ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 এপ্ৰিল পৃষ্ঠা ২-৭
  • ‘কাক আৰাধনা কৰিবা, তাক আজি মনোনীত কৰা’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘কাক আৰাধনা কৰিবা, তাক আজি মনোনীত কৰা’
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যীচুৱে যিহোৱাৰ সেৱা কৰিবলৈ কিয় নিৰ্ণয় লৈছিল?
  • যিহোৱা আমাৰ উপাসনা পোৱাৰ কিয় যোগ্য?
  • আমি যিহোৱাৰ সেৱা কৰিবলৈ কিয় নিৰ্ণয় লৈছোঁ?
  • যিহোৱাৰ সেৱা কৰি থাকক
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মনত ৰাখক ‘যিহোৱা জীৱন্ত ঈশ্বৰ’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • যিহোৱাই “ভগ্ন-চিত্তীয়াবিলাকক সুস্থ কৰে”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 এপ্ৰিল পৃষ্ঠা ২-৭

অধ্যয়নৰ লেখ ১৪

গীত নং ৮ যিহোৱা আমাৰ দুৰ্গ

‘কাক আৰাধনা কৰিবা, তাক আজি মনোনীত কৰা’

“মই আৰু মোৰ পৰিয়ালে হলে যিহোৱাৰ আৰাধনা কৰিম।”—যিহো. ২৪:১৫.

কি শিকিম?

আমি কি কি কাৰণৰ বাবে যিহোৱাৰ উপাসনা কৰিবলৈ নিৰ্ণয় লৈছিলোঁ, তাৰ ওপৰত মন কৰিম।

১. যদি আমি প্ৰকৃততে আনন্দিত থাকিব বিচাৰোঁ, তেনেহʼলে আমি কি কৰা উচিত আৰু কিয়? (যিচয়া ৪৮:১৭, ১৮)

স্বৰ্গত থকা আমাৰ পিতৃয়ে আমাক বহুত প্ৰেম কৰে। সেইবাবে, বৰ্তমান সময়ৰ লগতে ভৱিষ্যতেও আনন্দিত থকাটো তেওঁ বিচাৰে। (উপ. ৩:১২, ১৩) তেওঁ আমাক বহুতো দক্ষতা দিছে, কিন্তু আমি এজনে-আনজনৰ ওপৰত শাসন কৰিবলৈ বা নিজৰ বাবে কি ভাল আৰু কি বেয়া, তাক নিজেই নিৰ্ণয় লʼবলৈ তেওঁ আমাক সৃষ্টি কৰা নাই। (উপ. ৮:৯; যিৰি. ১০:২৩) যিহোৱাই জানে যে যদি আমি তেওঁৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰোঁ আৰু তেওঁৰ সেৱা কৰোঁ, তেতিয়াহে আমি প্ৰকৃততে আনন্দ লাভ কৰিম।—যিচয়া ৪৮:১৭, ১৮ পঢ়ক।

২. চয়তানে কি দাবী কৰিছিল আৰু যিহোৱাই তাক মিছা বুলি প্ৰমাণ কৰিবলৈ কি কৰিলে?

২ আমি যিহোৱাৰ অবিহনে আনন্দত থাকিব পাৰোঁ আৰু মানুহে এজনে-আনজনৰ ওপৰত ভালদৰে শাসন কৰিব পাৰে বুলি চয়তানে দাবী কৰিছিল। (আদি. ৩:৪, ৫) কিন্তু চয়তানৰ এই দাবী মিছা প্ৰমাণ কৰিবলৈ কিছু সময়ৰ বাবে যিহোৱাই লোকসকলক শাসন কৰিবলৈ অধিকাৰ দিছে। ইয়াৰ কিমান বেয়া পৰিণাম হৈছে, সেয়া আজি আমি নিজ চকুৰে দেখিবলৈ পাইছোঁ। কিন্তু বাইবেলত এনে কিছুমান পুৰুষ আৰু তিৰোতাৰ উদাহৰণ দিয়া আছে, যিসকলে যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লৈছিল আৰু তেওঁলোকে আনন্দিত আছিল। তেওঁলোকৰ মাজত যীচু হৈছে আটাইতকৈ উত্তম উদাহৰণ। এতিয়া আহক আমি চাওঁ যে যীচুৱে যিহোৱাৰ সেৱা কৰিবলৈ কিয় নিৰ্ণয় লৈছিল। আমি এয়াও চাম যে যিহোৱাই কিয় আমাৰ উপাসনা পোৱাৰ যোগ্য। অৱশেষত চাম যে আমি যিহোৱাৰ সেৱা কৰিবলৈ কিয় নিৰ্ণয় লৈছোঁ।

যীচুৱে যিহোৱাৰ সেৱা কৰিবলৈ কিয় নিৰ্ণয় লৈছিল?

৩. চয়তানে যীচুক কি কʼলে, কিন্তু যীচুৱে কি কৰিবলৈ নিৰ্ণয় লʼলে?

৩ যীচুৱে পৃথিৱীত থকাৰ সময়ত নিৰ্ণয় লʼবলগীয়া আছিল যে তেওঁ কাৰ সেৱা কৰিব। যেনে, তেওঁৰ বাপ্তিষ্মাৰ কিছু সময়ৰ পাছত চয়তানে তেওঁক জগতৰ সকলো ৰাজ্য দেখুৱালে আৰু কʼলে যে যদি যীচুৱে এবাৰ তাৰ উপাসনা কৰে, তেনেহʼলে এই সকলো তেওঁক দিব। তেতিয়া যীচুৱে তাক কʼলে, “গুচি যা চয়তান! কিয়নো শাস্ত্ৰত লিখা আছে, ‘তুমি কেৱল নিজৰ ঈশ্বৰ যিহোৱাৰ উপাসনা কৰা আৰু তেওঁৰেই পবিত্ৰ সেৱা কৰা।’” (মথি ৪:৮-১০) যীচুৱে যিহোৱাৰ উপাসনা কৰিবলৈ কিয় নিৰ্ণয় লৈছিল? আহক তাৰ কিছুমান কাৰণৰ ওপৰত মন কৰোঁ।

৪-৫. যীচুৱে কি কি কাৰণৰ বাবে যিহোৱাৰ উপাসনা কৰাৰ নিৰ্ণয় লʼলে?

৪ যিহোৱাৰ সেৱা কৰাৰ প্ৰথম আৰু আটাইতকৈ ডাঙৰ কাৰণ আছিল, যীচুৱে যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু তেওঁৰ প্ৰতি কোমল স্নেহ ৰাখিছিল। (যোহ. ১৪:৩১) ইয়াৰ উপৰিও, কেৱল যিহোৱাইহে মহিমা পোৱাৰ যোগ্য, সেইবাবে যীচুৱে তেওঁৰ উপাসনা কৰিছিল। (যোহ. ৮:২৮, ২৯; প্ৰকা. ৪:১১) যিহোৱাই আমাক জীৱন দিছে আৰু তেওঁ বিশ্বাসযোগ্য আৰু দয়ালু ঈশ্বৰ হয়। (গীত. ৩৩:৪; ৩৬:৯; যাকো. ১:১৭) ইয়াৰ উপৰিও যিহোৱাই যীচুক সদায় সঁচা কথা কৈছিল। যীচুৱে জানিছিল যে তেওঁৰ ওচৰত যি আছে, সেই সকলো যিহোৱাই তেওঁক দিছে। (যোহ. ১:১৪) যীচুৱে চয়তানৰ বিষয়েও ভালদৰে জানিছিল। তেওঁ জানিছিল যে চয়তানৰ বাবেই মৃত্যু আহিছে। তেওঁ এয়াও জানিছিল যে চয়তান মিছলীয়া আৰু লুভীয়া হয় আৰু কেৱল নিজৰ বিষয়ে চিন্তা কৰে। (যোহ. ৮:৪৪) সেইবাবে, তেওঁ কেতিয়াও চয়তানৰ দৰে হʼব বিচৰা নাছিল আৰু যিহোৱাৰ বিৰোধে যাব বিচৰা নাছিল।—ফিলি. ২:৫-৮.

৫ যীচুৱে আৰু এটা কাৰণৰ বাবে যিহোৱাৰ উপাসনা কৰাৰ নিৰ্ণয় লৈছিল। তেওঁ জানিছিল যে যদি তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকে, তেনেহʼলে ইয়াৰ কিমান ভাল পৰিণাম হʼব। (ইব্ৰী ১২:২) তেওঁ নিজৰ পিতৃৰ নাম পবিত্ৰ কৰিব পাৰিব আৰু চয়তানৰ বাবে যি পাপ আৰু মৃত্যু আহিছে, তাৰ পৰা আমাক মুকলি কৰিব পাৰিব।

যিহোৱা আমাৰ উপাসনা পোৱাৰ কিয় যোগ্য?

৬-৭. (ক) আজি বহুতো লোকে কিয় যিহোৱাৰ উপাসনা নকৰে? (খ) যিহোৱা কিয় আমাৰ উপাসনা পোৱাৰ যোগ্য?

৬ আজি বহুতো লোকে যিহোৱাৰ উপাসনা নকৰে, কাৰণ তেওঁলোকে যিহোৱাৰ বিষয়ে নাজানে। তেওঁলোকে নাজানে যে যিহোৱাৰ কি কি গুণ আছে। তেওঁলোকে এয়াও নাজানে যে যিহোৱাই তেওঁলোকৰ বাবে কি কি কৰিছে। তেওঁলোক আথীনীৰ লোকসকলৰ দৰে হয়, যিসকলক পৌলে প্ৰচাৰ কৰিছিল।—পাঁচ. ১৭:১৯, ২০, ৩০, ৩৪.

৭ পৌলে আথীনীৰ লোকসকলক কʼলে যে সত্য ঈশ্বৰে ‘সকলোকে জীৱন, উশাহ আৰু সকলো বস্তু দিয়ে। তেওঁৰ কাৰণে আমি জীৱন পাইছোঁ আৰু আমি চলা-ফুৰা কৰিছোঁ আৰু অস্তিত্বত আছোঁ।’ তেওঁ কʼলে যে ঈশ্বৰ আমাৰ সৃষ্টিকৰ্তা হয়, “তেওঁ এজন মানুহৰ পৰাই গোটেই ৰাষ্ট্ৰ বনালে।” সেইবাবে, কেৱল তেৱেঁই উপাসনা পোৱাৰ যোগ্য।—পাঁচ. ১৭:২৫, ২৬, ২৮.

৮. যিহোৱাই কি নকৰে? বুজাওক।

৮ যিহোৱা আমাৰ সৃষ্টিকৰ্তা আৰু তেওঁ গোটেই বিশ্বৰ মালিক হয়। তেওঁ বিচৰা হʼলে লোকসকলক জোৰ-জবৰদস্তি নিজৰ উপাসনা কৰাব পাৰিলে হয়, কিন্তু তেওঁ এইদৰে নকৰে আৰু কেতিয়াও নকৰিব। ইয়াৰ পৰিৱৰ্তে আমি হৃদয়েৰে তেওঁৰ সেৱা কৰাটো তেওঁ বিচাৰে। ইয়াৰ বাবে তেওঁ কি কৰিলে? তেওঁ যে সঁচাকৈ অস্থিত্বত আছে আৰু তেওঁ যে লোকসকলক প্ৰেম কৰে, তাৰ তেওঁ বহুতো প্ৰমাণ দিছে। বেছিভাগ লোকে তেওঁৰ বন্ধু হোৱা আৰু তেওঁৰ উপাসনা কৰাটো তেওঁ বিচাৰে। (১ তীম. ২:৩, ৪) সেইবাবে, যিহোৱাই আমাক ট্ৰেইনিং দিয়ে, যাতে আমি লোকসকলক প্ৰচাৰ কৰিব পাৰোঁ আৰু তেওঁ আগলৈ কি কি কৰিব, তাৰ বিষয়ে আমি তেওঁলোকক জনাব পাৰোঁ। (মথি ১০:১১-১৩; ২৮:১৯, ২০) যিহোৱাই মণ্ডলীৰো ব্যৱস্থা কৰিছে যাতে আমি একেলগে মিলি তেওঁৰ উপাসনা কৰোঁ। লগতে, তেওঁ প্ৰাচীনসকলক নিযুক্ত কৰিছে, যিসকলে মৰমেৰে আমাৰ যত্ন লয়।—পাঁচ. ২০:২৮.

৯. যিহোৱাই সকলোকে প্ৰেম কৰে বুলি আমি কিয় কʼব পাৰোঁ?

৯ কোনো ঈশ্বৰ নাই বুলি বিশ্বাস কৰা লোকসকলকো যিহোৱাই প্ৰেম কৰে। চিন্তা কৰক, আৰম্ভণিৰে পৰা এনে লাখ লাখ লোক আছে, যিসকলে নিজৰ অনুসৰি জীৱন-যাপন কৰে আৰু তেওঁলোকৰ বাবে কি ভাল আৰু কি বেয়া, সেয়া নিজেই নিৰ্ণয় লয়। তথাপিও যিহোৱাই তেওঁলোকক জীয়াই ৰাখিছে আৰু তেওঁলোকক আনন্দত থাকিবলৈ যি যি প্ৰয়োজন সেই সকলো দিছে। (মথি ৫:৪৪, ৪৫; পাঁচ. ১৪:১৬, ১৭) যিহোৱাৰ সহায়তে তেওঁলোকে বন্ধু বনাব পাৰে, বিয়া পাতি সন্তান জন্ম দিব পাৰে আৰু নিজৰ কামৰ পৰা আনন্দ পাব পাৰে। (গীত. ১২৭:৩; উপ. ২:২৪) এইবোৰৰ পৰা জানিব পাৰি যে যিহোৱাই সকলো মানুহক বহুত প্ৰেম কৰে। (যাত্ৰা. ৩৪:৬) এতিয়া আহক আমি চাওঁ যে আমি কি কি কাৰণৰ বাবে যিহোৱাৰ উপাসনা কৰিবলৈ নিৰ্ণয় লʼলোঁ আৰু তেওঁ আমাক কি কি আশীৰ্বাদ দিয়ে।

আমি যিহোৱাৰ সেৱা কৰিবলৈ কিয় নিৰ্ণয় লৈছোঁ?

১০. (ক) আমি যিহোৱাৰ উপাসনা কিয় কৰোঁ? (মথি ২২:৩৭) (খ) যিহোৱাই আপোনাৰ লগত কেনেকৈ ধৈৰ্য্য ধৰিছে? (গীতমালা ১০৩:১৩, ১৪)

১০ যীচুৰ দৰে আমিও যিহোৱাক বহুত প্ৰেম কৰোঁ আৰু তেওঁৰ প্ৰতি কোমল স্নেহ ৰাখোঁ। সেইবাবে, আমি যিহোৱাৰ উপাসনা কৰোঁ। (মথি ২২:৩৭ পঢ়ক।) আমি শিকিলোঁ যে যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয় আৰু তেওঁৰ বহুতো গুণ আছে, সেইবাবে আমি তেওঁৰ ফালে আকৰ্ষিত হওঁ। যেনে, যিহোৱাই লোকসকলৰ লগত ধৈৰ্য ধৰে। যেতিয়া ইস্ৰায়েলীসকলে বাৰে বাৰে তেওঁৰ আজ্ঞা নামানিলে, তেতিয়া যিহোৱাই তেওঁলোকক এইদৰে অনুৰোধ কৰিলে, “তোমালোকে প্ৰতিজনে নিজ নিজ কুপথৰ পৰা ওলটা।” (যিৰি. ১৮:১১) যিহোৱাই তেওঁলোকৰ লগত ধৈৰ্য ধৰিলে। তেওঁ মনত ৰাখে যে আমি ধুলি মাথোন আৰু আমাৰ পৰা বহুবাৰ ভুল হয়। (গীতমালা ১০৩:১৩, ১৪ পঢ়ক।) যেতিয়া আপুনি যিহোৱাৰ ধৈৰ্য্য আৰু আন গুণবোৰৰ বিষয়ে চিন্তা কৰে, তেতিয়া সদায় যিহোৱাৰ উপাসনা কৰিবলৈ আপোনাৰ মন নাযায় নে?

১১. আমি আৰু কি কি কাৰণৰ বাবে যিহোৱাৰ উপাসনা কৰাৰ নিৰ্ণয় লৈছোঁ?

১১ আমি জানোঁ যে কেৱল যিহোৱাইহে উপাসনা পোৱাৰ যোগ্য, সেইবাবে আমি তেওঁৰ উপাসনা কৰোঁ। (মথি ৪:১০) আমি এয়াও জানোঁ যে যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে ইয়াৰ কিমান ভাল পৰিণাম হʼব। যেনে, আমি তেওঁৰ নাম পবিত্ৰ কৰিব পাৰিম, চয়তানক মিছলীয়া বুলি প্ৰমাণ কৰিব পাৰিম আৰু নিজৰ পিতৃক আনন্দিত কৰিব পাৰিম। ইয়াৰ উপৰিও, আজি যদি আমি যিহোৱাৰ উপাসনা কৰি থকাৰ নিৰ্ণয় লওঁ, তেনেহʼলে আমি সদায় তেওঁৰ উপাসনা কৰি থাকিব পাৰিম।—যোহ. ১৭:৩.

১২-১৩. জেন আৰু এনৰ অনুভৱৰ পৰা আমি কি শিকিব পাৰোঁ?

১২ সৰুৰে পৰা আমি যিহোৱাক প্ৰেম কৰিবলৈ শিকিব পাৰোঁ আৰু ডাঙৰ হোৱাৰ লগে লগে তেওঁৰ প্ৰতি থকা আমাৰ প্ৰেম আৰু বঢ়াব পাৰোঁ। জেন আৰু এন নামৰ দুজনী বাই-ভনীৰ অনুভৱলৈ মন কৰক।a যেতিয়া জেন ১১ বছৰ আৰু এন ১০ বছৰৰ আছিল, তেতিয়া তেওঁলোকে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু তেওঁলোকৰ মা-দেউতাই সাক্ষীসকলৰ লগত অধ্যয়ন কৰিব বিচৰা নাছিল। তথাপিও তেওঁলোকে জেন আৰু এনক অধ্যয়ন কৰিবলৈ অনুমতি দিলে। কিন্তু জেন আৰু এনে প্ৰতি সপ্তাহে গীৰ্জালৈ যাব লাগিব বুলি তেওঁলোকে চৰ্তও ৰাখিছিল। জেনে এইদৰে কৈছে, “সাক্ষীসকলৰ লগত অধ্যয়ন কৰাৰ বাবে মই বহুত সহায় পালোঁ। যেতিয়া স্কুলৰ লʼৰা-ছোৱালীয়ে মোক ড্ৰাগছ লʼবলৈ আৰু অনৈতিক কাম কৰিবলৈ হেঁচা দিছিল, তেতিয়া মই তেওঁলোকক স্পষ্টকৈ মানা কৰিব পাৰিলোঁ।”

১৩ যেতিয়া তেওঁলোকে অলপ ডাঙৰ হʼল, তেতিয়া তেওঁলোকে প্ৰচাৰক হʼল। ইয়াৰ কিছু সময়ৰ পাছত তেওঁলোকে অগ্ৰগামী সেৱা কৰিবলৈ ধৰিলে। যেতিয়া তেওঁলোকৰ পিতৃ-মাতৃ বৃদ্ধ হʼল, তেতিয়া তেওঁলোকৰ চোৱা-চিতাও কৰিবলৈ ধৰিলে। যিহোৱাই তেওঁলোকৰ বাবে যি কৰিলে তাৰ বিষয়ে জেনে এইদৰে কৈছে, “যিহোৱাই নিজৰ বন্ধুসকলৰ কেনেকৈ যত্ন লয়, সেয়া মই নিজে অনুভৱ কৰিব পাৰিলোঁ। যিদৰে ২ তীমথিয় ২:১৯ পদত লিখা আছে, ‘যিহোৱাই জানে যে কোন লোকসকল তেওঁৰ নিজৰ হয়।’” সঁচাকৈ, যিসকল লোকে যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ উপাসনা কৰাৰ নিৰ্ণয় লয়, যিহোৱাই তেওঁলোৰ সদায় যত্ন লয়।

১৪. আমি নিজৰ কথা আৰু কামেৰে যিহোৱাৰ নামত লগা কলংক কেনেকৈ মচিব পাৰোঁ? (ছবিখনো চাওক।)

১৪ যিহোৱাৰ নামত যি কলংক লাগিছে সেয়া আমি মচিব বিচাৰোঁ। সেইবাবে আমি লোকসকলক তেওঁৰ বিষয়ে সত্যতা জনাওঁ। ধৰি লওক, আপোনাৰ এজন বহুত ভাল বন্ধু আছে। যিজনে সকলোৰে লগত প্ৰেমেৰে ব্যৱহাৰ কৰে, সকলোকে সহায় কৰে আৰু কিবা হʼলে সোনকালে ক্ষমা কৰি দিয়ে। কিন্তু এদিনাখন আপুনি গʼম পাই যে কোনোবাই তেওঁৰ ওপৰত মিছা অভিযোগ লগাইছে আৰু কৈছে যে তেওঁ এজন বহুত বেয়া ব্যক্তি হয় আৰু বিশ্বাসঘাত কৰে। তেতিয়া আপুনি কি কৰিব? আপুনি নিশ্চয় তেওঁ এনেধৰণৰ ব্যক্তি নহয় বুলি আনক জনাব। ঠিক সেইদৰে চয়তান আৰু তাক সহযোগ কৰা সকলে যিহোৱাৰ বিষয়ে মিছা কথা বিয়পাইছে আৰু তেওঁক বদনাম কৰে। সেইবাবে, আমি লোকসকলক যিহোৱাৰ বিষয়ে সত্যতা জনাওঁ আৰু তেওঁৰ নামত লগা কলংক মচি দিওঁ। (গীত. ৩৪:১; যিচ. ৪৩:১০)এইদৰে আমি নিজৰ কথা আৰু কামেৰে দেখুৱাওঁ যে আমি যিহোৱাক প্ৰেম কৰোঁ আৰু মনে-প্ৰাণে তেওঁৰ সেৱা কৰিব বিচাৰোঁ।

১. এগৰাকী তিৰোতাই বিৰোধীসকলক চাই আছে, যিসকলে  অধিৱেশন হোৱা ঠাইৰ বাহিৰত প্ৰতিবাদ কৰি আছে। ২. পাছত সেই তিৰোতাগৰাকীয়ে কাৰ্টৰ যোগেদি প্ৰচাৰ কৰি থকা এহাল দম্পতীৰ লগত কথা পাতি আছে।

যিহোৱাৰ নামত লগা কলংক আপুনি মচিব নে? (অনুচ্ছেদ ১৪ চাওক)b


১৫. পৌলে নিজৰ জীৱনত যি যি সাল-সলনি কৰিলে, তাৰ বাবে তেওঁ কি কি আশীৰ্বাদ পালে? (ফিলিপীয়া ৩:৭, ৮)

১৫ আমি যিহোৱাৰ সেৱা বেছিকৈ কৰিব বিচাৰোঁ আৰু তেওঁক আনন্দিত কৰিব বিচাৰোঁ। সেইবাবে, আমি নিজৰ জীৱনত সাল-সলনি কৰিবলৈ সাজু থাকোঁ। পৌলেও এইদৰেই কৰিলে। যিহূদীসকলৰ মাজত তেওঁৰ ভাল নাম আৰু উচ্চ পদ আছিল। তথাপিও খ্ৰীষ্টৰ শিষ্য হʼবলৈ আৰু যিহোৱাৰ উপাসনা কৰিবলৈ তেওঁ সেই সকলো এৰি দিলে। (গালা. ১:১৪) ইয়াৰ বাবে পৌলে বহুতো আশীৰ্বাদ পালে আৰু যীচুৰ লগত স্বৰ্গত শাসন কৰাৰ সুযোগো পালে। পৌলে যিহোৱাৰ সেৱা কৰাৰ যি নিৰ্ণয় লৈছিল, তাৰ বাবে তেওঁ কেতিয়াও দুখ অনুভৱ নকৰিলে আৰু আমিও নকৰিম।—ফিলিপীয়া ৩:৭, ৮ পঢ়ক।

১৬. জুলীয়াৰ অনুভৱৰ পৰা আমি কি শিকিব পাৰোঁ? (ছবিখনো চাওক।)

১৬ যদি আমি যিহোৱাৰ উপাসনাক নিজৰ জীৱনত প্ৰথম স্থান দিওঁ, তেনেহʼলে আমি বৰ্তমানৰ লগতে ভৱিষ্যতেও বহুতো আশীৰ্বাদ পাম। ভনী জুলীয়াৰ উদাহৰণলৈ মন কৰক। তাই সৰুতে গীৰ্জাত গান গাইছিল। তাই বৰ সুন্দৰকৈ গান গাইছিল, সেইবাবে তাই অপেৰাৰ গায়িকা হʼবলৈ ট্ৰেইনিং লʼলে। কিছু সময়ৰ পাছত জুলীয়া বিখ্যাত হৈ পৰিল আৰু বিখ্যাত ঠাইবোৰলৈ গৈ গান গাবলৈ ধৰিলে। তাই এখন বিখ্যাত স্কুলত গান শিকিছিল। তাত এজন লʼৰাই তাইৰ লগত ঈশ্বৰৰ বিষয়ে কথা পাতিলে আৰু ঈশ্বৰৰ নাম যিহোৱা বুলি তাইক জনালে। তাৰ পাছত তাই সপ্তাহত দুবাৰ অধ্যয়ন কৰিবলৈ ধৰিলে। কিছু সময়ৰ পাছত তাই সংগীতৰ কেৰিয়াৰ এৰি যিহোৱাৰ উপাসনা কৰিম বুলি নিৰ্ণয় লʼলে। এই নিৰ্ণয় লোৱাটো তাইৰ বাবে ইমান সহজ নাছিল। তাই এইদৰে কৈছে, “বহুতো লোকে মোক কৈছিল যে সংগীত এৰি মই মুৰ্খতাৰ কাম কৰিছোঁ। কিন্তু মই নিজৰ জীৱন যিহোৱাৰ সেৱাত লগাব বিচাৰিছিলোঁ।” তাই যিহোৱাৰ সেৱা কৰা ৩০-তকৈ বেছি বছৰ হʼল। তাই এই নিৰ্ণয়ৰ বিষয়ে এতিয়া কেনে অনুভৱ কৰে? তাই এইদৰে কৈছে, “সেই সময়ত মই সঠিক নিৰ্ণয় লৈছিলোঁ, সেয়া ভাবি মই মনৰ শান্তি লাভ কৰোঁ। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যিহোৱাই ভৱিষ্যতে মোৰ মনৰ ইচ্ছা পূৰ কৰিব।”—গীত. ১৪৫:১৬.

ছবি: জুলীয়াই যি নিৰ্ণয় লʼলে তাৰ প্ৰদৰ্শন: ১. তাই ষ্টেজত বহুতো লোকৰ আগত গান গাই আছে। ২. তাই নিজৰ স্বামীৰ লগত সভাত গীত গাই আছে।

যেতিয়া আমি যিহোৱাৰ উপাসনাক নিজৰ জীৱনত প্ৰথম স্থান দিওঁ, তেতিয়া আমাৰ জীৱন আনন্দেৰে ভৰি পৰে (অনুচ্ছেদ ১৬ চাওক)c


যিহোৱাৰ সেৱা কৰি থাকক

১৭. (ক) যিসকলে এতিয়ালৈকে যিহোৱাৰ সেৱা কৰাৰ নিৰ্ণয় লোৱা নাই, তেওঁলোকে কি কৰা উচিত আৰু কিয়? (খ) যিসকলে যিহোৱাৰ সেৱা কৰি আছে, তেওঁলোকে কি কথা মনত ৰাখিব পাৰে?

১৭ এই জগতৰ অন্ত একেবাৰে কাষ চাপিছে। পাঁচনি পৌলে লিখিছে, “এতিয়া মাত্ৰ ‘অলপ সময়হে’ বাকী আছে আৰু ‘যিজন আহিবলগীয়া আছে, তেওঁ আহিব আৰু দেৰি নকৰিব।’” (ইব্ৰী ১০:৩৭) গতিকে মানুহে কি কৰিব লাগিব? যিসকলে এতিয়ালৈকে যিহোৱাৰ সেৱা কৰাৰ নিৰ্ণয় লোৱা নাই, তেওঁলোকে নিৰ্ণয় লʼব লাগিব যে তেওঁলোকে কি কৰিব। কাৰণ অলপ সময়হে বাকী আছে। (১ কৰি. ৭:২৯) যিসকলে যিহোৱাৰ সেৱা কৰি আছে, তেওঁলোকে মনত ৰখা উচিত যে তেওঁলোকে যিবোৰ সমস্যাৰ সন্মুখীন হৈ আছে, সেয়া মাত্ৰ অলপ সময়ৰ বাবেহে আছে।

১৮. যীচু আৰু যিহোৱাই আমাৰ পৰা কি বিচাৰে?

১৮ যীচুৱে নিজৰ শিষ্যসকলক কেৱল এইদৰে কোৱা নাছিল মোৰ পিছে পিছে আহা, তাৰ পৰিৱৰ্তে তেওঁ কৈছিল মোৰ পিছে পিছে আহি থাকা। (মথি ১৬:২৪) যদি আপুনি বহু বছৰৰ পৰা যিহোৱাৰ সেৱা কৰি আছে, তেনেহʼলে এইদৰেই কৰি থাকিবলৈ থিৰাং কৰক। আপুনি যিহোৱাৰ সেৱা কৰিবলৈ যি নিৰ্ণয় লৈছে, সেইমতে কৰি থাকিবলৈ পৰিশ্ৰম কৰাটো যিহোৱাই বিচাৰে। এইদৰে কৰাটো ইমান সহজ নহয়। তথাপিও আমি যদি যিহোৱাৰ সেৱা কৰি থাকোঁ, তেনেহʼলে আমি বৰ্তমানৰ লগতে ভৱিষ্যতেও বহুতো আশীৰ্বাদ আৰু প্ৰকৃত আনন্দ লাভ কৰিম।—গীত. ৩৫:২৭.

১৯. জিনৰ অনুভবৰ পৰা আমি কি শিকিব পাৰোঁ?

১৯ কিছুমান লোকে ভাবে যে যদি তেওঁলোকে যিহোৱাৰ সেৱা কৰে, তেনেহʼলে তেওঁলোকে বহুতো ত্যাগ কৰিব লাগিব। যদি আপুনি কিশোৰ-কিশোৰী হয়, তেনেহʼলে আপুনি ভাবে নে যে যিহোৱাৰ সেৱা কৰাৰ বাবে আপুনি জীৱনৰ আনন্দ লʼব নোৱাৰিব? জিন নামৰ এজন ডেকা ভাইয়ে এইদৰে কৈছে, “মোৰ অনুভৱ হৈছিল যে যিহোৱাৰ সাক্ষী হোৱাৰ বাবে মই আনন্দ-ফুৰ্তী কৰিব নোবাৰোঁ। আন লʼৰা-ছোৱালীবিলাকে যেতিয়া হʼলেও পাৰ্টি কৰে, ডেটিং কৰে আৰু হিংসাত্মক ভিডিঅʼ গেম খেলে। কিন্তু মই কেৱল সভা আৰু প্ৰচাৰলৈ যাওঁ।” এনেধৰণৰ চিন্তাধাৰাই জিনৰ ওপৰত কি প্ৰভাৱ পেলালে? তেওঁ এইদৰে কৈছে, “মই কিছু সময়লৈকে আন লʼৰা-ছোৱালীৰ দৰে আনন্দ-ফুৰ্তি কৰিবলৈ ধৰিলোঁ। মই মণ্ডলীত বেলেগ আৰু বাহিৰত বেলেগ জীৱন-যাপন কৰিবলৈ ধৰিলোঁ। কিন্তু মই মনৰ পৰা আনন্দিত নাছিলোঁ। মই বাইবেলৰ সেই কথাবোৰ গভীৰভাৱে ভাবিবলৈ ধৰিলোঁ, যিবোৰ মই পালন কৰা নাছিলোঁ আৰু সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰিম বুলি থিৰাং কৰিলোঁ। মই লক্ষ্য কৰিলোঁ যে যিহোৱাই তেতিয়াৰ পৰা এতিয়ালৈকে মোৰ প্ৰতিটো প্ৰাৰ্থনাৰ উত্তৰ দিয়ে।”

২০. আমি কি থিৰাং কৰা উচিত?

২০ গীত ৰচকজনে নিজৰ গীতত যিহোৱাক কʼলে, “তোমাৰ চোতাল কেইখনত বাস কৰিবৰ নিমিত্তে যাক তুমি মনোনীত কৰি আনা, সেই জন ধন্য।” (গীত. ৬৫:৪) গতিকে আহক আমি যিহোৱাৰ সেৱা কৰি থকাৰ আমাৰ ইচ্ছা আৰু দৃঢ় কৰোঁ আৰু যিহোচূৱাৰ দৰে কওঁ, “মই আৰু মোৰ পৰিয়ালে হলে যিহোৱাৰ আৰাধনা কৰিম।”—যিহো. ২৪:১৫.

আপুনি কেনেকৈ উত্তৰ দিব?

  • যীচুৱে কিয় যিহোৱাৰ উপাসনা কৰাৰ নিৰ্ণয় লʼলে?

  • যিহোৱাই কিয় আমাৰ উপাসনা পোৱাৰ যোগ্য হয়?

  • আপুনি যিহোৱাৰ উপাসনা কৰাৰ কিয় নিৰ্ণয় লʼলে?

গীত নং ২৮ যিহোৱাৰ বন্ধু হোৱা

a কিছুমান নাম সলনি কৰা হৈছে।

b ছবিৰ বিষয়ে: কিছুমান বিৰোধীয়ে অধিৱেশন হোৱা ঠাইৰ বাহিৰত থিয় হৈ আমাৰ বিৰুদ্ধে কথা কৈ আছে। এগৰাকী তিৰোতাই তাৰ পৰা পাৰ হওতে তেওঁলোকক চাই আছে। পাছত তাই ওচৰতে লগাই থোৱা কাৰ্টৰ ওচৰত যায় আৰু সাক্ষীসকলে তাইক বাইবেলৰ পৰা সত্যতা জনায়।

c ছবিৰ বিষয়ে: ইয়াত দেখুৱা হৈছে যে যিহোৱাৰ উপাসনা কৰিবলৈ জুলীয়াই নিজৰ জীৱনত কি কি সাল-সলনি কৰিলে। ছবিত দেখুৱা তিৰোতা জুলীয়া নহয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক