ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • es25 পৃষ্ঠা ২০-৩২
  • ফেব্ৰুৱাৰী

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী
  • দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
  • উপশীৰ্ষক
  • শনিবাৰ, ১ ফেব্ৰুৱাৰী
  • দেওবাৰ, ২ ফেব্ৰুৱাৰী
  • সোমবাৰ, ৩ ফেব্ৰুৱাৰী
  • মঙ্গলবাৰ, ৪ ফেব্ৰুৱাৰী
  • বুধবাৰ, ৫ ফেব্ৰুৱাৰী
  • বৃহস্পতিবাৰ, ৬ ফেব্ৰুৱাৰী
  • শুক্ৰবাৰ, ৭ ফেব্ৰুৱাৰী
  • শনিবাৰ, ৮ ফেব্ৰুৱাৰী
  • দেওবাৰ, ৯ ফেব্ৰুৱাৰী
  • সোমবাৰ, ১০ ফেব্ৰুৱাৰী
  • মঙ্গলবাৰ, ১১ ফেব্ৰুৱাৰী
  • বুধবাৰ, ১২ ফেব্ৰুৱাৰী
  • বৃহস্পতিবাৰ, ১৩ ফেব্ৰুৱাৰী
  • শুক্ৰবাৰ, ১৪ ফেব্ৰুৱাৰী
  • শনিবাৰ, ১৫ ফেব্ৰুৱাৰী
  • দেওবাৰ, ১৬ ফেব্ৰুৱাৰী
  • সোমবাৰ, ১৭ ফেব্ৰুৱাৰী
  • মঙ্গলবাৰ, ১৮ ফেব্ৰুৱাৰী
  • বুধবাৰ, ১৯ ফেব্ৰুৱাৰী
  • বৃহস্পতিবাৰ, ২০ ফেব্ৰুৱাৰী
  • শুক্ৰবাৰ, ২১ ফেব্ৰুৱাৰী
  • শনিবাৰ, ২২ ফেব্ৰুৱাৰী
  • দেওবাৰ, ২৩ ফেব্ৰুৱাৰী
  • সোমবাৰ, ২৪ ফেব্ৰুৱাৰী
  • মঙ্গলবাৰ, ২৫ ফেব্ৰুৱাৰী
  • বুধবাৰ, ২৬ ফেব্ৰুৱাৰী
  • বৃহস্পতিবাৰ, ২৭ ফেব্ৰুৱাৰী
  • শুক্ৰবাৰ, ২৮ ফেব্ৰুৱাৰী
দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
es25 পৃষ্ঠা ২০-৩২

ফেব্ৰুৱাৰী

শনিবাৰ, ১ ফেব্ৰুৱাৰী

মই তোমালোকৰ কথা শুনিম। —যিৰি. ২৯:১২.

যেতিয়া ৰজা হিষ্কিয়া বহুত বেমাৰ হৈছিল, তেতিয়া সেই বেমাৰ ঠিক কৰিবলৈ তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল আৰু যিহোৱাই তেওঁক ঠিক কৰিলে। (২ ৰাজা. ২০:১-৬) ইয়াৰ বহু বছৰৰ পাছত পাঁচনি পৌলেও যিহোৱাক এইদৰেই প্ৰাৰ্থনা কৰিছিল। তেওঁ শৰীৰৰ পৰা এটা “কাঁইট” উলিয়াই দিবলৈ যিহোৱালৈ মিনতি কৰিছিল। কিন্তু যিহোৱাই এইদৰে নকৰিলে। (২ কৰি. ১২:৭-৯) ৰজা হেৰোদে যাকোব আৰু পিতৰক হত্যা কৰিব বিচাৰিছিল। যাকোবক হত্যা কৰা হ’ল কিন্তু পিতৰক চমৎকাৰ কৰি বচোৱা হ’ল। (পাঁচ. ১২:১-১১) হয়তো আমি ভাবিব পাৰোঁ যে ‘যিহোৱাই কিয় পিতৰক বচালে আৰু যাকোবক নবচালে?’ বাইবেলত ইয়াৰ বিষয়ে একো কোৱা নাই। কিন্তু আমি জানোঁ যে যিহোৱাই আমাক প্ৰেম কৰে আৰু তেওঁ কেতিয়াও “অন্যায়” নকৰে। (দ্বিতী. ৩২:৪) হয়তো কেতিয়াবা যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ আমি বিচৰা অনুসৰি নিদিবও পাৰে। এনে পৰিস্থিতিত আমি মনত ৰাখিব পাৰোঁ যে যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু তেওঁ আমাৰ লগত কেতিয়াও অন্যায় নকৰে। সেইবাবে, আমি বিশ্বাস ৰাখিম যে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ যিকোনো উপায়েৰে নিদিয়ক কিয়, সেয়া আমাৰ লাভৰ হʼব আৰু আমি সেই বিষয়ে কেতিয়াও অভিযোগ নকৰিম।—ইয়ো. ৩৩:১৩. w২৩.১১ ২১ ¶৬

দেওবাৰ, ২ ফেব্ৰুৱাৰী

যি বুদ্ধি স্বৰ্গৰ পৰা পোৱা যায়, সি আজ্ঞা মানিবলৈ সাজু থাকে।—যাকো. ৩:১৭.

যিহোৱাই যাকোবৰ যোগেদি লিখুৱালে যে বুদ্ধিমান লোকসকলে আজ্ঞা মানিবলৈ সাজু থাকে। ইয়াৰ অৰ্থ হৈছে যিসকল লোকক যিহোৱাই অধিকাৰ দিছে, আমি তেওঁলোকৰ কথা আনন্দেৰে মানিবলৈ সাজু থকা উচিত। যদি তেওঁলোকে আমাক এনে কিবা কাম কৰিবলৈ কয় যি যিহোৱাৰ আজ্ঞাৰ বিৰোধে হয়, তেনেহ’লে আমি তেওঁলোকৰ কথা পালন নকৰাটো যিহোৱাই বিচাৰে। (পাঁচ. ৪:১৮-২০) যিহোৱাৰ কথা মানিবলৈ আমাক সহজ লাগে কিন্তু মানুহৰ কথা মানিবলৈ হয়তো আমাক কঠিন লাগিব পাৰে। কাৰণ, যিহোৱাই যিবোৰ নিৰ্দেশনা দিয়ে সেয়া সদায় সঠিক হয়। (গীত. ১৯:৭) কিন্তু এই কথা সেই লোকসকলৰ বিষয়ে ক’ব নোৱাৰি যিসকলৰ ওচৰত কিছুমান অধিকাৰ থাকে। তথাপিও যিহোৱাই পিতৃ-মাতৃ, চৰকাৰী অধিকাৰী আৰু প্ৰাচীনসকলক কিছুমান অধিকাৰ দিছে। (হিতো. ৬:২০; ১ থিচ. ৫:১২; ১ পিত. ২:১৩, ১৪) যেতিয়া আমি তেওঁলোকৰ কথা পালন কৰোঁ, তেতিয়া আচলতে আমি যিহোৱাৰ আজ্ঞা পালন কৰি থকাৰ দৰে হয়। w২৩.১০ ৬ ¶২-৩

সোমবাৰ, ৩ ফেব্ৰুৱাৰী

এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।—প্ৰকা. ২১:৫.

নিজৰ বিশ্বাস বঢ়োৱাৰ এটা উপায় হৈছে, যিহোৱা কিমান শক্তিশালী তাৰ বিষয়ে চিন্তা কৰা। তেওঁৰ ওচৰত ইমানে শক্তি আছে যে তেওঁ নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিব পাৰে। যিহোৱা সৰ্ব্বশক্তিমান ঈশ্বৰ হয়। (ইয়ো. ৪২:২; মাৰ্ক ১০:২৭; ইফি. ৩:২০) তেওঁ অব্ৰাহাম আৰু চাৰাক কৈছিল, তেওঁলোকৰ বৃদ্ধ বয়সত এটি পুত্ৰ সন্তান হʼব। (আদি. ১৭:১৫-১৭) তেওঁ অব্ৰাহামক কৈছিল, তেওঁৰ বংশক কনান দেশ দিব। কিন্তু বহু বছৰলৈকে অব্ৰাহামৰ বংশ অৰ্থাৎ ইস্ৰায়েলীসকলে মিচৰ দেশত দাস হিচাপে আছিল। সেইবাবে লোকসকলে ভাবিছিল, এই প্ৰতিজ্ঞা কেতিয়াও পূৰ নহʼব। কিন্তু যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিলে। যিহোৱাই মৰিয়মকো এটা প্ৰতিজ্ঞা কৰিছিল। যদিও মৰিয়মৰ বিয়া হোৱা নাছিল, তথাপি তেওঁ যিহোৱাৰ পুত্ৰক জন্ম দিব বুলি কʼলে, যাৰ বিষয়ে হাজাৰ হাজাৰ বছৰ আগতেই এদন বাগিচাত যিহোৱাই প্ৰতিজ্ঞা কৰিছিল। যিহোৱাই নিজৰ এই প্ৰতিজ্ঞাও পূৰ কৰিলে! (আদি. ৩:১৫) যিহোৱাই কি কি প্ৰতিজ্ঞা কৰিছে আৰু এইবোৰ কেনেকৈ পূৰ কৰিলে, তাৰ বিষয়ে চিন্তা কৰিলে আমি বুজি পাওঁ যে তেওঁৰ ওচৰত বহুত শক্তি আছে। ইয়াৰ যোগেদি যিহোৱাই নতুন পৃথিৱী নিশ্চয় আনিব বুলি যি প্ৰতিজ্ঞা কৰিছে, তাৰ ওপৰত আমাৰ বিশ্বাস আৰু বাঢ়ি যায়।—যিহো. ২৩:১৪; যিচ. ৫৫:১০, ১১. w২৩.০৪ ২৮ ¶১০-১২

মঙ্গলবাৰ, ৪ ফেব্ৰুৱাৰী

হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, মোৰ কাকুতিবোৰলৈ কাণ পাতা।—গীত. ১৪৩:১.

যিহোৱাই দায়ূদৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে। (১ চমূ. ১৯:১০, ১৮-২০; ২ চমূ. ৫:১৭-২৫) আমি ভৰসা ৰাখিব পাৰোঁ যে তেওঁ আমাৰো প্ৰাৰ্থনা শুনিব। (গীত. ১৪৫:১৮) আমি বিচৰাৰ দৰে যিহোৱাই হয়তো আমাৰ প্ৰাৰ্থনাৰ উত্তৰ নিদিবও পাৰে। পৌলৰ এটা সমস্যা আছিল, যাক তেওঁ শৰীৰৰ কাঁইট বুলি কৈছিল। এই কাঁইট তেওঁ শৰীৰৰ পৰা উলিয়াই দিবলৈ তেওঁ যিহোৱালৈ তিনিবাৰ প্ৰাৰ্থনা কৰিছিল। কিন্তু যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলেনে? হয়, কিন্তু তেওঁ যিদৰে ভাবিছিল, যিহোৱাই সেইদৰে তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাছিল। যিহোৱাই তেওঁৰ সমস্যা দূৰ কৰা নাছিল, তাৰ পৰিৱৰ্তে এই সমস্যা সহন কৰিবলৈ শক্তি দিলে, যাতে তেওঁ বিশ্বাসেৰে তেওঁৰ সেৱা কৰি থাকিব পাৰে। (২ কৰি. ১২:৭-১০) আমি বিচৰাৰ দৰে হয়তো যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ নিদি আন উপায়েৰে দিব পাৰে। কিন্তু আমি ভৰসা ৰাখিব পাৰোঁ যে আমাৰ কাৰণে কি ভাল যিহোৱাই ভালদৰে জানে। বাইবেলত লিখা আছে যে আমি তেওঁক যি বিচাৰোঁ আৰু যিমান চিন্তা কৰোঁ, তাতকৈ “অতিৰিক্ত” তেওঁ কৰিব পাৰে। (ইফি. ৩:২০) সেইবাবে, যিহোৱাই হয়তো আমাৰ প্ৰাৰ্থনাৰ উত্তৰ সেই সময়ত বা এইদৰে দিব পাৰে, যিদৰে আমি ভবাই নাই। w২৩.০৫ ৮-৯ ¶৪-৬

বুধবাৰ, ৫ ফেব্ৰুৱাৰী

সেই সময় আহি আছে, যেতিয়া কবৰত থকা সকলোৱে তেওঁৰ মাত শুনিব আৰু জীৱিত হʼব।—যোহ. ৫:২৮, ২৯.

যিহোৱাই মৃত লোকসকলক আকৌ জীয়াই তোলাৰ যি প্ৰতিজ্ঞা কৰিছে, তাৰ বিষয়ে আমি সকলোৱে চিন্তা কৰা উচিত। কিয়নো যিকোনো সময়তে আমাৰ পৰিস্থিতি সলনি হʼব পাৰে। হয়তো আমাৰ কিবা ডাঙৰ বেমাৰ হʼব পাৰে বা হঠাতে আমাৰ আপোনজনাৰ মৃত্যু হʼব পাৰে। (উপ. ৯:১১; যাকো. ৪:১৩, ১৪) এনে পৰিস্থিতি এই আশাই আমাক চম্ভালি ৰাখিব। (১ থিচ. ৪:১৩) বাইবেল পঢ়ি আমাৰ সম্পূৰ্ণ বিশ্বাস হয় যে যিহোৱাই আমাৰ বিষয়ে ভালদৰে জানে আৰু তেওঁ আমাক বহুত প্ৰেম কৰে। (লূক ১২:৭) চিন্তা কৰকচোন, যিহোৱাই লোকসকলক কিমান ভালদৰে জানে। সেইবাবে, যেতিয়া তেওঁ লোকসকলক আকৌ জীয়াই তুলিব, তেতিয়া তেওঁলোকৰ স্বভাৱ আগৰ দৰেই হʼব আৰু আগৰ কথাও মনত থাকিব। যিহোৱাই আমাক প্ৰেম কৰে, সেইবাবে আমাক অনন্ত জীৱন জীয়াই থকাৰ সুযোগ দিছে আৰু যদিও আমাৰ মৃত্যু হৈ যায়, তথাপি তেওঁ আমাক আকৌ জীয়াই তুলিব। মৃত লোকসকলক আকৌ জীয়াই তুলিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? কিয়নো আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ যি কৈছে সেয়া পূৰ কৰিব বিচাৰে আৰু এইদৰে কৰিবলৈ তেওঁৰ ওচৰত শক্তি বা দক্ষতাও আছে। w২৩.০৪ ৮-৯ ¶২-৪

বৃহস্পতিবাৰ, ৬ ফেব্ৰুৱাৰী

যোচেফ আৰু মৰিয়মে প্ৰতিবছৰে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যিৰূচালেমলৈ গৈছিল।—লূক ২:৪১.

যোচেফ আৰু মৰিয়মে যিহোৱাৰ লগত থকা সম্পৰ্কক মজবুত কৰিবলৈ একেলগে মিলি বহুতো কাম কৰিলে। তেওঁলোকে ভালদৰে জানিছিল যে পৰিয়াল হিচাপে যিহোৱাৰ উপাসনা কৰাটো অতি প্ৰয়োজন। (লূক ২:২২-২৪; ৪:১৬) যোচেফ আৰু মৰিয়ম পতি-পত্নীৰ বাবে এটা ভাল উদাহৰণ হয়। যদি তেওঁলোকৰ দৰে আপোনাৰো লʼৰা-ছোৱালী আছে, তেনেহʼলে সভালৈ যোৱা আৰু পাৰিবাৰিক উপাসনাৰ বাবে সময় উলিওৱা আপোনাৰ বাবেও হয়তো সহজ নহয়। দম্পতী হিচাপে প্ৰাৰ্থনা আৰু অধ্যয়ন কৰাৰ বাবে সময় উলিয়াবলৈ হয়তো আৰু কঠিন হয়। মনত ৰাখক, যেতিয়া আপোনালোকে একেলগে মিলি যিহোৱাৰ উপাসনা কৰিব, তেতিয়া আপোনালোকে যিহোৱা আৰু লগতে এজনে-আনজনৰ বেছিকৈ কাষ চাপিব। সেইবাবে, যিহোৱাৰ উপাসনাক জীৱনত প্ৰথম স্থান দিয়ক। আপোনালোকৰ কথা মিল নোখোৱাৰ বাবে হয়তো একেলগে মিলি পাৰিবাৰিক উপাসনা কৰিবলৈ মন নাযাব। তথাপি পাৰিবাৰিক উপাসনাত একেলগে মিলি কিবা কৰিবলৈ চেষ্টা কৰক যাৰ পৰা আপোনালোকে আনন্দ পায়। এইদৰে কৰিলে আপোনালোকৰ সমস্যা কম হʼব আৰু আপোনালোকক হয়তো একেলগে মিলি যিহোৱাৰ উপাসনা কৰিবলৈ মন যাব। w২৩.০৫ ২২ ¶৭-৮

শুক্ৰবাৰ, ৭ ফেব্ৰুৱাৰী

ওবদিয়া যিহোৱাৰ অতিশয় ভয়কাৰী লোক আছিল।—১ ৰাজা. ১৮:৩.

যিহোৱালৈ ভয় ৰখাৰ বাবে ওবদিয়া বিশ্বাসী আৰু ভৰসাযোগ্য আছিল। সেইবাবে, ৰজাই তেওঁক ৰাজগৃহৰ ঘৰগিৰী পাতিছিল। (নহিমিয়া ৭:২ পদৰ লগত তুলনা কৰক।) ঈশ্বৰৰ প্ৰতি ভয় ৰখাৰ বাবে ওবদিয়াই বহুত সাহসেৰে কাম কৰিব পাৰিলে। সঁচাকৈ তেওঁক সাহসৰ বহুত প্ৰয়োজন আছিল। কাৰণ সেই সময়ত ৰজা আহাবে শাসন কৰি আছিল। (১ ৰাজা. ১৬:৩০) ইয়াৰ উপৰিও আহাবৰ পত্নী ঈজেবলে বাল দেৱতাৰ উপাসনা কৰিছিল আৰু তাই যিহোৱাক ইমানেই ঘিণ কৰিছিল যে তেওঁ ইস্ৰায়েলৰ দহ ফৈদৰ ৰাজ্যৰ পৰা যিহোৱাৰ সকলো উপাসকক শেষ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ যিহোৱাৰ বহুতো ভৱিষ্যতবক্তাক হত্যা কৰাইছিল। (১ ৰাজা. ১৮:৪) যি সময়ত ঈজেবলে যিহোৱাৰ ভৱিষ্যতবক্তাসকলক হত্যা কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া ওবদিয়াই ‘এশ ভাববাদীক পঞ্চাশ জনকৈ গুহাত লুকুৱাই ৰাখি তেওঁবিলাকক অন্ন-জল দি প্ৰতিপালন কৰিছিল।’ (১ ৰাজা. ১৮:১৩, ১৪) তেওঁ ধৰা পৰা হʼলে ঈজেবলে তেওঁকো হত্যা কৰিলেহেঁতেঁন। হয়তো তেওঁৰো ভয় লাগিছিল, তেওঁ মৰিব বিচৰা নাছিল। কিন্তু তেওঁ সাহসেৰে কাম কৰিলে কিয়নো যিহোৱা আৰু যিহোৱাৰ সেৱকসকলক তেওঁ নিজৰ প্ৰাণতকৈও বেছি প্ৰেম কৰিছিল। w২৩.০৬ ১৬ ¶৯-১০

শনিবাৰ, ৮ ফেব্ৰুৱাৰী

তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই।—যিচ. ৪৮:১৭.

যিহোৱাই বৰ্তমান সময়তো নিজৰ লোকসকলক পথ দেখুৱাই আছে। তেওঁ নিজৰ বাক্য বাইবেল আৰু নিজৰ পুত্ৰৰ জৰিয়তে এইদৰে কৰি আছে, যিজন মণ্ডলীৰ মুৰব্বী হয়। ইয়াৰ উপৰিও প্ৰাচীন সময়ত যিহোৱাই লোকসকলৰ জৰিয়তে যিদৰে নিজৰ লোকসকলক পথ দেখুৱাইছিল, ঠিক সেইদৰে আজিও কৰি আছে। আমি এয়া কিয় কʼব পাৰোঁ? মন কৰক যে ১৮৭০ চনৰ পাছত কি হʼল। চাৰ্ল্চ টেজ ৰছল আৰু তেওঁৰ সংগীসকলে বাইবেলৰ ভৱিষ্যবাণীবোৰ অধ্যয়ন কৰিবলৈ ধৰিলে আৰু ইয়াৰ পৰা তেওঁলোকৰ বিশ্বাস হʼল যে ১৯১৪ চনটো ঈশ্বৰৰ ৰাজ্যৰ ক্ষেত্ৰত বৰ বিশেষ বছৰ হʼবলগীয়া আছে। (দানি. ৪:২৫, ২৬) এই সকলোৰে আঁৰত যিহোৱাৰ হাত আছিল নে? নিশ্চয়। ১৯১৪ চনত যিবোৰ ঘটনা ঘটিছিল তাৰ পৰা প্ৰমাণ হʼল যে ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল। সেই বছৰতেই প্ৰথম বিশ্ব যুদ্ধ হʼল, মহামাৰী বিয়পিবলৈ ধৰিলে, ঠায়ে ঠায়ে ভূমিকম্প আৰু আকাল হʼবলৈ ধৰিলে। (লূক ২১:১০, ১১) সঁচাকৈ যিহোৱাই সেই বাইবেল বিদ্যাৰ্থীসকলৰ জৰিয়তে নিজৰ লোকসকলক পথ দেখুৱাই আছিল। w২৪.০২ ২২ ¶১১

দেওবাৰ, ৯ ফেব্ৰুৱাৰী

ধাৰ্ম্মিক লোকৰ বিপদ অনেক, কিন্তু যিহোৱাই সেই জনক সেই সকলোৰ পৰা উদ্ধাৰ কৰে।—গীত. ৩৪:১৯.

যিহোৱাৰ লোক হোৱাৰ বাবে আমাৰ বিশ্বাস আছে যে তেওঁ আমাক বহুত প্ৰেম কৰে আৰু আমি আনন্দত থকা আৰু ভাল জীৱন-যাপন কৰাটো তেওঁ বিচাৰে। (ৰোম. ৮:৩৫-৩৯) আমি বিশ্বাস কৰোঁ যে বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন কৰিলে আমাৰ লাভ হʼব। (যিচ. ৪৮:১৭, ১৮) কিন্তু বহু বাৰ আমাৰ ওপৰত এনে সমস্যা আহি পৰে, যাৰ বিষয়ে আমি হয়তো কেতিয়াও ভবা নাছিলোঁ। এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ? যেনে, আমাৰ পৰিয়ালৰ কোনো লোকে হয়তো এনে কাম কৰি দিয়ে, যাৰ বাবে আমাক দুখ লাগিব পাৰে বা আমাৰ কোনো ডাঙৰ বেমাৰ হʼব পাৰে, যাৰ বাবে হয়তো আমি যিহোৱাৰ সেৱা বেছিকৈ কৰিব পৰা নাই। আমি কিবা প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আছোঁ বা আমাৰ বিশ্বাসৰ বাবে আমাক তাড়না দিয়া হৈছে। এনে ধৰণৰ সমস্যা সন্মুখীন হʼলে আমি হয়তো ভাবিব পাৰোঁ যে ‘মোৰ লগত কিয় এইদৰে হৈছে?, মইনো কি ভুল কৰিলোঁ? যিহোৱাই মোক খং কৰিছে নেকি?’ আপুনিও কেতিয়াবা এইদৰে ভাবেনে? যদি ভাবে, তেনেহʼলে নিৰাশ নহʼব। যিহোৱাৰ আন বহুতো বিশ্বাসী সেৱকে এইদৰেই অনুভৱ কৰিছিল।—গীত. ২২:১, ২; হব. ১:২, ৩. w২৩.০৪ ১৪ ¶১-২

সোমবাৰ, ১০ ফেব্ৰুৱাৰী

মই চিৰকালৰ নিমিত্তে . . . তোমাৰ বিধিবোৰ পালন কৰিবলৈ, মোৰ মন থিৰ কৰিলোঁ।—গীত. ১১৯:১১২.

যদি আমাৰ মনলৈ বেয়া চিন্তা আহে, তেনেহʼলে আমি লগে লগে তাক উলিয়াই পেলাওঁ বা যদি আমাক বেয়া কাম কৰিবলৈ প্ৰলোভন দিয়া হয়, তেনেহʼলে আমি লগে লগে তাক মানা কৰোঁ। কাৰণ যিহোৱাৰ লগত থকা বন্ধুত্বক আমি হেৰুৱাব নিবিচাৰোঁ। আমি ‘অন্তঃকৰণে সৈতে আজ্ঞাধীন’ হোৱাটো যিহোৱাই বিচাৰে। (ৰোম. ৬:১৭) তেওঁৰ আজ্ঞাবোৰ পালন কৰিলে আমাৰে লাভ হয়। আমি তেওঁৰ কিছুমান আজ্ঞা পালন কৰিম আৰু কিছুমানক নকৰোঁ, এনে আমি কৰিব নোৱাৰোঁ। (যিচ. ৪৮:১৭, ১৮; ১ কৰি. ৬:৯, ১০) চয়তানে আমাৰ ইচ্ছা দুৰ্বল কৰিবলৈ আমাৰ ওপৰত বেলেগ বেলেগ উপায়েৰে অত্যাচাৰ কৰে। বহু বাৰ আমাক মাৰ-পিট কৰা হয় আৰু যিহোৱাৰ আজ্ঞা পালন নকৰিবলৈ হেঁচা দিয়া হয়। চয়তানে আমাক ‘গ্ৰাস কৰিবলৈ’ অৰ্থাৎ যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক নাইকিয়া কৰিবলৈ সুযোগ বিচাৰি থাকে। (১ পিত. ৫:৮) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলকো ধমকি দিয়া হৈছিল, মাৰ-পিট কৰা হৈছিল আৰু বহুতক মাৰি পেলোৱা হৈছিল, কিয়নো তেওঁলোকে যিকোনো পৰিস্থিতিতে যিহোৱাৰ আজ্ঞা পালন কৰিব বিচাৰিছিল। (পাঁচ. ৫:২৭, ২৮, ৪০; ৭:৫৪-৬০) চয়তানে আজিও ঈশ্বৰৰ লোকসকলৰ ওপৰত অত্যাচাৰ কৰি আছে। এয়া আমি ৰুচ আৰু আন দেশবোৰত স্পষ্টকৈ দেখিবলৈ পাওঁ, যʼত ভাই-ভনীসকলক বহুত বেয়াকৈ অত্যাচাৰ আৰু বিৰোধ কৰা হয়। চয়তানে আমাক ওচৰৰ পৰা আক্ৰমণ কৰাৰ লগতে ‘নানাবিধ কুকল্পনা’ কৰে।—ইফি. ৬:১১. w২৩.০৭ ১৫-১৬ ¶৬-৯

মঙ্গলবাৰ, ১১ ফেব্ৰুৱাৰী

তোমালোকে সকলো বিষয়ত প্ৰেম আচৰণ কৰা।—ইফি. ৫:২.

যেতিয়া আপুনি ঈশ্বৰৰ বাক্য বেছিকৈ অধ্যয়ন কৰিব, তেতিয়া যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িবলৈ ধৰিব। তাৰ পাছত আপুনি যি শিকিছে তাৰ অনুসৰি কাম কৰিবলৈ আপোনাৰ মন যাব আৰু আপুনি বাইবেলৰ সিদ্ধান্তৰ অনুসৰি ভাল নিৰ্ণয় লʼব পাৰিব। আপুনি ঈশ্বৰক আনন্দিত কৰিব বিচাৰে, সেইবাবে আপুনি নিজৰ চিন্তাধাৰা সলনি কৰিবলৈ আৰু সঠিক কাম কৰিবলৈ ধৰিছে। যিদৰে এজন সন্তানে নিজৰ মা-দেউতাৰ দৰে হʼবলৈ চেষ্টা কৰে, ঠিক সেইদৰে আপুনিও নিজৰ পিতৃ যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰিব পাৰে। (ইফি. ৫:১, ২) আমি নিজকে এনেধৰণৰ প্ৰশ্নবোৰ সুধিব পাৰোঁ, ‘যেতিয়া মই খ্ৰীষ্টান হৈছিলোঁ তাৰ তুলনাত এতিয়া মই যিহোৱাক আৰু বেছিকৈ প্ৰেম কৰোঁনে? বাপ্তিষ্মাৰ পাছত মই নিজৰ চিন্তাধাৰাত আৰু কামত বেছিকৈ সাল-সলনি কৰিছোঁনে? মই আৰু বেছিকৈ যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰোঁনে? মই যিহোৱাৰ দৰে ভাই-ভনীসকলক প্ৰেম কৰোঁনে?’ যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ আগৰ দৰে প্ৰেম নাই, তেনেহʼলে নিৰাশ নহʼব। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ লগতো এইদৰে হৈছিল কিন্তু যীচুৱে তেওঁলোকক এৰি দিয়া নাছিল। তেওঁ আপোনাকো নেৰিব। (প্ৰকা. ২:৪, ৭) তেওঁ জানে যে আমি নিজৰ মনত আগৰ নিচিনা প্ৰেম বঢ়াব পাৰোঁ। w২৩.০৭ ৮ ¶২-৩

বুধবাৰ, ১২ ফেব্ৰুৱাৰী

হে প্ৰভু [যিহোৱা], তুমিয়েই মঙ্গলময় আৰু ক্ষমাৱান।—গীত. ৮৬:৫.

পাঁচনি পিতৰে এটাৰ পাছত এটা বহুতো ভুল কৰিলে। অৱশেষত তেওঁ এটা ডাঙৰ ভুল কৰিলে। প্ৰথম ভুলটো হৈছে, তেওঁ নিজৰ ওপৰত বেছিকৈ ভৰসা কৰিছিল। সেইবাবে, তেওঁ জোৰ দি কʼলে যে আন পাঁচনিসকলে যীচুক এৰি গʼলেও মই কেতিয়াও এৰি নাযাম। (মাৰ্ক ১৪:২৭-২৯) ইয়াৰ পাছত যেতিয়া যীচুৱে তেওঁক জাগি থাকিবলৈ কʼলে, তেতিয়া তেওঁ বাৰে বাৰে শুই আছিল। (মাৰ্ক ১৪:৩২, ৩৭-৪১) তাৰ পাছত তেওঁ আৰু এটা ভুল কৰিলে। যেতিয়া লোকসকলে যীচুক গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল, তেতিয়া তেওঁ যীচুক এৰি পলাই গʼল। (মাৰ্ক ১৪:৫০) তেওঁ যীচুক তিনিবাৰ জানিবলৈ অস্বীকাৰ কৰিলে আৰু এয়া তেওঁৰ সকলোতকৈ ডাঙৰ ভুল আছিল। আনকি তেওঁ যীচুক চিনি নাপাওঁ বুলি মিছা শপতো খালে। (মাৰ্ক ১৪:৬৬-৭১) কিন্তু যেতিয়া পিতৰৰ অনুভৱ হʼল যে তেওঁ কিমান ডাঙৰ ভুল কৰিছে, তেতিয়া তেওঁ কি কৰিলে? তেওঁ হোক-হোকাই কান্দিবলৈ ধৰিলে আৰু একেবাৰে নিৰাশ হৈ পৰিল। (মাৰ্ক ১৪:৭২) কিন্তু যেতিয়া যীচু নিজৰ বন্ধুসকলৰ লগত আছিল, তেতিয়া তেওঁ পিতৰৰ ভুলবোৰৰ বাবে তেওঁক ধমকি দিয়াৰ পৰিৱৰ্তে তেওঁক বহুতো ডাঙৰ ডাঙৰ দায়িত্ব দিয়া হʼব বুলি কৈছিল। (যোহ. ২১:১৫-১৭) এই সকলো কথাৰ বাবে পিতৰৰ সম্পূৰ্ণ বিশ্বাস হʼল যে তেওঁৰ মালিক যীচু এতিয়াও তেওঁক বহুত প্ৰেম কৰে আৰু আন পাঁচনিসকলেও পিতৰক সহযোগ কৰি থাকিল। সেইবাবে, পাপ কৰাৰ পাছতো পিতৰ নিৰাশ হোৱা নাছিল আৰু যিহোৱাৰ সেৱা কৰি থাকিল। ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? যিহোৱাই আমাক বিশ্বাস দিব বিচাৰে যে তেওঁ আমাক প্ৰেম কৰে আৰু আমাক ক্ষমা কৰিবলৈ সাজু থাকে।—ৰোম. ৮:৩৮, ৩৯. w২৪.০৩ ১৮-১৯ ¶১৩-১৫

বৃহস্পতিবাৰ, ১৩ ফেব্ৰুৱাৰী

তাই হত্যা কৰা লোক অতিশয় অধিক।—হিতো. ৭:২৬.

অনৈতিক যৌন-সম্পৰ্ক ৰখাৰ বাবে বহুতো লোকে আনৰ আগত নিজৰ সন্মান হেৰুৱাই আৰু নিজকে কোনো কামৰ যোগ্য নহয় বুলি ভাবে। ইয়াৰ উপৰিও পৰিয়াল ভাঙি যাব পাৰে আৰু এজনী তিৰোতা নিবিচৰাৰ সত্ত্বেও গৰ্ভৱতী হʼব পাৰে। সেইবাবে, অজ্ঞানী তিৰোতাৰ “ঘৰ” নোযোৱাটো ভাল। যি লোকসকলে অনৈতিক কাম কৰে, তেওঁলোকৰ যিহোৱাৰ লগত থকা সম্পৰ্ক নাইকিয়া হয়। এটা অৰ্থত কʼবলৈ গʼলে তেওঁলোকৰ মৃত্যু হৈ যায়। ইয়াৰ উপৰিও বহুতো লোকৰ এনে বেমাৰ হয়, যাৰ বাবে তেওঁলোকৰ সঁচাকৈ মৃত্যু হয়। (হিতো. ৭:২৩) হিতোপদেশ ৯ অধ্যায়ৰ শেষত এইদৰে লিখা আছে, ‘অজ্ঞানী তিৰোতাৰ নিমন্ত্ৰিত লোকবিলাক চিয়োলৰ গভীৰ ঠাইত আছে।’ (১৮ পদ) অজ্ঞানী তিৰোতাৰ নিমন্ত্ৰণ গ্ৰহণ কৰিলে ইমান বেয়া পৰিণাম হোৱাৰ সত্ত্বেও বহুতো লোকে কিয় তেওঁৰ ঘৰলৈ যায়? (হিতো. ৯:১৩-১৮) আজি বহুতো লোকে অশ্লীল ছবি আৰু ভিডিঅʼ চোৱাৰ ফান্দত পৰি যায়। কিছুমান লোকে ভাবে যে এইবোৰ চোৱাত কোনো ভুল নাই। কিন্তু এইবোৰ চোৱাৰ বাবে বহুতো লোকৰ লোকচান হয়। তেওঁলোকে নিজকে মূল্যহীন বুলি ভাবে আৰু আনকো বেয়া দৃষ্টিৰে চাই আৰু এইবোৰ চোৱাটো তেওঁলোকৰ অভ্যাস হৈ পৰে। যেতিয়া কোনো ব্যক্তিয়ে অশ্লীল ছবিবোৰ চাই, তেতিয়া সেইবোৰ তেওঁৰ মগজুত থাকি যায় আৰু ইয়াৰ পৰা উলিয়াবলৈ তেওঁৰ বাবে কঠিন হৈ পৰে। ইয়াৰ উপৰিও অশ্লীল ছবি আৰু ভিডিঅʼবোৰে বেয়া ইচ্ছাবোৰক দমন কৰাৰ পৰিৱৰ্তে আৰু বঢ়াই দিয়ে। (কল. ৩:৫; যাকো. ১:১৪, ১৫) যি লোকসকলে অশ্লীল ছবি আৰু ভিডিঅʼ চাই তেওঁলোকৰ মাজৰ বহুতে আগলৈ গৈ অনৈতিক কামত লিপ্ত হয়। w২৩.০৬ ২৩ ¶১০-১১

শুক্ৰবাৰ, ১৪ ফেব্ৰুৱাৰী

সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব। —দানি. ২:৪৪.

যদিও আন ৰাষ্ট্ৰবোৰে বহু বাৰ ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিৰ লগত যুদ্ধ কৰিব, কিন্তু তেওঁলোকে ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিৰ ঠাই লʼব নোৱাৰিব। কিয়নো এটা শিল যি ঈশ্বৰৰ ৰাজ্যক চিত্ৰিত কৰে, মূৰ্তিৰ ভৰিখন একেবাৰে ধ্বংস কৰিব অৰ্থাৎ ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিক ধ্বংস কৰিব। (দানি. ২:৩৪, ৩৫, ৪৪, ৪৫) দানিয়েলে মাটি আৰু লোহাৰ ভৰিৰ বিষয়ে যি ভৱিষ্যতবাণী কৰিছিল, সেয়া সঁচা হয় বুলি আপুনি বিশ্বাস কৰেনে? যদি কৰে, তেনেহʼলে এয়া আপুনি কেনেদৰে জীৱন-যাপন কৰে তাৰ পৰা জানিব পাৰি। আপুনি এই জগতত টকা-পইচা আৰু ধন-সম্পত্তি গোটাবলৈ চেষ্টা নকৰিব, কিয়নো আপুনি জানে যে অতি সোনকালে এই জগতখন ধ্বংস হʼব। (লূক ১২:১৬-২১; ১ যোহ. ২:১৫-১৭) এই ভৱিষ্যতবাণী বুজি পালে আপুনি এয়াও বুজি পাব যে আজি প্ৰচাৰ কৰা আৰু শিকোৱা কামটো কিমান গুৰুত্বপূৰ্ণ। (মথি ৬:৩৩; ২৮:১৮-২০) গতিকে এই ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰাৰ পাছত নিজকে এইদৰে সোধক, ‘মোৰ নিৰ্ণয়ৰ পৰা কি জানিব পাৰি? ঈশ্বৰৰ ৰাজ্যই অতি সোনকালে সকলো মানৱীয় চৰকাৰবোৰক ধ্বংস কৰিব বুলি মই বিশ্বাস কৰোঁনে?‘ w২৩.০৮ ১১ ¶১৩-১৪

শনিবাৰ, ১৫ ফেব্ৰুৱাৰী

প্ৰতিজনে ঈশ্বৰক নিজৰ হিচাব দিব লাগিব।—ৰোম. ১৪:১২.

এয়া বুজিবলৈ চেষ্টা কৰক যে আপোনাৰ বয়স, স্বাস্থ্য আৰু পৰিস্থিতিৰ বাবে আপুনি হয়তো আগৰ দৰে কৰিব পৰা নাই। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ স্বাস্থ্য আৰু বয়সৰ বাবে আপুনি কোনো এটা দায়িত্ব পূৰ কৰিব পৰা নাই, তেনেহʼলে বৰ্জিল্লৰ দৰে হওক আৰু ভাইসকলক কওক যে আপুনি এয়া কৰিব নোৱাৰে। (২ চমূ. ১৯:৩৫, ৩৬) মোচিৰ দৰে আনৰ পৰা সহায় লওক আৰু যদি সম্ভৱ হয়, তেনেহʼলে কিছুমান দায়িত্ব আনকো দিয়ক। (যাত্ৰা. ১৮:২১, ২২) এইদৰে আপুনি নিজৰ পৰা বেছিকৈ আশা নকৰিলে, ভাগৰি নপৰিব। আনৰ ভুল নিৰ্ণয়ৰ বাবে নিজকে দোষ নিদিব। আমি আনৰ বাবে নিৰ্ণয় লʼব নোৱাৰোঁ আৰু আনে যদি ভুল নিৰ্ণয় লয়, তেনেহʼলে তাৰ পৰিণামৰ পৰাও আমি তেওঁলোকক বচাব নোৱাৰোঁ। হয়তো এজন সন্তানে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিয়ে। এনে পৰিস্থিতিত মা-দেউতাসকলে যি দুখ অনুভৱ কৰে, সেয়া শব্দৰে বুজাব নোৱাৰি। কিন্তু যিসকল পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ ভুল নিৰ্ণয়ৰ বাবে নিজকে দোষ দিয়ে, তেওঁলোকে এটা গধুৰ বোজা লৈ দৌৰাৰ দৰে হয় আৰু তেওঁলোকে এই গধুৰ বোজা লোৱাটো যিহোৱাই নিবিচাৰে। w২৩.০৮ ২৯ ¶১১-১২

দেওবাৰ, ১৬ ফেব্ৰুৱাৰী

[চিমচোন]দলীলা নামেৰে এজনী তিৰোতাৰ প্ৰেমত মোহ গল।—বিচা. ১৬:৪.

চিমচোন আমাৰ দৰে অসিদ্ধ আছিল। সেইবাবে, বহু বাৰ তেওঁ কিছুমান ভুল কৰিছিল। যেনে, এবাৰ তেওঁ এনে এটা পদক্ষেপ লৈছিল যাৰ বাবে তেওঁক বহুত বেয়া পৰিণাম ভুগিবলগীয়া হৈছিল। এজন বিচাৰকৰ্ত্তা হিচাপে সেৱা কৰাৰ পাছত চিমচোন “চোৰেক উপত্যকাত থকা দলীলা নামেৰে এজনী তিৰোতাৰ প্ৰেমত” পৰিল। ইয়াৰ আগতেও চিমচোনে এজনী পলেষ্টীয়া ছোৱালী বিয়া পাতিব বিচাৰিছিল। কিন্তু ইয়াৰ আঁৰত যিহোৱাৰ এটা উদ্দেশ্য আছিল। কিয়নো যিহোৱাই “পলেষ্টীয়াবিলাকৰ বিৰুদ্ধে ছিদ্ৰ বিচাৰিছিল।” তাৰ পাছত এবাৰ চিমচোন পলেষ্টীয়াসকলৰ ঘাচা চহৰৰ এজনী বেশ্যাৰ ঘৰত থাকিছিল। সেই সময়ত যিহোৱাই চিমচোনক ইমানেই শক্তি দিছিল যে তেওঁ পলেষ্টীয়াসকলৰ দুৱাৰ উঠাই লৈ গʼল আৰু এইদৰে চহৰখনক দুৰ্বল কৰিলে। (বিচা. ১৪:১-৪; ১৬:১-৩) কিন্তু দলীলাৰ কথা বেলেগ আছিল, কিয়নো তাই হয়তো এজনী ইস্ৰায়েলী আছিল আৰু নিজৰ ইচ্ছাৰে এই কাম কৰিছিল। দলীলাই চিমচোনক বিশ্বাসঘাত কৰিবলৈ পলেষ্টীয়াহঁতৰ পৰা বহু পৰিমাণে ধন ল’লে। w২৩.০৯ ৫ ¶১২-১৩

সোমবাৰ, ১৭ ফেব্ৰুৱাৰী

মানুহৰ বিবেচনাই ক্ৰোধত নিজক ধীৰ কৰে।—হিতো. ১৯:১১.

কোমলতাৰে ব্যৱহাৰ কৰিবলৈ গভীৰ বুজা শক্তি থকাটো অতি প্ৰয়োজন। আমি যি বিশ্বাস কৰোঁ, তাৰ বিষয়ে যেতিয়া কোনোবাই প্ৰশ্ন কৰে, তেতিয়া খং কৰাৰ পৰিৱৰ্তে আমি শান্ত হৈ থাকিম। বহু বাৰ বহুতো লোকে যি প্ৰশ্ন কৰে, সেয়া পুখুৰীৰ গভীৰ পানীৰ দৰে হয়। ওপৰৰ পৰা চালে প্ৰায়ে গম পোৱা নাযায় যে তাত কিমান পানী আছে। ঠিক সেইদৰে, যেতিয়া কোনোবাই আমাক প্ৰশ্ন কৰে, তেতিয়া বুজি পোৱা নাযায় যে তেওঁৰ মনত কি চলি আছে আৰু কিয় সেই প্ৰশ্নটো সুধিছে। আমি মনত ৰখা উচিত যে তেওঁৰ উদ্দেশ্যৰ বিষয়ে নাজানোঁ সেইবাবে, আমি লগে লগে উত্তৰ দিয়া উচিত নহয়। (হিতো. ১৬:২৩) মন কৰক, এবাৰ গিদিয়োনে ইফ্ৰয়িমৰ লোকসকলক কেনেকৈ উত্তৰ দিলে। তেওঁলোকে খং কৰি গিদিয়োনৰ লগত কাজিয়া কৰিবলৈ ধৰিলে আৰু কʼলে শত্ৰুবিলাকৰ লগত যুদ্ধ কৰাৰ সময়ত তেওঁলোকক কিয় নামাতিলে। প্ৰকৃততে তেওঁলোকে কিয় ইমান খং কৰিছিল? গিদিয়োনে তেওঁলোকক অপমান কৰিলে বুলি তেওঁলোকে ভাবিছিলনে? কাৰণ যিয়েই নহওক কিয়, গিদিয়োনে ভাবি-চিন্তি কাম কৰিলে। তেওঁ তেওঁলোকৰ ভাৱনাক সন্মান কৰিলে আৰু তেওঁলোকক কোমলতাৰে উত্তৰ দিলে। ইয়াৰ পৰিণাম কি হʼল? বাইবেলত লিখা আছে, “তেওঁবিলাকৰ খং গুচিল।”—বিচা. ৮:১-৩. w২৩.০৯ ১৬ ¶৮-৯

মঙ্গলবাৰ, ১৮ ফেব্ৰুৱাৰী

তেওঁৰ দৈনিক সন্তোষদায়িকা দাসী আছিলোঁ।—হিতো. ৮:৩১.

যিহোৱা আৰু যীচুৰ সম্পৰ্ক এজন পিতৃ আৰু পুত্ৰৰ সম্পৰ্কৰ দৰে বহুত মজবুত আছিল। যেতিয়া তেওঁ দেখিলে যে লোকসকলে তেওঁৰ লʼৰাক কেনেকৈ তাড়না দিছে, অস্বীকাৰ কৰিছে আৰু তেওঁৰ ওপৰত অত্যাচাৰ কৰি আছে, তেতিয়া তেওঁক হয়তো কিমান দুখ লাগিছিল। যিসকল মা-দেউতাই নিজৰ লʼৰা-ছোৱালীক মৃত্যুত হেৰুৱাইছে, তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক হেৰুৱাৰ দুখ ভালদৰে বুজি পায়। আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে যিসকলৰ মৃত্যু হʼল, তেওঁলোকক যিহোৱাই এদিন আকৌ জীয়াই তুলিব। তথাপি আপোন লোকসকলক মৃত্যুত হেৰুৱাৰ দুখ সহ্য কৰাটো ইমান সহজ নহয়। গতিকে চিন্তা কৰক, ৩৩ খ্ৰীষ্টাব্দৰ নিচান ১৪-ত যেতিয়া যিহোৱাই দেখিলে যে তেওঁৰ লʼৰাক কেনেকৈ ইমান যাতনা দি মাৰি পেলোৱা হʼল, তেতিয়া তেওঁক কিমান দুখ লাগিলে। (মথি ৩:১৭) স্মৰণীয় দিন অহাৰ আগতে আপুনি ব্যক্তিগত অধ্যয়নত বা পাৰিবাৰিক উপাসনাত মুক্তিৰ মূল্যৰ বিষয়ে আৰু ভালদৰে অধ্যয়ন কৰক। স্মৰণীয় দিনত ৰাতিপুৱাৰ উপাসনাৰ যি বিশেষ কাৰ্য্যক্ৰম আহিব সেয়াও নিশ্চয় চাওক। এইদৰে স্মৰণীয় দিনৰ বাবে নিজৰ হৃদয় তৈয়াৰ কৰিলে ইয়াৰ পৰা লাভৱান হʼবলৈ আমি আনকো সহায় কৰিব পাৰিম।—ইজ্ৰা ৭:১০. w২৪.০১ ১১ ¶১০-১২

বুধবাৰ, ১৯ ফেব্ৰুৱাৰী

তেওঁ . . . তোমালোকক . . . বলৱন্ত কৰিব।—১ পিত. ৫:১০.

যিহোৱাৰ পৰা শক্তি পোৱাৰ এটা উপায় হৈছে তেওঁলৈ প্ৰাৰ্থনা কৰা। যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া যিহোৱাই আমাক সেই ‘শক্তি’ দিব পাৰে যি সাধাৰণ মানুহৰ শক্তিতকৈ বহু গুণে বেছি। (২ কৰি. ৪:৭) যিহোৱাই বাইবেলত আমাৰ বাবে যি বাৰ্তা লিখাইছে, সেইবোৰ “কাৰ্য্য-সাধক।” (ইব্ৰী ৪:১২) সেইবাবে, যেতিয়া আমি ঈশ্বৰৰ বাক্য পঢ়োঁ আৰু তাৰ ওপৰত মনন কৰোঁ, তেতিয়া আমি তাৰ পাৰ সাহক আৰু শক্তি লাভ কৰোঁ। (গীত. ৮৬:১১) গতিকে, যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু তেওঁৰ বাক্য বাইবেল পঢ়ক, তেতিয়া তেওঁ আপোনাক শক্তি দিব। ইয়াৰ সহায়ত আপুনি নিজৰ সমস্যাবোৰ সন্মুখীন হ’ব পাৰিব, নিজৰ আনন্দ বজাই ৰাখিব পাৰিব আৰু সেই কাম বা দায়িত্ব পূৰ কৰিব পাৰিব, যি কৰিবলৈ আপোনাক কঠিন লাগিছে। এতিয়া আহক মন কৰোঁ যে যিহোৱাই ভৱিষ্যবক্তা যোনাক কেনেকৈ শক্তি আৰু সাহস দিলে। যিহোৱাই যোনাক যি কাম দিছিল, সেই কামটো তেওঁক বহুত কঠিন লাগিছিল। সেইবাবে, তেওঁ এখন জাহাজত উঠি বিপৰীত দিশত পলাই গ’ল। পাছত সমুদ্ৰত ভয়ংকৰ ধুমুহা আহিল। যাৰ বাবে তেওঁৰ লগতে আন যাত্ৰীসকলৰ জীৱনো বিপদত পৰিল। যেতিয়া নাবিকসকলে তেওঁক সমুদ্ৰত পেলাই দিলে, তেতিয়া এটা ডাঙৰ মাছে তেওঁক গিলি দিলে। এতিয়া তেওঁ মাছৰ পেটত আছিল আৰু চাৰিওফালে অন্ধকাৰ আছিল। চিন্তা কৰকচোন, সেই সময়ত যোনা কেনে অনুভৱ কৰিছিল। যোনা অকলশৰীয়া অনুভৱ কৰিছিল। তেওঁৰ ওচৰত কোনো নাছিল। এনে পৰিস্থিতিত সাহস পাবলৈ তেওঁ কি কৰিলে? তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰিলে।—যোনা ২:১, ২, ৭. w২৩.১০ ১৩ ¶৪-৬

বৃহস্পতিবাৰ, ২০ ফেব্ৰুৱাৰী

সকলোৰে শেষ ওচৰ চাপিছে। —১ পিত. ৪:৭.

পাঁচনি পিতৰে এই চিঠিবোৰ প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ বাবে লিখিছিল, কিন্তু যিহোৱাই এইবোৰ নিজৰ বাক্যতো জড়িত কৰিলে। সেইবাবে, ইয়াত লিখা কথাৰ পৰা আজি আমিও বহুতো কথা শিকিব পাৰোঁ। (ৰোম. ১৫:৪) আমাৰ ওচৰে-পাজৰে থকা বেছিভাগ লোকে বাইবেলৰ ভৱিষ্যবাণীৰ ওপৰত বিশ্বাস নকৰে। এনে লোকসকলে হয়তো আমাক ঠাট্টা কৰিব পাৰে, কিয়নো আমি বহু বছৰৰ পৰা কৈ আহিছোঁ যে অতি সোনকালে অন্ত হʼব। কিছুমান লোকে হয়তো এয়াও কʼব পাৰে যে অন্ত কেতিয়াও নাহিব। (২ পিত. ৩:৩, ৪) যদি ঘৰে-ঘৰে প্ৰচাৰ কৰাৰ সময়ত কোনোবাই এনে কথা কয় বা আমাৰ লগত কাম কৰা লোক বা পৰিয়ালৰ সদস্যই এইদৰে কয়, তেতিয়া হয়তো আমাৰ বিশ্বাস দুৰ্বল হʼব পাৰে। পাঁচনি পিতৰে আমাক বুজাইছিল যে এনে পৰিস্থিতিত কি কথাই আমাক সহায় কৰিব। কিছুমান লোকে হয়তো ভাবিব পাৰে যে যিহোৱাই এই দুষ্ট জগতখনক ধ্বংস কৰিবলৈ দেৰি কৰিছে। কিন্তু পিতৰৰ কথাৰ পৰা আমি সঠিক চিন্তাধাৰা বজাই ৰাখিবলৈ সহায় পাব পাৰোঁ। ইয়ে আমাক মনত পেলাই দিয়ে যে সময়ৰ বিষয়ে যিহোৱাৰ চিন্তাধাৰা আৰু মানুহৰ চিন্তাধাৰৰ মাজত আকাশ-পাতালৰ পাৰ্থক্য আছে। (২ পিত. ৩:৮, ৯) যিহোৱাৰ বাবে ১০০০ বছৰ এদিনৰ সমান। যিহোৱাই ধৈৰ্য্য ধৰে যাতে কোনেও ধ্বংস নহয়। কিন্তু যেতিয়া তেওঁৰ দিন আহিব, তেতিয়া দুষ্ট লোকসকলক ধ্বংস কৰা হʼব। w২৩.০৯ ২৬-২৭ ¶২-৫

শুক্ৰবাৰ, ২১ ফেব্ৰুৱাৰী

আমি শুনা বাক্যত অধিককৈ মন দিব লগা হয়; কাৰণ কিজানি ঘাট নাচাপি, ঘাটৰ পৰা কেনেবাকৈ ভিটয়াওঁ। —ইব্ৰী ২:১.

পাঁচনি পৌলে যিহূদীয়াত থকা ইব্ৰী খ্ৰীষ্টানসকললৈ কিয় চিঠি লিখিছিল? ইয়াৰ হয়তো দুটা কাৰণ হʼব পাৰে? প্ৰথম কাৰণটো হৈছে পৌলে তেওঁলোকক উৎসাহিত কৰিব বিচাৰিছল। তেওঁলোকৰ মাজৰ বেছিভাগ খ্ৰীষ্টান আগতে যিহূদী আছিল। কিন্তু এতিয়া খ্ৰীষ্টান হোৱাৰ বাবে যিহূদী ধৰ্মগুৰুসকলে হয়তো তেওঁলোকক ঠাট্টা কৰিছিল। তেওঁলোকৰ ওচৰত ধুনীয়া মন্দিৰ নাছিল, যʼত তেওঁলোকে উপাসনা কৰিব পাৰে, তেওঁলোকৰ বেদী আৰু পুৰোহিতো নাছিল, যি তেওঁলোকৰ ফালৰ পৰা বলিদান দিব পাৰে। এইবোৰৰ বাবে খ্ৰীষ্টানসকলে নিৰাশ হʼলহেঁতেন বা তেওঁলোকৰ বিশ্বাস দুৰ্বল হʼলহেঁতেন। (ইব্ৰী ৩:১২, ১৪) তেওঁলোকৰ মাজৰ কিছুমানে হয়তো আকৌ যিহূদী ধৰ্ম লোৱাৰ কথা ভাবিছিল। দ্বিতীয় কাৰণ, সেই খ্ৰীষ্টানসকলে যিমান জানিছিল, সিমানতে সন্তুষ্ট আছিল। তেওঁলোকে নতুন কথা শিকিবলৈ চেষ্টা কৰা নাছিল আৰু ঈশ্বৰৰ বাক্যৰ “টান আহাৰ” অৰ্থাৎ গভীৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰা নাছিল। (ইব্ৰী ৫:১১-১৪) এনে লাগে যেন কিছুমান খ্ৰীষ্টানে সেই সময়তো মোচিৰ নিয়ম পালন কৰি আছিল। w২৩.১০ ২৫ ¶৩-৪

শনিবাৰ, ২২ ফেব্ৰুৱাৰী

তিৰোতাসকলক ভনী বুলি ভাবি সম্পূৰ্ণ পবিত্ৰতাৰে সৈতে বুজোৱা। —১ তীম. ৫:২.

কিছুমান ভনীয়ে বিয়া নহʼবলৈ নিৰ্ণয় লয়। (মথি ১৯:১০-১২) অবিবাহিত ভনীসকল, আপোনালোকে বিশ্বাস ৰাখিব পাৰে যে যিহোৱা আৰু যীচুৱে আপোনালোকক তল চকুৰে নাচায়, আপুনি তেওঁলোকৰ বাবে বহুত মূল্যৱান হয়। গোটেই পৃথিৱীত আমাৰ অবিবাহিত ভনীসকলে বহুত পৰিশ্ৰম কৰে আৰু তেওঁলোক নিজৰ মণ্ডলীৰ বাবে এটা আশীৰ্বাদ হয়। তেওঁলোকে ভাই-ভনীসকলক বহুত প্ৰেম কৰে আৰু তেওঁলোকৰ যত্ন লয়। সেইবাবে, ভাই-ভনীসকলৰ বাবে তেওঁলোকৰ ভনী বা মাৰ দৰে হয়। (মাৰ্ক ১০:২৯, ৩০) কিছুমানে পূৰ্ণসময়ৰ সেৱাক হʼল। আজি গোটেই পৃথিৱীত হৈ থকা প্ৰচাৰ কামত ভনীসকলৰ এটা ডাঙৰ সহযোগ আছে। (গীত. ৬৮:১১) আপুনি ভৱিষ্যতে পূৰ্ণসময়ৰ সেৱা কৰিম বুলি এতিয়াৰে পৰা ভাবিব পাৰিব নে? আপুনি অগ্ৰগামী সেৱা কৰিবলৈ, নিৰ্মাণ কামত সহযোগ কৰিবলৈ বা বেথেলত সেৱা কৰিবলৈ লক্ষ্য ৰাখিব পাৰে। তাৰ পাছত আপুনি নিজৰ লক্ষ্যৰ বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰক। যিসকল ভাই-ভনীয়ে পূৰ্ণসময়ৰ সেৱা কৰাৰ লক্ষ্যত উপনীত হৈছে, আপুনি তেওঁলোকৰ লগতো কথা পাতিব পাৰে। আপুনি নিজৰ লক্ষ্যত উপনীত হʼবলৈ কি কৰিব পাৰে, তাৰ বিষয়ে তেওঁলোকক সুধিব পাৰে। তাৰ পাছত আপুনি এটা প্লান বনাব পাৰে অৰ্থাৎ ভাবিব পাৰে যে আপুনি কি কৰিব আৰু কেনেকৈ কৰিব। যেতিয়া আপুনি এই লক্ষ্যত উপনীত হʼব, তেতিয়া আপুনি যিহোৱাৰ সেৱা কৰাৰ আৰু বহুতো ভাল সুযোগ পাব। w২৩.১২ ২২ ¶১৬-১৭

দেওবাৰ, ২৩ ফেব্ৰুৱাৰী

প্ৰথমে . . . শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব।—মাৰ্ক ১৩:১০.

মহা সংকট একেবাৰে ওচৰ পালেহি। সেইবাবে, লোকসকলক প্ৰচাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি আমি মনত ৰখা উচিত। কিন্তু আমাৰ যদি টকা-পইচাৰ অভাৱ হৈছে বা প্ৰচাৰ কৰাৰ সময়ত বিৰোধৰ সন্মুখী হৈছোঁ, তেনেহʼলে প্ৰচাৰ কামত ধ্যান দিবলৈ আমাক হয়তো কঠিন লাগিব পাৰে। গতিকে, আমি কেনেকৈ যিহোৱাই দিয়া এই কামক নিজৰ জীৱনত প্ৰথম স্থান দিব পাৰোঁ? আমি সম্পূৰ্ণৰূপে ভৰসা ৰখা উচিত যে ‘বাহিনীবিলাকৰ ঈশ্বৰ যিহোৱা’ আমাৰ লগত আছে। যদি আমি তেওঁৰ কামক প্ৰথম স্থান দিওঁ, তেনেহʼলে তেওঁ নিশ্চয় আমাক সহায় কৰিব। সেইবাবে, আমাক ভয় কৰাৰ কোনো প্ৰয়োজন নাই। (হগ্‌. ২:৪) আমি শিষ্য বনোৱা কামত সম্পূৰ্ণৰূপে ধ্যান দিয়াটো যিহোৱাই বিচাৰে। কিয়নো ইয়াৰ ওপৰতে লোকসকলৰ জীৱন নিৰ্ভৰ হৈ আছে। তেওঁ হগ্গয়ৰ যোদেগি ইস্ৰায়েলীসকলক মন্দিৰ বনোৱাৰ কাম পুনৰ আৰম্ভ কৰিবলৈ অৰ্থাৎ তাৰ ভিত্তিমূল পুনৰ স্থাপন কৰিবলৈ কৈছিল। যিহোৱাই প্ৰতিজ্ঞা কৰিছিল যে যদি তেওঁলোকে এইদৰে কৰিব, তেনেহʼলে যিহোৱাই তেওঁলোকক “আশীৰ্ব্বাদ” দিব। (হগ্‌. ২:১৮, ১৯) আজি আমিও যদি যিহোৱাই দিয়া কামৰ ওপৰত আমি সম্পূৰ্ণৰূপে ধ্যান দিওঁ, তেনেহʼলে আমি বিশ্বাস ৰাখিব পাৰোঁ যে তেওঁ আমাকো আশীৰ্বাদ দিব। w২৩.১১ ১৫-১৬ ¶৮; ১৭ ¶১১

সোমবাৰ, ২৪ ফেব্ৰুৱাৰী

সকলোৱে পাপ কৰিলে।—ৰোম. ৩:২৩.

ৰোমৰ খ্ৰীষ্টানসকলক লিখা নিজৰ চিঠিত পাঁচনি পৌলে কʼলে যে সকলো মানুহে পাপ কৰে। তেনেহʼলে এজন ব্যক্তি কেনেকৈ ঈশ্বৰৰ দৃষ্টিত নিৰ্দোষী বা ভাল ব্যক্তি হʼব পাৰে আৰু তেওঁক আনন্দিত কৰিব পাৰে? যিসকল খ্ৰীষ্টানে সঁচাকৈ এই প্ৰশ্নৰ উত্তৰ জানিবলৈ বিচাৰে, তেওঁলোকক সহায় কৰিবলৈ পৌলে অব্ৰাহামৰ বিষয়ে জনালে। অব্ৰাহামে কনান দেশত থকাৰ সময়তে যিহোৱাই তেওঁক ভাল ব্যক্তি বুলি কʼলে। অব্ৰাহামে মোচিৰ জৰিয়তে দিয়া সকলো নিয়ম পালন কৰিছিল বুলি তেওঁক ভাল ব্যক্তি বুলি কোৱা নাছিল। (ৰোম. ৪:১৩) আমি এয়া কিয় কʼব পাৰোঁ? কাৰণ তেতিয়ালৈকে যিহোৱাই নিজৰ লোকসকলক কোনো নিয়ম দিয়া নাছিল। যিহোৱাই তেওঁলোকক ৪০০ বছৰতকৈও বহু সময়ৰ পাছত এই নিয়ম দিছিল। তেনেহʼলে তেওঁ অব্ৰাহামক কিয় ভাল ব্যক্তি বুলি কʼলে? তেওঁৰ বিশ্বাসৰ বাবে। সঁচাকৈ, এয়া যিহোৱাৰ মহা কৃপা আছিল।—ৰোম. ৪:২-৪. w২৩.১২ ৩ ¶৪-৫

মঙ্গলবাৰ, ২৫ ফেব্ৰুৱাৰী

আপোনাৰ মনত যি আছে, তাকে কৰক।—১ বং. ১৭:২.

এই কথা নাথনে দায়ূদক কোৱা সেই ৰাতিয়েই যিহোৱাই নাথনক কʼলে যে দায়ূদে তেওঁৰ বাবে গৃহ নবনাব। (১ বং. ১৭:৩, ৪, ১১, ১২) তেতিয়া দায়ূদে কি কৰিলে? তেওঁ যিহোৱাৰ গৃহ বনাবলৈ পইচা আৰু আন বস্তুবোৰ গোটাবলৈ ধৰিলে, যাতে আগলৈ গৈ তেওঁৰ লʼৰা চলোমনে এই গৃহটো বনাব পাৰে। (১ বং. ২৯:১-৫) যেতিয়া দায়ূদক জনোৱা হʼল যে তেওঁ যিহোৱাৰ বাবে গৃহ নবনাব, তেতিয়া ইয়াৰ লগে লগে যিহোৱাই তেওঁৰ লগত এটা চুক্তি কৰিলে। তেওঁ দায়ূদক প্ৰতিজ্ঞা কৰিলে যে তেওঁৰ বংশৰ পৰা এজনে সদায় শাসন কৰিব। (২ চমূ. ৭:১৬) চিন্তা কৰকচোন, যেতিয়া যীচুৰ হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত দায়ূদক জীয়াই তোলা হʼব, তেতিয়া তেওঁ এয়া জানি কিমান আনন্দিত হʼব যে আমাৰ ৰজা যীচু খ্ৰীষ্ট তেওঁৰ বংশৰ পৰা আহিছে। এই ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া আমি যিহোৱাৰ বাবে যি কৰিব বিচাৰোঁ, সেয়া কৰিব নোৱাৰোঁ, তেতিয়া আমি নিৰাশ হোৱা উচিত নহয়। হয়তো যিহোৱাই আমাক এনে উপায়েৰে আশীৰ্বাদ দিব, যাৰ বিষয়ে আমি হয়তো কেতিয়াও ভবা নাই। w২৩.০৪ ১৬ ¶৮-১০

বুধবাৰ, ২৬ ফেব্ৰুৱাৰী

যিহোৱাই নিজ প্ৰজাবিলাকক ত্যাগ নকৰিব।—গীত. ৯৪:১৪.

যেতিয়া আপোনাক ভয় লাগে, তেতিয়া বাইবেলৰ কোনো ভাগ পঢ়ি আপুনি হয়তো শান্ত্বনা লাভ কৰিব পাৰে। যেনে, আপুনি হয়তো ইয়োবৰ কিতাপ, কোনো গীত, হিতোপদেশ বা মথি ৬ অধ্যায় পঢ়ি সাহস লাভ কৰিব পাৰে। যেতিয়া আপুনি যিহোৱালৈ প্ৰাৰ্থনা কৰিব আৰু বাইবেল পঢ়িব, তেতিয়া আপুনি নিশ্চয় শান্ত্বনা লাভ কৰিব। সমস্যাৰ সন্মুখীন হোৱাৰ সময়তো আপুনি ভৰসা ৰাখিব পাৰে যে যিহোৱাই আমাক কেতিয়াও নেৰিব। (গীত. ২৩:৪) তেওঁ আমাক নিশ্চয় সহায় কৰিব। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক ৰক্ষা কৰিব, আমাক চম্ভালিব আৰু সহায় আৰু শান্ত্বনা দিব। যিচয়া ২৬:৩ পদত যিহোৱাৰ বিষয়ে এইদৰে লিখা আছে, “যাৰ মনে তোমাত নিৰ্ভৰ কৰে, তুমি তাক সম্পূৰ্ণ শান্তিত ৰাখিবা; কিয়নো সি তোমাত ভাৰসা কৰিছে।” গতিকে যিহোৱাৰ ওপৰত ভৰসা ৰাখক আৰু তেওঁ আপোনাক যি উপায়বোৰৰ যোগেদি সহায় কৰি আছে, তাৰ সম্পূৰ্ণ লাভ উঠাওক। এইদৰে কৰিলে আপুনি কঠিন পৰিস্থিতিৰ সময়তো স্থিৰ হৈ থাকিব পাৰিব। w২৪.০১ ২৫ ¶১৬-১৭

বৃহস্পতিবাৰ, ২৭ ফেব্ৰুৱাৰী

তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহব।—যিচ. ৫৪:১৭.

ওপৰত উল্লেখ কৰা এই ভৱিষ্যবাণী আজি আমাৰ সময়ত পূৰ হৈ আছে: “তোমাৰ সন্তানবিলাক যিহোৱাৰ দ্বাৰাই শিক্ষিত হব, আৰু তোমাৰ সন্তানবিলাকৰ পৰমশান্তি হব। ধাৰ্ম্মিকতাত তুমি স্থাপিত হবা . . . তোমাৰ ভয় নহব; আৰু ত্ৰাসৰ পৰা আঁতৰে থাকিবা, কাৰণ সেয়ে তোমাৰ ওচৰলৈ নাহিব।” (যিচ. ৫৪:১৩, ১৪) আজি যিহোৱাৰ লোকসকল গোটেই পৃথিৱীত শিকোৱাৰ যি কাম কৰি আছে, সেয়া ‘এই যুগৰ ঈশ্বৰ’ চয়তানে ৰখাব নোৱাৰে। (২ কৰি. ৪:৪) পুনৰাই শুদ্ধ উপাসনা কৰা হৈছে আৰু এয়া আকৌ কেতিয়াও অশুচি নহʼব। যিহোৱাৰ লোকসকলে সদায় শুদ্ধ উপাসনা কৰি থাকিব আৰু আমাৰ বিৰুদ্ধে উঠা কোনো অস্ত্ৰ সফল নহʼব। w২৪.০২ ৪ ¶১০

শুক্ৰবাৰ, ২৮ ফেব্ৰুৱাৰী

যিজনে মা বা দেউতাকক মোতকৈ বেছি প্ৰেম কৰে, তেওঁ মোৰ যোগ্য নহয়।—মথি ১০:৩৭.

আমি সকলো খ্ৰীষ্টানে সমৰ্পণ কৰি যিহোৱাক যি প্ৰতিজ্ঞা কৰিছোঁ, তাক আমি সহজভাৱে নলওঁ। আমি নিজৰ বাবেও যেতিয়া কিবা নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়াও আমি এই প্ৰতিজ্ঞা সদায় মনত ৰাখোঁ। শাস্ত্ৰত কোৱাৰ দৰে আমি নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰোঁ। কিন্তু তেওঁলোকৰ ইচ্ছা পূৰ কৰিবলৈ আমি কেতিয়াও যিহোৱাৰ ইচ্ছাক আওকাণ নকৰোঁ। (মথি ১০:৩৫, ৩৬; ১ তীম. ৫:৮) সেইবাবে, বহু বাৰ পৰিয়ালৰ লোকসকলে হয়তো আমাক খং কৰিব পাৰে, তথাপিও আমি যিহোৱাক আনন্দিত কৰিবলৈ চেষ্টা কৰোঁ। তেওঁৱে পৰিয়ালৰ আৰম্ভণি কৰিছিল আৰু পৰিয়ালত সকলোৱে আনন্দিত থকাটো তেওঁ বিচাৰে। (ইফি. ৩:১৪, ১৫) গতিকে আমি যদি সঁচাকৈ আনন্দত থাকিব বিচাৰোঁ, তেনেহʼলে যিহোৱাই যিদৰে বিচাৰে ঠিক সেইদৰে আমি কাম কৰিব লাগিব। যিহোৱাই জানে যে আপুনি নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰিব বিচাৰে, তেওঁলোকৰ লগত প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰিব বিচাৰে আৰু ইয়াৰ লগতে তেওঁৰ উপাসনাও কৰিব বিচাৰে। সেইবাবে, বহু বাৰ আপুনি কিছুমান ত্যাগ কৰিবলগীয়া হয়। বিশ্বাস ৰাখক, আপুনি যি ত্যাগ কৰে, যিহোৱাই তাক বহুত মূল্যাকংন কৰে।—ৰোম. ১২:১০. w২৪.০২ ১৭ ¶১১; ১৮ ¶১৩

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক