ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
ঘোষণা
নতুন ভাষাত উপলব্ধ: Mbum
  • আজি

মঙ্গলবাৰ, ২৯ জুলাই

তোমাক মই গ্ৰহণ কৰিলোঁ। —লূক ৩:২২.

যিহোৱাই নিজৰ সকলো সেৱকক গ্ৰহণ কৰে, এয়া জানি আমি সঁচাকৈ বহুত শান্ত্বনা লাভ কৰোঁ। বাইবেলত লিখা আছে, “যিহোৱাই নিজ প্ৰজাবিলাকত সন্তোষ পায়।” (গীত. ১৪৯:৪) কিন্তু কেতিয়াবা কেতিয়াবা আমি বহুত নিৰাশ হৈ যাব পাৰোঁ আৰু ভাবিব পাৰোঁ যে ‘যিহোৱাই মোৰ পৰা আনন্দিত আছে নে?’ প্ৰাচীন সময়ত যিহোৱাৰ বহুতো বিশ্বাসী সেৱকৰ মনতো এনেধৰণৰ ভাৱনা আহিছিল। (১ চমূ. ১:৬-১০; ইয়ো. ২৯:২, ৪, ৬; গীত. ৫১:১১) বাইবেলৰ পৰা স্পষ্টকৈ জানিব পাৰি যে অসিদ্ধ লোকসকলেও যিহোৱাৰ অনুমোদন পাব পাৰে অৰ্থাৎ তেওঁক আনন্দিত কৰিব পাৰে। কিন্তু আমি এয়া কেনেকৈ কৰিব পাৰোঁ? আমি যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিব লাগিব আৰু বাপ্তিষ্মা লʼব লাগিব। (যোহ. ৩:১৬) বাপ্তিষ্মা লোৱাৰ যোগেদি আমি দেখুৱাওঁ যে আমি নিজৰ পাপবোৰ অনুতাপ কৰিলোঁ আৰু ঈশ্বৰক প্ৰতিজ্ঞা কৰিলোঁ যে আমি তেওঁৰ ইচ্ছা পূৰ কৰিম। (পাঁচ. ২:৩৮; ৩:১৯) এইদৰে কৰাৰ যোগেদি আমি যিহোৱাৰ বন্ধু হʼবলৈ চেষ্টা কৰোঁ আৰু ইয়াৰ পৰা যিহোৱা বহুত আনন্দিত হয়। যদি আমি সমৰ্পণৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, তেনেহʼলে যিহোৱাই আমাৰ পৰা আনন্দিত হʼব আৰু আমাক নিজৰ বন্ধু বুলি কʼব।—গীত. ২৫:১৪. w২৪.০৩ ২৬ ¶১-২

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

বুধবাৰ, ৩০ জুলাই

আমি যিহকে দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ। —পাঁচ. ৪:২০.

চৰকাৰী অধিকাৰীসকলে যদি প্ৰচাৰ কাম কৰিবলৈ মানা কৰে, তেনেহʼলে প্ৰথম শতিকাৰ শিষ্যসকলৰ দৰে আমি প্ৰচাৰ কৰি থাকিম। আমি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ যে যিহোৱাই আমাক তেওঁৰ সেৱা ভালদৰে কৰিবলৈ সহায় কৰিব। গতিকে সাহসেৰে সমস্যাৰ সন্মুখীন হʼবলৈ যিহোৱাৰ পৰা সহায় বিচাৰক। আমাৰ মাজৰ বহুতো লোকে বেমাৰত ভুগি আছে বা আন কিবা সমস্যাৰ বাবে নিৰাশাত আছে। হয়তো আমাৰ কোনো আপোনজনাৰ মৃত্যু হৈছে, পৰিয়ালত কিবা সমস্যা হৈছে, বিৰোধ কৰা হৈছে বা আমি আন কিবা সমস্যাৰ সন্মুখীন হৈছোঁ। ইয়াৰ লগতে মহামাৰী আৰু যুদ্ধৰ কাৰণে এই সমস্যাবোৰ সন্মুখীন হʼবলৈ কঠিন হৈছে। সেইবাবে, হৃদয় খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰক। উদাহৰণস্বৰূপে, যেনেকৈ আমি নিজৰ বন্ধুক মনৰ সকলো কথা জনাওঁ, ঠিক সেইদৰে যিহোৱাক জনাওক যে আপুনি কেনে অনুভৱ কৰিছে। আপুনি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰে যে যিহোৱাই আপোনাৰ সহায়ৰ বাবে “কাৰ্য্য” কৰিব। (গীত. ৩৭:৩, ৫) প্ৰাৰ্থনাত লাগি থাকিলে আমি ‘ক্লেশৰ সময়ত’ ধৈৰ্য্য ধৰিব পাৰোঁ। (২ কৰি. ১:৪) যিহোৱাই জানে যে তেওঁৰ সেৱকসকলে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু তেওঁ “সিবিলাকৰ কাতৰোক্তি শুনি সিবিলাকক ত্ৰাণ কৰিব।”—গীত. ১৪৫:১৮, ১৯. w২৩.০৫ ৫-৬ ¶১২-১৫

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

বৃহস্পতিবাৰ, ৩১ জুলাই

চালি-জাৰি চাই নিশ্চিত কৰি থাকা যে প্ৰভুৱে কি বিষয়বোৰ গ্ৰহণ কৰে।—ইফি. ৫:১০.

যেতিয়া আমি গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া এয়া জানিবলৈ চেষ্টা কৰা উচিত যে সেই বিষয়ত যিহোৱাৰ ইচ্ছা কি আৰু সেই অনুসৰি কাম কৰা উচিত। (ইফি. ৫:১৭) এনে পৰিস্থিতিত যেতিয়া আমি বাইবেলৰ সিদ্ধান্তবোৰ জানিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি সেই বিষয়ত যিহোৱাৰ চিন্তাধাৰা জানিব পাৰোঁ। তাৰ পাছত আমি সেই সিদ্ধান্তৰ অনুসৰি সঠিক নিৰ্ণয় লʼব পাৰোঁ। চয়তান বহুত দুষ্ট হয়, সি সদায় চেষ্টা কৰি থাকে যে আমি জগতৰ কামত ইমানেই ব্যস্ত হৈ যাওঁ যে যিহোৱাৰ সেৱাৰ বাবে আমাৰ ওচৰত সময়ে নাথাকে। (১ যোহ. ৫:১৯) সেইবাবে, হয়তো এজন খ্ৰীষ্টানে টকা-পইচা গোটাবলৈ, পঢ়া-শুনা কৰিবলৈ আৰু কেৰিয়াৰ বনাবলৈ ইমানেই ব্যস্ত হৈ যায় যে তেওঁ যিহোৱাৰ সেৱা ভালদৰে কৰিব নোৱাৰে। যদি এজন খ্ৰীষ্টানৰ লগত এইদৰে হয়, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে যে জগতৰ চিন্তাধাৰাই তেওঁৰ ওপৰত প্ৰভাৱ পেলাইছে। টকা-পইচা গোটোৱা আৰু পঢ়া-শুনা কৰাটো কোনো ভুল নহয়, কিন্তু আমি কেতিয়াও এই কামবোৰক নিজৰ জীৱনত প্ৰথম স্থান দিয়া উচিত নহয়। w২৪.০৩ ২৪ ¶১৬-১৭

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক