ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 নৱেম্বৰ পৃষ্ঠা ২২-২৭
  • আপুনি যিহোৱাৰ কাৰণে বহুত মূল্যৱান!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি যিহোৱাৰ কাৰণে বহুত মূল্যৱান!
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যীচুৱে লোকসকলক কেনেকৈ বিশ্বাস দিয়ালে যে তেওঁলোক মূল্যৱান হয়
  • নিজকে যিহোৱাৰ দৃষ্টিৰে চাওক—কেনেকৈ?
  • যিহোৱাই “ভগ্ন-চিত্তীয়াবিলাকক সুস্থ কৰে”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • যিহোৱাই আপোনাক বহুত প্ৰেম কৰে!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • যীচুৱে শেষৰ ৪০ দিনত বহুতো কথা শিকালে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 নৱেম্বৰ পৃষ্ঠা ২২-২৭

অধ্যয়নৰ লেখ ৪৭

গীত নং ৩৮ তেওঁ তোমাক শক্তি দিব

আপুনি যিহোৱাৰ কাৰণে বহুত মূল্যৱান!

‘তুমি ঈশ্বৰৰ বাবে অতি প্ৰিয়।’—দানি. ৯:২৩.

কি শিকিম?

যিসকল লোকে নিজকে অযোগ্য বুলি ভাবে, তেওঁলোকক এই লেখত বিশ্বাস দিয়া হৈছে যে যিহোৱাৰ দৃষ্টিত তেওঁলোক মূল্যৱান হয়।

১-২. আমি নিজকে কেনেকৈ বিশ্বাস দিয়াব পাৰোঁ যে আমি যিহোৱাৰ দৃষ্টিত মূল্যৱান হওঁ?

যিহোৱাই নিজৰ সেৱকসকলক বহুত প্ৰেম কৰে। কিন্তু দুখৰ কথা যে কিছুমানে নিজকে অযোগ্য বুলি ভাবে। কিয় বাৰু? কিয়নো লোকসকলে হয়তো তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰিছে বা তেওঁৰ কোনো মূল্য নাই বুলি অনুভৱ কৰাইছে। আপুনিও নিজকে অযোগ্য বুলি ভাবে নে? যদি ভাবে, তেনেহʼলে আপুনি নিজকে কেনেকৈ বিশ্বাস দিয়াব পাৰে যে যিহোৱাৰ দৃষ্টিত আপুনি মূল্যৱান হয়?

২ যিহোৱাই বাইবেলত এনে ঘটনাবোৰ লিখাইছে, যাৰ পৰা জানিব পাৰি যে তেওঁ লোকসকলক কেনে দৃষ্টিৰে চায়। সেইবাবে, সেই ঘটনাবোৰ পঢ়ক আৰু তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক। ঈশ্বৰৰ পুত্ৰ যীচুৱেও লোকসকলৰ লগত সদায় মৰম আৰু সন্মানেৰে ব্যৱহাৰ কৰিছিল। এইদৰে তেওঁ দেখুৱালে যে যিসকলে নিজকে অযোগ্য বুলি ভাবে, তেওঁলোক যিহোৱা আৰু তেওঁৰ দৃষ্টিত বহুত মূল্যৱান হয়। (যোহ. ৫:১৯; ইব্ৰী ১:৩) এই লেখক আমি কি শিকিম? (১) যীচুৱে কেনেকৈ লোকসকলৰ বিশ্বাস জন্মালে যে তেওঁলোক যিহোৱাৰ দৃষ্টিত মূল্যৱান হয় আৰু (২) আমি কেনেকৈ নিজকে বিশ্বাস দিয়াব পাৰোঁ যে যিহোৱাই আমাক বহুত প্ৰেম কৰে।—হগ্‌. ২:৭.

যীচুৱে লোকসকলক কেনেকৈ বিশ্বাস দিয়ালে যে তেওঁলোক মূল্যৱান হয়

৩. যীচুৱে গালীলৰ লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিলে?

৩ যেতিয়া যীচুৱে তৃতীয় বাৰ গালীললৈ প্ৰচাৰ কৰিবলৈ আহিছিল, তেতিয়া ভিৰৰ পিছত ভিৰ তেওঁৰ কথা শুনিবলৈ আৰু সুস্থ হʼবলৈ আহিছিল। যীচুৱে তেওঁলোকৰ বিষয়ে এইদৰে কʼলে, ‘সিহঁত আঘাত পোৱা ভেড়াৰ নিচিনা হয় আৰু ৰখীয়া নোহোৱা ভেড়াৰ দৰে তেওঁলোকক ইফালে-সিফালে ঘূৰি ফুৰিবলৈ এৰি দিয়া হৈছে।’ (মথি ৯:৩৬; অধ্যয়ন নোট (হিন্দী) চাওক।) সেই সময়ৰ ধৰ্ম গুৰুসকলে সেই লোকসকলক তুচ্ছ আৰু “শাও পোৱা লোক” বুলি কৈছিল। (যোহ. ৭:৪৭-৪৯) কিন্তু যীচুৱে তেওঁলোকক বহুত সন্মান কৰিছিল। তেওঁ লোকসকলৰ বাবে সময় উলিয়াইছিল, শিকাইছিল আৰু তেওঁলোকৰ বেমাৰ সুস্থ কৰিছিল। (মথি ৯:৩৫) তেওঁ বেছিতকৈ বেছি লোকসকলক সহায় কৰিব বিচাৰিছিল। সেইবাবে, তেওঁ নিজৰ পাঁচনিসকলক প্ৰচাৰ কৰিবলৈ শিকালে আৰু তেওঁলোকক বেমাৰী আৰু শাৰীৰিকভাৱে দুৰ্বল লোকসকলক সুস্থ কৰাৰ অধিকাৰ দিলে।—মথি ১০:৫-৮.

৪. যীচুৱে সাধাৰণ লোকসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিলে, তাৰ পৰা আমি কি শিকিব পাৰোঁ?

৪ যিসকল লোকে যীচুৰ কথা শুনিবলৈ আহিছিল, তেওঁলোকৰ লগত যীচুৱে মৰমেৰে আৰু সন্মানেৰে ব্যৱহাৰ কৰিছিল। এইদৰে যীচুৱে দেখুৱালে যে তেওঁ আৰু তেওঁৰ পিতৃয়ে সেই লোকসকলক কিমান মূল্যৱান বুলি ভাবে, যিসকলক সমাজে তল চকুৰে চায়। আপুনি যিহোৱাৰ এজন সেৱক হয় নে আৰু আপুনি ভাবে নে যে আপোনাৰ কোনো মূল্য নাই? যদি ভাবে, তেনেহʼলে চিন্তা কৰক যীচুৱে সেই সাধাৰণ লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিছিল, যিসকলে তেওঁৰ ওচৰলৈ আহিছিল। যদি এই বিষয়ে চিন্তা কৰে, তেনেহʼলে আপোনাৰ বিশ্বাস হʼব যে আপুনি যিহোৱাৰ দৃষ্টিত বহুত মূল্যৱান।

৫. গালীলত যীচুৱে যিগৰাকী তিৰোতাক লগ পালে, তেওঁৰ বিষয়ে আমি কি জানোঁ?

৫ যীচুৱে কেৱল ভিৰৰ লোকসকলক শিকাইছিল এনে নহয়, তাৰ পৰিৱৰ্তে তেওঁ প্ৰতিজনৰ বিষয়ে চিন্তা কৰিছিল। যেনে, যেতিয়া তেওঁ গালীলত প্ৰচাৰ কৰি আছিল, তেতিয়া ১২ বছৰৰ পৰা তেজ বোৱা এগৰাকী তিৰোতাই তেওঁৰ ওচৰলৈ আহিল। (মাৰ্ক ৫:২৫) তেওঁৰ এই পৰিস্থিতিৰ বাবে তেওঁ অশুচি আছিল আৰু যিজনে তেওঁক চুৱে তেৱোঁ অশুচি হৈ পৰিলেহেঁতেন। সেইবাবে, তেওঁ লোকসকলক লগ কৰিব পৰা নাছিল আৰু তেওঁলোকৰ পৰা দূৰে দূৰে থাকিছিল। ইয়াৰ উপৰিও তেওঁ উপাসনাৰ বাবে সভা ঘৰলৈ যাব পৰা নাছিল আৰু লোকসকলৰ লগত মিলি উৎসৱো পালন কৰিব পৰা নাছিল। (লেবী. ১৫:১৯, ২৫) এই তিৰোতাগৰাকীয়ে কেৱল নিজৰ বেমাৰৰ বাবে কষ্টত আছিল এনে নহয়, কিন্তু ইয়াৰ বাবে তেওঁ হয়তো অন্তৰৰ পৰা ভাঙি পৰিছিল।—মাৰ্ক ৫:২৬.

৬. যিগৰাকী তিৰোতাৰ তেজ বোৱা বেমাৰ আছিল, তেওঁ কেনেকৈ ঠিক হʼল?

৬ সেই তিৰোতাগৰাকীয়ে বিচাৰিছিল যে যীচুৱে যেন তেওঁৰ দুখ-কষ্ট শেষ কৰি দিয়ে। কিন্তু তেওঁ চিধা-চিধিকৈ যীচুক সহায় বিচৰা নাছিল। কিয় বাৰু? হয়তো নিজৰ পৰিস্থিতিৰ বাবে তেওঁ লাজ অনুভৱ কৰিছিল। বা হয়তো তেওঁ যদি অশুচি অৱস্থাত ভীৰৰ মাজলৈ যায়, তেনেহʼলে যীচুৱে তেওঁক খেদি পঠিয়াব বুলি ভয় খাইছিল। সেইবাবে, তেওঁ যীচুৰ কেৱল কাপোৰ চুলে। কাৰণ তেওঁৰ বিশ্বাস আছিল যে এইদৰে কৰিলেই তেওঁ ঠিক হৈ যাব। (মাৰ্ক ৫:২৭, ২৮) আৰু এইদৰেই হʼল! তেওঁ ঠিক হৈ গʼল। পাছত যেতিয়া যীচুৱে সুধিলে যে কোনে মোক চুলে, তেতিয়া তেওঁ সকলোৰে আগত জনালে যে তেওঁ যীচুক চুলে। তেতিয়া যীচুৱে তেওঁৰ লগত কেনেদৰে ব্যৱহাৰ কৰিলে?

৭. যীচুৱে সেই দুখী তিৰোতাৰ লগত কেনেদৰে ব্যৱহাৰ কৰিলে? (মাৰ্ক ৫:৩৪)

৭ যীচুৱে সেই তিৰোতাগৰাকীৰ লগত প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰিছিল, কাৰণ তেওঁ বহুত ‘ভয়’ খাইছিল আৰু ‘কঁপি’ আছিল। (মাৰ্ক ৫:৩৩) সেইবাবে, যীচুৱে তেওঁৰ লগত মৰমেৰে কথা পাতিলে আৰু তেওঁৰ সাহস বঢ়ালে। যীচুৱে তেওঁক “মোৰ ছোৱালী” বুলি কʼলে। এইদৰে কৰি তেওঁ দেখুৱালে যে তেওঁ কেৱল সন্মানেৰে ব্যৱহাৰ কৰে এনে নহয়, তাৰ পৰিৱৰ্তে তেওঁক মৰমো কৰে। (মাৰ্ক ৫:৩৪ পঢ়ক।) বাইবেলত কেৱল এই ঘটনাতে যীচুৱে এগৰাকী তিৰোতাক “মোৰ ছোৱালী” বুলি কৈছে। কিয়নো যীচুৱে দেখিলে যে সেই তিৰোতাগৰাকী বহুত ভয় খাইছিল। আপুনি অনুভৱ কৰিব পাৰে নে যীচুৰ কথা শুনি সেই তিৰোতাগৰাকীয়ে মনত কিমান শান্তি পাইছিল। যীচুৱে তেওঁৰ সাহস নবঢ়োৱা হʼলে তেওঁ ঠিকতো হʼলহেঁতেন, কিন্তু তেওঁৰ বিবেকে তেওঁক খুচি থাকিলেহেঁতেন। কিয়নো তেওঁ অশুচি অৱস্থাত যীচুক চুইছিল। সেইবাবে, সেই তিৰোতাগৰাকী ঠিক হোৱাৰ পাছত যীচুৱে তেওঁৰ বিশ্বাস জন্মালে যে তেওঁ ঈশ্বৰৰ মৰমৰ ছোৱালী হয়।

৮. ব্ৰাজিলত থকা মাৰিয়াই কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼল?

৮ আজিও ঈশ্বৰৰ কিছুমান সেৱকে বেমাৰৰ সন্মুখীন হʼবলগীয়া হয়, যাৰ বাবে তেওঁলোকে নিজকে কোনো কামৰ যোগ্য নহওঁ বুলি ভাবে। ব্ৰাজিলত অগ্ৰগামী সেৱা কৰা ভনী মাৰিয়াৰa উদাহৰণলৈ মন কৰক। জন্মৰে পৰা তেওঁৰ দুখন ভৰি আৰু বাওঁহাত নাই। তেওঁ এইদৰে কৈছে, “স্কুলৰ লʼৰা-ছোৱালীয়ে মোক আমনি কৰিছিল আৰু মোক ঠাট্টা কৰিবলৈ বেলেগ বেলেগ নামেৰে মাতিছিল। মোৰ পৰিয়ালৰ লোকসকলেও মোক তল চকুৰে চাইছিল।”

৯. মাৰিয়াৰ কি কথাৰ পৰা বিশ্বাস হʼল যে যিহোৱাৰ দৃষ্টিত তেওঁ মূল্যৱান হয়?

৯ মাৰিয়াক কি কথাই সহায় কৰিলে? যেতিয়া তেওঁ যিহোৱাৰ সাক্ষী হʼল, তেতিয়া ভাই-ভনীসকলে তেওঁৰ সাহস বঢ়ালে আৰু যিহোৱাই তেওঁক যি দৃষ্টিৰে চায়, সেই দৃষ্টিৰে নিজকে চাবলৈ সহায় কৰিলে। মাৰিয়াই এইদৰে কৈছে, “মোক বহুতো ভাই-ভনীয়ে সহায় কৰিলে। যদি মই তেওঁলোকৰ নাম এখন বহীত লিখোঁ, তেনেহʼলে সেই বহীখনো নুজুৰিব। মই যিহোৱাৰ প্ৰতি বহুত কৃতজ্ঞ যে তেওঁ মোক এনে এক ভাল পৰিয়াল দিলে, যʼত বহুতো মৰমৰ ভাই-ভনী আছে।” সেই ভাই-ভনীসকলে মাৰিয়াক বিশ্বাস দিলে যে তেওঁ যিহোৱাৰ বাবে বহুত মূল্যৱান হয়।

১০. মৰিয়ম মগ্দলীনীয়ে কেনে কষ্টৰ মাজেৰে পাৰ হৈছিল আৰু ইয়াৰ বাবে তেওঁক হয়তো কেনেকুৱা লাগিছিল? (ছবিবোৰো চাওক।)

১০ এতিয়া আহক আমি আৰু এগৰাকী তিৰোতাৰ উদাহৰণলৈ মন কৰোঁ যাক যীচুৱে ঠিক কৰিছিল আৰু তেওঁৰ নাম হৈছে মৰিয়ম মগ্দলীনী। তেওঁৰ শৰীৰত সাতটা দুষ্ট স্বৰ্গদূত সোমাই আছিল! (লূক ৮:২) সেইবাবে, তেওঁ ওল্টা-পুল্টা কাম কৰিছিল আৰু ইয়াৰ বাবে লোকসকলে তেওঁৰ পৰা দূৰে দূৰে থাকিছিল। চিন্তা কৰক ইয়াৰ কাৰণে তেওঁ নিজকে কিমান অসহায় আৰু অকলশৰীয়া অনুভৱ কৰিছিল। আৰু কোনেও তেওঁক ভাল নোপোৱাৰ বাবে তেওঁক হয়তো কিমান বেয়া লাগিছিল। এনে লাগে যেন যীচুৱে তেওঁৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত উলিয়াইছিল আৰু তাৰ পাছত তেওঁ যীচুৰ শিষ্য হʼল। যীচুৱে আৰু কেনেকৈ তেওঁৰ বিশ্বাস জন্মালে যে যিহোৱাৰ কাৰণে তেওঁ মূল্যৱান হয়?

ছবি: ১. মৰিয়ম মগ্দলীনীয়ে এটা অন্ধকাৰ ৰাস্তাত আঁঠুকাঢ়ি বহি আছে আৰু বহুত চিন্তিত হৈছে। যীচুৱে তেওঁক পিছফালৰ পৰা চাই আছে। ২. মৰিয়ম মগ্দলীনীয়ে আনন্দেৰে যীচু আৰু তেওঁৰ শিষ্যসকলৰ লগত গৈ আছে।

যীচুৱে মৰিয়ম মগ্দলীনীক কেনেকৈ বিশ্বাস দিয়ালে যে তেওঁ যিহোৱাৰ দৃষ্টিত মূল্যৱান হয়? (অনুচ্ছেদ ১০-১১ চাওক)


১১. যীচুৱে মৰিয়ম মগ্দলীনীৰ কেনেকৈ বিশ্বাস জন্মালে যে তেওঁ যিহোৱাৰ দৃষ্টিত মূল্যৱান হয়? (ছবিবোৰো চাওক।)

১১ যীচুৱে যেতিয়া গাঁৱে গাঁৱে প্ৰচাৰ কৰিবলৈ গৈছিল, তেতিয়া তেওঁ মৰিয়মকো নিজৰ লগত আহিবলৈ সুযোগ দিছিল।b ইয়াৰ বাবে মৰিয়মে যীচুৰ পৰা আৰু বহুতো কথা শিকিবলৈ পালে। যিদিনাখন যীচুৱে আকৌ জীয়াই উঠিছিল, সেই দিনাখনেই তেওঁ মৰিয়মক লগ কৰিলে। যিসকল শিষ্যৰ লগত যীচুৱে কথা পাতিছিল, তেওঁলোকৰ ভিতৰত মৰিয়মেই প্ৰথম আছিল। যীচুৱে তেওঁক এটা কামো দিলে। যীচুৱে আকৌ জীয়াই উঠিল বুলি পাঁচনিসকলক জনাবলৈ তেওঁক কʼলে। যীচুৱে তেওঁৰ লগত যিদৰে ব্যৱহাৰ কৰিলে, তাৰ পৰা দেখুৱালে যে যিহোৱাৰ দৃষ্টিত তেওঁ মূল্যৱান হয়।—যোহ. ২০:১১-১৮.

১২. লিডিয়াই এইদৰে কিয় অনুভৱ কৰিছিল যে তেওঁ কাৰো প্ৰেমৰ যোগ্য নহয়?

১২ মৰিয়ম মগ্দলীনীৰ দৰে আজিও এনে বহুতো ভাই-ভনী আছে, যিসকলক কোনেও ভাল নাপায় আৰু তল চকুৰে চায়। স্পেইনত থকা লিডিয়া নামৰ এগৰাকী ভনীৰ উদাহৰণলৈ মন কৰক। যেতিয়া তেওঁ নিজৰ মাকৰ পেটত আছিল, তেতিয়া তেওঁৰ মাকে এবৰ্চন কৰিব বিচাৰিছিল। তেওঁ যেতিয়া ডাঙৰ হʼবলৈ ধৰিলে, তেতিয়া তেওঁৰ মাকে তেওঁৰ প্ৰতি অলপো ধ্যান দিয়া নাছিল। মাকে তেওঁক দোষ দিছিল আৰু তেওঁৰ বিষয়ে বেয়া বেয়াকৈ কৈছিল। লিডিয়াই এইদৰে কয়, “মায়ে মোক মৰম কৰা নাছিল। সেইবাবে, আনে মোক মৰম কৰা আৰু মোৰ বন্ধু হোৱাটো মই সদায় বিচাৰিছিলোঁ। কিন্তু মোৰ অনুভৱ হৈছিল যে মই কাৰো প্ৰেমৰ যোগ্য নহওঁ। মাৰ কথাৰ পৰা মোৰ বিশ্বাস হৈছিল যে মই এজনী বেয়া ছোৱালী হওঁ।”

১৩. লিডিয়াৰ কেনেকৈ বিশ্বাস হʼল যে যিহোৱাৰ দৃষ্টিত তেওঁ মূল্যৱান হয়?

১৩ তাৰ পাছত লিডিয়াই বাইবেল অধ্যয়ন কৰিবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ইয়াৰ উপৰিও মণ্ডলীৰ ভাই-ভনীসকলৰ লগত সংগতি কৰিবলৈ ধৰিলে, যিসকলে তেওঁৰ লগত মৰমেৰে ব্যৱহাৰ কৰিলে আৰু তেওঁৰ সাহস বঢ়ালে। এইবোৰ কথাই তেওঁক বিশ্বাস কৰিবলৈ সহায় কৰিলে যে যিহোৱাৰ দৃষ্টিত তেওঁ মূল্যৱান হয়। লিডিয়াই এইদৰে কৈছে, “মোক প্ৰেম কৰোঁ বুলি মোৰ স্বামীয়ে মোক প্ৰায়েই কয় আৰু মোক সদায় কয় যে মোৰ কি কথা তেওঁক ভাল লাগে আৰু তাৰ বাবে তেওঁ মোক প্ৰশংসাও কৰে। মোৰ বন্ধুসকলেও এইদৰেই কয়।” আপোনাৰ মণ্ডলীতো এনে কোনো ভাই বা ভনী আছে নে, যিজনক আপুনি বিশ্বাস দিব পাৰে যে যিহোৱাৰ দৃষ্টিত তেওঁ মূল্যৱান হয়?

নিজকে যিহোৱাৰ দৃষ্টিৰে চাওক—কেনেকৈ?

১৪. নিজকে যিহোৱাৰ দৃষ্টিৰে চাবলৈ ১ চমূৱেল ১৬:৭ পদে আমাক কেনেকৈ সহায় কৰে? (“যিহোৱাৰ কাৰণে তেওঁৰ লোকসকল কিয় বহুত মূল্যৱান হয়?” নামৰ বক্সখনো চাওক।)

১৪ মনত ৰাখক যিহোৱাই যিদৰে চায়, মানুহে সেইদৰে নাচায়। (১ চমূৱেল ১৬:৭ পঢ়ক।) জগতৰ লোকসকলে আপোনাৰ চেহেৰা-পাতি, আপুনি কিমান ধনী বা দুখীয়া আৰু আপুনি লিখা-পঢ়া হয় নে নহয়, সেয়া চাই আপোনাৰ কিমান মূল্য তাৰ নিৰ্ণয় লয়। (যিচ. ৫৫:৮, ৯) কিন্তু যিহোৱাই সেইদৰে নাচায়। সেইবাবে, নিজকে যিহোৱাৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰক। যদি আপুনি বিচাৰে, তেনেহʼলে আপুনি বাইবেলত দিয়া সেই লোকসকলৰ বিষয়ে পঢ়িব পাৰে, যিসকলে এটা সময়ত নিজকে কোনো কামৰ যোগ্য নহওঁ বুলি ভাবিছিল। যেনে এলিয়া, নয়মী আৰু হান্নাৰ বিষয়ে পঢ়িব পাৰে আৰু এয়া চাবলৈ চেষ্টা কৰিব পাৰে যে যিহোৱাই তেওঁলোকক কিমান প্ৰেম কৰিছিল। আপুনি আৰু এটা কাম কৰিব পাৰে। আপোনাৰ ওচৰতো নিশ্চয় এনে অনুভৱ আছে, যেতিয়া আপুনি অনুভৱ কৰিছিল যে যিহোৱাই আপোনাক কিমান প্ৰেম কৰে আৰু আপোনাক মূল্যৱান বুলি ভাবে। আপুনি হয়তো এনে অনুভৱবোৰ লিখি থʼব পাৰে। ইয়াৰ উপৰিও আমাৰ প্ৰকাশনবোৰত আত্মসন্মান হেৰুৱাৰ বিষয়ে যি লেখ আৰু ভিডিঅʼবোৰ আহে, সেয়াও আপুনি চাব পাৰে।c

যিহোৱাৰ কাৰণে তেওঁৰ লোকসকল কিয় বহুত মূল্যৱান হয়?

আমি মানুহবিলাক জীৱ-জন্তুতকৈ একেবাৰে বেলেগ। যিহোৱাই আমাক এনেদৰে সৃষ্টি কৰিছে যাতে আমি তেওঁৰ লগত এক সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ আৰু তেওঁৰ বন্ধু হʼব পাৰোঁ। (আদি. ১:২৭; গীত. ৮:৫; ২৫:১৪; যিচ. ৪১:৮) ইয়াৰ পৰা বুজিব পাৰি যে আমি যিহোৱাৰ দৃষ্টিত বহুত মূল্যৱান হওঁ। কিন্তু এই কথাৰ ওপৰত বিশ্বাস কৰাৰ আমাৰ ওচৰত আৰু এটা কাৰণ আছে। আমি যিহোৱাৰ কাষ চাপিছোঁ, তেওঁৰ আজ্ঞা পালন কৰোঁ আৰু নিজৰ জীৱন তেওঁলৈ সমৰ্পণ কৰিছোঁ, সেইবাবে আমি আমাৰ সৃষ্টিকৰ্তা আৰু ঈশ্বৰৰ দৃষ্টিত আৰু বেছি মূল্যৱান হওঁ।—যিচ. ৪৯:১৫.

১৫. দানিয়েল কিয় ঈশ্বৰৰ বাবে “অতি প্ৰিয়” আছিল? (দানিয়েল ৯:২৩)

১৫ মনত ৰাখক আপুনি যিহোৱাৰ বিশ্বাসী হয়, সেইবাবে তেওঁৰ দৃষ্টিত মূল্যৱান হয়। দানিয়েল এসময়ত নিৰাশ হৈ পৰিছিল আৰু একেবাৰে “ভাগৰি” পৰিছিল। সেই সময়ত তেওঁৰ বয়স হয়তো ৯০-তকৈ বেছি আছিল। (দানি. ৯:২০, ২১, NW) তেতিয়া যিহোৱাই কেনেকৈ তেওঁৰ সাহস বঢ়ালে? তেওঁ গাব্ৰিয়েল নামৰ এজন স্বৰ্গদূতক তেওঁৰ ওচৰলৈ পঠিয়ালে। গাব্ৰিয়েলে তেওঁক কʼলে যে যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁ ঈশ্বৰৰ বাবে “অতি প্ৰিয়।” (দানিয়েল ৯:২৩ পঢ়ক।) কিন্তু দানিয়েল যিহোৱাৰ বাবে কিয় অতি প্ৰিয় আছিল? কিয়নো তেওঁৰ বহুতো ভাল গুণ আছিল, যেনে তেওঁ ভাল ব্যক্তি আছিল আৰু তেওঁ এজন বিশ্বাসী মানুহ আছিল। (যিহি. ১৪:১৪) যিহোৱাই দানিয়েলৰ বিষয়ে বাইবেলত লিখাইছে যাতে আমি তাৰ পৰা সাহস পাব পাৰোঁ। (ৰোম. ১৫:৪) আজিও যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনে আৰু আমাক মূল্যৱান বুলি ভাবে। কিয়নো আমি যিহোৱাৰ দৃষ্টিত যি সঠিক, সেই কামবোৰ কৰোঁ আৰু সম্পূৰ্ণ বিশ্বাসেৰে তেওঁৰ সেৱা কৰোঁ।—মীখা ৬:৮; ইব্ৰী ৬:১০.

১৬. আপুনি কেনেকৈ নিজকে বিশ্বাস দিয়াব পাৰে যে যিহোৱা আপোনাৰ পিতৃ হয়, যিজনে আপোনাক বহুত প্ৰেম কৰে?

১৬ মনত ৰাখক যিহোৱা আপোনাৰ পিতৃ হয়, যিজনে আপোনাক বহুত প্ৰেম কৰে। যিহোৱাই আপোনাৰ ভুলবোৰ বিচাৰি নাথাকে, ইয়াৰ পৰিৱৰ্তে তেওঁ আপোনাক সহায় কৰিব বিচাৰে। (গীত. ১৩০:৩; মথি ৭:১১; লূক ১২:৬, ৭) এই কথাৰ ওপৰত মনন কৰাৰ বাবে এনে বহুতো লোকে সহায় পাইছে, যিসকলে নিজকে কোনো কামৰ নহওঁ বুলি ভাবিছিল। স্পেইনত থকা ভনী এলিয়ানাৰ উদাহৰণলৈ মন কৰক। তেওঁৰ স্বামীয়ে বহু বছৰৰ পৰা তেওঁক ঠাট্টা কৰিছিল আৰু বেয়া বেয়াকৈ কৈছিল। ইয়াৰ বাবে তেওঁ কোনো কামৰ যোগ্য নহয় বুলি ভাবিছিল। ভনীয়ে এইদৰে কৈছে, “যেতিয়াই মোৰ অনুভৱ হৈছিল যে মই কোনো কামৰ যোগ্য নহওঁ, তেতিয়াই মই ভাবিছিলোঁ যে মই যিহোৱাৰ কোলাত আছোঁ আৰু তেওঁ মোক প্ৰেম কৰে। এইদৰে কৰাৰ বাবে মই মনত বহুত শান্তি পালোঁ।” (গীত. ২৮:৯) দক্ষিণ আফ্ৰিকাত থকা ভনী লʼৰেনে যেতিয়া নিৰাশ হয়, তেতিয়া তেওঁ কি ভাবে? তেওঁ এইদৰে কৈছে, “যদি মোক ঈশ্বৰে প্ৰেমৰ জৰীৰে নিজৰ ফালে আকৰ্ষিত কৰিছে, ইমান বছৰ ধৰি নিজৰ কাষত ৰাখিছে আৰু তেওঁৰ বিষয়ে আনক জনাবলৈ মোক সুযোগ দিছে, তেনেহʼলে মই নিশ্চয় তেওঁৰ দৃষ্টিত মূল্যৱান হওঁ আৰু তেওঁৰ কামৰ হওঁ।”—হোচে. ১১:৪.

১৭. আমি কেনেকৈ জানিব পাৰোঁ যে আমাৰ ওপৰত যিহোৱাৰ অনুমোদন আছে? (গীতমালা ৫:১২) (ছবিখনো চাওক।)

১৭ বিশ্বাস ৰাখক, যিহোৱা আপোনাৰ পৰা আনন্দিত। (গীতমালা ৫:১২ পঢ়ক।) দায়ূদে কৈছে যে যিহোৱাৰ অনুমোদন এটা ডাঙৰ ‘ঢাল’ হয়, অৰ্থাৎ তেওঁ ভাল লোকসকলৰ পৰা আনন্দিত হয় আৰু তেওঁলোকক সুৰক্ষা দিয়ে। যদি আপুনি মনত ৰাখে যে যিহোৱাৰ অনুমোদন আপোনাৰ ওপৰত আছে আৰু তেওঁ আপোনাৰ লগত আছে, তেনেহʼলে আপোনাৰ সুৰক্ষা হʼব। আপোনাক এই চিন্তাই আমনি নকৰিব যে আপুনি কোনো কামৰ যোগ্য নহয়। কিন্তু আপুনি কেনেকৈ জানিব পাৰে যে যিহোৱাৰ অনুমোদন আপোনাৰ ওপৰত আছে? যিদৰে আমি দেখিছিলোঁ যিহোৱাই নিজৰ বাক্য বাইবেলৰ যোগেদি জনায় যে তেওঁ আমাৰ বিষয়ে কেনে অনুভৱ কৰে। ইয়াৰ উপৰিও তেওঁ প্ৰাচীন, ভাল বন্ধু আৰু ভাই-ভনীসকলৰ যোগেদি বিশ্বাস দিয়ায় যে আমি তেওঁৰ দৃষ্টিত মূল্যৱান হওঁ। কিন্তু যেতিয়া কোনোবাই আমাৰ সাহস বঢ়ায়, তেতিয়া আমি কি কৰা উচিত?

দুগৰাকী ভনীয়ে মিচিকীয়াই হাঁহি হাঁহি ৰাজ্যগৃহৰ পৰা বাহিৰলৈ ওলাই প্ৰচাৰলৈ গৈ আছে। এগৰাকী ভনীয়ে আন এজনী ভনীৰ কান্ধত হাতখন থৈছে।

আমাৰ ওপৰত যিহোৱাৰ অনুমোদন আছে বুলি যদি আমি মনত ৰাখোঁ, তেনেহʼলে আমি এয়া ভাবি চিন্তিত নহʼম যে আমি কোনো কামৰ যোগ্য নহওঁ (অনুচ্ছেদ ১৭ চাওক)


১৮. যেতিয়া কোনোবাই আপোনাৰ প্ৰশংসা কৰে, তেতিয়া আপুনি তাক কিয় গ্ৰহণ কৰা উচিত?

১৮ যিসকলে আপোনাক জানে আৰু প্ৰেম কৰে, যেতিয়া তেওঁলোকে আপোনাৰ প্ৰশংসা কৰে, তেনেহʼলে সেয়া গ্ৰহণ কৰক আৰু আনন্দত থাকক। মনত ৰাখক, যিহোৱাই ভাই-ভনীসকলৰ যোগেদি বিশ্বাস দিয়ায় যে তেওঁৰ অনুমোদন আমাৰ ওপৰত আছে। ওপৰত উল্লেখ কৰা ভনী এলিয়ানাৰ উদাহৰণলৈ মন কৰক। তেওঁ এইদৰে কৈছে, “যেতিয়া কোনোবাই মোৰ প্ৰশংসা কৰে, তেতিয়া এয়া গ্ৰহণ কৰাটো মোৰ বাবে বহুত কঠিন হয়। মই মনতে ভাবোঁ, মই ইয়াৰ যোগ্য নহওঁ। কিন্তু মই সেই প্ৰশংসা গ্ৰহণ কৰাটো যিহোৱাই বিচাৰে। সেইবাবে, মই এইদৰে কৰিবলৈ চেষ্টা কৰি আছোঁ।” প্ৰাচীনসকলেও ভনীক সহায় কৰি আছে। এতিয়া ভনী এগৰাকী অগ্ৰগামী সেৱক হয় আৰু তেওঁ বেথেলৰ বাবেও কাম কৰি আছে।

১৯. আপুনি কিয় বিশ্বাস ৰাখিব পাৰে যে আপুনি যিহোৱাৰ দৃষ্টিত মূল্যৱান হয়?

১৯ যীচুৱে আমাক মনত পেলাই দিয়ে যে আমি যিহোৱাৰ বাবে বহুত অৰ্থ ৰাখোঁ। (লূক ১২:২৪) সেইবাবে, আমি বিশ্বাস ৰাখিব পাৰোঁ যে আমি যিহোৱাৰ দৃষ্টিত বহুত মূল্যৱান। আহক, এই কথা আমি সদায় মনত ৰাখোঁ আৰু আনকো বিশ্বাস দিয়াওঁ যে যিহোৱাৰ দৃষ্টিত তেওঁলোকেও বহুত মূল্যৱান।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যীচুৱে লোকসকলক কেনেকৈ বিশ্বাস দিয়ালে যে তেওঁলোকে যিহোৱাৰ দৃষ্টিত মূল্যৱান হয়?

  • যিগৰাকী তিৰোতাৰ তেজ বোৱা বেমাৰ আছিল, যীচুৱে তেওঁক কেনেকৈ সহায় কৰিলে?

  • নিজকে যিহোৱাৰ দৃষ্টিৰে চাবলৈ আমি কি কৰিব পাৰোঁ?

গীত নং ১৩৯ নিজকে নতুন পৃথিৱীত চোৱা

a কিছুমান নাম সলনি কৰা হৈছে।

b মৰিয়ম মগ্দলীনী সেই তিৰোতাসকলৰ মাজৰ এজনী আছিল, যিসকলে যীচু আৰু তেওঁৰ শিষ্যসকলৰ লগত যাত্ৰা কৰিছিল। এই তিৰোতাসকলে নিজৰ ধন-সম্পত্তিৰে যীচু আৰু তেওঁৰ পাঁচনিসকলৰ সেৱা কৰিছিল।—মথি ২৭:৫৫, ৫৬; লূক ৮:১-৩.

c উদাহৰণস্বৰূপে যিহোৱাৰ কাষ চাপক (হিন্দী) কিতাপখনৰ অধ্যায় ২৪ আৰু বাক্য যি পথ দেখুৱায় (হিন্দী) কিতাপখনৰ “নিজকে কোনো কামৰ যোগ্য নহওঁ বুলি ভবা” বিষয়ত দিয়া পদবোৰ আৰু বাইবেলৰ ঘটনাবোৰ পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক