ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 মে’ পৃষ্ঠা ১৪-১৯
  • প্ৰেমৰ বাবে আমি প্ৰচাৰ কৰোঁ!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰেমৰ বাবে আমি প্ৰচাৰ কৰোঁ!
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আমি শুভবাৰ্তা ভাল পাওঁ
  • আমি লোকসকলক প্ৰেম কৰোঁ
  • আমি যিহোৱা আৰু তেওঁৰ নামক প্ৰেম কৰোঁ
  • অন্ত নহা লৈকে আমি প্ৰচাৰ কৰি থাকিম
  • যিহোৱাই ভৱিষ্যতে লোকসকলৰ কেনেকৈ ন্যায় কৰিব?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • প্ৰচাৰ কামত আৰু আনন্দ লাভ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যীচুৰ দৰে উৎসাহেৰে প্ৰচাৰ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 মে’ পৃষ্ঠা ১৪-১৯

অধ্যয়নৰ লেখ ২০

গীত ৬৭ “বাক্য ঘোষণা কৰা”

প্ৰেমৰ বাবে আমি প্ৰচাৰ কৰোঁ!

“প্ৰথমে সকলো ৰাষ্ট্ৰত শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব।”—মাৰ্ক ১৩:১০.

কি শিকিম?

প্ৰেম থাকিলে আমি উৎসাহেৰে আৰু মনে-প্ৰাণে প্ৰচাৰ কৰিম।

১. আমাক ২০২৩ চনৰ বাৰ্ষিক সভাত কি জনোৱা হৈছিল?

আমাৰ ২০২৩ চনৰ বাৰ্ষিক সভা বহুত ৰোমাঞ্চকৰ আছিল।a বাইবেলৰ কিছুমান বুজা-বুজিত সাল-সলনি হৈছে বুলি আমাক ইয়াত জনোৱা হৈছিল আৰু প্ৰচাৰৰ লগত জড়িত কিছুমান ৰোমাঞ্চকৰ ঘোষণা কৰা হৈছিল। যেনে, আগতে আমি শিকিছিলোঁ যে মহা-বাবিলৰ ধ্বংসৰ পাছতো লোকসকলে যিহোৱাৰ বিষয়ে জনাৰ আৰু তেওঁৰ লোকসকলক সহযোগ কৰাৰ সুযোগ পাব। লগতে আমি এয়াও জানিবলৈ পালোঁ যে ২০২৩ চনৰ নৱেম্বৰ মাহৰ পৰা প্ৰচাৰকসকলে প্ৰচাৰৰ ৰিপৰ্ট দিয়াৰ সময়ত সকলো কথা লিখাৰ প্ৰয়োজন নহʼব। এই সাল-সলনিৰ অৰ্থ এয়া নে যে প্ৰচাৰৰ গুৰুত্বতা কমি গৈছে? নহয়।

২. দিনক দিনে প্ৰচাৰ কাম কিয় ইমান গুৰুত্বপূৰ্ণ হৈ পৰিছে? (মাৰ্ক ১৩:১০)

২ সময় পাৰ হোৱাৰ লগে লগে প্ৰচাৰ কাম কিয় ইমান গুৰুত্বপূৰ্ণ হৈ পৰিছে? কিয়নো অন্ত একেবাৰে ওচৰ পালেহি। মাৰ্ক কিতাপত যীচুৱে কৈছিল যে শেষ কালত প্ৰচাৰ কাম কিমান গুৰুত্বপূৰ্ণ হʼব। (মাৰ্ক ১৩:১০ পঢ়ক।) এই বিষয়ে মথিয়ে লিখিছিল, “অন্ত” অহাৰ আগতে গোটেই জগততে ঘোষণা কৰিব লাগিব। (মথি ২৪:১৪) ইয়াত কিহৰ অন্তৰ বিষয়ে কোৱা হৈছে? চয়তাৰ দুষ্ট জগতৰ অন্তৰ বিষয়ে। যিহোৱাই আগতীয়াকৈ “সেই দিন আৰু সময়” নিৰ্ধাৰিত কৰিছে, যেতিয়া তেওঁ এই জগতৰ অন্ত কৰিব। (মথি ২৪:৩৬; ২৫:১৩; পাঁচ. ১:৭) দিনক দিনে আমি সেই অন্তৰ কাষ চাপি আহিছোঁ। (ৰোম. ১৩:১১) সেইবাবে, অন্ত নহালৈকে আমি প্ৰচাৰ কৰি থকাৰ অতি প্ৰয়োজন।

৩. আমি কিয় প্ৰচাৰ কৰোঁ?

৩ আমি প্ৰচাৰ কিয় কৰোঁ, এই বিষয়ে আমি সকলোৱে চিন্তা কৰা উচিত। আমি শুভবাৰ্তা, লোকসকলক আৰু আটাইতকৈ বেছি যিহোৱা আৰু তেওঁৰ নামক প্ৰেম কৰোঁ। সেইবাবে, আমি প্ৰচাৰ কৰোঁ। আহক আমি এইবোৰৰ বিষয়ে আলোচনা কৰোঁ।

আমি শুভবাৰ্তা ভাল পাওঁ

৪. ভাল খবৰ শুনিলে আমাৰ কেনেকুৱা লাগে?

৪ ক্ষন্তেকৰ বাবে চিন্তা কৰক, যেতিয়া আপুনি গম পালে যে আপোনাৰ পৰিয়ালত এটি সন্তানৰ জন্ম হৈছে বা আপুনি চাকৰি পালে, তেতিয়া আপোনাৰ কেনেকুৱা লাগিছিল, আপুনি নিশ্চয় বহুত আনন্দিত হৈছিল আৰু ইয়াৰ বিষয়ে নিজৰ সম্বন্ধীয় লোকসকলক আৰু বন্ধুসকলক জনাইছিল। এতিয়া চিন্তা কৰক, আপুনি এই জগতৰ আটাইতকৈ ভাল খবৰ শুনিলে অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে যেতিয়া আপুনি জানিব পাৰিলে, তেতিয়া আপোনাক কেনেকুৱা লাগিলে?

৫. যেতিয়া আপুনি প্ৰথমবাৰ সত্যতাৰ বিষয়ে জানিলে, তেতিয়া আপোনাৰ কেনেকুৱা লাগিছিল? (ছবিখনো চাওক।)

৫ যেতিয়া আপুনি ঈশ্বৰৰ বাক্য বাইবেলৰ পৰা সত্যতা জানিলে, তেতিয়া আপোনাক কেনেকুৱা লাগিলে? যেনে, যেতিয়া আপুনি জানিলে যে যিহোৱাই আপোনাক বহুত প্ৰেম কৰে আৰু তেওঁৰ পৰিয়ালৰ সদস্য হোৱাটো বিচাৰে, তেতিয়া আপোনাক কেনেকুৱা লাগিলে? লগতে যেতিয়া আপুনি জানিব পাৰিলে যে ঈশ্বৰে সকলো দুখ-কষ্ট নাইকিয়া কৰিব আৰু মৃত্যুত হেৰুৱা আপোনাৰ আপোন লোকসকলক নতুন পৃথিৱীত আকৌ জীয়াই তুলিব, তেতিয়া আপোনাক কেনেকুৱা লাগিলে? (মাৰ্ক ১০:২৯, ৩০; যোহ. ৫:২৮, ২৯; ৰোম. ৮:৩৮, ৩৯; প্ৰকা. ২১:৩, ৪) এইবোৰ জানি আপুনি নিশ্চয় আনন্দিত হৈছিল আৰু ইয়ে আপোনাৰ হৃদয় স্পৰ্শ কৰিলে আৰু এই কথাবোৰ আপুনি আনকো জনাইছিল।—লূক ২৪:৩২; যিৰিমিয়া ২০:৯ পদৰ লগত তুলনা কৰক।

এজন ভায়ে “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” কিতাপখনৰ পৰা এজন ব্যক্তিক অধ্যয়ন কৰাই আছে। ছবি: সেই ব্যক্তিজনে শিকা কথাবোৰ আনকো জনাই আছে। ১. নিজৰ লগত কাম কৰা এজন ব্যক্তিক। ২. পৰিয়ালৰ লোকসকলক। ৩. বন্ধুসকলক।

প্ৰথমবাৰ যেতিয়া আমি শুভবাৰ্তা শুনিলোঁ, তেতিয়া ইয়ে আমাৰ হৃদয় স্পৰ্শ কৰিলে আৰু আমি ইয়াৰ বিষয়ে সকলোকে জনাবলৈ ধৰিলোঁ (অনুচ্ছেদ ৫ চাওক)


৬. ভাই আৰ্নষ্ট আৰু ভনী ৰʼজৰ অনুভৱৰ পৰা আপুনি কি শিকিলে?

৬ ক্ষন্তেকৰ বাবে এটা উদাহৰণলৈ মন কৰক। যেতিয়া ভাই আৰ্নষ্টৰb বয়স দহ বছৰ আছিল, তেতিয়া তেওঁৰ দেউতাকৰ মৃত্যু হʼল। তেওঁ কৈছে, “তেতিয়া মই ভাবিছিলোঁ যে মোৰ দেউতা কʼত আছে। তেওঁ স্বৰ্গত আছে নে একেবাৰে শেষ হৈ গʼল? যেতিয়া মই আন লʼৰা-ছোৱালীক তেওঁলোকৰ দেউতাৰ লগত দেখিছিলোঁ, তেতিয়া মই ঈৰ্ষা কৰিছিলোঁ।” ভাই আৰ্নষ্টে প্ৰায়ে দেউতাকৰ কবৰৰ ওচৰলৈ গৈ আঁঠু কাঢ়ি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল যে “প্লিজ মোক জনাওক যে মোৰ দেউতা কʼত আছে।” ইয়াৰ প্ৰায় ১৭ বছৰৰ পাছত এজন ভায়ে তেওঁক বাইবেল অধ্যয়নৰ কাৰণে সুধিলে আৰু তেওঁ লগে লগে মান্তি হʼল। তেওঁ বাইবেলৰ অধ্যয়ন কৰি জানিব পাৰিলে যে মৃত্যু লোকসকল যেন টোপনিত আছে আৰু যিহোৱাই নতুন পৃথিৱীত তেওঁলোকক আকৌ জীয়াই তুলিব। এয়া জানি তেওঁ বহুত আনন্দিত হʼল। (উপ. ৯:৫, ১০; পাঁচ. ২৪:১৫) তেওঁ বহু বছৰৰ পৰা যি প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি আছিল, সেইবোৰৰ উত্তৰ বাইবেলৰ পৰা পাই বহুত আনন্দিত হৈছিল। তাৰ পাছত তেওঁৰ পত্নী ৰʼজেও বাইবেল অধ্যয়ন কৰিবলৈ ধৰিলে। তেওঁলোকে ১৯৭৮ চনত বাপ্তিষ্মা লʼলে। তেওঁলোকে যি কথাবোৰ শিকিছিল, সেইবোৰ তেওঁলোকক বহুত ভাল লাগিছিল। সেইবাবে তেওঁলোকে নিজৰ সম্বন্ধীয় লোকসকলক, বন্ধুসকলক আৰু সকলোকে ইয়াৰ বিষয়ে জনাইছিল। ভাই আৰ্নষ্ট আৰু তেওঁৰ পত্নী ৰʼজে ৭০-তকৈ বেছি লোকক বাইবেলৰ সত্যতা জনালে। তেওঁলোকে যিসকলক সত্যতা জনাইছিল পাছলৈ তেওঁলোকে বাপ্তিষ্মা লʼলে।

৭. বাইবেলৰ সত্যতাই আমাক প্ৰভাৱিত কৰিলে আমি কি কৰোঁ? (লূক ৬:৪৫)

৭ বাইবেলৰ সত্যতাই আমাৰ মনক প্ৰভাৱিত কৰিলে আমি মনে মনে থাকিব নোৱাৰোঁ, ইয়াৰ বিষয়ে সকলোকে জনাওঁ। (লূক ৬:৪৫ পঢ়ক।) আমি প্ৰথম শতিকাৰ শিষ্যসকলৰ দৰে অনুভৱ কৰোঁ, তেওঁলোকে কৈছিল, “আমি যিহকে দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ।” (পাঁচ. ৪:২০) আমি বাইবেলৰ সত্যতাক ইমানেই প্ৰেম কৰোঁ যে ইয়াৰ বিষয়ে আমি যিমান পাৰোঁ সিমান লোকক জনাব বিচাৰোঁ।

আমি লোকসকলক প্ৰেম কৰোঁ

৮. আমি লোকসকলক শুভবাৰ্তা জনাবলৈ কিয় ইমান পৰিশ্ৰম কৰোঁ? (“লোকসকলক প্ৰেম কৰক আৰু শিকাওক” নামৰ বক্স চাওক।) (ছবিখনো চাওক।)

৮ যিহোৱা আৰু যীচুৰ দৰে আমিও লোকসকলক বহুত প্ৰেম কৰোঁ। (হিতো. ৮:৩১; যোহ. ৩:১৬) যিসকল লোক ‘ঈশ্বৰহীন’ আৰু “আশাহীন” তেওঁলোকক দেখি আমাৰ দুখ লাগে। (ইফি. ২:১২) তেওঁলোকে বহুতো সমস্যাত ফঁচি আছে, কিন্তু আমাৰ ওচৰত এনে এডাল ৰছী আছে, যাৰ যোগদি আমি তেওঁলোকক বাহিৰলৈ উলিয়াব পাৰোঁ অৰ্থাৎ আমাৰ ওচৰত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা আছে। যাৰ যোগেদি তেওঁলোকে সেই সমস্যাৰ পৰা ওলাই আহিব পাৰে। আমি লোকসকলক প্ৰেম কৰোঁ আৰু তেওঁলোকৰ বিষয়ে চিন্তা কৰোঁ। সেইবাবে, আমি যিমান পাৰোঁ সিমান লোকক শুভবাৰ্তাৰ বিষয়ে জনাবলৈ পৰিশ্ৰম কৰোঁ। এই শুভবাৰ্তা তেওঁলোকৰ বাবে বহুত মূল্যৱান। কিয়নো ইয়াৰ যোগেদি তেওঁলোকে বৰ্তমান সময়ত ভালদৰে জীয়াই থাকিব পাৰে আৰু ভৱিষ্যতে নতুন পৃথিৱীত “প্ৰকৃত জীৱন” অৰ্থাৎ সদায় জীয়াই থকাৰ আশা পাব পাৰে।—১ তীম. ৬:১৯.

এজনী ভনীয়ে কফি শ্বপত এগৰাকী তিৰোতাক ট্ৰেক্ট দি প্ৰচাৰ কৰি আছে।

আমি লোকসকলক প্ৰেম কৰোঁ আৰু তেওঁলোকৰ বিষয়ে চিন্তা কৰোঁ। সেইবাবে, সকলো সময়তে প্ৰচাৰ কৰোঁ (অনুচ্ছেদ ৮ চাওক)


লোকসকলক প্ৰেম কৰক আৰু শিকাওক

আমি লোকসকলক কেনেকৈ প্ৰেম দেখুৱাব পাৰোঁ আৰু তেওঁলোকক ভালদৰে শিকাব পাৰোঁ, তাৰ বিষয়ে এই নতুন ব্ৰচাৰখনত ১২ টা উপায়ৰ বিষয়ে কোৱা হৈছে। আমি প্ৰচাৰলৈ যোৱাৰ আগতে প্ৰচাৰত কি কʼম আৰু কেনেকৈ কʼম, তাৰ বিষয়ে চিন্তা কৰি যোৱাৰ পৰিৱৰ্তে প্ৰতিটো পাঠ এনেদৰে তৈয়াৰ কৰা হৈছে যে আমি লোকসকলৰ প্ৰয়োজনীয়তা আৰু চিন্তাৰ বিষয়ে ভাবিব পাৰোঁ আৰু সেই অনুসৰি তেওঁলোকৰ লগত কথা পাতিব পাৰোঁ। সেইবাবে চিন্তা কৰক, ‘লোকসকলে কিহৰ বিষয়ে চিন্তা কৰি আছে? তেওঁলোকৰ প্ৰয়োজনীয়তা কি?’ এই ব্ৰচাৰৰ আৰম্ভণিত কোৱা হৈছে যে প্ৰেম শিকোৱাৰ আটাইতকৈ ভাল উপায় হয়। “এই প্ৰেমে আনক ভালদৰে শিকাবলৈ আৰু শিষ্য বনোৱাৰ লক্ষ্যত উপনীত হʼবলৈ সহায় কৰিব।”

৯. ভৱিষ্যতৰ বিষয়ে আমি লোকসকলক কি সৰ্তকবাণী জনাই আছোঁ আৰু কিয়? (যিহিষ্কেল ৩৩:৭, ৮)

৯ আমি লোকসকলক বহুত প্ৰেম কৰোঁ, সেইবাবে তেওঁলোকক জনাওঁ যে অতি সোনকালে এই দুষ্ট ব্যৱস্থাৰ একেবাৰে ধ্বংস কৰি দিয়া হʼব। (যিহিষ্কেল ৩৩:৭, ৮ পঢ়ক।) আমাক আমাৰ ওচৰ-চুবুৰীয়া আৰু সম্বন্ধীয় লোকসকলৰ বিষয়ে চিন্তা কৰি বহুত দুখ লাগে। কিয়নো তেওঁলোকে নিজৰ জীৱনতে ব্যস্ত হৈ আছে আৰু নাজানে যে ‘অতি সোনকালে এনে মহা-সংকট হʼব, যি জগতৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে কেতিয়াও হোৱা নাই আৰু নহʼবও।’ (মথি ২৪:২১) আমি তেওঁলোকক জনাব বিচাৰোঁ যে যেতিয়া যিহোৱাই ন্যায় কৰিব, তেতিয়া কি হʼব। তেওঁ মিছা ধৰ্মক একেবাৰে শেষ কৰিব আৰু হৰমাগিদোনৰ পাছত এই দুষ্ট ব্যৱস্থাক শেষ কৰি দিব। (প্ৰকা. ১৬:১৪, ১৬; ১৭:১৬, ১৭; ১৯:১১, ১৯, ২০) লোকসকলে আমাৰ সৰ্তকবাণীৰ ওপৰত ধ্যান দিয়া আৰু একেলগে মিলি যিহোৱাৰ উপাসনা কৰাটো আমি বিচাৰোঁ। কিন্তু যিসকল সম্বন্ধীয় লোকে বা আন লোকসকলে এই সৰ্তকবাণীৰ ওপৰত ধ্যান দিয়া নাই, তেওঁলোকৰ কি হʼব?

১০. ভৱিষ্যতে হʼবলগীয়া ঘটনাবোৰৰ বিষয়ে লোকসকলক সতৰ্কবাণী দিয়াটো কিয় বহুত গুৰুত্বপূৰ্ণ?

১০ আগৰ লেখত কোৱা হৈছিল যে মহা-বাবিলৰ ধ্বংস দেখি কিছুমান লোকে হয়তো যিহোৱাৰ ওপৰত বিশ্বাস কৰিব আৰু বিনাশৰ পৰা বাচি যাব। সেইবাবে, আহিবলগীয়া মহা-সংকটৰ বিষয়ে লোকসকলক সতৰ্কবাণী দিয়াটো আজি বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে। মনত ৰাখক, যদি আমি তেওঁলোকক আজি এই বিষয়ে জনাওঁ, তেনেহʼলে সেই সময়ত তেওঁলোকৰ এই বিষয়ে মনত পৰিব। (যিহিষ্কেল ৩৩:৩৩ পদৰ লগত তুলনা কৰক।) সেই সময়ত তেওঁলোকৰ মনত পৰিব যে সাক্ষীসকলে ভৱিষ্যতে কি কি হʼব, তাৰ বিষয়ে জনাইছিল আৰু অন্ত অহাৰ আগতে আমাৰ লগত মিলি যিহোৱাৰ উপাসনা কৰিব। মন কৰক, ফিলিপীৰ জেলৰ অধিকাৰীয়ে “বৰ ভূমিকম্প” দেখি যিহোৱাৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিলে। ঠিক সেইদৰে যেতিয়া আমি লোকসকলক শুভবাৰ্তা জনাওঁ, তেতিয়া তেওঁলোকে ধ্যান নিদিয়ে, কিন্তু এই পৃথিৱীৰ ডাঙৰ ডাঙৰ ঘটনা দেখি অৰ্থাৎ মহা-বাবিলৰ ধ্বংস দেখি হয়তো তেওঁলোকে যিহোৱাৰ ওপৰত বিশ্বাস কৰিব।—পাঁচ. ১৬:২৫-৩৪.

আমি যিহোৱা আৰু তেওঁৰ নামক প্ৰেম কৰোঁ

১১. আমি কেনেকৈ যিহোৱাক ‘আদৰ, মহিমা আৰু পৰাক্ৰম’ বা শক্তি দিওঁ? (প্ৰকাশিত বাক্য ৪:১১) (ছবিখনো চাওক।)

১১ শুভবাৰ্তা প্ৰচাৰ কৰাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে আমি যিহোৱা আৰু তেওঁৰ নামক বহুত প্ৰেম কৰোঁ, লগতে আমি তেওঁৰ প্ৰশংসা কৰিব বিচাৰোঁ। (প্ৰকাশিত বাক্য ৪:১১ পঢ়ক।) আমি বিশ্বাস কৰোঁ যে যিহোৱাই নিজৰ সেৱকসকলৰ পৰা প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য। যিহোৱাই আমাক আৰু সকলো বস্তুক সৃষ্টি কৰিছে বুলি যেতিয়া আমি লোকসকলক প্ৰমাণ দিওঁ, তেতিয়া আমি যিহোৱাক ‘আদৰ’ আৰু “প্ৰশংসা” কৰোঁ। যেতিয়া আমি নিজৰ সময়, শক্তি আৰু পইচা প্ৰচাৰত লগাওঁ আৰু যিমান পাৰোঁ সিমান প্ৰচাৰ কৰোঁ, তেতিয়া আমি নিজৰ পৰাক্ৰম বা শক্তি যিহোৱাক দিওঁ। (মথি ৬:৩৩, লূক ১৩:২৪; কল. ৩:২৪) আমি ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ বিষয়ে আনক জনাই আমাৰ বহুত ভাল লাগে। আমি লোকসকলক এয়াও জনাওঁ যে ঈশ্বৰৰ নাম কি? তেওঁ কেনেধৰণৰ ঈশ্বৰ হয়?

ছবি: আমি বহুতো উপায়েৰে লোকসকলক প্ৰচাৰ কৰিব পাৰোঁ। ১. আফ্ৰিকাত এহাল দম্পতীয়ে এগৰাকী তিৰোতা আৰু তাইৰ লʼৰা-ছোৱালীৰ লগত তেওঁলোকৰ ঘৰৰ বাহিৰত কথা পাতি আছে। ২. এগৰাকী ভনীয়ে বাছ ষ্টপত বাছৰ কাৰণে ৰৈ আছে আৰু এগৰাকী তিৰোতাৰ লগত কথা পাতি আছে। ৩. এজন ভায়ে ছুটীত ফুৰিবলৈ সাগৰৰ পাৰত গৈছে আৰু ওচৰতে বহি থকা এজন ব্যক্তিৰ লগত কথা পাতি আছে।

যেতিয়া আমি নিজৰ সময়, শক্তি আৰু পইচা প্ৰচাৰ কামত ব্যৱহাৰ কৰোঁ আৰু যিমান পাৰোঁ সিমান প্ৰচাৰ কৰোঁ, তেতিয়া আমি নিজৰ শক্তি যিহোৱাক দিয়াৰ দৰে হয় (অনুচ্ছেদ ১১ চাওক)


১২. প্ৰচাৰ কৰাৰ যোগেদি আমি কেনেকৈ যিহোৱাৰ নাম পবিত্ৰ কৰোঁ?

১২ আমি যিহোৱাক প্ৰেম কৰাৰ বাবে তেওঁৰ নামক পবিত্ৰ কৰিব বিচাৰোঁ। (মথি ৬:৯) চয়তানে যিহোৱাৰ বিষয়ে মিছা কথা কৈছে আৰু তেওঁৰ নামৰ ওপৰত কলংক লগাইছে। সেইবাবে, আমি সেই কলংক নাইকিয়া কৰিব বিচাৰোঁ। (আদি. ৩:১-৫; ইয়ো. ২:৪; যোহ. ৮:৪৪) আমি সকলোকে জনাব বিচাৰোঁ যে তেওঁ কেনেধৰণৰ ঈশ্বৰ হয়, লগতে এয়াও যে তেওঁ এজন প্ৰেমী ঈশ্বৰ হয় আৰু তেওঁৰ শাসন কৰাৰ পদ্ধতিয়ে আটাইতকৈ উত্তম আৰু সঠিক। আমি লোকসকলক এয়াও জনাব বিচাৰোঁ যে অতি সোনকালে ঈশ্বৰে এই পৃথিৱীৰ সকলো দুখ-কষ্ট নাইকিয়া কৰি দিব আৰু চাৰিওফালে শান্তি আৰু সুৰক্ষা হʼব। (গীত. ৩৭:১০, ১১, ২৯; ১ যোহ. ৪:৮) এই কথাবোৰ জনোৱাৰ যোগেদি আমি যিহোৱাৰ পক্ষ লওঁ আৰু তেওঁৰ নামৰ মহিলা কৰোঁ। আমি আনন্দিত যে যিহোৱাই আমাক যি নাম দিছে, সেই অনুসৰি আমি কাম কৰিছোঁ। কেনেকৈ বাৰু?

১৩. যিহোৱাৰ সাক্ষী হিচাপে পৰিচিত হোৱাৰ বাবে আমি কিয় গৌৰৱ অনুভৱ কৰোঁ? (যিচয়া ৪৩:১০-১২)

১৩ যিহোৱাই আমাক নিজৰ “সাক্ষী” বুলি কৈছে। (যিচয়া ৪৩:১০-১২ পঢ়ক।) কিছু বছৰৰ আগতে প্ৰশাসন গোষ্ঠীয়ে এখন চিঠিত লিখিছিল যে “যিহোৱাৰ সাক্ষী নামেৰে পৰিচিত হোৱাটো আমাৰ বাবে কিমান সন্মানৰ কথা।”c ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক, আপোনাৰ ওপৰত এটা মিছা অভিযোগ লগোৱা হৈছে আৰু আপোনাক বদনাম কৰা হৈছে। আপোনাৰ ওপৰত মোকদ্দমা চলি আছে। এনে পৰিস্থিতিত আপুনি কাক সাক্ষী হিচাপে বাছনি কৰিব? আপুনি নিশ্চয় এনে এজন ব্যক্তিক বাছনি কৰিব, যাক আপুনি ভালদৰে চিনি পাই আৰু তেওঁৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰিব পাৰে। লগতে আপুনি এয়াও চাব যে তেওঁৰ ভাল নাম আছে, যাতে সকলোৱে তেওঁৰ কথাৰ ওপৰত বিশ্বাস কৰিব পাৰে। এতিয়া চিন্তা কৰক, যিহোৱাই আমাক নিজৰ সাক্ষী হিচাপে বাছনি কৰিছে। গতিকে তেওঁ আমাক ভালদৰে চিনি পাই আৰু আমাৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰে। লগতে তেওঁ এজন সত্য ঈশ্বৰ হয় বুলি আমি সকলোৰে আগত সাক্ষী দিওঁ বুলি সম্পূৰ্ণ বিশ্বাস আছে। এয়া কিমান সন্মানৰ কথা নহয় নে বাৰু! সেইবাবে, আমি সকলো সময়তে প্ৰচাৰ কৰোঁ আৰু তেওঁৰ নামৰ বিষয়ে যি মিছা কথা কোৱা হৈছে, সেয়া ভুল হয় বুলি প্ৰমাণ কৰোঁ। এইদৰে আমাক যি নাম দিয়া হৈছে, তাৰ অনুসৰি আমি কাম কৰোঁ। সঁচাকৈ যিহোৱাৰ সাক্ষী নামেৰে পৰিচিত হোৱাটো আমাৰ বাবে কিমান গৌৰৱৰ কথা!—গীত. ৮৩:১৮; ৰোম. ১০:১৩-১৫.

অন্ত নহা লৈকে আমি প্ৰচাৰ কৰি থাকিম

১৪. আমি কি চাবলৈ আগ্ৰহেৰে বাট চাই আছোঁ?

১৪ ভৱিষ্যতে কি হʼব, তাৰ বিষয়ে জানিবলৈ আমি সকলোৱে আগ্ৰহী। আমি আশা কৰোঁ যে মহা-সংকটৰ আগতে বহুতো লোকে সত্য গ্ৰহণ কৰিব। মানৱ ইতিসাহৰ আটাইতকৈ কঠিন সময়ত অৰ্থাৎ মহা-সংকটৰ সময়ত বহুতো লোকে চয়তানৰ জগতক এৰি যিহোৱাৰ মহিমা কৰিব, এয়া জানি আমি সঁচাকৈ বহুত আনন্দিত হওঁ।—পাঁচ. ১৩:৪৮.

১৫-১৬. আমি কি কাম কৰি থাকিম আৰু কেতিয়ালৈকে?

১৫ মহা-সংকট আৰম্ভ হোৱাৰ আগতে আমাৰ ওচৰত বহুতো কাম আছে। আমি গোটেই পৃথিৱীৰ লোকসকলক ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব। এই কাম আৰু কেতিয়াও নহʼব, তাৰ পাছত আমি লোকসকলক সৰ্তকবাণীও দিব লাগিব। আমি তেওঁলোকক জনাব লাগিব যে অতি সোনকালে এই জগতৰ দুষ্ট ব্যৱস্থাক ধ্বংস কৰা হʼব। মহা-সংকটৰ সময়ছোৱাত যেতিয়া ন্যায়ৰ সময় আহিব, তেতিয়া তেওঁলোকে বুজি পাব যে আমি তেওঁলোকক যি বাৰ্তা শুনাইছিলোঁ, সেয়া যিহোৱাৰ ফালৰ পৰা আছিল।—যিহি. ৩৮:২৩.

১৬ এই সকলো কথা জনাৰ পাছত আমি কি কৰিম? আমি আনন্দ আৰু উৎসাহেৰে প্ৰচাৰ কৰিম। কিয়নো আমি শুভবাৰ্তা, লোকসকলক, যিহোৱা আৰু তেওঁৰ নামক প্ৰেম কৰোঁ। গতিকে, যেতিয়ালৈকে যিহোৱাই নকয় যে “প্ৰচাৰ কাম সম্পূৰ্ণ হʼল,” তেতিয়া লৈকে আমি প্ৰচাৰ কৰি থাকিম।

তলত উল্লেখ কৰা কথাবোৰে প্ৰচাৰ কৰিবলৈ আমাক কেনেকৈ উৎসাহিত কৰে?

  • শুভবাৰ্তাৰ প্ৰতি প্ৰেম

  • লোকসকলৰ প্ৰতি প্ৰেম

  • যিহোৱা আৰু তেওঁৰ নামৰ প্ৰতি প্ৰেম

গীত ৫৪ “এয়ে পথ”

a আমাৰ বাৰ্ষিক সভা অক্টোবৰ ৭, ২০২৩ চনত আমেৰিকাৰ নিউ ইয়ৰ্ক চহৰৰ নিউবৰ্গ সন্মিলন ভৱনত ৰখা হৈছিল। ইয়াৰ সম্পূৰ্ণ কাৰ্য্যক্ৰম পাছত JW ব্ৰডকাষ্টিঙত দেখুৱা হৈছিল। ইয়াৰ ভাগ ১ নৱেম্বৰ ২০২৩-ত আহিছিল আৰু ভাগ ২ জানুৱাৰী ২০২৪-ত।

b এই ভাইৰ জীৱন কাহিনী পঢ়িবলৈ jw.org ৱেবছাইটলৈ যাওক আৰু চাৰ্চ বক্সত “বাইবেলত মোৰ সকলো প্ৰশ্নৰ উত্তৰ পালোঁ” (হিন্দী) টাইপ কৰক।

c মাৰ্চ ২০০৭ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা (হিন্দী) পৃষ্ঠা ৩ পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক