, যাক পালন কৰিলে, আমি শান্ত হৈ উত্তৰ দিব পাৰিম। (হিতো. ১৫: ১৮) এই কিতাপত এয়াও কোৱা হৈছে যে এনে কঠিন পৰিস্থিতিত শান্ত হৈ থকাটো কিয় ভাল।—হিতো. ১০:১৯; ১৭:২৭; ২১:২৩; ২৫:১৫. w২৩.০৯ ১৫ ¶৬-৭

মঙ্গলবাৰ, ১৪ জানুৱাৰী

সেই সকলোৰ বিষয়ে তোমালোকক সোঁৱৰণ কৰাবলৈ মই সদায় উদ্যত হম।—২ পিত. ১:১২.

পাঁচনি পিতৰে বহু বছৰলৈকে বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰিলে। তেওঁ যীচুৰ লগত ঠায়ে ঠায়ে প্ৰচাৰ কৰিলে। তেৱেঁই প্ৰথমে পৰজাতি লোকসকলক প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু পাছত তেওঁ প্ৰশাসন গোষ্ঠীৰ সদস্য হিচাপে সেৱাও কৰিলে। তাৰ পাছত জীৱনৰ শেষ সময়ত পিতৰৰ অনুভৱ হʼল যে তেওঁ আৰু বেছি দিন জীয়াই নাথাকে, তেতিয়া যিহোৱাই তেওঁক এটা গুৰুত্বপূৰ্ণ কাম দিলে। ৬২-ৰ পৰা ৬৪ খ্ৰীষ্টাব্দত ঈশ্বৰে তেওঁৰ যোগেদি দুখন চিঠি লিখালে, যি আজি ১ পিতৰ আৰু ২ পিতৰ নামেৰে জনা যায়। (২ পিত. ১:১৩-১৫) পিতৰে ‘নানাবিধ পৰীক্ষাত শোক’ কৰি থকাৰ সময়ত এই চিঠিবোৰ লিখিছিল। (১ পিত. ১:৭) দুষ্ট লোকসকলে মণ্ডলীত মিছা শিক্ষা বিয়পাবলৈ চেষ্টা কৰিছিল আৰু বেয়া আচৰণক উদগনি দিছিল (২ পিত. ২:১, ২, ১৪) যিৰূচালেমত থকা খ্ৰীষ্টানসকলে অতি সোনকালে “সকলোৰে শেষ” চাবলৈ আছিল, অৰ্থাৎ ৰোমী সেনাই সেই চহৰ আৰু যিহূদী ব্যৱস্থা (মন্দিৰ) শেষ কৰিবলৈ গৈ আছিল। (১ পিত. ৪:৭) পিতৰৰ এই চিঠিৰ পৰা সত্য খ্ৰীষ্টানসকলে হয়তো ভালদৰে বুজিব পাৰিলে যে তেওঁলোকে এই কঠিন পৰিস্থিতিৰ কেনেকৈ সন্মুখীন হʼব পাৰে আৰু আহিবলগীয়া সমস্যাৰ বাবে নিজকে কেনেকৈ সাজু কৰি ৰাখিব পাৰে। w২৩.০৯ ২৬ ¶১-২

বুধবাৰ, ১৫ জানুৱাৰী

[খ্ৰীষ্ট] দুখভোগৰ দ্বাৰাই আজ্ঞাধীন হবলৈ শিক্ষা পালে।—ইব্ৰী ৫:৮.

যীচুৰ নিচিনা আমিও কঠিন পৰিস্থিতিত আজ্ঞা মানিবলৈ শিকোঁ। যেনে, আপোনাৰ হয়তো মনত আছে যেতিয়া কভিড ১৯ মহামাৰী আৰম্ভ হৈছিল, তেতিয়া আমাক ৰাজ্যগৃহত সভাৰ বাবে একগোট নহʼবলৈ আৰু অলপ সময়ৰ বাবে ঘৰে ঘৰে প্ৰচাৰ নকৰিবলৈ কোৱা হৈছিল। সেই সময়ত আজ্ঞা পালন কৰিবলৈ আপোনাক কঠিন লাগিছিল নে? হয়তো আপোনাক কঠিন লাগিছিল, তথাপিও আপুনি আজ্ঞা পালন কৰিলে। সেইবাবে, আপোনাৰ সুৰক্ষা হʼল, মণ্ডলীত একতা থাকিল আৰু আপুনি যিহোৱাক আনন্দিত কৰিব পাৰিলে। সেই সময়ত আমি সকলোৱে আজ্ঞা মানিলোঁ। সেইবাবে, এতিয়া যিকোনো আজ্ঞা মানিবলৈ আমাৰ বাবে অলপ সহজ হৈ পৰিছে। মহা সংকটৰ সময়ত আমাক যিয়ে আজ্ঞা দিয়া হʼব, আমি সেইবোৰ পালন কৰিব পাৰিম। হয়তো সেইবোৰ পালন কৰাৰ বাবে আমাৰ জীৱন ৰক্ষা পৰিব পাৰে। (ইয়ো. ৩৬:১১) আমি যিহোৱাক প্ৰেম কৰোঁ আৰু তেওঁক আনন্দিত কৰিব বিচাৰোঁ, সেইবাবেহে তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ। (১ যোহ. ৫:৩) যিহোৱাই আমাৰ বাবে যি কৰিলে, তাক আমি কেতিয়াও ঘুৰাই দিব নোৱাৰোঁ। (গীত. ১১৬:১২) কিন্তু আমি এটা কাম নিশ্চয় কৰিব পাৰোঁ সেয়া হৈছে আমি যিহোৱা আৰু তেওঁ যিসকলক অধিকাৰ দিছে, তেওঁলোকৰ আজ্ঞা পালন কৰিব পাৰোঁ। যদি আমি আজ্ঞা পালন কৰোঁ, তেনেহʼলে ইয়াৰ পৰা জানিব পাৰি যে আমি বুদ্ধিমান হয় আৰু যিসকল বুদ্ধিমান হয়, তেওঁলোকে যিহোৱাৰ মন আনন্দিত কৰে।—হিতো. ২৭:১১. w২৩.১০ ১১ ¶১৮-১৯

বৃহস্পতিবাৰ, ১৬ জানুৱাৰী

যি জনে স্বৰ্গ, পৃথিৱী সৃষ্টি কৰিলে, সেই জন সৃষ্টিকৰ্তাক আৰাধনা [উপাসনা] কৰা।—প্ৰকা. ১৪:৭.

যদি এজন স্বৰ্গদূতে আহি আপোনাৰ লগত কথা পাতে, তেনেহʼলে আপুনি তেওঁৰ কথা নুশুনিব নে? আচলতে আজি এজন স্বৰ্গদূতে “সকলো জাতি, ফৈদ, ভাষা, আৰু লোকবিলাকৰ” লগত কথা পাতি আছে। তেওঁ কি কৈছে বাৰু? ‘যি জনে স্বৰ্গ, পৃথিৱী সৃষ্টি কৰিলে, সেই জন সৃষ্টিকৰ্তাক আৰাধনা কৰা।’ (প্ৰকা. ১৪:৬, ৭) যিহোৱাই সত্য ঈশ্বৰৰ হয় আৰু সকলো মানুহে কেৱল তেওঁৰহে উপাসনা কৰা উচিত। আমাৰ বাবে এয়া সন্মানৰ বিষয়ে যে যিহোৱাই আমাক নিজৰ মহান লাক্ষণিক মন্দিৰত তেওঁৰ উপাসনা কৰিবলৈ সুযোগ দিছে। ইয়াৰ বাবে আমি সঁচাকৈ যিহোৱাৰ প্ৰতি বহুত কৃতজ্ঞ। মহান লাক্ষণিক মন্দিৰ কি আৰু আমি ইয়াৰ বিষয়ে কেনেকৈ জানিব পাৰোঁ? এই মন্দিৰ সঁচাকৈ কোনো বিল্ডিং নহয়। ইয়াৰ অৰ্থ হৈছে, যীচুৰ মুক্তিপণ বলিদানৰ আধাৰত শুদ্ধ উপাসনা কৰিবলৈ যিহোৱাই কৰা ব্যৱস্থা। পাঁচনি পৌলে এই ব্যৱস্থাৰ বিষয়ে সেই চিঠিখনত বুজাইছিল, যি তেওঁ প্ৰথম শতিকাত যিহূদীয়াত থকা ইব্ৰী খ্ৰীষ্টানসকললৈ লিখিছিল। w২৩.১০ ২৪ ¶১-২

শুক্ৰবাৰ, ১৭ জানুৱাৰী

যিহোৱাৰ বাক্য এই, শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয় কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে।—জখ. ৪:৬.

খ্ৰীষ্টপূৰ্ব ৫২২-ত যিহূদীবিলাকৰ শত্ৰুসকলে নিজৰ ষড়যন্ত্ৰত সফল হʼল আৰু মন্দিৰ বনোৱা কামত নিষেধ কৰা হʼল। কিন্তু জখৰিয়াই যিহূদীসকলক বিশ্বাস দিলে যে যিহোৱাই পবিত্ৰ শক্তিৰ যোগেদি সকলো সমস্যা দূৰ কৰিব আৰু এইদৰেই হʼল। যিহোৱাই সঁচাকৈ নিজৰ লোকসকলক সহায় কৰিলে। মন্দিৰ বনোৱা কামত যি নিষেধ কৰা হৈছিল, সেয়া খ্ৰীষ্টপূৰ্ব ৫২০-ত ৰজা দাৰিয়াবচে আঁতৰাই দিলে। ইয়াৰ উপৰিও তেওঁ টকা-পইচা দি সহায় কৰিলে লগতে যিহূদীসকলক সম্পূৰ্ণৰূপে সহায় কৰিবলৈ তাত থকা ৰাজ্যপালসকলক আদেশ দিলে। (ইজ্ৰা ৬:১, ৬-১০) যিহোৱাই নিজৰ লোকসকলক প্ৰতিজ্ঞা কৰিলে যে যদি তেওঁলোকে মন্দিৰ বনোৱা কামত সম্পূৰ্ণৰূপে ধ্যান দিয়ে, তেনেহʼলে যিহোৱাই তেওঁলোকক সহায় কৰিব। (হগ্‌. ১:৮, ১৩, ১৪; জখ. ১:৩, ১৬) এই কথা শুনি যিহূদীসকলে সাহস পালে আৰু খ্ৰীষ্টপূৰ্ব ৫২০-ত মন্দিৰ বনোৱা কাম আকৌ আৰম্ভ কৰিলে। পাঁচ বছৰৰ ভিতৰতে তেওঁলোকে মন্দিৰ বনাই সম্পূৰ্ণ কৰিলে। যিহূদীসকলে বহুতো সমস্যাৰ মাজেদি পাৰ হৈছিল, তথাপি তেওঁলোকে যিহোৱাৰ ইচ্ছা পূৰ কৰাত ধ্যান দিছিল যাৰ বাবে যিহোৱাই তেওঁলোকক বহুতো আশীৰ্বাদ দিলে। সেইবাবে, তেওঁলোকে আনন্দেৰে যিহোৱাৰ সেৱা কৰি থাকিব পাৰিলে।—ইজ্ৰা ৬:১৪-১৬, ২২. w২৩.১১ ১৫ ¶৬-৭

শনিবাৰ, ১৮ জানুৱাৰী

আমাৰ ওপৰ-পুৰুষ অব্ৰাহামৰ যি বিশ্বাস আছিল, সেই বিশ্বাসৰূপ খোজত চলা।—ৰোম. ৪:১১.

বহুতো লোকে অব্ৰাহামৰ বিষয়ে শুনিছে, তথাপিও বেছিভাগ লোকে তেওঁৰ বিষয়ে বেছি কথা নাজানে। কিন্তু আপুনি তেওঁৰ বিষয়ে বহুতো কথা জানে। যেনে, আপুনি জানে যে “বিশ্বাস কৰা সকলোৰে তেওঁ যেন পিতৃ হয়।” (ৰোম. ৪:১১) কিন্তু আপুনি হয়তো ভাবিব পাৰে যে ‘মই অব্ৰাহামৰ দৰে হʼব পাৰিমনে আৰু তেওঁৰ নিচিনা যিহোৱাৰ ওপৰত বিশ্বাস কৰিব পাৰিম নে?’ আপুনি নিশ্চয় এইদৰে কৰিব পাৰিব। অব্ৰাহামৰ নিচিনা বিশ্বাস দেখুৱাৰ এটা ভাল উপায় হৈছে তেওঁৰ বিষয়ে অধ্যয়ন কৰা। তেওঁ সদায় যিহোৱাৰ আজ্ঞা পালন কৰিছিল। ঈশ্বৰৰ কথা শুনি তেওঁ নিজৰ ঘৰ-বাৰী এৰি আন এখন দেশলৈ গৈছিল আৰু বহু বছৰলৈকে তম্বুত থাকিছিল। আনকি তেওঁ নিজৰ মৰমৰ পুত্ৰ ইচ্‌হাকৰ বলি দিবলৈও সাজু আছিল। ইয়াৰ পৰা জানিব পাৰি যে অব্ৰাহামৰ যিহোৱাৰ ওপৰত বহুত বিশ্বাস আছিল। অব্ৰাহামৰ এই বিশ্বাস আৰু কামৰ বাবে তেওঁ ঈশ্বৰক আনন্দিত কৰিব পাৰিলে আৰু তেওঁৰ বন্ধু হʼব পাৰিলে। (যাকো. ২:২২, ২৩) চিন্তা কৰক, এয়া কিমান ভাল আশীৰ্বাদ আছিল। আপুনিও এই আশীৰ্বাদ পোৱাটো যিহোৱাই বিচাৰে। সেইবাবে, তেওঁ পৌল আৰু যাকোবক অব্ৰাহামৰ বিষয়ে লিখিবলৈ কৈছিল। w২৩.১২ ২ ¶১-২

দেওবাৰ, ১৯ জানুৱাৰী

প্ৰত্যেক মানুহ শুনিবলৈ খৰ, কবলৈ ধীৰ হওক।—যাকো. ১:১৯.

ভনীসকল ভালদৰে কথা পাতিবলৈ শিকক। খ্ৰীষ্টানসকলে এই দক্ষতা বঢ়োৱাটো অতি গুৰুত্বপূৰ্ণ। যাকোবে ইয়াৰ বিষয়ে এটা ভাল পৰামৰ্শ দিছিল। যেতিয়া আমি আনৰ কথা ধ্যান দি শুনোঁ, তেতিয়া আমি তেওঁলোকক সহায় কৰিব পাৰোঁ আৰু তেওঁলোকৰ ‘দুখ’ অনুভৱ কৰিব পাৰোঁ। (১ পিত. ৩:৮) যদি আপুনি কেতিয়াবা বুজি নাপায় যে ওচৰত থকা ব্যক্তিজনে কি কʼব বিচাৰিছে বা কেনে অনুভৱ কৰিছে, তেনেহʼলে তেওঁলোকক কিছুমান প্ৰশ্ন সোধক। উত্তৰ দিয়াৰ আগতে অলপ সময় ৰৈ চিন্তা কৰক। (হিতো. ১৫:২৮) আপুনি নিজকে এইদৰে প্ৰশ্ন সুধিব পাৰে, ‘মই যি কʼব লৈছোঁ, সেয়া সঁচা হয় নে? যদি সঁচা হয়, তেনেহʼলে ইয়াৰ পৰা তেওঁ উৎসাহিত হʼব নে? এইদৰে কোৱাটো ভাল হʼব নে? মই তেওঁ বিষয়ে চিন্তা কৰোঁ বুলি এই কথাৰ পৰা জানিব পাৰি নে?’ যিসকল ভনীয়ে আনৰ লগত ভালদৰে কথা পাতে, তেওঁলোকৰ পৰা শিকক। (হিতো. ৩১:২৬) তেওঁলোকে কেনেকৈ আৰু কি কয় তাৰ প্ৰতি ধ্যান দিয়ক। এইদৰে আপুনি ভালদৰে কথা পাতিবলৈ শিকিব পাৰে। আপুনি যিমানেই এই দক্ষতা বঢ়াব, সিমানেই আন লোকসকলৰ লগত আপোনাৰ সম্পৰ্ক মজবুত হʼব। w২৩.১২ ২১ ¶১২

সোমবাৰ, ২০ জানুৱাৰী

যি মানুহে নিজকে পৃথক ৰাখে, . . . সকলো সুপৰামৰ্শৰ বিৰুদ্ধে খং দেখুৱায়।—হিতো. ১৮:১.

আজি যিহোৱাই হয়তো আমাৰ পৰিয়ালৰ লোক, বন্ধু বা প্ৰাচীনসকলৰ যোগেদি আমাক সহায় কৰিব পাৰে। কিন্তু যেতিয়া আমাক দুখ লাগে, তেতিয়া হয়তো আমাক কাৰো লগত লগ কৰিবলৈ মন নাযাব পাৰে, আমাক অলপ সময় অকলে থাকিবলৈ মন যাব পাৰে। এনে অনুভৱ কৰাটো ভুল নহয়। গতিকে সেই সময়ত যিহোৱাৰ পৰা সহায় পাবলৈ আমি কি কৰিব পাৰোঁ? আমাক হয়তো আনক লগ কৰিবলৈ মন নাযাবও পাৰে, কিন্তু এনে ভাৱনাবোৰক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিব। যেতিয়া আমি নিজকে আনৰ পৰা আঁতৰাই ৰাখোঁ, তেতিয়া আমি অকল নিজৰ বিষয়ে ভাবিবলৈ ধৰোঁ আৰু আমি বেছিকৈ নিজৰ সমস্যাত সোমাই পৰোঁ। সেইবাবে, আমি ভুল নিৰ্ণয় লʼব পাৰোঁ। এয়া সঁচা যে আমাক সকলোকে কেতিয়াবা কেতিয়াবা অকলে থাকিবলৈ মন যায় আৰু যদি কিবা বেয়া ঘটনা ঘটিছে, তেনেহʼলে আৰু বেছিকৈ এইদৰে কৰিবলৈ মন যায়। কিন্তু এয়া ভুল নহয়। তথাপিও আমি যদি বেছি সময়লৈকে নিজকে আনৰ পৰা আঁতৰাই ৰাখোঁ, তেনেহʼলে আমি যিহোৱাৰ পৰা সহায় লʼবলৈ অস্বীকাৰ কৰাৰ দৰে হʼব। কিয়নো যিহোৱাই আনৰ যোগেদি আমাক সহায় কৰে। গতিকে আপুনি নিজৰ পৰিয়ালৰ লোক, বন্ধু আৰু প্ৰাচীনসকলৰ পৰা সহায় লৈ থাকক। মনত ৰাখক যিহোৱাই তেওঁলোকৰ যোগেদিহে আপোনাক সহায় কৰি আছে।—হিতো. ১৭:১৭; যিচ. ৩২:১, ২. w২৪.০১ ২৪ ¶১২-১৩

মঙ্গলবাৰ, ২১ জানুৱাৰী

ব্ৰত ধৰি বেলেগে থকা সকলো কালত তাৰ মূৰত ক্ষুৰ নলগাব।—গণ. ৬:৫.

নাচৰীয়াসকলে যেতিয়া প্ৰতিজ্ঞা কৰিছিল, তেতিয়া তাৰ অনুসৰি তেওঁলোকক চুলি কাটিব নালাগিছিল। ইয়ে দেখুৱাইছিল যে তেওঁলোকে সম্পূৰ্ণৰূপে যিহোৱাৰ অধীনত আছে। কিন্তু কিছুমান লোকক এই কথা ভাল লগা নাছিল। সেইবাবে, তেওঁলোকে নাচৰীয়াসকলক সহযোগ কৰা নাছিল। এই সকলোবোৰৰ সন্মুখীন হোৱাটো নাচৰীয়াসকলৰ বাবে হয়তো সহজ নাছিল। তেওঁলোকক বহুত সাহসৰ প্ৰয়োজন আছিল, যাতে তেওঁলোকে আনৰ পৰা নিজকে বেলেগ দেখুৱাব পাৰে আৰু নিজৰ প্ৰতিজ্ঞাও পূৰ কৰিব পাৰে। (আমো. ২:১২) আমি যিহোৱাৰ ইচ্ছাৰ অনুসৰি জীৱন-যাপন কৰিব বিচাৰোঁ। সেইবাবে, আমাক জগতৰ লোকসকলৰ পৰা বেলেগ দেখিবলৈ পোৱা যায়। ইয়াৰ বাবে বহু বাৰ স্কুলতেই হওক বা কামৰ ঠাইত আমি যিহোৱাৰ সাক্ষী হওঁ বুলি কʼবলৈ সাহসৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও জগতৰ লোকসকলৰ চিন্তাধাৰা আৰু আচাৰ-ব্যৱহাৰ দিনক দিনে একেবাৰে বেয়া হৈ পৰিছে। সেইবাবে, হয়তো বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন কৰিবলৈ আৰু লোকসকলক শুভবাৰ্তা শুনাবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। (২ তীম. ১:৮; ৩:১৩) কিন্তু আমি মনত ৰখা উচিত যে যেতিয়া আমি সাহসেৰে যিহোৱাৰ সেৱা কৰি থাকোঁ আৰু জগতৰ লোকসকল পৰা নিজকে বেলেগ দেখুৱাবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি যিহোৱাৰ “মনক আনন্দিত” কৰোঁ।—হিতো. ২৭:১১; মলা. ৩:১৮. w২৪.০২ ১৬ ¶৭; ১৭ ¶৯

বুধবাৰ, ২২ জানুৱাৰী

ইজনে সিজনক গ্ৰহণ কৰা। —ৰোম. ১৫:৭.

ৰোমৰ মণ্ডলীৰ ভাই-ভনীসকলৰ বিষয়ে চিন্তা কৰক। তাত কিছুমান ভাই-ভনী যিহুদী আছিল আৰু তেওঁলোকক সৰুৰে পৰা মোচিৰ নিয়ম মানিবলৈ শিকোৱা হৈছিল। কিন্তু কিছুমান ভাই-ভনী পৰজাতি আছিল আৰু তেওঁলোকে বেলেগ পৰিৱেশত ডাঙৰ-দীঘল হৈছিল। কিছুমান খ্ৰীষ্টান দাস আছিল, কিছুমান স্বাধীন আৰু কিছুমানৰ নিজৰে দাস আছিল। তেওঁলোকে এজনে-আনজনৰ পৰা একেবাৰে বেলেগ আছিল, তথাপিও ইজনে-সিজনক প্ৰেম কৰিছিল। তেওঁলোকে এয়া কেনেকৈ কৰিব পাৰিলে? পৌলে তেওঁলোকক “ইজনে সিজনক গ্ৰহন কৰিবলৈ” অনুৰোধ কৰিছিল। ইয়াৰ অৰ্থ কি? এই পদত যি শব্দৰ অনুবাদ “গ্ৰহন কৰা” বা আদৰণী জনোৱা বুলি কৰা হৈছে, তাৰ অৰ্থ হৈছে কাৰোবাৰ লগত প্ৰেমেৰে ব্যৱহাৰ বা অতিথি সৎকাৰ কৰা। যেনে, কাৰোবাক নিজৰ ঘৰলৈ মাতা বা তেওঁৰ লগত বন্ধুত কৰা। পৌলে ফিলীমনক তেওঁৰ ঘৰৰ পৰা পলাই যোৱা দাস ওনীচিমক মৰমেৰে ‘গ্ৰহন কৰিবলৈ’ কৈছিল। (ফিলী. ১৭) আক্কিলা আৰু প্ৰিষ্কিল্লাই আপল্লোক আদৰণি জনালে। আপল্লোৱে খ্ৰীষ্টান শিক্ষাৰ বিষয়ে তেওঁলোকতকৈ কম জানিছিল, তথাপিও তেওঁলোকে আপল্লোৰ লগত বন্ধুত্ব কৰিলে আৰু ‘তেওঁক তেওঁলোকৰ ওচৰলৈ নিলে।’ (পাঁচ. ১৮:২৬) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকল বেলেগ বেলেগ পৰিৱেশৰ আছিল আৰু সমাজত তেওঁলোকৰ পদো বেলেগ আছিল। তথাপি তেওঁলোকৰ মাজত সমস্যা আহিবলৈ নিদিলে তাৰ পৰিৱৰ্তে এজনে-আনজনক আদৰণি জনালে। w২৩.০৭ ৬ ¶১৩

বৃহস্পতিবাৰ, ২৩ জানুৱাৰী

যিহোৱাৰ আগত মোৰ সঙ্কল্পবোৰ সিদ্ধ কৰিম।—গীত. ১১৬:১৪.

যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে আপুনি তেওঁক প্ৰেম কৰে। কিন্তু আপুনি তেওঁক এনেই প্ৰেম কৰিবলৈ ধৰা নাই। আপুনি তেওঁৰ বিষয়ে সঠিক ‘জ্ঞান’ আৰু পবিত্ৰ শক্তিৰ পৰা পোৱা ‘বুদ্ধি’ লাভ কৰে আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে শিকে। এইদৰে তেওঁৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িবলৈ ধৰিলে। (কল. ১:৯, ১০) ভালদৰে অধ্যয়ন কৰাৰ যোগেদি আপোনাৰ বিশ্বাস হʼল যে (১) যিহোৱা সঁচাকৈ আছে, (২) তেৱেঁই বাইবেলখন লিখাইছে আৰু (৩) তেওঁ নিজৰ সংগঠনৰ যোগেদি নিজৰ ইচ্ছা পূৰ কৰি আছে। নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ এজন ব্যক্তিয়ে বাইবেলৰ প্ৰাথমিক শিক্ষাৰ বিষয়ে জানিব লাগিব আৰু যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিব লাগিব। ইয়াৰ উপৰিও তেওঁ যিমান পাৰে সিমান ইয়াৰ বিষয়ে আনক জনাব লাগিব। (মথি ২৮:১৯, ২০) এইদৰে কৰিলে লাহে লাহে যিহোৱাৰ প্ৰতি তেওঁৰ প্ৰেম ইমানেই বাঢ়িব যে তেওঁ কেৱল যিহোৱাৰহে উপাসনা কৰিব বিচাৰিব। আপুনিও এইদৰে অনুভৱ কৰে নে? w২৪.০৩ ৪ ¶৬-৮

শুক্ৰবাৰ, ২৪ জানুৱাৰী

সিবিলাক দুয়ো একদেহ হব। —আদি. ২:২৪.

নাবল নামৰ এজন ব্যক্তিৰ লগত অবীগলৰ বিয়া হৈছিল। যাৰ বিষয়ে বাইবেলত কৈছে যে তেওঁ বৰ কঠোৰ মনৰ আছিল আৰু সকলোৰে লগত বেয়া ব্যৱহাৰ কৰিছিল। (১ চমূ. ২৫:৩) এনে এজন ব্যক্তিৰ লগত জীয়াই থকাটো অবীগলৰ বাবে হয়তো বৰ কঠিন আছিল। তথাপিও তাই নাবালক এৰি দিম বুলি সুযোগ বিচাৰি থকা নাছিল। চাবলৈ গʼলে এইদৰে কৰিবলৈ অবীগলে এটা সুযোগ পাইছিল। এবাৰ নাবলে দায়ূদ আৰু তেওঁৰ লোকসকলক অপমান কৰিছিল। ইয়াৰ বাবে দায়ূদৰ বহুত খং উঠিছিল আৰু তেওঁ নাবলক মাৰিবলৈ ওলাই গৈছিল। (১ চমূ. ২৫:৯-১৩) সেই সময়ত যদি বিচৰা হʼলে অবীগলে তাৰ পৰা পলাই যাব পাৰিলেহেঁতেন আৰু নাবলক দায়ূদৰ হাতত মৃত্যু হʼবলৈ দিব পাৰিলেহেঁতেন কিন্তু তাই এইদৰে নকৰিলে। ইয়াৰ পৰিৱৰ্তে তাই দায়ূদক লগ কৰিবলৈ গʼল আৰু নাবলক এৰি দিবলৈ তেওঁক মিনতি কৰিলে আৰু দায়ূদে তাইৰ কথা মানিলে। (১ চমূ. ২৫:২৩-২৭) কিন্তু অবীগলে এইদৰে কিয় কৰিলে? অবীগলে যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু বিবাহৰ বন্ধনক পবিত্ৰ বুলি মানিছিল। তাই যিহোৱাক আনন্দিত কৰিব বিচাৰিছিল। সেইবাবে, নিজৰ স্বামী আৰু গোটেই পৰিয়ালক বচাবলৈ তাই যি কৰিব পাৰিছিল, সেয়া কৰিলে। তাই লগে লগে দায়ূদৰ ওচৰলৈ গʼল আৰু তেওঁক ৰখালে। w২৪.০৩ ১৬-১৭ ¶৯-১০

শনিবাৰ, ২৫ জানুৱাৰী

মই মুখেৰেহে তোমালোকক সবল কৰিলোহেঁতেন।—ইয়ো. ১৬:৫.

আপুনি মণ্ডলীৰ এনে কিছুমান ভাই-ভনীৰ বিষয়ে জানেনে, যিসকলে যিহোৱাৰ সেৱা বেছিকৈ কৰিবলৈ নিজৰ জীৱন সৰল কৰিবলৈ চেষ্টা কৰি আছে? বা আপুনি এনে কিশোৰ-কিশোৰীসকলৰ বিষয়ে জানেনে, যিসকলে সমস্যাৰ সময়ত সাহসেৰে কাম কৰে আৰু এনে কৰাৰ যোগেদি স্কুলত আনৰ পৰা বেলেগ দেখিবলৈ পোৱা যায়? অথবা যিসকলক তেওঁলোকৰ পৰিয়ালে বিৰোধ কৰে, তথাপিও তেওঁলোকে যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিবলৈ চেষ্টা কৰে? সঁচাকৈ এই ভাই-ভনীসকলে বহুত সাহসেৰে কাম কৰে আৰু বহুতো ত্যাগ কৰে। গতিকে আহক আমি সকলো সময়তে তেওঁলোকৰ উৎসাহ বঢ়াই থাকোঁ আৰু তেওঁলোকক আশ্বাস দি থাকোঁ যে তেওঁলোকে যি উৎসাহ দেখুৱাই তাক আমি বহুত মূল্যাংকন কৰোঁ। (ফিলী. ৪, ৫, ৭) যিহোৱাৰ বিশ্বাস আছে যে আমি হৃদয়ৰ পৰা তেওঁক আনন্দিত কৰিব বিচাৰোঁ আৰু আমি যিকোনো ত্যাগ কৰিবলৈ সাজু থাকোঁ যাতে সমৰ্পণ কৰি আমি তেওঁক যি প্ৰতিজ্ঞা কৰিছিলোঁ, তাক পূৰ কৰিব পাৰোঁ। যিহোৱাৰ প্ৰতি আমাৰ যি প্ৰেম আছে তাক দেখুৱাবলৈ তেওঁ আমাক এটা বিশেষ সুযোগ দিছে। (হিতো. ২৩:১৫, ১৬) গতিকে আহক আমি সদায় মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰি থাকিবলৈ থিৰাং কৰোঁ। w২৪.০২ ১৮ ¶১৪; ১৯ ¶১৬

দেওবাৰ, ২৬ জানুৱাৰী

তেওঁ ঠায়ে ঠায়ে ফুৰি সৎকৰ্ম্ম কৰি সকলোকে সুস্থ কৰিলে। —পাঁচ. ১০:৩৮.

এয়া হৈছে ২৯ খ্ৰীষ্টাব্দৰ শৰৎ কালৰ কথা। যীচুৱে অলপতে তেওঁৰ সেৱা আৰম্ভ কৰিছে। যীচু, তেওঁৰ মাক মৰিয়মক বিয়াত মাতা হৈছে। এই বিয়াখন কানা নামৰ ঠাইত ৰখা হৈছে। মৰিয়মে অতিথি সৎকাৰ কৰাত হয়তো ব্যস্ত আছিল। কিন্তু তেতিয়াই এটা সমস্যা হʼল, দ্ৰাক্ষাৰস শেষ হʼবলৈ ধৰিলে। সেইবাবে, মৰিয়মে লগে লগে তেওঁৰ লʼৰাৰ ওচৰলৈ গʼল আৰু কʼলে, “তেওঁবিলাকৰ দ্ৰাক্ষাৰস নাই।” (যোহ. ২:১-৩) তেতিয়া যীচুৱে আচৰিতভাৱে পানীক ‘উত্তম দ্ৰাক্ষাৰসলৈ’ পৰিৱৰ্তন কৰিলে। (যোহ. ২:৯, ১০) আগলৈ গৈ যীচুৱে আৰু বহুতো চমৎকাৰ কৰিলে। এইদৰে তেওঁ হাজাৰ হাজাৰ লোকক সহয় কৰিলে। যেনে, বাইবেলত কোৱা হৈছে যে তেওঁ এবাৰ ৫০০০ পুৰুষক আহাৰ খোৱালে আৰু এবাৰ ৪০০০ পুৰুষক। যদি সেই পুৰুষসকলৰ লগত অহা তিৰোতা আৰু লʼৰা-ছোৱালীৰ হিচাপ কৰা হয়, তেনেহʼলে প্ৰায় ২৭,০০০ লোকক তেওঁ হয়তো আহাৰ খোৱাইছিল। (মথি ১৪:১৫-২১; ১৫:৩২-৩৮) এই দুয়োটা পৰিস্থিতিতে যীচুৱে বেমাৰী লোকসকলক ভাল কৰিছিল।—মথি ১৪:১৪; ১৫:৩০, ৩১. w২৩.০৪ ২ ¶১-২

সোমবাৰ, ২৭ জানুৱাৰী

তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সো হাতত ধৰি কওঁ, ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম। —যিচ. ৪১:১৩.

যেতিয়া আমাৰ লগত কিবা বেয়া ঘটনা ঘটে, তেতিয়া আমাৰ মনটো সলনি হৈ থাকে, কেতিয়াবা আমাক হয়তো ভাল লাগিব পাৰে কিন্তু কেতিয়াবা বহুত দুখ লাগিব পাৰে আৰু একো কৰাৰ শক্তিও নাথাকিব পাৰে। আমাকো এলিয়াৰ দৰে হয়তো শুই থাকিবলৈ মন যাব পাৰে, উঠিবলৈ মনে নাযাব। (১ ৰাজা. ১৯:৫-৭) উৎসাহেৰে যিহোৱাৰ সেৱা কৰিবলৈ হয়তো আমাকো সহায়ৰ প্ৰয়োজন হʼব পাৰে। আজিৰ দৈনিক পাঠত কোৱাৰ দৰে যেতিয়া আমি দুৰ্বল অনুভৱ কৰোঁ, তেতিয়া যিহোৱাই আমাক সহায় কৰে। ৰজা দায়ূদকো যিহোৱাই সহায় কৰিছিল। যেতিয়া শত্ৰুসকলে তেওঁক খেদি আছিল আৰু তেওঁ এটাৰ পাছত এটা সমস্যাৰ সন্মুখীন হৈ আছিল, তেতিয়া তেওঁ যিহোৱাক এইদৰে কʼলে, “তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিলে।” (গীত. ১৮:৩৫) যিহোৱাই প্ৰায়ে আমাক সহায় কৰিবলৈ আনক উৎসাহিত কৰে আৰু এইদৰে তেওঁ আমাক সহায় কৰে। এবাৰ যেতিয়া দায়ূদে দুৰ্বল অনুভৱ কৰিছিল, তেতিয়া তেওঁৰ বন্ধু যোনাথনে তেওঁক লগ কৰিবলৈ আহিছিল। যোনাথনে তেওঁৰ সাহস আৰু উৎসাহ বঢ়ালে। (১ চমূ. ২৩:১৬, ১৭) যেতিয়া এলিয়াক সহায়ৰ প্ৰয়োজন আছিল, তেতিয়া যিহোৱাই ইলীচাৰ যোগেদি তেওঁক সহায় কৰিলে।—১ ৰাজা. ১৯:১৬, ২১; ২ ৰাজা. ২:২. w২৪.০১ ২৩-২৪ ¶১০-১২

মঙ্গলবাৰ, ২৮ জানুৱাৰী

যিহোৱায়েই প্ৰজ্ঞা দিয়ে, তেওঁৰেই মুখৰ পৰা জ্ঞান আৰু সুবুদ্ধি ওলায়।—হিতো. ২:৬.

যিহোৱা এজন উদাৰশীল ঈশ্বৰ হয় আৰু আমাক বহুতো ভাল বস্তুবোৰ দিব বিচাৰে। এই কথা আমি হিতোপদেশ ৯ অধ্যায়ত দিয়া সেই তিৰোতাৰ উদাহৰণৰ পৰা বুজিব পাৰোঁ, যাক ‘প্ৰজ্ঞা’ বুলি চিত্ৰিত কৰা হৈছে। তেওঁ নিজৰ আলহীসকলৰ বাবে নিজৰ পশু পাৰিলে, দ্ৰাক্ষাৰস যুগুত কৰিলে আৰু তেওঁ নিজৰ মেজ সজালে। (হিতো. ৯:১, ২) ৪ আৰু ৫ পদত এইদৰে লিখা আছে, “যি নিৰ্ব্বোধ . . . আহাঁ, মোৰ খাদ্য দ্ৰব্য ভোজন কৰাহি।” যিহোৱাই বিচাৰে যে আমি ‘প্ৰকৃত প্ৰজ্ঞাৰ’ নিমন্ত্ৰণ গ্ৰহণ কৰোঁ আৰু তেওঁ যুগুত কৰা আহাৰৰ আনন্দ লওঁ। কিয় বাৰু? কাৰণ যিহোৱাই বিচাৰে যে তেওঁৰ সন্তানসকল বুদ্ধিমান হওক আৰু সুৰক্ষিত থাকক। আমি ভুল কৰি অনুতাপ কৰাৰ পাছত শিকাটো যিহোৱাই নিবিচাৰে। যিহোৱাই তেওঁৰ “সৰলবিলাকৰ নিমিত্তে বুদ্ধি-কৌশল সাঁচি থয়, আৰু সিদ্ধ আচৰণ কৰোঁতাবিলাকৰ ঢালস্বৰূপ হয়।” (হিতো. ২:৮) যদি আমি ঈশ্বৰৰ প্ৰতি ভয় ৰাখোঁ, তেনেহ’লে আমি তেওঁক আনন্দিত কৰিবলৈ চেষ্টা কৰিম। আমি তেওঁৰ বুদ্ধিৰে ভৰা পৰামৰ্শৰ ওপৰত ধ্যান দিম আৰু আনন্দেৰে তাক পালন কৰিম।—যাকো. ১:২৫. w২৩.০৬ ২৪ ¶১৪-১৫

বুধবাৰ, ২৯ জানুৱাৰী

তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়। —ইব্ৰী ৬:১০.

আপুনি নিজৰ পৰিস্থিতিৰ বাবে যিহোৱাৰ সেৱাত যিমান কৰিব বিচাৰে সিমান কৰিব পৰা নাই নেকি? যদি এইদৰে হৈছে, তেনেহʼলে আপুনি বিশ্বাস ৰাখিব পাৰে যে আপুনি সম্পূৰ্ণ হৃদয়েৰে যি কৰে তাক যিহোৱাই বহুত মূল্যাংকন কৰে। আমি এইদৰে কিয় কʼব পাৰোঁ? ধ্যান দিয়ক যিহোৱাই ভৱিষ্যবক্তা জখৰিয়াক কি কৈছিল। বাবিলত থকা যিহূদীসকলে যি সোণ আৰু ৰূপ দান দিছিল, তাৰ পৰা এটা “কিৰীটি” বনাবলৈ তেওঁ ভৱিষ্যবক্তাক কৈছিল। (জখ. ৬:১১) এই সুন্দৰ “কিৰীটি” এই কথাক ‘সোঁৱৰণ’ কৰাই দিছিল যে বাবিলত থকা যিহূদীসকলে কেনেকৈ মন খুলি দান দিছিল। (জখ. ৬:১৪) ঠিক সেইদৰে, আমি বিশ্বাস ৰাখিব পাৰোঁ যে সমস্যাৰ সময়ত আমি হৃদয়েৰে যিহোৱাৰ বাবে যি কৰোঁ, যিহোৱাই তাক কেতিয়াও নাপাহৰিব। এই শেষ কালত আমি কিবা নহয় কিবা সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼব আৰু ভৱিষ্যতে পৰিস্থিতি হয়তো আৰু বেয়ালৈ ঢাল খাব। (২ তীম. ৩:১, ১৩) কিন্তু আমি বহুত চিন্তিত হোৱাৰ প্ৰয়োজন নাই। মন কৰক যিহোৱাই হগ্গয়ৰ দিনত নিজৰ লোকসকলক কি কৈছিল, “মই তোমালোকৰ লগত আছোঁ . . . তোমালোকে ভয় নকৰিবা।” (হগ্‌. ২:৪, ৫) যদি আমি যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰোঁ, তেনেহʼলে যিহোৱাই আমাক সহায় কৰিব বুলি আমি বিশ্বাস ৰাখিব পাৰোঁ। w২৩.১১ ১৯ ¶২০-২১

বৃহস্পতিবাৰ, ৩০ জানুৱাৰী

মই এজন পাপী মানুহ। —লূক ৫:৮.

যিহোৱাই বিচৰা হʼলে পাঁচনি পিতৰে কৰা ভুলবোৰ বাইবেলত নিলিখাব পাৰিলেহেঁতেন! তথাপি তেওঁ বাইবেলত লিখালে যাতে আমি সেইবোৰৰ পৰা শিকিব পাৰোঁ। (২ তীম. ৩:১৬, ১৭) পিতৰৰ পৰা যি ভুল হৈছিল আৰু পাছত তেওঁ যি অনুভৱ কৰিছিল, সেই বিষয়ে অধ্যয়ন কৰিলে আমি কি শিকিব পাৰোঁ? ইয়াৰ পৰা আমি শিকোঁ যে আমাৰ পৰা কেতিয়াও ভুল নহʼব বুলি যিহোৱাই আশা নকৰে। ইয়াৰ পৰিৱৰ্তেআমি কেতিয়াও হাৰ নামানি নিজৰ দুৰ্বলতাৰ সত্ত্বেও তেওঁৰ বিশ্বাসী হৈ থাকিবলৈ চেষ্টা কৰাটো তেওঁ বিচাৰে। আমি কিয় হাৰ মানিব নালাগে? যেতিয়া আমাৰ অনুভৱ হয় যে আমি কোনো দুৰ্বলতা নিয়ন্ত্ৰণ কৰিব পাৰিলোঁ, তাৰ পাছতো আমাৰ পৰা সেই ভুল হʼব পাৰে। কিন্তু আমি নিজৰ দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি থকা উচিত। আমি সকলোৱে বহু বাৰ ভুল কৰোঁ, যাৰ বাবে পিছত আমি অনুতাপ কৰোঁ। কিন্তু আমি যদি হাৰ নামানোঁ, তেনেহʼলে যিহোৱাই আমাৰ পৰিশ্ৰমত আশীৰ্বাদ দিব। (১ পিত. ৫:১০) পিতৰৰ দুৰ্বলতাৰ সত্ত্বেও যীচুৱে কেনেকৈ তেওঁক কৰুণা দেখুৱালে। ইয়াৰ পৰা আমি যিহোৱাৰ সেৱা কৰি থাকিবলৈ উৎসাহিত হʼম। w২৩.০৯ ২০-২১ ¶২-৩

শুক্ৰবাৰ, ৩১ জানুৱাৰী

প্ৰভু, আপুনি ইয়াত থকা হʼলে মোৰ ভাই নমৰিলহেঁতেন।—যোহ. ১১:২১.

আজিৰ দৈনিক পাঠত মাৰ্থাই কোৱাৰ দৰে যীচু তাত থকা হʼলে লাজাৰক সুস্থ কৰিব পাৰিলেহেঁতেন। কিন্তু যীচুৱে এনে কিবা কৰিব বিচাৰিছিল, যাৰ বিষয়ে কোনেও ভবা নাছিল। তেওঁ মাৰ্থাক প্ৰতিজ্ঞা কৰে, “তোমাৰ ভায়েৰা পুনৰায় উঠিব।” তাৰ পাছত তেওঁ এইদৰে কʼলে, ‘ময়েই পুনৰুত্থান আৰু জীৱনো।’ (যোহ. ১১:২৩, ২৫) ঈশ্বৰে তেওঁক মৃত লোকসকলক আকৌ জীয়াই তুলিবলৈ শক্তি দিছিল, সেইবাবে তেওঁ এইদৰে কʼলে। ইয়াৰ আগতে যীচুৱে এজনী সৰু ছোৱালীক মৃত্যুৰ অলপ পাছতেই জীয়াই তুলিছিল। লগতে তেওঁ এজন ডেকা ব্যক্তিক হয়তো যি দিনা তেওঁৰ মৃত্যু হৈছিল, সেইদিনাই তেওঁক জীয়াই তুলিছিল। (লূক ৭:১১-১৫; ৮:৪৯-৫৫) কিন্তু লাজাৰৰ মৃত্যু হোৱা চাৰিদিন হৈছে আৰু তেওঁৰ পৰা গোন্ধ ওলাইছে। যীচুৱে তেওঁক আকৌ জীয়াই তুলিব পাৰিবনে? যেতিয়া লাজাৰৰ আন এজনী বায়েক মৰিয়মে যীচুক লগ কৰিবলৈ আহে, তেতিয়া মাৰ্থাৰ দৰে তেওঁ যীচুক কয়, “হে প্ৰভু, আপুনি ইয়াত থকা হলে মোৰ ভাই নমৰিলহেঁতেন।” (যোহ. ১১:৩২) মৰিয়মৰ লগত আন লোকসকলক কান্দি থকা দেখি যীচুক বহুত দুখ লাগিল। নিজৰ বন্ধুৰ বাবে তেওঁৰ মনত দয়া উপজে আৰু তেওঁ কান্দিবলৈ ধৰে। যীচুৱে ভালদৰে জানে যে যেতিয়া আমি নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাও, তেতিয়া আমাক কেনেকুৱা লাগে। তেওঁ নিজৰ বন্ধুসকলৰ দুখ দূৰ কৰিবলৈ আগ্ৰহী হৈ আছে। w২৩.০৪ ১০-১১ ¶১২-১৩

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক