অধ্যয়নৰ লেখ ২২
গীত নং ১৮ মুক্তিৰ মূল্যৰ বাবে কৃতজ্ঞতা
যীচুৰ বাবে যিহোৱাৰ নাম কিমান গুৰুত্বপূৰ্ণ আছিল?
“মই তোমাৰ নাম তেওঁলোকক জনালোঁ আৰু আগলৈও জনাম।”—যোহ. ১৭:২৬.
কি শিকিম?
যেতিয়া যীচুৱে লোকসকলক যিহোৱাৰ বিষয়ে জনালোঁ বুলি কʼলে, তেতিয়া তেওঁ কোৱাৰ অৰ্থ কি আছিল? তেওঁ কেনেকৈ যিহোৱাৰ নাম পবিত্ৰ কৰিলে আৰু তেওঁৰ ওপৰত লগা অভিযোগক মিছা বুলি প্ৰমাণ কৰিলে?
১-২. (ক) নিজৰ মৃত্যুৰ আগত যীচুৱে কি কৰিলে? (খ) এই লেখত আমি কি কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম?
এয়া হৈছে ৩৩ খ্ৰীষ্টাব্দৰ নিচান মাহৰ ১৪ তাৰিখৰ বৃহস্পতিবাৰৰ দিন। বহুত ৰাতি হৈ গৈছে। যীচুৱে নিজৰ বিশ্বাসী পাঁচনিসকলৰ লগত এখন ঘৰৰ ওপৰ কোঠালিত আছে আৰু তেওঁলোকে অলপতে প্ৰভুৰ সন্ধ্যা ভোজ পালন কৰিলে। যীচুৱে জানিছিল যে অলপতে তেওঁক বিশ্বাসঘাত কৰা হʼব, তেওঁৰ বিচাৰ কৰা হʼব, তেওঁক শাস্তি দিয়া হʼব আৰু তাৰ পাছত তাড়না দি মৃত্যুদণ্ড দিয়া হʼব। সেইবাবে, তেওঁ নিজৰ শিষ্যসকলক উৎসাহিত কৰিলে আৰু তাৰ পৰা ওলোৱাৰ আগতে তেওঁ পাঁচনিসকলৰ লগত মিলি প্ৰাৰ্থনা কৰিলে। আগলৈ গৈ পাঁচনি যোহনে এই প্ৰাৰ্থনা নিজৰ শুভবাৰ্তাৰ কিতাপত লিখিলে, যি আমি যোহন ১৭ অধ্যায়ত পঢ়িবলৈ পাওঁ।
২ এই লেখত আমি সেই প্ৰাৰ্থনাৰ ওপৰত ধ্যান দিম আৰু দুটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। নিজৰ মৃত্যুৰ আগত যীচুৱে কি কথাক লৈ চিন্তিত আছিল? পৃথিৱীত থকাৰ সময়ত তেওঁৰ বাবে কি কথা আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল?
“মই তোমাৰ নাম তেওঁলোকক জনালোঁ”
৩. যীচুৱে নিজৰ প্ৰাৰ্থনাত কি কʼলে আৰু তেওঁ কোৱাৰ অৰ্থ কি আছিল? (যোহন ১৭:৬, ২৬)
৩ যীচুৱে নিজৰ প্ৰাৰ্থনাত কʼলে, “মই তোমাৰ নাম তেওঁলোকক জনালোঁ।” তেওঁ নিজৰ শিষ্যসকলক যিহোৱাৰ নাম জনালোঁ বুলি দুবাৰ কʼলে। (যোহন ১৭:৬, ২৬ পঢ়ক।) তেওঁ কোৱাৰ অৰ্থ কি আছিল? তেওঁৰ শিষ্যসকলে ঈশ্বৰৰ নাম নাজানিছিল নে? যীচুৰ শিষ্যসকল যিহূদী আছিল আৰু এই নাম ইব্ৰী শাস্ত্ৰত হাজাৰ হাজাৰ বাৰ উল্লেখ আছিল। সেইবাবে, তেওঁলোকে ঈশ্বৰৰ নাম যিহোৱা হয় বুলি জানিছিল। যেতিয়া যীচুৱে কʼলে, “মই তোমাৰ নাম তেওঁলোকক জনালোঁ।” তেতিয়া আচলতে তেওঁ কৈছিল যে মই তেওঁলোকক শিকাইছোঁ যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয়, তেওঁৰ কি কি গুণ আছে। পৃথিৱী আৰু মানুহৰ বাবে তেওঁৰ উদ্দেশ্য কি। তেওঁ এতিয়ালৈকে কি কৰিলে আৰু কি কৰিব। যিহোৱাৰ বিষয়ে এই সকলো কথা কেৱল যীচুহে ভালদৰে জনাব পাৰে।
৪-৫. (ক) এটা উদাহৰণৰ যোগেদি বুজাওক যে এজন ব্যক্তিক ভালদৰে জানিলে, তেওঁৰ নামৰ অৰ্থ কেনেকৈ সলনি হয়? (খ) যিহোৱাৰ নামৰ প্ৰতি যীচুৰ শিষ্যসকলৰ দৃষ্টিভংগী কেনেকৈ সলনি হʼল?
৪ কল্পনা কৰক, আপোনাৰ মণ্ডলীত ডেভিড নামৰ এজন প্ৰাচীন আছে যি ডাক্তৰো হয়। আপুনি ডেভিডক বহু বছৰৰ পৰা চিনি পায়। এদিনাখন হঠাতে আপোনাৰ স্বাস্থ্য বহুত বেয়া হৈ পৰে আৰু আপোনাক সেই হস্পিতালতে নিয়া হয়, যʼত তেওঁ কাম কৰে। তেওঁ আপোনাৰ চিকিৎসা কৰে আৰু আপোনাৰ জীৱন ৰক্ষা কৰে। তাৰ পাছত আপুনি যেতিয়াই ডেভিডৰ নাম শুনিব, তেতিয়া আপোনাৰ মনলৈ কি আহিব? আপুনি কেৱল এয়া ভাবিব নে যে তেওঁ আপোনাৰ মণ্ডলীৰ এজন প্ৰাচীন হয়? নহয়। আপুনি ভাবিব যে তেওঁ এজন ভাল ডক্তৰ হয় আৰু তেওঁ আপোনাক বচালে।
৫ ঠিক সেইদৰে, যীচুৰ শিষ্যসকলে ঈশ্বৰৰ নাম জানিছিল। কিন্তু যেতিয়া যীচুৱে পৃথিৱীলৈ আহিলে আৰু নিজৰ সেৱা আৰম্ভ কৰিলে, তেতিয়া শিষ্যসকলে যিহোৱাৰ নামৰ অৰ্থ ভালদৰে বুজি পালে। কেনেকৈ বাৰু? যীচু নিজৰ পিতৃৰ প্ৰতিমূৰ্তিৰ দৰে আছিল বুলি তেওঁলোকে চাব পাৰিলে। তেওঁ যি কৈছিল আৰু কৰিছিল, সেইবোৰ চাই শিষ্যসকলে ভালদৰে বুজি পালে যে যিহোৱা কেনেধৰণৰ পিতৃ হয়। যীচুৱে যিদৰে লোকসকলক শিকাইছিল আৰু তেওঁৰ ব্যৱহাৰ চাই শিষ্যসকলে যিহোৱাক ভালদৰে ‘জানিব পাৰিলে।’—যোহ. ১৪:৯; ১৭:৩.
“তুমি মোক যি নাম দিছা তোমাৰ নিজৰ সেই নামৰ কাৰণে”
৬. যীচুৱে কৈছিল যে যিহোৱাই তেওঁক নিজৰ নাম দিলে, ইয়াৰ অৰ্থ কি আছিল? (যোহন ১৭:১১, ১২)
৬ নিজৰ শিষ্যসকলৰ বিষয়ে যীচুৱে নিজৰ পিতৃলৈ এইদৰে প্ৰাৰ্থনা কৰিলে, “তুমি মোক যি নাম দিছা তোমাৰ নিজৰ সেই নামৰ কাৰণে, তেওঁলোকৰ চোৱা-চিতা কৰা।” (যোহন ১৭:১১, ১২ পঢ়ক।) যেতিয়া যীচুৱে কʼলে যে যিহোৱাই তেওঁক নিজৰ নাম দিছে, তেতিয়া তেওঁ এয়া কʼব বিচাৰিছিল নে যে তেওঁৰ নাম সলনি হʼল আৰু তেওঁক যিহোৱা বুলি মতা হʼব? মন কৰক, যীচুৱে যিহোৱাক কʼলে যে “তোমাৰ নিজৰ এই নামৰ কাৰণে, তেওঁলোকৰ চোৱা-চিতা কৰা।” ইয়াৰ পৰা বুজিব পাৰি যে যীচুৰ নাম সলনি হৈ যিহোৱা নহʼল। তেনেহʼলে যীচুৱে কৈছিল যে ‘তুমি মোক নিজৰ নাম দিলা’, ইয়াৰ অৰ্থ কি আছিল? ইয়াৰ অৰ্থ হৈছে, তেওঁ যিহোৱাৰ প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁৰ ফালেদি কৈছিল। তেওঁ নিজৰ পিতৃৰ নামেদি আহিছিল আৰু তেওঁৰ নামেৰে ডাঙৰ ডাঙৰ চমৎকাৰ কৰিছিল। (যোহ. ৫:৪৩; ১০:২৫) ইয়াৰ উপৰিও যীচুৰ নামৰ অৰ্থ হৈছে, “যিহোৱা উদ্ধাৰকৰ্তা হয়” অৰ্থাৎ তেওঁৰ নামত যিহোৱাৰ নামো জড়িত হৈ আছে। সেইবাবে, তেওঁ কʼলে যে পিতৃয়ে তেওঁক নাম দিছে।
৭. যীচু যিহোৱাৰ ফালেদি কৈছিল বুলি আমি কিয় কʼব পাৰোঁ? উদাহৰণ দি বুজাওক।
৭ এজন ৰাজদূতে নিজৰ দেশৰ ৰাষ্ট্ৰপতিৰ প্ৰতিনিধিত্ব কৰে। তেওঁ ৰাষ্ট্ৰপতিৰ নামেৰে আহে আৰু তেওঁৰ ফালেদি কয়। তেওঁ যি কয়, সেয়া ৰাষ্ট্ৰপতিয়ে কোৱাৰ দৰে হয়। ঠিক সেইদৰে যীচুৱে যিহোৱাৰ প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁৰ নামেৰে আহিছিল। সেইবাবে, তেওঁ যেতিয়া কিবা কৈছিল, তেতিয়া তেওঁ যেন পিতৃৰ ফালেদি কৈছিল।—মথি ২১:৯; লূক ১৩:৩৫.
৮. পৃথিৱীলৈ অহাৰ বহু বছৰৰ আগতে যীচুৱে কেনেকৈ ‘যিহোৱাৰ নামেৰে আহিছিল?’ (যাত্ৰাপুস্তক ২৩:২০, ২১)
৮ যীচুৱে নিজৰ পিতৃ যিহোৱাৰ ফালেদি কৈছিল। সেইবাবে, তেওঁক “বাক্য” বুলিও কোৱা হৈছে। তেওঁ স্বৰ্গদূতসকলক আৰু মানুহক যিহোৱাৰ বাৰ্তা আৰু পৰামৰ্শ দিছিল। (যোহ. ১:১-৩) এনে লাগে যেন অৰণ্যত যিহোৱাই ইস্ৰায়েলীসকলৰ চোৱা-চিতা কৰিবলৈ আৰু তেওঁলোকক পথ দেখুৱাবলৈ যিজন স্বৰ্গদূতক পঠিয়াইছিল, তেওঁ যীচুৱে আছিল। যিহোৱাই ইস্ৰায়েলীসকলক সেই স্বৰ্গদূতৰ কথা মানিবলৈ কৈছিল। কিয় বাৰু? কাৰণ যিহোৱাই কৈছিল, “তেওঁ মোৰ নামেৰে তোমালোকৰ ওচৰলৈ আহে।”a (যাত্ৰাপুস্তক ২৩:২০, ২১ পঢ়ক।b) ইয়াৰ পৰা জানিব পাৰি যে যীচুৱে ‘যিহোৱাৰ নামেৰে’ অৰ্থাৎ তেওঁৰ ফালেদি কৈছিল। যীচুৱে যিহোৱাৰ নাম পবিত্ৰ কৰিবলৈ আৰু তেওঁৰ নামৰ ওপৰত লগা অভিযোগক মিছা বুলি প্ৰমাণিত কৰিবলৈ এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিলে।
“পিতৃ, নিজৰ নাম মহিমা কৰা”
৯. যীচুৰ বাবে যিহোৱাৰ নাম কিমান গুৰুত্বপূৰ্ণ আছিল? বুজাওক।
৯ আমি চালোঁ যে পৃথিৱীত অহাৰ আগতে আৰু পৃথিৱীত অহাৰ পাছতো যীচুৰ বাবে যিহোৱাৰ নাম বহুত গুৰুত্বপূৰ্ণ আছিল। তেওঁ যি কৰিলে যিহোৱাৰ নামৰ বাবে কৰিলে। তেওঁ নিজৰ সেৱাৰ শেষত কʼলে “পিতৃ, নিজৰ নাম মহিমা কৰা।” তেতিয়া স্বৰ্গৰ পৰা যিহোৱাৰ মাত শুনিবলৈ পোৱা গʼল। “মই ইয়াৰ মহিমা কৰিলোঁ আৰু আকৌ কৰিম।”—যোহ. ১২:২৮.
১০-১১. (ক) যীচুৱে কেনেকৈ যিহোৱাৰ নাম মহিমা কৰিলে? (ছবিখনো চাওক) (খ) যিহোৱাৰ নাম পবিত্ৰ কৰাৰ কিয় প্ৰয়োজন হʼল?
১০ যীচুৱেও নিজৰ পিতৃৰ নাম মহিমা কৰিলে। কেনেকৈ? তেওঁ আনক জনালে যে যিহোৱা কিমান ভাল ঈশ্বৰ হয় আৰু তেওঁ মানুহৰ বাবে কি কি আচৰিত কামবোৰ কৰিছে। কিন্তু যিহোৱাৰ নাম মহিমা কৰিবলৈ হʼলে তেওঁৰ নাম পবিত্ৰ কৰা আৰু তেওঁৰ নামৰ ওপৰত লগোৱা অভিযোগক মিছা বুলি প্ৰমাণিত কৰাটো অতি গুৰুত্বপূৰ্ণ আছিল। এই কথা যীচুৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল, এয়া আমি তেওঁৰ আদৰ্শ প্ৰাৰ্থনাৰ পৰা জানিব পাৰোঁ, যি তেওঁ নিজৰ শিষ্যসকলক শিকাইছিল। তেওঁ কৈছিল, “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পবিত্ৰ হওক।”—মথি ৬:৯.
১১ যিহোৱাৰ নাম পবিত্ৰ কৰাৰ কিয় প্ৰয়োজন আছিল? কিয়নো এদন বাগিছাত চয়তানে যিহোৱাক অপমান কৰিলে আৰু তেওঁৰ ওপৰত মিছা অভিযোগ লগালে। তেওঁ কʼলে যে যিহোৱা মিছলীয়া হয়, তেওঁ আদম আৰু হৱাক ভাল বস্তুবোৰৰ পৰা আঁতৰাই ৰাখিছে। (আদি. ৩:১-৫) চয়তানে এয়াও কʼলে যে যিহোৱাৰ শাসন কৰা পদ্ধতি সঠিক নহয়। এইদৰে তেওঁ যিহোৱাক বদনাম কৰিলে আৰু তেওঁৰ ওপৰত মিছা অভিযোগ লগালে। আগলৈ গৈ ইয়োবৰ সময়ত চয়তানে মানৱ জাতিৰ ওপৰত প্ৰশ্ন তুলিলে আৰু সি কʼলে যে মানুহ স্বাৰ্থী হয়। তেওঁলোকে কেৱল নিজৰ লাভৰ বাবেহে যিহোৱাৰ সেৱা কৰে। চয়তানে এয়াও কʼলে যে মানুহে যিহোৱাক প্ৰেম নকৰে। যদি তেওঁলোকৰ ওপৰত সমস্যা আহে, তেনেহʼলে তেওঁলোকে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিব। ( ইয়ো. ১:৯-১১; ২:৪) এয়া এটা ডাঙৰ বিষয় আছিল আৰু এয়া প্ৰমাণ কৰিবলৈ সময়ৰ প্ৰয়োজন আছিল যে কোন মিছলীয়া হয়, চয়তান নে যিহোৱা!
যিহোৱাৰ নাম পবিত্ৰ কৰাটো বহুত গুৰুত্বপূৰ্ণ বুলি যীচুৱে নিজৰ শিষ্যসকলক শিকালে (অনুচ্ছেদ ১০ চাওক)
“মই নিজৰ জীৱন দিওঁ”
১২. যিহোৱাৰ নামৰ প্ৰতি থকা প্ৰেমৰ বাবে যীচুৱে কি কৰিবলৈ সাজু আছিল?
১২ যীচুৱে নিজৰ পিতৃক বহুত প্ৰেম কৰিছিল। তেওঁ যিকোনো পৰিস্থিতিত নিজৰ পিতৃৰ নাম পবিত্ৰ কৰিব বিচাৰিছিল আৰু তেওঁৰ নামৰ ওপৰত লগোৱা অভিযোগক মিছা বুলি প্ৰমাণ কৰিব বিচাৰিছিল। তেওঁ কʼলে “মই নিজৰ জীৱন দিওঁ।” (যোহ. ১০:১৭, ১৮) তেওঁ নিজৰ পিতৃৰ বাবে নিজৰ জীৱনো দিবলৈ সাজু আছিল।c আদম আৰু হৱা সিদ্ধ আছিল। কিন্তু তেওঁলোকে যিহোৱাৰ আজ্ঞা পালন নকৰিলে আৰু চয়তানক সহযোগ কৰিলে। কিন্তু যীচু নিজৰ পিতৃক ইমানে প্ৰেম কৰিছিল যে তেওঁ আনন্দেৰে পৃথিৱীত আহিল আৰু সদায় যিহোৱাৰ আজ্ঞা পালন কৰিলে। (ইব্ৰী ৪:১৫; ৫:৭-১০) তেওঁ যাতনাৰ কাঠত শেষ নিশ্বাসলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকিল। (ইব্ৰী ১২:২) এইদৰে তেওঁ প্ৰমাণ কৰিলে যে তেওঁ যিহোৱাৰ আৰু তেওঁৰ নামক কিমান প্ৰেম কৰিছিল।
১৩. চয়তান মিছলীয়া হয় বুলি যীচুৱে কিয় আটাইতকৈ ভালদৰে প্ৰমাণ কৰিব পাৰিলেহেঁতেন? (ছবিখনো চাওক।)
১৩ যীচুৱে যিদৰে জীৱন-যাপন কৰিলে, তাৰ পৰা প্ৰমাণ হয় যে চয়তানহে মিছলীয়া হয়, যিহোৱা নহয়। (যোহ. ৮:৪৪) যীচুৱে যিহোৱাক যিমান ভালদৰে জানিছিল, সিমান আন কোনেও জনা নাছিল। চয়তানে লগোৱা অভিযোগ অলপো সঁচাহোৱা হʼলে যীচুৱে ইয়াৰ বিষয়ে নিশ্চয় জানিলেহেঁতেন। কিন্তু তেওঁ জানিছিল যে চয়তানে কৰা অভিযোগ মিছা হয়। সেইবাবে, তেওঁ যিহোৱাৰ পক্ষ লʼলে আৰু তেওঁৰ নাম পবিত্ৰ কৰি থাকিলে। যাতনাৰ কাঠত যেতিয়া তেওঁৰ অনুভৱ হʼল যে যিহোৱাই তেওঁক এৰি দিছে, তেতিয়াও তেওঁ নিজৰ জীৱন দিবলৈ পিছ নুহুকিলে। শেষ নিশ্বাসলৈকে তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকিল।—মথি ২৭:৪৬.d
যীচুৱে নিজৰ জীৱন-যাপনৰ যোগেদি প্ৰমাণ কৰিলে যে চয়তানহে মিছলীয়া হয়, যিহোৱা নহয়! (অনুচ্ছেদ ১৩ চাওক)
‘তুমি দিয়া কাম মই পূৰ কৰিলোঁ’
১৪. যিহোৱাৰ বিশ্বাসী হৈ থকাৰ বাবে যীচুৱে কি পুৰস্কাৰ লাভ কৰিলে?
১৪ নিজৰ মৃত্যুৰ আগ নিশাত যীচুৱে প্ৰাৰ্থনাত যিহোৱাক কʼলে, ‘তুমি দিয়া কাম মই পূৰ কৰিলোঁ।’ যীচুৰ সম্পূৰ্ণ ভৰসা আছিল যে যদি তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকে, তেনেহʼলে যিহোৱাই তেওঁক নিশ্চয় পুৰস্কাৰ দিব। (যোহ. ১৭:৪, ৫) যিহোৱাই এইদৰেই কৰিলে। তেওঁ যীচুক মৈদামত এৰি নিদিলে। তাৰ পৰিৱৰ্তে তেওঁক আকৌ জীয়াই তুলিলে আৰু স্বৰ্গত আগতকৈ উচ্চ পদ দিলে। (পাঁচ. ২:২৩, ২৪; ফিলি. ২:৮, ৯) আগলৈ গৈ যিহোৱাই যীচুক ঈশ্বৰৰ ৰাজ্যৰ ৰজা বনালে। এই ৰাজ্যই কি কৰিব? আদৰ্শ প্ৰাৰ্থনাত যীচুৱে কʼলে, “তোমাৰ ৰাজ্য আহক; যেনেকৈ স্বৰ্গত তোমাৰ [যিহোৱাৰ] ইচ্ছা পূৰ হয়, তেনেকৈ পৃথিৱীতো হওক।”—মথি ৬:১০.
১৫. যীচুৱে ভৱিষ্যতে কি কৰিব?
১৫ আগলৈ গৈ যীচুৱে হৰমাগিদোনৰ যুদ্ধত যিহোৱাৰ শত্ৰুসকলৰ লগত যুদ্ধ কৰিব আৰু দুষ্টবিলাকক শেষ কৰিব। (প্ৰকা. ১৬:১৪, ১৬; ১৯:১১-১৬) তাৰ পাছত যীচুৱে চয়তানক “অগাধ ঠাইত” পেলাব যʼত তেওঁ একোৱে কৰিব নোৱাৰিব। (প্ৰকা. ২০:১-৩) পাছত যীচুৱে নিজৰ হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত গোটেই পৃথিৱীত শান্তি স্থাপন কৰিব আৰু সকলো মানুহক সিদ্ধ কৰিব। তেওঁ মৃত লোকসকলক আকৌ জীয়াই তুলিব আৰু গোটেই পৃথিৱীক প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিব। তেতিয়া যিহোৱাৰ সেই উদ্দেশ্য পূৰ হʼব, যি তেওঁ পৃথিৱী আৰু মানুহৰ বাবে কৰিছিল।—প্ৰকা. ২১:১-৪.
১৬. যীচুৰ হাজাৰ বছৰৰ শাসনৰ শেষত কি হʼব?
১৬ যীচুৰ হাজাৰ বছৰৰ শাসনৰ শেষৰলৈকে পাপ নাইকিয়া কৰি দিয়া হʼব। আমি মুক্তিৰ মূল্যৰ বলিদানৰ আধাৰত পাপৰ ক্ষমা বিচৰাৰ প্ৰয়োজন নহʼব আৰু ঈশ্বৰৰ লগত সম্পৰ্ক গঢ়ি তুলিবলৈ আমাক মধ্যস্থ আৰু পুৰোহিতৰ প্ৰয়োজন নহʼব। আমাৰ “শেষ শত্ৰু যি মৃত্যু” তাক নাইকিয়া কৰা হʼব, যি আমি আদমৰ পৰা পাইছোঁ। তেতিয়ালৈকে মৃত লোকসকলক আকৌ জীয়াই তোলা আৰু পৃথিৱীৰ সকলো মানুহক সিদ্ধ কৰা কাম শেষ হৈ যাব।—১ কৰি. ১৫:২৫, ২৬.
১৭-১৮. (ক) মচীহৰ শাসনৰ হাজাৰ বছৰৰ শেষত কি হʼব? (খ) যীচুৱে হাজাৰ বছৰৰ শাসনৰ পাছত কি কৰিব? (১ কৰিন্থীয়া ১৫:২৪, ২৮) (ছবিখনো চাওক।)
১৭ যীচুৰ হাজাৰ বছৰৰ শাসনৰ পাছত কি হʼব? সেই সময়ত এটা বিশেষ ঘটনা ঘটিব। যিহোৱাৰ নাম পবিত্ৰ কৰা হʼব। বহু বছৰ ধৰি যিহোৱাৰ নামৰ ওপৰত যি প্ৰশ্ন উত্থাপন কৰা হৈছিল, সেয়া সদায়ৰ বাবে শেষ কৰি দিয়া হʼব। আমি এইদৰে কিয় কʼব পাৰোঁ? এদন বাগিচাত চয়তানে কৈছিল যে যিহোৱা মিছলীয়া হয়, তেওঁ এজন ভাল ৰজা নহয় আৰু তেওঁ মানুহক প্ৰেম নকৰে। কিন্তু তেতিয়াৰ পৰা আজিলৈকে যিহোৱাক প্ৰেম কৰা আৰু তেওঁক আদৰ কৰা বহুতো লোকসকলে তেওঁৰ নাম পবিত্ৰ কৰিছে। মচীহৰ হাজাৰ বছৰৰ শাসনৰ শেষত যিহোৱাই নিজৰ নামক সম্পূৰ্ণকৈ পবিত্ৰ কৰিব আৰু সদায়ৰ বাবে প্ৰমাণ কৰিব যে তেওঁ এজন মৰমিয়াল পিতৃ হয়।
১৮ শেষত প্ৰমাণ কৰা হʼব যে চয়তানে যিহোৱাৰ ওপৰত যি অভিযোগ লগাইছে, সেয়া মিছা হয়। পাছত হাজাৰ বছৰৰ শাসন শেষত যীচুৱে কি কৰিব? চয়তানৰ দৰে তেওঁ যিহোৱাৰ লগত বিদ্ৰোহ কৰিব নে? নহয়! (১ কৰিন্থীয়া ১৫:২৪, ২৮ পঢ়ক।) তেওঁ সেই ৰাজ্য পিতৃ যিহোৱাক গতাই দিব আৰু নিজকে তেওঁৰ অধীনত কৰিব। তেওঁ আনন্দেৰে সকলো বস্তু নিজৰ পিতৃক দি দিব। কিয়নো তেওঁ যিহোৱাক বহুত প্ৰেম কৰে।
নিজৰ হাজাৰ বছৰৰ শাসনৰ পাছত যীচুৱে আনন্দেৰে যিহোৱাক ৰাজ্য গতাই দিব (অনুচ্ছেদ ১৮ চাওক)
১৯. যীচুৰ বাবে যিহোৱাৰ নাম কিমান গুৰুত্বপূৰ্ণ হয়?
১৯ আমি জানিব পাৰিলোঁ যে কিয় যিহোৱাই নিজৰ নাম যীচুক দিলে। যীচু নিজৰ পিতৃ যিহোৱাৰ ফালৰ পৰা আহিছিল, তেওঁৰ প্ৰতিনিধি আছিল আৰু তেওঁৰ পিতৃয়ে যি বিচাৰিছিল, সেয়াই কৰিলে। তেওঁৰ বাবে যিহোৱাৰ নাম কিমান গুৰুত্বপূৰ্ণ আছিল? যীচুৰ বাবে যিহোৱাৰ নাম বহুত গুৰুত্বপূৰ্ণ আছিল। এই নামৰ বাবে তেওঁ নিজৰ জীৱনো দি দিলে আৰু নিজৰ হাজাৰ বছৰৰ শাসনৰ পাছত সকলোবোৰ যিহোৱাক গতাই দিব। কিন্তু এতিয়া প্ৰশ্ন হয় যে আমি যীচুৰ দৰে কেনেকৈ হʼব পাৰোঁ? এই বিষয়ে আমি পৰৱৰ্তী লেখত শিকিম।
গীত নং ১৫৯ যিহোৱাক মহিমা দিয়া
a যীচুৰ উপৰিও আন স্বৰ্গদূতসকলে যিহোৱাৰ নামেৰে বা তেওঁৰ ফালেদি লোকসকলক বাৰ্তা দিছিল। বাইবেলত বহুতো ঠাইত যেতিয়া স্বৰ্গদূতসকলে লোকসকলৰ লগত কথা পাতিছিল, তেতিয়া এইদৰে কোৱা হৈছে যেন যিহোৱাই নিজে কথা পাতি আছে। (আদি. ১৮:১-৩৩) যেনে, কিছুমান পদত কোৱা হৈছে যে যিহোৱাই মোচিক নিয়ম দিছিল, কিন্তু আন পদবোৰৰ পৰা জানিব পাৰি যে যিহোৱাই স্বৰ্গদূতসকলৰ জৰিয়তে সেই নিয়ম দিছিল।—লেবী. ২৭:৩৪; পাঁচ. ৭:৩৮, ৫৩; গালা. ৩:১৯; ইব্ৰী ২:২-৪.
b যাত্ৰাপুস্তক ২৩:২০, ২১ (NW): “২০ মই এজন স্বৰ্গদূতক তোমালোকৰ আগে আগে পঠাম যাতে তেওঁ বাটত তোমালোকৰ ৰক্ষা কৰে আৰু তোমালোকক সেই ঠাইলৈ লৈ যায়, যি মই তোমালোকৰ বাবে তৈয়াৰ কৰিছোঁ। ২১ তোমালোকে তেওঁৰ কথা মনোযোগেৰে শুনিবা আৰু তেওঁৰ আজ্ঞা পালন কৰিবা। তেওঁ মোৰ নামেৰে তোমালোকৰ ওচৰলৈ আহে, সেইবাবে তেওঁৰ বিৰোধে বিদ্ৰোহ নকৰিবা। তেওঁ তোমালোকৰ অপৰাধ ক্ষমা নকৰিব।”
c ইয়াৰ উপৰিও যীচুৰ বলিদানৰ যোগেদি মানৱজাতিৰ বাবে সদায় জীয়াই থকাৰ বাট মুকলি হʼল।
d এপ্ৰিল ২০২১ চনৰ প্ৰহৰীদুৰ্গৰ পৃষ্ঠা ৩০-৩১-ত দিয়া লেখ “পাঠকসকলৰ প্ৰশ্ন” পঢ়ক।