ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 ডিচেম্বৰ পৃষ্ঠা ৩১
  • আপোনাৰ মনত আছে নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ মনত আছে নে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • মিল থকা বিষয়
  • ভাগ ১
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 ডিচেম্বৰ পৃষ্ঠা ৩১

আপোনাৰ মনত আছে নে?

আপুনি এই বছৰৰ প্ৰহৰীদুৰ্গ আলোচনী মনোযোগেৰে পঢ়িছে নে? মন কৰক যে আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিছে নে নাই:

আমি কিয় যিহোৱাৰ মহিমা কৰোঁ?

কিয়নো আমি যিহোৱাক বহুত সন্মান কৰোঁ আৰু তেওঁক বহুত প্ৰেম কৰোঁ। আমি যিহোৱাক মহিমা কৰাৰ আৰু এটা কাৰণ হৈছে যিহোৱাৰ বিষয়ে সকলোৱে জনাটো আমি বিচাৰোঁ।—w২৫.০১, পৃষ্ঠা ৩.

যেতিয়া কোনোবাই আমাৰ মনত আঘাত দিয়ে, তেতিয়া আমি কেনেকৈ তেওঁক অন্তৰৰ পৰা ক্ষমা কৰিব পাৰিম?

আমি আমাৰ দুখ আওকাণ নকৰোঁ। কিন্তু আমি খঙো পুহি নাৰাখোঁ। ইয়াৰ বাবে আমাৰ কোনো হানি নহয়।—w২৫.০২, পৃষ্ঠা ১৫-১৬.

ডেকা ভাইসকলৰ কাৰণে মাৰ্ক কিয় এক ভাল উদাহৰণ হয়?

মাৰ্কে সেৱা কৰিবলৈ আনন্দেৰে আগবাঢ়ি আহিলে। এবাৰ এনে কিবা হৈছিল, যাৰ বাবে তেওঁক হয়তো দুখ আৰু বেয়া লাগিছিল। তথাপিও তেওঁ হাৰ নামানিলে। তেওঁ পৌল আৰু আন পৰিপক্ক খীষ্টানসকলৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিলে।—w২৫.০৪, পৃষ্ঠা ২৭.

যীচুৱে যেতিয়া প্ৰাৰ্থনাত কʼলে “মই তোমাৰ নাম তেওঁলোকক জনালোঁ,” তেতিয়া তেওঁ কোৱাৰ অৰ্থ কি আছিল? (যোহ. ১৭:২৬)

তেওঁৰ শিষ্যসকলে আগৰে পৰা ঈশ্বৰৰ নাম জানিছিল। কিন্তু যীচুৱে তেওঁলোকক শিকালে যে যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয়, তেওঁৰ কি কি গুণ আছে, পৃথিৱী আৰু মানুহৰ বাবে তেওঁৰ উদ্দেশ্য কি, তেওঁ এতিয়ালৈকে কি কৰিলে আৰু আগলৈ কি কৰিব।—w২৫.০৫, পৃষ্ঠা ২০-২১.

যদি আমি নম্ৰ হওঁ, তেনেহʼলে কি মানি লʼম?

আমি কিছুমান কথা নাজানোঁ বুলি মানি লʼম। যেনে, অন্ত কেতিয়া আহিব আৰু সেই সময়ত যিহোৱাই কেনেকৈ সহায় কৰিব, তাৰ বিষয়ে আমি নাজানোঁ।আমি এয়াও নাজানোঁ যে ভৱিষ্যতে কি হʼব আৰু যিহোৱাই আমাক কিমান ভালদৰে জানে।—w২৫.০৬, পৃষ্ঠা ১৫-১৮.

যেতিয়া আমি কোনো এখন লেখ পঢ়োঁ বা জন ভাষণ শুনো, তেতিয়া তাৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ আমি কি কৰিব পাৰোঁ?

আমি ভাবিব পাৰোঁ, ‘লোকসকলৰ বাইবেলৰ কোনো এটা শিক্ষাৰ ওপৰত বিশ্বাস বঢ়াবলৈ ইয়াত কি প্ৰমাণ দিয়া হৈছে? ইয়াত কোনো ভাল উদাহৰণ দিয়া হৈছে নে যি মই আনক বুজাবলৈ ব্যৱহাৰ কৰিব পাৰোঁ? এই বিষয়ে কোনে জানিব বিচাৰিব?’—w২৫.০৭, পৃষ্ঠা ১৯.

যিহোৱাই দায়ূদৰ লগত যিদৰে ব্যৱহাৰ কৰিলে, তাৰ পৰা তেওঁৰ ক্ষমা কৰাৰ বিষয়ে কি শিকিব পাৰোঁ?

দায়ূদে কিছুমান ডাঙৰ ডাঙৰ পাপ কৰিছিল। কিন্তু পাছত তেওঁ অন্তৰৰ পৰা অনুতাপ কৰিলে, যাৰ বাবে যিহোৱাই তেওঁক ক্ষমা কৰিলে। (১ ৰাজা. ৯:৪, ৫) যেতিয়া ঈশ্বৰে কাৰোবাক ক্ষমা কৰে, তেতিয়া তেওঁ সেই ব্যক্তিজনৰ পাপৰ হিচাপ আৰু নাৰাখে আৰু সেই বিষয়ে কেতিয়াও উল্লেখ নকৰে।—w২৫.০৮, পৃষ্ঠা ১৭.

যদি বাইবেল বিদ্যাৰ্থীক কিবা কথা বুজাবলৈ কঠিন লাগিছে, তেনেহʼলে আপুনি কি কৰিব পাৰে?

বাইবেলৰ পৰা ভালদৰে বুজোৱাৰ পাছতো যদি তেওঁৰ বুজিবলৈ কঠিন হৈছে, তেনেহʼলে সেই কথা তাতে এৰি দিয়ক আৰু অধ্যয়ন কৰি থাকক। আপুনি পাছত তেওঁৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে।—w২৫.০৯, পৃষ্ঠা ২৪.

বাইবেলত কোৱা হৈছে যে ‘পাপৰ ভুলোৱা শক্তি’ আছে। (ইব্ৰী ৩:১৩) ইয়াৰ অৰ্থ কি হয়?

পাপী হোৱাৰ বাবে আমি বেয়া কাম কৰিবলৈ প্ৰলোভিত হওঁ। ইয়াৰ উপৰিও, আমি বাৰে বাৰে সন্দেহ কৰিবলৈ ধৰোঁ, যেনে: যিহোৱাই আমাক প্ৰেম কৰে নে নকৰে।—w২৫.১০, পৃষ্ঠা ১৬.

মন খুলি প্ৰাৰ্থনা কৰিবলৈ কি তিনিটা কথাই সহায় কৰিব পাৰে?

(১) আমি যিহোৱাৰ গুণবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিব পাৰোঁ। (২) আমি চিন্তা কৰিব পাৰোঁ যে আমি কি কি সমস্যাৰ মাজেদি পাৰ হৈ আছোঁ আৰু তাৰ বিষয়ে জনাব পাৰোঁ, যেনে: যদি কাৰোবাক ক্ষমা কৰিবলৈ আমাক কঠিন লাগিছে। (৩) আমি সময় লৈ আৰামেৰে প্ৰাৰ্থনা কৰিব পাৰোঁ। এইদৰে কৰিলে আমি যিহোৱাক নিজৰ মনৰ কথা জনাব পাৰিম।—w২৫.১০, পৃষ্ঠা ১৯-২০.

আমি বৃদ্ধ ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰোঁ?

আমি তেওঁলোকক লগ কৰিবলৈ যাব পাৰোঁ আৰু ফোন কৰিব পাৰোঁ। যদি তেওঁলোকক ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হয়, তেনেহʼলে আমি তেওঁলোকৰ লগত যাব পাৰোঁ। বা আমি বেলেগ বেলগে উপায়েৰে তেওঁলোকৰ লগত প্ৰচাৰ কৰিব পাৰোঁ।—w২৫.১১, পৃষ্ঠা ৬-৭.

বিয়াৰ তৈয়াৰী কৰাৰ সময়ত কি কি কথাৰ ওপৰত ধ্যান দিলে যিহোৱাৰ আদৰ হয়?

আপুনি যʼত থাকে, তাত বিয়াৰ বিষয়ে চৰকাৰৰ যিয়েই নিয়ম আছে, সেয়া পালন কৰক। মনত ৰাখক যে বিয়া আৰু পাৰ্টীত জগতৰ চিন্তাধাৰা নহয়, কিন্তু খ্ৰীষ্টান গুণ প্ৰকাশ হোৱা উচিত। আপোনাৰ কাপোৰ শালীন হোৱা উচিত। এনে ৰীতি-নীতিৰ পৰা দূৰে থাকক, যিবোৰ বাইবেলৰ সিদ্ধান্তৰ বিৰুদ্ধে হয়। বিয়াৰ তৈয়াৰী কৰাৰ সময়ত খুলি কথা পাতক।—w২৫.১২, পৃষ্ঠা ২১-২৪.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক