ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৪ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • ডিচেম্বৰ ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জানুৱাৰী ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৪ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

ডিচেম্বৰ ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৪৭

১০ মি: স্থানীয় ঘোষণাসমূহ আৰু আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। পিছৰ সপ্তাহৰ সেৱা সভাত কৰিবলগীয়া আলোচনাৰ বাবে সাজু হৈ আহিবলৈ সকলোকে ঔষধে তেজবিহীন চিকিৎসাৰ প্ৰত্যাহ্বান স্বীকাৰ কৰে নামৰ ভিডিঅʼখন চাবলৈ উৎসাহিত কৰক। ডিচেম্বৰ ২৫ তাৰিখ আৰু জানুৱাৰী ১ তাৰিখে প্ৰবন্ধ কৰা বিশেষ প্ৰচাৰ কাৰ্য্যৰ পৰিলেখ দিয়ক। (যদি উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ ডিচেম্বৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া প্ৰথমটো উপস্থাপন) আৰু ডিচেম্বৰ ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। তদুপৰি আন কাৰ্য্যকাৰী প্ৰদৰ্শনো ব্যৱহাৰ কৰিব পাৰে। প্ৰত্যেকটো উপস্থাপনত পৃথকৈ প্ৰদৰ্শন কৰি দেখুৱাউক যে যেতিয়া লোকসকলে “আপোনালোকে কৰা কাৰ্য্যৰ সৈতে মই ভালকৈ পৰিচিত” বুলি কৈ আমাৰ কথোপকথনত বাধা জন্মায় তেতিয়া কেনেকৈ তেনে প্ৰত্যাহ্বানক সমাধান কৰিব পাৰি।​—⁠বাইবেল পৰিচৰ্চ্চা নামৰ পুস্তিকাখনৰ ১২ পৃষ্ঠা চাওক।

১৫ মি: “আপোনাৰ সহায়ৰ আৱশ্যক।”a চমুকৈ এজন প্ৰাচীনৰ সাক্ষাতকাৰ গ্ৰহণ কৰক। তেওঁক কʼবলৈ আগ্ৰহ কৰক যে মণ্ডলীত সেৱা কৰিবলৈ আকাঙ্ক্ষা আৰু তাৰ বাবে উপযুক্ত হʼবলৈ কিহে সহায় কৰিলে।

২০ মি: “নিজৰ সম্পৰ্কীয় লোকসকলক কেনেকৈ সাক্ষী দিব?”b লেখটোত উল্লেখ কৰা প্ৰশ্নসমূহ ব্যৱহাৰ কৰক। সম্পৰ্কীয় লোকসকলক আগ্ৰহী কৰি তুলি কেনেকৈ সাক্ষী দিবলৈ সক্ষম হʼল, সেই বিষয়ে কʼবলৈ শ্ৰোতাসকলক চমুকৈ মন্তব্য দিবলৈ কওক।

গীত ১৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৬৮

৫ মি: স্থানীয় ঘোষণাসমূহ।

১৫ মি: “ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ।” স্কুল অধ্যক্ষৰ দ্বাৰা ভাষণ। অক্টোবৰ ২০০৪ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনৰ পৰা মন্তব্যসমূহ সন্মিলিত কৰক। এই স্কুলৰ পৰা কেনেকৈ লাভৱান হৈছে সেই বিষয়ে কʼবলৈ আগতীয়াকৈ এটা বা দুটা মন্তব্য দিবলৈ আয়োজন কৰক।

২৫ মি: “তেজ বিহীন চিকিৎসা​—⁠ঔষধে চিকিৎসা ক্ষেত্ৰৰ যি কোনো প্ৰত্যাহ্বান স্বীকাৰ কৰে নামৰ ভিডিঅʼখনৰ পৰা লাভৱান হোৱা।” ৩ পৃষ্ঠাত তেজ বিহীন চিকিৎসা নামৰ ভিডিঅʼখনৰ লেখটোত দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা। তাৰ পিছত শেষৰ অনুচ্ছেদটো পঢ়ক। পিছৰ সপ্তাহত, তেজৰ পৰা আঁতৰি থকাত সহায় কৰাৰ নতুন প্ৰবন্ধ নামৰ লেখটোৰ আধাৰিত হʼবলগীয়া আলোচনাত উপস্থিত থাকিবলৈ সকলোকে আগ্ৰহ কৰক।

গীত ৫০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৩৬

১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট। সকলো প্ৰচাৰকক ডিচেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। (যদি উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ জানুৱাৰী ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া তৃতীয়টো উপস্থাপন) বা জানুৱাৰী ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক।

২৫ মি: তেজৰ পৰা বিৰত থাকিবলৈ ঈশ্বৰৰ আজ্ঞা পালন কৰা। এজন প্ৰাচীনে শাখা কাৰ্য্যালয়ৰ পৰা পোৱা পৰিলেখৰ ওপৰত আধাৰিত কৰি এটা ভাষণ দিয়ে। উল্লেখ কৰক যে ডিপিএ (DPA) কাৰ্ডখন আজিয়েই ভৰ্ত্তি কৰা আৱশ্যক নাই। পৰিলেখটো পঢ়াৰ সময়ত বক্তাই চমুকৈ মন্তব্য দি মুখ্য বিষয়বোৰক গুৰুত্ব দি উল্লেখ কৰে। কিন্তু সেই মন্তব্যসমূহৰ বাবে কোনো অতিৰিক্ত উদাহৰণ বা শাস্ত্ৰীয় পদৰ ব্যৱহাৰ কৰা আৱশ্যক নাই। যদি সময়ে অনুমতি দিয়ে তেন্তে উল্লেখিত শাস্ত্ৰপদবোৰ পাঠ বা উদ্ধৃত কৰিব পাৰে। উপযুক্ত সময়ত “আমাক তেজৰ পৰা আঁতৰি থকাত সহায় কৰাৰ নতুন প্ৰবন্ধ” নামৰ বক্সটোত দিয়া বিবৃতিবোৰত মনোযোগ দিবলৈ কওক। মণ্ডলীৰ চেক্ৰেটাৰীয়ে বাপ্তিষ্মা লোৱা প্ৰকাশকসকলক “ডিপিএ কাৰ্ডখন ভৰ্ত্তি কৰা নিৰ্দ্দেশনাসমূহ” আৰু ডিপিএ কাৰ্ডখন দিয়া আৱশ্যক, যাতে তেওঁলোকে পিছৰ ভাগটো পৰিচালনা কৰাৰ সময়ত নিৰ্দ্দেশনাবোৰ চাব পাৰে। তদুপৰি চেক্ৰেটাৰীয়ে এইটোও নিশ্চিত কৰা আৱশ্যক যে তেওঁৰ ওচৰত যথেষ্ট মাত্ৰাত পৰিচয় পত্ৰ উপলব্ধ থাকে।

১০ মি: আপোনাৰ বিবেকৰ ভূমিকা। জুলাই ১, ২০০৪, প্ৰহৰীবুৰুজ, (w04-AE ৭/১) ১৭-১৮ পৃষ্ঠা, ১৬-১৯ অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি এজন প্ৰাচীনে ভাষণ ৰূপে এই ভাগটো পৰিচালনা কৰে। গুৰুত্ব দি উল্লেখ কৰক যে বিবেক সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত নিৰ্ণয় লোৱাটো এটা গম্ভীৰ বিষয়, কিয়নো ইয়াত যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধ সন্মিলিত আছে।

গীত ৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জানুৱাৰী ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২৭

১০ মি: স্থানীয় ঘোষণাসমূহ। জানুৱাৰী মাহত বিতৰণ কৰিবলগীয়া সাহিত্যসমূহৰ বিষয়ে উল্লেখ কৰক।

২০ মি: “প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা ভাগ ৪.” প্ৰথম অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি এক মিনিট বা তাতকৈ কম সময়ৰ ভিতৰত পৰিচয় দিয়ক। তাৰ পিছত ২-৩ অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি ৫ মিনিট সময়ত এজন বাইবেল অধ্যয়ন পৰিচালকে অভিনয় কৰি দেখুৱাই যে অধ্যয়নৰ বাবে তৈয়াৰ কৰিবলৈ কেনেকৈ বিদ্যাৰ্থীজনক সহায় কৰা হয়। ইয়াৰ বাবে জ্ঞান কিতাপ বা বিচাৰে ব্ৰচাৰখনৰ এটা অনুচ্ছেদ ব্যৱহাৰ কৰি প্ৰদৰ্শন কৰিব পাৰে। তাৰ পিছত ২-৫ অনুচ্ছেদটো প্ৰশ্ন উত্তৰৰ দ্বাৰা আলোচনা কৰি প্ৰদৰ্শনত উল্লেখ কৰা বিষয়বোৰক আলোকপাত কৰক।

১৫ মি: “সন্মিলনৰ কাৰ্য্যক্ৰমক পুনৰ নিৰীক্ষণ কৰাৰ নতুন ব্যৱস্থা।” এই ভাগটো ৪ পৃষ্ঠাত দিয়া লেখটোৰ ওপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা আৰু ভাষণৰ দ্বাৰা পৰিচালিত কৰক। যদি আগন্তুক চাৰ্কিট আৰু বিশেষ সন্মিলনৰ তাৰিখ জানে, তেন্তে মণ্ডলীক সেই তাৰিখবোৰ জনাওক। বাপ্তিষ্মা লʼবলৈ আগ্ৰহী হোৱাসকলে আগতীয়াকৈ সেই বিষয়ে মণ্ডলীৰ পৰিচালক অধ্যক্ষক জনোৱা উচিত।

গীত ২৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক