ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 ডিচেম্বৰ পৃষ্ঠা ১৪-১৯
  • যিহোৱাৰ দৰে নম্ৰ হওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ দৰে নম্ৰ হওক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিকোনো মানুহে যিহোৱাৰ ওচৰলৈ সহজে আহিব পাৰে
  • যিহোৱাই নিজৰ কথাত লাগি নাথাকে আৰু আনক বুজি পায়
  • যিহোৱাই ধৈৰ্য ধৰে
  • যিহোৱাই নম্ৰ লোকসকলৰ ওপৰত ধ্যান দিয়ে
  • যিহোৱা আৰু যীচুৰ দৰে চিন্তাধাৰা ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • আনক দিলে বহুত আনন্দ পোৱা যায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 ডিচেম্বৰ পৃষ্ঠা ১৪-১৯

অধ্যয়নৰ লেখ ৫০

গীত নং ১১৭ যিহোৱাক অনুকৰণ কৰা

যিহোৱাৰ দৰে নম্ৰ হওক

“ঈশ্বৰৰ প্ৰিয় লʼৰা-ছোৱালীৰ দৰে তেওঁৰ উদাহৰণত চলা।”—ইফি. ৫:১.

কি শিকিম?

আমি যিহোৱাৰ দৰে নম্ৰ কেনেকৈ হʼব পাৰোঁ, তাৰ চাৰিটা উপায়ৰ বিষয়ে মন কৰিম।

১. যিহোৱাৰ নম্ৰতাৰ বিষয়ে জানি আমি কিয় আচৰিত হওঁ?

জগতৰ যিসকল লোকৰ ওচৰত শক্তি আৰু অধিকাৰ আছে, তেওঁলোক প্ৰায়ে অহংকাৰী হয় আৰু নিজকে আনতকৈ ডাঙৰ বুলি ভাবে। কিন্তু যিহোৱা সেইদৰে নহয়, তেওঁ সৰ্বশক্তিমান ঈশ্বৰ হয়, তথাপি তেওঁ অহংকাৰী নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁ নম্ৰ হয়। (গীত. ১১৩:৫-৮) আচলতে তেওঁৰ প্ৰতিটো কামত নম্ৰতাৰ গুণ দেখিবলৈ পোৱা যায়। আহক এতিয়া আমি তেওঁৰ চাৰিটা গুণৰ বিষয়ে আলোচনা কৰোঁ আৰু চাওঁ যে এই গুণবোৰৰ পৰা কেনেকৈ জানিব পাৰি যে তেওঁ নম্ৰ হয়। আমি এয়াও শিকিম যে যীচু কেনেকৈ নিজৰ পিতৃৰ দৰে নম্ৰ আছিল। এইবোৰৰ ওপৰত আলোচনা কৰিলে আমি আৰু বেছিকৈ নম্ৰ হʼব পাৰিম আৰু যিহোৱাৰ কাষ চাপিব পাৰিম।

যিকোনো মানুহে যিহোৱাৰ ওচৰলৈ সহজে আহিব পাৰে

২. গীতমালা ৬২:৮ পদৰ পৰা আমি যিহোৱাৰ বিষয়ে কি জানিব পাৰোঁ?

২ অহংকাৰী লোকসকলক কোনেও ভাল নাপায়। তেওঁলোকে নিজকে ইমানেই ডাঙৰ বুলি ভাবে যে লোকসকলে তেওঁলোকৰ ওচৰলৈ যাব নিবিচাৰে আৰু তেওঁলোকৰ পৰা দূৰে দূৰে থাকে। কিন্তু যিহোৱা সেই অহংকাৰী লোকসকলৰ পৰা একেবাৰে বেলেগ, তেওঁ নম্ৰ হয়। সেইবাবে, আমি তেওঁৰ কাষ চপা আৰু নিজৰ সকলো চিন্তাৰ বিষয়ে খুলি কোৱাটো তেওঁ বিচাৰে। (গীতমালা ৬২:৮ পঢ়ক।) এজন মৰমিয়াল দেউতাই যিদৰে নিজৰ লʼৰা-ছোৱালীৰ কথা মন দি শুনে, ঠিক সেইদৰে যিহোৱাও আমাৰ প্ৰাৰ্থনা মন দি শুনে। ইয়াৰ উপৰিও, তেওঁ নিজৰ বহুতো সেৱকৰ প্ৰাৰ্থনা বাইবেলত লিখাইছে। ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনিব বিচাৰে। (যিহো. ১০:১২-১৪; ১ চমূ. ১:১০-১৮) কিন্তু কেতিয়াবা কিবা এটা কাৰণৰ বাবে আমাক লাগিব পাৰে যে আমি তেওঁৰ প্ৰেমৰ যোগ্য নহওঁ। এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ?

এজন দেউতাই মন দি নিজৰ লʼৰাৰ কথা শুনি আছে। তেওঁৰ লʼৰাজনে জনাই আছে যে প্লেইনেৰে খেলি থাকোঁতে সি ফুলদানি ভাঙি পেলালে।

এজন দেউতাই যিহোৱাৰ দৰে নম্ৰ হʼবলৈ চেষ্টা কৰি আছে। তেওঁৰ লʼৰাই খেলি থাকোঁতে ফুলদানি ভাঙি পেলায়, কিন্তু দেউতাকে মন দি তাৰ কথা শুনি আছে (অনুচ্ছেদ ২ চাওক)


৩. আমি যিহোৱালৈ প্ৰাৰ্থনা কৰাটো তেওঁ বিচাৰে বুলি আমি কিয় বিশ্বাস ৰাখিব পাৰোঁ?

৩ যেতিয়া আমাৰ অনুভৱ হয় যে আমি ঈশ্বৰৰ প্ৰেমৰ যোগ্য নহওঁ, তেতিয়াও আমি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। খন্তেকৰ বাবে হেৰাই যোৱা লʼৰাৰ উদাহৰণলৈ মন কৰক। তেওঁ পাপ কৰাৰ পাছত অনুতাপ কৰিছিল, তথাপিও তেওঁক লাগিছিল যে তেওঁ দেউতাকৰ ওচৰলৈ উভতি যোৱাৰ যোগ্য নহয়। কিন্তু তেওঁ যেতিয়া ঘৰলৈ উভতি আহে, তেতিয়া দেউতাকে কি কৰিলে? যীচুৱে কʼলে যে দেউতাকে লʼৰাজনক দেখাৰ লগে লগে “দৌৰি গৈ লʼৰাজনক সাৱটি লʼলে আৰু মৰমেৰে তাক চুমা খাবলৈ ধৰিলে।” (লূক ১৫:১৭-২০) যিহোৱাও সেই দেউতাকৰ দৰে হয়। যেতিয়া এজন ব্যক্তিয়ে ভুল কৰে বা চিন্তাই তেওঁক আমনি কৰে, তেতিয়া সেই ব্যক্তিজনৰ বহুত দুখ লাগে। সেই সময়ত তেওঁ যেতিয়া যিহোৱালৈ প্ৰাৰ্থনা কৰে, তেতিয়া যিহোৱাই নম্ৰ হোৱাৰ কাৰণে লগে লগে তেওঁৰ ওপৰত ধ্যান দিয়ে আৰু তেওঁৰ প্ৰাৰ্থনা শুনে। (বিলা. ৩:১৯, ২০) তেওঁৰ প্ৰতি যিহোৱাৰ দয়া উপজে। সেইবাবে, যিহোৱাই যেন দৌৰি তেওঁৰ ওচৰলৈ যায় আৰু তেওঁক শান্ত্বনা দিয়ে। যিহোৱাই তেওঁক প্ৰেম কৰে আৰু তেওঁক ক্ষমা কৰিলে বুলি তেওঁৰ বিশ্বাস জন্মায়। (যিচ. ৫৭:১৫) যিহোৱাই আজি কেনেকৈ “দৌৰি” আমাৰ ওচৰলৈ আহে? তেওঁ প্ৰায়ে প্ৰাচীন, মণ্ডলীৰ ভাই-ভনী আৰু পৰিয়ালৰ সেই লোকসকলৰ যোগেদি আমাক শান্ত্বনা দিয়ে, যিসকল সত্যত আছে। (যাকো. ৫:১৪, ১৫) তেওঁ এইবোৰ কিয় কৰে? কিয়নো আমি তেওঁৰ কাষ চপাটো তেওঁ বিচাৰে।

৪. লোকসকলে কিয় সহজে যীচুৰ লগত কথা পাতিব পাৰিছিল?

৪ যীচু নিজৰ পিতৃৰ দৰে হয়। যীচু নিজৰ পিতৃৰ দৰে নম্ৰ হয়। সেইবাবে, যেতিয়া তেওঁ পৃথিৱীত আছিল, তেতিয়া লোকসকলে তেওঁৰ লগত খুলি কথা পাতিব পাৰিছিল আৰু তেওঁক প্ৰশ্ন সুধিবলৈ ভয় কৰা নাছিল। (মাৰ্ক ৪:১০, ১১) যেতিয়া যীচুৱে তেওঁলোকক কিবা এটা বিষয়ত প্ৰশ্ন সুধিছিল, তেতিয়া তেওঁলোকে সহজে নিজৰ মতামত জনাইছিল। (মথি ১৬:১৩-১৬) ইয়াৰ উপৰিও, যেতিয়া তেওঁলোকে কিবা ভুল কৰিছিল, তেতিয়া তেওঁলোকে এয়া ভাবি ভয় কৰা নাছিল যে যীচুৱে এতিয়া কি কৰিব। কাৰণ তেওঁলোকে জানিছিল যে যীচুৱে তেওঁলোকক প্ৰেম কৰে, তেওঁলোকৰ লগত ধৈৰ্য ধৰে আৰু তেওঁলোকক দয়া দেখুৱায়। (মথি ১৭:২৪-২৭) যীচু নিজৰ পিতৃৰ দৰে আছিল। সেইবাবে, যীচুক দেখি তেওঁৰ শিষ্যসকলে যিহোৱাৰ বিষয়ে ভালদৰে জানিব পাৰিলে। (যোহ. ১৪:৯) তেওঁলোকে জানিব পাৰিলে যে যিহোৱা সেই ধৰ্ম গুৰুবিলাকৰ দৰে নহয়, যিসকল অহংকাৰী আৰু কঠোৰ হয়, ইয়াৰ পৰিৱৰ্তে যিহোৱা নম্ৰ হয় আৰু লোকসকলে তেওঁৰ ওচৰলৈ চাপি অহাটো তেওঁ বিচাৰে।

৫. আমি নম্ৰ হʼলে লোকসকলে কিয় সহজে আমাৰ ওচৰলৈ আহিব?

৫ আমি যিহোৱাৰ দৰে কেনেকৈ হʼব পাৰোঁ? যদি আমি নম্ৰ হওঁ তেনেহʼলে লোকসকলে সহজে আমাৰ ওচৰলৈ আহিব। যিজন ব্যক্তি নম্ৰ নহয়, তেওঁ আনক হিংসা কৰে, অহংকাৰী হয় আৰু ক্ষমা নকৰে। সেইবাবে, লোকসকলে তেওঁৰ পৰা দূৰে দূৰে থাকে। কিন্তু আমি যদি নম্ৰ হওঁ, তেনেহʼলে আনৰ লগত মৰম আৰু দয়াৰে ব্যৱহাৰ কৰিম আৰু আনৰ পৰা ভুল হʼলে ক্ষমা কৰিম। ইয়াৰ কি পৰিণাম হʼব? লোকসকলে সহজে আমাৰ ওচৰলৈ আহিব। (কল. ৩:১২-১৪) বিশেষকৈ প্ৰাচীনসকলে এই কথাৰ ওপৰত ধ্যান দিয়া উচিত যাতে ভাই-ভনীসকলে সহজে তেওঁলোকৰ ওচৰলৈ আহি কথা পাতিব পাৰে। তেওঁলোকে ভাই-ভনীসকলৰ লগত বেছিকৈ সময় কটাব পাৰে। যেনে, অনলাইনৰ যোগেদি সভাত জইন হোৱাৰ পৰিৱৰ্তে ভাই-ভনীসকলৰ লগত ৰাজ্যগৃহত সভাত উপস্থিত হʼবলৈ চেষ্টা কৰিব পাৰে আৰু যদি সম্ভৱ হয়, তেনেহʼলে ভাই-ভনীসকলৰ লগত ঘৰে ঘৰে প্ৰচাৰ কৰিব পাৰে। এইদৰে কৰিলে ভাই-ভনীসকলে তেওঁলোকক ভালদৰে জানিব পাৰিব আৰু প্ৰয়োজন হʼলে সহজে তেওঁলোকৰ লগত কথা পাতিব পাৰিব।

যিহোৱাই নিজৰ কথাত লাগি নাথাকে আৰু আনক বুজি পায়

৬-৭. যিহোৱাই কেনেকৈ নিজৰ সেৱকসকলৰ মিনতি শুনি নিজৰ নিৰ্ণয় সলনি কৰিলে? ইয়াৰ কিছুমান উদাহৰণ দিয়ক।

৬ অহংকাৰী ব্যক্তিয়ে নিজৰ কথাত লাগি থাকে। তেওঁলোকে নিজৰ মতামত সঠিক হয় বুলি ভাবে আৰু সেয়া সলনি কৰিব নিবিচাৰে। কিন্তু যিহোৱা সেইদৰে নহয়, তেওঁ নম্ৰ হয় আৰু নিজৰ কথাত লাগি নাথাকে। তেওঁ সকলোতকৈ মহান ঈশ্বৰ হয় আৰু তেওঁৰ নিৰ্ণয় সদায় সঠিক হয়, তথাপি তেওঁ আনৰ কথা শুনিবলৈ সাজু থাকে। মোচিৰ বায়েক মিৰিয়মৰ ঘটনালৈ মন কৰক। তেওঁ হাৰোণৰ লগত মিলি যিহোৱাই নেতৃত্ব লʼবলৈ বাছনি কৰা মোচিৰ বিৰুদ্ধে অভিযোগ কৰিছিল। এইদৰে কৰি তেওঁলোকে যিহোৱাক অনাদৰ কৰিছিল। সেইবাবে, যিহোৱাৰ বহুত খং উঠিল আৰু মিৰিয়মক কুষ্ঠ ৰোগ দিলে। কিন্তু হাৰোণে মিৰিয়মক দয়া দেখুৱাবলৈ মোচিক অনুৰোধ কৰিলে। তাৰ পাছত মোচিয়ে মিৰিয়মক সুস্থ কৰিবলৈ যিহোৱালৈ মিনতি কৰিলে। তেতিয়া যিহোৱাই কি কৰিলে? যিহোৱা নম্ৰ হয়, সেইবাবে তেওঁ নিজৰ নিৰ্ণয়ত লাগি নাথাকিল, ইয়াৰ পৰিৱৰ্তে তেওঁ মোচিৰ কথা শুনিলে আৰু মিৰিয়মক সুস্থ কৰিলে।—গণ. ১২:১-১৫.

৭ যিহোৱা যে নম্ৰ হয়, সেয়া আমি হিষ্কিয়াৰ জীৱনৰ এটা ঘটনাৰ পৰা জানিব পাৰোঁ। যিহোৱাই নিজৰ ভৱিষ্যবক্তাৰ যোগেদি জনালে যে হিষ্কিয়া অতি সোনকালে ঢুকাব। সেইবাবে, হিষ্কিয়াই যিহোৱালৈ কান্দি কান্দি মিনতি কৰিলে। তাৰ পাছত যিহোৱাই তেওঁৰ ওপৰত দয়া দেখুৱালে আৰু তেওঁক আৰু ১৫ বছৰ জীয়াই থাকিবলৈ সুযোগ দিলে। (২ ৰাজা. ২০:১, ৫, ৬) ইয়াৰ পৰা জানিব পাৰি যে যিহোৱা নম্ৰ হয়, সেইবাবে তেওঁ আমাক সহানুভূতি দেখুৱায় আৰু আমাৰ কথা শুনিবলৈ সাজু থাকে।

৮. যীচুৱে আনক বুজি পায় বুলি আমি কিয় কʼব পাৰোঁ? উদাহৰণ দিয়ক। (মাৰ্ক ৩:১-৬)

৮ যীচু নিজৰ পিতৃৰ দৰে হয়। যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া তেওঁ লোকসকলৰ প্ৰয়োজনীয়তাবোৰ বুজি পাইছিল আৰু ভাল কাম কৰিবলৈ আগবাঢ়ি আহিছিল। উদাহৰণস্বৰূপে, বিশ্ৰাম-বাৰত কাৰোবাক সুস্থ কৰাটো ধৰ্ম গুৰুসকলে ভুল বুলি ভাবিছিল, কিন্তু যীচুৱে এইদৰে ভবা নাছিল। তেওঁ বিশ্ৰাম-বাৰতো লোকসকলক সুস্থ কৰিছিল। ইয়াৰ পৰা জানিব পাৰি যে যীচুৱে একেটা কথাতে লাগি থকা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ লোকসকলক বুজি পাইছিল। (মাৰ্ক ৩:১-৬ পঢ়ক।) যীচু খ্ৰীষ্টান মণ্ডলীৰ মুৰব্বী হয় আৰু আজিও তেওঁ লোকসকলক বুজি পায়। যেনে, যদি কোনো এজন ব্যক্তিয়ে গম্ভীৰ পাপ কৰে, তেতিয়া যীচুৱে তেওঁৰ লগত ধৈৰ্যেৰে ব্যৱহাৰ কৰে আৰু তেওঁক শুধৰণি কৰিবলৈ বহুতো সুযোগ দিয়ে।—প্ৰকা. ২:২-৫.

৯. আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমি আনক বুজি পাওঁ আৰু নিজৰ মতামতত লাগি নাথাকোঁ? (ছবিবোৰো চাওক।)

৯ আমি যিহোৱাৰ দৰে কেনেকৈ হʼব পাৰোঁ? আমি যিদৰে ভাবোঁ আৰু যিয়েই কৰোঁ, তাত যিহোৱাৰ দৰে আনক ভালদৰে বুজিবলৈ চেষ্টা কৰা উচিত। (যাকো. ৩:১৭) যিসকল মা-দেউতাই নিজৰ লʼৰা-ছোৱালীক বুজি পায়, তেওঁলোকে লʼৰা-ছোৱালীৰ পৰা বহুত বেছি আশা নকৰে। ইয়াৰ এটা ভাল উদাহৰণ হৈছে যাকোব। তেওঁ নিজৰ লʼৰা-ছোৱালীক ভালদৰে বুজি পাইছিল। (আদি. ৩৩:১২-১৪) ইয়াৰ উপৰিও, যিসকল মা-দেউতা নম্ৰ হয় আৰু লʼৰা-ছোৱালীক বুজি পায়, তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ মাজত তুলনা নকৰিব। প্ৰাচীনসকলেও নিজৰ মতামতত লাগি থকা উচিত নহয়। চিন্তা কৰক, প্ৰাচীনসকলে কোনো এটা বিষয়ত আলোচনা কৰিছে আৰু বেছিভাগ প্ৰাচীনে কিবা এটা নিৰ্ণয় লʼব বিচাৰিছে, যি বাইবেলৰ সিদ্ধান্তৰ বিৰুদ্ধে নহয়। তেতিয়া নিজৰ মতামতত লাগি নথকা প্ৰাচীনজনে তেওঁলোকৰ নিৰ্ণয়ত সহযোগ কৰিব, যদিও সেই নিৰ্ণয় তেওঁৰ মতামততকৈ একেবাৰে বেলেগ হয়। (১ তীম. ৩:২, ৩) মণ্ডলীৰ ভাই-ভনীসকলেও আনক বুজিবলৈ চেষ্টা কৰা উচিত। হয়তো কিবা এটা বিষয়ত আমাৰ চিন্তাধাৰা আনতকৈ একেবাৰে বেলেগ হʼব পাৰে। এনে পৰিস্থিতিত আমি বুজিবলৈ চেষ্টা কৰা উচিত যে তেওঁলোকে এইদৰে কিয় ভাবিছে। (ৰোম. ১৪:১) গতিকে আহক আমি এনে এজন ব্যক্তি হʼবলৈ চেষ্টা কৰোঁ, যিজনে আনক বুজি পায় আৰু “নিজৰ মতামতত লাগি” নাথাকে।—ফিলি. ৪:৫.

ছবি: এজন দেউতাই আনন্দেৰে নিজৰ লʼৰাৰ লগত ঘৰে ঘৰে প্ৰচাৰ কৰি আছে। ১. যেতিয়া তেওঁৰ লʼৰাই এজন ব্যক্তিক “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” ব্ৰচাৰ দি আছে, তেতিয়া দেউতা আনন্দিত হৈছে। ২. পাছত যেতিয়া তেওঁৰ ছোৱালীয়ে এগৰাকী তিৰোতাক jw.org যোগাযোগ কাৰ্ড দি আছে, তেতিয়া তেওঁ আনন্দিত আছে।

নিজৰ লʼৰা-ছোৱালীক বুজি পোৱা দেউতাকে নিজৰ লʼৰা-ছোৱালীৰ লগত প্ৰচাৰ কৰি আছে আৰু সিহঁতৰ পৰা প্ৰয়োজনতকৈ বেছি আশা কৰা নাই (অনুচ্ছেদ ৯ চাওক)


যিহোৱাই ধৈৰ্য ধৰে

১০. যিহোৱাই ধৈৰ্য ধৰে বুলি কেনেকৈ দেখুৱালে?

১০ আপুনি চাগে মন কৰিছে যে অহংকাৰী লোকসকলে অপেক্ষা কৰি ভাল নাপায়। তেওঁলোকে সহজে নিজৰ ধৈৰ্য হেৰুৱাই পেলায়। কিন্তু যিহোৱা সেইদৰে নহয়। তেওঁৰ নিচিনা কোনেও ধৈৰ্য ধৰিব নোৱাৰে। নোহৰ দিনৰ বিষয়ে মন কৰক। যিহোৱাই কৈছিল যে তেওঁ দুষ্ট লোকক ধ্বংস কৰিবলৈ ১২০ বছৰলৈকে অপেক্ষা কৰিব। (আদি. ৬:৩) সেই সময়ছোৱাত নোহে নিজৰ সন্তানবিলাকক ডাঙৰ-দীঘল কৰিব পাৰিলে আৰু পৰিয়ালৰ লগত মিলি জাহাজ বনাব পাৰিলে। আন এটা উদাহৰণলৈ মন কৰক। যেতিয়া যিহোৱাই অব্ৰাহামক কʼলে যে তেওঁ চদোম আৰু ঘমোৰা চহৰখন ধ্বংস কৰিব, তেতিয়া অব্ৰাহামে যিহোৱাক এটাৰ পাছত এটা বহুতো প্ৰশ্ন সুধিলে। সেই সময়ত যিহোৱাই ধৈৰ্য ধৰিলে আৰু তেওঁৰ কথা মনোযোগেৰে শুনিলে। যিহোৱাৰ ঠাইত এজন অহংকাৰী ব্যক্তি থকা হʼলে তেওঁ এইদৰে কʼলেহেঁতেন, ‘তই প্ৰশ্ন সুধিবলৈ সাহস কʼত পালি?’ কিন্তু যিহোৱা নম্ৰ হয়, সেইবাবে তেওঁ অব্ৰাহামৰ ওপৰত খং নকৰিলে, ইয়াৰ পৰিৱৰ্তে ধৈৰ্য ধৰিলে।—আদি. ১৮:২০-৩৩.

১১. দ্বিতীয় পিতৰ ৩:৯ পদৰ অনুসৰি যিহোৱাই আমাৰ সময়ত কিয় ধৈৰ্য ধৰি আছে?

১১ যিহোৱাই আমাৰ সময়তো ধৈৰ্য ধৰিছে। তেওঁ অন্ত অনাৰ কাৰণে যি সময় ঠিক কৰি থৈছে, তাৰ কাৰণে তেওঁ নিজেও অপেক্ষা কৰি আছে। তেওঁ কিয় ধৈৰ্য ধৰি আছে? কিয়নো “কোনেও ধ্বংস হোৱাটো তেওঁ নিবিচাৰে, ইয়াৰ পৰিৱৰ্তে সকলোৱে অনুতাপ কৰিবলৈ সুযোগ পোৱাটো বিচাৰে।” (২ পিতৰ ৩:৯ পঢ়ক।) তেওঁ ধৈৰ্য ধৰাৰ কাৰণে লাখ লাখ ভাল মানুহে যিহোৱাৰ কাষ চাপিব পাৰিছে আৰু আমাৰ আশা আছে যে আৰু বহুতো লোকে তেওঁৰ কাষ চাপিব। কিন্তু যিহোৱাৰ ধৈৰ্যৰ এটা সীমা আছে। তেওঁ লোকসকলক প্ৰেম কৰে, কিন্তু তেওঁ দুষ্ট লোকসকলক সহ্য কৰি নাথাকিব আৰু তেওঁলোকক নিজৰ ইচ্ছাৰ মতে কাম কৰি থাকিবলৈ নিদিব।—হব. ২:৩.

১২. যীচুৱে কেনেকৈ যিহোৱাৰ দৰে ধৈৰ্য ধৰি আছে?

১২ যীচু নিজৰ পিতৃৰ দৰে হয়। যীচুৱে হাজাৰ হাজাৰ বছৰৰ পৰা যিহোৱাৰ দৰে ধৈৰ্য ধৰি আছে। তেওঁ নিজ চকুৰে দেখিছে যে চয়তানে তেওঁৰ পিতৃ যিহোৱা আৰু মানুহৰ ওপৰত মিছা অভিযোগ লগাইছে। (আদি. ৩:৪, ৫; ইয়ো. ১:১১; প্ৰকা. ১২:১০) তেওঁ এয়াও দেখিছে যে মানুহে কিমান দুখ-কষ্টৰ সন্মুখীন হৈ আছে। চিন্তা কৰক, তেওঁ “চয়তানৰ কামবোৰ নষ্ট” কৰিবলৈ হয়তো কিমান আগ্ৰহী হৈ আছে! (১ যোহ. ৩:৮) তথাপি তেওঁ যিহোৱাৰ আজ্ঞাৰ বাবে অপেক্ষা কৰি আছে। যেতিয়াই যিহোৱাই তেওঁক আজ্ঞা দিব, তেতিয়াই তেওঁ চয়তান আৰু দুষ্ট জগতক ধ্বংস কৰি দিব। তেওঁ কিয় ধৈৰ্য ধৰি আছে? কিয়নো তেওঁ নম্ৰ হয় আৰু তেওঁ জানে যে অন্ত কেতিয়া আনিব, তাৰ নিৰ্ণয় লোৱাৰ অধিকাৰ কেৱল যিহোৱাৰ হয়।—পাঁচ. ১:৭.

১৩. যীচুৱে ধৈৰ্য ধৰে বুলি কেনেকৈ দেখুৱালে আৰু তেওঁ এইদৰে কিয় কৰিলে?

১৩ যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া তেওঁ নিজৰ পাঁচনিসকলৰ লগতো ধৈৰ্য ধৰিছিল। যেনে, তেওঁলোকৰ মাজত কোন ডাঙৰ হয়, এই বিষয়ক লৈ পাঁচনিসকলে বাৰে বাৰে তৰ্ক কৰিছিল। কিন্তু যীচুৱে আমনি পোৱা নাছিল। তেওঁ এয়াও ভবা নাছিল যে তেওঁলোকে কেতিয়াও শুধৰণি নকৰিব। (লূক ৯:৪৬; ২২:২৪-২৭) তেওঁৰ বিশ্বাস আছিল যে তেওঁলোকে নিজৰ ভুল চিন্তাধাৰা শুধৰণি কৰিব আৰু নম্ৰ হʼব। আপুনিও একেটা ভুল বাৰে বাৰে কৰিছে নে? যদি কৰিছে, তেনেহʼলে আপুনি নিশ্চয় আনন্দিত হʼব যে আপোনাৰ ৰজা যীচু কিমান নম্ৰ হয় আৰু ধৈৰ্য ধৰে!

১৪. আমি ধৈৰ্যৰ গুণ কেনেকৈ বঢ়াব পাৰোঁ?

১৪ আমি যিহোৱাৰ দৰে কেনেকৈ হʼব পাৰোঁ? যেতিয়া আমি “খ্ৰীষ্টৰ দৰে চিন্তাধাৰা” ৰাখোঁ, তেতিয়া আমি যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিব পাৰিম আৰু তেওঁৰ দৰে কাম কৰিব পাৰিম। (১ কৰি. ২:১৬) কিন্তু আমি কেনেকৈ খ্ৰীষ্টৰ দৰে চিন্তাধাৰা ৰাখিব পাৰোঁ? ইয়াৰ বাবে আমি পৰিশ্ৰম কৰিব লাগিব। আমি শুভবাৰ্তাৰ কিতাপবোৰ পঢ়িব লাগিব আৰু ইয়াৰ কিবা ঘটনা পঢ়াৰ সময়ত গভীৰভাৱে চিন্তা কৰিব লাগিব। লগতে নিজকে প্ৰশ্ন সুধিব লাগিব যে যীচুৱে যি কৰিলে, সেয়া কিয় কৰিলে। ইয়াৰ উপৰিও, যীচুৰ দৰে নম্ৰ হʼবলৈ আৰু ধৈৰ্য ধৰিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিব লাগিব। আমি যিমানেই বেছি এইদৰে কৰিম, সিমানেই যিহোৱাৰ দৰে ভাই-ভনীসকলৰ লগত আৰু বেছিকৈ ধৈৰ্য ধৰিব পাৰিম। আমি এয়াও মনত ৰাখিব পাৰিম যে যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিবলৈ আৰু কাম কৰিবলৈ আমাক সময় লাগিব।—মথি ১৮:২৬-৩০, ৩৫.

যিহোৱাই নম্ৰ লোকসকলৰ ওপৰত ধ্যান দিয়ে

১৫. যিহোৱাই নম্ৰ লোকসকলৰ ওপৰত ধ্যান দিয়ে বুলি কেনেকৈ দেখুৱালে? কিছুমান উদাহৰণ দিয়ক। (গীতমালা ১৩৮:৬)

১৫ গীতমালা ১৩৮:৬ পঢ়ক। মন কৰক, এয়া কিমান ডাঙৰ কথা যে গোটেই বিশ্বৰ মালিকে নম্ৰ লোকসকলৰ ওপৰত ধ্যান দিয়ে। প্ৰাচীন সময়ৰ এনে কিছুমান সেৱকৰ বিষয়ে চিন্তা কৰক, যিসকলক আন লোকসকলে সাধাৰণ বুলি ভাবিছিল। তেওঁলোকৰ মাজৰ কিছুমানক আমি হয়তো ইমান ধ্যানেই নিদিওঁ, কিন্তু যিহোৱাই তেওঁলোকৰ বিষয়ে বাইবেলত লিখাইছে। যেনে, তেওঁ মোচিৰ যোগেদি দবোৰা নামৰ এগৰাকী ধাইৰ বিষয়ে লিখাইছে, যিগৰাকী কুলপিতৃসকলৰ সময়ত জীয়াই আছিল। তেওঁ ইচহাক আৰু যাকোবৰ পৰিয়ালত ১২৫ বছৰলৈকে সেৱা কৰিলে। এই বিশ্বাসী তিৰোতাৰ বিষয়ে বাইবেলত বেছি কথা লিখা নাই। কিন্তু যিহোৱাই দবোৰাৰ বিষয়ে যি লিখাইছে, তাৰ পৰা জানিব পাৰি যে যাকোব আৰু তেওঁৰ পৰিয়ালে তেওঁক কিমান প্ৰেম আৰু সন্মান কৰিছিল। (আদি. ২৪:৫৯; ৩৫:৮) বহু বছৰৰ পাছত যিহোৱাই দায়ূদক ইস্ৰায়েলৰ ৰজা হিচাপে বাছনি কৰিছিল, সেই সময়ত তেওঁ সৰুৱেই আছিল আৰু নিজৰ দেউতাকৰ ভেড়া চৰাইছিল। (২ চমূ. ২২:১, ৩৬) তাৰ পাছত যীচুৰ যেতিয়া জন্ম হʼল, তেতিয়া যিহোৱাই সেই খবৰ প্ৰথমে সাধাৰণ ভেড়া ৰখীয়াবিলাকক দিলে। তেওঁ এজন স্বৰ্গদূতৰ যোগেদি জনালে যে বৈৎলেহেমত খ্ৰীষ্টৰ জন্ম হৈছে, যাৰ বিষয়ে ভৱিষ্যবাণী কৰা হৈছিল। (লূক ২:৮-১১) যেতিয়া যোচেফ আৰু মৰিয়মে কেঁচুৱা যীচুক মন্দিৰলৈ লৈ যায়, তেতিয়া যিহোৱাই বৃদ্ধ চিমিয়োন আৰু হান্নাক যীচুক চোৱাৰ সন্মান দিলে। যিহোৱাই তেওঁলোকক জনালে যে যীচু তেওঁৰ পুত্ৰ হয়। (লূক ২:২৫-৩০, ৩৬-৩৮) এই উদাহৰণবোৰৰ পৰা জানিব পাৰি যে যিহোৱা কিমান নম্ৰ হয়।

১৬. যীচুৱে কেনেকৈ নিজৰ পিতৃৰ দৰে সাধাৰণ লোকসকলৰ ওপৰত ধ্যান দিছিল?

১৬ যীচু নিজৰ পিতৃৰ দৰে হয়। নিজৰ পিতৃৰ দৰে যীচুৱেও সেই লোকসকলৰ ওপৰত ধ্যান দিছিল, যিসকলক সাধাৰণ লোক বুলি ভবা হৈছিল। তেওঁ ‘কম পঢ়া-শুনা আৰু সাধাৰণ মানুহক’ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাইছিল। (পাঁচ. ৪:১৩; মথি ১১:২৫) যীচুৱে বেমাৰী লোকসকলক সুস্থ কৰাৰ লগতে তেওঁলোকৰ লগত প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰিছিল। (লূক ৫:১৩) যীচুৱে নিজৰ মৃত্যুৰ আগৰাতি এনে কাম কৰিছিল যি কাম সাধাৰণতে চাকৰে কৰিছিল, তেওঁ নিজৰ পাঁচনিসকলৰ ভৰি ধুৱাইছিল। (যোহ. ১৩:৫) স্বৰ্গলৈ যোৱাৰ আগতে তেওঁ সকলো শিষ্য অৰ্থাৎ আমাকো এটা গুৰুত্বপূৰ্ণ কাম দিছে। তেওঁ কৈছে যে আমি লোকসকলক শুভবাৰ্তা জনোৱা উচিত যাতে তেওঁলোকে অনন্ত জীৱন পায়। সঁচাকৈ, যীচুৱে আমাক এটা ডাঙৰ সন্মান দিছে।—মথি ২৮:১৯, ২০.

১৭. আমি আনৰ লগত কেনেকৈ প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰিব পাৰোঁ? (ছবিখনো চাওক।)

১৭ আমি যিহোৱাৰ দৰে কেনেকৈ হʼব পাৰোঁ? আমি সকলোকে প্ৰেম কৰোঁ আৰু তেওঁলোকৰ লগত সন্মানেৰে ব্যৱহাৰ কৰোঁ। আমি সকলোকে শুভবাৰ্তা জনাওঁ, লাগিলে তেওঁলোক পঢ়া-লিখা হওক বা নহওক বা তেওঁলোক যিয়ে দেশ, জাতি, বৰ্ণৰ নহওক কিয়। যদিও মণ্ডলীত ভাই-ভনীসকলতকৈ বেছি দায়িত্ব আমাৰ ওচৰত আছে আৰু আমি তেওঁলোকতকৈ ভালদৰে কোনো এটা কাম কৰিব পাৰোঁ, তথাপি আমি তেওঁলোকক সন্মান কৰোঁ আৰু নিজতকৈ তেওঁলোকক শ্ৰেষ্ঠ বুলি ভাবোঁ। (ফিলি. ২:৩) এইদৰে আমি “আগবাঢ়ি” গৈ এজনে-আনজনক সন্মান কৰিলে যিহোৱাৰ মন আনন্দিত হয়।—ৰোম. ১২:১০; চফ. ৩:১২.

দুজনী ভনীয়ে জেলত বন্দী হোৱা এগৰাকী তিৰোতাৰ লগত বাইবেল অধ্যয়ন কৰি আছে।

যিহোৱাৰ দৰে নম্ৰ হʼলে আমি সকলো ধৰণৰ লোকসকলক ৰাজ্যৰ শুভবাৰ্তা জনাম (অনুচ্ছেদ ১৭ চাওক)a


১৮. আপুনি কিয় যিহোৱাৰ দৰে নম্ৰ হʼব বিচাৰে?

১৮ যদি আমি নিজৰ পিতৃ যিহোৱাৰ দৰে নম্ৰ হʼবলৈ চেষ্টা কৰোঁ, তেনেহʼলে লোকসকলে সহজে আমাৰ ওচৰলৈ আহিব, আমি আনক বুজি পাম আৰু নিজৰ মতামতত লাগি নাথাকিম। ইয়াৰ উপৰিও, আমি আৰু বেছিকৈ ধৈৰ্য ধৰিব পাৰিম। আমি যিহোৱাৰ দৰে সেই লোকসকলক ধ্যান দিব পাৰিম, যিসকলক সাধাৰণ বুলি ভবা হয় আৰু তেওঁলোকৰ লগত প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰিব পাৰিম। গতিকে আহক আমি আমাৰ নম্ৰ ঈশ্বৰ যিহোৱাৰ কাষ চাপি থাকোঁ। এইদৰে কৰিলে আমি তেওঁৰ দৃষ্টিত আৰু মূল্যৱান হৈ পৰিম।—যিচ. ৪৩:৪.

আপুনি কেনেকৈ উত্তৰ দিব?

  • নম্ৰ হʼলে লোকসকলে কেনেকৈ সহজে আপোনাৰ ওচৰলৈ আহিব পাৰিব?

  • নম্ৰ হʼলে আপুনি কেনেকৈ আনক বুজি পাব আৰু নিজৰ মতামতত লাগি নাথাকিব?

  • নম্ৰ হʼলে আপুনি কেনেকৈ ধৈৰ্য ধৰিব পাৰিব?

গীত নং ১৫৯ যিহোৱাক মহিমা দিয়া

a ছবিৰ বিষয়ে: কিছুমান ভনীয়ে যিহোৱাৰ দৰে নম্ৰ হʼবলৈ চেষ্টা কৰি আছে আৰু জেলত কয়দীসকলক বাইবেলৰ পৰা শিকাই আছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক